Home Blog Page 1433

ওদালগুৰি জিলাৰ বদলাপাৰা চাহ বাগিচাত বিভিন্ন দাবীৰে ভাৰত ছাত্র ফেডাৰেচনৰ প্ৰতিবাদ

স্বাধীনতাৰ পূৰ্বে ১৮৯২ চনতে স্থাপিত হোৱা ওদালগুৰি জিলাৰ অন্তৰ্গত ভাৰত-ভুটান সীমান্তৱৰ্তী বাদলাপাৰা চাহ বাগিচাত দেওবাৰে ষ্টুডেন্ট ফেদাৰেচন অফ ইণ্ডিয়া(এছএফআই) বাদলাপাৰা শাখা সমিতিৰ উদ্যোগত শুকলাই নদীৰ ওপৰত দলং নিৰ্মাণৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

উক্ত কাৰ্যসূচীত এছএফআই ৰ লগতে সদৌ অদিবাসী ছাত্ৰ সন্থা আৰু স্থানীয় লোক উপস্থিত থাকে।

বাদলাপাৰা শুকলাই নদীৰ ওপৰত পকী দলং নিৰ্মাণ, বাদলাপাৰাৰ পৰা ডিমাকুছি সংযোগী পথৰ পকীকৰণ, বাদলাপাৰাত মধ্য ইংৰাজী আৰু উচ্চতৰ মধ্যমিক বিদ্যালয় স্থাপনৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন দাবী লৈ এক দীঘলীয়া শাৰীৰে পদযাত্ৰাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে ভাৰত ছাত্র ফেডাৰেচনৰ অসম ৰাজ্যিক সমিতিৰ উপসভানেত্ৰী অনুজা ডেকা, সম্পাদিকা সংগীতা দাস, আৰু তামুলপুৰ জিলা ভাৰত ছাত্র ফেডাৰেচনৰ সভাপতি অজয় ৰায়, সম্পাদক সঞ্জীৱ বৈশ্যৰ লগতে সচেতন ৰাইজ আৰু ছাত্র ছাত্রীসকল উপস্থিত থাকে।

পাকিস্তানত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা । নিহত ১৯, আহত ৫০…

পাকিস্তানৰয়ংকৰ ৰে’ল দুৰ্ঘটনাত ১৯ জন নিহত আৰু ৫০ জন আহত। দক্ষিণ পাকিস্তানত এখন ৰে’ল ৰেলপথৰ পৰা ওলাই অহাৰ ফলত ১৯ জন লোক নিহত হোৱাৰ লগতে ৫০ জন আহত হৈছে বুলি বিষয়াসকলে জানিবলৈ দিছে। বৃহত্তম চহৰ কৰাচীৰ পৰা প্ৰায় ২৭৫ কিলোমিটাৰ দূৰত্বত থকা নৱাবশ্বাহৰ চাহাৰা ৰে’লৱে ষ্টেচনৰ সমীপত হাজাৰা এক্সপ্ৰেছৰ কেইবাটাও ডবা বাগৰি পৰে। আহত যাত্ৰীসকলক ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

সহায়ৰ বাবে মাতি অনা হৈছে সেনাৰ উদ্ধাৰকাৰী দল। নৱাবশ্বাহ আৰু সিন্ধৰ চুবুৰীয়া জিলাসমূহৰ মূল চিকিৎসালয়সমূহত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। স্থানীয় সংবাদ মাধ্যমে ৰে’ল আৰু বিমান পৰিবহণৰ ফেডাৰেল মন্ত্ৰী খোৱাজা সাদ ৰফিকৰ উদ্ধৃতি দি কয় যে দুৰ্ঘটনাৰ কাৰণৰ তদন্তৰ পূৰ্বে বিষয়াসকলে প্ৰথমে উদ্ধাৰ প্ৰচেষ্টাত মনোনিৱেশ কৰিব। পাকিস্তানৰ পুৰণি ৰে’ল ব্যৱস্থাত দুৰ্ঘটনা সংঘটিত হোৱাটো অস্বাভাৱিক নহয়। ২০২১ চনত সিন্ধ প্ৰদেশত যাত্ৰা কৰা দুখন ৰে’লৰ সংঘৰ্ষত কমেও ৪০ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছিল। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০১৩ চনৰ পৰা ২০১৯ চনৰ ভিতৰত এনে ঘটনাত ১৫০ জন লোকৰ মৃত্যু হৈছে।


ভাতকেৰেলাৰ দ্বাৰা ডায়েবেটিছকে ধৰি বহু ৰোগৰ পৰা হাত সাৰিব পাৰি…

ভাতকেৰেলাৰ দ্বাৰা ডায়েবেটিছকে ধৰি বহু ৰোগৰ পৰা হাত সাৰিব পাৰি। ভাতকেৰেলা বাৰিষাত পোৱা এবিধ পাচলি। ভাতকেৰেলা খালে কি কি উপকাৰ হয় জানো আহক-

ভাতকেৰেলাত প্ৰচুৰ পৰিমাণে ভিটামিন চি, এলকেলয়ড, ফ্লেভন’ইড, গ্লাইকোচাইড, এমিনো এচিড, জিংক, পটাছিয়াম, ফছফৰাছ আৰু ছডিয়াম থাকে। যিয়ে বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ চিকিৎসাত সহায় কৰে।

ডায়েবেটিছ ৰোগীৰ বাবে ভাতকেৰেলাৰ উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। কাৰণ ইয়াৰ গ্লাইচেমিক ইনডেক্স অতি কম, যাৰ ফলত চেনিৰ মাত্ৰা হ্ৰাস পায়। ইয়াত থকা পলিপেপটাইড পিয়েও শৰীৰত থকা অতিৰিক্ত চেনিৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ উপৰিও ইয়াৰ ইনচুলিন বৃদ্ধি কৰাৰ ক্ষমতা আছে, ইয়াৰ উপৰিও ই হঠাতে চেনিৰ বৃদ্ধি ৰোধ কৰে আৰু লগতে হজম শক্তিও সঠিকভাৱে ৰাখে।

যদি আপুনি ওজন কমাব বিচাৰে তেন্তে আপোনাৰ খাদ্যত ভাতকেৰেলাৰ অন্তৰ্ভুক্ত কৰক। ই আপোনাক বহুত সহায় কৰিব পাৰে। ইয়াত কেলৰি কম আৰু আঁহ বেছি।

ভাতকেৰেলাত পটাছিয়ামৰ পৰিমাণো থাকে। ইয়াৰ কাৰণে এই পাচলি ৰক্তচাপ ৰোগীৰ বাবে অতি উপকাৰী হ’ব পাৰে।

ভাতকেৰেলাত লুটিন পোৱা যায়, যাৰ সহায়ত কেন্সাৰৰ লগতে হৃদযন্ত্ৰৰ সমস্যাও প্ৰতিৰোধ কৰিব পৰা যায়। ইয়াত ভাল পৰিমাণৰ ভিটামিন চিও পোৱা যায়, যিয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই পেলায়।

বন্ধুত্ব দিৱসত অনুপম খেৰে সতীশ কৌশিকক স্মৰণ কৰি এখন ফটো শ্বেয়াৰ কৰি লিখিছে- ‘আজি তোমাক বহুত মিছ কৰিছো’…

বন্ধুত্ব দিৱসত অনুপম খেৰে সতীশ কৌশিকক স্মৰণ কৰি এখন ফটো শ্বেয়াৰ কৰি লিখিছে- ‘আজি তোমাক বহুত মিছ কৰিছো’। অনুপম খেৰ আৰু প্ৰয়াত অভিনেতা সতীশ কৌশিক আছিল অতি ঘনিষ্ঠ বন্ধু। কিন্তু চলিত বৰ্ষৰ ৯ মাৰ্চত হঠাৎ হাৰ্ট এটেকত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয় সতীশ কৌশিকৰ। আজি বন্ধুত্ব দিৱস আৰু ছচিয়েল মিডিয়াত বন্ধু-বান্ধৱীৰ সৈতে মৰমলগা বাৰ্তা লিখিছে। বন্ধুত্ব দিৱসৰ এই বিশেষ উপলক্ষে অনুপম খেৰে আকৌ এবাৰ তেওঁৰ প্ৰিয় বন্ধু সতীশ কৌশিকক স্মৰণ কৰিছে।

অনুপম খেৰে নিজৰ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছে। এই পোষ্টৰ প্ৰথম ছবিখনত অনুপমক অনিল কাপুৰৰ সৈতে দেখা গৈছে। দ্বিতীয়খন ফটোত তেওঁৰ সৈতে সতীশ কৌশিকক দেখা গৈছে। অনুপম খেৰে এই পোষ্টটোৰে লিখিছে- ‘বন্ধুত্ব দিৱসৰ শুভেচ্ছা থাকিল! আজি মই সতীশক বহুত মিছ কৰিছো!’


দুমুনিচকীত বিনামূলীয়া গ্রীষ্মকালীন পাঠদানৰ সামৰণি…

দুমুনিচকীত বিনামূলীয়া গ্রীষ্মকালীন পাঠদানৰ সামৰণি। দৰং জিলাৰ বৃহত্তম দুমুনিচকী অঞ্চলৰ অন্যতম সামাজিক অনুষ্ঠান মাৰুৱাচকী যুৱ একতা সংঘৰ উদ্যোগত বিনামূলীয়া গ্রীষ্মকালীন পাঠদান কাৰ্যসূচীৰ আজি সামৰণি পৰে।মাৰুৱাচকী হাইস্কুল প্ৰাঙ্গণত অনুষ্ঠিত উক্ত বিনামূলীয়া গ্রীষ্মকালীন পাঠদান সামৰণি অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী কিৰণ চন্দ্ৰ কাকতি সঞ্চালনাত এখনি মুকলি সভা অনুষ্ঠিত হয় । স্থানীয় যুৱক ৰেজাউল হকে আঁতধৰা অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ দিলীপ ৰাজবংশী মুখ্য অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলক শিক্ষাক্ষেত্ৰত আগুৱাই যাবলৈ কেইবাটাও পৰামৰ্শ আগবঢ়ায় ।

বেজেৰা মহৰ্ষী পাব্লিল স্কুলৰ অধ্যক্ষা ৰেছমা বড়া,মাৰুৱাচকী হাইস্কুলৰ প্ৰধান শিক্ষক মধুৰামোহন নাথ ,অৱসৰী শিক্ষক ইছলামুদ্দিন আহমেদ,দিলোৱাৰ হুছেইন, দুমুনিচকী ইংৰাজী স্কুলৰ অধ্যক্ষ উদ্ধৱ চন্দ্ৰ ৰয় প্ৰমুখ্যে কেইবা গৰাকী বিশিষ্ট ব্যক্তি সামৰণি অনুষ্ঠানত উপস্থিত থাকে । ইফালে গ্রীষ্মকালীন পাঠদানৰ কাৰ্যসূচীত অনুষ্ঠিত মুল্যাংকন পৰীক্ষাত স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীক মানপত্ৰ আৰু গ্ৰন্থৰ টোপোলা প্ৰদান কৰা হয় ।

অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ভাৰতত পুনৰ নিৰ্মাণ হ’বলগীয়া ৫০৮ টা ৰে’লৱে ষ্টেচনৰ ভিতৰত অন্যতম মৰিয়নি ৰে’ল ষ্টেচন…

অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত পুনৰ নিৰ্মাণ হ’বলগীয়া ভাৰতৰ ৫০৮ টা ৰে’লৱে ষ্টেচনৰ ভিতৰত মৰিয়নি ৰে’ল ষ্টেচন অন্যতম ৷ দেওবাৰে মৰিয়নী ৰে’লৱে ষ্টেচনত এক বৰ্ণাধ্য কাৰ্য সূচীৰে উক্ত অনুষ্ঠান ৰূপায়ণ কৰা হয় ৷

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেলি ভাৱে আধাৰ শিলা স্থাপন কৰা অনুষ্ঠানটোত উপস্থিত থাকে মৰিয়নিৰ বিধায়ক ৰুপজ্যোতি কুৰ্মী, তিতাবৰ মহকুমাধিপতি ,ৰাজহ চক্ৰ বিষয়াকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।এই অনুষ্ঠানতেই ৰে’ল বিভাগে মৰিয়নি বিদ্যালয়সমূহত আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাৰ বঁটা সমূহ প্ৰদান কৰা হয়।


মৰিয়নিৰ পৰা কৃষ্ণ প্ৰসাদ শৰ্মাৰ প্ৰতিবেদন

“নিজেও কাম নকৰে, আনকো কাম কৰিবলৈ নিদিয়ে” মোদীয়ে ৰে’লৱে কাৰ্যসূচীৰ পৰা বিৰোধী মিত্ৰজোঁটক লক্ষ্য কৰি কয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ম সংস্কৃতিক লৈ বিৰোধী মিত্ৰতাক কয় মণিপুৰৰ বিষয়ত বিৰোধী তেওঁৰ বিৰুদ্ধে। তেওঁ কয়, “তেওঁলোকে এতিয়াও সেই পুৰণি সংস্কৃতি এৰি দিয়া নাই। তেওঁলোকৰ লক্ষ্য একে-তেওঁলোকে নিজে কাম নকৰিব, বা কাকো কাম কৰিবলৈ নিদিব৷”

প্ৰধানমন্ত্ৰীয়ে দেওবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দেশৰ ৫০৮টা ৰে’ল ষ্টেচনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই ৫০৮ টা অমৃত ভাৰত ষ্টেচন ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নিৰ্মাণ কৰা হৈছে।

অনুষ্ঠানত মোদীয়ে কয়, সেইবোৰ হ’ব ‘পৰম্পৰা আৰু আধুনিকতাৰ প্ৰতীক’। দেশৰ উন্নয়নৰ কথা কওঁতে মোদীয়ে ৰাজনীতিৰ বিষয়টোও উত্থাপন কৰিলে। প্ৰধানমন্ত্ৰীয়ে কয় যে, “আন্তঃৰাষ্ট্ৰীয় জগতত ভাৰতৰ সন্মান এতিয়া বহু বাঢ়িছে। তিনি দশকৰ পাছত দেশৰ জনসাধাৰণে নিৰপেক্ষ সংখ্যাগৰিষ্ঠতাৰে এটা দল নিৰ্বাচন কৰিলে। এতিয়া আমি আৰু নেতিবাচক ৰাজনীতি কৰা নাই। আমি এতিয়া ইতিবাচক ৰাজনীতিৰ দিশে আগবাঢ়িছো।”

এইবাৰ প্ৰেমৰ ছবি এৰি বায়’পিকত অভিনয় কৰিব বিচাৰিছে শ্ৰদ্ধাই

বলীউডৰ এই প্ৰজন্মৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ। প্ৰায় এদশক পূৰ্বে তেওঁ ‘আশিকি ২’ ছবিৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰিছিল। ২০১২ চনত মুক্তি লাভ কৰিছিল ছবিখন। ছবিখনত আদিত্য ৰয় কাপুৰৰ সৈতে টিম আপ কৰি শ্ৰদ্ধা কাপুৰে বলীউডত অভিষেক ঘটায়। ইয়াৰ পিছত শ্ৰদ্ধাই বলীউডত প্ৰায় ১১ বছৰ কটালে।

নিজকে নায়িকা হিচাপে প্ৰতিষ্ঠা কৰিছে। তেওঁৰ সংকলনত আছে ‘ষ্ট্ৰী’, ‘এক ভিলেইন’, ‘অ’কে জানু’, ‘চিঞ্চোড়’ আদি ছবি। শেহতীয়াকৈ ‘তু ঝুঠী মেই মক্কাৰ’ ছবিখনৰ সফলতাৰ বাবেই পুনৰ শিৰোনামাত শ্ৰদ্ধাৰ নাম আহিল। কিন্তু এইবাৰ শ্ৰদ্ধাই লঘু হৃদয়ৰ ছবি এৰি বায়’পিকৰ ফালে মন মেলিছে৷

২০১৭ চনত ‘হাছিনা পাৰ্কাৰ’ ছবিত অভিনয় কৰি অভিনেত্ৰীগৰাকীয়ে দৃষ্টি আকৰ্ষণ কৰিছিল। বক্স অফিচত ছবিখনে ভাল প্ৰদৰ্শন নকৰিলেও তেওঁৰ কামৰ শলাগ লোৱা হৈছিল।

হাছিনাৰ চৰিত্ৰত অভিনয় কৰা শ্ৰদ্ধাই লতা মংগেশকাৰৰ বায়’পিক, পদুমী কলহাপুৰত অভিনয় কৰিব বিচাৰিছে। লতা মংগেশকাৰো অনুৰাগীৰ শ্ৰদ্ধাঞ্জলি। তেওঁ সেই কথা ৰাজহুৱাকৈ কেইবাবাৰো প্ৰকাশ কৰিছে। শ্ৰদ্ধাই কয় যে ৰাণীৰ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পোৱাটো তেওঁৰ বাবে এক সৌভাগ্যৰ কথা।

শ্ৰদ্ধাই অভিনয়ৰ লগতে গান গাই ভাল পায়। ‘আশিকি ২’ ছবিখনত এগৰাকী উদীয়মান গায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ উপৰিও তেওঁ ‘ৰক অন ২’ ছবিতো গীত গাইছে। কোনো গায়কৰ বায়’পিকত অভিনয় কৰাৰ সুযোগ পালে তেওঁ গায়কীৰ ওপৰত অধিক গুৰুত্ব দিব পাৰিব বুলি শ্ৰদ্ধাই কয়।

অসমৰ নৱোদয় বিদ্যালয়ত অসমীয়া ভাষাক এলাগী কৰাৰ সাহস কোনে দিছে? – আপৰ প্ৰশ্ন

নতুন শিক্ষা নীতিত সকলো চি বি এছ চি পাঠ্যক্ৰমত মাতৃভাষাৰ শিক্ষা বাধ্যতামূলক কৰিবলৈ পৰামৰ্শ দিয়াৰ পাছতো অসমৰ নৱোদয় বিদ্যালয়সমূহত একাদশ আৰু দ্বাদশ শ্ৰেণীত অসমীয়াক এটা বিষয় হিচাপে অন্তৰ্ভুক্ত নকৰাত উদ্বেগ প্রকাশ কৰিছে আম আদমি পাৰ্টীয়ে।

এক বিবৃতিত দলটোৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে প্ৰশ্ন কৰে যে অসমৰ বিদ্যালয়ত অসমীয়া নপঢ়ুৱালে ক’ত পঢ়ুৱাব? একাংশ অসমীয়া বিৰোধী লবীয়ে অসমৰ নৱোদয় বিদ্যালয়ত নৱোদয় বিদ্যালয় সমিতিয়ে শেহতীয়াকৈ আধুনিক ভাৰতীয় ভাষাৰ স্নাতকোত্তৰ শিক্ষকৰ পদ সৃষ্টিৰ ক্ষেত্ৰত কৈছে যে যিবোৰ বিদ্যালয়ত একাদশ আৰু দ্বাদশ শ্ৰেণীত আঞ্চলিক ভাষাৰ শিক্ষা প্ৰদান কৰি থকা হৈছে, কেৱল তেনেবোৰ বিদ্যালয়তহে এনে পদৰ স্বীকৃত দিয়া হ’ব।

মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাট, কেৰেলা, ওড়িশা, অন্ধ্ৰপ্ৰদেশ, তেলেংগনা, পশ্চিমবংগ আৰু মণিপুৰত ইতিমধ্যে একাদশ আৰু দ্বাদশ শ্ৰেণীত ৰাজ্যিক ভাষাক অন্তৰ্ভুক্ত কৰা হৈছে৷

কিন্তু অসমত, অসমীয়া বিৰোধী লবীৰ চক্ৰান্তত শোণিতপুৰৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ বাদে আন কোনো বিদ্যালয়ত একাদশ আৰু দ্বাদশ শ্ৰেণীত অসমীয়া ভাষা আজিকোপতি অন্তৰ্ভুক্ত কৰা হোৱা নাই ।

জাতি-মাটি ৰক্ষাৰ শ্ল’গান দিয়া বিজেপি চৰকাৰৰ আমোলতে অসমৰ বিদ্যালয়তে অসমীয়া ভাষা এটা বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিব নোৱাৰা কাৰ্যক ধিক্কাৰ দিয়ে আম আদমি পাৰ্টীয়ে। দলটোৱে চৰকাৰৰ ওচৰত দাবী কৰে যে অসমৰ জৱাহৰ নৱোদয় বিদ্যালয়সমূহৰ একাদশ আৰু দ্বাদশ শ্রেণীত অসমীয়া বিষয়টো অন্তর্ভুক্ত কৰিবলৈ শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক।

ৰঙিয়াৰ তুলসীবাৰীত হৃদয় বিদাৰক ঘটনা…

ৰঙিয়াৰ তুলসীবাৰীত হৃদয় বিদাৰক ঘটনা ।

নিৰ্জন ঠাইত গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ দুজনী ছোৱালী ।

মৃত ছোৱালী দুগৰাকী সম্পৰ্কত ভনীয়েক ।

কি কাৰণত দুয়োগৰাকীয়ে এনেদৰে চৰম সিদ্ধান্ত ললে সেয়া জানিব পৰা হোৱা নাই ।

মৃত ছোৱালী দুগৰাকী হৈছে ইচ্ছাপুৰৰ মমতা বেগম (১৯) আৰু বিহাপাৰাৰ চাইমন নেছা (১৭) ।

একেডাল ৰছীৰে দুয়োজনীয়ে আত্মহত্যা কৰাক লৈ সন্দেহ হৈছে ৰাইজৰ

আৰক্ষী আৰু দণ্ডাধীশ ঘটনা স্থলীত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ।

আৰক্ষীৰ তদন্তত হে ওলাব এয়া আত্মহত্যা নে হত্যা ।