দুৰ্ঘটনাটিত দুজন বাইক আৰোহী থিতাতে নিহত ,আনএজন গুৰুতৰভাবে আহত হয় ৷
গোমঠাপাৰাৰ শিলিখাজানিত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন যুৱক থিতাতে নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয় ৷ দুৰ্ঘটনাৰ লগে লগে তিনিওজন যুবককে দেওমৰনৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰোৱা হয় যদিও ইতিপূৰ্বে দুজন নিহত হয় ৷
নিহত দুজনৰ এজন মৃদুল দাস আৰু আনজন মৃনাল ডেকা বুলি জানিব পৰা গৈছে। আনহাতে গুৰুতৰভাৱে আহত প্ৰশান্ত হাজৰিকাক সংকটজনক অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ পুনৰ মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা নাৰায়না হাস্পতালত ভৰ্তি কৰাৰ মুহূৰ্তত মৃত্যু হয় ৷
উল্লেখযোগ্য যে তিনিওজন যুৱক AS 01DW5679 নম্বৰৰ পালচাৰ বাইকেৰে তীব্ৰ বেগত আহি বৈদ্যুতিক খুঁটাত খুন্দিওৱাৰ ফলতে সংঘটিত হয় উক্ত দুৰ্ঘটনাটো ৷ আনহাতে দুৰ্ঘটনাটি এনে ভয়ানক আছিল যে বৈদ্যুতিক খুটাটি দুই টুকুৰা হৈছিল ৷
ছাত্ৰ ছাত্ৰীৰ মাজত আজি সজাগতা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি নলবাৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান নিউক্লিয়াছ একাডেমীত পথ সুৰক্ষা সপ্তাহ উপলক্ষে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।
একাডেমী তথ্য আৰু সম্প্ৰচাৰ বিষয়া মনোজ শৰ্মাই আঁত ধৰা সজাগতা সভাত নলবাৰী জিলা পৰিবহন বিষয়া সীমান্ত বৰাই ছাত্ৰ ছাত্ৰী সকলক কয় যে, উপযুক্ত বয়স নহলে গাড়ী চলোৱাটো অনুচিত।
বিপদ হলে নিজৰ লগতে পৰিয়াললৈও বিপদ আহিব পাৰে। সজাগতা অনুষ্ঠানৰ সমন্বয়ক গিৰিন্দ্ৰ দাস আৰু চিকিৎসক গাৰ্গী দাসে ও পথ সুৰক্ষা সন্দৰ্ভত ভাষণ ৰাখে।