Home Blog Page 1544

দশমবাৰৰ বাবে আই পি এলৰ ফাইনেলত প্ৰৱেশ চেন্নাই ছুপাৰ কিংছ। কোৱালিফায়াৰ-১ মেচত চেন্নাই ছুপাৰ কিংছে গুজৰাট টাইটানছক ১৫ ৰানত পৰাস্ত কৰে…

মহেন্দ্ৰ সিং ধোনিৰ অধিনায়কত্বৰ চেন্নাই ছুপাৰ কিংছ দলে কোৱালিফায়াৰ-১ত গুজৰাট টাইটানছক পৰাস্ত কৰি দশমবাৰৰ বাবে আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰে। গুজৰাটক চি এছ কেক পৰাস্ত কৰাৰ সময়ত অনুৰাগীসকলে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল জানেনে? কোৱালিফায়াৰ-১ত গুজৰাট টাইটানছক পৰাস্ত কৰি দশমবাৰৰ বাবে আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰিছে মহেন্দ্ৰ সিং ধোনিৰ অধিনায়ক চেন্নাই ছুপাৰ কিংছ দলে। গুজৰাট টাইটানছৰ দলটোৱে আই পি এল ২০২৩ৰ লীগ মেচত সৰ্বাধিক জয় পঞ্জীয়ন কৰি টেবুল টপাৰ হিচাপে স্থান লাভ কৰিছিল যদিও কোৱালিফায়াৰ-১ মেচত মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছৰ সন্মুখত ভাল খেলিব পৰা নাছিল। মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত্বত গঠিত চেন্নাই ছুপাৰ কিংছ দলটোৱে কোৱালিফায়াৰ-১ত গুজৰাট টাইটানছক পৰাস্ত কৰি দশমবাৰৰ বাবে আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰে। গুজৰাট টাইটানছৰ দলটোৱে আই পি এল ২০২৩ৰ লীগ মেচত সৰ্বাধিক জয় পঞ্জীয়ন কৰি টেবুল টপাৰ হিচাপে স্থান লাভ কৰিছিল যদিও কোৱালিফায়াৰ-১ মেচত মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছৰ সন্মুখত দৌৰিব পৰা নাছিল। কোৱালিফায়াৰ-১ মেচত চেন্নাই ছুপাৰ কিংছে গুজৰাট টাইটানছক ১৫ ৰানত পৰাস্ত কৰে। ইয়াৰ পিছত অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত গুজৰাট টাইটানছৰ দলটোক ট্ৰ’ল কৰি চেন্নাই ছুপাৰ কিংছ দলটোক প্ৰশংসা কৰিছে।

ঋতুৰাজ গাইকৱাদৰ উজ্জ্বল ইনিংছৰ জৰিয়তে চেন্নাই ছুপাৰ কিংছে গুজৰাট টাইটানছক পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে খিতাপ দখলৰ দিশে আগবাঢ়িছে। গাইকৱাদৰ ৪৪ বলত ৬০ ৰানৰ ইনিংছৰ ভিত্তিত ৭ উইকেটত ১৭২ ৰান সংগ্ৰহ কৰাৰ পিছত গুজৰাট টাইটানছৰ ইনিংছ শেষৰ বলত ১৫৭ ৰান বাণ্ডিল আউট কৰি দশমবাৰৰ বাবে ফাইনেলত ভৰি দিয়ে। এই প্ৰতিযোগিতাত গুজৰাটৰ দলটোৱে প্ৰথমবাৰৰ বাবে অল আউট কৰিছে। বুধবাৰে দ্বিতীয়খন কোৱালিফায়াৰত লক্ষ্ণৌ ছুপাৰজায়েণ্টছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হ’বলগীয়া এলিমিনেটৰ মেচখনৰ বিজয়ী দলৰ বিৰুদ্ধে এতিয়া গুজৰাট দলে খেলিব। অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত গুজৰাট টাইটানছৰ দলটোক ট্ৰ’ল কৰিছে।

গুজৰাট টাইটানছৰ হৈ সৰ্বাধিক ৪২ ৰান অৰিহণা যোগায় শুভমান গিলে।

‘বিফল হোৱাটো স্বাভাৱিক। মই বহুবাৰ বিফল হৈছিলো’ UPSCত ৩ নম্বৰ স্থান লাভ কৰা উমা হাৰাথী…

‘বিফল হোৱাটো স্বাভাৱিক। মই বহুবাৰ বিফল হৈছিলো’ UPSCত উৰ্ত্তীণ উমা হাৰাথী..! পঞ্চমবাৰৰ প্ৰচেষ্টাৰ অন্তত অসামৰিক সেৱাৰ পৰীক্ষাত ৩ নম্বৰ স্থান লাভ কৰে উমা হাৰাথী। উমা হাৰাথী এক বাৰ্তা শ্বেয়াৰ কৰে: “বিফল হোৱাটো স্বাভাৱিক। মই বহুনবাৰ বিফল হৈছিলো।” তেলেংগানাৰ অভিযান্ত্ৰিক স্নাতক উমা হাৰাথি এনক অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ পাঁচবাৰ চেষ্টা কৰিবলগীয়া হৈছিল। ২০২২ চনৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ (ইউ পি এছ চি) পৰীক্ষাত তৃতীয় স্থানত লাভ কৰে উমাই।আই আই টি-হায়দৰাবাদৰ স্নাতক উমা শীৰ্ষ চাৰিটা স্থান লাভ কৰা মহিলাসকলৰ ভিতৰত অন্যতম – লগতে ইশিতা কিশোৰ (এ আই আৰ ১), গৰিমা লোহিয়া (এ আই আৰ ২), আৰু স্মৃতি মিশ্ৰ (এ আই আৰ ৪), আটাইকেইজনেই দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক।

এক সাক্ষাৎকাৰত কয় যে, “এয়া মোৰ পঞ্চমটো প্ৰচেষ্টা আছিল। এইটো এক দীঘলীয়া প্ৰক্ৰিয়া আৰু ই সহজ নাছিল। কিন্তু ই আছিল এক দীঘলিয়া যাত্ৰা।” ২৮ বছৰীয়া যুৱতীগৰাকীয়ে কয় যে তেওঁৰ পিতৃয়েই তেওঁক অসামৰিক সেৱাৰ প্ৰতি প্ৰেৰণা যোগাইছিল। সফলতাৰ কোনো এটা সূত্ৰ নাই আৰু অধ্যৱসায়েই কিবা এটা লাভ কৰাৰ চাবিকাঠি বুলিও উমাই।তেওঁ আৰু কয় যে ছাত্ৰ-ছাত্ৰীসকলে যিমান প্ৰয়োজন সিমানখিনিহে পঢ়িব লাগিব।”বেছিকৈ পঢ়িব নালাগে। মাত্ৰ যিমান লাগে সিমান পঢ়ক আৰু অনুশীলন কৰক। এইটো এটা প্ৰতিযোগিতামূলক পৰীক্ষা আৰু অনুশীলনে সকলো সম্ভৱ । গতিকে, বহুত অনুশীলন কৰক, নিজৰ কৌশল ৰাখক।”৬১৩ জন পুৰুষ আৰু ৩২০ জন মহিলাকে ধৰি ৯৩৩ জন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছে। শীৰ্ষ ২৫ ৰ ভিতৰত ১৪ গৰাকী মহিলা আৰু ১১ গৰাকী পুৰুষ।

আপুনি নিৰামিষভোজী নেকি ? চিন্তা নকৰিব, এই পাঁচটা বস্তুৱেই আপোনাক দিব প্ৰ’টিন…

যদি আপুনি মাংস, কণী বা মাছ একোৱে নাখায় তেন্তে চিন্তা নকৰিব… এই পাঁচটা বস্তুৱে আপোনাক দিব প্ৰ’টিন।
গ্ৰীষ্মকালত স্বাস্থ্যৰ বাবে প্ৰটিন অতি গুৰুত্বপূৰ্ণ। পেশীৰ বাবে প্ৰটিন অতি প্ৰয়োজনীয়। প্ৰটিনৰ বাবে কণী, মাংস বা মাছ খোৱাটো বাঞ্ছনীয়। এই সকলোবোৰ প্ৰটিনৰ ভাল উৎস বুলি গণ্য কৰা হয়। কিন্তু যদি আপুনি নিৰামিষভোজী সেৱন নকৰে, তেন্তে আপুনি খাদ্য তালিকাত কিছুমান বস্তু অন্তৰ্ভুক্ত কৰি পৰ্যাপ্ত পৰিমাণৰ প্ৰ’টিন লাভ কৰিব পাৰে। জানো আহক…


পনীৰ
যদি আপুনি নিৰামিষভোজী আৰু প্ৰ’টিনৰ অভাৱ পূৰণ কৰিব বিচাৰে তেন্তে পনীৰ সেৱন কৰিব লাগব। জিমলৈ যোৱা মানুহে প্ৰায়ে কেঁচা পনিৰ খায়। কোৱা হয় যে ১০০ গ্ৰাম পনীৰত ১৮-২০ গ্ৰাম প্ৰ’টিন পোৱা যায়। সেইবাবেই পনীৰ খোৱাটো উপকাৰী।
সৰিয়হ
প্ৰটিনৰ ভাল উৎস সৰিয়হ। প্ৰায় ৩৬ গ্ৰাম প্ৰ’টিন ১০০ গ্ৰাম সৰিয়হৰ দ্বাৰা যোগান ধৰা হয়। জিমৰ প্ৰশিক্ষকসকলেও সৰিয়হ খোৱাৰ পৰামৰ্শ দিয়ে।
বাদাম
বাদামতো প্ৰ’টিন প্ৰচুৰ পৰিমাণে পোৱা যায়। স্বাস্থ্য বিশেষজ্ঞৰ মতে ১০০ গ্ৰাম বাদামৰ পৰা শৰীৰত প্ৰায় ২৫ গ্ৰাম প্ৰ’টিন পোৱা যায়। এনে পৰিস্থিতিত প্ৰ’টিনৰ বাবে খাদ্যত বাদাম অন্তৰ্ভুক্ত কৰাটো উপকাৰী।

দাইলতো যথেষ্ট পৰিমাণৰ প্ৰ’টিন পোৱা যায়। ভাৰতত বহু ধৰণৰ দাইল পোৱা যায়। ইয়াৰ ভিতৰত প্ৰ’টিনৰ বাবে মগু দাইল সৰ্বোত্তম।

দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰৰ সাফল্য; উচ্চ শিক্ষাৰ বাবে সহায়ৰ আহ্বান

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও জিলাৰ বেবেজীয়া জুৰীয়া নামঘৰৰ সমীপৰ অতি দৰিদ্ৰ পৰিয়ালৰ এজন ছাত্ৰই সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। মেধাৱী এই ছাত্ৰ জনৰ নাম প্ৰশান্ত বৰা।

বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পাঁচটা বিষয়ত লেটাৰ মাৰ্ক পাই প্ৰথম বিভাগত উৰ্ত্তীণ হৈ বিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ যে ছাত্ৰ জনৰ পিতৃ -মাতৃৰ ইতিমধ্যে মৃত্যু হৈছে। পিতৃ-মাতৃৰ অবৰ্তমানত আইটাক দিলিমাই বৰাই ছাত্ৰ জনক অতি‌ কষ্টৰে পঢ়াই শুনাই ডাঙৰ দীঘল কৰে‌‌।

আইটাকৰ নেৰানপেৰা চেষ্টা আৰু প্ৰশান্তৰ কঠোৰ পৰিশ্ৰমে এই সফলতা আনি দিবলৈ সক্ষম হৈছে।অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজনৰ উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত এতিয়া সমস্যাৰ হৈছে। অৰ্থনৈতিক সংকটৰ বাবে উচ্চ শিক্ষা গ্ৰহণৰ আশা পুহি ৰখা প্ৰশান্ত ঠমকি ল’ব লগা হৈছে।

সেয়ে প্ৰশান্তক কোনো সদাশয় লোকৰ সহায়ৰ প্ৰয়োজন। ‌ সেয়ে আইটাকে এইক্ষেত্ৰত সকলোৰে পৰা সহায়- সহযোগিতা বিচাৰিছে। স্থানীয় লোকেও ছাত্ৰ জনক উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সদাশয় লোকৰ সহযোগিতা কামনা কৰিছে। কোনো হৃদয় বান লোকে এই ক্ষেত্ৰত সাহায্য আগবঢ়াই ছাত্র জনৰ সপোন সাৰ্থক কৰিব বুলি সচেতন ৰাইজে সংবাদ মাধ্যম যোগে আহ্বান জনাইছে।

গুৰুজনাৰ পবিত্ৰ জন্মস্থান শ্ৰী শ্ৰী পাতেকিবৰী সত্ৰত বৃক্ষৰূপন কাৰ্যসূচী

মঙলবাৰে মৈৰাবাৰী স্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান পাতেকিবৰী সত্ৰত ‘চানৰাইচ ক্লাৱ’ৰ উদ্যোগত আৰু ‘নেহৰু যুৱ কেন্দ্ৰ’ মৰিগাঁৱৰ সহযোগত এখনি বৃক্ষৰোপণ কাৰ্যসূচী পালন কৰা হয়।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে মৈৰাবাৰী উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া হেমন্ত ডেকা, মৈৰাবাৰী আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ লুৎফুৰ ৰহমান, অসম ৰাজ্যিক গ্ৰামীণ জীবিকা মিশন অভিযানৰ বিষয়া ধনজিত দাস,ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত সমাজ সেৱক, শিক্ষক আব্দুল গফুৰ,

মৈৰাবাৰী আৰক্ষী থানাৰ পৰিদৰ্শক পংকজ দাস,চানৰাইচ ক্লাৱৰ সভাপতি তবিউৰ ইছলাম সম্পাদক শ্বাহিনুৰ ৰহমান, যুৱ সাংবাদিক মুস্তফা মেহেবুব মুক্তাৰকে আদি কৰি অঞ্চলৰ বহু কেইজন গণ্য মান্য ব্যক্তিৰ লগতে চানৰাইচ ক্লাৱৰ সদস্য সকল।

নেপালী এম.আই.এল.ত ৰাজ্যৰ ভিতৰতে ১০০ নম্বৰ সংগ্ৰহ কৰি উজ্জ্বলিল ঊৰ্মিলা পোড়েল

সোমবাৰে ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহৰ ফলাফল সন্তোষজনক।

জিলাখনৰ পৰা যদিও স্থান প্ৰাপ্তৰ তালিকাত এগৰাকীও ছাত্ৰ- ছাত্ৰী নাই তথাপিও নেপালী বিষয়ত সৰ্বাধিক নম্বৰ সংগ্ৰহ কৰি সমগ্ৰ ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় উত্তৰ নাওবান্ধা গাঁৱৰ অৰ্জুন পোড়েলৰ কন্যা ঊৰ্মিলা পোড়েল নামৰ ছাত্ৰী গৰাকীয়ে।

উত্তৰ অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত অতি অনগ্ৰসৰ অঞ্চল হিচাপেও হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহুকেইগৰাকী মেধাৱী ছাত্ৰ- ছাত্ৰীয়ে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। ডিমাকুছি শেখৰ শংকৰদেৱ মিছন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰটোত সৰ্বাধিক নম্বৰৰে উজ্বলিল সোণাজুলিত অৱস্থিত ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান হিমালয়ান একাডেমীৰ ছাত্ৰ সঞ্জয় শৰ্মা নামৰ ছাত্ৰ গৰাকী।

সঞ্জয় শৰ্মাই ৯২.৫ শতাংশ নাম্বৰ লাভ কৰি ছয়টা বিষয়তে লেটাৰ মাৰ্ক ৰাখিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে হিমালয়ান একাডেমীৰ পৰা ১০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল , ইয়াৰে ৬ গৰাকীয়ে প্ৰথম বিভাগত, ২ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়।

বিদ্যা ভাৰতীৰ অন্তৰ্ভূক্ত ডিমাকুছি শংকৰদেৱ শিশু নিকেতনৰ পৰা ষ্টাৰ মাৰ্ক সহ ৬ গৰাকী প্ৰথম বিভাগত, ৯ গৰাকী দ্বিতীয় বিভাগত আৰু ৪ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। নিকেতনখনৰ উত্তীৰ্ণ হাৰ ৯০.৪৭ % । ডিমাকুছি শেখৰ শংকৰদেৱ মিছন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ২২ গৰাকী প্ৰথম বিভাগত ইয়াৰে ৪ গৰাকীৰ ষ্টাৰ মাৰ্ক, ৪৫ গৰাকী দ্বিতীয় বিভাগত, ৫০ গৰাকী ছাত্ৰ-ছাত্ৰী তৃতীয় বিভাগত উত্তীৰ্ণ হয়।

বিদ্যালয় খনৰ শতকৰা উত্তীৰ্ণ হাৰ হ’ল ৪০.২০ শতাংশ। ডিমাকুছি অঞ্চলৰ বিদ্যালয় সমূহৰ ফলাফলক লৈ আনন্দিত শিক্ষক-শিক্ষয়িত্ৰী ছাত্ৰ- ছাত্ৰী অভিভাৱক সকল। সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে ভৱিষ্যতৰ পৰীক্ষাৰ্থী সকলক ইয়াতকৈও অধিক ভাল ফলাফল দেখুৱাবলৈ আহ্বান জনাই৷

হাতে হাতে প্লে কাৰ্ড লৈ সমদল কৰি পৰিবহন মন্ত্ৰীলৈ পত্ৰ; ছাত্ৰ-ছাত্ৰীৰ বাবে সুৰক্ষিত বাট-পথৰ দাবী ছাত্ৰসমাজৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে সুৰক্ষিত পথৰ ব্যৱস্থা কৰিবলৈ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক আহ্বান জনাইছে ৰাজ্যৰ ছাত্র সমাজে। ছাত্ৰ-ছাত্ৰী সকলে যাতে নিৰাপদে চাইকেল চলাই, খোজ কাঢ়ি নিজ নিজ শিক্ষানুষ্ঠানলৈ অহা-যোৱা কৰিব পাৰে সেইটো নিশ্চিত কৰিবলৈ ছাত্ৰ-সমাজে পৰিবহন মন্ত্ৰীক আহ্বান জনায়।

ৰাষ্ট্ৰসংঘৰ বিশ্ব পথ সুৰক্ষা সপ্তাহ (১৫ মে পৰা ২১ মে) ৰ লগত সংগতি ৰাখি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত, কনজিউমাৰ ভয়েচ – নতুন দিল্লী আৰু সেউজ অসমৰ সহযোগত চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে স্বাক্ষৰ কৰা এই আহ্বান সম্বলিত এক পত্ৰ সোমবাৰে পৰিবহণ মন্ত্ৰী শুক্লবৈদ্যক প্ৰদান কৰা হয়।

এই পত্ৰযোগে গুৱাহাটীৰ শিক্ষানুষ্ঠানৰ কাষত থকা পথত ছাত্ৰ-ছাত্ৰীৰ বাবে সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰিবলৈ দাবী জনোৱা হয়। ইয়াৰ পূৰ্বে বিশ্ব পথ সুৰক্ষা সপ্তাহৰ লগত সংগতি ৰাখি গুৱাহাটীৰ টিচি চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সাতগাওঁ উচ্চ বিদ্যালয়ৰ প্ৰায় চাৰি শতাধিক ছাত্র-ছাত্ৰীৰ দ্বাৰা এক সমদল উলিয়াওৱা হয়।

‘বিদ্যালয়ৰ ওচৰত বাহনৰ গতি বেগ নিয়ন্ত্ৰণ কৰক’, ‘আপোনাৰ বাহনৰ গতিবেগ আমাৰ জীৱনৰ বাবে গুৰুত্বপূৰ্ণ’, ‘বাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰি আমাৰ ভবিষ্যত সুৰক্ষিত কৰক’, ‘বিদ্যালয়ৰ ওচৰত দ্বায়িত্ব সহকাৰে বাহন চলাওক’, ‘ছাত্র-ছাত্ৰীৰ বাবে পথ সুৰক্ষিত কৰি তোলক’ আদি শ্লোগান লিখা প্লেকাৰ্ড হাতে হাতে লৈ ছাত্ৰ-ছাত্ৰী সকলে সমদলত অংশ লয়।

পৰিবহন মন্ত্ৰী শুক্লবৈদ্যলৈ প্ৰেৰণ কৰা পত্ৰখনত ছাত্র সমাজে কয় – বিদ্যালয় পূর্ণ গতিত চলি থকা সময়ত বিদ্যালয়ৰ দাঁতি কাষৰীয়া বাট পথত সৃষ্টি হোৱা ভয়াবহ যান-জঁটে ছাত্র-ছাত্ৰীৰ জীৱনৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰি আহিছে। এনে যান-যটে দুৰ্ঘটনাৰ আশংকা বহু পৰিমাণে বৃদ্ধি কৰে।

গুৱাহাটীৰ বহু বিদ্যালয়ৰ কাষত উপযুক্ত ফুটপাথ আৰু জেব্ৰা ক্ৰছিংৰ ব্যৱস্থা নাই। ফলত বাধ্য হৈ মূল পথেদি খোজ কাঢ়ি বিদ্যালয়লৈ অহা যোৱা কৰিব লাগে ছাত্ৰ-ছাত্ৰী সকলে। আন্তঃগাঁথনিৰ এনে অভাৱৰ ফলত ছাত্র-ছাত্ৰী সকলে পথত চলাচল কৰি থকা যান বাহনৰ পৰা যিকোনো মুহূৰ্তত বিপদত পৰাৰ আশংকা থাকে।

গুৱাহাটীৰ অধিকাংশ বিদ্যালয়ৰ কাষত যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ ব্যৱস্থা নাই। ফলত দুৰ্ঘটনাৰ আশংকা অধিক বৃদ্ধি হৈছে। বিদ্যালয়লৈ অহা যোৱা সময়ত ব্যস্ত বাট-পথ পাৰ হোৱাৰত সহায় কৰিব পৰাকৈ ট্ৰেফিক সহায়কাৰীৰ ব্যৱস্থা থাকিলে দুৰ্ঘটনাৰ আশংকা হ্ৰাস পোৱাৰ লগতে ছাত্র-ছাত্ৰী সকলে নিৰাপদে পথ পাৰা-পাৰ হব পাৰে।

কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই শিক্ষানুষ্ঠানৰ কাষৰ পথত যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ কাৰণে উন্নত মানৰ স্পীড বেকাৰ, ছাত্ৰ-ছাত্ৰীয়ে যাতে নিৰাপদে বিদ্যালয়লৈ খোজ কাঢ়ি অহা-যোৱা কৰিব পাৰে বা পথ পাৰা-পাৰ হব পাৰে তাৰ বাবে উপযুক্ত পদপথ আৰু জেব্ৰা ক্ৰছিং, যান-বাহন নিয়ন্ত্ৰনৰ বাবে শিক্ষানুষ্ঠানৰ সন্মুখত উপযুক্ত ট্ৰেফিক চিগনেল আৰু সাংকেতিক চিহ্নি যুক্ত স্থায়ী চাইনবোৰ্ডৰ ব্যৱস্থা কৰি ছাত্র-ছাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনায়।

পঞ্চম চিত্ৰ ভাৰতী চলচ্চিত্ৰ মহোৎসৱৰ প্ৰস্তুতি; গুৱাহাটীত পোষ্টাৰ ৰিলিজ অনুষ্ঠান…

দক্ষিণ পূব এচিয়াৰ সৰ্ববৃহৎ চুটি ছবি আৰু তথ্যচিত্ৰৰ প্ৰতিযোগিতা আৰু মহোৎসৱ ‘চিত্ৰভাৰতী চলচ্চিত্ৰ মহোৎসৱ’ৰ পঞ্চম সংস্কৰণৰ প্ৰস্তুতি আৰম্ভ হৈছে৷ এই প্ৰস্তুতিৰ অংশ হিচাপে আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এটি অনুষ্ঠানত মহোৎসৱৰ পোষ্টাৰ মুকলি কৰা হয়৷ এই অনুষ্ঠানত অংশগ্ৰহন কৰে নৰ্থ ইষ্ট ফিল্ম এণ্ড টিভি টেকনিচিয়ানছ এচচিয়েনছৰ সভাপতি চিত্ৰ পৰিচালক ৰাজেন ৰাজখোৱা, অসম সাংস্কৃতিক সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক শিবাণু বৰা আৰু তৰুণ প্ৰজন্মৰ অভিনেত্ৰী ডাঃ বেজবৰুৱা টু খ্যাত কিংকিনী ভট্টাচাৰ্যই৷ চলচ্চিত্ৰমৰ অধ্যক্ষ উৎপল দত্তই অনুষ্ঠানটি পৰিচালনা কৰে আৰু সাংবাদিকসকলক চিত্ৰভাৰতী চলচ্চিত্ৰ মহোৎসৱৰ কথা বাখ্যা কৰে ৷

‘এটা নিৰ্দিষ্ট আদৰ্শ আৰু উদ্দেশ্য আগত ৰাখি আয়োজন কৰা, তথ্যচিত্ৰ আৰু চুটি ছবিৰ এই বিশাল আয়োজনত অসমৰ অংশগ্ৰহন খুব কম ৷ অসমৰ অধিক সংখ্যক চিত্ৰনিৰ্মাতাই এই মহোৎসৱত অংশগ্ৰহন কৰি নিজৰ কাম বৃহৎ সংখ্যক দৰ্শকৰসন্মুখত প্ৰদৰ্শন কৰা এই সুবিধাটো লোৱা প্ৰয়োজন’- শ্ৰীদত্তই কয় ৷


তথ্য আৰু মনোৰঞ্জনক জনসাধাৰণৰ মাজলৈ নিয়াৰ অন্যতম শক্তিশালী মাধ্যম হৈছে চলচ্চিত্ৰ ৷ ভাৰতৰ উত্থানৰ প্ৰক্ৰিয়াত সকলো ধৰণৰ ছবিৰ ইতিবাচক সম্ভাৱনাৰ কথা উপলব্ধি কৰি একে ভাবধাৰাৰ কেইগৰাকীমান চিত্ৰপ্ৰেমী লগ হৈ ইতিবাচক আৰু গঠনমূলক বাৰ্তাৰ ছবিৰ প্ৰচাৰৰ সিদ্ধান্ত লয় ৷ ভাৰতীয় মূল্যবোধ আৰু দৰ্শনক প্ৰচাৰ কৰা ছবিক উৎসাহিত কৰাৰ উদ্দেশ্যে ২০১৬ চনত ভাৰতীয় চিত্ৰ সাধনাৰ জন্ম হৈছিল ৷


ভাৰতৰ বেছিভাগ ৰাজ্যতে চিত্ৰভাৰতী ফিল্ম ফেষ্টিভেলৰ লগত জড়িত চলচ্চিত্ৰ সংগঠন আছে আৰু তেওঁলোকেও নিজাকৈ চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰে ৷ অসমৰ চলচ্চিত্ৰম্‌ সংগঠনটিও এনেদৰে চিত্ৰভাৰতীৰ সতে জড়িত ৷ প্ৰখ্যাত চলচ্চিত্ৰ শিল্পী আৰু নিৰ্মাতাৰ এটা দলে প্ৰতিযোগিতাত যোগদান কৰা ছবিবোৰৰ মাজৰ পৰা নিৰ্বাচন কৰা কিছু ছবি পুৰষ্কৃত ছবিৰ লগতে চিত্ৰভাৰতী ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শন কৰা হয় ৷ চলচ্চিত্ৰ মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় বিভিন্ন বিষয়ৰ ভালেমান মাষ্টাৰ ক্লাছ আৰু এইবোৰত শিক্ষাৰ্থীসকলে চলচ্ছিত্ৰ জগতৰ বিখ্যাত ব্যক্তিসকলৰ সৈতে অন্তৰংগভাবে মত বিনিময় কৰাৰ সুযোগ পায় ৷


অহা বছৰৰ ২৩, ২৪, ২৫ ফেব্ৰুৱাৰী তাৰিখে হাৰিয়ানাৰ পঞ্চকুলাত চিত্ৰভাৰতী চলচ্চিত্ৰ মহোৎসৱৰ পঞ্চম সংস্কৰণৰ আয়োজন কৰা হৈছে ৷ অহা ছেপ্টেম্বৰ মাহত প্ৰতিযোগিতাৰ ছবি জমা দিব লাগিব ৷


চিত্ৰভাৰতী চলচ্চিত্ৰ প্ৰতিযোগিতাৰ এই প্ৰতিযোগিতাৰ মূল বিষয়বোৰ হ’ল নাৰী সৱলীকৰণ, নিয়োগ, সম্প্ৰীতি, পৰিবেশ, ভৱিষ্যতৰ ভাৰত, জনজাতীয় সমাজ, গ্ৰামোন্নয়ন আৰু বসুধৈৱ কুটুম্বকম ৷ প্ৰতিযোগিতাত শিশু চলচ্চিত্ৰৰ এটি বিশেষ শাখা আছে৷ এই শাখাৰ ছবিৰ বিষয়সমূহ হ’ল – সাহসী শিশু, শিশু শিক্ষাৰ ক্ষেত্ৰত কৰা উদ্ভাৱনসমূহ আৰু নৈতিক শিক্ষা৷


প্ৰতিযোগিতাৰ বিভিন্ন শাখা আৰু বঁটাসমূহ এনে ধৰণৰ-

(ক) চুটি ছবি, দৈৰ্ঘ্য সৰ্বাধিক ৩০ মিনিট, শ্ৰেষ্ঠ ছবি – প্ৰথম পুৰষ্কাৰ এক লাখ টকা, শ্ৰেষ্ঠ পৰিচালক পঞ্চাশ হাজাৰ টকা, শ্ৰেষ্ঠ অভিনেতা পুৰুষ পঞ্চাশ হাজাৰ টকা, শ্ৰেষ্ঠ অভিনেতা মহিলা, পঞ্চাশ হাজাৰ টকা, শ্ৰেষ্ঠ ছবি – দ্বিতীয় পুৰষ্কাৰ পঞ্ছাশ হাজাৰ টকা, শ্ৰেষ্ঠ ছবিৰ তৃতীয় পুৰষ্কাৰ পঁচিশ হাজাৰ টকা ৷


(খ)তথ্যচিত্ৰৰ সময় সৰ্বাধিক ৪৫ মিনিট, শ্ৰেষ্ঠ ছবিৰ প্ৰথম পুৰস্কাৰ এক লাখ টকা, শ্ৰেষ্ঠ ছবি দ্বিতীয় পুৰস্কাৰ ৫০ হাজাৰ টকা, শ্ৰেষ্ঠ ছবি তৃতীয় পুৰস্কাৰ- পঁচিশ হাজাৰ টকা ৷


(গ) শিশুৰ ছবিৰ সৰ্বাধিক দৈৰ্ঘ ২০মিনিট ৷ শ্ৰেষ্ঠ ছবিৰ প্ৰথম পুৰস্কাৰ পঞ্চাশ হাজাৰ টকা, শ্ৰেষ্ঠ ছবিৰ দ্বিতীয় পুৰস্কাৰ পঁচিশ হাজাৰ টকা, শ্ৰেষ্ঠ ছবিৰ তৃতীয় পুৰষ্কাৰ পোন্ধৰ হাজাৰ টকা ৷


(ঘ)কেম্পাছ ফিল্মৰ সৰ্বাধিক দৈৰ্ঘ ২০ মিনিট, এই শাখাত কেৱল চুটি ছবিহে গ্ৰহণ কৰা হ’ব ৷

পুৰষ্কাৰ ক শাখা – চলচ্চিত্ৰ শিক্ষা প্ৰতিষ্ঠান আৰু পেছাদাৰী ছাত্ৰ-ছাত্ৰীৰ বাবে, শ্ৰেষ্ঠ ছবিৰ প্ৰথম পুৰষ্কাৰ পঞ্চাশ হাজাৰ টকা, শ্ৰেষ্ঠ ছবিৰ দ্বিতীয় পুৰষ্কাৰ পঁচিশ হাজাৰ টকা, শ্ৰেষ্ঠ ছবিৰ তৃতীয় পুৰষ্কাৰ পোন্ধৰ হাজাৰ টকা, শ্ৰেষ্ঠ পৰিচালক – পোন্ধৰ হাজাৰ টকা, শ্ৰেষ্ঠ অভিনেতা পুৰুষ পোন্ধৰ হাজাৰ টকা, শ্ৰেষ্ঠ অভিনেতা মহিলা পোন্ধৰ হাজাৰ টকা ৷


খ শাখা – অপেছাদাৰী ছাত্ৰ-ছাত্ৰীৰ বাবে- শ্ৰেষ্ঠ ছবিৰ প্ৰথম পুৰষ্কাৰ ৫০ হাজাৰ টকা, শ্ৰেষ্ঠ ছবিৰ দ্বিতীয় পুৰষ্কাৰ পঁচিশ হাজাৰ টকা, শ্ৰেষ্ঠ ছবিৰ তৃতীয় পুৰষ্কাৰ পোন্ধৰ হাজাৰ টকা, শ্ৰেষ্ঠ পৰিচালক পোন্ধৰ হাজাৰ টকা, শ্ৰেষ্ঠ অভিনেতা পুৰুষ পোন্ধৰ হাজাৰ টকা, শ্ৰেষ্ঠ অভিনেতা মহিলা পোন্ধৰ হাজাৰ টকা ৷ সকলো নগদ বঁটাৰ লগত ট্ৰফী আৰু চাৰ্টিফিকেট দিয়া হ’ব ৷

খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ তৃতীয় সংস্কৰণ…

খেলো ইণ্ডিয়া ইউনিভাচিটি গেমছৰ তৃতীয় সংস্কৰণ (Khelo India University GAMES 2022, 25th May to 3rd June 2023) খেল খন এইবাৰ উত্তৰ প্ৰদেশৰ চাৰিখন চহৰত 25 তাৰিখৰ পৰা 3 জুন তাৰিখলৈ অনুস্থিত হ’ব।

ভাৰতীয় ক্রীড়া প্ৰাধিকৰণ আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ ক্রীড়া আৰু যুৱ পৰিক্রমা বিভাগে আয়োজন কৰা খেলখনত প্ৰাপ্ত তথ্য অনুসৰি দেশৰ 200 খনৰো অধিক বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰাৰ বিপৰীতে 21 বিধ খেলত প্ৰায় 4,002 খেলুৱৈয়ে অংশ গ্ৰহণ কৰিব ।

এই প্ৰতিযোগিতাত কটন বিশ্ববিদ্যালয়ৰ পৰা পোন প্ৰথম বাৰৰ বাবে ৰয়িং ইভেন্টত ৰাষ্ট্ৰীয় ৰ’ৱাৰ অন্যতম ৰাজকুমাৰে 2000M আৰু 500M প্ৰতিদন্দ্বিতা আগবঢ়াব।

উল্লেখ যোগ্য যে ৰয়িং ইভেন্টটো পোন প্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়া ইউনিভাচিটি গেমছত অন্তৰ্ভূক্তি কৰা হৈছে। অন্যতম ৰাজকুমাৰ এই খেলৰ বাবে যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথম জন খেলুৱৈ।

পশ্চিমবংগত ‘The Kerala Story’ৰ প্ৰতি দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি। টিকটৰ বাবে হাহাকাৰ দৰ্শকৰ…

নিষেধাজ্ঞা উঠাই লোৱাৰ পিছত পশ্চিমবংগত ‘The Kerala Story’এ দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে।
পশ্চিম বংগত ‘দ্য কেৰেলা ষ্ট’ৰী’ৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা উঠাই দিলে উচ্চতম ন্যায়ালয়ে। ইয়াৰ সমান্তৰালকৈ এই বিতৰ্কিত ছবিখন ৰাজ্যখনৰ একক পৰ্দাৰ চিনেমা হলত প্ৰদৰ্শিত হৈছে। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে পশ্চিমবংগত ‘The Kerala Story’ৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছিল। ইয়াৰ পিছতে ৰাজ্যত এই বিতৰ্কিত ছবিখন মুক্তি কৰা হয়। একে সময়তে পশ্চিম বংগৰ থিয়েটাৰ আৰু মাল্টিপ্লেক্সৰ মালিকসকলে কৈছে যে বহু হলত ‘অহা দুসপ্তাহৰ স্লট ভৰি পৰিছে’।খবৰ অনুসৰি হলৰ মালিকসকলে ইতিমধ্যে বুকিং কৰা স্লট বাতিল কৰিব নোৱাৰিব বুলি কয় আৰু দুই-তিনি সপ্তাহৰ পাছত সুদীপ্তো সেনৰ পৰিচালিত ছবিখন প্ৰদৰ্শন কৰাৰ সম্ভাৱনা আছে।

ইফালে ‘দ্য কেৰেলা ষ্ট’ৰী’ৰ সংকলনৰ কথা ক’বলৈ গ’লে ছবিখনে মুক্তিৰ ১৮ তাৰিখে ২০০ কোটিৰ সীমা অতিক্ৰম কৰিছে। ইয়াৰ লগে লগে এই ছবিখন শ্বাহৰুখ খান অভিনীত পাথানৰ পিছত ২০০ কোটিৰ ক্লাবত যোগদান কৰা ২০২৩ চনৰ দ্বিতীয়খন ছবি হিচাপে পৰিগণিত হৈছে। ২০ৰ পৰা ৩০ কোটিৰ বাজেটত নিৰ্মিত এই ছবিখনৰ অভিলেখ ভংগকাৰী উপাৰ্জনত সন্তুষ্ট নহয় নিৰ্মাতা আৰু তাৰকা অভিনেতা।