Home Blog Page 1479

ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত জিলা মীন বিষয়া কাৰ্যালয়ৰ সহযোগত ৰাষ্ট্ৰীয় মীনপালক দিৱস উদযাপন

ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু ধেমাজি জিলা মীন বিষয়া কাৰ্যালয়ৰ সহযোগত ৰাষ্ট্ৰীয় মীনপালক দিৱস উদযাপন কৰা হয়।

ধেমাজি জিলা গ্ৰামোন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা অনুষ্ঠানত জিলাখনৰ দহগৰাকী মীন পালকক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে মাছৰ পোনা বিতৰণ কৰা হয়।

অনুষ্ঠানত ৰাষ্ট্ৰীয় মীনপালক দিৱসৰ তাৎপৰ্য বিষয়ত ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী তথা মূৰব্বী ড° গুঞ্জন গগৈয়ে কয়, “ভাৰতবৰ্ষত মৎস্য উদ্যোগৰ বিকাশত পোনা উৎপাদন প্ৰযুক্তিয়ে এক সবল ভূমিকা গ্ৰহণ কৰি আহিছে। মাছ পোনাৰ অভাৱৰ বাবেই ষাঠিৰ দশকলৈ মীন উদ্যোগে বিশেষভাৱে প্ৰতিষ্ঠা লাভ কৰিব পৰা নাছিল। সেই সময়ত আমাৰ মীনপালকসকলে নৈ, বিল আদি প্ৰাকৃতিক জলাশয়ৰ পৰা মাছ পোনা সংগ্ৰহ কৰিব লগা হৈছিল। কমন কাৰ্প, টিলাপিয়া আদি কেইবিধমান প্ৰজাতিৰ মাছৰ বাহিৰে বাকী কাৰ্প জাতীয় মাছে বন্ধ পানীত প্ৰাকৃতিকভাৱে প্ৰজনন নকৰে। প্ৰজননৰ বাবে এই মাছবিলাকক বোৱঁতী পানীৰ দৰকাৰ হয়। গতিকে মীন বিজ্ঞানীসকলে নানা ধৰণে কষ্ট কৰি এটা সময়ত মাছৰ আৱিষ্ট প্ৰজনন কৰিবলৈ সমৰ্থ হৈছিল। ১৯৫৭ চনৰ ১০ জুলাইত ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে ওড়িশাৰ কটকত প্ৰফেছৰ ড° হীৰালাল চৌধুৰী আৰু ড° কে এইচ আলিকুনহিয়ে কাৰ্প মাছৰ আৱিষ্ট প্ৰজনন কৰি কৃতকাৰ্যতা লাভ কৰিছিল। আধুনিকভাৱে আৱিষ্ট প্ৰজননৰ জৰিয়তে মাছ পোনা উৎপাদনৰ দ্বাৰা ড° চৌধুৰী আৰু ড° আলিকুনহিয়ে এক বিৰল কৃতিত্বৰ দাবীদাৰ বুলি দুয়োজনৰ এই আশাশুধীয়া প্ৰচেষ্টা আমাৰ মাজত যাতে চিৰস্মৰণীয় হৈ থাকে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ভাৰত চৰকাৰে ২০০১ চনৰ ১০ জুলাইৰ দিনটো ‘ৰাষ্ট্ৰীয় মীনপালক দিৱস’ হিচাপে ঘোষণা কৰে। তেতিয়াৰপৰা বৰ্তমানলৈ এই ১০ জুলাইৰ দিনটো মীনপালক দিৱস হিচাপে উদ্‌যাপন কৰি অহা হৈছে”।

ভাৰতবৰ্ষত সুনীল বিপ্লৱৰ সূচনাৰ বাবে প্ৰথমবাৰৰ বাবে কৃতকাৰ্য হোৱা দিনটোকে আমি ৰাষ্ট্ৰীয় মীনপালক দিৱস হিচাপে পালন কৰি আহিছোঁ বুলি উল্লেখ কৰি কৃত্ৰিমভাৱে মাছ পোনা উৎপাদনৰ জৰিয়তে ভাৰতবৰ্ষত মীন উদ্যোগে বিপুলভাৱে আগবাঢ়ি গৈছে বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় ড° গুঞ্জন গগৈয়ে।

ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞা অধ্যাপিকা নীলাক্ষী ভূঞাই আঁতধৰা অনুষ্ঠানত ধেমাজি জিলা মীন বিষয়া লক্ষীনাথ লাগাছুয়ে বিজ্ঞানসন্মতভাৱে মীন পালনৰ জৰিয়তে জীৱন-জীৱিকাৰ পথ কেনেকৈ বাছি ল’ব পাৰি তাৰ ওপৰত আলোকপাত কৰে। সভাত ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞ অধ্যাপিকা বিনীতা কোঁৱৰ, মাধুৰ্য্য বৰুৱা, ৰেখা গগৈ, জোনাই মহকুমা মীন বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী লক্ষীনাথ লাগাছু,গণেশ বৰা উপস্থিত থাকে।


-শম্ভু দাস, চিলাপথাৰ

কুলি-কমান অপৃন কৌবাঙৰ উদ্যোগত হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ, মেডিকেল, আই আই টিত নামভৰ্তি কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

মিচিং জনগোষ্ঠীৰ অন্যতম গোত্ৰ কুলি-কমান অপৃন কৌবাঙৰ উদ্যোগত দেওবাৰে গেলুৱা বহুমুখী উচ্চ মাধ্যমিক বিদ্যালয়ত ২০২৩ শিক্ষাবৰ্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ষ্টাৰ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আৰু ৰাষ্ট্ৰীয় চিকিৎসা বিজ্ঞান আয়োগৰ সৰ্বভাৰতীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ, প্ৰযুক্তিবিদ্যাত স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰা কৃতী ছাত্র-ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

কুলি-কমান অপৃন কৌবাঙৰ সভাপতি কালীৰাম কুলিয়ে সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ নম্বৰ লৈ উত্তীৰ্ণ হোৱা ১৫ গৰাকী আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ দুগৰাকী কৃতী ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে ৰাষ্ট্ৰীয় চিকিৎসা বিজ্ঞান আয়োগৰ সৰ্বভাৰতীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ দুগৰাকী, সৰ্বভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান,মাদ্ৰাজ (স্নাতক)ত নামভৰ্তি কৰা এগৰাকী, সৰ্বভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান,
ইন্দোৰ আৰু বেনাৰস (স্নাতকোত্তৰ)ত নামভৰ্তি কৰা কৃৰ্তিমান ছাত্ৰ-ছাত্ৰীক মিচিং সকলৰ জাতীয় সাজপাৰ এৰকক আৰু মানপত্ৰ প্ৰদান কৰি বিশেষভাৱে সম্বৰ্ধনা জনায়।

কুলি-কমান অপৃন কৌবাঙৰ মুখ্য সম্পাদক কলেশ্বৰ কুলিয়ে আঁতধৰা অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি কুলি-কমান অপৃন কৌবাঙৰ মাখন কমান কুলিয়ে কয়, “ছাত্র-ছাত্ৰী সকলে সুখ্যাৰ্তিৰে পৰীক্ষা সমূহত উত্তীৰ্ণ হৈ কেৱল চাকৰিমুখী মানসিকতা পৰিহাৰ কৰি জাতি, সমাজৰ উন্নয়নৰ বাবে সেৱা আগবঢ়াই যোৱা উচিত৷ ভৱিষ্যতে এগৰাকী ৰুচিসম্পন্ন আৰু সংস্কৃতিৱান নাগৰিক হিচাপে নিজকে গঢ়ি তুলি পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰিব লাগিব”।

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যাপক ড° ৰঞ্জিত কমানে কয় বিশ্বায়নৰ যুগত সৰ্ব্বস্তৰত বিজ্ঞান-প্ৰযুক্তিৰ দ্ৰুত ব্যৱহাৰ আৰু তূমূল প্ৰতিযোগিতামূলক পৰিৱেশ-পৰিস্থিতিত নিজকে উচ্চ স্থানত উপনীত হ’বলৈ নিষ্ঠা, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই বুলি উল্লেখ কৰি গুণগত শিক্ষা আৰু দক্ষতা বিকাশৰ শিক্ষাৰ প্ৰতি ধাউতি বৃদ্ধি কৰি সমাজ,জাতি তথা দেশৰ সেৱাৰ বাবে উৎসৰ্গিত হ’বলৈ ছাত্র-ছাত্ৰী সকলক আহ্বান জনায়।

সভাত ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক মণিকান্ত কুলি, কুলি-কমান অপৃন কৌবাঙৰ উপদেষ্টা ডাঃ মুনিন কুলি,উপ সভাপতি ধনজ্ঞয় কুলি, অমৰ চন্দ্ৰ কুলি,কাৰ্য্যকৰী সভাপতি বিঞ্চু কুলি, সহকাৰী সম্পাদক অমিয় কুলি, সাংগঠনিক সম্পাদক নৱ কমান, কাৰ্যনিৰ্বাহক হীৰা কুলি, গেলুৱা বহুমুখী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিনোৱা কুলিয়ে ছাত্র-ছাত্ৰী সকলে মাদকদ্ৰব্যৰ পৰা আঁতৰি থাকি সৎ চিন্তা আৰু একাগ্ৰতাৰে জীৱনটো আগুৱাই নিব লাগিব বুলি কৃতী ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি বহুমূলীয়া বক্তব্য আগবঢ়ায়।

সভাই অহা বছৰৰ পৰা কুলি-কমান অপৃনৰ আৰ্থিকভাৱে পিছপৰা মেধাৱী ছাত্ৰ-ছাত্ৰী সকলক আৰ্থিক সাহাৰ্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।


-শম্ভু দাস, চিলাপথাৰ

ঘগ্ৰাপাৰ কাণ্ডৰ মূল অভিযুক্ত বিমান ৰয়ক ন্যায়িক জিম্মালৈ প্ৰেৰণ

নাকচ হ’ল বিমান চন্দ্ৰ ৰয়ৰ অধিবক্তাই কৰা জামিন আৱেদন৷

৬ জুলাইত নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে ৭ জুলাইত নলবাৰীৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ে ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল ঘগ্ৰাপাৰ থানাৰ প্ৰাক্তন OC বিমান ৰয়ক৷

সোমবাৰে জিম্মাৰ ম্যাদ উকলাৰ পৰিপ্ৰেক্ষিতত হাজিৰ কৰোৱা হৈছিল আদালতত৷

আদালতে বিমান ৰয়ক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। চৰকাৰী পক্ষৰ অধিবক্তাই সদৰী কৰে এই তথ্য৷

উল্লেখযোগ্য যে থানাৰ ভিতৰত এগৰাকী নাবালিকাৰ আপত্তিজনক ফটো তোলা গোচৰত অভিযুক্ত হৈ কিছুদিন পলাই থকাৰ পিছত গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ হৈছিল বিমান ৰয়।

সোণাৰিত আলফা (স্বাধীন)ৰ নামত ধন দাবী

খবৰ অনুসৰি, সোণাৰিৰ টিমন চাহ বাগিচা কৰ্তৃপক্ষক ৭২ লাখ টকা দাবী আলফা (স্বাধীন)ৰ।

জানিব পৰা মতে, নয়ন অসম স্বাক্ষৰিত ধন দাবী-পত্ৰ পোৱাৰ পিছতেই বাগিচাৰ পৰা পলায়ন কৰিছে মুখ্য পৰিচালক মনোজ গগৈয়ে।

শেহতীয়াকৈ চৰাইদেউৰ প্ৰায় ৫খন চাহ বাগিচাত ধন দাবী আলফাৰ। ধন দাবীৰ কথা স্বীকাৰ কৰিছে চৰাইদেউ জিলা আৰক্ষীয়ে।

এই ঘটনাৰ সৈতে জড়িত কোনো লোকক এতিয়ালৈকে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই আৰু বিষয়টোৰ অধিক তদন্ত অব্যাহত আছে।

যোৱা বছৰৰ নৱেম্বৰ মাহত সংঘটিত একেধৰণৰ ঘটনাত অসমৰ চৰাইদেউ জিলাৰ পৰা টিংমন কন্যাক নামৰ এজন যুৱকে নিজকে আলফা(স্বাধীন)ৰ কেডাৰ বুলি পৰিচয় দি ধন আদায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। কন্যাক আছিল নাগালেণ্ডৰ মন জিলাৰ বাসিন্দা।

আলফা(স্বাধীন)ৰ নামত সোণাৰিৰ নামতোলা অঞ্চলত বহু ব্যৱসায়ীৰ পৰা ধন দাবী কৰিছিল যুৱকজনে।

দীপিকা বা আলিয়া নহয়! ভাৰতৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী হৈ পৰিল উৰ্বশী; ১ মিনিটত লাগে ১ কোটি…

দীপিকা বা আলিয়া নহয়! ভাৰতৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী হৈ পৰিল উৰ্বশী; ১ মিনিটত লাগে ১ কোটি।দীপিকা পাডুকন বা আলিয়া ভাট ভাৰতৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী নহয়। বলীউডৰ অভিনেত্ৰী উৰ্বশী ৰাটেলাই ছবিজগত সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই যদিও ফেশ্বন, মডেলিং আৰু ডান্সৰ জগতত সুনাম অৰ্জন কৰিছে। এইবাৰো নৃত্যৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে উৰ্বশী ৰাউটেলা। শেহতীয়াকৈ উৰ্ভাশী ৰাউটেলাই দক্ষিণ ভাৰতীয় এখন ছবিৰ তিনি মিনিটৰ গীতত অভিনয় কৰিবলৈ প্ৰায় ৩ কোটি টকাৰ দাবী উত্থাপন কৰা বুলি খবৰ ওলাইছে। অৰ্থাৎ অভিনেত্ৰীগৰাকীয়ে ১ মিনিটৰ বাবে ১ কোটি টকা বিচাৰিছে…!

২০২৩ চনৰ কান ফেষ্টিভেলত নিজৰ ফেশ্বন দেখুৱাই লাইমলাইটত থকা উৰ্বশী ৰাউটেলাই এতিয়া ১ মিনিটৰ বাবে ১ কোটি টকা লোৱাৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে। খবৰ অনুসৰি বয়াপতি শ্ৰীনু-ৰাম পোথিনেনীৰ আগন্তুক ছবিখনত উৰ্বশী ৰাউটেলাই ডান্স কৰিবলৈ ওলাইছে। কোৱা হৈছে যে এই নৃত্যটো ৩ মিনিটৰ হ’ব, য’ত উৰ্বশী ৰাউটেলায়ে অভিনয়ৰ বাবে ৩ কোটি টকা দাবী কৰিছে। যদি উৰ্বশীয়ে এই পইচা পায়, তেন্তে তেওঁ হ’ব দেশৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী। এতিয়ালৈকে ১ মিনিটৰ অভিনয়ৰ বাবে কোনো অভিনেত্ৰীক ইমান বৃহৎ পৰিমাণৰ ধন দিয়া হোৱা নাই।

দৈনিক পুৱা খালী পেটত দৈ খোৱাৰ আৰম্ভ কৰক। ওজন কমোৱাত সহায়ক হ’ব…

দৈনিক পুৱা খালী পেটত দৈ খোৱাৰ আৰম্ভ কৰক। ওজন কমোৱাত সহায়ক হ’ব। ব্ৰেকফাষ্ট দিনটোৰ এটা অতি গুৰুত্বপূৰ্ণ আহাৰ। যদি আপুনি ৰাতিপুৱা খালী পেটত দৈ খায় তেন্তে ই আপোনাৰ স্বাস্থ্যৰ বাবে বহু দিশত উপকৃত হ’ব। কাৰণ স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিলে নিজকে ফিট কৰি ৰাখিব পাৰি। দৈনিক খালী পেটত দৈ খোৱাৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানক…

প্ৰতিদিনে পুৱা খালী পেটত দৈ খোৱাটো হজম শক্তিৰ বাবে ভাল। কাৰণ ইয়াত প্ৰ’বায়’টিক থাকে যিয়ে পেটৰ লগত জড়িত সমস্যা নিৰাময় কৰিব পাৰে। গতিকে পেটৰ লগত জড়িত কিবা সমস্যা হ’লে দৈনিক ৰাতিপুৱা খালী পেটত দৈ সেৱন কৰিব লাগে।


যদি আপোনাৰ ওজন বৃদ্ধি পাইছে আৰু আপুনি আপোনাৰ ওজন কমাব বিচাৰে। তেন্তে আপুনি নিজৰ প্ৰতি মনোযোগ দিব লাগিব। সেইবাবেই প্ৰতিদিনে পুৱা খালী পেটত দৈ সেৱন কৰিব লাগিব। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে। যাৰ বাবে আপোনাৰ ওজন কমোৱাটো সহজ।

শাওণ মাহত ব্ৰত ৰাখিলে কেৱল ভগৱান সন্তুষ্ট হোৱাই নহয়, স্বাস্থ্যৰো হ’ব বহু উপকাৰ…

শাওণ মাহত ব্ৰত ৰাখিলে কেৱল ভগৱান সন্তুষ্ট হোৱাই নহয়, স্বাস্থ্যৰো হ’ব বহু উপকাৰ। আপুনি জানেনে উপবাসে আমাৰ স্বাস্থ্যৰ কিমান উপকাৰ কৰে। উপবাসে ওজন নিয়ন্ত্ৰণৰ পৰা কলেষ্টেৰল নিয়ন্ত্ৰণলৈকে সহায় কৰে। আজি শাওণৰ প্ৰথম সোমবাৰ। শিৱ ভক্ত সকলে সোমবাৰে ব্ৰত ৰাখে। উপবাস কেৱল ভগৱানক সন্তুষ্ট কৰাই নহয়, আপোনাৰ স্বাস্থ্যৰ বহু উপকাৰ হ’ব । উপবাসে থকাৰ কিছু সুবিধাৰ বিষয়ে জানক…

১) উপবাসে থাকিলে আপোনাৰ শৰীৰ বিষমুক্ত হয়। আচলতে যেতিয়া আপুনি পাতলীয়া আহাৰ গ্ৰহণ কৰে তেতিয়া শৰীৰ সঠিকভাৱে বিষমুক্ত হয়।পাচনৰ লগত জড়িত সমস্যাবোৰো নাইকিয়া হয় আৰু আপোনাৰ বিপাকীয় ক্ৰিয়াও ঠিক হৈ যাব।

২) উপবাসে ওজন কমোৱাতো সহায় কৰে। উপবাসৰ সময়ত লঘু আৰু তৰল খাদ্য গ্ৰহণ কৰিলে আপোনাৰ ওজন কমোৱাত সহায় হ’ব। ই আপোনাক চৰ্বি হ্ৰাস কৰাত সহায় কৰিব পাৰে।

৩) উপবাসে মানসিক আৰু আৱেগিক স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলায়। ই একাগ্ৰতাত সহায় কৰে, উদ্বেগ, মানসিক চাপ আৰু টোপনিৰ দৰে সমস্যাও নাইকিয়া কৰে।

৪) উপবাসে ছালৰো উপকাৰ কৰে। আচলতে যেতিয়া আপুনি উপবাসে থাকে তেতিয়া আপুনি অধিক লিকুইড আহাৰ গ্ৰহণ কৰে। এইদৰে আপোনাৰ শৰীৰ বিষমুক্ত হয় আৰু পিম্পলৰ সমস্যা কমি যায়। যাৰ বাবে ছাললৈ নতুন গ্লো আহে আৰু ছালখন ধুনীয়া আৰু চিকচিকিয়া দেখাবলৈ আৰম্ভ কৰে।

৫) উপবাসে হৃদযন্ত্ৰৰ স্বাস্থ্যও উপকৃত কৰে। ইয়াৰ ফলত বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পায়। ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে। যেতিয়া বি পি আৰু কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত থাকিব, তেতিয়া হৃদযন্ত্ৰ স্বয়ংক্ৰিয়ভাৱে সুৰক্ষিত হ’ব।

পশ্চিম অসমৰ ভাষা-সাহিত্য-সংস্কৃতি গৱেষণা কেন্দ্ৰ আৰু ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত “পশ্চিম অসমৰ লোক সংস্কৃতি :পৰম্পৰা আৰু পৰিৱৰ্তন” শীৰ্ষক বিষয়ত অসম সাহিত্য সভাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ সম্পন্ন…

অসম সাহিত্য সভাৰ পশ্চিম অসমৰ ভাষা-সাহিত্য-সংস্কৃতি গৱেষণা কেন্দ্ৰ আৰু ধুবুৰীস্থিত ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত,চিলাৰায় মহাবিদ্যালয়ৰ গৱেষণা কোষ আৰু স্বাধীনতা সংগ্ৰামী যতীন্দ্ৰ নাৰায়ণ দাস গ্ৰাম্য পুথিভঁৰালৰ সহযোগত ভোলানাথ মহাবিদ্যালয় চৌহদত ৮ আৰু ৯ জুলাই,২০২৩ খ্ৰীষ্টাব্দত দুদিনীয়া কাৰ্যসূচীৰে ‘পশ্চিম অসমৰ লোকসংস্কৃতিঃপৰম্পৰা আৰু পৰিৱৰ্তন’ শীৰ্ষক এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাসত্ৰ সম্পন্ন হয়৷ পশ্চিম অসমৰ লোকসাহিত্য,ভৌতিক সংস্কৃতি,সামাজিক লোকাচাৰ,লোক পৰিৱেশ্য কলা,জনগোষ্ঠীয় পৰম্পৰাগত জ্ঞান,লোকসংস্কৃতি আৰু পৰ্যটন,লোকচিকিৎসা আদি উপবিষয় সম্বলিত এই আলোচনাসত্ৰখনৰ প্ৰথম দিনা (৮জুলাই) অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ভোলানাথ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰীতা বৰাই,স্মৃতি তৰ্পণ কৰে ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ছাইদুল ইছলামে,ভোলানাথ চৌধুৰীৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ কৰে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড.উপেন্দ্ৰজিত শৰ্মাই ,বৃক্ষৰোপণ কৰে ধুবুৰী জিলা সাহিত্য সভাৰ উপসভাপতি আনোৱাৰ হুছেইনে।

ৰাতিপুৱা ১০.৩০ বজাৰ পৰা আলোচনা সত্ৰৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ হয়। আলোচনা সত্ৰৰ সমন্বয়ক ড.উমেশ দাসে আঁত ধৰা অনুষ্ঠানটোৰ সঞ্চালনা কৰে ভোলানাথ মহাবিদ্যালয়ৰ উপাধ্যক্ষা ৰীতা বৰাই । অনুষ্ঠানটোৰ বন্তি প্ৰজ্জ্বলন কৰে ৰত্নপীঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তৰণী কান্ত ৰায়ে,উদ্বোধনী ভাষণ প্ৰদান কৰে চিলাৰায় মহাবিদ্যালয়ৰ অধ্যক্ষ ড.ভাৰত ভূষণ মহান্তিয়ে। আলোচনা সত্ৰখনৰ বীজ ভাষণ প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড.উপেন্দ্ৰজিত শৰ্মাই |উদ্বোধনী অনুষ্ঠানটোত আলোচনা সত্ৰখনৰ সংক্ষিপ্তসাৰ গ্ৰন্থখনৰ শুভ উন্মোচন কৰা হয় । অনুষ্ঠানটোত অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক দীপক পাটোৱাৰী,সাংগঠনিক সম্পাদক আজাদ আলী আহমেদ,গৱেষণা আহ্বায়ক দীপক সৰকাৰ,ধুবুৰী জিলা সাহিত্য সভাৰ উপসভাপতি আনোৱাৰ হুছেইন,সম্পাদক বিনয় কুমাৰ নাথ ,ভোলানাথ মহাবিদ্যালয়ৰ অধ্যাপক -অধ্যাপিকাবৃন্দ ক্ৰমে ছাইদুল ইছলাম, ড.অলকা শৰ্মা,ড.পলী বেজবৰুৱা,ছাইফুল হাচান,দেৱশ্ৰী ৰায়, ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকা জুঁই দাস প্ৰমুখ্যে শতাধিক গৱেষক-গৱেষিকা ,ছাত্ৰ -ছাত্ৰীবৃন্দই অংশগ্ৰহণ কৰে। উদ্বোধনী অনুষ্ঠানৰ পিছতে ড.অলকা শৰ্মাৰ সঞ্চালনাত ছাত্ৰ -ছাত্ৰী ,গৱেষকসকলৰ ব্যৱহাৰিক জ্ঞান লাভৰ উদ্দেশ্যে পশ্চিম অসমৰ গীত-মাত,কবিতা আবৃত্তিৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

৯জুলাই তাৰিখে ৰাতিপুৱা ৯বজাৰ পৰা গৱেষণা পত্ৰ পাঠ অনুষ্ঠান অনুষ্ঠিত হয়। চাৰিটা স্তৰত অনুষ্ঠিত হোৱা গৱেষণা পত্ৰ পাঠ অনুষ্ঠানত অসমীয়া আৰু ইংৰাজী ভাষাত ৮০খন গৱেষণা পত্ৰ পাঠ হয় । আলোচনা সত্ৰখনত জলপাইগুৰিৰ আনন্দ চন্দ্ৰ মহাবিদ্যালয়ৰ অধ্যাপক ড.বিশ্বজিত ৰায়,শিলিগুৰি মহিলা মহাবিদ্যালয়ৰ অধ্যাপক ড.বিপ্লৱ সাহা,চিলাৰায় মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক নিতাই চন্দ্ৰ ৰায়,চেৰফাংগুৰি জনতা মহাবিদ্যালয়ৰ সহযোগী তথা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড.লীনা শৰ্মা,বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড.ডেইজী ৰাণী ডেকা ,গৌৰীপুৰৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড.ধীৰেন বৰ্মন,ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড.গোপাল বৰ্মন ,সাপটগ্ৰাম মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক আব্দুল বাতেন মণ্ডল আদিয়ে সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে। আবেলি ৩বজাৰ পৰা ৰাষ্ট্ৰীয় আলোচনা সত্ৰখনৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। আলোচনা সত্ৰখনৰ সমন্বয়ক ড.উমেশ দাসে আঁত ধৰা অনুষ্ঠানটোৰ সঞ্চালনা কৰে ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক , গৱেষক, সাহিত্যিক ড.দ্বিপেন্দ্ৰ কুমাৰ অধিকাৰীয়ে। সামৰণি অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে চিলাৰায় মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক, গৱেষক, সাহিত্যিক ড.দ্বিজেন্দ্ৰ নাথ ভকত আৰু অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড.উপেন্দ্ৰজিত শৰ্মাই। অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ ছাত্ৰীবৃন্দই অসম সাহিত্য সভাৰ সভা আৰম্ভণি গীত চিৰ চেনেহী মোৰ ভাষা জননী পৰিবেশন কৰে |প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানৰ আঁত ধৰে ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ড.অলকা শৰ্মা ,ড.পলী বেজবৰুৱা, দেৱশ্ৰী ৰায় আৰু ছাইফুল হাচানে। দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰখনৰ সামগ্ৰীক প্ৰতিবেদন পাঠ কৰে সমন্বয়ক ড.উমেশ দাসে। অনুষ্ঠানটোৰ আলোচনা সত্ৰ সমূহৰ প্ৰতিবেদক হিচাপে অংশ গ্ৰহণ কৰে চিলাৰায় মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা নিৰ্মলা ৰায় ,গৱেষণা আহ্বায়ক দীপক সৰকাৰ ,সাংগঠনিক সম্পাদক আজাদ আলী আহমেদ ,আঞ্চলিক সম্পাদক দীপক পাটোৱাৰী,জিলা সাহিত্য সভাৰ সম্পাদক বিনয় কুমাৰ নাথ,বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষক দেৱজিত সাহাই |জাতীয় সংগীত পৰিবেশনেৰে অনুষ্ঠানৰ সামৰণি ঘোষণা কৰা হয়।

ওদালগুৰিত গ্ৰীষ্মকালীন শৈক্ষিক কৰ্মশালা…

ওদালগুৰিস্থিত Asoboford Academy Sr Secondary schoolত যোৱা ৪ জুলাই তাৰিখৰ পৰা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক লৈ আৰম্ভ হোৱা গ্ৰীষ্মকালীন বিশেষ শৈক্ষিক কৰ্মশালা খন দেওবাৰে সামৰণি পৰে। বিদ্যালয় খনৰ শিক্ষয়িত্ৰী পল্লৱী দাসে আঁত ধৰা অনুষ্ঠানটোত সভাপতি হিচাপে বিদ্যালয়ৰ অধ্যক্ষ ৰাহুল ব্ৰহ্মই সভাখন পৰিচালনা কৰে। সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন ধৰণৰ অনুষ্ঠান পৰিবেশন কৰে। বিশেষকৈ ৰঞ্জু শৰ্মা আৰু ডালিম মেধিৰ পৰিচালনাৰে ছাত্ৰ-ছাত্ৰী সকলে ছুটি নাট প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ কৰে।

ছাত্ৰ ছাত্ৰী সকলে নৃত্য-গীত আৰু বক্তৃতাও প্ৰদান কৰি অনুষ্ঠানটোতৰ সাফল্য প্ৰদৰ্শিত কৰে। শিক্ষক লক্ষ্মণ উপাধ্যায়ে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকলক মই কোনো ধৰণৰ মানসিক-শাৰীৰিক তথা বৌদ্ধিক বিকাশৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। ভাৰতীয় ৰেড ক্ৰছ ছছাইটি ওদালগুৰি জিলা শাখাৰ সম্পাদক মিলন দাসে শিশু সকলৰ অধিকাৰ তথা চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰে তথা যি কোনো বিপদত ১০৯৮ নম্বৰত ফোন কৰিবলৈ আহ্বান জনায়।

এই ৫ টা ফলে দুৰ্বল আৰু পাতল চুলিক মজবুত কৰে…

যদি আপোনাৰ চুলি পাতল আৰু দুৰ্বল, তেন্তে ইয়াৰ বাবে আপুনি কিছুমান ফলৰ মাস্ক চেষ্টা কৰিব পাৰে। ইয়াৰ ফলত চুলি মজবুত আৰু ডাঠ হ’ব পাৰে। যদি আপুনি দীঘল, ধুনীয়া আৰু ডাঠ চুলিৰ গৰাকী হ’ব বিচাৰে তেন্তে কিছুমান বিশেষ ধৰণৰ ফল আপোনাৰ বাবে উপকাৰি হ’ব। এই ফলবোৰত উপস্থিত থকা পুষ্টিকৰ উপাদানে আপোনাৰ চুলিক শক্তিশালী কৰি তুলিব। আপুনি এই ফল আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে নাইবা চুলিৰ মাস্ক বনাই ব্যৱহাৰ কৰিব পাৰে। এই ফল সমূহৰ বিষয়ে জানক-

ষ্ট্ৰবেৰী- টেঙা মিঠা ষ্ট্ৰবেৰীৰ খাবলৈ বৰ সোৱাদ। ইয়াৰ উপৰিও ইয়াত বহুতো পুষ্টিকৰ উপাদান থাকে যিয়ে শৰীৰক উপকৃত কৰাই নহয়, আপোনাৰ চুলিকো শক্তিশালী কৰিব পাৰে। মেগনেছিয়াম মেংগানিজ, লো ইয়াত প্ৰচুৰ পৰিমাণে থাকে। ষ্ট্ৰবেৰীৰ মাস্ক বনাইও চুলিত লগাব পাৰে।

কিউই- কিউইত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। ইয়াৰ উপৰিও ইয়াত বিটা-কেৰটিন নামৰ এন্টিঅক্সিডেন্ট থাকে। যি চুলি মজবুত কৰাত অতি উপকাৰী। কিউই হেয়াৰ মাস্ক লগাব পাৰে। ইয়াৰ বাবে দুচামুচ কিউই পাল্প লওক। তাত এচামুচ নাৰিকল তেল দি ভালদৰে মিহলাই এই মিশ্ৰণটো মূৰৰ ছালত লগাব।

আপেলত থকা এন্টিঅক্সিডেন্ট চুলিৰ বাবে অতি উপকাৰী। ই চুলি সৰা ৰোধ কৰে আৰু চুলিৰ গুৰি শক্তিশালী কৰে। ফাটি যোৱা চুলিৰ সমস্যাও নাইকিয়া হৈ যায়। এনে ক্ষেত্ৰত আপেল হেয়াৰ মাস্ক লগাব পাৰে। ইয়াৰ বাবে আপেলৰ বাকলি উলিয়াই সৰু সৰুকৈ কাটি লওক। এতিয়া তাত এটা কণী দিব। তাত এচামুচ অলিভ অইল দি ভালদৰে মিহলাই লওক। এই হেয়াৰ মাস্কটো মূৰৰ ছাল আৰু চুলিত লগাওক। আধা ঘণ্টাৰ পিছত শ্বেম্পুৰে চুলি ধুব।

অমিতাত এনে বহুতো পুষ্টিকৰ উপাদান থাকে যিয়ে চুলি মজবুত কৰাত সহায় কৰে। আমিতাৰ চুলিৰ মাস্ক বনাবলৈ অমিতা দুচামুচ উলিয়াই তাত এচামুচ মৌ মিহলাই ডাঠ পেষ্ট প্ৰস্তুত কৰি লওক। এই হেয়াৰ মাস্কটো মূৰৰ ছাল আৰু চুলিত লগাই আধা ঘণ্টা ৰাখিব। এতিয়া চুলিখিনি চেম্পুৰে ধুব। ইয়াৰ ফলত আপোনাৰ চুলি কোমল হৈ পৰিব।

কলৰ দ্বাৰা তৈয়াৰী হেয়াৰ মাস্কেও আপোনাৰ চুলিক মজবুত আৰু ডাঠ কৰি তুলিব পাৰে। কলত ভিটামিন বি, ভিটামিন চি, পটাছিয়াম, এন্টিঅক্সিডেন্ট থাকে। যিয়ে চুলিক মজবুত আৰু ডাঠ কৰি তোলাত সহায় কৰে। কল এটা ভালকৈ গুড়ি কৰি লওক। এতিয়া তাত এচামুচ অলিভ অইল আৰু এচামুচ মৌ দি ভালদৰে মিহলাই লওক। এই মিশ্ৰণটো চুলিত থৈ দিব। আধা ঘণ্টাৰ পিছত চুলিখিনি চেম্পুৰে ধুব।