Home Blog Page 1447

অমিতা ব্যৱহাৰ কৰি জিলিকাই তোলক আপোনাৰ মুখখন…

অমিতা ব্যৱহাৰ কৰি জিলিকাই তোলক আপোনাৰ মুখখন। সকলোৱে ধুনীয়া আৰু উজ্জ্বল ছাল পাব বিচাৰে। এনে ছাল পাবলৈ আপুনি বহু পদ্ধতি ব্যৱহাৰ কৰে। আজি আমি আপোনালোক জনাম ঘৰতে অমিতা ফেচ জেল বনোৱাৰ পদ্ধতিৰ বিষয়ে, যাৰ জৰিয়তে আপোনাৰ মুখলৈ আহিব গ্লো। অমিতাৰ ফেচ জেল কেনেকৈ বনাব পাৰি এই বিষয়ে জানি লওক। অমিতাৰ মুখৰ জেল বনাবলৈ ব্যৱহাৰ কৰক এই উপকৰণ সমূহ-

অমিতাৰ ফেচ জেল বনাবলৈ প্ৰথমে এটা ভাল পকা অমিতা লৈ লওক
তাৰ পিছত অলপ পকা অমিতা লৈ লওক
ইয়াৰ পিছত গ্ৰাইণ্ডাৰত ভালদৰে পিহি পেষ্ট প্ৰস্তুত কৰি লওক
তাৰ পিছত আপুনি এটা বাটিত ২ চামুচ গাখীৰ আৰু ২ চামুচ নাৰিকল তেল দিব
ইয়াৰ লগতে ইয়াত ৪ চামুচ ভিটামিন-ই কেপচুল দিব
তাৰ পিছত আপুনি তাত ১ চামুচ গোলাপ পানী দিব
এতিয়া এই সকলোবোৰ ভালকৈ মিহলাই লওক
তাৰ পিছত কাঁচৰ পাত্ৰত ভৰাই সংৰক্ষণ কৰক
এতিয়া আপোনাৰ অমিতাৰ ফেচ জেল প্ৰস্তুত হৈ গৈছে

অমিতাৰ ফেচ জেল কেনেকৈ ব্যৱহাৰ কৰিব?
অমিতাৰ ফেচ জেল লগোৱাৰ আগতে মুখখন ধুই মচিব ল’ব
তাৰ পিছত মুখত সঠিকভাৱে অমিতাৰ জেল লগাব
ইয়াৰ পিছত লাহে লাহে হাতেৰে মুখখন মালিচ কৰিব
তাৰ পিছত প্ৰায় ১০ মিনিটমান ৰাখিব।
ইয়াৰ পিছত কুহুমীয়া পানীৰে মুখখন ধুই পৰিষ্কাৰ কৰিব

এইদৰে অমিতাৰ ফেচ জেল ব্যৱহাৰ কৰি আপোনাৰ মুখলৈ আনিব পাৰিব অধিক গ্লো।

নাজিৰাৰ ব্লক কংগ্ৰেছ কমিটিৰ ৰাজীৱ ভৱনত বিৰোধী দলপতিৰ উপস্থিতিত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী

লোকসভা নিৰ্বাচনৰ পূৰ্বেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দেওবাৰে নাজিৰাৰ ব্লক কংগ্ৰেছ কমিটিৰ ৰাজীৱ ভৱনত কংগ্ৰেছত যোগাদন কৰে প্ৰায় ২৫গৰাকী লোকে।

জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থা, বীৰ লাচিত সেনা অসমৰ নেতাৰ লগতে শাসকীয় পক্ষ ভাৰতীয় জনতা পাৰ্টীৰ সদস্যই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে ভাৰতীয় জাতীয় কংগ্ৰেছত।

এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিৰোধী দলৰ দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী ড° হেমপ্ৰভা শইকীয়া, শিৱসাগৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতি অংশুমান বৰুৱা, নাজিৰা ব্লক কংগ্ৰেছৰ সভাপতি সভাৰাম গগৈকে ধৰি ভালে কেইজন বিষয় ববীয়া৷

মালিগাঁৱত সদৌ গুৱাহাটী আন্ত: বিদ্যালয় সাতোৰ প্ৰতিযোগিতা

এন এফ ৰেলৱে স্পৰ্টছ এছোচিয়েচনৰ উদ্যোগত মালিগাও অফিচাৰ কলনিস্থিত ৰেলৱে চুইমিং পুলত দেওবাৰে সদৌ গুৱাহাটী আন্ত: বিদ্যালয় সাতোৰ প্ৰতিযোগিতা অনুস্থিত হয়।

প্ৰতিযোগিতাত গুৱাহাটী মহানগৰীৰ ১৫ খন বিদ্যালয়ৰ প্ৰায় ৮০ জন খেলুৱৈ অংশগ্ৰহণ কৰে।

খেলুৱৈৰ উন্নত প্ৰদৰ্শনৰে প্ৰতিযোগিতাত শিলপুখুৰীৰ মহৰ্ষি বিদ্যামন্দিৰে প্ৰথম শ্ৰেষ্ঠ আৰু প্ৰাগজ্যোতিষ ছিনিয়ৰ চেকণ্ডাৰী বিদ্যালয়ে দ্বিতীয় শ্ৰেষ্ঠ বিদ্যালয়ৰ সন্মান লাভ কৰে।

বিয়লি ৩ বজাৰ পৰা আয়োজিত বটা বিতৰণী সভাত খেলুৱৈ সকলক বঁটা সমূহ প্ৰদান কৰে এন এফ ৰেলৱে স্পৰ্টছ এছোচিয়েচনৰ সভাপতি সন্দীপ শৰ্মা, এন এফ ৰেলৱে স্পৰ্টছ এছোচিয়েচনৰ একুৱেটিক শাখাৰ সম্পাদক সঞ্জয় দাস , যুটীয়া সম্পাদক ভাৱনা কৰ্ণে।

কলাক্ষেত্ৰত মঞ্চস্থ হ’ল শিশুনাট “শিয়ালী পালেগৈ ৰতনপুৰ”

দেওবাৰে সন্ধিয়া ৬.৩০ বজাত পাঞ্জাবাৰীস্থিত শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ প্ৰযোজনাত, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত ‘শিয়ালী পালেগৈ ৰতনপুৰ ‘শীৰ্ষক এখনি শিশু নাট পৰিবেশিত হয়৷

নৱকান্ত বৰুৱা মূল গল্প কাহিনীৰ “শিয়ালী পালেগৈ ৰতনপুৰ”ৰ নাট্যৰূপ আৰু পৰিচালনা মানিক ৰয়ৰ৷


অসমৰ এখন আগশাৰীৰ নাট্যশিক্ষানুষ্ঠান গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলে মঞ্চস্থ কৰা নাটকখনৰ সহপৰিচালনা আছিল ৰুণুমী দেৱীৰ৷

মনদ্বীপ মহন্তৰ সংগীত পৰিচালনা, বনলতা বৈশ্যৰ নৃত্য পৰিচালনা, ধ্ৰুৱ হাজৰিকাৰ সংগীত সঞ্চালনা, অপূৰ্ব শৰ্মাৰ সাজসজ্জা, ডিম্পল দাসৰ পোহৰ তীব্ৰজ্যোতি বৈৰাগী আৰু নিতুমণি বৰাৰ ৰূপসজ্জাৰে নাটখনত শিশুশিল্পী সকলে সুন্দৰ অভিনয় কৰে৷

এই নাট সন্ধিয়াত বিশিষ্ট অতিথি হিচাপে সাহিত্যিক হৃষীকেশ গোস্বামী,শোভেশ্বৰ দাস,জিতেন শৰ্মাৰ লগতে আৰু কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকি নাট উপভোগ কৰে৷

উল্লেখযোগ্য যে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ উদ্যোগত ২জুলাইৰ পৰা ২২জুলাইলৈ বীৰকুছি নাৰেংগীস্থিত মাৰিয়া পাব্লিক স্কুলত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাখনিৰ সামৰণি পৰাত এক অনুষ্ঠানৰ আয়োজন কৰি শিক্ষাৰ্থীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়৷

আনহাতে ২৫ জুলাইৰ দিনা সন্ধিয়া ৬:৪৫ বজাত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত, গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ প্ৰযোজনাত শ্ৰীমন্তশঙ্কৰদেৱৰ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহতে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ ন পুৰণি ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰিব নাট্যকাৰ জিতেন শৰ্মা ৰচিত তথা কনকলতা বৰুৱাৰ জীৱনগাথাঁ আধাৰিত নাট “কনকা”৷ কনকা নাটখনৰ পৰিচালনা আৰু পৰিকল্পনা মানিক ৰয়ৰ৷

অন্ধ্ৰপ্ৰদেশত নিৰ্মাণ হ’ব ১০৮ ফুট উচ্চতাৰ ৰামমূৰ্তি, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আধাৰশিলা স্থাপন

অন্ধ্ৰপ্ৰদেশত নিৰ্মাণ হ’বলগীয়া ভগৱান ৰামৰ প্ৰতিমূৰ্তিৰ দেওবাৰে ভাৰ্চুৱেলি আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

ৰাজ্যখনৰ মন্ত্ৰালায়ম গাঁৱৰ টুংগাভদ্ৰা নদীৰ সমীপৰ ১০ একৰ ভূমিত নিৰ্মাণ হ’বলগীয়া ভগৱান শ্ৰীৰামৰ মূৰ্তিটোত ব্যয় হ’ব ৫০০ কোটি টকা।

আধাৰশিলা স্থাপন কৰি গৃহমন্ত্ৰী গৰাকীয়ে ভগৱানৰ মূৰ্তিটোৱে সনাতন ধৰ্মৰ বিষয়ে প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অৰিহনা যোগাব বুলি আশা প্ৰকাশ কৰে।

আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক অসম ত্যাগৰ সকীয়নি আলফা(স্বা)ৰ

জি পি সিঙক অসমৰ থলগীৰিৰ ওপৰত ভুৱা এনকাউন্টাৰেৰে বীৰত্ব প্ৰদৰ্শন বন্ধ কৰিবলৈ সকীয়নি আলফ(স্বা)ৰ।

তিনিচুকীয়াৰ লাইপুলিত এনকাউন্টাৰ কৰা পুষ্পাঞ্জলী গগৈ নামৰ মহিলাৰ সৈতে কোনো সম্পৰ্ক নাই বুলি স্পষ্টীকৰণ আলফা(স্বা)ৰ।

শিৱসাগৰ গেলেকীত শেন চেতিয়া নামৰ ব্যক্তি গৰাকীকো শীতল মস্তিষ্কৰে আৰক্ষীয়ে গুলীয়াই আঘাত কৰাৰ অভিযোগ।

ৰাজকোষৰ কোটি কোটি টকা অন্যায়ৰ বাবে আত্মসাৎ কৰা দুৰ্নীতিগ্ৰস্ত বিষয়া নেতাক এনকাউন্টাৰ কৰি সৎ সাহসৰ পৰিচয় দিবলৈ আহ্বান আলফ(স্বা)ৰ।

আলফা(স্বা)ৰ অভিযোগ যোৱা বছৰ এপ্ৰিলত শিৱসাগৰত সুৰয গগৈক অসম আৰক্ষীয়ে ভুৱা এনকাউন্টাৰেৰে হত্যা কৰিছিল।

অসমৰ থলগীৰিৰ ওপৰত ভুৱা এনকাউন্টাৰেৰে বীৰত্ব প্ৰদৰ্শনৰ কাৰ্য বন্ধ নকৰিলে অসম এৰি যাবলৈও সকিয়নী জিপি সিঙলৈ।

বিশ্বনাথত ভাৰত নাট্যম আৰু আধুনিক নৃত্যৰ কৰ্মশালা

শিশুসকলৰ শাৰীৰিক,মানসিক আৰু বৌদ্ধিক উত্তৰণৰ লগতে ভাৰতীয় ধ্ৰুপদী সংগীতৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষিত কৰাৰ উদ্দেশ্যৰে বিশ্বনাথ চাৰিআলিৰ সাংস্কৃতিক গোষ্ঠী নৃত্যস্পৰ্শৰ উদ্যোগত ১৫ জুলাইৰ পৰা ভাৰত নাট্যম আৰু আধুনিক নৃত্যৰ এক কৰ্মশালাৰ অনুষ্ঠিত হৈ আছে।

এই কৰ্মশালা ২৫ জুলাইলৈকে ১১ দিনীয়াকৈ অনুষ্ঠিত হ’ব।

বিশ্বনাথ চাৰিআলি নগৰৰ ৬ নং ৱাৰ্ডত অৱস্থিত সুধাকন্ঠ ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত দিনৰ ১০:৩০ বজাৰ পৰা ১:৩০ বজালৈ অনুষ্ঠিত হৈ আছে এই কৰ্মশালা।

উক্ত কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিছে ভাৰত নাট্যমৰ বিশাৰদ নৃত্যপটিয়সী অনুষ্ঠানটোৰ সম্পাদিকা মানসী কলিতা আৰু সুদীপ্ত বৰাই।

কর্মশালাৰ সামৰণি অনুষ্ঠান অহা ২৬ জুলাইত হ’ব বুলি জানিবলৈ দিছে নৃত্যস্পৰ্শ সাংস্কৃতিক গোষ্ঠীৰ সভাপতি ৰূপজ্যোতি শইকীয়াই।

-ৰমেশ চন্দ্ৰ চৰেণ, বালিচাং

পানীগাঁও উ:মা: বিদ্যালয় আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যৌথ প্ৰচেষ্টাত বাটৰ নাট পৰিবেশন

অসম চৰকাৰৰ জল জীৱন মিছন সম্পৰ্কে ৰাইজক অৱগত আৰু বিশুদ্ধ পানী খোৱাৰ উপযোগিতা সম্পৰ্কে সচেতনতা বৃদ্ধিৰ উদ্দেশ্যেৰে লখিমপুৰ জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যৌথ প্ৰচেষ্টাত তেলাহী মৌজাৰ কেইবাটাও ৰাজহুৱা স্থানত বাটৰ নাট পৰিবেশন কৰা হয়।

তেলাহী মৌজাৰ প্ৰাণকেন্দ্ৰ পানীগাঁও চাৰিআলিত দিনৰ ১১ বজাত ৰাইজৰ মাজত সজাগতা মুলক বাটৰ নাট খন পৰিবেশনেৰ অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰা হয়।

বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ভৃগু প্ৰসাদ শৰ্মাই পৰিচালনা কৰা বাটৰ নাট খনত অভিনয় কৰে ছাত্ৰ ছাত্ৰী ক্ৰমে বিতু দত্ত, ধ্ৰুৱজ্যোতি পাঠক, প্ৰহ্লাদ মেধি, ভৃগু কুমাৰ হাজৰিকা, ভূমিকা হাজৰিকা, কংকনা শৰ্মা আৰু দিশানী শৰ্মাই।

অনুষ্ঠানটোত বিদ্যালয়ৰ অধ্যক্ষা জিনা ভূঞাৰ লগতে জল জীৱন মিছনৰ জিলা পৰামৰ্শদাতা ছত্ৰ প্ৰসাদ পাথৰি উপস্থিত থাকি চৰকাৰৰ সুন্দৰ চিন্তাৰ ফচল জল জীৱন মিছনক আদৰি ল’বলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়।

বৰ্তমান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰা দেশৰ একমাত্ৰ মহিলা ন্যায়াধীশ সুনীতা আগৰৱালৰ বিষয়ে জানেনে?

দেওবাৰে গুজৰাট উচ্চ ন্যায়ালয়ৰ ২৯ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ন্যায়াধীশ সুনীতা আগৰৱালে।

গান্ধীনগৰৰ ৰাজভৱনত অনুষ্ঠিত এক অনুষ্ঠানত গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে শপত গ্ৰহণ কৰোৱাই, য’ত মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, গুজৰাট বিধানসভাৰ অধ্যক্ষ শংকৰ চৌধুৰী, আইন আৰু ন্যায় মন্ত্ৰী ৰুষিকেশ পেটেলও উপস্থিত থাকে।

উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ৫ জুলাইত গুজৰাট উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ আগৰৱালাক নিযুক্তি দিয়াৰ প্ৰস্তাৱ দিছিল।

ন্যায়াধীশ সুনীতা আগৰৱাল বৰ্তমান উচ্চতম ন্যায়ালয়ৰ একমাত্ৰ মহিলা মুখ্য ন্যায়াধীশ৷

বৰ্তমান দেশৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলৰ মাজত কোনো মহিলা নথকাৰ বাবে ন্যায়াধীশ সুনীতা আগৰৱাল উচ্চ ন্যায়ালয়ৰ একমাত্ৰ মহিলা মুখ্য ন্যায়াধীশ।

গুজৰাট উচ্চ ন্যায়ালয়ৰ দ্বিতীয়গৰাকী মহিলা মুখ্য ন্যায়াধীশ সুনীতা আগৰৱাল। তেওঁৰ পূৰ্বে ন্যায়াধীশ ছোনিয়া গোকানীয়ে ২০২৩ চনৰ ২৫ ফেব্ৰুৱাৰীত অৱসৰ লোৱালৈকে কিছুদিন গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল, তাৰ পিছত ন্যায়াধীশ এ জে দেশাই ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৬৬ চনৰ ৩০ এপ্ৰিলত জন্মগ্ৰহণ কৰা সুনীতা আগৰৱালে ১৯৮৯ চনত অৱধ বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল।

১৯৯০ চনৰ ১৬ ডিচেম্বৰত অধিবক্তা হিচাপে নামভৰ্তি কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ত চিভিল চাইডত প্ৰেকটিছ কৰিছিল।

২০১১ চনৰ ২১ নৱেম্বৰত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে উন্নীত হয় আৰু পিছলৈ, ২০১৩ চনৰ ৬ আগষ্টত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে।

নাজিৰাৰ লক্ষ্মীজান বাগিছাত শ্ৰী শ্ৰী মাৰুতী পঞ্চকুণ্ডী মহাযজ্ঞৰ আয়োজন, মহাযজ্ঞত অংশগ্ৰহণ কৰিব সুদূৰ মথুৰাৰ জ্যোতিষাচার্য কাশীনাথ ত্ৰিপাঠীয়ে

নাজিৰাৰ লক্ষ্মীজান চাহ বাগিছা শিৱ মন্দিৰ প্ৰাঙ্গণত শ্ৰী শ্ৰী মাৰুতী পঞ্চকুণ্ডী মহাযজ্ঞৰ বৃহৎ আয়োজন৷

এই ধৰ্মীয় অনুষ্ঠানত চাহ শ্ৰমিকসকলৰ লগতে স্থানীয় ৰাইজ সহ বহু ভক্তপ্ৰাণ লোকৰ সমাগম ঘটিছে৷

২৩ জুলাইৰ পৰা ২৭ জুলাই লৈ এই শ্ৰী শ্ৰী মাৰুতী পঞ্চকুণ্ডী মহাযজ্ঞ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব ভক্তপ্ৰাণ ৰাইজে৷

আনহাতে লক্ষ্মীজান চাহ বাগিছা শিৱ মন্দিৰ প্ৰাঙ্গণত উপস্থিত থাকিব কাশীনাথ ত্ৰিপাঠী৷

সুদূৰ বেনাৰস মথুৰাৰ পৰা অহা পুৰোহিত পণ্ডিত জ্যোতিষাচাৰ্য কাশীনাথ ত্ৰিপাঠীৰ শ্ৰী চৰণত সেৱা জনাই আৰ্শীবাদ লাভ কৰাৰো সুযোগ গ্ৰহণ কৰিব পাৰিব ভক্তপ্ৰাণ ৰাইজে৷