Home Blog Page 1676

মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান ৰিপুন বৰাৰ। ক’ত হেৰাল অসম পুলিচ…

তৃনমূলৰ নেতা তথা প্ৰাক্তন কংগ্ৰেছী ৰিপুন বৰাই এইবাৰ প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক। ৰিপুন বৰাই জিগনেশ মেৱানী পৱন খেড়াক গ্ৰেপ্তাৰ কৰিবলৈ উঠিপৰি লগাৰ বিপৰীতে মহাৰাষ্ট্ৰৰ এগৰাকী বিধায়কে অসমবাসীক অপমানসূচক মন্তব্য কৰাৰ পিছতো নীৰবে কিয় আছে বুলি প্ৰশ্ন কৰে। বৰাই বাল্যবিবাহৰ নামত নিশাটোৰ ভিতৰত হাজাৰ হাজাৰ নাবালিকাৰ স্বামীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা অসম পুলিচ এতিয়া ক’ত বুলি কটাক্ষ কৰে।

ৰিপুন বৰাই বিধান সভাত অমাৰ্জিত শব্দ প্ৰয়োগেৰে আন ৰাজ্যক আঘাত কৰিলে লগে লগে শুধৰাই দিয়াৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ বুলি উল্লেখ কৰি থলুৱাক বুলড’জাৰ চলোৱা আৰক্ষী শুই আছে নেকি প্ৰশ্ন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰিপুন বৰাৰ ভাষ্যক কেনেদৰে গ্ৰহন কৰে সেয়া সময়ত পোহৰলৈ আহিব।

অসমত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী গৰাকীক উষ্ম আদৰণি ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ

অসমত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত প্ৰধানমন্ত্ৰী গৰাকীক উষ্ম আদৰণি জনাই ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ।এই সময়ত ৰাজ্যপাল গৰাকীৰ সৈতে উপস্থিত থাকে সতীৰ্থ মন্ত্ৰীসকল আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল।

অসমভূমিত প্ৰধানমন্ত্ৰীগৰাকীৰ বহুমূলীয়া উপস্থিতিয়ে অসমৰ প্ৰগতিৰ যাত্ৰাক নতুন উদ্যমেৰে আগুৱাই নিয়াৰ বাবে অনুপ্ৰেৰণা যোগাই আহিছে বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই।

জটিল অস্ত্ৰোপচাৰৰ দিশে দীপক শৰ্মা। দিল্লীৰ অসম হাউচত বাহৰ শৰ্মাৰ

এক জটিল অস্ত্ৰোপচাৰ কৰা হ’ব আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মাৰ। সম্প্ৰতি দিল্লীৰ অসম হাউচত বাহৰ পাতি আছে শৰ্মাই। ৮ মাৰ্চত তেওঁৰ পত্নী উপস্থিত হব দিল্লীত। চিকিৎসালয়ৰ সমীপত তেওঁ এটা ঘৰ ভাড়ালৈ লৈছে ইতিমধ্য। সেইদিনাই তেওঁক চিকিৎসকে প্ৰয়োগ কৰিব এটা বেজী।

তাৰ পিছতেই জনাব অস্ত্ৰোপচাৰৰ নিৰ্দিষ্ট দিনটো। অসম হাউচৰ বিছনাৰ পৰাই ফেচবুক যোগে অসমবাসীক এই বাৰ্তা প্ৰেৰণ কৰি তেওঁ শীঘ্ৰেই সুস্থ হৈ উঠিবলৈ সকলোৰে আশীৰ্বাদ কামনা কৰিছে। সকলোৰে আশা দীপক শৰ্মা সুস্থ হৈ পুনৰ বাঁহীৰ সুৰেৰে জীপাল কৰি তোলক সকলোৰে মন।

গৰমৰ বতৰত নিজক সুস্থ কৰি ৰাখিবলৈ দৈনিক কি কি খাব…

যদি আপুনি গ্ৰীষ্মকালত সুস্থ হৈ থাকিব বিচাৰে, তেন্তে দৈনিক ফল-মূল খাব। আপুনি সেউজীয়া আপেল খাব দৈনিক, ইয়াত আইৰণ কেলচিয়াম ভিটামিন আৰু এন্টিঅক্সিডেন্ট গুণ পোৱা যায়। লগতে সেউজীয়া আপেলত কুৱেৰচেটিন প্ৰচুৰ পৰিমাণে পোৱা যায়। স্বাস্থ্য বিশেষজ্ঞসকলে সদায় সুস্থ হৈ থাকিবলৈ সেউজীয়া শাক-পাচলি আৰু সতেজ ফল-মূল খাবলৈ পৰামৰ্শ দিয়ে। এই ফল-মূলত ক্ল’ৰ’ফিল পোৱা যায়, যিটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। কোৱা হয় যে সেউজীয়া ফল সেৱনে কলেষ্টেৰল আৰু উচ্চ বি পি নিয়ন্ত্ৰণত ৰাখে। লগতে পাচনতন্ত্ৰই সঠিকভাৱে কাম কৰে। এটা গৱেষণাই দাবী কৰিছে যে সেউজীয়া ফল খোৱাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। যদি আপুনিও গ্ৰীষ্মকালত সুস্থ হৈ থাকিব বিচাৰে তেন্তে নিশ্চিতভাৱে এই ৪টা বস্তু দৈনিক খাব।

১) আঙুৰ খাব- আঙুৰ স্বাস্থ্যৰ বাবে বৰ উপকাৰী। ইয়াত ফ্লেভনয়ড আৰু এন্টিঅক্সিডেন্টৰ উপৰিও অপৰিহাৰ্য পুষ্টিকৰ উপাদান পটাছিয়াম, কেলচিয়াম, ভিটামিন এ, বি আৰু চি প্ৰচুৰ পৰিমাণে থাকে। এই সকলোবোৰ অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান স্বাস্থ্যৰ বাবে উপকাৰী। ইয়াৰ ব্যৱহাৰৰ দ্বাৰা কলেষ্টেৰল নিয়ন্ত্ৰণত থাকে। আঙুৰ খালে শৰীৰত শক্তি সঞ্চাৰণ হয়। ইয়াৰ ফলত গ্ৰীষ্মকালীন ক্লান্তিৰ সমস্যা দূৰ হয়।

২) অমিতা খাব- যদি আপুনি মানসিক চাপত অসুবিধা পাইছে আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেন্তে অমিতা খাওক। ইয়াত মেগনেছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ ফলত মানসিক চাপৰ পৰা উপশম পোৱাই নহয়, পেশীবোৰো শক্তিশালী হয়। একে সময়তে আঁহৰ বাবে পাচনতন্ত্ৰই সঠিকভাৱে কাম কৰে। ইয়াত ভিটামিন-এ, চি, ফলেট, জিংক আৰু কপাৰ আদি পুষ্টিকৰ উপাদান থাকে।

৩) সেউজীয়া আপেল খাব- গ্ৰীষ্মকালত নিজকে সুস্থ কৰি ৰাখিবলৈ নিশ্চয়কৈ দৈনিক সেউজীয়া আপেল খাব লাগে। ইয়াত আইৰণ, কেলচিয়াম, ভিটামিন আৰু এন্টিঅক্সিডেন্ট গুণ পোৱা যায়। লগতে ‘কুৱেৰচেটিন’ সেউজীয়া আপেলত প্ৰচুৰ পৰিমাণে পোৱা যায়। এই ৰাসায়নিক পদাৰ্থৰ সহায়ত আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব পাৰিব।

৪) তৰমুজ খাব- যদি গ্ৰীষ্মকালত শীতল অনুভৱ কৰিব বিচাৰে তেন্তে নিশ্চিতভাৱে তৰমুজ খাব। তৰমুজে পেট শীতল কৰে। ইয়াৰ কাৰণে গ্ৰীষ্মকালত শৰীৰত পানীৰ অভাৱ নহয়। তৰমুজ খাবলৈও বৰ সোৱাদ। ইচ্ছা কৰিলে ইয়াৰ ৰসও খাব পাৰে।

৫) কিৱি খাব- ইয়াত ভিটামিন-চি, ই, ফলেট আৰু পটাছিয়াম আদি পুষ্টিকৰ উপাদান থাকে। ইয়াৰ লগতে অমিতা এন্টিঅক্সিডেন্ট, এন্টি-ইনফ্লেমেটৰী, এন্টি-হাইপাৰটেনচিভ গুণো আছে, যিয়ে প্লেটলেট বৃদ্ধি কৰাত সহায় কৰে। কিউইৰ গ্লাইচেমিক সূচকাংক অতি কম। সেইবাবেই ডায়েবেটিছ ৰোগীয়েও কিৱি সেৱন কৰিব পাৰে।

শ্ৰী শ্ৰী আলিপুখুৰী পাতেকীবড়ী সত্ৰত দৌল উৎসৱ আৰু ৰং মেলা

মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ শ্ৰী শ্ৰী আলিপুখুৰী পাতেকীবড়ী সত্ৰত আৰম্ভ হৈছে শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ।


সত্ৰাধিকাৰ ভাষ্য অনুসৰি সোমবাৰৰ পৰা আগন্তুক ১২ মাৰ্চলৈকে চলিব শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ ও দৌল মহোৎসৱৰ লগত সংগতি ৰাখি ৰং মেলা।


শ্ৰী শ্ৰী আলিপুখুৰী পাতেকীবড়ী সত্ৰৰ সত্ৰাধিকাৰে এই সত্ৰলৈ ভকত বৈষ্ণৱসকলক আমন্ত্ৰণ জনাইছে।


সম্প্ৰতি সত্ৰখনত অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ভক্তসকলৰ সমাগম হ’বলৈ ধৰিছে।


সত্ৰখনত জিলা প্ৰশাসনৰ ফালৰ পৰা সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে সত্ৰাধিকাৰে ধন্যবাদ জ্ঞাপন কৰিছে।


অৱশ্যে জিলা প্ৰশাসনৰ নিৰ্দেশ অনুযায়ী কাৰ্যসূচী পালনৰ পূৰ্ণ আশ্বাস দিছে সত্ৰাধিকাৰজনে।

জাচিংফাত প্ৰতীক্ষাৰ দ্বাৰা হস্তশিল্পী সকলৰ বাবে কৰ্মশালা সম্পন্ন


ভাৰত চৰকাৰৰ হস্ততাত আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ দ্বাৰা মঞ্জুৰীপ্ৰাপ্ত নগাঁও জিলাৰ আগশাৰীৰ বে-চৰকাৰী সংস্থা প্ৰতীক্ষাৰ উদ্যোগত নগাওঁ জিলাৰ “জাচিংফা একোৱা টৌৰিজিম ৰিজৰ্ট”ত হস্তশিল্পীসকলৰ উন্নয়নৰ বাবে আজি দিনজোৰা কাৰ্য্যসূচীৰে এখনি কৰ্মশালা / আলোচনাচক্ৰ অনুষ্ঠিত হয়।

পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা কৰ্মশালা শুভাৰম্ভ কৰে স্থানীয় সোণাইপৰীয়া হেণ্ডীক্ৰাফ্ট প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ মুখ্য কাৰ্য্যবাহী বিষয়া ছফিকুল ইছলামে।

শুভাৰম্ভ কৰি তেও কয় যে, নগাওঁ জিলাৰ হস্তশিল্পী সকলৰ দ্বাৰা নিৰ্মিত সামগ্ৰীসমূহ সমগ্ৰ ভাৰত তথা বিদেশত অতীজৰে পৰা সমাদৰ লাভ কৰি আহিছে। হস্তশিল্পীসকলৰ দ্বাৰা নিৰ্মিত সামগ্ৰীসমূহে ভাৰতৰ অৰ্থনৈতিক বিকাশত গুৰুত্ব পাই আহিছে ।

কৰ্মশালাৰ আৰম্ভণিতে সংস্থাৰ তৰফৰ পৰা সকলো নিমন্ত্ৰিত অতিথি সকলক ফুলৰ থোপা, গামোছা আৰু কৰ্মশালা কীটেৰে সম্বৰ্ধনা জনোৱা হয়। হস্তশিল্পী সকলৰ পঞ্জীয়নৰ সময়ত সকলোকে প্ৰশিক্ষণ কীট প্ৰদান কৰা হয়। আজিৰ কৰ্মশালাত অসমৰ চাৰিজন অভিজ্ঞ সমল ব্যক্তিয়ে হস্তশিল্পীসকলক উদ্দেশ্যি উদ্গনিমূলক ভাষণ প্ৰদান কৰে।

ইণ্ডিয়ান বেংক নগাও শাখাৰ সাখা প্ৰবন্ধক হৰীশ ৰঞ্জনে ভাৰত চৰকাৰৰ মুদ্ৰা লোনৰ বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰি বক্তৃতা প্ৰদান কৰে লগতে প্ৰধান মন্ত্ৰী জনধন যোজনা, সুৰক্ষা বীমা যোজনা, জীৱনজ্যোতি বীমা যোজনাৰ বিষয়েও বক্তৃতা প্ৰদান কৰে।

ইয়াৰ পিছত বুস এণ্ড কোম্পানীৰ স্বত্বাধিকাৰী ইন্দ্ৰনীল বুসে জি. এস. টি. সম্পৰ্কে নিজৰ বক্তব্য দাঙি ধৰে। সোনাইপৰীয়া হেণ্ডিক্ৰাফ্ট প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ নিৰ্দেশক তৈয়াবুৰ ৰহমানে হস্ততাত বস্ত্ৰশিল্প মন্ত্ৰালয়ৰ বিভিন্ন আঁচনিৰ বিষয়ে অৱগত কৰে।

দুপৰীয়া আহাৰ গ্ৰহণৰ পিছত গুৱাহাটীস্থিত ই.পি.চি.এইছ. কাৰ্য্যালয়ৰ জ্যেষ্ঠ ডিজাইনাৰ ধ্ৰুৱ বৰ্মনে জি.আই. এক্ট আৰু ই-কমাৰ্চ সম্পৰ্কে বক্তব্য দাঙি ধৰে। সদৌ শেষত প্ৰতীক্ষাৰ সম্পাদিকাই সকলো হস্তশিল্পী সকলৰ মাজত উপস্থিতিৰ প্ৰমাণ পত্ৰ বিতৰণ কৰাৰ লগতে নিমন্ত্ৰিত অতিথিক শলাগৰ শৰাই আগবঢ়াই কৰ্মশালাৰ সামৰণি মাৰে বুলি প্ৰতীক্ষাৰ সম্পাদিকাই আমাক জানিবলৈ দিয়ে।

গৰুৰ চৰণীয়া পথাৰত পৰিণত বালাবাৰী গাওঁ পঞ্চায়ত

এটি আজৱ কাৰ্যালয়। য’ত কৰ্মচাৰীৰ পৰিৱৰ্তে আছে কেৱল গৰু আৰু গৰু। কাৰ্যালয়টোৰ চাৰিওফালে কেৱল গৰু। গৰুৰ চৰণীয়া পথাৰত পৰিণত হৈছে এই কাৰ্যালয়। এইয়া হৈছে পূৱ মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত বালাবাৰী গাওঁ পঞ্চায়ত কাৰ্যালয়। কাৰ্যালয়টোলৈ মানুহ অহা বাদেই দিছে।

কাৰণ উপস্থিত নাথাকে কোনো কৰ্মচাৰী। স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত সোমবাৰে দিনৰ ২ বজাত উপস্থিত হয় সাংবাদিকৰ এটি দলে। গোটেই দিনটো তলাবন্ধ থাকিল কাৰ্যালয়ৰ। কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ কৰ্ম- সংস্কৃতিয়ে অতিষ্ঠ কৰিছে সৰ্বসাধাৰণ ৰাইজক।

পুৱা ৯:৩০ বজাত নিজ কাৰ্যালয়ত কৰ্মচাৰী সকল উপস্থিত থকাটো বাধ্যতামূলক কৰিছে যদিও গুৰুত্ব নাই এইসকল কৰ্মচাৰীৰ। বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই নিজ খেয়াল খুচি মতে অহা যোৱা কৰে বালাবাৰী গাওঁ পঞ্চায়তৰ বিষয়া কৰ্মচাৰী সকলে।

যাৰ বাবে বিভিন্ন কাম-কাজৰ বাবে কাৰ্যালয়লৈ অহা লোক সকলে ঘন্টাৰ পিছত ঘন্টা বহি থাকি ঘুৰি যাব লগীয়া হয় অহা বাটেৰে। জানিবলৈ দিয়া মতে মাজে সময়ে কাৰ্যালয়ৰ তলা খুলে যদিও কোনো কৰ্মচাৰী উপস্থিত নোহোৱাত তলাবন্ধ কৰি আকৌ ঘৰমুৱা হয় চকীদাৰে।

কামৰ বিভিন্ন অজুহাত দেখুৱাই মাহেকত দুই এদিন উপস্থিত থাকে কৰ্মচাৰী সকলে। নিজ কৰ্তব্যক ফাকি দিয়া এইসকল বিষয়া কৰ্মচাৰীৰ বাবেই বিগত বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত জবকাৰ্ড একাউন্টত দিয়া ধনখিনি পোৱা নাছিল।

দুৰ্নীতিগ্ৰস্থ বিষয়া কৰ্মচাৰী সকলে ৰাইজৰ ৰোষত পৰাৰ ভয়ত মাহেকৰ অধিকাংশ দিন নিজ কাৰ্যালয়ত উপস্থিত নাথাকে নেকি ৰাইজৰ মাজত প্ৰশ্ন উদয় হৈছে? নিজ খেয়াল খুচি মতে কাৰ্যালয় লৈ অহা যোৱা কৰা এইসকল দুৰ্নীতি গ্ৰস্থ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে জিলা উপায়ুক্ত‌ই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষনীয়।

সৰুপথাৰত ধনশিৰি মহকুমা প্ৰশাসন, গাওঁবুঢ়া সন্থা, গ্ৰামীন জীৱিকা অভিযানৰ কৃষি সখী সকলৰ মাজত সজাগতা সভা

আজি দুপৰীয়া ধনশিৰি মহকুমা প্ৰশাসন, কৃষি বিভাগ, ধনশিৰি মহকুমা গাওঁবুঢ়া সন্থা আৰু গ্ৰামীন জীৱিকা অভিযানৰ কৃষি সখী সকলৰ মাজত ধনশিৰি মহকুমাত চৰকাৰীভাৱে ধান ক্ৰয় কৰা সন্দৰ্ভত এক সজাগতা সভা অনুষ্ঠিত হয়৷

গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাত ধনশিৰি মহকুমাৰ কৃষকসকলে চৰকাৰীভাৱে ধান বিক্ৰি কৰা নীতি নিয়ম আৰু ব্যৱস্থাৱলী সম্পৰ্কত লগতে ধনশিৰি মহকুমাৰ নাওজানত চৰকাৰী ধান ক্ৰয় কেন্দ্ৰত নিৰ্ধাৰীত চৰকাৰী মূল্যত ধান বিক্ৰি কৰা হোৱা সজাগতা সভাত গাওঁবুঢ়া আৰু কৃষি সখী সকলে নিজা নিজা অঞ্চলৰ কৃষক সকলক অৱগত কৰিবলৈ মহকুমা প্ৰশাসনৰ তৰফৰ পৰা অৱগত কৰা হয়৷

সভাত গাওঁবুঢ়াআৰু কৃষি সখী সকলেও চৰকাৰীভাৱে ধান ক্ৰয় কৰা কেন্দ্ৰত ধান বিক্ৰী কৰিলে ধানৰ মুল্য পোৱাত বিলম্ব হোৱা সম্পৰ্কত মহকুমা প্ৰশাসনৰ বিষয়ববীয়া সকলক জনায়৷

সজাগতা সভাত ধনশিৰি মহকুমা মহকুমাধিপতি দিনচেংফা বৰুৱা, চক্ৰ বিষয়া হেমাংগ নবীচ, দণ্ডাধীশ জাফেথ ড্ৰাংগণ, কৃষি বিভাগৰ বিষয়া সকলৰ উপৰিও ধনশিৰি মহকুমা গাওঁবুঢ়া সন্থাৰ সভাপতি ললিত গগৈৰ লগতে গাওঁবুঢ়া আৰু কৃষি সখী সকল উপস্থিত থাকে৷

শ্ৰীমন্ত শংকৰদেৱ সত্ৰ, টংলাত সম্বৰ্ধনা অনুষ্ঠান আৰু হোলী পালন

গুৰুদুজনাৰ সৃষ্টিৰাজিক আমি সদায়েই সজীৱ কৰি ৰাখিব লাগিব।গুৰু দুজনাৰ অপূৰ্ব সৃষ্টি সত্ৰখনৰ উন্নীতকৰণৰ বাবে সেৱা আগবঢ়াবলৈ মই প্ৰস্তুত আছো।

টংলাস্থিত শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ তৰফৰ পৰা আগবঢ়োৱা সম্বৰ্ধনা গ্ৰহণ কৰি বিটিআৰৰ কাৰ্যবাহী সদস্য তথা মুদৈবৰী সমষ্টিৰ পাৰিষদ দিগন্ত বৰুৱাই এইদৰে কয়।তেখেতে পুনৰ কয় মোৰ সমষ্টিৰ উন্নয়ন পুঁজিৰ ৫লাখ টকা আৰ্থিক অনুদানেৰে সত্ৰৰ উৱলি যোৱা টিনপাত গুচাই নতুনকৈ লগোৱা হয়।

১৯৬৭ চনত স্থাপিত সত্ৰখনক জাকত জিলিকা কৰিবলৈ মই পাৰ্যমানে চেষ্টা চলাই যাম বুলি ভকত বৈষ্ণবৰ সমুখত প্ৰতিশ্ৰুতি দিয়ে।সম্বৰ্ধনা প্ৰাপক বৰুৱাক ফুলাম গামোচা, শৰাই সঁফুৰা ,চেলেং চাদৰ আৰু মানপত্ৰ প্ৰদান কৰে।

সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক গৌতম কুমাৰ দাসে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত সত্ৰ পৰিচালনা সমিতিৰ সভাপতি বলিৰাম ডেকা, অৱসৰপ্ৰাপ্ত অধ্যাপক ঘটেশ্বৰ বৰুৱা, সমাজকর্মী ডিম্ভেশ্বৰ ডেকা, ডিম্ভেশ্বৰ দাস, সাংবাদিক নাৰায়ণ ডেকা, সত্ৰৰ ভকত বৈষ্ণৱ,আই মাতৃ, যুৱ,শিশু উপস্থিত থাকে।

হোলী বা ফাকুৱা উৎসৱৰ গোন্ধ উপলক্ষে আজি সত্ৰখনত এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰে।সত্ৰখনৰ ডেকা ভকতসকলে হোলী গীত পৰিৱেশন কৰে৷

চামতাত ৫ দিনীয়া বিহু নৃত্য, ঢোল বাদনৰ কৰ্মশালাৰ আয়োজন সীমান্ত শেখৰৰ

চামতাত উপস্থিত হয় অসম চৰকাৰৰ চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ।

চামতাস্থিত পশ্চিম নলবাৰী প্ৰেছ ক্লাৱত জামৰতল, পাঠকপাৰা নামঘৰ সমিতি, “সৃষ্টি ডেঞ্চ এণ্ড ড্ৰামা ফাউণ্ডেছন”ৰ অধ্যক্ষ আৰু কৰ্মকৰ্তাসকল, পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ বিষয় ববীয়া, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয় ববীয়াৰ লগত এক আলোচনা চক্ৰত ভাগ লয় শেখৰে।

উল্লেখ্য যে উক্ত স্থানতে অহা ২৮ মাৰ্চৰ পৰা ২ এপ্ৰিললৈ ৫ দিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা হৈছে বিহু নৃত্য আৰু ঢোল বাদনৰ এক বিশেষ কৰ্মশালাৰ।

শিৱসাগৰৰ চৰাইদেউৰ বিহু হুঁচৰি দলৰ কেইগৰাকী মান অভিজ্ঞ প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰিব লগা উক্ত কৰ্মশালাই চমতা অঞ্চলৰ নতুন প্ৰজন্মৰ কিশোৰ কিশোৰী তথা যুৱক যুৱতী সকলক বিশেষ ভাৱে উপকৃত কৰিব বুলি আশাবাদী সীমান্ত শেখৰ।

আলোচনা চক্ৰত চামতা অঞ্চলৰ গণ্যমান্য ব্যক্তি সকলৰ সৈতে মিলিত হৈ কৰ্মশালাৰ প্ৰশিক্ষণ সন্দৰ্ভত স্থানীয় ৰাইজৰ সহায় সহযোগিতা কামনা কৰে চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে।

সম্পূৰ্ণ বিনামূলীয়া উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰা শিক্ষাৰ্থী সকলক সামৰণিৰ দিনা প্ৰমাণ পত্ৰ প্ৰদান কৰা হব বুলিও সীমান্ত শেখৰে জানিব দিয়ে।