Home Blog Page 1446

মিজোৰামৰ মুখ্যমন্ত্ৰীক আন ৰাজ্যৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিবলৈ আহ্বান মণিপুৰৰ মুখ্যমন্ত্ৰীৰ

মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মিজোৰামৰ মুখ্যমন্ত্ৰীক নিজৰ ৰাজ্যৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকিবলৈ কয়।

ৰাজ্যখনত চলি থকা জাতিগত হিংসাৰ সময়ত মিজোৰাম ৰাজ্যত ৰাজ্যখনৰ কুকি-জো জনজাতি জনগোষ্ঠীৰ সৈতে সংহতিৰ ব্যাপক সমাৱেশ হোৱাৰ এদিন পিছতে তেওঁৰ এই মন্তব্য। কৰ্তৃপক্ষই শান্তি ঘূৰাই অনাটো নিশ্চিত নকৰিলে শীঘ্ৰে দুয়োটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ সময়সীমা তিনিমাহৰ সীমাত উপনীত হ’ব।

কুকি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা সংগঠনসমূহে মণিপুৰ চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে যে তেওঁলোকে পাহাৰত সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বিপৰীতে ৰাজ্যখনৰ উপত্যকা অঞ্চলত মেইটেইসকলক সমৰ্থন কৰা জনজাতীয় সম্প্ৰদায়সমূহৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰি আহিছে।

খবৰ অনুসৰি চুবুৰীয়া ৰাজ্য মিজোৰামত ৰাজ্যখনৰ জনগোষ্ঠীসমূহৰ মাজত সংঘাতৰ আৰম্ভণিৰ পৰাই মণিপুৰৰ পৰা পলায়ন কৰা প্ৰায় ১৩০০০ৰো অধিক লোকক আশ্ৰয় দিছে। মণিপুৰৰ কুকি-জো জনগোষ্ঠীৰ লগতে মণিপুৰৰ চিন জনগোষ্ঠীৰ সৈতে মিজো জনগোষ্ঠীৰ দৃঢ় জাতিগত সম্পৰ্ক আছে। ম্যানমাৰ সেনাকে ধৰি কেইবাটাও দলৰ সৈতে হোৱা যুঁজৰ পাছতো চিন সম্প্ৰদায়ৰ বিপুল সংখ্যক লোকে মিজোৰামত আশ্ৰয় লৈছে।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে উল্লেখ কৰে যে তেওঁৰ চৰকাৰে তেওঁৰ ৰাজ্যজুৰি চলি থকা সকলো পৰিঘটনা অনুসৰণ কৰি আহিছে আৰু যিসকলে তেওঁৰ ভাষাত “মণিপুৰৰ অখণ্ডতা ধ্বংস কৰিবলৈ চেষ্টা কৰিছে” তেওঁলোকক কঠোৰ সতৰ্কবাণী দিয়ে।

তেওঁ লগতে কয় যে এতিয়া এই যুঁজখন ৰাজ্য চৰকাৰ আৰু মণিপুৰৰ জনসাধাৰণৰ শান্তিপূৰ্ণ সহাৱস্থানক বিঘ্নিত কৰিব বিচৰাসকলৰ মাজত। মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে আইজলৰ প্ৰতিবাদী সমাৱেশত অংশ লোৱা আৰু কুকি-জো জনগোষ্ঠীক সমৰ্থন কৰা সন্দৰ্ভতো তেওঁ উদ্বেগ প্ৰকাশ কৰে। এন বীৰেণ সিঙে কয় যে মিজোৰামৰ মুখ্যমন্ত্ৰীক আন এখন ৰাজ্যৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিবলৈ অনুৰোধ জনাইছো।

বীৰ শ্বহীদ তথা অসম সন্তান সুনিল কলিতালৈ বীৰতা পদক…

পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে বীৰ শ্বহীদ সুনিল কলিতাই। বীৰ শ্বহীদ তথা অসম সন্তান সুনিল কলিতালৈ বীৰতা পদক (ৰাষ্ট্ৰপতি পুলিচ মেডেল)। আজি দিল্লীৰ বসন্তকুঞ্জৰ শৌৰ্য ভৱনত CRPF ৰ ৮৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত হোৱা ‘বীৰতা পদক বিজেতা সমাৰোহ’ত এই বঁটা প্ৰদান কৰা হয় বীৰ শ্বহীদগৰাকীক। শ্বহীদগৰাকীৰ হৈ বঁটা গ্ৰহণ কৰে পত্নী তথা বীৰ নাৰী পদুমী ডেকাই। পৰাক্ৰম, সাহসিকতা আৰু পাৰদৰ্শিতাৰ বাবে সুনিল কলিতালৈ এই সন্মান। আজিৰ এই সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত intelligence bureau তথা অসম সন্তান তপন কুমাৰ ডেকা, CRPF ৰ DG ড° সুজয় লাল থাওচে। সেনা বাহিনীত থাকি অদম্য সাহস, পৰাক্ৰম আৰু মাওবাদীৰ সৈতে সমুস সমৰৰ পৰা যুদ্ধত জয়ী হৈ দেশমাতৃৰ বাবে প্ৰাণ আহুতি দিয়াৰ বাবে সুনিল কলিতাই ইতিমধ্যে পৰাক্ৰম সন্মান,পুলিচ পদক সন্মান লাভ কৰিছে।

উল্লেখ্য যে ২০১৯ চনৰ ২৮ মে’ ত ঝাৰখণ্ডৰ চৰাইকিল্লাৰ অতব্য জংঘলত এক অভিযানত মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষত নিজৰ পাৰদৰ্শিতা দেখুৱাই সমুখ সমৰৰ পৰা মাওবাদীৰ সৈতে যুদ্ধ কৰি মাওবাদিক সেই স্থানৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হৈছিল যদিও মাওবাদীৰ IED বিষ্ফোৰণত আহত হৈছিল সুনীল কলিতাসহ CRPF ৰ অভিযানকাৰী দলটো। কিন্তু গুৰুতৰভাবে আহত হৈয়ো সুনিল কলিতাই নিজৰ সহযোগিসকলক উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ লৈ গৈছিল। অৱশেষত আহত অৱস্থাত চিকিৎসালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে মৃত্যু হয় বীৰগৰাকীৰ।

তিনিদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱত উপস্থিত মুখ্যমন্ত্ৰী। বৰঘোলা-কাহিবাৰী সংযোগী পকী দলঙৰ শুভ মুকলি…

আজিৰে পৰা তিনিদিনীয়া চৰকাৰী কাৰ্যসূচী লৈ বঙাইগাঁৱত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। বঙাইগাঁৱত উপস্থিত হৈ আই নৈৰ ওপৰত বৰঘোলা – কাহিবাৰী সংযোগী পকী দলঙৰ শুভ মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। প্ৰায় ৭২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দলংখনে বঙাইগাঁও আৰু বৰপেটা জিলাৰ মাজত যাতায়াত ব্যৱস্থা সুগম কৰিব। উল্লেখ্য যে ২০১১ চনৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আধাৰশিলা কৰা দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল ২০১৩ চনত।

আজিৰ এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে মন্ত্ৰী ৰঞ্জিত দাস, বিধায়ক আব্দুল বাতেন অন্ধকাৰ, প্ৰাক্তন বিধায়ক ভূপেন ৰায়ে।ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পাছত ২০২২ চনৰ ৫ ফেব্ৰুৱাৰীত তেওঁ সৃজনগ্ৰামলৈ অহাত দলংখনলৈ পুনৰ ২৯ কোটি টকা আবণ্টণ দিয়াত দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হয় ৷ আজি সেই দলংখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰাৰ পিছত দলং খনেৰে হাজাৰ হাজাৰ যাত্ৰীৰ আগমন ঘটাত এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ দলং মুকলিৰ পিছতে অভয়াপুৰীৰ লালমাটি দুৰামাৰীৰ শ্ৰী শ্ৰী গণেশ মন্দিৰ দৰ্শন কৰি বঙাইগাঁও লৈ যায় মুখ্যমন্ত্ৰী গৰাকী।

পূজা ভাটৰ সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত পিতৃ মহেশ ভাটে ক’লে- ‘মই আলিয়াৰ অনুৰাগী’…

বৰ্তমান পূজা ভাটক দেখা গৈছে বিগ বছ অ’টিটি ২ত। শেহতীয়াকৈ যেতিয়া পাপসকলে মহেশ ভাটক তেওঁৰ কন্যা পূজা ভাটৰ বিষয়ে প্ৰশ্ন কৰিছিল, তেতিয়া তেওঁ পূজাৰ সন্দৰ্ভত কৰা প্ৰশ্নক আওকাণ কৰিছিল। শেহতীয়াকৈ বহু প্ৰত্যাশিত ছবি ‘ৰকি এণ্ড ৰাণী কি প্ৰেম কাহানি’ কাষ্ট-এণ্ড-ক্ৰু প্ৰদৰ্শন অনুষ্ঠিত হৈছিল য’ত বি-টাউনৰ সকলো চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰিছিল। প্ৰদৰ্শনৰ সময়ত আলিয়া ভাট উপস্থিত হয় তেওঁৰ মৰমৰ স্বামী ৰণবীৰ কাপুৰৰ সৈতে।

আলিয়াৰ পিতৃ-মাতৃ মহেশ ভাটকো দেখা গৈছিল এই প্ৰদৰ্শনীত। মহেশ ভাটক ছবিৰ প্ৰদৰ্শনৰ পৰা ওলাই অহাৰ সময়ত তেওঁলোকৰ ডাঙৰ কন্যা পূজা ভাটৰ বিষয়ে সুধিছিল , কিন্তু মহেশে প্ৰশ্নটোক আওকাণ কৰিছিল। লগতে মহেশ ভাটে ক’লে “মই এতিয়াও আলিয়া ভাটৰ অনুৰাগী।” মহেশ ভাটৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে আৰু মানুহে তেওঁক বহুত ট্ৰ’ল কৰিছে। ২৮ জুলাইত মুক্তি পাব ৰকি আৰু ৰাণীৰ প্ৰেম কাহিনী নামৰ এই ছবিখনে।

মণিপুৰৰ ঘটনাৰ সন্দৰ্ভত উত্তপ্ত পৰিস্থিতি সদনত। ২ বজালৈ স্থগিত…

মণিপুৰ সন্দৰ্ভত সংসদত উত্তপ্ত পৰিস্থিতি, প্ৰধানমন্ত্ৰীৰ বক্তব্যত অটল বিৰোধী, সদনৰ কাম-কাজ ২ বজালৈ স্থগিত। মণিপুৰৰ বিষয়টোক লৈ সংসদত আজিও উত্তপ্ত পৰিস্থিতি অব্যাহত আছে। বিৰোধী দলৰ সাংসদসকলে ক’লা কাপোৰ পিন্ধি সদনত প্ৰতিবাদ কৰিছে। মণিপুৰ বিষয়ত আলোচনাৰ দাবীৰ মাজতে সদনৰ বিয়লি ২ বজালৈ স্থগিত ৰখা হয়।

ৰাজ্যসভাত উত্থাপন সংশোধনী বিধেয়ক কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে ৰাজ্যসভাত সংশোধনী বিধেয়ক উত্থাপন কৰে। বিৰোধী সাংসদসকলে ক’লা কাপোৰ পিন্ধা সন্দৰ্ভত ৰাজ্যসভাত সদনৰ নেতা পীযুষ গোৱেলে কয় যে ক’লা কাপোৰ পিন্ধা এইসকল লোকে বুজিব পৰা নাই যে আজি দেশৰ ক্ৰমবৰ্ধমান শক্তি কি? যিসকলৰ মন আৰু শৰীৰ ক’লা, তেওঁলোকৰ হৃদয়ত কি লুকাই আছে? তেওঁলোকৰ বৰ্তমান, অতীত আৰু ভৱিষ্যত অন্ধকাৰ কিন্তু আমি আশা কৰোঁ যে তেওঁলোকৰ জীৱনতো পোহৰ আহিব। সংসদক অপমান কৰিছে বুলি কয় প্ৰধানমন্তীয়ে।

ৰাজ্যসভাত বৈদেশিক নীতি সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ বক্তব্যৰ সময়ত বিৰোধী সাংসদসকলে “প্ৰধানমন্ত্ৰী সদনলৈ আহক, সদনলৈ আহক” আদি শ্ল’গান দিবলৈ আৰম্ভ কৰে। এই হুলুস্থুলীয়া পৰিৱেশৰ মাজতে ২ বজালৈ সদন স্থগিত কৰা হয়। বিৰোধীয়ে মণিপুৰ সন্দৰ্ভত আলোচনা কৰিবলৈ বিচাৰি আছে। বিৰোধীয়ে দাবী কৰিছে যে মোডীয়ে মণিপুৰ সন্দৰ্ভত মন্তব্য কৰিব লাগে। কিন্তু শাসকীয় পক্ষই কৈছে যে, তেওঁলোক আলোচনা কৰিবলৈ সাজু। কিন্তু মোদী নহয়, অমিত শ্বাহে মণিপুৰৰ ওপৰত মন্তব্য কৰিব।

আমেৰিকাৰ এখন চহৰৰ মানুহে পোৱা নাই বিশুদ্ধ খোৱা পানী…


আমেৰিকাৰ টেনেচি চহৰৰ জলাশয়ৰ পানীত ডিজেল মিহলি হোৱাৰ বাবে স্থানীয় ৰাইজ সমস্যাৰ সন্মুখীন হৈছে কাৰণ তেওঁলোকৰ ঘৰত থকা টেপলৈ আহিছে ডিজেল মিহলি দূষিত পানী। টেনেচিৰ মানুহে প্ৰায় এসপ্তাহ ধৰি এই সমস্যাৰ সন্মুখীন হৈ আছে আৰু তেওঁলোকে বিশুদ্ধ খোৱাপানী লাভ কৰা নাই। বুধবাৰে মেম্ফিছৰ উপকণ্ঠ অঞ্চল জাৰ্মানটাউনত বাস কৰা প্ৰায় ৪০ হাজাৰ লোকক ডিজেল লেচযুক্ত পানী ফ্লাছিং টয়লেটৰ বাহিৰে আন কামত ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। এসপ্তাহৰ পাছতো এইসকল লোকৰ পৰিস্থিতিৰ উন্নতি হোৱা নাই। এই লোকসকলে নলৰ পানীও খাব নোৱাৰে, উতলাও নোৱাৰে। ডিজেলৰ পানী গা ধোৱাৰ বাবেও ব্যৱহাৰ কৰিব নোৱাৰে। চহৰ খনৰ কৰ্তৃপক্ষই ব্যক্তিগত কামত ব্যৱহাৰ বাবে বটলৰ পানী ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে ৰাইজক। লগতে মহানগৰ খনত বটলৰ পানী বিতৰণ কৰা হৈছে। আনহাতে টেপৰ পানী কেতিয়া ব্যৱহাৰ কৰিব পাৰি সেয়া এতিয়াও সঠিকৈ জনোৱা নাই মহানগৰখনৰ কৰ্তৃপক্ষই।

বিষয়াসকলে জনোৱা মতে, শেহতীয়াকৈ এক ধুমুহাৰ সময়ত পানী উদ্যোগটোৰ সৈতে বিদ্যুৎ বিচিন্ন্ হোৱাত উদ্যোগটোত এটা জেনেৰেটৰ ব্যৱহাৰ কৰা হৈছিল আৰু জলাশয়ৰ পানীৰ সৈতে মিহলি হৈ গৈছিল এই জেনেৰেটৰটো ভিতৰত থকা ডিজেল।


ছবি জগতৰ পৰা বিৰতি লৈ ৪ ডিগ্ৰী উষ্ণতাত বৰফত গা ধুলে অভিনেত্ৰী সামান্থাই…

অভিনেত্ৰী সামান্থা প্ৰভুৱে ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। এই ভিডিঅ’টোত অভিনেত্ৰীগৰাকীক বৰফত গা ধুই থকা দেখা গৈছে।

বিশেষ কথাটো হ’ল অভিনেত্ৰীগৰাকীয়ে গা ধোৱাৰ সময়ত তাপমাত্ৰা আছিল ৪ ডিগ্ৰী। দক্ষিণৰ অভিনেত্ৰী সামন্ত প্ৰভুৱে এবছৰ ধৰি অভিনয়ৰ পৰা বিৰতি লৈ বৰ্তমান তেওঁৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। একে সময়তে শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ইনষ্টা ষ্ট’ৰীত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে যিয়ে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে। এই ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে ঠাণ্ডা পানীৰ ভিতৰত বহি বৰফত গা ধুই থকা দেখা গৈছে। অভিনেত্ৰীগৰাকীয়ে গা ধোৱাৰ সময়ত তাপমাত্ৰা আছিল ৪ ডিগ্ৰী। বৰ্তমান বালিত সময় অতিবাহিত কৰি আছে অভিনেত্ৰী সামান্থা প্ৰভুৱে। ছ’চিয়েল মিডিয়াত অহৰহ বালিৰ কিছু ফটো আৰু ভিডিঅ’ আপলোড কৰি আছে অভিনেত্ৰীগৰাকীয়ে। এই সময়ছোৱাত অভিনেত্ৰীগৰাকীয়ে ৪ ডিগ্ৰী উষ্ণতাত প্ৰায় ৬ মিনিটমান বৰফত গা ধুইছিল।

শেহতীয়াকৈ সামান্থাই এটা বান্দৰৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে।

সামান্থাক অতি সোনকালে বিজয় দেৱেৰাকোণ্ডাৰ সৈতে ‘খুশী’ ছবিত দেখা যাব। ১ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিব এই ছবিখনে। বৰ্তমান অভিনেত্ৰীগৰাকীয়ে নিজৰ প্ৰজেক্টসমূহ সম্পূৰ্ণ কৰি ছবি জগতৰ পৰা আঁতৰি আছে নিজৰ সৈতে সময় অতিবাহিত কৰিছে।

ডিব্ৰুগড়ত ২ খন বিমানৰ অৱতৰণত অসুবিধা…

ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত অঘটন

যাত্ৰী কঢ়িয়াই নিয়া দুখন বিমানৰ অৱতৰণত অসুবিধাৰ সন্মুখীন।

ইণ্ডিগ’ৰ বিমান দুখন প্ৰায় ৫০ মিনিট ধৰি থাকিবলগীয়া হয় আকাশতে।

জানিব পৰা মতে প্ৰতিকুল বতৰ আৰু ইনষ্ট্ৰুমেণ্টেল লেনডিং চিষ্টেম বন্ধ হৈ থকাৰ বাবে অৱতৰণত অসুবিধাৰ সন্মুখীন হৈছিল।

মহিলাৰ স্বাস্থ্যৰ বাবে উপযোগী এই ৩ বিধ ৰস…

মহিলাৰ বাবে স্বাস্থ্যকৰ ৰস: বহু মহিলাৰ টেঙা আৰু তেলীয়া বস্তু খোৱাৰ অভ্যাস আছে। কিন্তু এই বস্তু সমূহ স্বাস্থ্যৰ বাবে অপকাৰি। মহিলাসকলে ৩ প্ৰকাৰৰ ৰস খাব লাগে। মহিলাসকলে নিজৰ ছাল আৰু চুলিৰ যত্ন প্ৰায়ে ল’ব লাগে। মহিলাসকলে কি কি ৰস খাব লাগে এই বিষয়ে আজি আমি আপোনালোকক জনাম-

১/ বহু ফলৰ ৰস মিহলাই খাব লাগে। এই ৰসত বহু প্ৰকাৰৰ ভিটামিন আৰু খনিজ পদাৰ্থ পোৱা যায়, গতিকে এই ৰসে শৰীৰৰ লগতে মগজুকো উপকৃত কৰে। ইয়াৰ ফলত হাৰ্ট এটেকৰ দৰে বিপজ্জনক হৃদৰোগ ৰোধ হ’ব। ইয়াৰ লগতে চকু, ছাল আৰু চুলিৰ বাবেও ই অতি উপকাৰী।

২) নাৰিকল পানী উপকাৰিতাৰ বিষয়ে আমি সকলোৱে জানো। কিন্তু সকলোৱে দৈনিক এই নাৰিকলৰ পানী খাবলৈ সক্ষম নহয়। নাৰিকলৰ পানীয়ে শৰীৰক হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে। নাৰিকল পানী খোৱাৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত থাকে আৰু ছালৰ লগত জড়িত সমস্যাও সমাধান হয়।

৩/ শাক-পাচলিৰ ৰসঃ সতেজ শাক-পাচলি স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। শাক-পাচলিৰ ৰসৰ দ্ধাৰা শৰীৰক ভিটামিন, এন্টিঅক্সিডেন্ট, পটাছিয়াম, জিংক আৰু কেৰনাইড আদি পুষ্টিকৰ উপাদান লাভ কৰে। এই ৰসৰ দ্ধাৰা উচ্চ ৰক্তচাপ, ৰক্তহীনতা, ছালৰ সমস্যা আদি সমস্যাও দূৰ হৈ যায়। শাক-পাচলিৰ চুপ বনাইও খাব পাৰে আপুনি।

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অচলাৱস্থা দূৰ কৰাৰ বাবে তদন্ত কমিটী গঠন ৰাজ্যপালৰ…

প্ৰসংগঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অচলাৱস্থা। অচলাৱস্থা দূৰ কৰাৰ বাবে তদন্ত কমিটী গঠন ৰাজ্যপালৰ। উচ্চ শিক্ষা বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ অধ্যক্ষতাত গঠন কমিটী। সদস্য হ’ব IITGৰ অধ্যাপক ড০ এছ কে দেৱ।

সদস্য হ’ব তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ বি বি মিশ্ৰ। তদন্ত কমিটীক এমাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ।

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে বিত্তীয় অনুশাসন ভংগৰ অভিযোগ। উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙে নিবিদা অবিহনে ঠিকা আবণ্টনৰ অভিযোগ । মেচাৰ্চ আৰ ডি এণ্টাৰপ্ৰাইজক দিছিল ঠিকা আবণ্টন।

নিলম্বিত অধ্যাপকৰ ক্ষেত্ৰতো ভংগ কৰিছিল বিত্তীয় অনুশাসন। কমিছনৰ বিনিময়ত নামভৰ্তি কৰাৰো অভিযোগ উপাচাৰ্যৰ বিৰুদ্ধে। এনেবোৰ অভিযোগৰ ভিত্তিতে গ্ৰেপ্তাৰ হৈছিল উপাচাৰ্য সিং। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল লাইশ্ৰাম লাড্ডু সিঙক।