Home Blog Page 1745

সিদ্ধাৰ্থ-কিয়াৰা অভ্যৰ্থনাৰ অনুষ্ঠানত উপস্থিত আলিয়া। কৰীনাক কৰণ জোহৰৰ সৈতে দেখা গ’ল অন্য এক ৰুপত…

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ বিবাহ অভ্যৰ্থনাৰ গ্ৰেণ্ড পাৰ্টি ১২ ফেব্ৰুৱাৰীত মুম্বাইৰ এখন পঞ্চ তাৰকাযুক্ত হোটেলত অনুষ্ঠিত হয়। য’ত বলীউডৰ বহু তাৰকা উপস্থিত আছিল, চেলিব্ৰিটিৰ লগতে ব্যৱসায়ী মুকেশ আম্বানীৰ পুত্ৰ আকাশ আম্বানী পত্নী শ্লোকাৰ সৈতে কিয়াৰা-সিদ্ধাৰ্থৰ পাৰ্টিত উপস্থিত হৈছিল। কিয়াৰা-সিদ্ধাৰ্থ ৰিচেপচনৰ ৰিচেপচন পাৰ্টিত তাৰকা সকলে আনন্দতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল।আলিয়া ভাটেও প্ৰাক্তন প্ৰেমিক সিদ্ধাৰ্থ মালহোত্ৰাৰ (সিদ্ধাৰ্থ মালহোত্ৰা বিবাহ)ৰ বিবাহ ৰিচেপচন পাৰ্টিত উপস্থিত হয় । কিয়াৰা-সিদ্ধাৰ্থৰ বিয়াৰ অভ্যৰ্থনাত আলিয়াই কি পিন্ধিলে চাওক-

কৰীনা কাপুৰে নিজৰ বেষ্ট ফ্ৰেণ্ড কৰণ জোহৰৰ হাতত ধৰি সিদ্ধাৰ্থ-কিয়াৰাৰ পাৰ্টীত উপস্থিত হয়। কৰীনাই গোলাপী ৰঙৰ চেকুইন শাৰীত আচৰিত ধৰণৰ ‘বেবো ষ্টাইল’ দেখুৱাইছিল। একেলগে ক’লা টাক্সেডোৰ সৈতে বগা চাৰ্ট এটা পিন্ধিছিল কৰণ জোহৰে।

সিদ্ধাৰ্থ-কিয়াৰা ৱেডিং পাৰ্টিৰ বিয়াৰ ৰিচেপচনত দিশা পাটানীৰক দেখা গ’ল অন্য এক ৰুপত

সিদ্ধাৰ্থ-কিয়াৰাৰ পাৰ্টিত শক্তিশালী দম্পতীৰ দৰে উজ্জ্বল দেখা গৈছিল ৰিতেশ দেশমুখ আৰু জেনেলিয়া ডিছৌজাক।

আলিয়া ভাট আৰু শাহুৱেক নীতু কাপুৰৰ মাজত থকা বন্ধন দেখি সকলোৱে আপ্লুত হৈছিল। শনয়া কাপুৰে ব্ৰেলেছ ডিপনেক ড্ৰেছ পিন্ধি মঞ্চত ষ্টাইলৰ পজ দিলে।

অভিষেক বচ্চন আৰু শিল্পা শেট্টীক সদায়ৰ দৰেই ডেছিং দেখা গ’ল। সিদ্ধাৰ্থ আৰু কিয়াৰাৰ বিয়াৰ অভ্যৰ্থনাত জিলিকি থকা ষ্টাইলত অংশগ্ৰহণ কৰে চেলিব্ৰিটিসকলে।

আচৰিত! ২২০০ টকাত শুক্ৰাণু কিট লৈ মাতৃত্ব অৰ্জন এগৰাকী মহিলাৰ…

ইংলেণ্ডত ভেৰিটি জ’নছ নামৰ এগৰাকী মহিলাই গৰ্ভধাৰণৰ প্ৰক্ৰিয়াৰ বাবে এক বেলেগ পথ বাছি লৈছিল। শাৰীৰিক সম্পৰ্ক নকৰি শুক্ৰাণু কিটৰ সহায়ত কন্যা সন্তানৰ মাতৃ হৈ পৰিছে। সন্তান জন্ম দিয়াটো যিকোনো মাতৃৰ বাবে এক স্বাভাৱিক প্ৰক্ৰিয়া। সাধাৰণতে পুৰুষ আৰু মহিলাৰ শাৰীৰিক সম্পৰ্কৰ পৰাই সন্তান জন্ম হয়। বিজ্ঞানৰ ক্ষেত্ৰখনত কোনো অগ্ৰগতি নোহোৱালৈকে সন্তান জন্ম দিয়াৰ এই প্ৰক্ৰিয়াটোৱেই একমাত্ৰ বুলি গণ্য কৰা হৈছিল। কিন্তু বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে সন্তান জন্ম দিয়াৰ ধাৰণাবোৰ সলনি হ’বলৈ ধৰিলে। শিশুক চেৰ’গেচিৰ ৰূপত দিয়াটো এই বিজ্ঞানৰ উন্নতিৰ এক জীয়া উদাহৰণ। আন এক এনে খবৰ চৰ্চালৈ আহিছে। মহিলাই সন্তান জন্ম দিবলৈ আশ্ৰয় লৈছিল আন পদ্ধতিৰ…

ইংলেণ্ডৰ কেণ্টৰ পৰা এই আচৰিত গোচৰটো চৰ্চালৈ আহিছে। ইংলেণ্ডৰ সংবাদ মাধ্যমৰ মতে, ৩৫ বছৰীয়া ভেৰিটি জ’নে মাতৃ হ’ব বিচাৰিছিল। কিন্তু ইয়াৰ বাবে তেওঁক শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ দিয়া নহ’ল। ইয়াৰ বাবে তেওঁ বেলেগ এটা পথ বাছি লৈছিল। মহিলাগৰাকীয়ে অনলাইনযোগে ২২০০ টকা অৰ্থাৎ ২৫ ইউৰোত এটা শুক্ৰাণু কিট কিনিছিল। অনলাইনত শুক্ৰাণু দাতাৰ সন্ধান কৰি কৃত্ৰিম প্ৰজননৰ পথ বাছি লৈছিল। তেওঁ কয় যে এই প্ৰক্ৰিয়াটো বৰ কঠিন নাছিল। মাত্ৰ কেইখনমান নথি-পত্ৰত চহী কৰিবলগীয়া হৈছিল। তেওঁ কন্যা সন্তান জন্ম দিছে। শিশুটিৰ নাম হোলী।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মহিলাগৰাকীৰ কন্যাই গৰ্ভধাৰণৰ বাবে মাকে বাছি লোৱা পথটোৰ বিষয়ে অৱগত। ২০১১ চনৰ ডিচেম্বৰ মাহত তাই কৃত্ৰিমভাৱে গৰ্ভধাৰণ কৰে। ছোৱালীজনী এতিয়া ডাঙৰ হৈছে। ভেৰিটি জ’নে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ অনলাইনত এজন শুক্ৰাণু দাতা বিচাৰি পাইছিল। কিন্তু ভাল কথাটো হ’ল ইয়াৰ বাবে তেওঁ একো খৰচ কৰিব নালাগিল।

মহিলাগৰাকীয়ে জনোৱা মতে, যেতিয়া তেওঁৰ বয়স ৪০ বছৰ আছিল, তেতিয়া সেই সময়ছোৱাত এটা দুৰ্ঘটনা সংঘটিত হৈছিল। ইয়াৰ বাবেই তেওঁ শাৰীৰিক সম্পৰ্ক স্থাপনৰ পৰা বিৰত আছিল। প্ৰায় ১১ বছৰ ধৰি তেওঁ কাৰো সংস্পৰ্শলৈ অহা নাই।

ভাৰতৰ বহু লোকে এই ধৰণৰ গৰ্ভধাৰণ কৰিব বিচাৰে। বিশেষজ্ঞসকলে কয় যে দেশ-বিদেশত কৃত্ৰিম গৰ্ভধাৰণ সাধাৰণ কথা। সাধাৰণতে পুৰুষৰ সমস্যা হ’লে মহিলাসকলে এই পথ বাছি লয়। ভাৰতত এই সন্দৰ্ভত আইন কঠোৰ।

ৰিয়েলিটী শ্ব’ ‘বিগ বছ’ ছিজন-১৬ৰ বিজয়ী ট্ৰফী এম চি ষ্টেনলৈ…

ৰেপাৰ আলতাফ শ্বেখ ওৰফে এম চি ষ্টেনে লাভ কৰিছে ‘বিগ বছ ১৬’ৰ ট্ৰফী। শ্ব’টোত জয়ী হোৱাৰ পিছত ষ্টেনে নিজৰ অনুভৱ শ্বেয়াৰ কৰিছে। ৪ মাহ ধৰি চলি থকা ৰিয়েলিটি শ্ব’ ‘বিগ বছ ১৬’ত বহুত ঘটিল ঘটনা। শ্ব’টোত কাজিয়া, শত্ৰুতা, প্ৰেম, বন্ধুত্ব আৰু বহুত মনোৰঞ্জন দেখা গৈছিল। বিভিন্ন পেছাৰ প্ৰতিযোগীয়ে নিজৰ ভিন্ন শৈলীৰে দৰ্শকৰ হৃদয় জয় কৰিছিল। আটাইতকৈ বেছি হৃদয় জয় কৰাজন আছিল এম চি ষ্টেন। তেওঁ ১৬ সংখ্যক ছিজনৰ ট্ৰফী লাভ কৰে।


শেহতীয়াকৈ এম চি ষ্টেনে এক সাক্ষাৎকাৰত কয় যে তেওঁ আশা কৰা নাছিল যে তেওঁ বিজয়ী হ’ব বুলি। ছ’চিয়েল মিডিয়াৰ পৰা চেলিব্ৰিটিলৈকে শিৱ ঠাকাৰে আৰু প্ৰিয়ংকা চহৰ চৌধুৰীক ‘বিগ বছ ১৬’ৰ বিজয়ী হ’ব বুলি ভাবিছিল।

শ্ব’টোত জয়ী হোৱাৰ পিছত এম চি ষ্টেনে এক বাৰ্তালাপত নিজৰ অভিজ্ঞতা ব্যক্ত কৰে। তেওঁ কয় যে তেওঁ অনুভৱ কৰিছিল যে শিৱ থাকৰে শ্ব’টোত জয়ী হ’ব। ষ্টেনে কয়, “মই এইটো আশা কৰা নাছিলো। মই ভাবিছিলো মোৰ ভাইটি শিৱ শ্ব’টোত জয়ী হ’ব। আমাৰ দুয়োৰে মাজত এনেকুৱা কথা-বতৰা হৈছিল যে হয় তেওঁ জয়ী হ’ব নহয় মই জয়ী হ’ম। এইটো শেষলৈকে আমাৰ আছিল। মই ভাবো যে ১৬ জন প্ৰতিযোগীয়েই শ্ব’টোত জয়ী হোৱাৰ যোগ্য আছিল।
ষ্টেনে নিজৰ অনুভৱবোৰ প্ৰকাশ কৰিলে এইদৰে।

এম চি ষ্টেনক সোধা হৈছিল যে যেতিয়া ছলমান খানে তেওঁক শিৱৰ মাজত বিজয়ী ঘোষণা কৰিছিল তেতিয়া তেওঁৰ কেনে লাগিছিল। এই কথাত ৰেপাৰজনে কয়, “মই অনুভৱ কৰিলো যে মই কান্দিব নে হাঁহিব। সেই পৰিস্থিতি এনেকুৱাই আছিল।

বিধায়ক ৰূপজ্যোতি কুৰ্মীক “কৰ্ম নিপূণ” বঁটা প্ৰদান

“মানৱীয়তা- এক অক্লান্ত যাত্ৰা ”ৰ সৌজন্যত ‘প্ৰীতিভৰা এবেলা ‘ শীৰ্ষক বঁটা আৰু সম্বৰ্ধনা প্রদান এটি অনুষ্ঠান আজি যোৰহাট বিজ্ঞান কেন্দ্র আৰু তাৰকাগৃহ প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়।

যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামীয়ে সঞ্চালনা কৰা অনুষ্ঠানটিৰ বন্তি প্ৰজ্জ্বলন কৰে সমাজকর্মী ঠানুৰাম দাসে।

উদ্বোধনী ভাষণ প্ৰদান কৰে শ্ৰীশ্ৰীপুৰনিমাটি সত্ৰৰ সত্রাধিকাৰ শ্ৰীশ্ৰী ভৱানন্দ গোস্বামীয়ে। যোৰহাট ৰৌদ্ৰমুখী মহিলা সাংস্কৃতিক গোষ্ঠীৰ সংগীত পৰিৱেশনৰে শুভাৰম্ভ সভাখনত মৰিয়নি বিধান সভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুর্মীক “কৰ্ম নিপূণ” বঁটাৰে সন্মানিত কৰে।

যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত দামোদৰ বর্মন আৰু যোৰহাট বিজ্ঞান কেন্দ্র আৰু তাৰকাগৃহ প্রেক্ষাগৃহৰ তত্ত্বাবধায়ক ড০ প্ৰণৱজ্যোতি চেতিয়া সন্মানিত অতিথিৰূপে উপস্হিত থকা অনুষ্ঠানটোত বিশিষ্ট সত্রীয়া সংস্কৃতিৰ সাধক মাজুলীৰ যতীন্দ্র বৰাক “দিহা গুৰু” বঁটা প্রদান কৰা হয়৷ অনুষ্ঠানটিত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩০ জন বৰেণ্য ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।

অনাতাঁৰ ঘোষিকা মেঘালী দেৱীয়ে মঙ্গলাচৰণ কৰা অনুষ্ঠানটিৰ উদ্দেশ্য আৰু লক্ষ্য সম্পৰ্কে বিস্তৃত ব্যাখ্যা আগবঢায় অনুষ্ঠানটিৰ জন্মদাতা তথা প্রধান সম্পাদক সুশান্ত দাসে৷

আৰক্ষীৰ লগত জড়িত ৰাইজৰ ওজৰ-আপত্তিসমূহ নিৰাময়ৰ অৰ্থে এক বিশেষ ব্যৱস্থা; আৰক্ষীক অধিক জনমুখী আৰু ৰাইজকেন্দ্ৰিক হিচাপে গঢ়ি তোলাৰ উদ্দেশ্য আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ

আৰক্ষী সঞ্চালকপ্ৰধানৰ নিৰ্দেশত কাইলৈৰ পৰা অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ৰ লগতে ৰাজ্যখনৰ সকলো আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত আৰক্ষীৰ লগত জড়িত ৰাইজৰ ওজৰ-আপত্তিসমূহ নিৰাময়ৰ অৰ্থে এক বিশেষ ব্যৱস্থা আৰম্ভ হ’ব।

এই অনুসৰি প্ৰতিটো কৰ্মদিনত কাৰ্য্যালয়সমূহত পুৱা ১১-৩০ বজাৰ পৰা বিয়লি ১-৩০ বজালৈ নিশ্চিতভাৱে এগৰাকী দায়িত্বশীল বিষয়া উপস্থিত থাকিব আৰু বিষয়াগৰাকীয়ে সংশ্লিষ্ট জিলাখনৰ ৰাইজৰ লগত মত-বিনিময় কৰি তেওঁলোকৰ ওজৰ-আপত্তিসমূহ নিষ্পত্তিকৰণৰ ব্যৱস্থা কৰিব।

ইতিমধ্যে, সমূহ কাৰ্য্যালয়তে ৰাইজৰ প্ৰতি এই সেৱা আগবঢ়োৱাৰ বাবে বিষয়াসকলক নিয়োজিত কৰা হৈছে। এইক্ষেত্ৰত জিলা কাৰ্য্যালয়সমূহত ৰাইজে কোনো সমস্যা অথবা অসুবিধাৰ সন্মুখীন হ’লে অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ৰ দায়িত্বশীল বিষয়াক অবগত কৰিব পাৰিব।

আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে আৰক্ষীক অধিক জনমুখী আৰু ৰাইজকেন্দ্ৰিক হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই ব্যৱস্থাৰ প্ৰতি ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।

আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে লগতে এই ব্যৱস্থা যাতে কোনো কাৰণতে ব্যাহত নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ আৰক্ষী অধীক্ষকসকলক নির্দেশ দিছে। তেওঁ লগতে এইক্ষেত্ৰত কোনোধৰণৰ গাফিলতি সহ্য কৰা নহ’ব বুলিও বিষয়াসকলক সতৰ্ক কৰি দিয়ে।

বিলাসীপাৰাত ভাৰতীয় জনতা পাৰ্টীৰ বিশেষ সাংগঠনিক সভাত উপস্থিত আঙ্গুৰলতা ডেকা

বিলাসীপাৰাত দেওবাৰে উপস্থিত হয় ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ অসম প্ৰদেশ কমিটীৰ সভানেত্ৰী আঙ্গুৰলতা ডেকা৷


স্থানীয় প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত আয়োজন কৰা সাংগঠনিক সভাত উপস্থিত হয় ৰাজ্যিক নেত্ৰী গৰাকী৷

বিজেপিৰ বিলাসীপাৰা জিলা মহিলা মৰ্চাই আয়োজন কৰা সভাত উপস্থিত থাকি ৰাজ্যিক নেত্ৰী আঙ্গুৰলতা ডেকাই প্ৰথমে নাম প্ৰসংগত অংশ গ্ৰহন কৰে৷

তাৰ পিছতে গোৱালপৰীয়া গীতৰ তালে তালে এপাক ককাল ঘূৰাই নাচিলেও সভানেত্ৰী গৰাকীয়ে৷ মুলত দলীয় সাংগঠনিক দিশ টনকিয়াল কৰাৰ লক্ষ্যৰে উপস্থিত হোৱা ৰাজ্যিক নেত্ৰী গৰাকীয়ে সময় সুযোগ পালে অভিনয় জগতলৈ পুনৰ উভতি যাব বুলিও কয়৷

আদানিৰ প্ৰবঞ্চনাৰ তদন্তৰ দাবীত আম আদমি পাৰ্টীৰ প্ৰতিবাদ

গৌতম আদানিৰ বিত্তীয় প্রবঞ্চনাৰ উচ্চ তদন্তৰ দাবী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদানিক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰি আজি (দেওবাৰে) আম আদমি পাটীয়ে সমগ্র দেশৰ লগতে গুৱাহাটী মহানগৰীৰ বশিষ্ঠস্থিত বিজেপি কার্যালয়ৰ সন্মুখত প্ৰায় অর্ধশতাধিক কর্মীয়ে প্রতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

বিজেপিৰ ছত্ৰছায়াত আদানিয়ে সর্ববৃহৎ কেলেংকাৰি কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰীয়ে গৌতম আদানিৰ বিত্তীয় প্রবঞ্চনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায়। আপৰ প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ ‘মোদী আদানী ভাই ভাই’, ’বিজেপি চৰকাৰ হায় হায়’, ’আদানিৰ কেলেংকাৰিৰ তদন্ত কৰক’ আদি শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে।

প্রতিবাদীস্থলিত উপস্থিত থাকি আপৰ কামৰূপ মহানগৰ জিলাৰ যুটীয়া সমন্বয়কদ্বয় হেপী গগৈ আৰু বল্লভ পাত্ৰই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ আমোলত দেশৰ সম্পদ আৰু অৰ্থনীতিৰ ক্ষেত্ৰত ভয়ংকৰ লোট-পাত হোৱা বুলি উল্লেখ কৰি ভাৰতীয় জীৱন বীমা নিগম আৰু ভাৰতীয় ষ্টেট বেংকৰ লগতে অন্যান্য ৰাষ্ট্ৰীয়কৃত বেংকৰ বিনিয়োগকাৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে সাধাৰণ জনতাৰ সঞ্চিত ধনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনায়।

আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিয়াৰ লগতে মহিলাক অপদস্থ কৰি চোচোৰাই লৈ আটক কৰি সন্ধিয়ালৈ চচলত আৱদ্ধ কৰি ৰাখে। আজিৰ কাৰ্যসূচীত দলটোৰ অনুৰূপা ডেকাৰাজা, সুশান্ত নাথ, আৰিফ ছিকদাৰ, ৰাজশ্ৰী অনিল, প্রবীন শর্মাকে মুখ্য কৰি সকলো পৰ্যায়ৰ নেতা-কৰ্মীসকলে অংশ কৰে।

এৰো ইণ্ডিয়া ২০২৩: এছিয়াৰ এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ পাঁচদিনীয়া এয়াৰশ্ব’ৰ পৰা কি আশা কৰিব পাৰি?

’ভাৰতৰ দ্বিবাৰ্ষিক এয়াৰ শ্ব’ আৰু এভিয়েশন প্ৰদৰ্শনী এৰো ইণ্ডিয়া ২০২৩’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ ফেব্ৰুৱাৰীত বেংগালুৰুৰ য়েলাহাংকা বায়ুসেনা ষ্টেচনত উদ্বোধন কৰিব আৰু ইয়াত এৰ’বেটিক্স প্ৰদৰ্শনত একাধিক বিমান নিয়োজিত হোৱা দেখা যাব। এই অনুষ্ঠানত মুঠ ৮১১ গৰাকী প্ৰদৰ্শক অংশগ্ৰহণ কৰিব৷ ইয়াৰে ৭০১ গৰাকী ভাৰতীয় প্ৰদৰ্শক হোৱাৰ বিপৰীতে ১১০ গৰাকী ৮০ খনতকৈও অধিক দেশৰ বিদেশী প্ৰদৰ্শক। যিহেতু এই অনুষ্ঠানৰ ১৪ সংখ্যক সংস্কৰণৰ বাবে মাত্ৰ এদিন বাকী আছে, সেয়েহে এৰো ইণ্ডিয়া ২০২৩ৰ পৰা কি আশা কৰিব পাৰি চাওচোন আহক-

এৰো ইণ্ডিয়া ২০২৩ৰ পৰা কি আশা কৰিব পাৰি?

অনুষ্ঠানৰ সূচী অনুসৰি পুৱা ৯:৩০ বজাত IST ত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব আৰু তাৰ পিছত ভাৰতীয় বায়ুসেনাৰ বিভিন্ন বিমানৰ উৰণ প্ৰদৰ্শন কৰা হ’ব। এই উদ্বোধনী অনুষ্ঠানত আই এ এফৰ কিৰণ এম কে II, এম আই ১৭ আৰু লাইট কম্বেট হেলিকপ্টাৰৰ লগতে এইচ এ এলৰ ফিক্সড উইং ট্ৰেইনাৰ বিমান, ই এমব্ৰেয়াৰ ১৪৫, ছু-৩০ এম কে আই আৰু টেজাছ যুঁজাৰু বিমানে বায়ুসেনা ষ্টেচনত ফ্লাইপাষ্ট কৰিব।

উৰণ প্ৰদৰ্শনৰ সময়ত জেনেৰেল ডাইনেমিক্সৰ এফ-১৬, আমেৰিকা যুক্তৰাষ্ট্ৰৰ লকহিড মাৰ্টিনৰ এফ-৩৫, হাৰ্ভাৰ্ড ট্ৰেইনাৰ, দাসুৱাল্টৰ ৰাফেলৰ দৰে একাধিক যুঁজাৰু বিমানে সাৰং হেলিকপ্টাৰ দল, সুখয়-৩০ এম কে আই আৰু সূৰিকৰণ এৰ’বেটিকছ দলে নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিব৷ ইয়াৰ পিছতে সমগ্ৰ বিশ্বৰ প্ৰতিৰক্ষা কোম্পানীসমূহৰ আন কেইবাখনো হেলিকপ্টাৰ আৰু যুঁজাৰু বিমানৰ অংশগ্ৰহণেৰে ষ্টেটিক ডিছপ্লে অনুষ্ঠিত হ’ব।

ভাৰতৰ প্ৰতিৰক্ষা খণ্ড আৰু প্ৰতিৰক্ষা ক্ষমতাই এৰো ইণ্ডিয়াৰ জৰিয়তে উত্থান লাভ কৰিব কাৰণ আমেৰিকা, ৰাছিয়া আৰু ইজৰাইলৰ কোম্পানীসমূহে ভাৰতৰ সৈতে প্ৰতিৰক্ষা চুক্তি সন্দৰ্ভত একাধিক বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। আমেৰিকাৰ এৰোস্পেচ কোম্পানী বয়িঙে কয় যে ভাৰতৰ আত্মনিৰ্ভৰশীলতা লাভৰ অভিলাষী লক্ষ্যক প্ৰশংসা কৰাৰ ক্ষেত্ৰত স্থানীয় সেৱা, বিনিয়োগ আৰু অংশীদাৰিত্ব বৃদ্ধি কৰাত তেওঁলোকৰ গুৰুত্ব আছে আনহাতে ৰাছিয়াৰ প্ৰতিষ্ঠান ৰষ্টেকে নিজৰ ছু-৫৭ চুৰিকাঘাত যুঁজাৰু জেট প্ৰকল্পটো আগবঢ়াই নিব আৰু ভাৰতক নিজৰ উৎপাদনত একত্ৰিত হ’বলৈ পতিয়ন নিয়াব।

কেইবাখনো ড্ৰ’ন, ছুপাৰছ’নিক দীৰ্ঘ দূৰত্বৰ এয়াৰ-গ্ৰাউণ্ড এছাল্ট ৰকেট, মিনি কমিউনিকেচন চেটেলাইট, আৰু ইলেক্ট্ৰনিক ৱাৰফেয়াৰ চিষ্টেম প্ৰদৰ্শন কৰা ইজৰাইল এৰ’স্পেচ ইণ্ডাষ্ট্ৰীজে ভাৰতীয় প্ৰতিৰক্ষা ঠিকাদাৰৰ সৈতেও ধাৰাবাহিক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব৷

প্ৰথম দিনাই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ‘চিইঅ’ৰ গোলটেবুল’ বৈঠকৰ সভাপতিত্ব কৰিব আৰু তাৰ পিছত ১৪ ফেব্ৰুৱাৰীত প্ৰতিৰক্ষা মন্ত্ৰী সন্মিলন অনুষ্ঠিত হ’ব, য’ত অংশগ্ৰহণকাৰী ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলক একত্ৰিত কৰা হ’ব। মন্ত্ৰীসকলে গৱেষণা আৰু উন্নয়ন আৰু সহযোগিতাৰ জৰিয়তে বিনিয়োগ আকৰ্ষণ আৰু উৎপাদন ক্ষমতা গঢ়ি তোলাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰিব।

ৰাজ্যৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ লক্ষ্যৰে উদ্যম ২০২৩ কেবাখনো জিলাক সামৰি এম এছ এম ই ব্যৱসায় আৰু বাণিজ্য সন্মিলন…

ৰাজ্যৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত কাইলৈৰ পৰা কেইবাখনো জিলাক সামৰি ৯খন ঠাইত আৰম্ভ হ’ব উদ্যম ২০২৩,এম এছ এম ই ব্যৱসায় আৰু বাণিজ্য সন্মিলন। আজি দিছপুৰত আয়োজিত এক সংবাদ মেলত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই এই কথা সদৰি কৰে।


ৰাজ্যৰ ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডৰ ব্যৱসায়ক এক নতুন গতি প্ৰদান কৰিবলৈ উদ্যোগ বিভাগে এই উদ্যম ২০২৩ ৰ আয়োজন কৰা বুলিও উদ্যোগ মন্ত্রী বড়াই কয়।
সংবাদ মেলত মন্ত্রী গৰাকীয়ে জানিবলৈ দিয়া মতে অহা ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ কোকৰাঝাৰ, বাগছা,চিৰাং, বৰপেটা, বঙাইগাঁও আৰু ধুবুৰী জিলাক সামৰি তামুলপুৰত, ১৫ -১৯ফেব্ৰুৱাৰীলৈ নগাঁও, মৰিগাঁও আৰু হোজাইক সামৰি নগাঁৱৰ নেহৰু বালিত, একে সময়তে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাওক সামৰি তৰালাংছুত, ২০-২৪ফেব্ৰুৱাৰীত শোণিতপুৰ আৰু বিশ্বনাথক সামৰি তেজপুৰত, যোৰহাট আৰু গোলাঘাটক সামৰি ২০ৰ পৰা ২৪ ফেব্ৰুৱাৰী ফেব্ৰুৱাৰীলৈ যোৰহাটত, নলবাৰী, গোৱালপাৰা, কামৰূপ আৰু কামৰূপ মহানগৰক সামৰি ২১-২৫ ফেব্ৰুৱাৰীলৈ উত্তৰ গুৱাহাটীত, ২২-২৬ফেব্ৰুৱাৰীলৈ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিক সামৰি শিলচৰত, ২৫ ফেব্ৰুৱাৰীৰ পৰা ১মাৰ্চলৈ ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ আৰু তিনিচুকীয়াক সামৰি দুলীয়াজানত আৰু ২৬ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ দৰং আৰু ওদালগুৰি জিলাক সামৰি টংলাত উদ্যম ২০২৩,এম এছ এম ই ব্যৱসায় আৰু বাণিজ্য সন্মিলন অনুষ্ঠিত হ’ব।


লখিমপুৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ পৰিচালনাত অনুষ্ঠিতব্য এই ৰাজ্যিক পৰ্যায়ৰ সন্মিলনত এম এছ এম ই গোট সমূহৰ উৎপাদিত পণ্য বিক্ৰীৰ লগতে ৰপ্তানি পদ্ধতি, ব্ৰেণ্ডিং আৰু পেকেজিং, কৃষি আৰু আনুসংগিক ক্ষেত্ৰ, খাদ্য সংশোধন, মাংস সংশোধন, পি এম এফ এম ই, পি এম ই জি পি আচনি, পৰ্যটন ক্ষেত্র আদিৰ সম্ভাৱনা তথা উদ্যমিতা সন্দৰ্ভত আলোচনা চক্ৰ অনুষ্ঠিত হ’ব।


এই সন্মিলনত প্ৰায় পাচ হেজাৰ ক্ষুদ্ৰ উদ্যোগে অংশ গ্ৰহণ কৰিব বুলি ব্যক্ত কৰি মন্ত্রী বড়াই ইয়াৰে তিনি হেজাৰ উদ্যোগীয়েও যদি সঠিক ৰূপত ব্যৱসায় কৰিবলৈ সক্ষম হয় তেন্তে অসমৰ উদ্যোগ খণ্ডই এক বেলেগ ৰূপ পৰিগ্ৰহ কৰিব বুলি তেও আশা প্ৰকাশ কৰে। এই দিশত চৰকাৰৰ তৰফৰ পৰা উদ্যোগী সকলক সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱা হ’ব বুলিও সংবাদ মেলখনত মন্ত্রী গৰাকীয়ে ব্যক্ত কৰে।
পি আৰ অ’, উদ্যোগ মন্ত্রী, অসম।

কইনা সাজেৰে ফিজিঅ’থেৰাপিৰ ব্যৱহাৰিক পৰীক্ষাত অংশগ্ৰহণ এগৰাকী যুৱতীৰ

কেৰালাৰ কইনাই শাৰীৰ ওপৰত লেব কোট পিন্ধি ফিজিঅ’থেৰাপিৰ ব্যৱহাৰিক পৰীক্ষাত অংশগ্ৰহণ কৰে।
ছ’চিয়েল মিডিয়াত এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছে , কেৰালাৰ এগৰাকী কইনাই ষ্টেথ’স্কোপ আৰু লেব কোটৰ সৈতে বিয়াৰ শাৰী পিন্ধি ব্যৱহাৰিক পৰীক্ষাত হাজিৰ হ’বলৈ গৈছে। পৰীক্ষা হলত লেক্ষমী প্ৰৱেশ কৰাৰ লগে লগে সমনীয়াই হাত চাপৰি বজাই এই শক্তিশালী পদক্ষেপক প্ৰশংসা কৰে।


বিয়া আৰু শিক্ষা জীৱনৰ দুটা গুৰুত্বপূৰ্ণ দিশ। কেৰেলাৰ এগৰাকী কইনাই এনে পৰিস্থিতিৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে শিকাইছে। ছ’চিয়েল মিডিয়াত এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে কেৰালাৰ এগৰাকী কইনাই ষ্টেথ’স্কোপ আৰু লেব কোটৰ সৈতে বিয়াৰ শাৰী পিন্ধি ব্যৱহাৰিক পৰীক্ষাত হাজিৰ হ’বলৈ গৈ আছে। ভিডিঅ’টো ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে আৰু নেটিজেনসকলে কেৰেলাৰ কইনাৰ অভিলাষী অৱতাৰক শলাগ লৈছে। ফিজিঅ’থেৰাপিৰ ছাত্ৰী লেক্ষ্মী অনিলে তেওঁৰ প্ৰেকটিকেল পৰীক্ষাত অংশগ্ৰহণ কৰে সকলো ব্রাইডেল মেকআপ, গহনা, আৰু শাৰীৰে সজ্জিত।


লেক্ষমী বেথানী নৱজীৱন কলেজ অৱ ফিজিঅ’থেৰাপিৰ ছাত্ৰী আৰু তেওঁৰ পৰীক্ষাৰ তাৰিখ আৰু বিয়াৰ তাৰিখৰ একে হয়। তাই প্ৰথমে পৰীক্ষাত উপস্থিত হয় য’ত তাইৰ বিয়াৰ ফটোগ্ৰাফাৰে অনুসৰণ কৰি কইনাৰ ‘অনন্য’ অৱতাৰটো শ্বুট কৰিছিল। ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এই ভিডিঅ’টোৱে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ পৰা হাজাৰ হাজাৰ ইম্প্ৰেছন লাভ কৰে।ভাইৰেল ভিডিঅ’টোত দেখা গৈছে, লেক্ষমীয়ে বিয়াৰ সাজ-পোছাকত পৰীক্ষাৰ বাবে শেষ মুহূৰ্তত প্ৰস্তুতি চলাইছে। পৰীক্ষা কেন্দ্ৰৰ বাহিৰত লেব কোট আৰু ষ্টেথ’স্কোপ পিন্ধিছে। পৰীক্ষা হলত লেক্ষমী প্ৰৱেশ কৰাৰ লগে লগে সমনীয়াই হাত চাপৰি বজাই এই শক্তিশালী পদক্ষেপক প্ৰশংসা কৰে।