Home Blog Page 1463

বিকি কৌশলৰ পত্নী হোৱাৰ পূৰ্বে বহু চেলিব্ৰিটিৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল কেটৰিনা ! অক্ষয়-কেটৰিনা সম্পৰ্কক লৈ কি ক’লে পত্নী টুইংকল খান্নাই…

বিকি কৌশলৰ পত্নী হোৱাৰ পূৰ্বে বহু চেলিব্ৰিটিৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল কেটৰিনা ! লাখ লাখ লোক কেটৰিনা কাইফৰ সৌন্দৰ্য্যৰ প্ৰেমত মতলীয়া। আজি বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী কেটৰিনা কাইফৰ জন্মদিন। কেটৰিনাৰ এই বিশেষ দিনটোত তেওঁৰ সৌন্দৰ্য আৰু প্ৰেমৰ বিষয়ে আপোনালোকক জনাম। কেটৰিনা কাইফে যেতিয়া বলীউডত ভৰি থৈছিল তেতিয়া অভিনেত্ৰী গৰাকীয়ে বহু সংগ্ৰাম কৰিছিল, তেতিয়া তেওঁক সমৰ্থন কৰিছিল ছলমান খানে। লাহে লাহে তেওঁলোক ঘনিষ্ঠ হৈ পৰিল আৰু ইজনে সিজনৰ লগত ডেটিং কৰিবলৈ ধৰিলে। কোৱা হয় যে এই সম্পৰ্ক প্ৰায় সাত বছৰ অৰ্থাৎ ২০১০ চনলৈকে চলিছিল, তাৰ পিছত তেওঁলোকৰ সম্পৰ্কৰ বিচ্ছেদ হয়। অৱশ্যে কেটৰিনা বা ছলমান দুয়োজনেই এই সম্পৰ্কক লৈ কেতিয়াও মুকলিকৈ কোনো কথা কোৱা নাছিল।

ছলমান খানৰ সৈতে হোৱা কথিত বিচ্ছেদৰ পিছত কেটৰিনাৰ নাম ব্যৱসায়ী বিজয় মাল্যাৰ পুত্ৰ সিদ্ধাৰ্থ মালিয়াৰ সৈতে জড়িত হৈ পৰিছিল। আচলতে আই পি এলৰ বহু মেচত দুয়োকে বহুবাৰ একেলগে দেখা গৈছিল, যাৰ বাবে তেওঁলোকক লৈ চৰ্চা হৈছিল। অৱশ্যে এই সম্পৰ্কক লৈ কেটৰিনাই কেতিয়াও একো কথা প্ৰকাশ কৰা নাছিল।

ৰনবীৰ কাপুৰৰ সৈতেও কেটৰিনা কাইফৰ নাম জড়িত হৈছিল। তেওঁলোকৰ প্ৰেমৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছিল। কোৱা হয় যে তেওঁলোকৰ সম্পৰ্কই বিবাহৰ লৈকে গৈছিল যদিও ৰণবীৰৰ পৰিয়ালে এই সম্পৰ্কত সন্মতি নিদিলে। সেই সম্পৰ্ক তাতেই শেষ।

কেটৰিনা কাইফ আৰু অক্ষয় কুমাৰে একেলগে বহু ছবিত কাম কৰিছিল। দুয়োৰে অন-স্ক্ৰীণ কেমিষ্ট্ৰী ভাল পাইছিল দৰ্শকে। দুয়োৰে সম্পৰ্কক লৈ বহু চৰ্চা হৈছিল। অৱশ্যে এই বিষয়ত কেটৰিনাই একো মন্তব্য ৰখা নাছিল।

বহু সম্পৰ্ক আৰু ব্ৰেকআপৰ অন্তত বিকি কৌশলে কেটৰিনাৰ জীৱনত প্ৰৱেশ কৰে। দুয়োজনে নিজৰ সম্পৰ্কৰ কথা ৰাজহুৱা কৰা নাছিল। ২০২১ চনৰ ভিতৰত যেতিয়া কেটৰিনা আৰু বিকি কৌশলে বিবাহৰ কথা ঘোষণা কৰিছিল, তেতিয়া সকলোৰ আচৰিত হৈ পৰিছিল। ২০২১ চনৰ ডিচেম্বৰৰ ভিতৰত দুয়োৰে বিবাহ হয়।

অত্যাধিক মদ্যপান কৰাৰ ফলত ফেটি লিভাৰৰ সমস্যা সৃষ্টি হয়, এই সমস্যাই আপোনাৰ জীৱন কাঢ়ি নিয়াৰ সম্ভাৱনা ! খোৱাৰ আৰম্ভ কৰক এই বনৌষধি…

ফেটি লিভাৰৰ সমস্যাই আপোনাৰ জীৱন কাঢ়ি নিয়াৰ সম্ভাৱনা। যকৃত আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংশ, যাৰ অবিহনে সুস্বাস্থ্যৰ কথা কল্পনা কৰিব নোৱাৰি। লিভাৰে আমাৰ শৰীৰত থকা বিষাক্ত পদাৰ্থবোৰ আঁতৰাই পেলোৱাত সহায় কৰে, যাৰ বাবে আমি বহুতো ৰোগৰ পৰা ৰক্ষা পাওঁ। বৰ্তমান যকৃতৰ সমস্যা বহুত বাঢ়িছে। যদি আপোনাৰ যকৃতৰ সমস্যা বাঢ়িছে তেন্তে আয়ুৰ্বেদিক বনৌষধি সেৱন কৰক, তেতিয়া সেই সমস্যা কিছু পৰিমাণে লাঘৱ হ’ব। অশ্বগন্ধা সেৱনৰ জৰিয়তে যকৃতৰ সমস্য়া সমাধান কৰিব পাৰি। অশ্বগন্ধা আয়ুৰ্বেদিক এক উৎকৃষ্ট ঔষধ, এই বনৌষধি আমাৰ যকৃতৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত। ইয়াৰ দ্বাৰা কেৱল চৰ্বিযুক্ত যকৃতৰ সমস্যা দূৰ হোৱাই নহয়, এই অংগটোৰ লগত জড়িত অন্যান্য সমস্যাৰ পৰাও পৰিত্ৰাণ পোৱা যাব।

অশ্বগন্ধা সেৱন কৰাটো কিয় প্ৰয়োজনীয়?

১) চৰ্বিযুক্ত যকৃতৰ পৰা সকাহ-
যিসকল লোকে প্ৰচুৰ পৰিমাণে মদ্যপান কৰে, তেওঁলোকৰ লিভাৰ ক্ৰমান্বয়ে দুৰ্বল হ’বলৈ আৰম্ভ কৰে আৰু তেওঁলোকে ফেটি লিভাৰৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। এনে পৰিস্থিতিত নিয়মীয়াকৈ অশ্বগন্ধা পাউদাৰ খাব লাগে। ইয়াৰ ফলত উচ্চ কলেষ্টেৰল, উচ্চ ৰক্তচাপ আৰু মেদবহুলতাও ৰোধ হ’ব।

২) যকৃতৰ ক্ষতি ৰোধ কৰা-
যকৃতৰ ক্ষতিৰ বাবে জীৱনলৈ বিপদ অহাৰ সম্ভাৱনা। ইয়াৰ পৰা হাত সাৰিবলৈ আপুনি অশ্বগন্ধা সেৱন কৰিব পাৰে।

৩) বিষাক্ত পদাৰ্থৰ পৰা সুৰক্ষা
বৰ্তমান যুগত অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবেই প্ৰায়ে যকৃতত বিষাক্ত পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত যকৃতৰ কাৰ্য্যত বেয়া প্ৰভাৱ পৰে। যদি আপুনি নিয়মিতভাৱে অশ্বগন্ধা পাউদাৰ সেৱন কৰে, তেন্তে এই ক্ষতিকাৰক বিষৰ প্ৰভাৱ হ্ৰাস কৰে।

ৰাজনীতিত ভৰি দিয়াৰ সম্ভাৱনা অভিনেতা অভিষেক বচ্চনৰ ! ২০২৪ত সমাজবাদী পাৰ্টিত যোগদান কৰাৰ সম্ভাৱনা…

ৰাজনীতিত ভৰি দিয়াৰ সম্ভাৱনা অভিনেতা অভিষেক বচ্চনৰৰ! ২০২৪ চনত তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা অভিনেতাগৰাকী। ব্ৰিথ, ধূম ৪, হাউচফুল ৫, দাসবিনৰ দৰে বহু ছবিত অভিনয় কৰিছিল অভিনেতাগৰাকীয়ে। কিন্তু এতিয়া অভিনয়ৰ সমান্তৰালকৈ ৰাজনীতিত কেৰিয়াৰ গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে অভিষেক বচ্চনে। খবৰ অনুসৰি অভিষেকে শীঘ্ৰে পিতৃ-মাতৃৰ পদাংক অনুসৰণ কৰি ৰাজনীতিত প্ৰৱেশ কৰিব।

এক প্ৰতিবেদন অনুসৰি অতি সোনকালে অভিলেশ যাদৱৰ সমাজবাদী পাৰ্টিত যোগদান কৰিবলৈ ওলাইছে অভিষেক বচ্চন। প্ৰতিবেদন অনুসৰি ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত প্ৰয়াগৰাজৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব অভিষেক। দেউতাকৰ দৰে প্ৰয়াগৰাজৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। অৱশ্যে এতিয়ালৈকে অভিষেক বচ্চন আৰু সমাজবাদী পাৰ্টিয়ে কোনো ঘোষণা কৰা নাই এই কথা। অভিনয়ৰ পৰা বিৰতি লোৱাৰ পিছত বিগ বি কিছুদিন ৰাজনীতিত প্ৰৱেশ কৰিছিল। ১৯৮৪ চনত লোকসভা নিৰ্বাচনত জয়ী হৈছিল যদিও ১৯৮৭ চনৰ জুলাই মাহত পদত্যাগ কৰিছিল। আনহাতে জয়া বচ্চন প্ৰথমবাৰৰ বাবে ২০০৪-২০০৬ চনত সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ পিছত ২০১৮ চনত ৰাজ্যসভাৰ সদস্য হয়। আনহাতে ২০১৩ চনৰ এক সাক্ষাৎকাৰত অভিষেকে ৰাজনৈতিক কেৰিয়াৰৰ কথা কয়। তেওঁ কৈছিল- মোৰ মা-দেউতা ৰাজনীতিত আছে, কিন্তু মই নিজকে ৰাজনীতিত মোৰ ভৱিষ্যত দেখা নাপাওঁ।

কামৰ কথা ক’বলৈ গ’লে অভিষেক বচ্চনক শেষবাৰৰ বাবে দেখা গৈছিল দাসৱী ছবিত য়ামী গৌতমৰ সৈতে। এই ছবিখন অ’টিটি প্লেটফৰ্মত মুক্তি পাইছিল।

মহাদেৱক সন্তুষ্ট কৰিবলৈ শাওণৰ সোমবাৰে পালন কৰক এই নিয়ম…

মহাদেৱক সন্তুষ্ট কৰিবলৈ শাওণ মাহৰ সোমবাৰে পালন কৰক এই নিয়ম। কাইলৈ সোমবাৰ, শাওণৰ সোমবাৰে ভোলেনাথক সন্তুষ্ট কৰাৰ লগতে অপৰিসীম সুখ আৰু সমৃদ্ধি লাভ কৰাৰ এক সোণালী সুযোগ। সোমবাৰে উপবাসে আৰু ভগৱান শিৱক পূজা কৰিলে অপৰিসীম সুখ আৰু সমৃদ্ধিৰ হয় বুলি এক বিশ্বাস আছে। কাইলৈ সোমবাৰ, লগতে অমাৱস্যাও। গতিকে কাইলৈ সোমবাৰটো অতি শুভ। শাওণৰ সোমবাৰে এইসমূহ নিয়ম মানক- ভগৱান শিৱ চন্দ্ৰৰ লগত আৰু চন্দ্ৰ বগা বস্তু যেনে গাখীৰ, দৈ, চেনি, চাউল ইত্যাদিৰ লগত সম্পৰ্কিত। ভগৱান শিৱই তেওঁৰ কপালত চন্দ্ৰ ৰাখিছে। যদি শাওণৰ সোমবাৰৰ দিনা শিৱলিংগক কিছুমান বিশেষ বগা বস্তুৰে পূজা কৰা হয়, তেন্তে ভগৱান শিৱই সকলো কামনা পূৰণ কৰিব।

গাখীৰ: কেঁচা গাখীৰৰ সৈতে ভগৱান শিৱৰ অভিষেক। এনে কৰিলে ঘৰৰ কাজিয়া আৰু বিসঙ্গতিবোৰ নাইকিয়া হয়। পৰিয়ালটোলৈ শান্তি আহে। কৰ্মক্ষেত্ৰত শুভ হয়।

দৈঃ সাৱনৰ সোমবাৰে দৈৰ সৈতে ভগৱান শিৱৰ বাবে আগবঢ়াব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ জীৱনৰ সকলো বাধা আঁতৰি যাব। অসম্পূৰ্ণ কাম সম্পূৰ্ণ হ’ব। আপোনাৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি আহিব।

চেনিঃ সাৱন সোমবাৰে শিৱলিঙত চেনি আগবঢ়াওক। এনে কৰিলে বুদ্ধি, একাগ্ৰতা, স্মৃতিশক্তি বৃদ্ধি পায়। একে সময়তে জীৱনলৈ মধুৰতা আহিব।

ঘিউঃ শাওণৰ সোমবাৰে শিৱলিংগত মাখন আগবঢ়ালে আচৰিত ধৰণৰ উপকাৰ পোৱা যায়। যি দম্পতীয়ে সন্তানৰ সুখ পাবলৈ অক্ষম, তেওঁলোকে সন্তানৰ সুখ লাভ কৰে।

শৰীৰত কি ভিটামিনৰ অভাৱ হ’লে চুলি পকে? জানেনে এই বিষয়ে…

চুলি পকা সমস্যাটো সকলোৰে। আজিকালি কম বয়সৰ মানুহৰো চুলি পকে। চুলি পকা সমস্যাৰ পৰা হাত সাৰিবলৈ আপুনি দৈনন্দিন খাদ্যাভ্যাস সলনি কৰিব লাগিব। কিয়নো স্বাস্থ্যকৰ খাদ্যৰ পৰা চুলিয়ে পুষ্টি লাভ কৰে। এনে পৰিস্থিতিত আপুনি সেই সমূহ খাদ্য খাব লাগিব য’ত প্ৰচুৰ পৰিমাণে ভিটামিন বি থাকে। শৰীৰত ভিটামিন বিৰ অভাৱ হ’বলৈ নিদিব। আমাৰ শৰীৰত ভিটামিন বিৰ অভাৱ হোৱাৰ লগে লগে ইয়াৰ সতৰ্কবাণী চিন চুলিৰ মাজেৰে দেখা যায়, ইয়াৰ ভিতৰত চুলি সৰা সমস্যা আৰু চুলি শুকান হোৱা আদিও অন্তৰ্ভুক্ত। দৈনন্দিন খাদ্যত ভিটামিন বি থকা বস্তু আছে নে নাই সেই বিষয়ে গুৰুত্ব দিব লাগে। পকা চুলিক কিদৰে স্বাভাৱিকতে কৰি তুলিব? যদি আপোনাৰ খাদ্যাভ্যাস সঠিক সময়ত সলনি নহয় তেন্তে চুলিৰ বহু ক্ষতি হোৱাৰ সম্ভাৱনা। ইয়াৰ বাবে আপুনি দুগ্ধজাত সামগ্ৰী খাব পাৰে য’ত ভিটামিন বি প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ লগতে এনেবোৰ বস্তুও সেৱন কৰক য’ত ভিটামিন বি ৬ আৰু ভিটামিন বি ১২ও বিশেষভাৱে থাকে।

এই খাদ্যসমূহৰ পৰা ভিটামিন বি পোৱা যায়-

-মচুৰ দাইল
-বাদাম
-গাখীৰ
-দৈ
-চীজ
-কণী
সেউজীয়া পাতৰ পাচলি
-ঘেঁহু
-কাঠফুলা
-মটৰ
-সূৰ্য্যমুখীৰ গুটি

  • এভোকেডো
    -মাছ
    -মাংস
    -মিঠা আলু
    সৰিয়হ
    -আলু
    -পালেং শাক
    -কল
    -বীন
    -ব্ৰকলি

যদি আপোনাৰ পকা চুলিৰ সমস্যা আছে নাইবা চুলি সৰা, চুলি শুকান হোৱাৰ সমস্যা আছে তেন্তে এই সমূহ খাদ্য খোৱাৰ আৰম্ভ কৰক।

মহানগৰ আৰক্ষীৰ জালত সোণ ব্যৱসায় চক্ৰ, ২২ লাখ টকাসহ সোণ জব্দ

গুৱাহাটীলৈ সোণ কিনিবলৈ আহি মহানগৰ আৰক্ষীৰ জালত পৰে এগৰাকী চোৰাং সোণ ব্যৱসায়ী।

এছ টি এফৰ বিষয়া পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত চলা এক অভিযানত শ্বিলঙৰ পৰা সোণ ক্ৰয় কৰিবলৈ অহা হিমাংশু পাল নামৰ ব্যৱসায়ী গৰাকীক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে সদৰি কৰামতে পালৰ জিম্মাৰ পৰা নগদ ২২ লাখ ৭০ হাজাৰ টকাৰ লগতে ৫৮৫ গ্ৰাম সোণ জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে হিমাংশু পালে পাঁচ টুকুৰা সোণ গলাই এটুকুৰা কৰি থকা সময়তে আৰক্ষীয়ে হাতেলোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আনহাতে আৰক্ষীয়ে হিমাংশু পালে ব্যৱহাৰ কৰা বাহনখনো জব্দ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

শিৱসাগৰৰ নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ দূৰ্গাধৰ বৰাৰ পৰলোকপ্ৰাপ্তি; অঞ্চলজুৰি শোকৰ ছাঁ

শিৱসাগৰৰ নামতি চেতিয়া গাঁৱৰ নিজ বাসগৃহত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি শিক্ষাবিদ, সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত অধ্যক্ষ দূৰ্গাধৰ বৰাৰ৷

শিক্ষাজগত আৰু বিভিন্ন সমাজিক অনুষ্ঠান প্রতিষ্ঠানৰ লগত জড়িত থকা অমায়িক স্বভাৱৰ ব্যক্তিজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাত অঞ্চলজুৰি শোকৰ ছাঁ পৰে৷ দূৰ্গাধৰ বৰা মৃত্যুৰ খবৰ পোৱাৰ লগে লগে অগণন গুণমুগ্ধই তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

প্ৰয়াত কনক চন্দ্ৰ বৰা আৰু প্ৰয়াত প্ৰেমদা বৰাৰ পুত্ৰ দূৰ্গাধৰ বৰা৷ মৃত্যুৰ প্ৰাক্ মুহূৰ্তলৈকে সমাজৰ হকে নিজৰ জীৱনক উৎসৰ্গা কৰা সকলোৰে শ্ৰদ্ধাৰ ধ্ৰুৱতৰা স্বৰূপ দূৰ্গাধৰ বৰাই ১৯৭০ বৃহত্তৰ নামতি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰে আৰু ১৯৬৪ চনত নামতি চাৰিআলি বালিকা বিদ্যালয়, ২০০৪ চনত মিছাজন শংকৰদেৱ বিদ্যালয় নিজে প্ৰতিষ্ঠা কৰিছিল৷

তদুপৰি ৫০ৰ দশকতে অঞ্চলটোত ক্ৰিকেট আৰু ফুটবল খেল প্ৰসাৰৰ বাবে কেটকুৰি চাপৰি, বৰফুকন খেল পথাৰৰ সৃষ্টি কৰা, নাজিৰা জিলা শ্ৰীমন্ত শঙ্কৰদেৱে সঙ্ঘৰ সভাপতি, আঠখেল দক্ষিণ পশ্চিম আঞ্চলিক শাখাৰ প্ৰতিষ্ঠাপক সভাপতি, অঞ্চলটোৰ বাট পথৰ উন্নয়নৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠানৰ বাটকটীয়া আছিল৷ সামাজিক আৰু শৈক্ষিক অনুষ্ঠানত আগভাগ লোৱা দূৰ্গাধৰ বৰাই শিক্ষাৰ জীৱন এনে ধৰণৰ ৯১ নং নামতি চাৰিআলি প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষাৰে শিক্ষা জীৱনৰ আৰম্ভ কৰি ১৯৪৩ চনত নামতি চাৰিআলি এম.ই মাদ্ৰাছা স্কুলত তৃতীয় শ্ৰেণীলৈকে আৰু ১৯৪৪/৪৬ চনলৈকে নামতি এম.ই স্কুলত ষষ্ঠ শ্ৰেণীলৈকে অধ্যয়ন কৰে৷

সপ্তম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে নামতি বালক উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰাৰ পাছত যোৰহাট চৰকাৰী উচ্চতৰ বহুমুখী বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হয়৷

তাৰ পাছতে (১৯৫৩/৫৫ চন) কটন কলেজৰ পৰা আই.এচ.চি আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা (১৯৫৫/৫৭ চন) বি.এচ.চি ডিগ্ৰী লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম.এছ.চি ডিগ্ৰী লাভ কৰে৷

তেখেতৰ বিয়োগত স্থানীয় দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে৷

এক শোকাকুল পৰিৱেশত দূৰ্গাধৰ বৰাৰ শেষকৃত সম্পন্ন কৰে৷

বটদ্ৰৱাত দহদিনীয়া বিহু নৃত্য আৰু ঢোলবাদনৰ কৰ্মশালাৰ আয়োজন

সাঁচিপাত সাংস্কৃতিক গোষ্ঠী বটদ্ৰৱাৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ বৰদোৱা সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত বটদ্ৰৱাত আয়োজন কৰা হৈছে বিহু নৃত্য আৰু ঢোলবাদনৰ কৰ্মশালা।

শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠান বটদ্ৰৱাত বিহু নৃত্য আৰু ঢোলবাদনৰ দহ দিনীয়া কৰ্মশালা শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে।

এক মনোমোহা পৰিৱেশত চলি থকা কৰ্মশালাত অভিজ্ঞ প্ৰশিক্ষকে ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ দি আহিছে।

উঠি অহা প্ৰজন্মক বিহুৰ লগত পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যেৰে আয়োজক সমিতিয়ে এই মহৎ পদক্ষেপ গ্ৰহণ কৰিছে।

-ৰফিকুল ইছলাম, বৰছলা

শৰাইঘাটৰ যুদ্ধ অংকন কৰি তনয়া ৰাজখোৱাৰ ইণ্ডিয়ান বুকছ অৱ ৰেকৰ্ডত স্থান লাভ

ভাৰত বুৰঞ্জীৰ অন্যতম ঐতিহাসিক যুদ্ধ হিচাপে পৰিগণিত অসমৰ আহোম আৰু মোগলৰ মাজত হোৱা শৰাইঘাটৰ ৰণক ৰং-তুলিকাৰে অংকন কৰি ইণ্ডিয়ান বুকছ অৱ ৰেকৰ্ডছত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড়ৰ তনয়া ৰাজখোৱাই৷

এখন ডাঙৰ আকাৰৰ পিক্সেল আৰ্ট পেইণ্টিঙত শৰাইঘাটৰ যুদ্ধ বৰ্ণনা কৰি তনয়াই এই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে৷ ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ অন্যতম প্ৰধান যুদ্ধ হিচাপে বিবেচিত হোৱা মোগলৰ লগত হোৱা শৰাইঘাটৰ যুদ্ধখনৰ বৰ্ণনা ৫৬ ঘ ৫৬ ছে.মি. পিক্সেল আৰ্ট পেইণ্টিং কৰি এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷

প্ৰতিটো চতুৰ্ভুজ প্ত মি.মি.ৰ সহিতে মুঠ ৰ২৬৬৯ পিক্সেল ব্যৱহাৰ কৰি এই ছবিখন অংকন কৰিছে৷ বৰ্তমান উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা তনয়া ৰাজখোৱাই এই ছবিখন অংকন কৰা সময়ত বয়স হৈছিল ১৯ বছৰ ৩ মাহ ১৮ দিন৷

যোৱা এক জুন তাৰিখে ইণ্ডিয়ান বুকছ অৱ ৰেকৰ্ডছত তনয়াৰ এই বিৰাটাকাৰৰ ছবিখনে স্থান লাভ কৰা বুলি মেডেলসহ প্ৰমাণ পত্ৰ প্ৰেৰণ কৰে৷

তনয়া ৰাজখোৱাই বিদ্যালয়ত পঢ়ি থকা সময়ত ৰাষ্ট্ৰীয় পৰ্যায়ত এগৰাকী টেবুল টেনিছ খেলুৱৈ হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যখনক প্ৰতিনিধিত্ব কৰি সুনাম কঢ়িয়াই আনিছিল৷

তদুপৰি এগৰাকী নেট বল খেলুৱৈ হিচাপে পৰিচিত তনয়া ডিব্ৰুগড়ৰ দুৱৰাচুকৰ পদ্ম পলাশ ৰাজখোৱা আৰু সঞ্চিতা দুৱৰাৰ একমাত্ৰ কন্যা৷

তৃতীয় বাৰ্ষিক শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ সামৰণি, ৰাভা হাছং ক্ৰীড়া সন্থালৈ চেম্পিয়নৰ খিতাপ

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত আৰু ৰাভা হাছং ক্ৰীড়া সন্থাৰ সহযোগত যোৱা ২১ জুনৰ পৰা দুধনৈ উদয়পুৰ ৰাজহুৱা খেলপথাৰত আৰম্ভ হোৱা তৃতীয় বাৰ্ষিক শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতা আৰু ৰাভা হাছং মহিলা ফুটবল প্ৰতিযোগিতা (লৰা-ছোৱালী)ৰ শনিবাৰে সফল সামৰণি পৰে৷

পুৰুষ আৰু মহিলাৰ কেবাটাও দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ বহুসংখ্যক খেলপ্ৰেমী ৰাইজৰ উপস্থিতিত শনিবাৰে বিয়লি চাৰি বজাত অনুষ্ঠিত হোৱা চুড়ান্ত খেলখন ৰাভা হাছং ক্ৰীড়া সন্থা আৰু মোৱামাৰী ফুটবল একাদশৰ মাজত অনুষ্ঠিত হয়।

তীব্ৰ প্ৰতিদ্বন্দিতামুলক খেলখনৰ প্ৰথমাৰ্ধত গল শূন্য হোৱাৰ পিছত খেলৰ দ্বিতীয়াৰ্ধত ৰাভা হাছং ক্ৰীড়া সন্থাই মোৱামাৰী ফুটবল দলক ১-০ গলত পৰাস্ত কৰি প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ লাভ কৰে।

প্ৰতিযোগিতাৰ সৰ্বোচ্চ গল দাতা চিচাং মোমিন আৰু শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে চিৰঞ্জীত ৰাভাই ৷

চূড়ান্ত খেলখনৰ শুভাৰম্ভ কৰে আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ দেৱশীষ ৰায়ে। আনহাতে প্ৰতিযোগিতাৰ আৰম্ভনিতে ৰাভা হাছং মহিলা ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলখন গোৱালপাৰা মহিলা ফুটবল দল আৰু শালপাৰা মহিলা ফুটবল দলৰ মাজত অনুষ্ঠিত হয়।

চূড়ান্ত খেলত ট্ৰাইবেকাৰৰ জৰিয়তে গোৱালপাৰা মহিলা ফুটবল দলটিয়ে চুড়ান্ত বিজয়ীৰ খিতাপ লাভ কৰে।

মহিলাৰ সৰ্বোচ্চ গলদাতা পখিলা বড়ো আৰু শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে চামিয়া মাৰাকে।


প্ৰতিযোগিতাৰ অন্তত পুৰুষ মহিলা দুয়োটা বিভাগৰ চেম্পিয়ন আৰু ৰাণাৰ্চ আপৰ বঁটা সমুহ প্ৰদান কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, উপাধ্যক্ষ ৰমা কান্ত ৰাভা পৰিষদৰ কেইবাজনো কাৰ্যবাহী সদস্য, নিখিল ৰাভা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ ৰাভাৰ উপৰিও কেবা গৰাকী বিভিন্ন ছাত্ৰ সংগঠনৰ নেতৃত্বই।

চুড়ান্ত খেলখনত বহু সংখ্যক খেলপ্ৰেমী ৰাইজ উপস্থিত থাকে৷