Home Blog Page 1480

একেলগে বিদ্যা, শিল্পা, মালাইকা। ক’লে টিউচনৰ সময়ত হাজাৰ হাজাৰ ল’ৰাই ৰ’ লাগি চাইছিল অভিনেত্ৰী মালাইকাক…


বিদ্যা বালান শিল্পা শেট্টী, মলাইকা অৰোৰাৰ স্কুলীয়া দিনৰ বহু ধেমেলীয়া কথা! বহুদিনৰ মূৰত অভিনেত্ৰী বিদ্যা বালনে অভিনয় কৰিছে ‘নিয়ত’ ছবিৰ সৈতে। দীৰ্ঘদিন ধৰি তেওঁৰ অনুৰাগীসকলে তেওঁৰ নতুন প্ৰজেক্টৰ বাবে অপেক্ষা কৰি আছিল। বৰ্তমান বিদ্যা বালনৰ সদ্য মুক্তি প্ৰাপ্ত ছবি ‘নিয়ত’ৰ বাবে লাইমলাইটত আছে। বক্স অফিচত ছবিখনে ভাল প্ৰদৰ্শন কৰিছে। ইফালে বিদ্যা বালানে স্কুলীয়া দিনৰ কথা মনত পেলাই কয় যে স্কুলত শিল্পা শ্বেট্টী ছিনিয়ৰ আছিল আৰু বাস্কেটবল শিকাইছিল। আনহাতে মালাইকা অৰোৰাই ফৰাচী টিউচন কৰিছিল।

ইউটিউব চেনেল কাৰ্লি টেলছক দিয়া এক সাক্ষাৎকাৰত বিদ্যা বালানে স্কুলীয়া দিনৰ কথা মনত পেলাই কয় যে স্কুলীয়া দিনত শিল্পা শ্বেট্টী তেওঁৰ তুলনাত ৩ বছৰ জ্যেষ্ঠ আছিল। তেওঁ ক’লে, ‘মই ভাবো শিল্পা মোতকৈ তিনিবছৰ ডাঙৰ আছিল, শিল্পা আকৰ্ষণীয় আছিল। শিল্পাই আমাক বাস্কেটবল শিকাইছিল। মালাইকাৰ কথা কওঁতে বিদ্যাই ক’লে, “মলাইকা অৰোৰাও আছিল আন এখন স্কুলৰ ছাত্ৰী, কিন্তু মোৰ মনত আছে মালাইকা এক নিৰ্দিষ্ট সময়ত মোৰ ঘৰৰ সন্মুখেৰে ফৰাচী টিউচনৰ বাবে গৈছিল আৰু সকলো ল’ৰাই ৰ’ লাগিল চাইছিল।”

প্ৰচণ্ড সোঁতত আবদ্ধ এখন বাছ, খিৰিকীৰে ওলাবলৈ চেষ্টা যাত্ৰীসকলৰ! হাহাকাৰময় পৰিৱেশ…

প্ৰচণ্ড সোঁতত আবদ্ধ এখন বাছ, খিৰিকীৰে ওলাবলৈ চেষ্টা যাত্ৰীসকলৰ। উত্তৰাখণ্ডত হোৱা অবিৰত বৰষুণৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৰাইজ। ধাৰাসাৰ বৰষুণৰ বাবে উত্তৰাখণ্ডৰ বিভিন্ন নদীৰ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ লগতে সকলো নদীৰ ঘাট পানীত ডুব গৈছে। এনে পৰিস্থিতিৰ মাজতে দেখা গ’ল এক ভয়ংকৰ দৃশ্য। হৰিদ্বাৰলৈ অহা ৰ’জৱেজ এখন বাছ পানীৰ সোঁতত আবদ্ধ হৈ পৰে, যাৰ ভিডিঅ’ চৰ্চালৈ আহিছে। এই ভিডিঅ’টো ডেৰাডুনৰ শিমলা বাইপাছ চ’কৰ সমীপৰ ৰামগড় গাঁৱৰ। হিমাচলৰ পৰা অহা এখন বাছ চণ্ডীগড়ৰ পৰা হৰিদ্বাৰলৈ গৈ আছিল তেনেতে বৰষুণৰ পানীৰ সোঁতত আবদ্ধ হৈ পৰে বাছখন। ইয়াৰ বাবেই বাছখনৰ যাত্ৰীসকলে আতংকিত পৰিছে সকলো।

বাছত বহি থকা যাত্ৰীসকলৰ মাজত হাহাকাৰময় পৰিৱেশ। ভাইৰেল হোৱা ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যাত্ৰীসকলে কান্দিবলৈ আৰম্ভ কৰে। তথ্য পোৱাৰ লগে লগে পেটেল নগৰ আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ সকলো যাত্ৰীক নিৰাপদে উদ্ধাৰ কৰে।

ইফালে ধাৰাসাৰ বৰষুণৰ ফলত উত্তৰাখণ্ডৰ গড়ৱাল সংমণ্ডলৰ ৰুদ্ৰপ্ৰয়াগত মন্দাকিনি আৰু অলকনন্দৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। ৰুদ্ৰপ্ৰয়াগত অলকনন্দ আৰু মন্দাকিনীৰ সংগমস্থলীত নিৰ্মিত ঘাট আৰু মন্দিৰসমূহ পানীত ডুব গৈছে। প্ৰশাসনে ৰাইজক সতৰ্কবাণী জাৰি কৰিছে। নদীৰ পাৰত বসবাস কৰা লোকসকলক আন ঠাইলৈ স্থানান্তৰ কৰা হৈছে।

আজি প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ ওপজা দিন। ৭৪ বছৰীয়া হ’ল প্ৰাক্তন ক্ৰিকেটাগৰাকী…

আজি প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ ওপজা দিন। ৭৪ বছৰীয়া হ’ল প্ৰাক্তন ক্ৰিকেটাগৰাকী। সুনীল গাভাস্কাৰৰ জন্মদিন উপলক্ষে বিচিচিআইয়ে টুইট কৰি শুভেচ্ছা জনায়। টিম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক সুনীল গাভাস্কাৰে নিজৰ কেৰিয়াৰত বহু সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। ১৯৯৮ চনৰ বিশ্বকাপ বিজয়ী দলৰ অংশও আছিল তেওঁ। গাভাস্কাৰে টিম ইণ্ডিয়াৰ হৈ বহুবাৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলিছে। আজি তেওঁৰ ৭৪ সংখ্যক জন্মদিন। গাভাস্কাৰৰ জন্মদিনত ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে বিশেষ ভাবে অভিনন্দন জনায়। টুইট কৰি ব’ৰ্ডে কিছু গুৰুত্বপূৰ্ণ অভিলেখ শ্বেয়াৰ কৰে।

টিম ইণ্ডিয়াৰ হৈ এদিনীয়া ফৰ্মেটত ৩ হাজাৰৰো অধিক ৰান আৰু টেষ্টত ১০ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰিছে গাভাস্কাৰে। ভাৰতৰ হৈ ১২৫খন টেষ্ট মেচ খেলিছে গাভাস্কৰে। এই সময়ছোৱাত তেওঁ ১০১২২ ৰান সংগ্ৰহ কৰে। টিম ইণ্ডিয়াৰ হৈ তেওঁ ৩৪টা শতক আৰু ৪৫টা অৰ্ধশতক অৰ্জন কৰিছে। ভাৰতৰ হৈ ১০৮খন এদিনীয়া খেলত ৩০৯২ ৰান সংগ্ৰহ কৰিছে গাভাস্কৰে। এই ফৰ্মেটত তেওঁ এটা শতক আৰু ২৭টা অৰ্ধশতক অৰ্জন কৰিছে। এদিনীয়া মেচত তেওঁৰ সৰ্বোত্তম স্ক’ৰ হৈছে ১০৩ নট আউট। আনহাতে টেষ্টত ২৩৬ নট আউট হৈছে সৰ্বোত্তম স্ক’ৰ। প্ৰথম শ্ৰেণীৰ মেচত ২৫ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰিছে। ইয়াৰ ভিতৰত ৮১টা শতিকা আৰু ১০৫টা অৰ্ধশতিকা অন্তৰ্ভুক্ত। প্ৰথম শ্ৰেণীত ট্ৰিপল শতক অৰ্জন কৰিছে গাভাস্কাৰে। তেওঁৰ সৰ্বোত্তম স্ক’ৰ হৈছে ৩৪০ ৰান।

৭২ বছৰীয়া হ’ল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং…

আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ওপজা দিন। আজি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৭২ বছৰত ভৰি দিছে। ১৯৭৪ চনত তেওঁ ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰৱেশ কৰিছিল। ৰাজনীতিত পথাৰত তেওঁৰ অভিজ্ঞতা প্ৰায় ৫০ বছৰ। পূৰ্বে ৰাজনাথ সিং উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু বহুবাৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে।

জেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ৭২ বছৰীয়া জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বিশ্বত বৃদ্ধি পাব ভাৰতৰ সন্মান! আমেৰিকাই ঘূৰাই দিব ১০০ৰো অধিক প্ৰাচীন চুৰি সামগ্ৰী…

বিশ্বত ভাৰতৰ সন্মান বৃদ্ধি পাব, আমেৰিকাই ঘূৰাই দিব ১০০ৰো অধিক চুৰি প্ৰাচীন সামগ্ৰী! অহা ছমাহৰ ভিতৰত চৰকাৰে আমেৰিকাৰ পৰা প্ৰায় ১৫০ টা ভাৰতীয় শিল্পকৰ্ম ঘূৰাই দিব। এজন জ্যেষ্ঠ বিষয়াই এই তথ্য প্ৰকাশ কৰে।ভাৰতৰ জি-২০ৰ অধ্যক্ষতাত সংস্কৃতি সম্পৰ্কীয় কৰ্মগোটৰ তৃতীয়খন বৈঠকৰ পূৰ্বে সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ৰ সম্পাদক গোবিন্দ মোহনে কয় যে ভাৰতে ১৯৭০ চনৰ সন্ধি সম্পৰ্কে সকলো দেশৰ সৈতে ব্যাপকভাৱে আলোচনা কৰিছে। তেওঁ কয় যে আমি এক বিশাল সহমত গঢ়ি তুলিবলৈ চেষ্টা কৰিছো আৰু এই সকলো জি-২০ দেশক অন্ততঃ এই সন্ধিৰ অংশ হিচাপে গঢ়ি তুলিব পাৰি আৰু অৱশ্যেই ভাৰত ইয়াৰ দ্বাৰা লাভৱান হ’ব। ১৯৭০ চনৰ প্ৰতিৰোধ চুক্তিৰ অধীনত অবৈধ আমদানি, ৰপ্তানি আৰু সম্পত্তিৰ মালিকীস্বত্ব হস্তান্তৰৰ ক্ষেত্ৰত সকলো পক্ষকে সাংস্কৃতিক সম্পত্তিৰ অবৈধ সৰবৰাহ ৰোধ কৰিবলৈ আহ্বান জনোৱা হৈছে।

মোহনে কয় যে দ্বিপাক্ষিকভাৱেও ভাৰতে আমেৰিকাৰ দৰে দেশৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে। অহা তিনিৰ পৰা ছমাহৰ ভিতৰত আমেৰিকাৰ পৰা প্ৰায় ১৫০টা এনে কলাকৃতি লাভ কৰাৰ আশা কৰিছোঁ বুলি কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ৰ সম্পাদক গোবিন্দ মোহনে কয়।

আমেৰিকাই ঘূৰাই দিয়া ১৫০টা শিল্পকৰ্মৰ ভিতৰত নিউয়ৰ্কৰ মেট্ৰ’পলিটান মিউজিয়াম অৱ আৰ্ট (MET)ৰ কিছুমান শিল্পকৰ্মও আছে। ভাৰতৰ জি-২০ৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা সাংস্কৃতিক কৰ্মগোটৰ তৃতীয়খন বৈঠক দেওবাৰৰ পৰা হাম্পিত আৰম্ভ হৈছে আৰু এই বৈঠক খন ১২ জুলাইলৈকে চলিব।

বগা নিমখৰ সলনি ক’লা নিমখ খোৱাৰ আৰম্ভ কৰক! কলেষ্টেৰল, উচ্চ ৰক্তচাপ সমস্যাৰ পৰা সকাহ পাব…

অত্যধিক বগা নিমখ খালে কলেষ্টেৰল হ্ৰাস কৰাত সমস্যাৰ সৃষ্টি হয়, লগতে বগা নিমখে উচ্চ ৰক্তচাপৰ সমস্যাৰ সৃষ্টি কৰে। সাধাৰণতে আমি ব্যৱহাৰ কৰা বগা নিমখে আমাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে, বিশেষকৈ যেতিয়া আমাৰ উচ্চ কলেষ্টেৰলৰ সমস্যা থাকে তেতিয়া বগা নিমখ একেবাৰে ব্যৱহাৰ কৰিব নালাগে। বগা নিমখৰ সলনি ক’লা নিমখ খোৱাৰ আৰম্ভ কৰক-

ক’লা নিমখ খোৱাৰ আছে বহু উপকাৰিতা-

১/ কলেষ্টেৰলৰ মাত্ৰা কম হব

যদি আপুনি উচ্চ কলেষ্টেৰলৰ বাবে অসুবিধাৰ সন্মুখীন হৈ আছে, তেন্তে সাধাৰণ নিমখৰ সলনি ক’লা নিমখ ব্যৱহাৰ কৰক। ই তেজ পাতল কৰি তোলে, যাৰ ফলত তেজৰ সঞ্চালন সঠিক হৈ থাকে। ইয়াৰ বাবে কলেষ্টেৰলৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে আৰু উচ্চ ৰক্তচাপৰ পৰাও সকাহ পাব।

২/ ওজন বৃদ্ধি কৰিলে কমি যাব

যদি আপুনি ওজন কমাবৰ বাবে চেষ্টা কৰি আছে তেন্তে প্ৰথমে বগা নিমখ খোৱাৰ অভ্যাস ত্যাগ কৰক। তাৰ পৰিৱৰ্তে ক’লা নিমখ খাওক, কাৰণ এনে কৰিলে পেটৰ চৰ্বি কমিবলৈ আৰম্ভ কৰে।

৩/ বমি আৰু কোষ্ঠকাঠিন্যত সকাহ পাব

যেতিয়াই বাৰে বাৰে বমি হয় তেতিয়াই ক’লা নিমখ খাব পাৰে, ই তৎক্ষণাত সকাহ দিব। ইয়াৰ লগতে এই নিমখ খালে পেটৰ বেমাৰ দূৰ হয় আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰাও সকাহ পোৱা যায়।

কাজিৰঙাত অসম প্ৰকাশন পৰিষদৰ অনুবাদ কৰ্মশালাৰ সফল সামৰণি

অনুবাদ কৰ্মৰ কাৰিকৰী কৌশল, ভিন্ন ভাষাৰ সমাৰ্থক শব্দৰ সন্ধান-ব্যৱহাৰ, ভিন্ন ভাষিক সমাজৰ সংস্কৃতি-পৰম্পৰাৰ জ্ঞান অৰ্জন , সৃষ্টিশীল অনুবাদ আদিৰ প্ৰণালীৱদ্ধ চৰ্চা তথা সম্পৰীক্ষণৰ মাজেৰে দেওবাৰে সামৰণি পৰে অসম প্ৰকাশন পৰিষদে কাজিৰঙাৰ কঁহৰাস্থিত “অৰণ্য টুৰিষ্ট ল’জ“ত অনুষ্ঠিত কৰা পাঁচদিনীয়া গুৰুত্বপূৰ্ণ অনুবাদ কৰ্মশালাৰ ৷

ভাষা-সাহিত্যৰ প্ৰসাৰৰ লক্ষ্যৰে অভিলাষী প্ৰকল্পৰ আধাৰত ৰূপায়ণ কৰা এই কৰ্মশালাত ইংৰাজী আৰু হিন্দীৰ পৰা অসমীয়া ভাষালৈ, অসমীয়া ভাষাৰ পৰা বড়ো আৰু বাংলা ভাষালৈ অনুবাদৰ বিভিন্ন বাস্তৱমুখী বিষয় উত্থাপন কৰা হয়৷

৫ দিনীয়াকৈ আয়োজিত এই কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট লেখক, অভিধান প্ৰণেতা , অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, বিশিষ্ট বিজ্ঞানী, অনুবাদক-লেখক ড° দীনেশ চন্দ্ৰ গোস্বামী , বিশিষ্ট অনুবাদক, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক নীৰেন্দ্ৰ নাথ ঠাকুৰীয়া, বিশিষ্ট লেখক-অনুবাদক , বড়ো সাহিত্য সভাৰ উপ-সভাপতি প্ৰশান্ত বড়ো, বিশিষ্ট লেখক-অনুবাদক, কটন বিশ্ববিদ্যালয়ৰ বাংলা ভাষা বিভাগৰ অধ্যাপক ড° প্ৰশান্ত চক্ৰৱৰ্তীয়ে ৷

ইয়াত অনুবাদক হিচাপে অংশগ্ৰহণ কৰে ক্ৰমে নিভাৰাণী ৰয় (গুৱাহাটী), সুচৰিতা সিংহা (কৰিমগঞ্জ), নিৰ্মালী নয়নতৰা (কাৰবি আংলং), পাৰ্থ প্ৰতীম লহকৰ (নলবাৰী), মানস প্ৰতীম দত্ত (গুৱাহাটী), নয়নজ্যোতি শৰ্মা (নলবাৰী), খামমুন ফুকন (শিৱসাগৰ), ইন্দ্ৰনীল গায়ন (নগাঁও), অন্তৰীপ কাকতি (যোৰহাট), অপৰাজিতা পূজাৰী (গুৱাহাটী), বন্দনা খাটনিয়াৰ (আমিনগাঁও), দীপশিখা ভাগৱতী (নগাঁও), জিন্তু গীতাৰ্থ (গুৱাহাটী), বিকাশ দিহিঙীয়া (যোৰহাট), প্ৰীতিৰেখা ভূঞা (গুৱাহাটী), অলকা মহন্ত (গুৱাহাটী), জাহ্নৱী গগৈ (ইটানগৰ), গীতুমণি তালুকদাৰ (পাঠশালা), ড° সঞ্জয় চন্দ্ৰ দাস (গুৱাহাটী), ড° বৰুণ কুমাৰ সাহা (গুৱাহাটী), ড° ৰাজীৱ কুমাৰ সাহা (গোৱালপাৰা),নিবেদিতা চক্ৰৱৰ্তী (শিলচৰ), ড° স্বপ্না নাথ উপাধ্যায় (ডিব্ৰুগড়), শ্যেলী দত্ত (তিনিচুকীয়া), ৰবীন নাৰ্জাৰী (তেজপুৰ), ফণীধৰ বসুমতাৰী (তেজপুৰ), চেল্‌ফ মেড ৰাণী বড়ো (গুৱাহাটী), ৰংজালি বসুমতাৰী (তেজপুৰ), জ্ঞানেন্দ্ৰ বসুমতাৰী (গোৱালপাৰা) আৰু অৰুণজ্যোতি বৰাই (ইটানগৰ)৷

কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই অংশগ্ৰহণকাৰী অনুবাদক সকলক প্ৰমান পত্ৰ প্ৰদান কৰে ৷উল্লেখ্য যে এই অনুবাদ কৰ্মশালাত ডক্টৰ মুকুণ্ডমাধৱ শৰ্মাৰ ‘হিতোপ্ৰদেশ’, ডক্টৰ ৰাজেন্দ্ৰ কুমাৰ ভূঞাৰ ‘ঈছপৰ সাধু’, ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীৰ ‘অসম দেশৰ সাধু’, প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ ‘বুধিয়ক কোন’, ডক্টৰ বাণীকান্ত কাকতিৰ ‘পখিলা’, মহিম বৰাৰ ‘বত্ৰিছ পুতলাৰ সাধু’ অসমীয়াৰ পৰা বড়াে আৰু বাংলা ভাষালৈ অনুবাদ কৰা হয় ৷

পুৰণি পেঞ্চন পুন:প্ৰতিষ্ঠাৰ দাবীৰে যৌথ মঞ্চৰ সভা

“ভাৰতবৰ্ষ এখন কল্যাণকামী সমাজতান্ত্ৰিক গণৰাজ্য। ভাৰত গণৰাজ্যই মুল লক্ষ্যৰ পৰা পিছলি যোৱা যেন অনুভৱ হয়। চৰকাৰে জনহিতৈষী, সংস্কাৰমুখী আৰু উন্নয়নকামী বুলি কলেও চৰকাৰী কৰ্মচাৰী সমাজৰ ক্ষেত্ৰত সেয়া প্ৰমানিত হোৱা নাই। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সমাজ আজি শংকিত নিজৰ ভবিষ্যত অৱসৰী জীৱনৰ আৰ্থিক দন্যতাৰ বাবে। এই ত্ৰাসিত কৰ্মচাৰী সমাজে বিভিন্ন পৰ্যায়ত একত্ৰে জনোৱা পুৰণি পেঞ্চন পুন:প্ৰতিষ্ঠাৰ দাবীক আন অনুৰোধৰ দৰে গুৰুত্বহীন বুলি ভাবি কৰ্মচাৰী সমাজক অন্যায় কৰা যেন হৈছে। যদিহে আমাৰ পৰা ১০০% কাম, দক্ষতা আশা কৰা হয়, আমাৰ দাবীক সঠিক গুৰুত্ব দিবই লাগিব। অসমৰ কৰ্মচাৰী সমাজে নিজৰ ভবিষ্যত সুৰক্ষাৰ স্বাৰ্থ নিশ্চিত কৰিবলৈ গণতান্ত্ৰিক পদ্ধতিৰে ৰাজপথলৈ আহিবলৈ বাধ্য কৰিছে । পুৰণি পেঞ্চন পুন:প্ৰতিষ্ঠাৰ সংগ্ৰামক তীব্ৰ্তৰ কৰাৰ বাবে আজি ৫৫ টাৰো অধিক শিক্ষক-কৰ্মচাৰী-শ্ৰমিক সংস্থা/ সংঘৰ যৌথ সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। আজিৰ সভাই অহা ইং ২২ আৰু ২৩ আগষ্ট ২০২৩ তাৰিখে কৰ্মবিৰতি পালন কৰি কৰ্মচাৰী সমাজক অসম চৰকাৰে দেখুউৱা অবহেলাৰ বাবে প্ৰতিবাদ কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুন:প্ৰতিষ্ঠাৰ বাবে দাবী জনাব”- দেওবাৰে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ আহ্বানত আৰু সদৌ অসম তথ্য আৰু জনসংযোগ কৰ্মচাৰী সংস্থাৰ সহযোগত আয়োজন কৰা অসমৰ শিক্ষক- কৰ্মচাৰী-শ্ৰমিক সংস্থা/ সংঘৰ যৌথ মঞ্চত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি এই প্ৰেছ বিজ্ঞপ্তিৰে প্ৰকাশ কৰে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই।


লগতে কয়, “চৰকাৰী কৰ্মচাৰী সমাজ, প্ৰশাসন ব্যৱস্থাৰ অভিন্ন অংগ। তেওঁলোকৰ দ্বাৰাই ৰাজ্য তথা দেশৰ প্ৰগতি হৈছে। তেওলোক সমাজ আৰু সভ্যতাৰ উত্তৰণৰ বাবে মূখ্যত কাম কৰি আহিছে। এই সকল ব্যক্তিৰ অৱসৰী জীৱনৰ দায়িত্ব চৰকাৰে ল’ব লাগিব। এয়া ভাৰতৰ সভ্যতা, সংস্কৃতিয়ে নিৰ্দেশ কৰিছে। চৰকাৰে এন পি এছ ব্যৱস্থাৰে অসমৰ বিষয়া- শিক্ষক- আৰক্ষী- কৰ্মচাৰী সমাজক অন্ধকাৰ ভবিষ্যতলৈ নিয়া কাৰ্য ভাৰতীয় ঐতিহ্য, সভ্যতা, সংস্কৃতিৰ পৰিপন্থী।

সেয়েহে অনতিপলমে চৰকাৰে এন পি এছ ব্যৱস্থা বন্ধ কৰি অসমৰ সকলো শিক্ষক, বিষয়া, আৰক্ষী, কৰ্মচাৰী সকলক পুৰণি পেঞ্চন ব্যৱস্থাৰ যোগেদি অৱসৰী জীৱনক সুৰক্ষিত কৰিবলৈ দাবী জনাইছে। ইতিমধ্যে ৰাজস্থান, চত্তিশগড়, ঝাৰখণ্ড, পঞ্চাৱ, হিমাচল প্ৰদেশ চৰকাৰৰ উপৰিও কৰ্ণাটক চৰকাৰে পুৰণি পেঞ্চন পুন:প্ৰতিষ্ঠা কৰি ৰাজ্য কেইখনৰ কৰ্মচাৰী সমাজক ন্যায় প্ৰদান কৰিছে। আজি স্পষ্ট যে অসম চৰকাৰৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিছে কৰ্মচাৰী সমাজৰ অৱসৰী সুৰক্ষা।

কিন্তু বিষয়টিৰ প্ৰতি চৰকাৰৰ অৱহেলা স্পষ্ট। চৰকাৰৰ এই শেহতীয়া ভূমিকাত অসমৰ শিক্ষক- কৰ্মচাৰী সমাজ যথেষ্ট অসন্তুষ্ট। অসমৰ কৰ্মচাৰী সমাজৰ স্বাৰ্থত অসম চৰকাৰৰ পৰা আমি তাৎক্ষনিকভাবে ইতিবাচক সঁহাৰি বিচাৰো ৷ অসমৰ কৰ্মচাৰী সমাজৰ দাবীৰ প্ৰতি চৰকাৰৰ যি মনোভাৱ সেয়া মুঠেও সন্তোষজনক নহয় বাবে এক শক্তিশালী গনতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল’বলৈ আমি বাধ্য হৈছো ৷ চৰকাৰে এনপিএছ ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন নকৰালৈকে ৰাজ্যৰ কৰ্মচাৰী সকলে আন্দোলন অব্যাহত ৰাখিব ৷ আজিৰ সভাই এই মাহৰ পৰা ৰাজ্যিক, জিলা, আঞ্চলিক আৰু কাৰ্যালয় পৰ্যায়ত পোষ্টেল বেলট ভোটদানৰ কৰ্মশালা, নবেম্বৰ- ডিচেম্বৰ ২০২৩ ত অসমৰ প্ৰতিখন জিলা সামৰি, শদিয়াৰ পৰা ধুবুৰী লৈ এক বিশাল ৰেলী আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে“। আনহাতে এন পি এছৰ বাহিৰে শিক্ষক-কৰ্মচাৰী-শ্ৰমিক সমাজৰ উমৈহতীয়া সমস্যা/ দাবী যেনে কৰ্মস্থলীত সুৰক্ষা, স্বাস্থ্য বীমা আঁচনি আদি বিষয়ত ঐক্যবদ্ধ ভাবে যৌথ মঞ্চৰ জৰিয়তে মাত মাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে বুলি হাজৰিকাই প্ৰকাশ কৰে।

সভাত উত্তৰ পূৱ ৰেলৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক আশিস বিশ্বাস, জইন্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়নচ্ আৰু এচ বি আই কৰ্মচাৰী সন্থাৰ হৈ প্ৰদীপ কুমাৰ বৈশ্য, অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি অধ্যাপক হিমাংশু মৰল, সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত ভাণ্ডাৰ কায়ষ্ঠ, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামী, সদৌ অসম শিক্ষক কৰ্মচাৰী সংস্থা (২০১৩ প্ৰাদেশিকৃত)ৰ সভাপতি প্ৰবীন শইকীয়া, অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকা, গুৱাহাটী বিশ্ববিদ্যালয় কৰ্মচাৰী সংস্থাৰ হৈ প্ৰশান্ত শইকীয়া, সদৌ অসম DIET বিষয়া সংস্থাৰ হৈ ড ভগৱান দাস,অসম হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি সুনন্দ কলিতা, সদৌ অসম চেকেণ্ডেৰী স্নাতক শিক্ষক সন্থাৰ হৈ আব্দুল ৰৌফ আহমেদ, সদৌ অসম চতুৰ্থ শ্ৰেণী চৰকাৰী কৰ্মচাৰী সন্মিলনৰ সাধাৰণ সম্পাদক ৰমেন চন্দ্ৰ পেগু, Assam Electricity Employees Movement for Old Pension System ৰ সাধাৰন সম্পাদক অমিত কৰ, সদৌ অসম তথ্য আৰু জনসংযোগ কৰ্মচাৰী সন্থাৰ সভাপতি ৰাচিদ জামাল, Assam State Electricity Supply Worker Unionৰ যুটীয়া সম্পাদক ধ্ৰুৱজ্যোতি শৰ্মা, Assam State Electricity Worker Union ৰ সভাপতি মুকুট মনি দাস আদি বিভিন্ন সংস্থাৰ বিষয়-ববীয়া প্ৰতিনিধিয়ে বক্তব্য প্ৰদান কৰে।

৩০তম অসম ৰাজ্যিক জলক্ৰীড়া প্ৰতিযোগিতা, ২০২৩ৰ সফল সমাপন

অসম সাঁতোৰ সংস্থাৰ দ্বাৰা সৰুসজাইস্থিত ড° জাকিৰ হুছেইন একুৱেটিক কমপ্লেক্সত আয়োজিত ৩০তম অসম ৰাজ্যিক জলক্ৰীড়া প্ৰতিযোগিতা, ২০২৩ৰ দেওবাৰে সন্ধিয়া সফলতাৰে সমাপ্তি হয়। প্ৰতিযোগিতাখনিত অসমৰ সকলো জিলাৰ অভিলেখ সংখ্যক ৫২০ গৰাকী অংশগ্ৰহণকাৰীয়ে মুঠ ১৪৪ টা ইভেণ্টত অংশগ্ৰহণ কৰিছিল।

এই বছৰৰ প্ৰতিযোগিতাখনিত প্ৰথমবাৰৰ বাবে ৱাটাৰ প’ল’ আৰু ডাইভিং ইভেণ্ট অন্তৰ্ভুক্ত কৰা হৈছে। আঠটা দলে প্ৰথমবাৰৰ বাবে ৱাটাৰ প’ল’ ইভেন্টত অংশগ্ৰহণ কৰিছিল। কামৰূপ জিলাৰ খেলুৱৈসকলে ডাইভিং ইভেণ্টত সকলো পদক লাভ কৰে।

৩০ তম্ অসম ৰাজ্যিক জলক্ৰীড়া প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰা বিভিন্ন গ্ৰুপৰ খেলুৱৈসকল যথাক্ৰমে ল’ৰাৰ প্ৰথম গোটৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে তিৰ্থাঙ্গ পেগু (যোৰহাট), ছোৱালীৰ প্ৰথম গোটৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰিছে জাহ্নৱী কাশ্যপে।

ল’ৰাৰ দ্বিতীয় গোটৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰিছে নিবিড় হাজৰিকা (যোৰহাট), দ্বিতীয় গোটৰ ছোৱালীৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰিছে জাহ্নৱী চাংমাই (কামৰূপ)। তৃতীয় গোটৰ ল’ৰাৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰিছে শুভাশিষ বৰদলৈ (শিৱসাগৰ), তৃতীয় গোটৰ ছোৱালীৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰিছে আদৰিজা ৰাণী চেতিয়া (শিৱসাগৰ)। মুকলি শাখাত ল’ৰা শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে ইভন টাইয়ে (কামৰূপ) । ছোৱালীৰ মুকলি শাখাত শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে বিশাখা শৰ্মাই(কামৰূপ)৷

একেদৰে দলীয় শাখাত সৰ্বাধিক ১১৭ টা(সোণ-৩৭, ৰূপ-৪৩, ব্ৰঞ্জ-৩৭) পদক লাভ কৰি যোৰহাটে শ্ৰেষ্ঠতম দলীয় খিতাপ অৰ্জন কৰে। কামৰূপে ৮৭ টা (সোণ-২৫, ৰূপ-২৬, ব্ৰঞ্জ-৩৬) ৰে দ্বিতীয় শ্ৰেষ্ঠ আৰু শিৱসাগৰ দলে ৫৯ টা পদক (সোণ-২৫, ৰূপ-২২, ব্ৰঞ্জ-১২) লাভ কৰি তৃতীয় স্থান দখল কৰে।

অসম সাঁতোৰ সন্থাৰ সাধাৰণ সম্পাদক তথা ভাৰতীয় সাঁতোৰ ফেডাৰেচনৰ উপ-সভাপতি ভাস্কৰ ৰঞ্জন দাসে অহা মাহত ভুৱনেশ্বৰত অনুষ্ঠিত হ’বলগীয়া চাব-জুনিয়ৰ আৰু জুনিয়ৰ নেচনেলৰ বাবে নিৰ্বাচিত লগতে সকলো পদক বিজয়ী খেলুৱৈক অভিনন্দন জনায়।

অসম সাহিত্য সভাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাসত্ৰ

অসম সাহিত্য সভাৰ পশ্চিম অসমৰ ভাষা-সাহিত্য-সংস্কৃতি গৱেষণা কেন্দ্ৰ আৰু ধুবুৰীস্থিত ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত, চিলাৰায় মহাবিদ্যালয়ৰ গৱেষণা কোষ আৰু স্বাধীনতা সংগ্ৰামী যতীন্দ্ৰ নাৰায়ণ দাস গ্ৰাম্য পুথিভঁৰালৰ সহযোগত ভোলানাথ মহাবিদ্যালয় চৌহদত দুদিনীয়াকৈ আয়োজিত ‘পশ্চিম অসমৰ লোকসংস্কৃতিঃ পৰম্পৰা আৰু পৰিৱৰ্তন’ শীৰ্ষক এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাসত্ৰৰ দেওবাৰে সফলভাৱে সম্পন্ন হয়।

পশ্চিম অসমৰ লোকসাহিত্য, ভৌতিক সংস্কৃতি, সামাজিক লোকাচাৰ, লোক পৰিৱেশ্য কলা, জনগোষ্ঠীয় পৰম্পৰাগত জ্ঞান, লোকসংস্কৃতি আৰু পৰ্যটন, লোকচিকিৎসা আদি উপ বিষয় সম্বলিত এই আলোচনাসত্ৰ খনৰ পুৱাৰপৰা গৱেষণাপত্ৰ পাঠ অনুষ্ঠান হয়।

চাৰিটা স্তৰত আয়োজিত গৱেষণাপত্ৰ পাঠ অনুষ্ঠানত অসমীয়া আৰু ইংৰাজী ভাষাত ৮০খন গৱেষণাপত্ৰ পাঠ হয়। আলোচনাসত্ৰ খনত জলপাইগুৰিৰ আনন্দ চন্দ্ৰ মহাবিদ্যালয়ৰ অধ্যাপক ডঃ বিশ্বজিত ৰায়, শিলিগুৰি মহিলা মহাবিদ্যালয়ৰ অধ্যাপক ডঃ বিপ্লৱ সাহা, চিলাৰায় মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক নিতাই চন্দ্ৰ ৰায়, চেৰফাংগুৰি জনতা মহাবিদ্যালয়ৰ সহযোগী তথা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড° লীনা শৰ্মা, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড° ডেইজীৰাণী ডেকা, গৌৰীপুৰৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° ধীৰেন বৰ্মন, ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড° গোপাল বৰ্মন, সাপটগ্ৰাম মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক আব্দুল বাতেন মণ্ডল আদিয়ে সমল ব্যক্তি হিচাপে অংশ লয়।

আবেলি ৰাষ্ট্ৰীয় আলোচনাসত্ৰ খনৰ সামৰণি অনুষ্ঠানত আলোচনাসত্ৰ খনৰ সমন্বয়ক ড° উমেশ দাসে আঁত ধৰা অনুষ্ঠানটোৰ সঞ্চালনা কৰে ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, গৱেষক, সাহিত্যিক ড° দ্বিপেন্দ্ৰ কুমাৰ অধিকাৰীয়ে।

সামৰণি অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশ লয় অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মা আৰু চিলাৰায় মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, গৱেষক, সাহিত্যিক ড° দ্বিজেন্দ্ৰ নাথ ভকতে। অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ ছাত্ৰীবৃন্দই অসম সাহিত্য সভাৰ সভা আৰম্ভণি গীত চিৰ চেনেহী মোৰ ভাষা জননী পৰিৱেশন কৰে।

প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানৰ আঁত ধৰে ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° অলকা শৰ্মা, ড° পলী বেজবৰুৱা, দেৱশ্ৰী ৰায় আৰু ছাইফুল হাচানে। দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাসত্ৰখনৰ সামগ্ৰীক প্ৰতিবেদন পাঠ কৰে সমন্বয়ক ড° উমেশ দাসে।

অনুষ্ঠানটোত আলোচনাসত্ৰবোৰৰ প্ৰতিৱেদক হিচাপে ভাগ লয় ক্ৰমে চিলাৰায় মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা নিৰ্মলা ৰায়, অসম সাহিত্য সভাৰ গৱেষণা আহ্বায়ক দীপক সৰকাৰ, সভাৰ সাংগঠনিক সম্পাদক আজাদ আলী আহমেদ, আঞ্চলিক সম্পাদক দীপক পাটোৱাৰী, ধুবুৰী জিলা সাহিত্য সভাৰ সম্পাদক বিনয় কুমাৰ নাথ আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষক দেৱজিৎ সাহাই।

জাতীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠান সামৰা হয়। প্ৰথম দিনৰ পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ভোলানাথ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰীতা বৰাই, স্মৃতি তৰ্পণ কৰে ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ছাইদুল ইছলামে, ভোলানাথ চৌধুৰীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° উপেন্দ্ৰজিৎ শৰ্মাই, গছপুলি ৰোপণ কৰে ধুবুৰী জিলা সাহিত্য সভাৰ উপ সভাপতি আনোৱাৰ হুছেইনে।

ইয়াৰ পাছতে আলোচনাসত্ৰ ৰ সমন্বয়ক ড° উমেশ দাসে আঁত ধৰা অনুষ্ঠানটোৰ সঞ্চালনা কৰে ভোলানাথ মহাবিদ্যালয়ৰ উপাধ্যক্ষা ৰীতা বৰাই। অনুষ্ঠানটোৰ বন্তি জ্বলায় ৰত্নপীঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তৰণীকান্ত ৰায়ে, উদ্বোধনী ভাষণ প্ৰদান কৰে চিলাৰায় মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভাৰত ভূষণ মহান্তিয়ে।

আলোচনাসত্ৰখনৰ বীজ ভাষণ প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই। উদ্বোধনী অনুষ্ঠানটোত আলোচনাসত্ৰখনৰ সংক্ষিপ্তসাৰ গ্ৰন্থখনৰ শুভ উন্মোচন কৰা হয়। অনুষ্ঠানটোত অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক দীপক পাটোৱাৰী, সাংগঠনিক সম্পাদক আজাদ আলী আহমেদ, গৱেষণা আহ্বায়ক দীপক সৰকাৰ, ধুবুৰী জিলা সাহিত্য সভাৰ উপ সভাপতি আনোৱাৰ হুছেইন, সম্পাদক বিনয় কুমাৰ নাথ, ভোলানাথ মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাবৃন্দ ক্ৰমে ছাইদুল ইছলাম, ডঃ অলকা শৰ্মা, ড° পলী বেজবৰুৱা, ছাইফুল হাচান, দেৱশ্ৰী ৰায়, ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকা জুঁই দাস প্ৰমুখ্যে শতাধিক গৱেষক-গৱেষিকা, শিক্ষাৰ্থীবৃন্দই অংশ লয় ।

উদ্বোধনী অনুষ্ঠানৰ পাছতে ড° অলকা শৰ্মাৰ সঞ্চালনাত শিক্ষাৰ্থী, গৱেষকসকলৰ ব্যৱহাৰিক জ্ঞান লাভৰ উদ্দেশ্যে পশ্চিম অসমৰ গীত-মাত, কবিতা আবৃত্তি অনুষ্ঠানৰ আয়োজন কৰা হয়।