প্ৰধানমন্ত্ৰীয়ে চেংগোলৰ আগত প্ৰণাম কৰি হাতত পবিত্ৰ ৰাজদণ্ড লৈ তামিলনাডুৰ বিভিন্ন আধিনামৰ মহাপুৰোহিতৰ পৰা আশীৰ্বাদ বিচাৰিছিল। ইয়াৰ পিছতে মোদীয়ে “নদস্বৰম”ৰ সুৰৰ মাজত আৰু বৈদিক মন্ত্ৰৰ গীতৰ মাজত শোভাযাত্ৰা কৰি নতুন সংসদ ভৱনলৈ লৈ যায় আৰু লোকসভা চেম্বাৰত অধ্যক্ষৰ চকীখনৰ সোঁফালে বিশেষ ঘেৰাওত স্থাপন কৰে।কেন্দ্ৰীয় মন্ত্ৰীকে ধৰি ৰাজনাথ সিং, অমিত শ্বাহ, এছ জয়শংকৰ, অশ্বিনী বৈষ্ণৱ, মানসুখ মাণ্ডৱিয়া আৰু জিতেন্দ্ৰ সিং, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ সভাপতি জে পি নাড্ডাকে ধৰি অন্যান্য নেতা উপস্থিত থাকে। প্ৰধানমন্ত্ৰীয়ে নতুন সংসদ ভৱন নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা একাংশ শ্ৰমিকক চাদৰ আৰু স্মৃতিগ্ৰন্থৰে সম্বৰ্ধনা জনায়।এই উপলক্ষে বহু ধৰ্মীয় প্ৰাৰ্থনাও অনুষ্ঠিত কৰা হয়। অধ্যক্ষ আৰু কিছু গণ্যমান্য ব্যক্তিৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকীয়ে পিছত পুৰণি সংসদ ভৱনলৈ যায়।
টাটা প্ৰজেক্টছ লিমিটেডে নিৰ্মাণ কৰা নতুন সংসদ ভৱনটোত ভাৰতৰ গণতান্ত্ৰিক ঐতিহ্য প্ৰদৰ্শনৰ বাবে এক বৃহৎ সংবিধান প্ৰেক্ষাগৃহ, সাংসদসকলৰ বাবে লাউঞ্জ, পুথিভঁৰাল, একাধিক সমিতিৰ কক্ষ, খাদ্য গ্ৰহণৰ স্থান আৰু প্ৰচুৰ পাৰ্কিং স্থান থাকিব। ত্ৰিকোণীয় আকৃতিৰ চাৰিমহলীয়া এই ভৱনটোৰ বিল্ড আপ এলেকা ৬৪,৫০০ বৰ্গমিটাৰ। অট্টালিকাটোৰ তিনিটা মূল গেট আছে — জ্ঞান দ্বাৰ, শক্তি দ্বাৰ, আৰু কৰ্মদ্বাৰ।
তামুলপুৰত নিশা ভয়াবহ পথ দুৰ্ঘটনা। ৰৈ থকা ট্ৰেইলাৰত প্ৰচণ্ড খুন্দা বাইক আৰোহীৰ। নিশা তামুলপুৰৰ-ৰঙিয়া- ভূটান পথৰ বৰখোপাত ভয়াবহ পথ দূৰ্ঘটনা সংঘটিত হয়। পথ দূৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী যুৱক। খবৰ অনুসৰি বৰখোপাত পথৰ কাষত ৰৈ থকা ট্ৰেইলাৰ ( AS 01JC 3987 ) তীব্ৰ বেগী বাইকৰ( AS 27 B 7625) খুন্দাত থিতাতে নিহত হয়।
নিহত লোক জন ওদালগুৰী জিলাৰ ধৰমজুলী আঠেৰীঘাট চাহ বাগিছাৰ প্ৰনৱজ্যোতি ডেকা (৩৫) ৷ যুৱক জনে নিশা আঠেৰীঘাট চাহ বাগিছাৰ পৰা ৰঙিয়াৰ শহুৰেকৰ ঘৰলৈ গৈ আছিল বুলি জানিব পৰা গৈছে।