Home Blog Page 1692

উদ্ধব থাকৰে বনাম একনাথ সিন্দে । কোনে পাব ১৯১ কোটি আৰু বিশাল সম্পত্তি

বালা চাহেব থাকৰেৰ সপোনৰ ” শিৱ সেনা” এতিয়া বঙহৰ যুজঁত বিধস্ত। একনাথ সিন্দে আৰু উদ্ধব থাকৰেৰ ক্ষমতাকেন্দ্ৰিক যুজঁত শিৱ সেনাই ক্ৰমে হেৰুৱাই পেলাইছে পূৰ্বৰ গৌৰৱোজ্জ্বল দিনবোৰ। মুখ্যমন্ত্ৰীৰ চকী হেৰোৱাৰ পিছত উদ্ধব থাকৰেৰ হাতৰ পৰা ওলাই গ’ল প্ৰতীক। শেহতীয়াকৈ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে শিৱসেনা একনাথ সিন্দে গোটক অৰ্পণ কৰাৰ পিছত থৰকাচুটি হেৰুৱাইছে একালৰ প্ৰবল প্ৰতাপী বালা চাহেব থাকৰেৰ উত্তৰাধিকাৰী উদ্ধব থাকৰেই। শেহতীয়াকৈ একনাথ সিন্দেই চকু দিছে শিৱ সেনাৰ ১৯১ কোটি আৰু ৩৬২ টা কাৰ্যালয়ৰ ওপৰত। দাদৰাত থকা শিৱসেনাৰ ভৱনটো সম্প্ৰতি আছে উদ্ধব থাকৰেৰ দখলত। আনহাতে উদ্ধব থাকৰেৰ অধিবক্তা কিপাল শিৱালে উচ্চতম ন্যায়ালয়ত অবগত কৰামতে শিৱসেনাৰ পন আৰু সম্পত্তি অধিগ্ৰহণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

একেদৰে সিন্দে ফৈদে শিৱসেনাৰ কোষাধ্যক্ষ নিযুক্তি দিলে সংবিধান অনুসৰি সকলো সা-সম্পত্তি আৰু ধন সিন্দে ফৈদলৈ হস্তান্তৰ হব বুলি ঘোষনা কৰিছে। আনহাতে ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব বাজেট অধিবেশন। উদ্ধব থাকৰেৰ হাতত আছে ১০ গৰাকী বিধায়ক আৰু দুই তিনিগৰাকী সাংসদ। যদি সিন্দেগোটে হুইপ জাৰি কৰে এইসকলে উদ্ধব থাকৰেৰ সংগ ত্যাগ কৰাৰ সম্ভবনা নুই কৰা নাই ৰাজনৈতিক বিশ্লেষক সকলে। বালা চাহাব থাকৰেৰ “শিৱসেনা” পূৰ্বৰ দৰে জিলিকি উঠে নে নাই সেয়া সময়ত সকলো পোহৰলৈ অহাটো নিশ্চিত।

অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ পৃষ্ঠপোষকতাত সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ভলিবল খেল প্ৰতিযোগিতা

অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ পৃষ্ঠপোষকতাত সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ভলিবল খেল প্ৰতিযোগিতা

২৬ আৰু ২৭ ফেব্ৰুৱাৰী দুদিনীয়াকৈ আয়োজন কৰা হৈছে এই ভলিবল প্ৰতিযোগিতা খন। খেল খনৰ শুভ উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মন্ত্ৰী বিমল বৰা।

অলপ কাম কৰিলেই ভাগৰুৱা অনুভৱ কৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইসমূহ খাদ্য…

ভাগৰুৱা অনুভৱ ! ভাগৰুৱা অনুভৱ কৰাটো বৰ্তমান এক প্ৰধান সমস্যা। ভাগৰুৱা অৱস্থাত আপুনি কি কি খাদ্য কাব লাগে জানেনে? ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে যদি আপুনি ভাগৰুৱা অনুভৱ কৰে, তেন্তে খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। ভাগৰ দূৰ কৰিবলৈ আপুনি খাদ্য তালিকাত কিছুমান খাদ্য অন্তৰ্ভুক্ত কৰিব পাৰে। সেইবাবেই যেতিয়া আপুনি ভাগৰুৱা অনুভৱ কৰে তেতিয়া নিশ্চিতভাৱে আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি মনোযোগ দিব।


ভাগৰুৱা হ’লে খাদ্যত এইবোৰ বস্তু অন্তৰ্ভুক্ত কৰক-
পালেংশাক-
কচুত বি ভিটামিন আৰু আইৰণৰ উৎস। ইয়াক সেৱন কৰিলে আপোনাৰ শৰীৰত সম্পূৰ্ণ শক্তি আহে, যিয়ে ভাগৰ কমোৱাৰ কাম কৰে। শৰীৰত আইৰণৰ অভাৱৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে, গতিকে নিশ্চিতভাৱে আপোনাৰ খাদ্যৰ প্লেটত কচু অন্তৰ্ভুক্ত কৰক।


কল-
কলত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে। যদি আপুনি ভাগৰুৱা অনুভৱ কৰিছে তেন্তে কল খাব লাগে। কাৰণ কল খালে আপোনাৰ শৰীৰত তৎক্ষণাত শক্তি পোৱা যায়। সেইবাবেই কল দৈনিক খাব লাগিব।
কণী-
কণী এক উৎকৃষ্ট উৎস যিয়ে শৰীৰক অবিৰত শক্তি প্ৰদানৰ কাম কৰে। যদি আপুনি কণী খায়, তেন্তে আপুনি ভাগৰ অনুভৱ কৰাৰ সময়ত ইয়াক গ্ৰহণ কৰিব পাৰে। সিজোৱা কণীও খাব পাৰে।



তৎক্ষণাত শক্তি বৃদ্ধি কৰিবলৈ অটমিল সেৱন কৰিব পাৰি। অটমিলত কাৰ্ব থাকে যিয়ে শৰীৰক শক্তি প্ৰদানৰ কাম কৰে।

আইফেল টাৱাৰত জন্মদিন উদযাপন উৰ্বশী ৰাউটেলাৰ, উৰ্বশীক জন্মদিনৰ শুভেচ্ছা জনালে ঋষভ পন্তে…

আজি বি-টাউনৰ বিখ্যাত অভিনেত্ৰী উৰ্বশী ৰাউটেলাৰ জন্মদিন। উৰ্বশীৰ জন্মদিন উপলক্ষে আমি আপোনালোকৰ বাবে লৈ আহিছো উৰ্বশীৰ সুন্দৰ ফটো আৰু ভিডিঅ’।

উৰ্বশী ৰাউটেলাৰ সৌন্দৰ্য্যৰ বাবে সুপৰিচিত। দীৰ্ঘদিন ধৰি ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ থকা উৰ্বশী ৰাউটেলাৰ ছবি আৰু ভিডিঅ’ক লৈ চৰ্চাৰ বিষয় হৈয়েই আছে। ২৫ ফেব্ৰুৱাৰীত উৰ্বশীৰ ২৯ সংখ্যক জন্মদিন।উৰ্বশী ৰাউটেলাই ২৯ সংখ্যক জন্মদিন আইফেল টাৱাৰত পালন কৰে।

আচলতে জন্মদিনৰ বিশেষ উপলক্ষে উৰ্বশী ৰাউটেলাই নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত শেহতীয়া ছবি আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে। ইনষ্টাগ্ৰামত উৰ্বশী ৰাউটেলাৰ জন্মদিনৰ কেক দেখা পোৱা গৈছে।হাতত ফুলৰ থোপা আৰু মুখত এটা ধুনীয়া হাঁহি লৈ উৰ্বশীয়ে নিজৰ চেহেৰাটোৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ছ’চিয়েল মিডিয়াত উৰ্বশী ৰাউটেলাৰ ফটোখনত বহুতে লাইক আৰু কমেন্ট কৰিছে।

উৰ্বশী ৰাউটেলাক দেখা যাব ‘কান্তৰা ২’ত।

কিছুদিন পূৰ্বে উৰ্বশী ৰাউটেলাই ইনষ্টাগ্ৰামত চাউথ চিনেমাৰ ছুপাৰষ্টাৰ ঋষব শ্বেট্টীৰ সৈতে শেহতীয়া ছবিখন শ্বেয়াৰ কৰিছিল। এই ফটোখনৰ সৈতে উৰ্বশী ৰাউটেলাই লিখিছে যে- ‘কান্তৰা ২ লোডিং।’ উৰ্বশীৰ এই পোষ্টটোৰ পিছত জল্পনা-কল্পনা আৰম্ভ হৈছে যে উৰ্বশী ৰাউটেলাক ঋষভ শ্বেট্টী অভিনীত ছবি ‘কান্তৰা ২’ত মুখ্য চৰিত্ৰত অভিনয় কৰা দেখা যাব পাৰে।

সকলো খাদ্য একেলগে সেৱন কৰিব নালাগে ! খোৱাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰা উচিত…

খাদ্য জীৱনৰ অংশ। জীয়াই থাকিবলৈ খাদ্য খাব লাগিবই। প্ৰতিজন ব্যক্তিৰ দৈনন্দিন জীৱনত খাদ্য অন্তৰ্ভুক্ত। সুস্থ হৈ থাকিবলৈ সকলোৱে ভাল খাদ্য খাই খাব লাগিব। চিকিৎসকে কয় যে সুস্থ হৈ থাকিবলৈ স্বাস্থ্যসন্মত খাদ্য বাছনি কৰাটো অতি প্ৰয়োজনীয়। মানুহে প্ৰতিদিনে আজে বাজে খায়। যাৰ ফলত মেদবহুলতা , ডায়েবেটিছ, উচ্চ ৰক্তচাপৰ দৰে ৰোগো বৃদ্ধি হোৱাৰ সম্ভাৱনা। কিন্তু খাদ্য খাওতে সাৱধানতা অৱলম্বন কৰিব লাগে। সকলো খাদ্য একেলগে খাবও নালাগে। কিছুমান খাদ্য একেলগে খালে শৰীৰৰ ওপৰত গুৰুতৰ পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। বহু সময়ত এই ৰাসায়নিক বিক্ৰিয়াই শৰীৰত বিষৰ দৰে কাম কৰে। আজি আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম কি কি বস্তু একেলগে খাব নালাগে-

মৌ আৰু ঘিউ একেলগে নাখাব
প্ৰাচীন ভাৰতীয় বিজ্ঞানৰ মতে মৌ আৰু ঘিউ একেলগে খোৱাটো বিষাক্ত হ’ব পাৰে। মৌত ৩৫-৪০ শতাংশ ফ্ৰুক্ট’জ আৰু ২৫-৩৫ শতাংশ গ্লুক’জ থাকে আৰু ইয়াত প্ৰচুৰ পৰিমাণে চুক্ৰ’জ আৰু মাল্ট’জ থাকে। খনিজ পদাৰ্থৰ উপৰিও মৌত Clostridium botulinum নামৰ এটা বেক্টেৰিয়া থাকে। কিন্তু গাখীৰ বা ইয়াৰ পৰা তৈয়াৰী সামগ্ৰীৰ লগত মিহলি হোৱাৰ লগে লগে এই বেক্টেৰিয়াবোৰ অতি দ্ৰুতগতিত বৃদ্ধি পায়। ইয়াৰ বাবে পেটৰ বিষ, বদহজমৰ বাহিৰেও নিয়মিতভাৱে খালে কেন্সাৰৰো সমস্যা হ’ব পাৰে।

মদ আৰু ঔষধ একেলগে খাব নালাগে
মদ আৰু ঔষধৰ মাজত সম্পৰ্ক নাই। চিকিৎসকে কয় যে মদৰ সৈতে ঔষধ একেবাৰে সেৱন কৰিবলৈ চেষ্টা নকৰিব। যদিও কিছুমান ঔষধে মদৰ লগত ইমান ক্ষতি কৰিব নোৱাৰে, আনহাতে কিছুমান এন্টিবায়টিক আৰু আন ঔষধে মদৰ লগত ইমান বেয়া প্ৰতিক্ৰিয়া কৰে যে শৰীৰত ফোহা, খজুৱতি, আনকি অজ্ঞানতাও হ’ব পাৰে। যদি মদ আৰু ঔষধ অতিৰিক্তভাৱে সেৱন কৰা হয়, তেন্তে জীৱনলৈ বিপদৰ সৃষ্টি হ’ব পাৰে। এন্টিডিপ্ৰেছন, বিষনাশক ঔষধৰ লগত মদ একেবাৰেই সেৱন কৰিব নালাগে।

কেঁচা মাংস, কণী নাখাব
কেঁচা আৰু কমকৈ সিজোৱা বা কেঁচা কণী একেবাৰেই খাব নালাগে। এইবোৰত ছালমনেলা, ই কলাই আৰু কেম্পাইলবেক্টেৰ আদি বেক্টেৰিয়া পোৱা যায়। ইয়াৰ ফলত খাদ্য বিষক্ৰিয়া হ’ব পাৰে। ৰান্ধি খোৱাৰ পিছত খাব লাগে।

মদৰ সৈতে এনাৰ্জি ড্ৰিংকছ সেৱন নকৰিব
মদ এক উদ্দীপক। মদ্যপান কৰাৰ লগে লগে ৰক্তচাপ বৃদ্ধি পায় আৰু উত্তেজনাৰ সৃষ্টি হয়। এনাৰ্জি ড্ৰিংকছৰ প্ৰকৃতিও প্ৰায় একেই। ইয়াত থকা কেফেইনে ৰক্তচাপ বৃদ্ধিৰ কাম কৰে। যাৰ ফলত হাৰ্টৰ অসুখ বেছি হয়। দুয়োটা একেলগে সেৱন কৰিলে শৰীৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।

দুগ্ধজাত সামগ্ৰী, এন্টিবায়টিক একেলগে খাব নালাগে
দুগ্ধজাত সামগ্ৰী অৰ্থাৎ গাখীৰৰ সামগ্ৰী আৰু কিছুমান এন্টিবায়টিক একেলগে খাব নালাগে। এন্টিবায়টিকৰ ভিতৰত টেট্ৰাচাইক্লিন আৰু চিপ্ৰ’ফ্ল’ক্সাচিন অন্যতম। এই এন্টিবায়টিকবোৰে কেলচিয়াম সহজে হজম কৰিবলৈ নিদিয়ে। ইয়াৰ ফলত স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে।

পুনৰ ফ্ল’প অক্ষয়ৰ ছবি ! মালয়ালম ছবি ৰিমেক কৰি বিপদত অক্ষয় কুমাৰ…

অক্ষয় কুমাৰৰ আটাইতকৈ আন এখন ছবি ‘চেলফি’ বক্স অফিচত অৱস্থা শোচনীয়। বলীউড অভিনেতা অক্ষয় কুমাৰ আৰু ইমৰাণ হাছমীৰ ছবি ‘চেলফি’ক লৈ আশা কৰা হৈছিল যে ই বক্স অফিচত জোকাৰণি তুলিব চেলফিয়ে , কিন্তু প্ৰথম দিনাৰ উপাৰ্জন অতি শোচনীয়, দ্বিতীয় দিনা ছবিখনে কিমান উপাৰ্জন কৰিছে জানেনে-

ৰাজ মেহতাৰ দ্বাৰা নিৰ্মিত ‘চেলফী’ই প্ৰথম দিনাই ভাৰতত ২.৫৫ কোটি টকাৰ ব্যৱসায় কৰিছিল। আনহাতে শনিবাৰে অৰ্থাৎ দ্বিতীয় দিনটোও এই ছবিখনে বিশেষ ব্যৱসায় কৰিব নোৱাৰিলে। এক হিচাপ অনুসৰি দ্বিতীয় দিনা ‘চেলফী’ই ৩.৫০ কোটি টকা উপাৰ্জন কৰিছে। আনহাতে চলচ্চিত্ৰ সমালোচক তৰণ আদৰ্শৰ টুইট অনুসৰি দ্বিতীয় দিনৰ বক্স অফিচ সংগ্ৰহৰ ‘চেলফি’ৰ মূল্য আছিল মাত্ৰ ১.৮৩ কোটি টকা।‘চেলফি’ হৈছে মালয়ালম ছবিখনৰ পুনৰ্নিৰ্মাণ-

অক্ষয় আৰু ইমৰাণ হাছমীৰ ছবি ‘চেলফি’ মালয়ালম ছবি ‘ড্ৰাইভিং লাইচেন্স’ৰ অফিচিয়েল ৰিমেক। ডেৰশ কোটি টকাৰ বাজেটত নিৰ্মাণ কৰা হৈছে ‘চেলফি’। প্ৰযোজকৰ পৰা তাৰকালৈকে বৃহৎ বাজেটত নিৰ্মিত ছবিখনে ভাল উপাৰ্জন কৰিব বুলি আশা কৰা হৈছিল যদিও পুনৰবাৰ অক্ষয় কুমাৰৰ পুনৰ্নিৰ্মাণ ছবিখনে বক্স অফিচত হতাশ কৰিছে।

‘চেলফি’ৰ কাহিনী আৰু তাৰকা অভিনেতা।

ছুপাৰষ্টাৰ আৰু তেওঁৰ অনুৰাগীৰ ওপৰত আধাৰিত ছবিখন। ছবিখনত অক্ষয় ছুপাৰষ্টাৰ হৈ পৰাৰ বিপৰীতে ইমৰাণ তেওঁৰ অনুৰাগী। ইয়াৰ সমান্তৰালকৈ তেওঁ আৰ টি অ’ বিষয়াৰ ভূমিকাও পালন কৰি আছে। অক্ষয়ৰ হাতত ড্ৰাইভিং লাইচেন্স নাই, তাৰ পিছত তেওঁ ইমৰাণক চেলফিৰ বিনিময়ত ড্ৰাইভিং লাইচেন্স ল’বলৈ কয় আৰু ইয়াৰ পৰাই তেওঁলোকৰ মাজত হুলস্থুল আৰম্ভ হয়। ছবিখনত অক্ষয় আৰু ইমৰাণৰ উপৰিও ডায়েনা পেণ্টী, নুশ্ৰত্ত ভাৰুচ্চা, আদা শৰ্মাই অভিনয় কৰে।

দুৰ্দশাৰ পৰা মুক্তি পোৱাৰ প্ৰচেষ্টাঃ চীন আৰু ইৰাণৰ পিছত উজবেকিস্তানৰ সৈতে বাণিজ্যিক চুক্তি কৰিলে পাকিস্তানে

পাকিস্তানে ইয়াৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ দিনক দিনে কমি গৈছে। এনে পৰিস্থিতিত শ্ৰীলংকাৰ দৰে অৱস্থা হোৱাৰ উপকত্ৰম ঘটিছে পাকিস্তানৰ। দেশ খনে প্ৰায় দশকজুৰি অৰ্থনৈতিক সংকটৰ সৈতে যুঁজি আছে। সংকটগ্ৰস্ত দেশখনক সহায় কৰিবলৈ মুঠ তিনিখন দেশ আগবাঢ়ি আহিছে। চীন আৰু ইৰাণৰ পিছত এইবাৰ উজবেকিস্তানেও পাকিস্তানৰ সৈতে দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বাবে ১ বিলিয়ন ডলাৰৰ চুক্তি স্বাক্ষৰ কৰিছে৷ শুকুৰবাৰে তাচখন্দত অনুষ্ঠিত পাকিস্তান-উজবেকিস্তান আন্তঃচৰকাৰী বাণিজ্য-অৰ্থনৈতিক আৰু বৈজ্ঞানিক-কাৰিকৰী সহযোগিতা আয়োগৰ (আইজিচি) ৮ম বৈঠকত এই চুক্তি স্বাক্ষৰিত হয়৷ পাকিস্তানৰ অৰ্থনৈতিক পৰিক্ৰমা মন্ত্ৰালয়ে ইয়াৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত এই তথ্য প্ৰদান কৰিছিল। দুয়োখন দেশে সামগ্ৰী আৰু সেৱাৰ আদান-প্ৰদান ত্ৰান্হিত কৰিবলৈ চুক্তিত স্বাক্ষৰ কৰিছে। পাকিস্তানৰ চৰকাৰে এক চৰকাৰী বিবৃতিত এই কথা প্ৰকাশ কৰিছে।

ডনৰ প্ৰতিবেদন অনুসৰি বাণিজ্য , বেংকিং, উদ্যোগ আৰু উৎপাদন, বিনিয়োগ, বস্ত্ৰ উদ্যোগ, শক্তি, তেল আৰু প্ৰাকৃতিক সম্পদ, পৰিবহন আৰু যোগাযোগ, কৃষি আৰু পৰ্যটন ,সংস্কৃতি বিকাশকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক অৰ্থনৈতিক সহযোগিতাৰ বিষয়ে আলোচনা কৰা হৈছে। দেশখনে আইএমএফৰ দ্বাৰা নিৰ্ধাৰিত চৰ্তাৱলী অনুসৰি ইয়াৰ নীতিবোৰ সংশোধন কৰি আহিছে। বিশ্ব বেংকে ইতিমধ্যে পাকিস্তানক পুঁজি যোগান ধৰা বন্ধ কৰি দিছে। পাকিস্তানৰ চৰকাৰে বিলাসী সামগ্ৰীৰ ওপৰত বিক্ৰী কৰ ২৫ শতাংশলৈ বৃদ্ধি কৰিছে। লগতে মন্ত্ৰী আৰু মন্ত্ৰীসভাৰ উপদেষ্টাসকলক তেওঁলোকৰ ভাট্টা আৰু ব্যয় হ্ৰাস কৰিবলৈ নিৰ্দেশ দিছে। দেশখনে ইন্ধন, আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যও বৃদ্ধি কৰিছে। ফলত সাধাৰণ লোকসকলে তেওঁলোকৰ মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰাটো কঠিন হৈ পৰিছে।পাকিস্তানত মুদ্ৰাস্ফীতি ৪১,৫৪ শতাংশলৈ বৃদ্ধি পাইছে। ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অব্যাহত আছে।পাকিস্তানৰ কেন্দ্ৰীয় বেংকে এই সপ্তাহৰ আৰম্ভণিতে সূতৰ হাৰ বৃদ্ধি কৰিবলৈ সাজু হৈছে।

মহাৰাষ্ট্ৰত নতুন ৰাজনৈতিক সমীকৰণ! মুম্বাইত বৈঠকত মিলিত হ’ল অৰবিন্দ কেজৰিৱাল, উদ্ধৱ থাকৰে

মহাৰাষ্ট্ৰত নতুন ৰাজনৈতিক সমীকৰণৰ ইংগিত দি মুম্বাইত অৰবিন্দ কেদৰিৱাল আৰু উদ্ধৱ থাকৰেই এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ৰাজ্য খনত বিৰোধী ঐক্যক শক্তিশালী কৰাৰ লক্ষ্যৰেই আজিৰ এই বৈঠক অনুষ্ঠিত হোৱা বুলি বহুতে মন্তব্য কৰিছে। অৰবিন্দ কেজৰিৱালে মুম্বাইৰ বান্দ্ৰাত থকা মাতোশ্ৰীত শিৱসেনা (ইউবিটি)ৰ মুৰব্বী উদ্ধৱ থাকৰেক সাক্ষাৎ কৰে। নিৰ্বাচন আয়োগে একনাথ চিন্দেৰ গোটটোক ‘প্ৰকৃত’ শিৱসেনা হিচাপে ঘোষণা কৰাৰ পিছত আৰু তেওঁলোকক ‘ধনু আৰু কাঁড়’ৰ নিৰ্বাচনৰ প্ৰতীক প্ৰদান কৰাৰ কেইদিনমান পিছতে থাকৰে গোটটো বৃহৎ ক্ষতিৰ সন্মুখীন হোৱাৰ কেইদিনমান পিছত এই বৈঠকখন অনুষ্ঠিত হয়। দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ লগতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু সাংসদ ৰাঘৱ চাধা আৰু সঞ্জয় সিঙো এই বৈঠকত উপস্থিত আছিল।উদ্ধৱ থাকৰেই সংবাদ মাধ্যমক কয় যে নেতাসকলে দেশক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰিবলৈ এই বৈঠক অনুষ্ঠিত কৰিছে।আপ আৰু শিৱসেনা (ইউবিটি) দুয়োটা দলেই শাসকীয় বিজেপিৰ সৈতে নিৰন্তৰ প্ৰতিদ্বন্দ্বিতা কৰি আহিছে। একনাথ চিন্দেৰ বিদ্ৰোহ আৰু বিজেপিৰ সৈতে মিত্ৰতাৰ পিছত উদ্ধৱ থাকৰে এতিয়া মহাৰাষ্ট্ৰত একপ্ৰকাৰ অকলশৰীয়া হৈ পৰিছে। যোৱা বছৰ, শিৱসেনাৰ সাংসদসকলে বিদ্ৰোহ কৰি বিজেপিৰ পক্ষ লোৱাৰ বাবে মহা বিকাশ আগাদি চৰকাৰৰ পতন হৈছিল।


বৃহন্মুম্বাই পৌৰ নিগমৰ (বিএমচি) নিৰ্বাচন এই বছৰ অনুষ্ঠিত । এই নিৰ্বাচনত শিৱসেনাই (ইউবিটি) বিজেপিৰ বিৰুদ্ধে শক্তিশালী ৰূপত যুঁজ দিয়াৰ পৰিকল্পনা কৰিছে। গেৰুৱা দলৰ বিৰুদ্ধে দিল্লীৰ পৌৰ নিৰ্বাচনত জয়লাভ কৰাৰ পিছত আম আদমী পাৰ্টিৰ গুৰুত্ব বহু খিনি বৃদ্ধি পাইছে। এনে পৰিস্থিতিত বৃহন্মুম্বাই পৌৰ নিগমৰ নিৰ্বাচনত থাকৰে শিবিৰে আপৰ লগ হৈ যুঁজত নমাৰ পূৰ্ণ সম্ভাৱনা আছে।

জিমত ৱৰ্কআউট কৰি থকা অৱস্থাত হাৰ্ট এটেকত মৃত্যু ২৪ বছৰীয়া যুৱকৰ…

জিমত ৱৰ্কআউট কৰি থকা অৱস্থাত হাৰ্ট এটেকত মৃত্যু হয় এজন ২৪ বছৰীয়া যুৱকৰ ! হায়দৰাবাদৰ এটা জিমৰ পৰা ইণ্টাৰনেটত ভাইৰেল হৈ আছে এটা হৃদয় বিদাৰক ভিডিঅ’ য’ত জিমত ৱৰ্কআউটৰ সময়ত এজন ২৪ বছৰীয়া যুৱক ঢলি পৰে। যুৱকজন কৰ্মৰত আছিল আৰক্ষী জোৱানত ! যুৱকজনৰ মৃত্যুৰ চাঞ্চল্যকৰ মুহূৰ্ত বন্দী হৈছে জিমত সংস্থাপন কৰা চিচিটিভিত। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত বিশাল নামেৰে চিনাক্ত ২৪ বছৰীয়া এজন আৰক্ষীক পুছ আপ আৰু ষ্ট্ৰেচ কৰি থকাৰ সময়তে ঢলি পৰা দেখা গৈছে। খবৰ অনুসৰি হাৰ্ট এটেকৰ ফলত থিতাতে মৃত্যু হয় লোকজনৰ।চিচিটিভিৰ ফুটেজত বিশালক পুছ আপ সম্পূৰ্ণ কৰি জোৰেৰে কাহ মৰা দেখা গৈছে। কিছু মুহূৰ্তৰ পিছত মাটিত বহি তেওঁ ঢলি পৰে।

ৱৰ্কআউটৰ সময়ত এজন যুৱকৰ আকস্মিক মৃত্যুৰ এই চাঞ্চল্যকৰ ভিডিঅ’টোৱে ৰাইজক চিন্তিত কৰি তুলিছে। জিমত ৱৰ্কআউট চেচনৰ সময়ত মৃত্যু হোৱাটো এইটোৱেই প্ৰথম নহয়। যোৱা বছৰ বিখ্যাত টিভি অভিনেতা, সিদ্ধান্ত সূৰ্যবংশীৰ শাৰীৰিক প্ৰশিক্ষণৰ সময়ত হাৰ্ট এটেকত মৃত্যু হৈছিল। জিমত ৱৰ্কআউট কৰি থাকোঁতে কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ ব্যাপক হাৰ্ট এটেকত মৃত্যু হোৱাৰ কেইসপ্তাহমানৰ পিছত এই কথা প্ৰকাশ পাইছে। এয়াই নহয়, ছলমান খানৰ ৫০ বছৰীয়া বডি ডাবল সাগৰ ওয়াণ্ডেইও জিম ৱৰ্কআউটৰ সময়ত হাৰ্ট এটেকত আক্ৰান্ত হয়। ২০২১ চনৰ ২৯ অক্টোবৰত ৱৰ্কআউটৰ সময়ত হাৰ্ট এটেকত আক্ৰান্ত হৈ দক্ষিণৰ ছুপাৰষ্টাৰ পুনেচ ৰাজকুমাৰৰ মৃত্যু হয়। দিনক দিনে হাৰ্ট এটেকট মৃত্যু হোৱা লোকৰ সংখ্যা বাঢ়িছে।

সদৌ অসম ৰবিদাস সন্মিলনৰ সোণালী জয়ন্তীত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা…

যুগ যুগ ধৰি অসমত বসবাস কৰি অহা ৰবিদাস সম্প্ৰদায়ৰ লোকসকলে অসমৰ ভাষা, কলা-সংস্কৃতিক মনে-প্ৰাণে আঁকোৱালি লৈ বৃহত্তৰ অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। শনিবাৰে বোকাখাতৰ প্ৰয়াত ৰামদাস আৰু মুঞ্চীৰাম ৰবিদাস সমন্বয় ক্ষেত্ৰত আয়োজিত সদৌ অসম ৰবিদাস সন্মিলনৰ সোণালী জয়ন্তীত অংশ লৈ অনুষ্ঠানটিৰ সফলতা কামনাৰে ৰবিদাস সম্প্ৰদায়ৰ ভাই-ভনীসকলক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে মন্ত্ৰী অতুল বৰাই। অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ লোকসকলৰ সৰ্বাংগীণ বিকাশৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বলিষ্ঠ নেতৃত্বত চৰকাৰে দায়বদ্ধতাৰে বহু পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই।

সকলোৰে মাজত ঐক্য-সমন্বয় বৰ্তাই ৰাখি অসমৰ সৰ্বাংগীণ প্ৰগতিৰ হকে কাম কৰি যাবলৈ সম্প্ৰদায়টোৰ সকলোকে আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত উপস্থিত থাকে গুৰু ৰবিদাস মহাৰাজ মন্দিৰৰ প্ৰতিষ্ঠাপক সুখদেৱজী মহাৰাজ , গুৰু হৰিচৰণ শাস্ত্ৰীজী, সদৌ অসম ৰবিদাস সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যোগেশ ৰবিদাস, সাধাৰণ সম্পাদক ৰাজেশ ৰবিদাস প্ৰমুখ্যে সদৌ অসম ৰবিদাস সন্মিলনৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ বিষয়ববীয়া, অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰপৰা অহা ধৰ্মপ্ৰাণ ৰাইজ।