Home Blog Page 1705

সুৰা কেলেংকাৰী: দিল্লীৰ উপ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ মনীষ চিছ’দিয়াৰ, স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰো পদত্যাগ…

দিল্লীৰ সুৰা নীতিৰ গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াই আজি দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে। একেদৰে ৰাজ্য খনৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনেও তেওঁৰ পদৰ পৰা পদত্যাগ কৰে।

আজি মনীষ চিছোদিয়াক আদালতে জামিন প্ৰদানৰ পৰা বিৰত থাকে। ইয়াৰ পৰিৱৰ্তে তেওঁক পাঁচ দিনৰ চিবিআইৰ জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে। দিল্লীৰ ৰাউজ এভিনিউ আদালতে তেওঁক ৫ দিনৰ বাবে CBI ৰ জিম্মালৈ প্ৰেৰণ কৰাৰ লগতে জামিনৰ আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।

উল্লেখ্য ২০২১-২২ বৰ্ষৰ আবকাৰী নীতিৰ বিভিন্ন দিশ সন্দৰ্ভত প্ৰায় ৮ ঘণ্টা ধৰি জেৰা কৰি দেওবাৰে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াক চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল। চিবিআইৰ এগৰাকী শীৰ্ষ বিষয়াই কয় যে আবকাৰী নীতি প্ৰস্তুত আৰু ৰূপায়ণ দুয়োটাতে অনিয়ম সংঘটিত হৈছিল।সেই অনিয়মৰ সৈতে মনীষ চিছ’দিয়া জড়িত থকাৰ প্ৰমাণ আছে বুলিও তেওঁ কয়।

উল্লেখযোগ্য যে, মনীষ ছিছ’দিয়াৰ অধিবক্তাৰ যুক্তিৰ বিৰোধিতা কৰি চিবিআইয়ে যিকোনো গোচৰৰে তদন্ত কৰিব পাৰে বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ কথা উল্লেখ কৰে।

ইপিনে মনীষ ছিছ’দিয়াৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি সোমবাৰে আম আদমী পাৰ্টীয়ে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিষয়াসকলে জনোৱা মতে, প্ৰায় ৮ ঘণ্টা ধৰি সোধা-পোছাৰ অন্তত ছিছ’দিয়াক গ্ৰেপ্তাৰ কৰা হয় । চিবিআইয়ে তেওঁৰ পৰা কেলেংকাৰি সম্পৰ্কীয় প্ৰশ্নৰ সঠিক উত্তৰ নোপোৱা বুলি মন্তব্য কৰে।

দ্বিতীয় ৰাউণ্ডৰ জেৰাৰ বাবে পুৱা প্ৰায় ১১.১২ বজাত ছিছ’দিয়াই চিবিআইৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়। চিবিআইৰ এফআইআৰত এক নম্বৰ অভিযুক্ত হিচাপে নাম উল্লেখ কৰা ছিছ’দিয়াক ইয়াৰ পূৰ্বে যোৱা বছৰৰ ১৭ অক্টোবৰতো জেৰা কৰা হৈছিল। ইপিনে মনীষ চিছ’দিয়াৰ গ্ৰেপ্তাৰক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি মন্তব্য কৰিছে আপে।

বিলাসী বাহনত অহা অভিজাত চোৰে চুৰি কৰি লৈ গ’ল জি-২০ সন্মিলনৰ বাবে সজাই থোৱা ফুলৰ টাব!

বিলাসী বাহনত ভৰাই দুই অভিজাত চোৰে চুৰি কৰি লৈ গ’ল ফুলৰ টাব।

সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে এনে এটা ভিডিঅ’।

এই ভিডিঅ’টো হাৰিয়ানাৰ গুৰগাঁৱত আয়োজিত জি-২০ সন্মিলনৰ বুলি জানিব পৰা গৈছে।

৪০ লাখ টকাৰো অধিক মূল্যৰ KIA Carnival গাড়ীৰ মালিক এজনে কিয় ফুলৰ টাব চুৰি কৰিছে সেই কথা জানিবলৈ বহু ব্যৱহাৰকাৰীয়ে কৌতুহলী হৈ পৰিছে৷

আনহাতে আন কিছুমানে মন্তব্য কৰিছে যে ধনে আপোনাৰ বাবে শ্ৰেণী আৰু নৈতিকতা আনিব নোৱাৰে৷

জানিব পৰা মতে, ১ মাৰ্চৰ পৰা ৪ মাৰ্চলৈ আয়োজন হ’বলগীয়া জি-২০ সন্মিলনৰ বাবে ইতিমধ্যে আটক ধুনীয়াকৈ সজাই তোলা হৈছে গুৰগাঁও।

সন্মিলনথলীৰ চৌদিশে সুন্দৰকৈ সজাই থোৱা হৈছে ৰং বিৰঙৰ ফুলৰ টাব।

তেনে ফুলৰ টাবেই বিলাসী বাসনত ভৰাই দুজন লোকে চুৰি কৰি নিয়াৰ অভিযোগ উত্থাপন হৈছে।

এই চুৰিকাৰ্যৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

তিনি দিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে পছৰীয়াত শ্রী শ্রী লক্ষ্মী পূজা উৎযাপন

২৮ ফেব্ৰুৱাৰী, ১ আৰু ২ মার্চত তিনি দিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে পছৰীয়াত শ্রী শ্রী লক্ষ্মী পূজা কৰা হ’ব উৎযাপন৷


আজি ডেকা, গাভৰু, বৃদ্ধ সকলোৱে মিলি বিশাল শোভাযাত্রাৰে লক্ষ্মীদেৱীক আদৰি আনি বেদিত প্ৰতিষ্ঠা কৰে।

এই অনুষ্ঠানত শ্রী ৰিণিকী ভূঞা শর্মা,(পৰিচালন সঞ্চালিকা, নিউজ লাইভ) আৰু শ্রী ৰঞ্জিত ভট্টাচার্য, (মুখ্যমন্ত্রীৰ ব্যক্তিগত সহায়ক)ৰাইজৰ লগত সমাদলত উপস্থিত থাকি অনুষ্ঠানৰ শোভা বৃদ্ধি কৰে৷

টংলাৰ সন্তান হিমাংশু চহৰীয়াই চাইকেল চলাই ৪৮ ঘন্টাত সম্পূৰ্ণ কৰিলে ১৩শ কিলোমিটাৰ পথ

মাদক দ্ৰৱ্য নিৰ্মূলকৰণৰ জৰিয়তে এখন সুস্থিৰ সমাজ গঢ়াৰ লক্ষ্যৰে ওদালগুৰি জিলাৰ নিকটৱৰ্তী টংলাৰ বনগাঁও নিবাসী হিমাংশু চহৰীয়া নামৰ যুৱকজনে একক প্ৰচেষ্টাৰে এখন সাধাৰণ চাইকেলেৰে অসম অৰুণাচল সীমান্তৰ শান্তিপুৰ গেটৰ পৰা কোচবিহাৰৰ ঐতিহাসিক মধূপুৰ সত্রলৈ প্ৰায় ১৩শ কিলোমিটাৰ পথ অবিৰতভাৱে চাকেইল চলাই ৪৮ ঘন্টাত সম্পূৰ্ণ কৰি এক অভিলেখ সৃষ্টি কৰে৷

ওদালগুৰি জিলাৰ লগতে টংলাৰ গৌৰৱ হিমাংশু চহৰীয়া (পাপু)য়ে ২৫ ফেব্ৰুৱাৰীৰ পুৱতি নিশা ৪ বজাত অসম অৰুণাচল সীমান্তৰ শান্তিপুৰ গেটৰ পৰা যাত্ৰা আৰম্ভ কৰি কোচবিহাৰৰ ঐতিহাসিক মধূপুৰ সত্রলৈ অবিৰত চাকেইল চলাই ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৬-২০ বজাত অবিৰত যাত্রাৰ সফল সামৰণি পৰে।

২৮ ফেব্ৰুৱাৰীত টংলাত উপস্থিত হোৱাত দু:সাহসিক ক্ৰীড়াৰ প্ৰতি প্ৰৱল ধাউতি থকা হিমাংশুক বিভিন্ন দল-সংগঠন আৰু সচেতন ৰাইজে আদৰণি জনায়৷

এই উদ্দেশ্যে হেমন্ত বড়া কোচৰ সঞ্চালনাত টংলা সাহিত্য সভা ভৱনত অনুষ্ঠিত অভিনন্দন সভাত চাইকেলিষ্ট হিমাংশু চহৰীয়াক টংলা সাহিত্য সভা, এবছু, আছু, আক্ৰাছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতি, টংলা আঞ্চলিক সমিতি, বিশিষ্ট সাংস্কৃতিককৰ্মী পাৰ্থপ্ৰতিম পাঠক, জমনি ক্ৰিয়েচন, আক্ৰাছুৰ সাধাৰণ সম্পাদক হেমন্ত বড়া কোচ, জুবিন গাৰ্গ ফেণ্ডছ ক্লাৱ, অমিত লস্কৰ বাগলাৰী, কাঞ্চন-২০২৩ বোলছবিৰ পৰিয়ালবৰ্গ আদিয়ে ফুলাম গামোছা, আৰনাই, আংছা আৰু জাপিৰে অভিনন্দন জনায়৷

পিছত হিমাংশু চহৰীয়াক সংগ দি তেওঁৰ গুণমুগ্ধসকলে টংলা নগৰত এটি সমদলো উলিয়ায়৷

বাল্য বিবাহৰ বিৰুদ্ধে চলা অভিযানৰ দৰেই ৰঙালী বিহুৰ পূৰ্বে ৰাজ্যত চলিব পাৱাৰ লুমৰ গামোচাৰ বিৰুদ্ধে অভিযান!

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিলে-ৰঙালী বিহুৰ পূৰ্বে এইবাৰ ৰাজ্যত চলিব পাৱাৰ লুমৰ গামোচাৰ বিৰুদ্ধে অভিযান।

বাল্য বিবাহৰ বিৰুদ্ধে চলোৱা অভিযানৰ দৰেই ৰাজ্যত পাৱাৰ লুমৰ গামোচাৰ বিৰুদ্ধেও চৰকাৰে অভিযান চলাব।

অসমত পাৱাৰ লুমৰ গামোচা বিহুৰ সময়ত বিক্ৰী কৰিব নোৱাৰিব। জব্দ কৰা হ’ব এই ধৰণৰ সকলো গামোচা৷

পাৱাৰ লুমৰ গামোচা বিক্ৰেতাৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব চৰকাৰে।

উল্লেখ্য যে, অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ সময়ত বহিঃৰাজ্যত নিৰ্মিত গামোচাৰে অসমৰ বজাৰ ভৰি পৰে।

এনে পৰিপ্ৰেক্ষিতত অসমৰ থলুৱা শিপিনী সকলে তাঁতশালত বোৱা গামোচাৰ চাহিদা কম হৈ পৰা দেখা যায়।

যাৰ বাবে এই পাৱাৰ লুমৰ গামোচাৰ বিৰুদ্ধে অসম চৰকাৰে অভিযান ঘোষণা কৰিছে।

ডাবৰ পানীৰ বিভিন্ন ব্যৱহাৰসমূহ…

  • ডাবৰ পানীয়ে শৰীৰত পানীৰ পৰিমাণ সঠিক কৰি ৰাখে। ইয়াত থকা ছ’ডিয়াম, পটাছিয়াম আদি ইলেক্ট্ৰ’লাইটসমূহে ডিহাইড্ৰেচন ৰোধ কৰাত বিশেষ সহায় কৰে। গতিকে খুব গৰম দিনত ডাবৰ পানী খালে শৰীৰত ডিহাইড্ৰেচন হোৱাৰ পৰা হাত সাৰিব পাৰি। তাপমাত্ৰা বৃদ্ধিৰ বাবে শৰীৰৰ পৰা হ্ৰাস হোৱা পানীৰ পৰিমাণ (ডিহাইড্ৰেচন) সঠিক ৰখাৰ উপৰি বাৰে বাৰে পাতল শৌচ হোৱা, বমি হোৱা আৰু খুব বেছিকৈ ঘমা আদি স্থিতিত য’ত শৰীৰৰ পানীৰ পৰিমাণ দ্ৰুত গতিত হ্ৰাস পায়। ডাবৰ পানী পান কৰিলে সুফল পোৱা যায়। কিন্তু জটিল স্থিতিত চিকিৎসালয়ত চিকিৎসা লোৱাৰ একান্ত প্ৰয়োজন।

  • আজিকালি খেলুৱৈসকলৰ মাজত স্প’ৰ্ট ড্ৰিংকছ হিচাপে ডাবৰ পানীৰ চাহিদা খুব বৃদ্ধি পাইছে। ডাবৰ পানীত থকা ইলেক্ট্ৰ’লাইটসমূহে বিশেষকৈ পটাছিয়ামে খেলুৱৈসকলৰ ডিহাইড্ৰেচন প্ৰতিৰোধ কৰে। বজাৰত উপলব্ধ আন আন দামী স্প’ৰ্ট ড্ৰিংকছৰ তুলনাত ডাবৰ পানীত চেনিৰ পৰিমাণ কম থাকে বাবে ই খেলুৱৈসকলৰ মাজত বিশেষ সমাদৃত।
  • উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত ডাবৰ পানী বিশেষ উপযোগী। ইয়াত থকা খুব বেছি পৰিমাণৰ পটাছিয়াম আৰু কম পৰিমাণৰ ছ’ডিয়ামে উচ্চ ৰক্তচাপ হ্ৰাস কৰে বুলি প্ৰমাণিত হৈছে। উচ্চ ৰক্তচাপ হ্ৰাস কৰিবৰ বাবে দৈনিক দুকাপকৈ ডাবৰ পানী খোৱা প্ৰয়োজন।
  • যিহেতু ডাবৰ পানীত কেলৰিৰ পৰিমাণ খুব কম, সেইবাবে ই দেহৰ ওজন হ্ৰাস কৰাৰ বাবে এটা আদৰ্শ পানীয়। এবাৰত এগিলাচকৈ সপ্তাহত তিনি-চাৰিবাৰ খালেই যথেষ্ট।
  • অত্যধিক সুৰাপান কৰাৰ পাছত দেখা দিয়া মূৰ কামোৰণি আদি উপসৰ্গৰ (হেং অ’ভাৰ) বাবে ডাবৰ পানী এটা উৎকৃষ্ট প্ৰতিকাৰ। সুৰাপানৰ প্ৰভাৱত হোৱা ডিহাইড্ৰেচন ডাবৰ পানীয়ে দূৰ কৰে। তদুপৰি ইয়াত থকা বিভিন্ন এণ্টি-অক্সিডেণ্টসমূহে সুৰাপানে কৰা শৰীৰৰ বিভিন্ন ক্ষতিবোৰ প্ৰতিৰোধ কৰে।

  • নিয়মিত ডাবৰ পানী সেৱন কৰিলে শৰীৰত কলেষ্টেৰল, ট্ৰাইগ্লিচাৰাইড আৰু এল ডি এলৰ মাত্ৰা হ্ৰাস কৰে বুলি কোৱা হৈছে। অৱশ্যে এই বিষয়ে অধিক গৱেষণাৰ প্ৰয়োজন আছে।
  • ডাবৰ পানী এটা খুব বিশুদ্ধ পানীয়। খুব জৰুৰী আপদকালীন স্থিতিত ডাবৰ পানী শৰীৰৰ সিৰাত ছেলাইনৰ দৰে ব্যৱহাৰ কৰিব পাৰি। দ্বিতীয় মহাযুদ্ধৰ সময়ত যেতিয়া ছেলাইনৰ খুব নাটনি হৈছিল, সেই সময়ত ডাবৰ পানী ছেলাইনৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হৈছিল। আফ্ৰিকা মহাদেশৰ কিছুমান খুব দুখীয়া দেশত এতিয়াও এই ধৰণৰ ব্যৱহাৰ আছে।
  • ডাবৰ পানীয়ে ছালৰ শালমন বা ব্ৰন ৰোগ (একনি) দূৰ কৰাত সহায় কৰে। ডাবৰ পানীয়ে ছালৰ আৰ্দ্ৰতা বৃদ্ধি কৰি ছালৰ উজ্জ্বলতা আনে। বহুতো প্ৰসাধন সামগ্ৰীত আজিকালি নাৰিকল ব্যৱহাৰ কৰা হয়।

মঙলবাৰে নিয়াৰ আদালতত হাজিৰ হয় বিধায়ক অখিল গগৈ…

অখিল গগৈৰ বিৰুদ্ধে থকা নিয়াৰ গোচৰৰ সন্দৰ্ভত সোমবাৰে দিয়া আদালতৰ নিৰ্দেশ অনুযায়ী আজি চানমাৰিস্থিত নিয়া আদালতত হাজিৰ হয় অখিল গগৈ। অখিল গগৈ বৰ্তমান জামিনত আছে৷

অখিল গগৈৰ জামিন সন্দৰ্ভত ৩ মাৰ্চতহে আদালতে সিদ্ধান্ত গ্রহণ কৰিব বুলি জানিবলৈ পৰা গৈছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ৩ মাৰ্চলৈ অখিল গগৈৰ গোচৰটো স্থগিত ৰখা হৈছে। গতিকে মংগলবাৰে নিয়মমাফিকভাবে অখিল গগৈয়ে নিয়া আদালতত হাজিৰ হয়। উল্লেখ্য যে অখিল গগৈৰ বিৰুদ্ধে থকা ‘নিয়া’ৰ গোচৰৰ সন্দৰ্ভত যোৱা সোমবাৰে উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হয়I

ন্যায়ালয়ত গোচৰটোৰ শুনানি সম্পূৰ্ণ নোহোৱাৰ বাবে আদালতে অহা ৩মাৰ্চত গোচৰটোৰ পুনৰ শুনানিৰ দিন ঘোষণা কৰে। অখিল গগৈৰ বিৰুদ্ধে থকা ‘নিয়া’ৰ গোচৰৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দুই বিচাৰপীঠে দুয়ো পক্ষৰ অধিবক্তাৰ দলিল আৰু যুক্তি শুনি গোচৰটোৰ সন্দৰ্ভত বহুখিনি আলোচনা কৰি অহা ৩ মাৰ্চত পুনৰ গোচৰটোৰ শুনানিৰ দিন ধার্য কৰে। উল্লেখনীয় যে, অখিল গগৈৰ বিৰুদ্ধে থকা ‘নিয়া’ৰ গোচৰৰ সন্দৰ্ভত পুনৰ গোচৰ চলোৱাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে অনুমতি প্ৰদান কৰিছিল।

এই সন্দৰ্ভত ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। বিধায়কগৰাকীক সাময়িকভাৱে সকাহ প্ৰদান কৰিছিল উচ্চতম ন্যায়ালয়ে। কা বিৰোধী আন্দোলনৰ গোচৰৰ বাবে দুবছৰ কাৰাবাস খাটি যোৱা বছৰ ২১ জুলাইত মুকলি আকাশৰ তললৈ ওলাই আহিছিল কৃষক নেতাগৰাকীয়ে। পিছত নিয়াই পুনৰ এই শুনানিৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনায়।

নিয়াৰ আবেদনৰ ভিত্তিত পুনৰ শুনানি গ্ৰহণ কৰি অখিল গগৈক নিয়া আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে। তাৰ পিছতে অখিল গগৈয়ে আগতীয়া জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শেহতীয়া শুনানিক প্ৰত্যাহ্বান জনায় উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। ইপিনে নিয়াৰ আদালতত হাজিৰ হোৱাৰ পিছত অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে, অহা ৩মার্চত উচ্চতম ন্যায়ালয়ে তেওঁৰ জামিন সন্দৰ্ভত সিদ্ধান্ত গ্রহণ কৰিব। আদালতে জামিন মঞ্জুৰ কৰিলেও নিয়া আদালতত তেওঁৰ গোচৰটোৰ নিয়মীয়া শুনানি হৈ থাকিব বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে। আদালতে জামিন অগ্ৰাহ্য কৰিলে জেললৈ যাব লাগিব পাৰে বুলিও উল্লেখ কৰে কৃষক নেতাগৰাকীয়ে।

তেওঁৰ বিৰুদ্ধে এয়া ভুৱা গোচৰ তথা এই সন্দৰ্ভত পূর্বে আদালতে ৰায় প্ৰদান কৰিছে বুলি উল্লেখ কৰি, ‘চৰকাৰে মোৰ ওপৰত চাপ প্রয়োগ কৰাৰ বাবে আৰু প্ৰতিবাদী কন্ঠ ৰুদ্ধ কৰাৰ বাবে পুনৰ এই গোচৰটো জাপি দিছে’ বুলি বিজেপি চৰকাৰখনৰ বিৰুদ্ধে অভিযোগ আনে ।

পানীখাইতি অঞ্চলৰ হাতীশিলা মন্দিৰৰ দাঁতিকাষৰীয়া অঞ্চল সমূহক ব্ৰহ্মপুত্ৰ খহনীয়াৰ পৰা ৰক্ষাৰ চেষ্টা…

দিছপুৰ সমষ্টিৰ অন্তৰ্গত পানীখাইতি অঞ্চলৰ হাতীশিলা মন্দিৰৰ দাঁতিকাষৰীয়া অঞ্চলত ব্ৰহ্মপুত্ৰ নদীয়ে বিগত কিছু সময় ধৰি ভয়াবহ খহনীয়াৰ সৃষ্টি কৰি আহিছিল। যোৱা জানুৱাৰী মাহৰ ২৮ তাৰিখে জলসম্পদ বিভাগৰ অভিযন্তা তথা বিষয়া সকলৰ সৈতে এই পৰিদৰ্শন কৰি শীঘ্ৰে এই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই।

আজি পুনৰ এই স্থানত উপস্থিত হৈ পৰ্যবেক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে। জলসম্পদ বিভাগৰ তৎপৰতাত এই স্থানত বৰ্তমান খহনীয়া ৰোধ কৰিবলৈ সক্ষম হৈছোঁ বুলিও মন্তব্য কৰে পীয়ূষ হাজৰিকাই। প্ৰায় ১৪.৫ কোটি টকা ব্যয়েৰে SOPD – G আঁচনিৰ অধীনত নিৰ্মিত এই বান্ধৰ ফলত নাৰেঙ্গী-পবিতৰা সংযোগী পথটোয়ো সুৰক্ষিত হৈ পৰিছে কয় মন্ত্ৰাগৰাকীয়ে।

সুখবৰ ! মুকলি হ’ল এইমছৰ বহিঃ বিভাগ…

দীৰ্ঘদিনীয়া জল্পনা কল্পনাৰ অন্ত পেলাই উত্তৰ গুৱাহাটীস্হিত এইমছৰ বহিঃবিভাগ মুকলি কৰা হয় ৰোগী সকলৰ বাবে। এই বিষয়ে চিকিৎসালয়খনৰ কৰ্তৃপক্ষই সদৰি কৰি কয় যে হৃদৰোগৰ পৰা আৰম্ভ কৰি শিশু, স্নায়ু, চৰ্ম, মেডিচিনকে ধৰি সকলো বিভাগৰ বহিঃবিভাগ মুকলি কৰা হৈছে ৰোগী সকলে আহি চিকিৎসকৰ পৰামৰ্শ গ্ৰহন কৰিব পাৰিব বুলি উল্লেখ কৰি এই পৰ্যন্ত কোনো ধৰণৰ নিয়ম অবিহনে সেৱা উপলব্দ্ধ চিকিৎসালয়খন।

পৰবৰ্তীকালত ডিজিটেল মাধ্যমত চিকিৎসকৰ পৰামৰ্শ গ্ৰহন কৰিব লাগিব বুলি উল্লেখ কৰি তেতিয়া ৰোগীৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হব বুলি জানিবলৈ দিয়ে। বৰ্তমান সকলো বিভাগৰ বিশেষজ্ঞ চিকিৎসক চিকিৎসালয়খনত উপলব্দ্ধ বুলিও সদৰি কৰে। অসমবাসীৰ দীৰ্ঘদিনীয়া সপোন পূৰণৰ দিশে আগবঢ়াত স্বাভাবিকতে আনন্দিত নামি অহা পৰিলক্ষিত জনসাধাৰণৰ মাজত ।

আঘাতপ্ৰাপ্ত হাত দুখনেৰে ফটো শ্বেয়াৰ কৰিলে সামান্থাই ! অনুৰাগীয়ে সুধিলে দুৰ্ঘটনা পতিত হ’ল নেকি?

বৰ্তমান বৰুণ ধাৱনৰ সৈতে ‘চিটাডেল’ৰ শ্বুটিঙত ব্যস্ত সামান্থা ৰুথ প্ৰভু। বৰ্তমান অভিনেত্ৰীগৰাকীয়ে এখন ফটো শ্বেয়াৰ কৰিছে, ফটোখন দেখাৰ পিছত অনুৰাগীৰ চিন্তা বৃদ্ধি পাইছে । এই ফটোখনত সামান্থাই তেওঁৰ আঘাতপ্ৰাপ্ত হাতৰ এখন ফটো শ্বেয়াৰ কৰিছে, ‘চিটাডেল’ৰ একচন ছিকুৱেন্সৰ শ্বুটিঙৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল অভিনেত্ৰীগৰাকী।

সামান্থা ৰুথ প্ৰভুৱে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা আঘাতপ্ৰাপ্ত হাতৰ এই ফটোখন শ্বেয়াৰ কৰিছে, লগতে কেপচন দিছে, ‘Pearks Of Action’। কিছুদিন পূৰ্বে বৰুণ ধাৱনে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত তেজেৰে তিতি থকা কপালৰ এখন ফটো শ্বেয়াৰ কৰি কৈছিল, ‘কিছি না কিছি ৰাত’। সামন্তৰ লগতে বৰুণ ধাৱনেও এইকেইদিন ‘চিটাডেল’ৰ শ্বুটিঙত ব্যস্ত।খবৰ ওলাইছিল যে সামান্থা অটোইম্যুন ডিজিজ মাইঅ’চাইটিছৰ চিকিৎসা চলি থকাৰ বাবে ‘চিটাডেট’ৰ অংশ নহয়। অসুস্থতাৰ বাবে বহু ছবি তেওঁৰ হাতৰ পৰা ওলাই যোৱাৰ খবৰ আহিছিল যদিও সেয়া নহ’ল। সামান্থাই এটা এটাকৈ নিজৰ সকলো প্ৰজেক্টৰ শ্বুটিং শেষ কৰাত ব্যস্ত। বৰ্তমান সামান্থা বহু পৰিমাণে মাই’চাইটিছ ৰোগৰ পৰা সুস্থ হৈ উঠিছে।

‘চিটাডেল’ৰ উপৰিও অতি সোনকালে ‘শকুন্তলাম’ ছবিত দেখা যাব সামান্থা ৰুথ প্ৰভুক। ইয়াৰ উপৰিও অনুৰাগীসকলে তেওঁৰ ছবি ‘কুছি’ৰ বাবেও অপেক্ষা কৰি আছে, য’ত তেওঁক বিজয় দেৱেৰাকোণ্ডাৰ সৈতে দেখা যাব।