দেৰগাঁৱৰ অন্যতম এক গ্ৰাম্য অঞ্চলৰ চৰকাৰী মাধ্যমৰ বিদ্যালয় দাধৰা শংকৰ দেৱ হাইস্কুলত বিদ্যালয়ৰ ইতিহাসত প্ৰথম বাৰৰ বাবে ২০০৬ বৰ্ষৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ উদ্যোগত “গুৰু সেৱা আৰু সতীৰ্থ মিলন” শীৰ্ষক এক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বিদ্যালয় খনৰ প্ৰাক্তন আৰু বৰ্তমান কৰ্মৰত মুঠ ৩১ জন শিক্ষক-শিক্ষয়িত্ৰী ,কৰ্মচাৰীক সম্বৰ্ধনা জ্ঞাপন কৰে।
২০০৬ বৰ্ষৰ প্ৰাক্তন ছাত্ৰ মৌচুম দাসে আঁতধৰাা অনুষ্ঠানটোত বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক অতুল বৰবৰাৰ সভাপতিত্ব অনুষ্ঠিত মুকলি সভাত ভালে সংখ্যক শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে। তেঁওলোকে ২০০৬ বৰ্ষৰ ছাত্ৰ- ছাত্ৰী সকলৰ সম্বৰ্ধনা গ্ৰহণ কৰি আৱেগিক হৈ পৰে।
২) প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে: হয়, ৰাতিপুৱা পানী খালেও আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ’ব পাৰে। যিসকল লোকৰ প্ৰায়ে ঠাণ্ডা, ঠাণ্ডাৰ সমস্যা হয়, সেইসকল লোকে প্ৰতিদিনে পুৱা ব্ৰাছ কৰাৰ আগতে গৰম পানী খাব লাগে।
৩) চুলিৰ শক্তি: এই কথা শুনি বিশ্বাস নকৰিলেও কিন্তু ৰাতিপুৱা প্ৰথমে পানী খালে চুলি মজবুত আৰু জিলিকি উঠিব পাৰে।
৪) উচ্চ ৰক্তচাপৰ পৰা সকাহ: উচ্চ ৰক্তচাপ ৰোগীয়ে দৈনিক এই ৰুটিন গ্ৰহণ কৰিব লাগে আৰু ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে ব্ৰাছ নকৰাকৈ স্বাভাৱিক পানী বা কুহুমীয়া পানী সেৱন কৰিব লাগে। ইয়াৰ দ্বাৰা ৰক্তচাপৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায়ক হ’ব।
আমিনগাঁৱৰ সংকট মোচন সেৱা আশ্ৰমত শনিবাৰে বিশ্ব হিন্দু মহা সংঘৰ কামৰূপ জিলা সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত হয়। বিশ্ব হিন্দু মহা সংঘ অসমৰ কামৰূপ জিলা সমিতিৰ সভানেত্ৰী গীতা বৰ্মণ দাসৰ সঞ্চালনাত অনুষ্ঠিত সভাত ভাষণ দি বিশ্ব হিন্দু মহা সংঘ অসমৰ সভাপতি তথা দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে হিন্দু ধৰ্মৰ বিষয়ে বিস্তৃত ব্যাখ্যা কৰাৰ লগতে বেদৰ তত্বৰ ওপৰত সন্মুহনী ভাষণ আগবঢ়ায়।
সত্ৰাধিকাৰ গোস্বামীয়ে বৰ্তমান অসমীয়া হিন্দু লোকৰ প্ৰতি এক ভাবুকি আহিছে বুলি উল্লেখ কৰি এই ক্ষেত্ৰত অসমীয়া হিন্দু সকলক একত্ৰিত হৈ জাতি ৰক্ষাৰ কামত ব্ৰতী হবলৈ আহ্বান জনায়। এই ক্ষেত্ৰত অসমীয়া হিন্দু যুৱক যুৱতী সকলক আন্দোলনৰ পৰিবৰ্তে নিজকে স্বাৱলম্বী হবলৈ আহ্বান জনায়।
সভাত গীতা বৰ্মণ দাসক সভানেত্ৰী,লৱ বড়োক সাধাৰণ সম্পাদক হিচাপে লৈ এখন বিশ্ব হিন্দু মহা সংঘৰ নতুন সমিতি গঠন কৰা হয়। শেষত শলাগৰ শৰাই আগবঢ়ায় নন্দা দেৱী দাসে।