Home Blog Page 1565

বটদ্ৰৱাত ভাৰতীয় ষ্টেট বেংকৰ বটদ্ৰৱা শাখা উদ্বোধন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ…

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মঙ্গলবাৰে পুৱাৰ ভাগত জগত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱালৈ আহে। প্ৰণিধানযোগ্য যে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ বিশেষ উদ্যোগ আৰু তৎপৰতাত অসম চৰকাৰৰ পূঁজিৰে বটদ্ৰৱা থানৰ কাৰ্যালয় গৃহ সভাগৃহ সত্ৰাধিকাৰৰ বহা অতিথিশালা নতুন ৰূপত নিৰ্মান কাৰ্য চলি আছে। বটদ্ৰৱা থানত সেৱা কৰি মুখ্যমন্ত্ৰীয়ে থান চৌহদত ৰূপায়ন হৈ থকা উন্নয়ন মূলক আঁচনিৰ কামকাজৰ বুজ লয়। ইতিমধ্যে এই নিৰ্মাণ কাৰ্যৰ আশী শতাংশ কামকাজ সম্পূৰ্ণ হৈ উঠিছে।

গুৰুজনাৰ পূণ্যভূমি বটদ্ৰৱা থানত মুখ্যমন্ত্ৰীৰ আগমনক লৈ উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। মুখ্যমন্ত্ৰীয়ে বটদ্ৰৱা থানত সেৱা গ্ৰহন কৰি সত্ৰাধিকাৰ প্ৰমুখ্যে পৰিচালনা সমিতিৰ লগতো বাৰ্তালাপত মিলিত হয়। বটদ্ৰৱাৰ উন্নয়ন সন্দৰ্ভত পৰিচালনা সমিতিয়ে মুখ্যমন্ত্ৰীৰ হাতত এখনি স্মাৰক পত্ৰ প্ৰদান কৰে । ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড° শৰ্মা উপস্থিত হয় বটদ্ৰৱাৰ পুৰণি বাছ আস্থানৰ সমীপত প্ৰতিষ্ঠা হোৱা ভাৰতীয় ষ্টেট বেংকৰ শাখাত । ভাৰতীয় ষ্টেট বেংকৰ বটদ্ৰৱা শাখাটোৰ দ্বাৰ উন্মোচন কৰি ৰাইজৰ বাবে মুকলি কৰে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পিছতে নিৰ্মান হৈ থকা বটদ্ৰৱা প্ৰকল্পস্থলী পৰিদৰ্শন কৰি নিৰ্মান কাৰ্যৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে। মুখ্যমন্ত্ৰী ড° শৰ্মাৰ বটদ্ৰৱা ভ্ৰমনক লৈ নগাঁও জিলা প্ৰশাসনে বিশেষ তৎপৰতা অৱলম্বন কৰিছে।

বৰছলাৰ পৰা ৰফিকুল ইছলামৰ প্ৰতিবেদন

গৌৰীপুৰত বাল্য বিবাহ, নিচা জাতীয় সামগ্ৰী আৰু শিশু শ্ৰমিকৰ বিৰুদ্ধে সজগতা সভা…

ধুবুৰী জিলা আৰক্ষী প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত গৌৰীপুৰ প্ৰতাপ চন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ গৌৰীপুৰৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় সমূহৰ প্ৰায় চাৰি হাজাৰতকৈ অধিক ছাত্ৰ- ছাত্ৰীয়ে এই সজগতা অনুষ্ঠানত অংশ গ্ৰহন কৰা পৰিলক্ষিত হয় ৷ অনুষ্ঠানটোত জিলা প্ৰশাসনে বাল্য বিবাহ ,নীচা জাতীয় সামগ্ৰী আৰু শিশু শ্ৰমিক বন্ধ কৰাৰ বাবে ছাত্ৰ- ছাত্ৰী সকলক শপত বাক্য পাঠ কৰোৱাই ৷


আজিৰ এই সজগতা সভাৰ জৰিয়তে গৌৰীপুৰৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে বাল্যবিবাহ নীচা জাতীয় সামগ্ৰী আৰু শিশু শ্ৰমিক ৰোধ কৰাৰ বিৰুদ্বে জিলা প্ৰশাসনক প্ৰতিশ্ৰুতি দি সকলোৱে ঐক্যবদ্ধ হয়৷

গৌৰীপুৰৰ পৰা জামানুৰ ৰহমানৰ প্ৰতিবেদন

বিশ্বৰ আটাইতকৈ দামী আম! ১৯,০০০ টকাকৈ বিক্ৰী…

এজন জাপানী কৃষকে বিশ্বৰ আটাইতকৈ দামী আম ২৩০ ডলাৰ (প্ৰায় ১৯,০০০ টকা) পৰ্যন্ত বিক্ৰী কৰিছে। ব্লুমবাৰ্গে প্ৰকাশ কৰিছে এই তথ্য৷

হিৰোয়ুকি নাকাগাৱা নামৰ এজন লোকে জাপানৰ বৰফেৰে ভৰা টোকাচি অঞ্চলৰ সেউজগৃহত শীতকালত আম খেতি কৰে।

বৰফ আৰু প্ৰাকৃতিক গৰম পানীৰ উৎস ব্যৱহাৰ কৰি নাকাগাৱাই ঋতুৰ বাহিৰত প্ৰায় ৫,০০০ আম চপায়। আম খেতিৰ বাবে কোনো ধৰণৰ কীটনাশক ব্যৱহাৰ কৰা নহয় বুলিও তেওঁ কয়।

পূৰ্বে পেট্ৰলিয়াম কোম্পানী চলোৱা ৬২ বছৰীয়া নাকাগাৱাই কয়, “প্ৰথমতে মোক কোনেও গুৰুত্বসহকাৰে লোৱা নাছিল। “ইয়াৰ পৰা হোকাইডোৰ পৰাই মই প্ৰকৃতিৰ পৰা প্ৰাকৃতিক কিবা এটা সৃষ্টি কৰিব বিচাৰিছিলো।”

দেৰগাঁৱৰ যুৱক মাধুৰ্য্য বৰাৰ মহনুভৱতা…

দেৰগাঁৱৰ এজন যুৱকৰ মহানুভৱতাই সচাকৈয়ে অন্তৰ চুই যাব আপোনাৰ । দৰিদ্ৰ লোকক সহায় কৰিবলৈ ওলাই আহিল এজন যুৱক। যুৱক জনৰ গোলাঘাট জিলাৰ অন্তৰ্গত দেৰগাঁৱৰ মাধুৰ্য বৰা l তেওঁ দেৰগাওঁৰ পদপথত ফটা বস্ত্ৰ পিন্ধি এমুঠি অন্নৰ বাবে ঘূৰি ফুৰা মানসিক ভাৱে বিকাৰগ্ৰস্ত এগৰাকী মহিলাক দিলে এসাজ অন্ন আৰু বস্ত্ৰ।

এগৰাকী মহিলাৰ বাবে লজ্জাই জীৱনৰ ডাঙৰ সম্পদ সেয়ে লজ্জা নিবাৰণৰ বাবে এসাজ বস্ত্ৰৰ যোগাৰ কৰি দিয়ে মাধুৰ্য্য বৰাই। দৰিদ্ৰক সহায় কৰি ভাল পোৱা মাধুৰ্য এতিয়া হৈ পৰিছে সকলোৰে প্ৰশংসা পাত্ৰ ।

ৰঙামাটিৰ পৰা দিব্য জ্যোতি কাকতিৰ প্ৰতিবেদন

ধিং ৰিফিউজী প্ৰাথমিক বিদ্যালয়ত ১৬২ তম ৰবীন্দ্র নাথ ঠাকুৰ জন্ম জয়ন্তী উদযাপন…

নগাঁও জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তর্গত ধিং ৰিফিউজী প্ৰাথমিক বিদ্যালয়ত আজি ১৬২ তম ৰবীন্দ্র নাথ ঠাকুৰ জন্ম জয়ন্তী উদযাপন কৰা হয় । ৰবীন্দ্র নাথ ঠাকুৰ প্ৰতিমূৰ্তিত মাল্যৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে ধিঙৰ বিশিষ্ট ব্যৱসায়ী বিমল চন্দ্র দাস আৰু ধিং গিৰিৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰদীপ দে সৰকাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু বিশিষ্ট ব্যক্তি, অভিভাৱক সকলে । বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰী সকলে এটি সমৱেত সংগীত পৰিৱেশন কৰে । বিদ্যালয়ৰ খনে ২০১৭,২০২২ আৰু ২০২৩ বৰ্ষৰ গুণোৎসৱত তিনিবাৰকৈ A+ পাবলৈ সক্ষম হৈ যোৱা বছৰ ২৫ হাজাৰ টকা উদগনি বঁটা লাভ কৰে ।


এই ক্ষেত্ৰত বিদ্যালয়ৰ খনৰ ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্ৰী সকলে আগুৱাই যোৱাত সহযোগিতা আগবঢ়ায় । আনহাতে বিদ্যালয়ৰ খনৰ ছাত্র-ছাত্রী সকলে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিদ্যালয়ৰ খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সমর্থ হৈছে ।


ধিঙৰ পৰা বাশ্বাৰ উল্লাহ মুজাদ্দাদীৰ প্ৰতিবেদন

নাজিৰাৰ কলেজ তিনিআলিত নাজিৰা নগাআলিৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন…

আজি নাজিৰাৰ কলেজ তিনিআলিত সাংসদ তপন কুমাৰ গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই নাজিৰাৰ ঐতিহাসিক নগা আলিৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। বিগত কেইবাবছৰৰ পৰা নাজিৰা এই ঐতিহাসিক নগাআলি অতি বিধ্বস্ত হৈ আছিল। এই বিধ্বস্ত পথছোৱাই অহাযোৱা কৰোতে যমৰ যাতনা ভুগিব লগীয়া হৈছিল স্থানীয় ৰাইজ।

আজি এই বিধ্বস্ত নাজিৰা নগা আলিৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে সাংসদ তপন কুমাৰ গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।


নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ প্ৰতিবেদন

২০২৭ চনৰ ভিতৰত ভাৰতৰ সকলো চহৰতে ডিজেলৰ ৪ চকীয়া বাহন নিষিদ্ধ কৰা হ’ব…

২০২৭ চনৰ ভিতৰত ভাৰতৰ সকলো চহৰতে ডিজেল ৪ চকীয়া বাহন নিষিদ্ধ কৰা হ’ব! পেট্ৰলিয়াম মন্ত্ৰালয়ৰ শক্তি পৰিৱৰ্তন পৰামৰ্শদাতা সমিতিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছে, য’ত ২০২৭ চনৰ ভিতৰত লাখতকৈ অধিক জনসংখ্যা থকা সকলো চহৰতে ডিজেল চালিত ৪ চকীয়া বাহন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ আহ্বান জনোৱা হৈছে।প্ৰাক্তন পেট্ৰলিয়াম সচিব তৰুণ কাপুৰৰ নেতৃত্বত গঠিত পৰামৰ্শদাতা পেনেলে কয় যে পৃষ্ঠ পৰিবহণৰ সামগ্ৰিক দিশ ইভিৰ সপক্ষে হ’ব লাগিব। ইয়াত ৫ বছৰৰ পিছত ডিজেল চালিত ৪ চকীয়া বাহনৰ ওপৰত নিষেধাজ্ঞা বলবৎ কৰিব লাগিব বুলি পৰামৰ্শ দিয়া হৈছে আৰু চহৰ অঞ্চলত ডিজেল চালিত চিটি বাছ সংযোজন নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

প্ৰতিবেদন অনুসৰি ২০২৪ চনৰ পৰা চহৰৰ ডেলিভাৰী বাহনৰ বাবে সকলো নতুন পঞ্জীয়ন কেৱল বৈদ্যুতিক হ’ব লাগে যাতে অহা ১০ বছৰত সকলো লাখ লাখতকৈ অধিক চহৰতে ডেলিভাৰী বাহনৰ ৭৫% বৈদ্যুতিক হ’ব পাৰে।ভাৰতীয় ৰে’লৱেই দ্ৰুত গতিত নিজৰ ট্ৰেকত বিদ্যুৎ সংযোগ কৰি আছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ৰাষ্ট্ৰীয় মালবাহীত ৰে’লৱেৰ অংশ ১৫ বছৰত বৰ্তমানৰ ২৩%ৰ পৰা ৫০% লৈ বৃদ্ধি পাব লাগে। ভাৰতৰ চূড়ান্ত শক্তি ব্যৱহাৰত বিদ্যুতৰ অংশ ১৮%ৰ পৰা ৪০%লৈ বৃদ্ধি পাব বুলি পৰামৰ্শদাতা সমিতিৰ মতে। ২০৩০ চনৰ ভিতৰত ২৫% পৰিয়ালে ৰন্ধনৰ বাবে বিদ্যুৎ ব্যৱহাৰ কৰাৰ লক্ষ্য লোৱা উচিত।ইয়াত আৰু পৰামৰ্শ দিয়া হৈছিল যে ৰন্ধন গেছ (এল পি জি) সংকোচিত জৈৱ গেছ আৰু হাইড্ৰজেনৰ সৈতে মিহলি কৰা উচিত।

আজি মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰ বেংগালুৰু আৰু মুম্বাই ইণ্ডিয়ানছৰ দল। পুনৰ মুম্বাইয়ে অৰ্জুন টেণ্ডুলকাৰক সুযোগ দিবনে?

আজি সন্ধিয়া ৭.৩০ বজাত মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰ বেংগালুৰু আৰু মুম্বাই ইণ্ডিয়ানছৰ দল। এই খেলখন ৱানখেদে ষ্টেডিয়াম মুম্বাইত অনুষ্ঠিত হ’ব। আজি সন্ধিয়া ৭.৩০ বজাত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু মুম্বাই ইণ্ডিয়ানছৰ দলৰ মাজত মুখামুখি হ’ব। এই খেলখন মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। মুম্বাই ইণ্ডিয়ানছে যোৱা তিনিখন খেলত অৰ্জুন টেণ্ডুলকাৰক স্থান দিয়া নাই। এই মেচবোৰত কেতিয়াবা অৰ্জুনৰ ঠাইত আৰ্ছাদ খানে সুযোগ পাইছিল আৰু কেতিয়াবা আকাশ মাধৱালক স্থান দিয়া হৈছিল। এই দুয়োগৰাকী বেগী বলাৰৰ প্ৰদৰ্শন আছিল গড় হিচাপ। এনে পৰিস্থিতিত আজিৰ খেলখনত মুম্বাই ইণ্ডিয়ানছে এই বলাৰসকলৰ ওপৰত নিৰ্ভৰ কৰি থাকিব নে অৰ্জুন টেণ্ডুলকাৰে পুনৰ প্লেইং-১১ৰ অংশ হোৱাৰ সুযোগ পাব সেয়া চাবলৈ আগ্ৰহী হ’ব।

আজিৰ খেলখনত অৰ্জুন অৱতৰণ কৰাৰ সকলো সম্ভাৱনা আছে। কাৰণ বেগী বলাৰ আকাশ আৰু আৰ্শ্বদে পূৰ্বৰ মেচসমূহত বিশেষ আপ্লুত কৰা নাছিল। তেওঁ উইকেট পাইছিল যদিও তেওঁ বহুত ৰান অপচয় কৰিছিল, এনেদৰে মুম্বাইয়ে আজি পুনৰ অৰ্জুনক সুযোগ দিব পাৰে।

এম আই প্লেইং-১১ (প্ৰথম বেটিং): ৰোহিত শৰ্মা (অধিনায়ক), ঈশান কিষাণ (উইকেট ৰক্ষক), কেমেৰন গ্ৰীণ, সূৰ্য্যকুমাৰ যাদৱ, তিলক ভাৰ্মা, টিম ডেভিদ, নাডাল ৱাধেৰা, পীয়ুষ চাওলা, জোফ্ৰা আৰ্চাৰ, আকাশ মাধৱাল, অৰ্জুন টেণ্ডুলকাৰ/ আৰ্ছাদ খনি।

এম আইৰ প্লেইং-১১ (বলিং প্ৰথম): ৰোহিত শৰ্মা (অধিনায়ক), ঈশান কিষাণ (উইকেটকীপাৰ), কেমেৰন গ্ৰীণ, তিলক ভাৰ্মা, টিম ডেভিদ, নাডাল ৱাধেৰা, পিযুষ চাওলা, জোফ্ৰা আৰ্চাৰ, আকাশ মাধৱাল, অৰ্জুন টেণ্ডুলকাৰ/আৰ্ষদ খান, কুমাৰ কাৰ্তিকেয়া।

আৰচিবিৰ প্লেইং-১১ (প্ৰথম বেটিং): বিৰাট কোহলী, ফাফ ডুপলেছিছ (অধিনায়ক), গ্লেন মেক্সৱেল, মহিপাল লমৰ’ৰ, দীনেশ কাৰ্তিক (উইকেটকীপাৰ), অনুজ ৰাৱট/শ্বাহবাজ আহমেদ, কেদাৰ জাধৱ, ৱানন্দু হাছাৰংগা, কৰ্ণ শৰ্মা/বিজয়কুমাৰ বৈশক, জোছ হাজলউড , মহম্মদ ছিৰাজ।

আৰচিবিৰ প্লেইং-১১ (প্ৰথম বলিং): বিৰাট কোহলী, ফাফ ডুপলেছিছ (অধিনায়ক), গ্লেন মেক্সৱেল, মহিপাল লমৰ’ৰ, দীনেশ কাৰ্তিক (উইকেটকীপাৰ), অনুজ ৰাৱট/ছাহবাজ আহমেদ, ৱানন্দু হাছাৰংগা, কৰ্ণ শৰ্মা/বিজয়কুমাৰ বৈশক, জোচে হেজলউড, মহম্মদ। ছিৰাজ, হৰ্শাল পেটেল।

উত্তৰ প্ৰদেশত কৰমুক্ত হ’ব ‘দ্য কেৰেলা ষ্ট’ৰী’। মহাৰাষ্ট্ৰ আৰু দিল্লীতো ছবিখনক কৰমুক্ত কৰাৰ দাবী উত্থাপন…

উত্তৰ প্ৰদেশত কৰমুক্ত হ’ব ‘দ্য কেৰেলা ষ্ট’ৰী’ চিনেমা খন। বুধবাৰে বিশেষ প্ৰদৰ্শনীত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিজৰ মন্ত্ৰীসভাৰ সৈতে চিনেমাখন চাব পাৰিব। ‘দ্য কেৰেলা ষ্ট’ৰী’ ছবিখনক লৈ সমগ্ৰ দেশতে ৰাজনীতি চলি আছে। এতিয়া মধ্যপ্ৰদেশৰ পিছত এই ছবিখন ইউ পিতো কৰমুক্ত কৰা হ’ব। আনহাতে একাংশ ৰাজ্যত ইয়াক নিষিদ্ধ কৰাৰ বিপৰীতে একাংশই ইয়াক কৰমুক্ত কৰাৰ দাবী জনাইছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিজেই টুইট কৰি ছবিখনক কৰমুক্ত কৰাৰ কথা কৈছে। ইয়াৰ পূৰ্বে মধ্যপ্ৰদেশত ছবিখনক কৰমুক্ত কৰা হৈছিল। একে সময়তে ‘দ্য কেৰেলা ষ্ট’ৰী’ক পশ্চিমবংগত নিষিদ্ধ কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও টুইট কৰি কয় যে ৰাজ্যখনত ‘দ্য কেৰেলা ষ্ট’ৰী’ক কৰমুক্ত কৰা হ’ব। ছবিখনৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পিছৰে পৰা বিতৰ্কৰ মাজত সোমাই পৰিছিল ছবিখন। কিন্তু সকলো বিতৰ্কৰ মাজতে বহু ৰাজ্যই ইয়াক কৰমুক্ত কৰি তুলিছে। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে শনিবাৰে (৬ মে’) দ্য কেৰালা ষ্ট’ৰী ছবিখনক ৰাজ্যখনত কৰমুক্ত কৰাৰ কথা ঘোষণা কৰিছিল। তামিলনাডুতো ছবিখন প্ৰদৰ্শন নকৰাৰ সিদ্ধান্ত লৈছে চিনেমা হলসমূহে।

মহাৰাষ্ট্ৰ আৰু দিল্লীতো ছবিখনক কৰমুক্ত কৰাৰ দাবী উত্থাপন হৈছে। মহাৰাষ্ট্ৰৰ নাছিকস্থিত হিন্দু সকাল সমাজে কয় যে The Kerala Story ৰ জৰিয়তে লাভ জেহাদৰ সমগ্ৰ প্ৰক্ৰিয়াটো মানুহৰ সন্মুখত আহিছে। আশা কৰা হৈছে যে মুখ্যমন্ত্ৰী একনাথ শিণ্ডে ছবিখনক কৰমুক্ত কৰি তুলিব। কেৰালা ৰাজ্যৰ পটভূমিৰ আধাৰত নিৰ্মিত এখন ছবি দ্য কেৰেলা ষ্ট’ৰী।

ৰাজ্যত ছবিখনক কৰমুক্ত কৰাৰ অৰ্থ কি?

ইয়াৰ উপৰিও উত্তৰ প্ৰদেশৰ দেওৰিয়াৰ বিধায়ক শলাভ মণি ত্ৰিপাঠীয়েও ছবিখন কৰমুক্ত বুলি টুইট কৰিছে। উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে এই সন্দৰ্ভত যদি কিবা প্ৰস্তাৱ আহে তেন্তে ৰাজ্য চৰকাৰে ছবিখনক কৰমুক্ত কৰি তুলিব বুলিও কৈছে। এখন ৰাজ্যত যেতিয়া এখন ছবিক কৰমুক্ত কৰা হয়, তেতিয়া তাৰ অৰ্থ হ’ল সেই ছবিখনৰ টিকট বিক্ৰীৰ ওপৰত সংশ্লিষ্ট ৰাজ্য চৰকাৰে জি এছ টিৰ অংশ গ্ৰহণ নকৰে।

জামুগুৰিহাটৰ দৰিদ্ৰ পৰিয়ালৰ বিজিতে লাভ কৰিলে বনবিভাগত নিযুক্তি ৷ মাতৃৰ চকুত আনন্দৰ চকুলো…

সদ্যঘোষিত চাকৰিৰ ফলাফলত জামুগুৰিহাটৰ মৰণাকুৰি গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ গৃহত আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে৷ পুত্ৰ বিজিত হাজৰিকাই বন বিভাগত এটি চাকৰি লাভ কৰাত মাতৃয়ে চকুলো টুকি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক জনালে ধন্যবাদ ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি দিয়াৰ বাবেই এইদৰে দৰিদ্ৰ পৰিয়ালৰ যুৱক যুৱতীসকলে চাকৰি পাবলৈ সক্ষম হৈছে বুলিও মনৰ ভাৱ প্ৰকাশ কৰিলে ফলাফলত উৰ্ত্তীৰ্ণ বিজিতে ৷ চৰকাৰখনৰ নিকা আৰু স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে গাঁওবাসীয়েও মুখ্যমন্ত্ৰীগৰাকীক জনালে ধন্যবাদ ৷


জামুগুৰিহাটৰ পৰা জোন বৰা প্ৰতিবেদন