Home Blog Page 1595

“২০২৬ত অখিল গগৈয়েই মুখ্যমন্ত্ৰী হ’ব”-গিৰিশংকৰ গোস্বামী

নিজৰ দলৰ সম্ভাৱনাময় নেতা কৰ্মীকে দলত ৰাখিব নোৱাৰা কংগ্ৰেছে যে বিৰোধীক ঐক্যবদ্ধ কৰিব পাৰিব সেইলৈ আশাবাদী নহয় ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামী।

কংগ্ৰেছ দলটোৰ নেতৃত্বক অসমৰ খিলঞ্জীয়া জনগণ আৰু মধ্যবিত্ত অসমীয়াই বিশ্বাসত লোৱা নাই আৰু যিকেইজন নেতা দলটোৰ হৰ্তাকৰ্তা বিধাতাহৈ আছে তেওঁলোকক বিশ্বাসত লোৱাৰ সম্ভাৱনাও নাই-এই মন্তব্য ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীৰ। কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ঐক্য গঠনৰ যি প্ৰচেষ্টা আৰম্ভ হৈছিল সেই আলোচনা কি পৰ্যায়ত আছে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গোস্বামীয়ে কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ভাল মানুহ। বিৰোধী ঐক্য গঠনৰ ক্ষেত্ৰত তেওঁৰ সদিচ্ছা আছে কিন্তু দলটোৰ আন বহু নেতাই অসমৰ আঞ্চলিক আৰু জাতীয়তাবাদী শক্তিৰ সলনি এআইইউডিএফৰ সৈতেহে কংগ্ৰেছৰ মিত্ৰতা বিচাৰে। আমি বিৰোধী ঐক্যবদ্ধ হোৱাটো বিচাৰিছো ভোট বিভাজন ৰোধৰে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত কিন্তু কংগ্ৰেছৰ একাংশ নেতাই বিৰোধী এক হোৱাটো নিবিচাৰে। তেওঁলোক নিজে বিধায়ক ৰূপে জয়ী হোৱাটোহে তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ। উজনি অসমত কংগ্ৰেছৰ অস্তিত্ব শূন্য। নামনিটো অৱস্থা তথৈবচ। কেৱলমাথো সংখ্যালঘু অধ্যুষিত সমষ্টিবোৰতে কংগ্ৰেছৰ সংগঠন আছে।অথচ তেওঁলোকে উজনি আৰু মধ্যঅসমত দুৰ্বল সাংগঠনিক স্থিতিৰ পাছতো বিৰোধী দলবোৰৰ সৈতে আসনৰ ভাগৱতৰা কৰিবলৈ প্ৰস্তুত নহয়।

ড° হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপি মতে কংগ্ৰেছৰ একাংশ শীৰ্ষ নেতাই দলটোৰ সংগঠন শক্তিশালী হবলৈ নিদিয়ে বুলি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি আঙুলিয়াই দি ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে স্পষ্ট ভাষাৰে কয় যে আজিৰ তাৰিখত অসমৰ ৰাজনীতিত কেৱলমাথো ৰাইজৰ দলৰ সভাপতি আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু ৰাইজৰ দলৰ নেতা কৰ্মী সকলহে আদৰ্শগতভাৱে বিজেপিৰ বিৰোধিতা কৰি আহিছে। ড° হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প নেতা যদি কোনোবা অসমৰ ৰাজনীতিত আছে তেন্তে সেইজনেই হল অখিল গগৈ। অখিল গগৈক ২০২৬ত যদি বিৰোধী দলবোৰে ঐক্যবদ্ধভাৱে অসমৰ মুখ্যমন্ত্ৰী ৰূপে প্ৰক্ষেপ কৰে তেন্তে বিজেপিক ক্ষমতাচ্যুত কৰাটো সম্ভৱ হব পাৰে। কাৰণ অখিল গগৈ যুঁজাৰু মানুহ সন্মুখৰ পৰা সকলোকে সন্মানসহকাৰে লগতলৈ বিজেপিৰ বিৰুদ্ধে যুঁজিব পৰা ৰাজনৈতিক বিচক্ষণতা আৰু দৃঢ়তা অখিল গগৈৰহে আছে।


অসমৰ ৰাজনীতিত আপ বিজেপিৰ বিকল্প হব পাৰিব নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীয়ে কলে অসমৰ ৰাজনীতিত আপ কাগজৰ বাঘ। দলটোৰ সাংগঠনিক শক্তি দুজনকৈ মুখ্যমন্ত্ৰী অহাৰ পাছতো অসমৰ ৰাইজে সোনাৰাম খেলপথাৰত ভাষণ শুনিবলৈ নোযোৱাৰ পাছত সকলোৱে গম পাইছে। তেওঁলোকে সকলো সমষ্টিতে প্ৰাৰ্থী দি দুই চাৰিহাজাৰ ভোট লৈ ভোটবিভাজনৰে বিজেপিক সহায় কৰিবলৈ আহিছে। কংগ্ৰেছৰ বোকোচাত উঠি ৰাইজৰ দল আৰু জাতীয় পৰিষদে কিদৰে আঞ্চলিকতাবাদ শক্তিশালী কৰিব বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীয়ে কয়-ৰাইজৰ দল কোনোদিন কংগ্ৰেছৰ বোকোচাত উঠি নিৰ্বাচন খেলা নাই। ২০২১ৰ নিৰ্বাচনত শিৱসাগৰত বিজেপি কংগ্ৰেছ দুয়োটা দলৰ বিৰুদ্ধে যুঁজি আমি জয়ী হৈছোঁ।

নাওবৈচাত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ প্ৰতিদ্বন্দ্বীতা হৈছিল য’ত ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমান দুহেজাৰতকৈয়ো কম ভোটতত পৰাজিত হৈছিল। উপনিৰ্বাচনত ৰাইজৰ দলে থাউৰাত কংগ্ৰেছতকৈ বহু হেজাৰ ভোট বেছি পাইছে গতিকে ৰাইজৰ দলৰ লগত মিত্ৰতাৰ প্ৰয়োজনীয়তা কংগ্ৰেছৰহে আছে। ৰাইজৰ দল কংগ্ৰেছৰ বোকোচাত উঠিব খোজা নাই।অখিল গগৈয়ে ভোট বিভাজন ৰোধৰ বাবেহে বিৰোধী ঐক্যৰ কথা কৈছে যিটো আমাৰ দুৰ্বলতা নহয় বিজেপিক পৰাজিত কৰাৰ বাবে দেখুৱা সদিচ্ছা। নহ’লে ৮৫৫জন ছহিদৰ হত্যাৰে অবৈধ নিৰ্বাচন পাতি অসমৰ খিলঞ্জীয়া জনগণক বছৰৰ পাছত বছৰ প্ৰতাৰণা কৰি অহা দলটোক গুৰুত্ব দিবলৈ কি আছে। কংগ্ৰেছ নেতৃত্বই ভালদৰে বুজা উচিত ৰাইজৰ নেতা ৰাইজৰ সদিচ্ছা ৰাইজৰ সমৰ্থন অখিল গগৈৰ লগত আছে আৰু মিত্ৰতাৰ নামত যদি ৰাইজৰ দলৰ ৰাজনৈতিক সম্ভাৱনা শেষ কৰি দিম বুলি কংগ্ৰেছে ভাবিছে তেন্তে উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যবোৰৰ দৰে অসমতো আঞ্চলিকতাবাদৰ পুনৰোত্থান হব আৰু কংগ্ৰেছ বিজেপি আপৰ দৰে ৰাষ্ট্ৰীয়তাবাদী দলবোৰ ইতিহাস হব।

ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীৰ স্পষ্ট কথা কংগ্ৰেছে বিৰোধীক ঐক্যবদ্ধ কৰিব নোৱাৰে। বিৰোধীক ঐক্যবদ্ধ কৰিবৰ বাবে অসমৰ নাগৰিক সমাজে বিজেপি এআইইউডিএফক বাদ দি অসমৰ সকলো ৰাজনৈতিক দল জাতীয় জনগোষ্ঠীয় সংগঠনক একত্ৰিত কৰি অসমৰ জনসাধাৰণৰ অভিভাৱকত্ব বিজেপি বিৰোধী ঐক্যবদ্ধ বিৰোধী মৰ্চা এটা গঠন কৰিবৰ বাবে আগবাঢ়ি আহিব লাগে নহ’লে অসমত কংগ্ৰেছৰ একাংশ নেতাৰ ৰাজনৈতিক সুবিধাবাদৰ বাবেই বিজেপিৰ জয়ৰ বাট মুকলি হব; আৰু যদি ২০২৬টো বিজেপি ক্ষমতালৈ আহে তেন্তে জগৰীয়া হব কংগ্ৰেছ।

ধুবুৰী-বঙাইগাঁও জিলাৰ সীমান্তবৰ্তী নিত্যবজাৰত নিষিদ্ধ নিচাযুক্ত টেবলেট সহ আটক দুই সৰবৰাহকাৰী

ঈদৰ দিনাই বইটামাৰী আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি নিত্যবজাৰত অভিযান চলাই আটক কৰে নিষিদ্ধ নিচাযুক্ত টেবলেট সহ দুজন সৰবৰাহকাৰী।

ধৃত সৰবৰাহকাৰী দুজন বহলপুৰ তটপাৰাৰ আনোৱাৰ হুছেইন(২৯) আৰু হৰ্দেমাৰা চুৰত জামাল(২৫)।

সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে ২৮৮টা কেপছুল ৪০টা টেবলেটৰ লগতে AS-17-L-7290 নম্বৰৰ মটৰ চাইকেল এখন জব্দ কৰিবলৈ সক্ষম হয়।

ধৃত আনোৱাৰ হুছেইনৰ বিৰুদ্ধে পূৰ্বৰে পৰাই নিষিদ্ধ নিচাযুক্ত টেবলেট সৰবৰাহ কৰাৰ অভিযোগ আছে আৰু পুৰ্বেও আটক হৈছিল ধৃত আনোৱাৰ হুছেইন।

ইতিহাস ৰচনা কৰিলে কে এল ৰাহুলে

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক কে এল ৰাহুলে শনিবাৰে টি-২০ ক্ৰিকেটত ৭ হাজাৰ ৰান সংগ্ৰহ কৰা সৰ্বাধিক দ্ৰুত ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈ ইতিহাস ৰচনা কৰে।

টি-২০ ক্ৰিকেটত ১৯৭ ইনিংছ লৈ ৭ হাজাৰ ৰানৰ সীমাত উপনীত হয় ৩১ বছৰীয়া খেলুৱৈগৰাকী।

তেওঁ বিৰাট কোহলিৰ অভিলেখ ভংগ কৰি ২১২টা ইনিংছ লৈ এই মাইলৰ খুঁটিত উপনীত হয়।

‘মই যিকোনো মূল্য দিবলৈ সাজু’: ৰাহুল গান্ধী

সংসদৰ পৰা অযোগ্য হোৱাৰ পিছত শনিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিজৰ চৰকাৰী বাংলো খালী কৰাৰ সময়তে কয় যে সঁচা কথা কোৱাৰ বাবে তেওঁ যিকোনো মূল্য দিবলৈ সাজু। ৰাহুল গান্ধীয়ে কয় যে এই বাংলো দেশবাসীয়ে তেওঁক দিছিল আৰু তেওঁ ১৯ বছৰ তাতেই আছিল। ৰাহুল গান্ধীয়ে নিজৰ টুগলাক লেন বাংলোৰ চাবি আনুষ্ঠানিকভাৱে গতাই দি কয় যে, “মই থাকিব নিবিচাৰো। ১৯ বছৰ বাস কৰা ঠাইখন মোৰ পৰা কাঢ়ি লোৱাটো কোনো সমস্যা নাই।” ৰাহুলে ১৯ বছৰীয়া ঠিকনা এৰি যোৱাৰ সময়ত ৰাহুল গান্ধীৰ মাতৃ ছোনিয়া গান্ধী, ভগ্নী প্ৰিয়ংকা গান্ধী ভাদ্ৰাও তাত উপস্থিত আছিল।

ৰাহুল গান্ধীয়ে কয় যে সঁচা কথা কোৱাৰ মূল্য আছে।মই মূল্য দিছো।

যোৱাৰ আগতে ৰাহুল গান্ধীয়ে ষ্টাফৰ লগত হাত মিলাই নিজে দুৱাৰখন বন্ধ কৰি চাবিটো আগবঢ়াই দি সাংবাদিক আৰু ফটোগ্ৰাফাৰৰ কাষ চাপিছিল।

প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কয়, “মোৰ ভাইটিয়ে যি কৈছে সেয়াই সত্য। তেওঁ চৰকাৰৰ বিষয়ে সঁচা কথা কৈছিল আৰু সেইবাবেই এই সকলোবোৰ ঘটি আছে। কিন্তু তেওঁ অতি সাহসী, তেওঁ কেতিয়াও ভয় নকৰে। তেওঁ নিজৰ যুঁজখন আগুৱাই নিব।”

“ঘৰ এৰি যোৱাটো ৰাহুল গান্ধীৰ বাবে কোনো ইছ্যু নহয়, কিন্তু সঁচা কথা কোৱাৰ বাবে মোডী চৰকাৰে ৰাহুল গান্ধীক যিদৰে লক্ষ্য কৰি লৈছে সেয়া ৰাজনৈতিক প্ৰতিশোধ। প্ৰত্যেক ভাৰতীয়ই এতিয়া এইটো দেখিব পাৰিব — দুবছৰৰ কাৰাদণ্ড, তাৎক্ষণিক অযোগ্য ঘোষণা, তাৎক্ষণিক জাননী ঘৰ খালী কৰক।’- এই মন্তব্য কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালৰ।

২৩ মাৰ্চত চুৰাটৰ আদালতে ২০১৯ চনৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰিছিল ‘কেনেকৈ সকলো চোৰৰ মাজত মোডী উপাধি মিল আছে’। যিহেতু এই গোচৰত তেওঁক দুবছৰৰ কাৰাদণ্ড বিহা হৈছিল, সেয়েহে ততাতৈয়াকৈ তেওঁক লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰি চৰকাৰী বাংলো খালী কৰিবলৈ কোৱা হৈছিল। ৰাহুল গান্ধীয়ে চুৰাট আদালতৰ নিৰ্দেশৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন জনোৱাৰ সময়তে তেওঁ ১৪ এপ্ৰিলৰ পৰা স্থানান্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। ২০ এপ্ৰিলত অধিবেশন আদালতে ৰাহুল গান্ধীৰ দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশৰ আবেদন নাকচ কৰে।

দলটোৱে এই গোচৰত অন্য আইনী বিকল্পৰ সুবিধা ল’ব বুলি জানিবলৈ দিয়ে যদিও ইয়াৰ মাজতে ৰাহুল গান্ধীয়ে নিজৰ বাংলো খালী কৰে।

২০০৪ চনত প্ৰথমবাৰৰ বাবে সাংসদ হৈছিল ৰাহুল গান্ধীয়ে পৰিয়ালৰ আমেথি আসনৰ পৰা। ২০১৯ চনত ৰাহুল গান্ধীয়ে বিজেপিৰ স্মৃতি ইৰাণীৰ হাতত আমেথিক হেৰুৱাইছিল যদিও কেৰালাৰ ৱায়ানাদৰ পৰা জয়লাভ কৰি লোকসভাৰ সদস্যপদ অক্ষুণ্ণ ৰাখিছিল।

প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত আত্মঘাতী বোমা আক্ৰমণৰ ভাবুকি

অহা ২৪ আৰু ২৫ এপ্ৰিলত ৰাজ্যখন ভ্ৰমণ কৰি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আত্মঘাতী বোমা আক্ৰমণৰ ভাবুকি দিয়া এখন পত্ৰৰ তদন্ত আৰম্ভ কৰিছে কেৰালা আৰক্ষী আৰু কেন্দ্ৰীয় সংস্থাসমূহে।

কোচিৰ এজন বাসিন্দাই লিখা বুলি কোৱা মালয়ালম ভাষাৰ পত্ৰখন বিজেপিৰ ৰাজ্যিক সভাপতি কে সুৰেন্দ্ৰনৰ কাৰ্যালয়ত লাভ কৰিছিল যিয়ে পাছলৈ যোৱা সপ্তাহত আৰক্ষীক গতাই দিছিল।

এডিজিপি (চোৰাংচোৱা)ৰ এক প্ৰতিবেদন সংবাদ মাধ্যমত প্ৰচাৰিত হোৱাৰ পিছতে আজি এই ভাবুকি পত্ৰৰ খবৰ ওলাইছে। এই খবৰ ওলোৱাৰ লগে লগে সুৰেন্দ্ৰনে সংবাদ মাধ্যমক সাক্ষাৎ কৰি কয় যে তেওঁ এসপ্তাহ পূৰ্বে ৰাজ্যৰ আৰক্ষী অধীক্ষকৰ হাতত ভাবুকি পত্ৰখন গতাই দিছিল।

চোৰাংচোৱা প্ৰতিবেদনত কোৱা হৈছে যে যোৱা সপ্তাহত কেৰালাৰ বিজেপি ৰাজ্যিক সমিতিৰ সভাপতিয়ে মালয়ালম ভাষাত লিখা এখন পত্ৰ লাভ কৰিছিল য’ত আত্মঘাতী বোমাৰু ব্যৱহাৰ কৰি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীৰ জীৱনৰ প্ৰতি ভাবুকি আহিছিল।

পত্ৰখনৰ সত্যতা আৰু ইয়াৰ আঁৰৰ ব্যক্তিৰ ওপৰতো তদন্ত চলি আছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

সুৰেন্দ্ৰনে অভিযোগ কৰে যে আৰক্ষীৰ পৰা “চোৰাংচোৱা প্ৰতিবেদন ফাদিল” হোৱাটো এটা গুৰুতৰ ভুল আৰু ইয়াৰ তদন্ত কৰা উচিত। ৪৯ পৃষ্ঠাৰ এই প্ৰতিবেদনত কৰ্তব্যৰত বিষয়াসকলৰ নাম, তেওঁলোকৰ ভূমিকা, প্ৰধানমন্ত্ৰীৰ বিশদ কাৰ্যসূচীৰ তালিকাৰ লগতে অন্যান্য বিষয়সমূহৰ সবিশেষ উল্লেখ কৰা হৈছে।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভি মুৰালীধৰণেও এডিজিপি (চোৰাংচোৱা)ৰ প্ৰতিবেদন ফাদিল হোৱাৰ অভিযোগক তীব্ৰ সমালোচনা কৰি কয় যে এয়া এক গুৰুতৰ বিষয়।

মুৰলীধৰণে অভিযোগ কৰে যে, “প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ সবিশেষ সম্পৰ্কীয় প্ৰতিবেদন কেনেদৰে ফাদিল হৈ হোৱাটছএপত ভাইৰেল হ’ল সেই বিষয়ে মুখ্যমন্ত্ৰীয়ে বুজাব লাগে। ইয়াৰ অৰ্থ হ’ল ৰাজ্যৰ গৃহ বিভাগ ত্ৰুটিপূৰ্ণ।”

ইফালে, কথিত ভাবুকি পত্ৰত নাম আৰু নম্বৰ থকা কোচিৰ বাসিন্দা এন জে জনীয়ে আজি নিজকে নিৰ্দোষী বুলি কয়।

সংবাদ মাধ্যমৰ আগত তেওঁ কয়, “আৰক্ষীয়ে মোক সোধা-পোছা কৰিছে। মই তেওঁলোকক সকলো সবিশেষ দিছো। তেওঁলোকে হাতৰ আখৰ আৰু সকলো ক্ৰছচেক কৰিছিল।”

তেওঁৰ পৰিয়ালে কয় যে তেওঁলোকে পত্ৰখনৰ আঁৰত স্থানীয় অঞ্চলটোৰ আন এজন ব্যক্তিক সন্দেহ কৰিছে, যিজনৰ সৈতে এটা গীৰ্জাৰ সৈতে জড়িত কোনো বিষয়ক লৈ কিছু সমস্যা আছে।

প্ৰতিবেদন অনুসৰি তিৰুৱনন্তপুৰম আৰু কোচি চহৰত প্ৰায় দুহেজাৰকৈ আৰক্ষী জোৱান মোতায়েন কৰা হৈছে।

বটদ্ৰৱাৰ টুকটুকীতো কেন্দ্ৰীয় ভাৱে ঈদ- উল-ফিটৰ উদযাপন

নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ টুকটুকী অঞ্চলতো কেন্দ্ৰীয় ভাবে ঈদ-উল-ফিটৰ উদযাপন কৰা হয় । বৃহত্তৰ টুকটুকী অঞ্চলৰ কটহগুৰি আঞ্চলিক ঈদগাহ ময়দানত আজি পৱিত্ৰ ঈদ-উল-ফিটৰ দুই ৰাকাত ৱাজিব নামাজ সম্পন্ন কৰা হয়।

ক্বাৰী আব্দুল কাদিৰৰ ইমামতিত্বত পুৱা ৯ বজাত অনুষ্ঠিত হোৱা সমূহীয়া নামাজত অঞ্চলটোৰ প্ৰায় সাত সহস্ৰাধিক ধৰ্মপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে।

সোণ আৰু স্বাস্থ্যৰ সম্পৰ্ক কি? সোণৰ গহনা পিন্ধিলে বহু ৰোগ নিৰাময় হয়…

সোণৰ অলংকাৰত যাদু আছে! সোণ পিন্ধিলে বহু ৰোগ নিৰাময় হয়, জানেনে কেনেকৈ? আয়ুৰ্বেদৰ মতে সোণৰ গহনা পিন্ধিব লাগে। কাৰণ সোণ শৰীৰৰ বাবে বহুতো উপকাৰী। সোণত বহুতো ঔষধি গুণ আছে। বহু গৱেষণাত এই কথা প্ৰকাশ পাইছে। আগৰ কালত ৰজা আৰু সম্ৰাট বা ৰাণী-ৰাণীসকলে সোণৰ অলংকাৰ পিন্ধিছিল। আজিকালি মহিলাসকলে সোণৰ অলংকাৰ পিন্ধে। আনহাতে ৰাণীসকলে আগতে ছালত লাগি থকা অলংকাৰ পিন্ধিছিল। কাৰণ সোণ স্বাস্থ্যৰ বাবে বহু উপকাৰী ।

১) ৰক্ত সঞ্চালন উন্নত কৰাঃ সোণে ৰক্ত সঞ্চালন বৃদ্ধিৰ কাম কৰে। এজন ব্যক্তিয়ে সোণৰ গহনা পিন্ধিলে শৰীৰৰ বিভিন্ন অংশলৈ অক্সিজেনৰ প্ৰবাহ উন্নত হয়।

২) শৰীৰ শিথিল কৰে : সোণ পিন্ধিলে শৰীৰত শিথিলতা পোৱা যায়। ইয়াৰ উপৰিও মূৰৰ বিষ কম কৰিব পাৰে।

৩) শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে: সোণৰ শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আছে বুলি বিশ্বাস কৰা হয়। ই ব্যক্তিজনক শৰীৰৰ উষ্ণতাৰ উঠা-নমাৰ পৰা ৰক্ষা কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰাৰ কাম কৰে।

সোণেৰে নিৰ্মিত গহনাই আত্মবিশ্বাস বৃদ্ধি কৰে। সোণৰ গহনা পিন্ধিলে এজন ব্যক্তিয়ে নিজকে অধিক আকৰ্ষণীয় বুলি বিবেচনা কৰে আৰু তেওঁৰ আত্মবিশ্বাসো বাঢ়ে।

বৃদ্ধি পাইছে ক’ৰনাত আক্ৰান্ত লোকৰ সংখ্যা, এদিনতে ১২ হাজাৰৰো অধিক ৰোগী। মৃত্যু ৪২ জনৰ…

বৃদ্ধি পাইছে ক’ৰনাত আক্ৰান্ত লোকৰ সংখ্যা, এদিনতে ১২ হাজাৰৰো অধিক ৰোগী। মৃত্যু ৪২ জনৰ…। ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্যা পুনৰ দ্রুতগতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে ৷ একে সময়তে ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে। প্ৰতিদিনে দেশত বৃদ্ধি পাইছে ক’ৰ’না আক্ৰান্তৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, শনিবাৰে প্ৰকাশ পোৱা তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত ১২,১৯৩ জন নতুনকৈ কোভিড আক্ৰান্ত ৰোগী ধৰা পৰিছে। ইয়াৰ পিছত এতিয়া দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ৬৭ হাজাৰ ৫৫৬ জনলৈ বৃদ্ধি পাইছে।পুৱা ৮ বজাত আপডেট কৰা মন্ত্ৰালয়ৰ তথ্য অনুসৰি কোভিড ১৯ৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪২। ইয়াৰ পাছত দেশত ক’ৰোনাত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫ লাখ ৩১ হাজাৰ ৩০০লৈ বৃদ্ধি পাইছে৷ বিগত ২৪ ঘণ্টাত মৃত্যু হোৱা লোকৰ ভিতৰত কেৱল কেৰালাত ১০ জন ৰোগীৰ নাম আছে। কৰ’নাত মৃত্যুৰ হাৰ ১.১৮ শতাংশলৈ বৃদ্ধি।

এই পৰ্যন্ত দেশত কৰ’না আক্ৰান্তৰ সংখ্যা ৪,৪৮,৮১,৮৭৭ লৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবছাইটৰ তথ্য অনুসৰি ৰাষ্ট্ৰীয় কৰ’না আৰোগ্যৰ হাৰ ৯৮.৬৬ শতাংশ। এই ৰোগৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৪,৪২,৮৩,০২১ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যুৰ হাৰ ১.১৮ শতাংশ। এই পৰ্যন্ত সমগ্ৰ দেশৰ লোকক ২২০.৬৬ কোটি ড’জ ক’ৰ’না ভেকচিন দিয়া হৈছে।

হাৰিয়ানাত পুনৰবাৰ ক’ৰ’না আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। যোৱা ২৪ ঘন্টাত ১৩৭৮ জন নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। এতিয়া হাৰিয়ানাত ক’ৰোনাত সক্ৰিয় ৰোগীৰ সংখ্যা ৫৪৬৮জনলৈ বৃদ্ধি পাইছে।
পঞ্জাৱতো পুনৰ গতি লাভ কৰিছে কৰোনাই। যোৱা ২৪ ঘন্টাত পঞ্জাৱত ৪১১ জন নতুন ৰোগী ধৰা পৰিছে। ইয়াত সক্ৰিয় ৰোগীৰ সংখ্যা ১৯৯৫ চন হৈছেগৈ। শুকুৰবাৰে পঞ্জাৱৰ জলন্ধৰত কোৰোনাত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হয়। ইয়াৰ লগে লগে মৃত্যুৰ সংখ্যা ২২৯ জনলৈ বৃদ্ধি পাইছে।

ডাঙৰ খবৰ! ৮ টা বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিলে RBI, লেনদেন কৰিব নোৱাৰিব এতিয়াৰে পৰা

আৰ বি আইয়ে একাংশ বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিলে। কেৱল এয়াই নহয়, কেন্দ্ৰীয় বেংকে একাংশ বৃহৎ বেংকৰ ওপৰতো গধুৰ জৰিমনা বিহিছে। ৰিজাৰ্ভ বেংকৰ এই কাৰ্য্যত সমবায় বেংকসমূহে সৰ্বাধিক লোকচানৰ সন্মুখীন হৈছে।

৩১ মাৰ্চত সমাপ্ত হোৱা ২০২২-২৩ বিত্তীয় বৰ্ষত আৰ বি আইয়ে আঠটা সমবায় বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে। নিয়ম পালন নকৰাৰ বাবে ৰিজাৰ্ভ বেংকে ইতিমধ্যে ১১৪ বাৰ জৰিমনা বিহিছে। সমবায় বেংকৰ জৰিয়তে গ্ৰাম্য অঞ্চলত বেংকিং সেৱাৰ দ্ৰুত সম্প্ৰসাৰণ ঘটিছে। কিন্তু এই বেংকসমূহত চৰ্চালৈ অহা অনিয়মৰ বাবে আৰ বি আইয়ে কঠোৰ পদক্ষেপ ল’বলগীয়া হৈছে বুলি জানিব পৰা গৈছে।

সমবায় বেংকসমূহে দ্বৈত নিয়ন্ত্ৰণ আৰু দুৰ্বল বিত্তৰ উপৰিও স্থানীয় নেতাৰ হস্তক্ষেপৰ সন্মুখীন হৈছে। নিয়মত গাফিলতি কৰা সমবায় বেংকৰ বিৰুদ্ধে ৰিজাৰ্ভ বেংকে দমন আৰম্ভ কৰিছে। যোৱা এবছৰত বাতিল কৰা হৈছে ৮টা বেংকৰ অনুমতি পত্ৰ। কোনবোৰ বেংকৰ পাৰ্মিট আৰ বি আইয়ে বাতিল কৰিলে জানো আহক-

1. Mudhol Co-operative Bank
2. Milath Co-Operative Bank
3. Shree Anand Co-Operative Bank
4. Rupee Co-operative Bank
5. Deccan Urban Co-operative Bank
6. Laxmi Co-operative Bank
7. Sewa Vikas Co-operative Bank
8. Babaji Date Mahila Urban Bank

আৰ বি আইয়ে ওপৰত উল্লেখ কৰা বেংকসমূহৰ অনুজ্ঞাপত্ৰ অপৰ্যাপ্ত মূলধন, বেংকিং ৰেগুলেচন এক্টৰ নিয়ম অমান্য কৰাৰ বাবেই বাতিল কৰিছে। লগতে ভৱিষ্যতে আয়ৰ সম্ভাৱনাৰ অভাৱৰ দৰে কাৰণত বাতিল কৰা হৈছে। কো-অপাৰেটিভ বেংকিং খণ্ডত যোৱা কেইবাবছৰ ধৰি আৰ বি আইয়ে নিৰীক্ষণ কৰি আছে। কেন্দ্ৰীয় বেংকে ২০২১-২২ বৰ্ষত ১২টা সমবায় বেংক, ২০২০-২১ চনত ৩টা সমবায় বেংক আৰু ২০১৯-২০ চনত দুটা সমবায় বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে।

কম দামী বা দীৰ্ঘদিন ধৰি আণ্ডাৰৱেৰ ব্যৱহাৰ কৰে নেকি? বহু সমস্যাৰ সন্মুখীন হ’ব…

কম দামী বা দীৰ্ঘদিন ধৰি আণ্ডাৰৱেৰ ব্যৱহাৰ কৰে নেকি? বহু সমস্যাৰ সন্মুখীন হ’ব…!শৰীৰৰ প্ৰতি যিমানেই মনোযোগ দিব সিমানেই শৰীৰৰ কাপোৰৰ প্ৰতিও গুৰুত্ব দিব লাগে। বহুতে বহু বছৰ ধৰি একেটা আণ্ডাৰৱেৰ ব্যৱহাৰ কৰা দেখা যায়। আপুনি হয়তো আণ্ডাৰৱেৰক ইমান গুৰুত্বসহকাৰে নলয়, কিন্তু ই বহু শাৰীৰিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। কেৱল পুৰণি আণ্ডাৰৱেৰৰ ফিটিং বেয়া হোৱাই নহয়, ইয়াৰ ফলত এলাৰ্জী আৰু সংক্ৰমণৰ সম্ভাৱনাও বৃদ্ধি পায়। যদি আপোনাৰ আণ্ডাৰৱেৰটো বেছি ঢিলা হৈ গৈছে বা ফুটা হৈছে, তেন্তে আপুনি ইয়াক সলনি কৰাত একেবাৰেই পলম কৰিব নালাগে।


বিশেষজ্ঞসকলে কয় যে ঢিলা আণ্ডাৰৱেৰৰ ফলত আপোনাৰ অশান্তি হ’ব পাৰে। ইয়াৰ উপৰিও অত্যধিক টাইট আণ্ডাৰৱেৰেও আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। যেতিয়া পুৰণি আণ্ডাৰৱেৰবোৰ বেয়া হ’বলৈ আৰম্ভ কৰে, তেতিয়া তাত আৰ্দ্ৰতা গঠন হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত ইয়াত বেক্টেৰিয়া বাঢ়িবলৈ আৰম্ভ কৰে আৰু বেক্টেৰিয়াৰ বৃদ্ধিৰ বাবে বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে।

আণ্ডাৰৱেৰ বহুদিন নোধোৱাকৈ পিন্ধাটোও বিপদজনক! বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে যে প্ৰতি ৬ মাহৰ মূৰে মূৰে আণ্ডাৰৱেৰ সলনি কৰিব লাগে। আণ্ডাৰৱেৰৰ লগত জড়িত আন এটা ভুল যিটো মানুহে প্ৰায়ে কৰে সেয়া হ’ল কেইবাদিনো নোধোৱাকৈ ব্যৱহাৰ কৰা। ইয়াৰ ফলত সংক্ৰমণকে ধৰি বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে।