Home Blog Page 1781

বিবিচিৰ তথ্যচিত্ৰক লৈ অস্বস্তিত কেন্দ্ৰীয় চৰকাৰ

BBC-য়ে ২০০২ চনৰ গুজৰাটৰ গোধৰা হিংসাত্মক কাণ্ডৰ ওপৰত দুটা খণ্ডৰ তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। এই তথ্য চিত্ৰতে ব্ৰিটিছ সংবাদ সংস্থাটোৱে গোধৰা হিংসাত্মক কাণ্ডত এতিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰত্যক্ষভাৱে জড়িত আছিল বুলি গুৰুতৰ তথা বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।

২০০২ চনত গুজৰাটৰ গোধৰাত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষ সন্দৰ্ভত আন্ত:ৰাষ্ট্ৰীয় সংবাদ সংস্থা বিবিচি- এ প্ৰস্তুত কৰা এই তথ্যচিত্ৰত এই নৃশংস ঘটনাত বৰ্তমানৰ প্ৰধানমন্ত্ৰী তথা সেই সময়ৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰত্যক্ষভাৱে জড়িত থকা বুলি উল্লেখ কৰাৰ পিছতে তথ্যচিত্ৰখনক কেন্দ্ৰ কৰি ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে।

এই তথ্যচিত্ৰখনে বিশ্বজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। বিবিচিৰ এই তথ্যচিত্ৰখনক লৈ অস্বস্তিত পৰিছে কেন্দ্ৰীয় চৰকাৰ। প্ৰকাশিত খবৰ অনুসৰি আজি কেন্দ্ৰই টুইটাৰ আৰু ইউটিউবক বিবিচিৰ এই তথ্যচিত্ৰ আঁতৰ কৰিবলৈ নিৰ্দেশ দিছে।

ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে “ইণ্ডিয়া: দ্য মোদী কুৱেশ্যন” শীৰ্ষক তথ্যচিত্ৰখনৰ প্ৰথম খণ্ড প্ৰকাশ কৰা একাধিক ভিডিঅ’ ব্লক কৰাৰ বাবে ইউটিউবক নিৰ্দেশনা জাৰি কৰিছে। এনে ইউটিউব ভিডিঅ’ৰ লিংক থকা ৫০টাতকৈও অধিক টুইট ব্লক কৰাৰ বাবেও টুইটাৰলৈ নিৰ্দেশ জাৰি কৰা হৈছে।

এই নিৰ্দেশৰ বাবেই তথ্যচিত্ৰখনৰ দৃশ্যাংশ বা লিংক সংলগ্ন বহু টুইট আৰু ইউটিউব ভিডিঅ’ এতিয়া মাইক্ৰ’ব্লগিং আৰু ভিডিঅ’ শ্বেয়াৰিং ৱেবছাইটত দেখা নোৱা নাযায় বুলি জানিব পৰা গৈছে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে তথ্য প্ৰযুক্তি নিয়ম, ২০২১ৰ অধীনত জৰুৰীকালীন ক্ষমতা ব্যৱহাৰ কৰি লিংকসমূহ আঁতৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছত ইউটিউব আৰু টুইটাৰে এই নিৰ্দেশ মানি চলিবলৈ সন্মত হৈছে বুলি বাতৰি প্ৰকাশ পাইছে।

ভাৰতে তথ্যচিত্ৰখনক বস্তুনিষ্ঠতাৰ অভাৱ আৰু ঔপনিৱেশিক মানসিকতা প্ৰতিফলিত কৰা প্ৰপাগাণ্ডাৰ অংশ বুলি অভিহিত কৰিছে। কেন্দ্ৰই ইউটিউব আৰু টুইটাৰক লগতে যদিহে কোনো লোকে পুনৰ তথ্যচিত্ৰখনৰ লিংক বা দৃশ্যাংশ আপলোড বা টুইট কৰে, সেয়া লগে লগে আঁতৰ কৰি দিবলৈও নিৰ্দেশ দিছে।

উল্লেখ্য যে তথ্যচিত্ৰখনৰ সৰৱ চৰ্চা চলি থকাৰ সময়তে তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ব্ৰাইনে বিবিচিৰ এই তথ্যচিত্ৰখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সংখ্যালঘুসকলৰ প্ৰতি থকা স্থিতি উন্মোচিত কৰা বুলি দাবী কৰি তেওঁ কৰা এক টুইট টুইটাৰে ডিলিট কৰি দিছে বুলি অভিযোগ কৰিছিল।

অ’ব্ৰাইনে উল্লেখ কৰা মতে মাইক্ৰ’ব্লগিং চাইট টুইটাৰে অ’ব্ৰাইনক এক মেইল যোগে ভাৰত চৰকাৰৰ অনুৰোধত তেওঁৰ টুইটটো ভাৰতৰ আইন উলংঘা কৰা বুলি দাবী কৰি ডিলিট কৰা হৈছে বুলি জানিবলৈ দিছে। তৃণমূল সাংসদ গৰাকীয়ে এই অভিযোগ উত্থাপন কৰি এই কাৰ্যক বিজেপি চৰকাৰৰ “চেন্সৰশ্বিপ” বুলি অভিহিত কৰে।

গোধৰাত সংঘৰ্ষৰ নামত ইচ্ছাকৃতভাৱে মুছলমান সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা হৈছিল বুলি উল্লেখ কৰি তথ্যচিত্ৰখনত এই সংঘৰ্ষটো ৰাজনৈতিকভাৱে পৰিচালিত কৰিবলৈ চেষ্টা কৰা হৈছিল বুলিও দেখুওৱা হৈছে। কট্টৰ হিন্দুত্ববাদী সংগঠন আৰএছএছ আৰু বিশ্ব হিন্দু পৰিষদ সদ্যসকল এই সংঘৰ্ষত জড়িত থকা বুলি তথ্যচিত্ৰখনত উল্লেখ কৰা হৈছে।

আনহাতে তথ্যচিত্ৰখনে আক্ৰমণকাৰীৰ বিৰুদ্ধে মোদীৰ আৰক্ষীয়ে বিশেষ ব্যৱস্থা আৰু তৎপৰতা লোৱা নাছিল বুলি দাবী কৰি এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে আৰক্ষীক বাধা প্ৰদান কৰিছিল বুলি গুৰুতৰ দাবী উত্থাপন কৰিছে। এইদৰে মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৌনতাৰে আক্ৰমণকাৰীক উৎসাহিত কৰিছিল আৰু মোদীৰ মন্ত্ৰীসকলেও হিংসাক প্ৰশ্ৰয় দি জ্যেষ্ঠ আৰক্ষী বিষয়াসকলক হিংসাত্মক কাণ্ডক হস্তক্ষেপ নকৰিবলৈ নিৰ্দেশ দিছিল বুলিও দাবী কৰা হৈছে।

ইফালে গুজৰাট কাণ্ডক লৈ BBC-ৰ দুটা খণ্ডৰ তথ্য চিত্ৰখন মুকলি হোৱাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰত চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমৰ্থন কৰি কেন্দ্ৰই কৈছে যে তথ্যচিত্ৰখন ঔপনিৱেশিক মনোবৃত্তিৰে নিৰ্মাণ কৰা হৈছে। ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে সংবাদ মাধ্যমৰ আগত কয় যে তথ্যচিত্ৰখন প্ৰপাগাণ্ডা, যিখন এক বিশেষ উদ্দেশ্যৰে নিৰ্মাণ কৰা হৈছে।

হাছৰাঁওবাৰী আজমল ছিনিয়ৰ ছেকোণ্ডাৰী স্কুলৰ উদ্যোগত দুখীয়াৰ মাজত বস্ত্ৰ বিতৰণ

আজমল ফাউনডেশ্বনৰ দ্বাৰা পৰিচালিত গোসাইগাঁৱৰ হাছৰাওবাৰীস্থিত আজমল ছিনিয়ৰ ছেকোণ্ডাৰী স্কুলৰ উদ্যোগত আজি শীতৰ পৰা ৰক্ষাৰ্থে দুখীয়া পৰিয়ালৰ মাজত বিনামূলীয়া বস্ত্ৰ বিতৰণ কৰে।দুখীয়াক বস্ত্ৰ দান কৰিবলৈ সুখৰ প্ৰাচীৰ কাৰ্যসূচী ৰূপায়ন কৰে।

সুখৰ প্ৰাচীৰ কাৰ্যসূচী আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে শ্ৰীৰামপুৰ সমষ্টিৰ এম চি এল এ সজল কুমাৰ সিংহই।

কলেজৰ অধ্যক্ষ আনোৱাৰ হোছেইনে উদ্দেশ্য ব্যাখা কৰা সভাত মুখ্য অতিথি হিচাপে এম চি এল এ সজল সিংহই উপস্থিত থাকি ভাষণ প্ৰসংগত আজমল কলেজে লোৱা পদক্ষেপক প্ৰশংসা কৰি কয় যে বহু দুখীয়া দৰিদ্ৰই শীতৰ দিনত টকাৰ অভাৱত কাপোৰ কিনিব নোৱাৰে, সেই সমূহ পৰিয়াল বাৰুকৈয়ে উপকৃত হব বুলি কয়।

সুখৰ প্ৰাচীৰ অনুষ্ঠানত সজল সিংহই ৪০ খন কম্বল বিতৰণ কৰে আৰু কলেজখনৰ চাৰি সীমাৰ দেৱাল নিৰ্মাণ কৰি দিব বুলি প্ৰতিশ্ৰুতি দিয়ে। কলেজৰ অধ্যক্ষ আনোৱাৰ হোছেইনে কয় যে এই বস্ত্ৰ বিতৰণ কাৰ্য্যসূচী আজিৰ পৰা সোমবাৰলৈকে চলি থাকিব।এনে পদক্ষেপক আবাল বৃদ্ধ বণিতাই বস্ত্ৰ গ্ৰহন কৰি আপ্লুত হয়।

যুৱ অনুৰাগীয়ে খেলৰ মাজতে ৰোহিতক সাৱটি ধৰে, ভাৰতৰ অধিনায়ক গৰাকীয়ে ভাৰসাম্য হেৰুৱাই পেলায়; ভিডিঅ’ ভাইৰেল…

ৰায়পুৰত নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়া খেলত ভাৰতৰ ইনিংছৰ দশম অভাৰৰ সময়ত খেলপথাৰ আগ্ৰাসন কৰা এটা ভিডিঅ’ ভাইৰেল হৈছে।

ভিডিঅ’টোত অনুৰাগীজনে ৰোহিত শৰ্মাক কেই ছেকেণ্ডমানৰ বাবে সাৱটি ধৰা দেখা গৈছে। তাৰ পিছত এজন বিষয়াই অনুৰাগীজনক ৰোহিতৰ পৰা আঁতৰাই ঠেলি দিয়া দেখা যায়।

https://twitter.com/Ashishs92230255/status/1616772270080544769?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1616772270080544769%7Ctwgr%5Ea44e1fc4374720cdec7eda128ca45fc01e782e8b%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fd-28135716023119003189.ampproject.net%2F2301041800000%2Fframe.html

নিৰাপত্তাৰক্ষীয়ে অনুৰাগীজনক তেওঁৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰাত ৰোহিত প্ৰায় পৰি যোৱাৰ বাবে কথাবোৰ বহুত বেছি বিশৃংখল হৈ পৰে।

ভাগ্য ভাল যে তাৰকা বেটছমেনজনে ভাৰসাম্য ৰক্ষা কৰিব পাৰিলে আৰু অনুৰাগীজনক খেলপথাৰৰ পৰা আঁতৰাই লৈ গ’ল। এই ঘটনাৰ ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে।

আন এক ভাইৰেল পিকত দেখা গৈছে যে ৰোহিত শৰ্মাই নিৰাপত্তাৰক্ষীক শান্তভাৱে কামবোৰ চম্ভালিবলৈ আৰু যুৱ অনুৰাগীৰ বিৰুদ্ধে একো নকৰিবলৈ আহ্বান জনাইছে।

নলবাৰীৰ অসম গণ পৰিষদৰ যুৱ নেতা দিলীপ কুমাৰ দাসক কেন্দ্ৰীয় সমিতিৰ সম্পাদক হিচাপে নিযুক্ত,উৎফুল্লিত নলবাৰীবাসী

বিগত বছৰ বছৰ ধৰি অগপ দলৰ হৈ নিস্বাৰ্থকৈ সক্ৰিয় ভাৱে ৰাইজক সেৱা কৰি অহা দিলীপ কুমাৰ দাসক দায়িত্ব প্ৰদান অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ।

অসম গণ পৰিষদ দলৰ সাংগঠনিক ভেটি মজবুত কৰিবলৈ অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অতুল বৰাই নলবাৰীৰ যুৱ নেতা দিলীপ কুমাৰ দাসক কেন্দ্ৰীয় সমিতিৰ সম্পাদকৰ দায়িত্ব দি এখন চিঠি প্ৰদান কৰি শীৰ্ঘেই দলৰ দায়িত্ব লবলৈ আহ্বান জনায়।

কেন্দ্ৰীয় সমিতিৰ এই সিদ্ধান্তক  নলবাৰী জিলা সমিতিৰ লগতে অগপৰ তৃণমূল পৰ্য্যায়ৰ কৰ্মী সকলে সন্তোষ প্ৰকাশ কৰিছে। অসম গণ পৰিষদ দ’লৰ জন্মলগ্নৰ পৰা তৃণমূল পৰ্য্যায়ত লাগি থকা বিশিষ্ট সমাজকৰ্মী যমুনা দাসৰ পুত্ৰ তথা নলবাৰীৰ সমাজ জীৱনৰ চিনাকি নাম দিলীপ কুমাৰ দাসেও বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজতে অগপ দলটোক দীৰ্ঘদিন ধৰি সেৱা কৰি আহিছে।

নলবাৰী জিলাত পূৰ্বৰ অগপৰ ভেটি শক্তিশালী কৰিবলৈ দিলীপ কুমাৰ দাসক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰাত তাৎপৰ্য হিচাপে পৰিগণিত হৈছে। উল্লেখ্য যে প্ৰয়াত নগেন শৰ্মা অগপ দলৰ নলবাৰী জিলাৰ পৰা প্ৰতিষ্ঠাপক সম্পাদক হোৱাৰ পাছত দ্বিতীয় বাৰৰ বাবে দিলীপ কুমাৰ দাসক কেন্দ্ৰীয় সমিতিয়ে সম্পাদক নিযুক্ত কৰিলে।

আনহাতে সম্পাদকৰ দায়িত্ব অৰ্পণ কৰাত দিলীপ কুমাৰ দাসে অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, কেন্দ্ৰীয় নেতা ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক দ্বয় মনোজ কুমাৰ শইকীয়া আৰু ভূপেন ৰয়ক ধন্যবাদ তথা কৃতজ্ঞতা প্ৰকাশ কৰে।

গুনোৎসৱত এখন প্ৰাথমিক বিদ্যালয়ত দেখিবলৈ পোৱা গল আশ্ৰম সদৃশ পৰিবেশ

সমগ্ৰ ৰাজ্যৰ বিদ্যালয় সমূহত দেখিবলৈ পোৱা গৈছে গুনোৎসৱৰ ব্যাপক ব্যস্ততা।

প্ৰতিখন বিদ্যালয় সজাই পৰাই তুলা হৈছে আটক ধুনীয়াকৈ। তাৰে মাজত এখন বিদ্যালয়ৰ পৰিবেশে দৃষ্টি আৰ্কষন কৰিছে সকলোৰে। আশ্ৰমসদৃশ এই বিদ্যালয়খন হৈছে নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষাখণ্ডৰ অন্তৰ্গত ৬১৮ নম্বৰ তলিবৰ প্ৰাথমিক বিদ্যালয়।

বিদ্যালয়খনৰ প্ৰতিটো কোঠা সজাই পৰাই তোলা হৈছে অসমীয়া আপুৰুগীয়া বিভিন্ন সা সজুলিৰে। জাকৈ খালৈ জাপিৰ পৰা আৰম্ভ কৰি ঢোল পেপা গগনালৈকে প্ৰতিবিধ সামগ্ৰী ছাত্ৰ ছাত্ৰীৰ সুবিধা হোৱাকৈ আৰি ৰখা হৈছে শ্ৰেণীকোঠাত।

যাতে ছাত্ৰ ছাত্ৰীসকলে সহজেই চিনাকি হ’ব পাৰে। তাৰোপৰি চালে চকুৰোৱা বিদ্যালয়খনৰ বাহিৰৰ পৰিবেশো।

গুনোৎসৱৰ মূল্যায়নৰ বাবে বিদ্যালয়খনত উপস্থিত হোৱাৰ মৰিগাঁওৰ শিক্ষণ মহাবিদ্যালয়ৰ জ্যেষ্ঠ প্ৰৱক্তা কিশোৰ কুমাৰ দাসেও বিদ্যালয়খনৰ পৰিবেশত আল্পুত হৈ পৰে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰাজু শইকীয়াৰ প্ৰচেষ্টাক আদৰণি জনাইছে স্থানীয় লোকসকলেও।

টেঙাখাত তেলপানীত বাঘৰ মৃতদেহ উদ্ধাৰ

টেঙাখাত তেলপানী নদী ঘাটৰ সমীপত শনিবাৰে পুৱাৰ ভাগতে বন বিভাগে এটা নাহৰ ফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ কৰা পৰিলক্ষিত হয়৷

জানিব পৰা মতে পুৱা ১০ মান বজাত স্থানীয় ৰাইজে নদীৰ কাষৰ এটা নলাত বাঘটোৰ মৃতদেহ প্ৰতক্ষ্য কৰি গাঁওবুঢ়াৰ লগতে বন বিভাগক খবৰ দিয়ে।

আৰু পৰৱৰ্তী সময়ত খণ্ড বন বিষয়া আফটাব খানৰ নেতৃত্বত যোৱা এটা বনকৰ্মীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ বাঘটোৰ মৃতদেহ উদ্ধাৰ কৰি পশু চিকিৎসকৰ দ্বাৰা মৰণোত্তৰ পৰীক্ষা কৰি তেলপানী বনাঞ্চলত শেষকৃত্য সম্পন্ন কৰে।

ভাল খবৰ: বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত হ’ব চৰাইদেউ মৈদামৰ নাম

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে এইবাৰ দেশৰ পৰা একমাত্ৰ মনোনয়ন হ’ব চৰাইদেউ মৈদাম৷ আজি নিশাই ইউনেস্ক’লৈ আনুষ্ঠানিক প্ৰস্তাৱ পঠিওৱা হ’ব।

আজি জনতা ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিবলৈ দিয়ে।

সংবাদমেলত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে এইবাৰ দেশৰ একমাত্ৰ মনোনয়ন চৰাইদেউ মৈদাম হ’ব বুলি প্ৰধানমন্ত্ৰী কাৰ্যালয়ে শুকুৰবাৰে তেওঁক জনায়।

’চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি দিয়াৰ বাবে ৰাজ্য চৰকাৰে ২০১৪ চনৰ পৰাই চেষ্টা অব্যাহত ৰাখিছিল।চৰাইদেউ মৈদামে ইউনেস্ক’ৰ এই স্বীকৃতি লাভ কৰিলে কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পিছত অসমৰ তৃতীয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হ’ব’-মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে৷

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে বৰ্তমান দেশত প্ৰায় ৫২টা ঐতিহাসিক ক্ষেত্ৰ এই প্ৰতিযোগিতাত আছে। কিন্তু এখন সদস্য ৰাষ্ট্ৰই কেৱল এটা নামহে প্ৰেৰণ কৰিব পাৰে কাৰণে অসমৰ চৰাইদেউ মৈদামৰ নাম প্ৰেৰণৰ সিদ্ধান্ত লৈছে চৰকাৰে।

যোৰাবাটত আৰক্ষীয়ে ১ কোটি টকাৰ গাঞ্জা জব্দ কৰাৰ লগতে এই সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰে…

ব্যাপক হাৰত গুৱাহাটী আৰক্ষীয়ে শনিবাৰে যোৰাবাটত ১ কোটি টকাৰ গাঞ্জা জব্দ কৰাৰ লগতে এই সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ তথ্য অনুসৰি গুৱাহাটীৰ উপকণ্ঠ অঞ্চলৰ যোৰাবাট অঞ্চলত এখন ট্ৰাকৰ পৰা ১০১ কেজি গাঞ্জা জব্দ কৰা হৈছে।

এক গোপন সূত্ৰৰ ভিত্তিত যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত গুৱাহাটী আৰক্ষীৰ এটা বিশেষ দলে যোৰাবাটত হিমাচল প্ৰদেশৰ এইচ পি ৬২ বি ৫০৮৮ নম্বৰৰ পঞ্জীয়ন নম্বৰ থকা এখন ট্ৰাক আটক কৰে।

ত্ৰিপুৰাৰ পৰা আহি বিহাৰ অভিমুখে আহিছিল ট্ৰাকখন।

ট্ৰাকখনৰ চালত লুকুৱাই ৰাখিছিল গাঞ্জাখিনি। আৰক্ষীয়ে ড্ৰাগছ জব্দ কৰিবলৈ ট্ৰাকখনৰ চাল ভাঙি খুলিব লগা হৈছিল।

পাৰ্থ সাৰথি মহন্তই কয় যে পুংখানুপুংখ পৰীক্ষাৰ সময়ত আমি ত্ৰিপুৰাৰ পৰা আহি উত্তৰ ভাৰতলৈ যোৱা ট্ৰাকখনৰ পৰা ১০১ কেজি গাঞ্জা উদ্ধাৰ কৰি জব্দ কৰিছো। চালক আৰু কণ্ডাক্টৰ প্ৰণৱ কুমাৰ জামাটিয়া আৰু বোধ সাধন জামাটিয়া বুলি আটক কৰা হৈছে।

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ দ্বাৰা বিশ্বৰ সৰ্ববৃহৎ পিজ্জা হিচাপে ঘোষণা কৰা ১৩,৯৯০ বৰ্গফুটৰ পিজ্জা

১৩,৯৯০ বৰ্গফুট এলেকাত বিস্তৃত ৬৮ হাজাৰৰো অধিক স্লাইচৰ পিজ্জাক গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে বিশ্বৰ সৰ্ববৃহৎ পিজ্জা হিচাপে ঘোষণা কৰিছে।

ইউটিউবাৰ এয়াৰৰেকৰ সৈতে মিলি লছ এঞ্জেলছত এই অভিলেখ গঢ়িবলৈ সক্ষম হয় পিজ্জা হাটে।

বিশ্বৰ সৰ্ববৃহৎ পিজ্জাত ৬১৯৩ কিলোগ্ৰাম পিঠাগুৰি আৰু ৩৯৯০ কিলোগ্ৰামতকৈ অধিক পনিৰৰ প্ৰয়োজন হৈছিল।

বিশ্বনাথ নগৰস্থিত কমলাকান্ত নাট্য সমাজত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল:দলীয় সভাত অংশগ্ৰহণ

কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভ কৰাৰ পাছত প্ৰথম বাৰলৈ বিশ্বনাথত উপস্থিত হ’ল সৰ্বানন্দ সোণোৱাল ৷শুকুৰবাৰে নিশা বিশ্বনাথত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশ্বনাথৰ লেহুগাঁৱৰ নিৱাসী সৰহবৰহী মহিলা প্ৰয়াত সবিতা হাজৰিকা তথা মন্ত্ৰীগৰাকীৰ ব্যক্তিগত সহায়ক তুহিন হাজৰিকাৰ মাতৃৰ বিয়োগৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনাবলৈ উপস্থিত হয়হি ৷পুনৰ আজি বিশ্বনাথৰ কমলাকান্ত নাট্য সমাজৰ প্ৰেক্ষাগৃহত এক দলীয় সভাত অংশ লয় কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভ কৰাৰ পিছত বিশ্বনাথত পোন প্ৰথমবাৰৰ বাবে বিশ্বনাথৰ বিজেপি নেতা কৰ্মী সকলৰ লগত দলীয় সভাত অংশ গ্ৰহন কৰাৰ বাবে বিশ্বনাথ জিলা বিজেপি লগতে জিলা বিজেপিৰ অন্তৰ্গত বিভিন্ন সংগঠন,ছাত্ৰ সংগঠন,মহিলা সংগঠন পৌৰ সভা,নগৰ মণ্ডল,গ্ৰাম্য মণ্ডল সকলোয়ে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক ফুলাম গামোচা,জাপি,চেলেং, ফুলৰ থোপা ইত্যাদিৰে উষ্ণ আদৰণী জনাই।

ফালে জিলা খনৰ অন্তৰ্গত বিশ্বনাথ,বিহালী,গহপুৰৰ বিধায়ক তথা নেতা সকলে নিজৰ আদৰণী ভাষনত দ্বাৰা প্ৰশংসা কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক।উক্ত কাৰ্যকৰ্তা সন্মিলনত উপস্থিত থাকি মন্ত্ৰীগৰাকীক সংগ দিয়ে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত,গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা,বিজেপিৰ বিশ্বনাথ জিলাৰ সভাপতি পংকজ বৰা,চাহ মৰ্চাৰ সভাপতি দিগন্ত ঘাটোৱাৰ,ৰাজ্যিক বিজেপিৰ সম্পাদক বিপুল ডেকা,অসম ৰাজ্যিক বিজেপিৰ মমিনুল আৱাল,পৰেশ বৰকটকী,ড°ৰঞ্জন গগৈ,বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ পৌৰপতি অমৰ জ্যোতি বৰঠাকুৰ সহ ৰাজ্যিক বিজেপিৰ বহুতো নেতা কৰ্মী উপস্থিত থাকে।