কে কেৰ প্ৰথম মৃত্যু বাৰ্ষিকী। যোৱা বছৰৰ ৩১ মে’ত কলকাতাত হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হৈছিল কে কেৰ। এবছৰ হ’ল তেওঁ এই পৃথিৱী ত্যাগ কৰা, কে কে আৰু তেওঁৰ গীতবোৰ সদায় এটা ধ্ৰুৱ–স্কুলতেই হওক, কলেজতেই হওক বা কৰ্মজীৱনতেই হওক।
কেছেট, ৱাকমেন, চিডিৰ পৰা ইউটিউব আৰু অনলাইন ষ্ট্ৰীমিং প্লেটফৰ্মলৈ পৰিৱৰ্তন হ’ল। কিন্তু গীতৰ তালিকা আৰু হৃদয়ত কে কে সদায় থাকি গ’ল। কে কে নামেৰে পৰিচিত কৃষ্ণকুমাৰ কুন্নাথৰ মৃত্যু যোৱা বছৰ বিশ্বৰ অনুৰাগীসকলৰ বাবে এক শ্বক আছিল। তেওঁৰ হাঁহিমুখীয়া মুখখন আৰু সুন্দৰ কণ্ঠৰ বাবে অনুৰাগীৰ হৃদয়ত স্থান পাইছিল।পৰিয়ালৰ সদস্য, বন্ধু-বান্ধৱী আৰু চিনাকি মানুহৰ সৈতে কথা-বতৰাৰ সময়ত কে কে তেওঁলোকৰ ‘প্ৰিয় গায়ক’ৰ তালিকাত সদায় আছিল। কোনো বিতৰ্ক, কোনো কাজিয়া, কোনো নাটক–কে কেয়ে সংগীতৰ প্ৰতি থকা প্ৰেম আৰু আৱেগৰ বাবে আজীৱন জীয়াই থাকিব ৰাইজৰ মাজত।
লেংটিছিঙাৰ ৰাজীৱ গান্ধী মে’মৰীয়েল কলেজৰ IQAC & Research Cell ৰ উদ্যোগত আৰু জুবাইৰ মাছুদ শিক্ষা আৰু দাতব্য ট্ৰাষ্টৰ সহযোগত “অসমৰ নৈ-পৰীয়া অঞ্চলৰ সমস্যা আৰু সমাধান” শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আজি মহাবিদ্যালয়খনত অনুষ্ঠিত হৈ যায়।
মহাবিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ড° ৰিতা শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা আলোচনা চক্ৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ৰ পৰা ৩৯ জন গৱেষক – গৱেষিকাই তেওঁলোকৰ গৱেষণা পত্ৰ সমূহ পাঠ কৰে।
আজিৰ এই আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰবী বিভাগৰ মুৰব্বী অধ্যাপক ড° আবু বক্কৰ ছিদ্দিক, মেঘালয়ৰ USTM ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° ই এ হুদা উপস্থিত থাকি গৱেষক সকলৰ গৱেষণা পত্ৰ সমুহ পৰ্যবেক্ষণ কৰে ৷
আলোচনৰ চক্ৰৰ আৰম্ভণিতে আলোচনা চক্ৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে মহাবিদ্যালয় খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ৰাম চন্দ্ৰ পাঠকে আৰু বিষয় বস্তুৰ বিষয়ে ব্যখ্যা কৰে আলহাজ আবুল কাশেমে। শেষত আলোচনা চক্ৰত অংশগ্ৰহণ কৰা গৱেষক সকলৰ মাজত প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।
দ্য কেৰেলা ষ্ট’ৰীৰ বিতৰ্ক শেষ হোৱাই নাই। বৰ্তমান দেশ-বিদেশত চলি আছে দ্য কেৰেলা ষ্ট’ৰী ছবিখন। বক্স অফিচত এই ছবিখনে ২৫০ কোটিৰো অধিক অতিক্ৰম কৰিছে। বৰ্তমান এই ছবিখনৰ প্ৰতি ভাবুকি আহিছে। সন্ত্ৰাসবাদী সংগঠন আইছিছে ই-মেইল যোগে ভাবুকি প্ৰেৰণ কৰিছে ছবিখনলৈ। মেইলযোগে কোৱা হৈছে যে যদি ছবিখনৰ প্ৰদৰ্শনী বন্ধ নহয়, তেন্তে তেওঁলোকে ছবি খনৰ প্ৰতি বিহিত ব্যৱস্থা ল’ব।
ইফালে বিপুল শ্বাহৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। শেহতীয়াকৈ ছবি পৰিচালক সুদীপ্ত সেনৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। তেওঁক হস্পিতালত ভৰ্তি কৰিব লগা হৈছিল।
আচলতে The Kerala Story এতিয়া সমগ্ৰ বিশ্বতে চৰ্চা চলি আছে। ছবিখনত দেখুওৱা হৈছে যে কেনেকৈ আইছিছে অমুছলমান যুৱতীসকলক তেওঁলোকৰ কবলত ৰাখি ধৰ্মান্তৰিত কৰে। তাৰ পিছত তেওঁলোকক সন্ত্ৰাসবাদী হিচাপে ব্যৱহাৰ কৰে বা যৌন দাস কৰি তোলে। কেৰেলা কাহিনীৰ জৰিয়তে কেৰালা ৰাজ্যৰ তিনিগৰাকী ছোৱালীৰ কাহিনী দেখুৱা হৈছে। মুক্তিৰ পূৰ্বে প্ৰযোজকগৰাকীয়ে দাবী কৰিছিল যে যোৱা কেইবছৰমানৰ ভিতৰত কেৰালাৰ ৩২ হাজাৰ ছোৱালী আইছিছৰ ষড়যন্ত্ৰৰ বলি হৈছে। যদিও প্ৰযোজকৰ লগত বহুতৰে মতানৈক্য আছে আৰু এই ছবিখনক অপপ্ৰচাৰ বুলি অভিহিত কৰিছে।