Home Blog Page 1399

গোসাঁইগাঁৱৰ হাউৰিয়াপেটত তৃণমূল কংগ্ৰেছৰ বিশাল জনসভা

“২০১৪ চনত কেন্দ্ৰত মোদীৰ চৰকাৰ অহাৰ পাছতেই দেশৰ সংবিধান ধ্বংস কৰিবলৈ ধৰিছে। সংবিধানৰ শপত খাই ক্ষমতাহীন হোৱাৰ পাছত সংবিধানক অমান্য কৰি জাত পাত ধৰ্মৰ নামত মানুহৰ মাজত বিভেদৰ বীজ ৰোপণ কৰি দেশৰ ধৰ্মনিৰপেক্ষতাক ধ্বংস কৰি আৰ এছ এছৰ এক দেশ এক ধৰ্মৰ নীতি দেশত বলবৎ কৰিব বিচাৰিছে। গাদী ৰক্ষাৰ স্বাৰ্থত সমগ্ৰ দেশত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰি এক অস্থিৰ পৰিৱেশ সৃষ্টিৰ অপপ্ৰয়াস কৰি আছে নৰেন্দ্ৰ মোদীৰ দল আৰু চৰকাৰে।মোদীৰ এই দমন নীতি আৰু স্বৈৰাচাৰৰ বিৰুদ্ধে থিয় দিছে অগ্নিকন্যা তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে”-এই ভাষ্য অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ।

বৰাই শনিবাৰে গোসাঁইগাঁও মহকুমাৰ হাউৰিয়াপেটত বিয়লি ৩-৩০ মান বজাত তৃণমূল কংগ্ৰেছেৰ এক বিশাল জনসভাত অংশগ্ৰহণ কৰি লগতে কয়, “কেন্দ্ৰৰ এই স্বৈৰাচাৰী চৰকাৰক উৎখাত কৰিবলৈ ২৬ টা দল ঐক্যবদ্ধ ভাৱে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ কঁকালত টঙালি বান্ধিছে। অসমতো বিজেপিক পৰাজিত কৰিবলৈ বিৰোধী দল উমৈহতীয়া ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব”। তেওঁ অসমৰ বিজেপিক চালানী মাছৰ লগত তুলনা কৰে। সৰ্বানন্দ অগপৰ পৰা হিমন্ত আৰু তেওঁৰ সাংগো পাংগো কংগ্ৰেছৰ পৰা গৈ বিজেপিৰ পুৰনি নেতা সকলক একাষৰীয়া কৰি এতিয়া ছিণ্ডিকেটৰ চৰকাৰ চলাইছে। যাৰফলত বিজেপিৰ ভিতৰচৰাত এতিয়া দুৰ্বাদল কাজিয়াৰ সৃষ্টি হৈছে। চাকৰিৰ নামতো যে ব্যাপক দুৰ্নীতি সংঘটিত হৈছে সেয়াও ক্ৰমশ প্ৰকাশ পাই আছে।

বিৰোধীয়ে প্ৰকাশ কৰা নাই বিজেপিৰ ভিতৰ চৰাৰ পৰাই বিয়াগোম দুৰ্নীতিৰ তথ্য পোহৰ লৈ আহিছে। চাকৰি লৈ দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা দ্বিবন ডেকা আৰু গ্ৰেপ্তাৰ হোৱা আৰু একাধিক বিজেপিৰ নেতাৰ মুখৰ পৰাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ স্বৰূপটো ওলাই পৰিছে বুলি কয় ৰিপুন বৰাই।

“ৰাইজক বেছিদিন বুৰ্বক সজাই ৰাখিব নোৱাৰে। ৰাইজ সকলো বুজি পাইছে। আগুন্তক লোকসভা নিৰ্বাচনত বিজেপি মুক্ত ভাৰত বিচাৰি ইতিমধ্যে মন মেলিছে”- অসমতো বিজেপিক উৎখাত কৰাৰ বাবে ৰাইজলৈ আহ্বান জনায় ৰিপুন বৰাই।

তৃণমূল কংগ্ৰেছেৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি উত্তম তালুকদাৰৰ সভাপতিত্বত আৰু অসম প্ৰদেশ তৃণমূল কংগ্ৰেছেৰ বিশাল জনসভা অনুষ্ঠিত হয়।

প্ৰতিকূল বতৰক নেওচি হেজাৰ হেজাৰ পুৰুষ-মহিলাই জনসভাত অংশগ্ৰহণ কৰে। প্ৰদেশ তৃণমূল কংগ্ৰেছেৰ সাধাৰণ সম্পাদিকা ঝিলাম সত্যনাৰায়ণে তৃণমূল কংগ্ৰেছে আগুন্তক দিনত অসমত কি ধৰণে কাম কৰিব সেই বিষয়ে বিতংকৈ আলোকপাত কৰি ভাষণ আগবঢ়ায়।

বিজেপি আৰ এছ এছক মহিলা বিৰোধী বুলি তেওঁ কয়।মনিপুৰৰ ঘটনাই ইয়াৰ জ্বলন্ত উদাহৰণ বুলি নেত্ৰী গৰাকীয়ে ভাষণত উল্লেখ কৰে। সভাৰ শেষত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই সাংবাদিকৰে হোৱা স্বাক্ষৎকাৰত কয়,” তৃণমূল কংগ্ৰেছ অসমত খুব কম সময়ৰ ভিতৰতেই জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আগন্তক লোক সভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছ ভাল ফল দেখুওৱালৈ সক্ষম হ’ব। অসমত বিজেপিৰ স্থিতি যথেষ্ট পৰিমাণে দুৰ্বল হৈছে। ন-পুৰণি সংঘাতে অস্তিত্বৰ সংকটত ভুগিছে বিজেপি। আগুন্তক লোকসভা নিৰ্বাচনত বিজেপিক হেৰুৱাই ইণ্ডিয়া জোঁট চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব”। তৃণমূল কংগ্ৰেছেৰ এইক্ষেত্ৰত বিশেষ ভূমিকা থাকিব বুলিও বৰাই দৃঢ়তাৰে কয়। এই সভাত প্ৰদেশ তৃণমূল কংগ্ৰেছেৰ বহুকেইজন শীৰ্ষ নেতাৰ লগতে হেজাৰ হেজাৰ ৰাইজ উপস্থিত থাকে।

তেজপুৰত বানৰ প্ৰলয়

ভদীয়া বানে শোণিতপুৰৰ ভালেসংখ্যক অঞ্চল প্লাৱিত কৰাৰ লগতে বিস্তীৰ্ণ কৃষিপথাৰ তথা বাসগৃহ জলমগ্ন কৰাত ৰাইজৰ মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷

তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী আৰু বিহগুৰি মৌজাৰ প্ৰায় ২০খন গাঁও আজি পুৱাৰে পৰা বানত বুৰগৈছে৷বাহবাৰী আৰু বিহগুৰি মৌজাৰ ঘগৰা খেলমাটি, নাহৰণি, বৰছন, ঘনশ্যাম চেন্টাৰ, ঘগৰা, কুকুৰ বস্তি, বাহবাৰী খণ্ড, বেতনি, হাতখোলা, মোৱামাৰি, ডেকা চুবুৰী, বৰা চুবুৰী, ছিঙা চুবুৰী, খোলাকটি কছাৰী আদি অঞ্চল সম্প্ৰতি সম্পূৰ্ণ বানৰ তলত৷

কৃষিপ্ৰধান অঞ্চলসমূহৰ সকলো পথাৰ ডিপোটা,ঘগৰা আৰু জৰাসৰৰ বানত বুৰযোৱাৰ লগতে বৰ্তমান শতাধিক বাসগৃহ বানৰ কবলত পৰিছে৷

আনহাতে অসম ঔদ্যোগিক সুৰক্ষা বাহিনীৰ চৌহদো বৰ্তমান বানৰ কৱলত পৰিছে৷ইপিনে বিন্দুকুৰি বান্দৰমাৰী গড়কাপ্তানি পথ বানত বুৰ যোৱাৰ লগতে মোৱামাৰীৰ গড়কাপ্তানি পথো এই বানত বুৰগৈছে৷ উল্লেখযোগ্য যে,ডেকাচুবুৰী খ খণ্ডৰ পথৰ এচোৱা যোৱা বছৰেই বানত ছিঙি নিয়াৰ পাছত শেহতীয়াকৈ ৰাইজে এখন বাঁহৰ দলং সাজি লৈছিল য’দিও সেইখন দলঙো উটুৱাই নিয়ে৷

দোকোলদাকাল পানীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা ৰাইজে পশুধন ৰখাৰ বাবে পুখুৰীৰ ওখ পাৰ ব্যৱহাৰ কৰিছে য’দিও এনে পুখুৰীও বুৰযোৱাৰ আশংকা বৃদ্ধি পাইছে৷ বিগত ২০বছৰৰ ভিতৰত এনে বান দেখা নাই বুলি প্ৰকাশ কৰিছে স্হানীয় ৰাইজে৷

চিনিয়ৰ মহিলা ফুটবল লীগঃ অসম ৰাইফলছ একাদশৰ খিতাপ

তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ৰঙাপৰা মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হোৱা শোণিতপুৰ জিলা চিনিয়ৰ মহিলা ফুটবল লীগৰ খিতাপ অৰ্জন কৰিছে অসম ৰাইফলছ দলে৷

ৰঙাপৰা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা লীগখনৰ আজিৰ অন্তিমখন খেলত অসম ৰাইফলছ একাদশে ৰঙাপৰা মহাবিদ্যালয় একাদশক ৩-০গ’লৰ স্পষ্ট ব্যৱধানত পৰাস্ত কৰে৷বিজয়ী দলৰ হৈ ৰঞ্জীবালা দেৱীয়ে দুটা আৰু হেমলতা দেৱীয়ে এটা গ’ল স্কৰ কৰে৷

সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু প্ৰচাৰ প্ৰসাৰত উদাসীন পৰম্পৰাৰ সত্ৰানুষ্ঠানৰ ভূমিকা শীৰ্ষক মৰিগাঁও জিলা সাহিত্য সভাৰ আলোচনা চক্ৰ

অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় জিলা মৰিগাঁও জিলা সাহিত্য সভাই শেহতীয়াকৈ সভাপতি মহেন্দ্ৰ শইকীয়া আৰু সম্পাদক ড০ অচুৎ দাসৰ নেতৃত্বত জিলা সাহিত্য সভাৰ অন্তৰ্গত বিভিন্ন উপ সমিতিসমূহৰ তত্বাৱধানত বিভিন্ন প্ৰভাৱী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

তাৰে অংশস্বৰূপে শনিবাৰে দিনৰ ১১. ৩০ বজাত গবেষণা উপ সমিতিৰ উদ্যোগত আৰু ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয় প্ৰাঙ্গণত সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু প্ৰচাৰ প্ৰসাৰত উদাসীন পৰম্পৰাৰ সত্ৰানুষ্ঠানৰ ভূমিকা শীৰ্ষক এক গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় ।

জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰখনি শুভ উদ্বোধন কৰি মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈয়ে নৱ প্ৰজন্মই সত্ৰীয়া কলা-সংস্কৃতি চৰ্চাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

আদৰণি ভাষণ প্ৰদান কৰি ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিষ্ণুপ্ৰসাদ উপাধ্যায়ে গৱেষণা উপ-সমিতিৰ এই গুৰুত্বপূৰ্ণ পদক্ষেপক আদৰণি জনায় আৰু শলাগ লয়। আলোচক হিচাপে উপস্থিত থাকি জাগীৰোড মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, জাগীৰোড সত্ৰীয়া সংগীত বিদ্যালয়ৰ অধ্যক্ষ তথা মৰিগাঁও জিলা সাহিত্য সভা গবেষণা উপ সমিতিৰ সভাপতি বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ গৱেষক ড০ খগেন শৰ্মাই উক্ত বিষয়ৰ ওপৰত তথ্য সমৃদ্ধ বক্তব্য আগবঢ়াই।

তেখেতে সত্ৰীয়া সংস্কৃতিৰ অন্যতম আধাৰ উদাসীন পৰম্পৰাৰ সত্ৰানুষ্ঠানৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰি এই পৰম্পৰা বিভিন্ন কাৰণত শেহতীয়াকৈ সংকটৰ সন্মুখীন হোৱাত উদ্বেগ প্ৰকাশ কৰি এই অতুল্য পৰম্পৰাক ধৰি ৰাখিবলৈ চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনায়।

লগতে এই বিষয়ত ন ন গৱেষণা আৰু চৰ্চাৰো যথেষ্ট থল আছে বুলি উল্লেখ কৰে। উক্ত আলোচনাচক্ৰত মৰিগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ড০ অচুৎ কুমাৰ দাস, বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাতৰ, গবেষণা উপ সমিতিৰ সম্পাদিকা ৰূপা শৰ্মা, মৰিগাঁও জিলা সাহিত্য সভাৰ কেইবাগৰাকীও প্ৰাক্তন সভাপতি, উপ-সভাপতি প্ৰমুখ্যে মহাবিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু সাহিত্যনুৰাগী ৰাইজ উপস্থিত থাকে।

অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই গৱেষণা উপ-সমিতিৰ আহ্বায়ক ড০ আব্দুল কাইউম ওচমানীয়ে । অনুষ্ঠানত দীপমালা দেৱী, আস্থা পাতৰ আৰু স্মৃতা ডেকাই সত্ৰীয়া নৃত্যৰ বিভিন্ন মুদ্ৰা আৰু ভঙ্গীমাৰে সত্ৰীয়া পৰম্পৰাৰ অনুপম চানেকি দাঙি ধৰিবলৈ প্ৰয়াস কৰে।

গুজৰাটৰ কান্দলাত টুনা টেক্ৰা মেগা কণ্টেইনাৰ টাৰ্মিনেল বিকশিত কৰাৰ বাবে ডিপি ৱৰ্ল্ডৰ সৈতে চুক্তি স্বাক্ষৰ দীনদয়াল বন্দৰ কৰ্তৃপক্ষৰ

গুজৰাটৰ কান্দলাত টুনা টেক্ৰা মেগা কণ্টেইনাৰ টাৰ্মিনেলৰ নিৰ্মাণৰ বাবে দীনদয়াল বন্দৰ কৰ্তৃপক্ষ আৰু ডিপি ৱৰ্ল্ডৰ মাজত এখন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ডিপি ৱৰ্ল্ড গ্ৰুপৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া চুলতান আহমেদ বিন চুলাইমৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত হয়। দীনদয়াল বন্দৰ কৰ্তৃপক্ষৰ অধ্যক্ষ এছ কে মেহতা আৰু ডিপি ৱৰ্ল্ড এছচিও আৰু এমইএনএ-ৰ পৰিচালন সঞ্চালক ৰিজৱান ছুমাৰে এই গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰে।

উক্ত চুক্তিৰ উদ্দেশ্য হৈছে গুজৰাটৰ কান্দলাৰ টুনা-টেক্ৰাত ৩০ বছৰৰ বাবে বিল্ড-অপাৰেট-ট্ৰেন্সফাৰ (বিওটি) আধাৰত প্ৰায় ৪,২৪৩.৬৪ কোটি টকাৰ বিনিয়োগেৰে গ্ৰীণফিল্ড মেগা কণ্টেইনাৰ টাৰ্মিনেল বিকশিত কৰা আৰু ইয়াক অতিৰিক্ত ২০ বছৰৰ বাবে সম্প্ৰসাৰিত কৰাৰ ব্যৱস্থা কৰা।

এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব টিকে ৰামাচন্দ্ৰনৰ লগতে মন্ত্ৰালয় আৰু ডিপি ৱৰ্ল্ডৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলেও অংশগ্ৰহণ কৰে।

সংশ্লিষ্ট প্ৰকল্পৰ অধীনত ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ (পিপিপি) জৰিয়তে টুনা-টেক্ৰাত এটা মেগা-কণ্টেইনাৰ টাৰ্মিনেল নিৰ্মাণ কৰা হ’ব। টাৰ্মিনেলটো ২০২৭ চনৰ আৰম্ভণিত কাৰ্যকৰী হ’ব বুলি আশা কৰা হৈছে। সম্পূৰ্ণ হোৱাৰ পাছত ইয়াত অন্তৰ্ভুক্ত থাকিব ১,১০০ মিটাৰৰ বাৰ্থ যিয়ে কোনো প্ৰি-বাৰ্থিং ডিটেনচন অবিহনে ১৮,০০০তকৈ অধিক টি.ই.ইউ. কঢ়িয়াই নিব পৰা অত্যাধুনিক জাহাজবোৰ সুচাৰুৰূপে চম্ভালিব পাৰিব আৰু ইয়াৰ মুঠ ক্ষমতা হ’ব প্ৰতি বছৰে ২.১৯ নিযুত টি.ই.ইউ.।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই প্ৰসংগত কয়, “দীনদয়াল বন্দৰ কৰ্তৃপক্ষ আৰু ডিপি ৱৰ্ল্ডৰ মাজত চুক্তি স্বাক্ষৰ হোৱাটো সঁচাকৈয়ে এক গুৰুত্বপূৰ্ণ কথা কিয়নো ই ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব আৰ্হিৰ অধীনত ভাৰতত শ্ৰেষ্ঠ আন্তঃগাঁথনি নিৰ্মাণৰ আন এক গুৰুত্বপূৰ্ণ সাফল্য চিহ্নিত কৰিব। এই প্ৰকল্পটোৱে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অমৃতকাল ভিজন ২০৪৭ৰ সৈতে সংগতি ৰাখি কাম কৰিব আৰু বন্দৰ পৰিচালনাৰ ক্ষমতা চাৰিগুণ কৰিব। ই অৰ্থনৈতিক বিকাশৰ বাবে মাল্টিম’ডেল লজিষ্টিক আন্তঃগাঁথনি বিকাশতো সহায় কৰিব। কাৰ্যকৰী হোৱাৰ পাছত, উক্ত টাৰ্মিনেলে ভাৰতক ‘ৰপ্তানিৰ গুৰুত্বপূৰ্ণ প্ৰাণকেন্দ্ৰ’ হিচাপে গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু লগতে পৰিবহণ, বিতৰণ আৰু যোগান শৃংখলাৰ দৰে বিভিন্ন ক্ষেত্ৰত প্ৰত্যক্ষ আৰু পৰোক্ষ নিযুক্তি সৃষ্টিত সহায় কৰিব।”

এই নতুন টাৰ্মিনেলে উত্তৰ, পশ্চিম আৰু মধ্য ভাৰতৰ ভিতৰুৱা অঞ্চলৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তা পূৰণ কৰিব আৰু এই অঞ্চলবোৰৰ ব্যৱসায়ক আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংযোগ কৰি দেশৰ বাণিজ্যিক তথা অৰ্থনৈতিক দিশটো অধিক শক্তিশালী কৰিব। এই প্ৰকল্পটো ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইনৰ অংশ আৰু ই ভাৰত চৰকাৰৰ পদক্ষেপ যেনে প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন আৰু ৰাষ্ট্ৰীয় লজিষ্টিক নীতিকো ত্বৰান্বিত কৰিব।

উক্ত টাৰ্মিনেলে দেশত কণ্টেইনাৰ লজিষ্টিকৰ ব্যয় হ্ৰাস কৰাত সহায় কৰিব। শেহতীয়া সঞ্চালন প্ৰযুক্তিৰ সৈতে কণ্টেইনাৰ টাৰ্মিনেলে উৎপাদনশীলতা আৰু ব্যৱসায় সহজ কৰাৰ মান যথেষ্ট উন্নত কৰিব বুলি আশা কৰা হৈছে।

চিচিবৰগাঁৱত লোক নিৰ্মাণ বিভাগ (ৰাষ্ট্ৰীয় ঘাইপথ)ৰ উদ্যোগত ৰাজহুৱা সভা

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়ত ব্যৱস্থা অধিক সুচল কৰা অৰ্থে লালুং তিনিআলিৰ পৰা চিচিবৰগাঁও চাৰিআলিলৈ থকা গড়কাপ্তানি পথটোক ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অংশ হিচাপে পোনকৈ নিৰ্মাণ কৰা অৰ্থে শুকুৰবাৰে চিচিবৰগাঁও চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সভাগৃহত এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভাত অনুষ্ঠিত হয়।

চিচিবৰগাঁও চক্ৰ বিষয়া চিণ্ময় নেওগৰ সভাপতিত্বত আৰু লোক নিৰ্মাণ বিভাগ (ৰাষ্ট্ৰীয় ঘাইপথ)ৰ ডিব্ৰুগড় সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্ত্ৰা দাস, সহকাৰী অভিযন্ত্ৰা মহাৰ্নৱ চিৰিং, কণিষ্ঠ অভিযন্ত্ৰা দীপ কুমাৰ চাচাৰ উপস্থিতিত অঞ্চলটোৰ অনেক গণ্যমান্য ব্যক্তিৰ লগতে চিচিবৰগাঁও, চকামৰা, চেচুৱনী, ভেবেলী, টকৌবাৰী, চুমনী, হেমপুৰ, কেৰেকনি, বৰধাম, লালুং তিনিআলি আদি গাঁৱৰ শতাধিক স্থানীয় লোক উপস্থিত থাকে।

সভাত লোক নিৰ্মাণ বিভাগ (ৰাষ্ট্ৰীয় ঘাইপথ)ৰ ডিব্ৰুগড় সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্ত্ৰা বুধেন দাস, সহকাৰী অভিযন্ত্ৰা মহাৰ্নৱ চিৰিঙে বক্তব্য ৰাখি কয় যে বৰ্তমান চৰকাৰে পথ সুৰক্ষা আৰু সুচল যাতায়াতৰ কথা বিবেচনা কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লালুং তিনিআলিৰ পৰা ভেবেলী গাঁও হৈ চিচিবৰগাঁও চাৰিআলিলৈ থকা পুৰণি গড়কাপ্তানি পথটো পুনৰ নিৰ্মাণ কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ অংশ হিচাপে ব্যৱহাৰ কৰিবলৈ চিন্তা-চৰ্চা কৰিছে।

গতিকে বিভাগে স্থানীয় ৰাইজৰ সমৰ্থন আৰু সহযোগিতা কামনা কৰিছে। অচিৰেই পথটো বৰ্তমান দুটা লেনযুক্ত কৰি নিৰ্মাণ কৰিবলৈ প্ৰস্তুতি চলোৱাৰ কথা ভবা হৈছে বুলি মন্তব্য কৰে। বৰ্তমানৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ বহু অংশত থকা বিপদজনক কেঁকুৰি আৰু অনান্য বিসংগতিৰ বাবে সঘনাই পথ দুৰ্ঘটনা সংঘটিত হয়, কিন্তু লালুং তিনিআলিৰ পৰা চিচিবৰগাঁৱলৈ পোনৰৈ থকা পথটো ৰাষ্ট্ৰীয় ঘাইপথ ৰূপে নিৰ্মাণ কৰিলে তেনে সমস্যা কিছু কমিব বুলি বিষয়াজনে মন্তব্য কৰে।

সহকাৰী কাৰ্যবাহী অভিযন্ত্ৰা বুধেন দাসেও ৰাইজৰ সহযোগিতা বিচাৰি কয় যে অঞ্চলটোত পথ যাতায়াত ব্যৱস্থা সুচল হোৱা লগতে অঞ্চলটোৰো উন্নয়ন হ’ব। ভবিষ্যতে ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেন যুক্তও হ’ব বুলিও মন্তব্য কৰে। চিচিবৰগাঁও চক্ৰ বিষয়া চিন্ময় নেওগেও ৰাইজৰ সহযোগিতা কামনা কৰে আৰু ৰাইজৰ মতামত বিচাৰে। ৰাইজৰ হৈ চিচিবৰগাঁৱৰ সমাজকৰ্মী তথা সাংবাদিক মৃদুপৱন চুতীয়াই বিভাগৰ এই পদক্ষেপক অতি আদৰণীয় বুলি মন্তব্য কৰি কয় যে লালুং তিনিআলি-চিচিবৰগাঁৱৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ হ’লে ৰাষ্ট্ৰীয় পথটোৰ দূৰত্ব কেইবা কিলোমিটাৰ কমি যাব।

এই পথ নিৰ্মাণ হ’লে যিহেতু গাইনৈৰ ওপৰত অইন এখন দলং হ’ব গতিকে লালুং তিনিআলি, বৰধাম, কেৰেকনি, চুমনি আদি অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া যাতায়াত সমস্যা সমাধান হ’ব বুলি মন্তব্য কৰা লগতে পথ নিৰ্মাণত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক চৰকাৰে সাহাৰ্য্য দিয়াৰ সুব্যৱস্থা কৰিবলৈ আহ্বান জনায়। ৰাইজৰ তৰফৰ পৰা শিক্ষক দিগন্ত ভূঞা, প্ৰমোদ ভূঞা আদি কৰি কেইবাজনেও বক্তব্য ৰাখে।

উল্লেখ্য যে বৃটিছ শাসনৰ কালৰে পৰা ষাঠি দশকৰ লৈকে অঞ্চলটোক সংযোগ কৰা এই পথটোৱেই অঞ্চলটোৰ একমাত্ৰ গুৰুত্বপূৰ্ণ পথ আছিল। মৰিধলৰ পৰা পোনকৈ ডিব্ৰুগড় সংযোগী তাহানিৰ সোণাৰি ঘাটলৈকে থকা এই পথেৰেই লখিমপুৰ, ঢকুৱাখনা, ধেমাজি আদি অঞ্চলৰ ৰাইজে তাহানিৰ লখিমপুৰ জিলাৰ সদৰ ডিব্ৰুগড়ৰৰ লগত যোগাযোগ-যাতায়ত কৰিছিল। পৰবৰ্তী সময়ত এই পথটোক বাদ দি বেকাঁকৈ ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ কৰা বাবে পথটোৰ দৈৰ্ঘ্য বৃদ্ধি পায়।

জটিল ৰোগত আক্ৰান্ত ডিব্ৰুগড়ৰ জামিৰা গজাই গাঁৱৰ কংকনা সোনোৱাল, অসমবাসী ৰাইজলৈ পৰিয়ালৰ সহায়ৰ বাবে কাতৰ আহ্বান

দুটা কনমানি সন্তানৰ এগৰাকী মাতৃ ৷ চকুত অযুত সপোন ৷ সপোন তেওঁৰ মাক হিচাপে ল’ৰা দুটাক পঢ়াই শুনাই মানুহ কৰি তোলাৰ ৷ সাধাৰণ এখন ঘৰ এদিন আটোম-টোকাৰিকৈ গঢ়ি তোলাৰো সপোন দেখে তেওঁ ৷ পিচে সেই সপোন এতিয়া তেওঁৰ বাবে দুঃস্বপ্ন ৷ সপোনবোৰ বাস্তৱ ৰূপ দিয়াতো দূৰৰে কথা জীয়াই থকাটোৱেই তেওঁৰ বাবে এতিয়া কষ্টসাধ্য হৈ পৰিছে ৷

কাৰণ, তেওঁ এক জটিল ৰোগত আক্ৰান্ত ৷ জটিল মানে তেওঁৰ দুয়োটা কিডনীয়েই প্ৰায় বিকল হৈ পৰিছে ৷ চিকিৎসকৰ পৰামৰ্শ — কিডনী ট্রান্সপ্লান্ট অবিহনে তেওঁৰ আৰু কোনো বিকল্প নাই ৷ স্বামী সুনিল সোনোৱালে পত্নী কংকনা সোনোৱাল( ৩১) চিকিৎসাৰ বাবে মাটি—সম্পতিকে ধৰি ঘৰৰ সকলো সামগ্ৰী ইতিমধ্যে বিক্ৰী কৰি শেষ কৰিছে ৷

নিজৰ এটা কিডনী পত্নীক দি সহায় কৰিবলৈ আগবাঢ়িও কিডনী ট্রান্সপ্লান্টৰ সেই ব্যয়বহুল বিষয়টোৰ বাবে থমকি ৰ’ব লগীয়া হৈছে স্বামী সুনিল সোনোৱাল ৷ আনহাতে দিন যিমানে আগবাঢ়ি গৈছে সিমানে জটিল হৈ পৰিছে পত্নীৰ স্বাস্থ্য ৷ ডিব্ৰুগড় জিলাৰ মৰান সমষ্টিৰ এই দৰিদ্ৰ পৰিয়ালটোৰ লোকে কান্দি কান্দি চৰকাৰ তথা অসমবাসী ৰাইজৰ ওচৰত কাতৰ আহ্বান জনাইছে ৷

ইয়াৰ বাহিৰে সমুখত তেওঁলোকৰ আন সকলো পথেই বন্ধ ৷ পৰিয়ালটোৰ আহ্বান মৰ্মে ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা ফোন যোগে খবৰ লোৱাৰ উপৰিও সামৰ্থ্য অনুসৰি বেংক একাউন্টৰ যোগেদি সহায় আগবঢ়াইছে । ডিব্ৰুগড় জিলাৰ আমছুৰ সভানেত্ৰী পাৰবিন আলিৰ নেতৃত্বত এটি মহিলা সমিতিৰ সজাতি দলে শনিবাৰে জামিৰা গজাই গাঁৱৰ সুনীল সোনোৱালৰ বাসগৃহত উপস্থিত হৈ চিকিৎসাৰ বাবে কিছু ধন আগবঢ়োৱাৰ লগতে পৰৱৰ্তী সময়ত আৰু সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ।

ইয়াৰ উপৰিও চিকিৎসাৰ বাবে ডিব্ৰুগড় জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা অৰূপ শইকীয়া,”চিনাকি নিমকি” প্ৰতিষ্ঠানৰ স্বতাধিকাৰী গীতাঞ্জলি শইকীয়া, শিৱানী শইকীয়া, সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সােনােৱাল, অধ্যক্ষ মদন হাজৰিকা, ডিব্ৰুগড় জিলা মহকুমা কৃষি বিষয়া মালা বৰুৱা শইকীয়া, বন্ধন বেংক ঠাকুৰথান শাখাৰ প্ৰৱন্ধক লিলি শৰ্মা, বগীবিল অঞ্চলৰ সমাজ সেৱক দেৱ চৌহান, ১নং ধমন প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ধনেশ্বৰ সোনোৱাল, ধমন পঞ্চায়তৰ সভাপতি ডিম্বেশ্বৰ সোনোৱাল, ডিব্ৰুগড় জিলাৰ কলাখোৱাৰী পৰিয়ালৰ কাৰ্যকৰী সভাপতি ৰূপম সোনোৱালে সামৰ্থ্য অনুসৰি চিকিৎসাৰ বাবে সহায় আগবঢ়াইছে যদিও সেয়া পযাপ্ত নহয় ৷

উল্লেখ্য যে ঘৰৰ যাৱতীয় সামগ্ৰী, মাতি-বাৰি, গোঁহালীৰ গৰু, সাচতীয়া ধন খৰছ কৰি বিগত কেইবা বছৰ ধৰি অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰি থকাৰ পিছতো সুস্থ হৈ উঠা নাই মহিলা গৰাকী । যাৰ ফলত উন্নত চিকিৎসা বাবে মহিলা গৰাকীক প্ৰয়োজন হৈছে বৃহৎ ধন । অসহায় হৈ পৰিছে এই দুৰ্ভগীয়া পৰিয়ালটো ।

স্বানীয় বিধায়ক চক্ৰধৰ গগৈক কেইবাৰো আবেদন নিবেদন জনোৱাৰ পাছতো আজি পৰ্যন্ত কোনো ধৰনৰ সঁহাৰি জনোৱা নাই । এতিয়া মহিলা গৰাকীৰ পৰিয়ালে কাতৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক চিকিৎসাৰ বাবে সহায় কৰিবলৈ আহ্বান জনাইছে । ইয়াৰ উপৰিও অসমবাসী ৰাইজলৈ কাতৰে সহায় কৰিবলৈ আহ্বান জনাইছে।

আপোনালোকৰ কিঞ্চিত মান সঁহাৰিয়ে মহিলা গৰাকীৰ জীৱন যুদ্ধত জীয়াই থকাৰ প্ৰেৰণা যোগাব । ইচ্ছুক ব্যক্তিয়ে +919678794368 যোগাযোগ কৰি মহিলাগৰাকীৰ লেপেটকটা শাখাৰ ইউকো বেংকৰ 22690110039564 একাউন্ট আৰু IFSC- UCBA0002269 কিছু আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটিয়ে।

নাজিৰা মহকুমা আৰক্ষী বিষয়াৰ অমানৱীয় কাণ্ড: বনকৰা মহিলাক গৰম পানী ঢালি, বাথৰুমত ভৰাই অকৰ্থ্য নিৰ্যাতন!

এ পি এছ শুভলক্ষ্মী দত্ত পেছাত নাজিৰাৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া। পিছে, এই গৰাকী এ পি এছ বিষয়াৰ নাৰকীয় কৰ্ম-কাণ্ড দেখি সকলোৰে চকু কপালত উঠিছে। মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই নাজিৰাৰ চৰকাৰী কোঠাত বনকৰা হিচাপে কৰ্মৰত অনিমা প্ৰজা নামৰ মহিলাগৰাকীক কেইবাদিন ধৰি শাৰিৰীক আৰু মানসিক ভাৱে অমানৱীয় নিৰ্যাতন কৰি অহাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি, বনকৰা মহিলাগৰাকীক আৰক্ষী বিষয়া গৰাকীয়ে নিৰ্যাতন চলোৱা কাৰ্য আজি চৰম সীমা অতিক্ৰম কৰে। এই নিৰ্যাতন সহিব নোৱাৰি অৱশেষত বনকৰা মহিলা গৰাকীয়ে মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হয়।

নাজিৰা আদৰ্শ আৰক্ষী থানাত দাখিল কৰা এজাহাৰ মৰ্মে অনিমা প্ৰজা নামৰ বনকৰা মহিলা গৰাকীক গাত গৰম পানী ঢালি, বাথৰুমত ভৰাই অকথ্য নিৰ্যাতন কৰি আহিছে আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই। মহিলা গৰাকীৰ শৰীৰত নিৰ্যাতনৰ দাগ সমূহ দেখি আটছাই বৰ্তমানে চিকিৎসালয়ত প্ৰাৰ্থমিক চিকিৎসা প্ৰদান কৰায় আৰু বৰ্তমানে নাজিৰা আদৰ্শ আৰক্ষী থানাত মহিলা গৰাকীয়ে মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ অমানৱীয় সমগ্ৰ ঘটনাৰ বিৱৰণ দি ভাষ্য প্ৰদান কৰিছে।


সমান্তৰালকৈ এই ঘটনা সন্দৰ্ভত আটছাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি উচিত তদন্তৰ দাবী জনাইছে। নিৰ্যাতনৰ বলি হোৱা বনকৰা মহিলা অনিমা প্ৰজাৰ অভিযোগ সন্দৰ্ভত নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় বিষয় হৈ পৰিছে।

বহিঃৰাজ্যত পুনৰ হত্যাৰ বলি হ’ল অসমীয়া লোক…

-বহিঃৰাজ্যত পুনৰ হত্যা অসমীয়া লোকক

গোৱাত হত্যাৰ বলি হ’ল জামুগুৰিহাটৰ এজন লোক



কৰ্মসংস্থাপনৰ তাগিদাত গোৱাত আছিল ইন্দ্ৰ নাথ

কৰ্ম স্থানৰ নিছেই কাষৰ এখন জংঘলত উদ্ধাৰ মৃতদেহটো

যুৱকজনৰ মৃতদেহ জামুগুৰিহাটৰ কৰতিপাৰ গাঁৱত উপস্থিত হোৱাৰ পাছতেই শোকাকুল পৰিৱেশ বিৰাজ অঞ্চলটোত

বেঙেনাৰ কেইটামান স্বাস্থ্যবৰ্ধক গুণাগুণ আৰু ইয়াক খোৱাৰ আগতে মানিচলিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ কথা…

বেঙেনাৰ স্বাস্থ্যবৰ্ধক গুণাগুণ –

  • ফাইবাৰ হ’ল এবিধ পোষক পদাৰ্থ, যি শৰীৰৰ পাচন প্ৰক্ৰিয়া সুগম কৰি তোলে । বেঙেনা খালে আপোনাৰ শৰীৰে ২ গ্ৰাম ফাইবাৰ লাভ কৰিব । সেয়ে নিয়মীয়া আহাৰত বেঙেনাক অন্তৰ্ভূক্ত কৰক ।
  • বেঙেনাই শৰীৰৰ ছালক হাইড্ৰেট কৰি ৰাখে আৰু ইয়াক ভিতৰৰ পৰা কোমলতা প্ৰদান কৰে। সেয়ে যিসকল ব্যক্তিৰ ছাল আৰু চুলি ৰুক্ষ আৰু শুকান হয়,তেওঁলোকে বেঙেনা খাবলৈ আৰম্ভ কৰি দিয়ক ।

  • বেঙেনাই শৰীৰৰ বৰ্ধিত চৰ্বি নাশ কৰে আৰু কেলৰি হ্ৰাস কৰে । বেঙেনাত ফাইবাৰ পোৱা যায়,যাক খালে পেট ভৰি যায় আৰু ভোক নালাগে । ইয়াৰ দ্বাৰা ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰতো সহায়ক হয় ।
  • বেঙেনাৰ গছত যথেষ্ট পৰিমাণৰ নিউট্ৰিচনচ পোৱা যায়, যি মগজুৰ শ্ৰীবৃদ্ধিৰ বাবে উপযোগী। ই মগজুৰ ফ্ৰি ৰেডিকেলচবিলাকৰ বৃদ্ধিত বাধা প্ৰদান কৰে আৰু মগজুৰ বিকাশ সাধন কৰে ।
  • হাই ফাইবাৰ আৰু কম কাৰ্বহাইড্ৰেট থকাৰ বাবে বেঙেনা মধুমেহ ৰোগীসকলৰ বাবে উপযোগী । ই আপোনাৰ চুগাৰ লেভেল কম কৰিব পাৰে ।
  • বেঙেনা হৃদৰোগ,যকৃতৰ ৰোগ আৰু কেঞ্চাৰ ৰোগৰ ক্ষেত্ৰতো চিকিৎসকৰ দ্বাৰা এক স্বাস্থ্যবৰ্ধক সুপথ্য হিচাপে প্ৰয়োগ কৰিবলৈ পৰামৰ্শ দিয়া হয় ।

বিশেষ দষ্ট্ৰব্যঃ- বেঙেনাৰ উপকাৰী দিশ আছে যদিও কিছুমান ক্ষেত্ৰত ইয়াক খোৱাৰ ফলত সৃষ্টি হোৱা ক্ষতিকাৰক প্ৰভাৱক সহজতে ওলাই কৰিব নোৱাৰি ।

  • যদিহে আপুনি অৱসাদৰোধী(Antidepressant) ঔষধ গ্ৰহণ কৰে, তেন্তে বেঙেনা খোৱা উচিত নহয় । কাৰণ এনে অৱস্থাত ই ঔষধৰ প্ৰভাৱ হ্ৰাস কৰে ।
  • বেঙেনা নাইটশ্বেড পৰিয়ালৰ অন্তৰ্গত, সেয়ে ইয়াক খালে কেতিয়াবা এলাৰ্জি হব পাৰে ।
  • আমি জানো যে বেঙেনাত প্ৰচুৰ পৰিমাণৰ গুটি পোৱা যায় । এই গুটিবোৰে আমাৰ পেটলৈ গৈ অপকাৰ সাধন কৰিব পাৰে । সেয়ে পেটৰ কিছুমান গুৰুতৰ ৰোগত ভোগা ব্যক্তিসকলে বেঙেনা খোৱা উচিত নহয় ।

  • বেঙেনাৰ গুটিবোৰৰ বাবেই দন্তৰোগত আক্ৰান্ত ব্যক্তিসকলে ইয়াক খোৱাটো হানিকাৰক ।
  • পিছলপ্ৰকৃতিযুক্ত হোৱাৰ বাবে মৃগীৰোগীসকলৰ ক্ষেত্ৰতো বেঙেনাক এবিধ বিৰুদ্ধ আহাৰ বুলি গণ্য কৰা হয় ।
  • তেলত ভজা বেঙেনা খাবলৈ বহুত ভাল লাগে, যদিও ভাজি খালে ইয়াৰ স্বাস্থ্য সমন্ধীয় লাভালাভ নোহোৱা হৈ যায় । কাৰণ বেঙেনাই অধিক তেল শোষণ কৰে, যি ওজন বৃদ্ধি কৰাৰ লগতে হৃদযন্ত্ৰৰ বাবে হানিকাৰক হব পাৰে । ইয়াৰ সলনি বেঙেনা সিজাই খালে ইয়াৰ পোষক তত্বসমূহ অটুট থাকে আৰু ওজন বৃদ্ধিৰ দৰে সমস্যাও নহয় ।

লেখক: ৰিদিপ ৰঞ্জন চেতিয়া