উত্তৰ-পূৰ্বাঞ্চলত বিজেপিৰ দখল অধিক শক্তিশালী হৈ আহিছে বুলি মন্তব্য কৰে অমিত শ্বাহে। ইয়াৰ দ্বাৰা দলৰ অগ্ৰগতিও দেখা যায় বুলি কৈ অভিনন্দন জনাই এনেদৰে – “অসমৰ ৰাইজক অভিনন্দন জনাব বিচাৰিছো। আপোনালোকৰ ভোটেৰে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ ঘটিছে।”
ডিব্রুগড়ত বিজেপিৰ কার্যালয় উদ্বোধনী অনুষ্ঠানত এখন ৰাজহুৱা সভাত ভাষণ দি গৃহমন্ত্রী গৰাকীয়ে কয় যে বিজেপি সংগঠন ভিত্তিক দল আৰু এই কার্যালয় বিজেপিৰ সকলো কাম-কাজৰ কেন্দ্র৷
উত্তৰ-পূৰ্বাঞ্চলৰ বিধানসভাৰ কথা উল্লেখ কৰি তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। তিনিওখন ৰাজ্যতে বিজেপি চৰকাৰৰ অংশ।
উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যত প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত এন ডি এ চৰকাৰ চলি আছে আৰু ইয়াৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন হৈছে।