Breaking

ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত জিলা মীন বিষয়া কাৰ্যালয়ৰ সহযোগত ৰাষ্ট্ৰীয় মীনপালক দিৱস উদযাপন

0 83

ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু ধেমাজি জিলা মীন বিষয়া কাৰ্যালয়ৰ সহযোগত ৰাষ্ট্ৰীয় মীনপালক দিৱস উদযাপন কৰা হয়।

ধেমাজি জিলা গ্ৰামোন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা অনুষ্ঠানত জিলাখনৰ দহগৰাকী মীন পালকক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে মাছৰ পোনা বিতৰণ কৰা হয়।

অনুষ্ঠানত ৰাষ্ট্ৰীয় মীনপালক দিৱসৰ তাৎপৰ্য বিষয়ত ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী তথা মূৰব্বী ড° গুঞ্জন গগৈয়ে কয়, “ভাৰতবৰ্ষত মৎস্য উদ্যোগৰ বিকাশত পোনা উৎপাদন প্ৰযুক্তিয়ে এক সবল ভূমিকা গ্ৰহণ কৰি আহিছে। মাছ পোনাৰ অভাৱৰ বাবেই ষাঠিৰ দশকলৈ মীন উদ্যোগে বিশেষভাৱে প্ৰতিষ্ঠা লাভ কৰিব পৰা নাছিল। সেই সময়ত আমাৰ মীনপালকসকলে নৈ, বিল আদি প্ৰাকৃতিক জলাশয়ৰ পৰা মাছ পোনা সংগ্ৰহ কৰিব লগা হৈছিল। কমন কাৰ্প, টিলাপিয়া আদি কেইবিধমান প্ৰজাতিৰ মাছৰ বাহিৰে বাকী কাৰ্প জাতীয় মাছে বন্ধ পানীত প্ৰাকৃতিকভাৱে প্ৰজনন নকৰে। প্ৰজননৰ বাবে এই মাছবিলাকক বোৱঁতী পানীৰ দৰকাৰ হয়। গতিকে মীন বিজ্ঞানীসকলে নানা ধৰণে কষ্ট কৰি এটা সময়ত মাছৰ আৱিষ্ট প্ৰজনন কৰিবলৈ সমৰ্থ হৈছিল। ১৯৫৭ চনৰ ১০ জুলাইত ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে ওড়িশাৰ কটকত প্ৰফেছৰ ড° হীৰালাল চৌধুৰী আৰু ড° কে এইচ আলিকুনহিয়ে কাৰ্প মাছৰ আৱিষ্ট প্ৰজনন কৰি কৃতকাৰ্যতা লাভ কৰিছিল। আধুনিকভাৱে আৱিষ্ট প্ৰজননৰ জৰিয়তে মাছ পোনা উৎপাদনৰ দ্বাৰা ড° চৌধুৰী আৰু ড° আলিকুনহিয়ে এক বিৰল কৃতিত্বৰ দাবীদাৰ বুলি দুয়োজনৰ এই আশাশুধীয়া প্ৰচেষ্টা আমাৰ মাজত যাতে চিৰস্মৰণীয় হৈ থাকে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ভাৰত চৰকাৰে ২০০১ চনৰ ১০ জুলাইৰ দিনটো ‘ৰাষ্ট্ৰীয় মীনপালক দিৱস’ হিচাপে ঘোষণা কৰে। তেতিয়াৰপৰা বৰ্তমানলৈ এই ১০ জুলাইৰ দিনটো মীনপালক দিৱস হিচাপে উদ্‌যাপন কৰি অহা হৈছে”।

ভাৰতবৰ্ষত সুনীল বিপ্লৱৰ সূচনাৰ বাবে প্ৰথমবাৰৰ বাবে কৃতকাৰ্য হোৱা দিনটোকে আমি ৰাষ্ট্ৰীয় মীনপালক দিৱস হিচাপে পালন কৰি আহিছোঁ বুলি উল্লেখ কৰি কৃত্ৰিমভাৱে মাছ পোনা উৎপাদনৰ জৰিয়তে ভাৰতবৰ্ষত মীন উদ্যোগে বিপুলভাৱে আগবাঢ়ি গৈছে বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় ড° গুঞ্জন গগৈয়ে।

ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞা অধ্যাপিকা নীলাক্ষী ভূঞাই আঁতধৰা অনুষ্ঠানত ধেমাজি জিলা মীন বিষয়া লক্ষীনাথ লাগাছুয়ে বিজ্ঞানসন্মতভাৱে মীন পালনৰ জৰিয়তে জীৱন-জীৱিকাৰ পথ কেনেকৈ বাছি ল’ব পাৰি তাৰ ওপৰত আলোকপাত কৰে। সভাত ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞ অধ্যাপিকা বিনীতা কোঁৱৰ, মাধুৰ্য্য বৰুৱা, ৰেখা গগৈ, জোনাই মহকুমা মীন বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী লক্ষীনাথ লাগাছু,গণেশ বৰা উপস্থিত থাকে।


-শম্ভু দাস, চিলাপথাৰ

Leave A Reply