Home Blog Page 1818

পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা বিদ্যালয় পৰ্যায়ৰ বিশেষ অনুষ্ঠান “আমি জিলিকিম” ত সমল ব্যক্তি হিচাপে উপস্থিত থাকি এই বক্তব্য আবঢ়াই অসম বিজ্ঞান সমিতিৰ যুটীয়া সম্পাদক হিৰণ্য কুমাৰ নাথে…

মানুহ সদায় ধনাত্মক চিন্তাৰে আগুৱাই যাব লাগে — হিৰণ্য কুমাৰ নাথ ৷

মানুহ সদায় ধনাত্মক চিন্তাৰে আগুৱাই যাব লাগে “। পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা বিদ্যালয় পৰ্যায়ৰ বিশেষ অনুষ্ঠান “আমি জিলিকিম” ত সমল ব্যক্তি হিচাপে উপস্থিত থাকি এই বক্তব্য আবঢ়াই অসম বিজ্ঞান সমিতিৰ যুটীয়া সম্পাদক হিৰণ্য কুমাৰ নাথে। আজি পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাই শিক্ষামূলক কাৰ্যসূচী হিচাপে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উন্নয়নৰ স্বাৰ্থত বিদ্যালয় পৰ্যায়ৰ বিশেষ অনুষ্ঠান “আমি জিলিকিম” আৰম্ভ হয়।

ঐতিহাসিক পথৰুঘাটৰ পাথৰিঘাট জাতীয় বিদ্যালয়ৰ সভাগৃহত এই অনুষ্ঠানটি উদ্বোধন কৰে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়াই। অসম বিজ্ঞান সমিতিৰ যুটীয়া সম্পাদক হিৰণ্য কুমাৰ নাথৰ লগত কেন্দ্ৰীয় জাতীয় বিদ্যালয়, পশ্চিম মঙলদৈৰ সহকাৰী শিক্ষক আচাদুল্লাহ হকো এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে। ছাত্ৰ-ছাত্ৰী সকলে এই অনুষ্ঠানত ভবিষ্যতে কেনেকৈ নিজকে সফল কৰি গঢ়ি তুলিব পাৰে এই বিষয়ত সমল ব্যক্তি দুগৰাকী‌য়ে বক্তব্য আগবঢ়ায়।

বিজ্ঞান শিক্ষা,মাতৃভাষা আৰু ইংৰাজী বিষয়ৰ ওপৰতো আলোচনা কৰা হয়। অনুষ্ঠানৰ আঁত ধৰে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ছাজিছ আলমে। অনুষ্ঠানত উপস্থিত থাকি বক্তৃতা আগবঢ়ায় জাতীয় বিদ্যালয়, পাথৰিঘাটৰ অধ্যক্ষ ইমৰান হুছেইনে। লগতে অনুষ্ঠানত উপস্থিত থাকে উক্ত বিদ্যালয়ৰ উপাধ্যক্ষ গণেশ ডেকা, পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি বিপুল হক, সাধাৰণ সম্পাদক নুৰ আলম।

পশ্চিম যোৰহাটৰ হত্যাকাৰী সন্ধান বিচাৰি উলিয়ালে যোৰহাট আৰক্ষীয়ে…

পশ্চিম যোৰহাটৰ খঙীয়া মৌজাৰ পাখিমাৰী গাঁওত ২৮ নম্বেৰ নিশা এক জঘন্য বৰ্বৰ হত্যা কাণ্ড সংঘটিত হৈছিল ৰাজপথত পৰি আছিল পাখি মাৰি গাঁওৰ ৰাতুল বৰা নামৰ এজন ৪০বছেৰীয়া যুৱকৰ মৃতদেহ স্থানীয় ৰাইজে উক্ত মৃতদেহটো ৰাজ পথত পতক্ষ্য কৰি খবৰ দিছিল সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰৰৈয়া আৰক্ষী চকীত আৰক্ষী আহি ঘটনা স্থলীত উপস্থিত হয় ঘটনা স্থলীত নিশা মৃত দেহটো যোৰহাট চিকিৎসা মহাবিদ্যালযলৈ প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষা কৰিবলৈ ইতিমধ্যে স্থানীয় ৰাইজে দাবী কৰিছিল

হত্যা কাৰী চিনাক্ত কৰিবলৈ মৃত ৰাতুল বৰা ভাতৃয়ে উচিত তদন্ত বিচাৰি এটা গোচৰ ৰুজু কৰিলে ৰৰৈয়া আৰক্ষী চকীত গোচৰ নং৮৮৬/২২ ধাৰা ৩০২/ Ipc উক্ত গোচৰৰ ভিত্তিত যোৰহাট আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৰহাট আৰক্ষী অতিৰিক্ত আৰক্ষী অধীক্ষক সহ ৰৰৈয়া আৰক্ষী চকীৰ লগতে সদৰ আৰক্ষী থানা পুলিবৰ আৰক্ষী থানা সহযোগত চাৰিদিন কৈ চলা হত্যাকাৰী অভিযানত সফল হ’ল যোৰহাট আৰক্ষী জানিব পৰা মতে একে গাওৰে নিবাসী দাদুল হাজৰিকা পথেৰে আহি থকা অৱস্থাত ৰাতুল বৰাই পিছ ফালৰ পৰা ৰদৰে প্ৰহাৰ কৰে তাৰ পিছত দাদুলৰ লগত থকা সহযোগী হত্যাকাৰী অনন্ত মাধৱ হাজৰিকা সহ দাদুল হাজৰিকাই এখন চোকা কপিদাই ডিঙি কাটি হত্যা কৰো বুলি আৰক্ষী ওচৰত স্বিকাৰ কৰে।

বৰ্তমান তদন্ত প্ৰক্ৰিয়াত আৰক্ষীয়ে চোকা অস্ত্ৰ জব্দ কৰিছে বৰ্তমান সময়লৈকে তদন্ত অৱ্যাহত ৰাখিছে যোৰহাট আৰক্ষীয়ে। পশ্চিম যোৰহাটৰ খঙীয়া মৌজাৰ পাখীমাৰি গাঁওত হোৱা এনে নাৰকীয় অমানুষিক হত্যাকাণ্ড ই পশ্চিম যোৰহাটত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে জানিব পৰা মতে পাখি মাৰি টেকেলা গাঁৱত খঙীয়াত কেইবাখনো মদৰ দোকান নিশা ভাগলৈ খুলি পৰিবেশ বিনষ্ট কৰা অভিযোগ উত্থাপিত হৈছে

প্ৰেছ বিবৃতি : বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ৰাজ্যিক সংবাদ বিভাগ বিজেপি অসম প্রদেশৰ প্ৰেছ বিবৃতি…

প্ৰেছ বিবৃতি
বদৰুদ্দিন ঔৰংগজেৱৰ দ্বিতীয় সংস্কৰণ
মহাৰাজা পৃথুৱে খিলজীক পৰাজিত কৰাৰ দৰে ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমবাসীয়ে আজমল বাহিনীকো মষিমূৰ কৰিব । “খিলজী, দাস বংশ, চুলতান আৰু মোগল সকলৰ হামে সংস্কৃতিৰ আজমল হ’ল সমসাময়িক সংস্কৰণ। মধ্য যুগৰ ভাৰতৰ ওপৰত আক্রমণ চলোৱা মুছলমান আক্ৰমণকাৰী সকলে ভূ-খণ্ড দখল কৰাৰ পিছত হিন্দু পুৰুষক হত্যা কৰি মহিলা সকলক লৈ হামে তৈয়াৰ কৰিছিল। মুছলমান শাসকৰ হাতে নাৰীক শাৰীৰিকভাৱে নিৰ্যাৰ্তন চলোৱাৰ লগতে সামহিকভাৱে যৌন উৎপীড়ন চলোৱা হৈছিল।

ভাৰতীয় ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই হামেত চলা এনে ববৰতাৰ কথা আমি সকলোৱে পঢ়িছো। খিলজী-মোগলৰ হামে সংস্কৃতিৰ ধাৰাবাহিকতা ৰক্ষা কৰিব বিচাৰিছে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে” এই মন্তব্য ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ। দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱন’ত অনুষ্ঠিত হোৱা এক সংবাদ মেলত শ্ৰী শৰ্মাই আজমলৰ অসংসদীয় বক্তব্যৰ তীব্র প্রতিক্রিয়া প্ৰকাশ কৰি এনেদৰে মত পোষণ কৰে। আজি সংবাদমেলত বিধায়ক দিগন্ত কলিতা আৰু দলৰ সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলো উপস্থিত আছিল। শ্রী শমাই লগতে কয়, আজমল আৰু তেওঁৰ বাহিনীয়ে নাৰীক এতিয়াও পণ্য সামগ্ৰী হিচাপে গণ্য কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শমার্ক উদ্দেশ্যি আজমলে কৰা অশোভণীয় মন্তব্য সভ্য সমাজৰ বাবে এক প্রত্যাহ্বান বুলি শ্রী শমাই বর্ণনা কৰে। লগতে আজমলক ইছলামীয় সমাজে প্ৰদান কৰা মৌলবী উপাধি কাঢ়ি লবৰ বাবেও বিজেপিৰ মুখপাত্ৰজনে সংশ্লিষ্ট লোক সকলৰ প্রতি আহ্বান জনায় ৷ আনহাতে এ আই ইউ ডি এফৰ সভাপতি জনক ঔৰংগজেৱৰ লগত তুলনা কৰি অসমৰ সমাজে আৰৱীয় সংস্কৃতি কেতিয়াও মানি নলয় বুলি বিধায়ক দিগন্ত কলিতাই হুংকাৰ দিয়ে। শ্রী কলিতাৰ মতে আজমলৰ দৰে নিকৃষ্ট মানসিকতাৰ লোকক সামাজিক আৰু ৰাজনৈতিকভাৱে এঘৰীয়া কৰাৰ প্ৰয়োজন আছে। সমাজ জীৱনক কলুষিত কৰি বক্তব্য দিয়া আজমল সম্পর্কত মুছলমান চিভিল ছ’চাইটিয়েও কঠোৰ আৰু স্পষ্ট সিদ্ধান্ত লোৱাৰ সময় সমাগত বুলি বিজেপিৰ বিধায়কজনে কয়।
উল্লেখযোগ্য যে বাশ শতিকাত নালান্দা বিশ্ববিদ্যালয় ধ্বংস কৰি বতিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল। সেই সময়ত অসমৰ ৰজা আছিল পৃথু। মহাৰাজা পৃথুৰ নেতৃত্বত অসমৰ সকলো জাতি জনগোষ্ঠীৰ হাজাৰ হাজাৰ লোক একত্ৰিত হৈ বখতিয়াৰ খিলজীৰ দহ হাজাৰ অশ্বাৰোহী সৈন্যৰ বিশাল বাহিনীক পৰাজিত কৰা লগতে ৰণভূমিত কচুকটা দিছিল। একেটা আৰ্হিত আজমলে অসমৰ সনাতন সভ্যতা-সংস্কৃতিলৈ আক্রমন নমাই আনিছে। আজমল বাহিনীৰ এই আগ্রাসনক অসমবাসীয়ে মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আকৌ এবাৰ পৰাজিত কৰিব বুলি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই মত পোষণ কৰে। মহাৰাজা পৃথুৱে সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি পদাতিক সেনাৰ এক বিশাল ফৌজ গঠন কৰি বতিয়াৰক পৰাজিত কৰাৰ দৰে মাননীয় মুখ্যমন্ত্ৰীয়েও অসমৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি আজমলৰ নেতৃত্বত ন-ৰূপত আৰম্ভ হোৱা খিলজী-মোগলৰ সাংস্কৃতিক, ৰাজনৈতক আগ্রাসন অসমবাসীয়ে প্রতিহত কৰিব বুলি শ্রী শমইি মত পোষণ কৰে।


বিজেপিৰ ৰাজ্যিক মুখপাত্ৰজনৰ মতে, পমুৱা মুছলমানৰ ৰাজনৈতিক আৰু সামাজিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বদৰুদ্দিন আজমলে মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ্ক লক্ষ্য কৰি কৰা অশোভনীয় বক্তব্য এক পৰিকল্পিত কুচকাৱাজ । উল্লেখযোগ্য যে অসম চৰকাৰে সত্ৰৰ ভূমি বেদখল সম্পৰ্কত চৰজমিন তদন্তৰ বাবে বিধায়ক প্রদীপ হাজৰিকাৰ অধ্যক্ষতাত গঠন কৰি দিয়া আয়োগে ২ ডিচেম্বৰৰ দিনা তেওঁলোকৰ প্রথম প্রতিবেদন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ্ক প্ৰদান কৰে। এই প্রতিবেদন দাখিল কৰাৰ কেইঘণ্টামানৰ পিছতেই বদৰুদ্দিন আজমলে অসংসদীয় শব্দ প্রয়োগেৰে মুখ্যমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লয়। আমি সকলোৱে জানো যে সত্ৰৰ ভূমি পমুৱা মুছলমানে বেদখল কৰি আছে। এই পমুৱা সকলেই আজমলৰ ভোটবেংক। নিজৰ ভোটবেংক সুৰক্ষিত কৰি ৰখাৰ
বাবেই আজমলে অশ্লীল শব্দ প্ৰয়োগেৰে মুখ্যমন্ত্ৰীক আক্ৰমণ কৰা বুলি শ্ৰী শৰ্মাই কয়।

স্বাক্ষৰিত, দেৱান ধ্ৰুৱজ্যোতি মৰল
আহ্বায়ক, ৰাজ্যিক সংবাদ বিভাগ
বিজেপি অসম প্রদেশ

জাপানৰ পিছত এইবাৰ দক্ষিণ কোৰিয়া , ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ পৰ্তুগালক পৰাস্ত কৰি নকআউট পৰ্যায়ত উপনীত হ’ল এছিয়াৰ দেশখন…

বিশ্বকাপত এছিয়াৰ যুঁজ অব্যাহত আছে। জাপানৰ পিছত এইবাৰ দক্ষিণ কোৰিয়া। ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ পৰ্তুগালক পৰাস্ত কৰি নকআউট পৰ্যায়ত উপনীত হ’ল এছিয়াৰ দেশখন।

যদিও উৰুগুৱেৰ সৈতে পইণ্ট আৰু গ’লৰ পাৰ্থক্য সমান, গ্ৰুপ পৰ্যায়ত অধিক গ’ল কৰাৰ বাবে এছিয়ান দলটোৱে গ্ৰুপত দ্বিতীয় স্থান লাভ কৰে। ফলস্বৰূপে দক্ষিণ কোৰিয়া অন্তিম ষোল্লত উপনীত হোৱা তৃতীয় এছিয়ান দল হিচাপে পৰিগণিত হয়।

নকআউটত উপনীত হ’বলৈ পৰ্তুগালৰ বিৰুদ্ধে জিকাটো জৰুৰী আছিল। কেৱল সেয়াই নহয়, দিনটোৰ আনখন খেলত উৰুগুৱেই অধিক গ’লত জিকিলেও অংক নিমিলে। এই দুটা সমীকৰণৰ কথা মনত ৰাখি ছন হিউং মিনৰ দল খেলপথাৰত নামিছিল। সৌভাগ্যক্ৰমে দিনটোৰ দুখন খেলৰ ফলাফল দক্ষিণ কোৰিয়াৰ পক্ষত গ’ল।

দক্ষিণ কোৰিয়াই তেওঁলোকৰ খেলখনত পৰ্তুগালক ২-১ গ’লত পৰাস্ত কৰে। আনখন খেলত ঘানা ২-০ গ’লত পৰাজিত হয় যদিও উৰুগুৱেই গ’ল পাৰ্থক্যত দক্ষিণ কোৰিয়াক অতিক্ৰম কৰিব নোৱাৰিলে। ফলত পইণ্ট আৰু গ’লৰ পাৰ্থক্য সমান হ’লেও অধিক গ’ল কৰাৰ বাবে এছিয়াৰ দলটো পৰৱৰ্তী ৰাউণ্ডলৈ গৈছে।

অপূৰ্ব অগ্নিহোত্ৰী আৰু শিল্পা সাক্লানীয়ে বিবাহৰ ১৮ বছৰ পিছত পিতৃ-মাতৃ হৈ কন্যাৰ ভিডিঅ’ শ্বেয়াৰ কৰিলে সামাজিক মাধ্যমত…

অপূৰ্ব অগ্নিহোত্ৰী আৰু শিল্পা সাক্লানীয়ে বিবাহৰ ১৮ বছৰ পিছত পিতৃ-মাতৃ হৈ কন্যাৰ ভিডিঅ’ শ্বেয়াৰ কৰি কন্যাক কিউট বুলি নাম দিছিল

অভিনেতা অপূৰ্ব অগ্নিহোত্ৰী আৰু অভিনেত্ৰী শিল্পা সাক্লানী গ্লেমাৰ জগতৰ আটাইতকৈ জনপ্ৰিয় দম্পতী। দুয়োজনেই উদ্যোগটোৰ সুপৰিচিত মুখ আৰু তেওঁলোকৰ ৰসায়ন বিজ্ঞানও আচৰিত। এই সময় তেওঁলোকৰ বাবে সুখৰ, কাৰণ বিবাহৰ ১৮ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে দুয়োজনেই পিতৃ-মাতৃ হৈ পৰিছে। ছচিয়েল মিডিয়াত এটা মৰমলগা ভিডিঅ’ৰ জৰিয়তে এই কথা ঘোষণা কৰিছে অভিনেতাগৰাকীয়ে।

https://www.instagram.com/reel/ClsVVNZqRmf/?utm_source=ig_web_copy_link

অপূৰ্ব অগ্নিহোত্ৰীয়ে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত দম্পতীহালে নিজৰ কণমানি কেঁচুৱাটোক কোলাত ধৰি মৰমেৰে চাই আছে। বগা আৰু গোলাপী ৰঙৰ ড্ৰেছত তাইৰ সৰু এঞ্জেলটোক বৰ মৰমলগা দেখা গৈছে। অভিনেত্ৰীগৰাকীয়ে কঢ়িয়াই লৈ ফুৰিছে হালধীয়া ৰঙৰ ড্ৰেছ। আনহাতে, অপূৰ্বক কেজুৱেল লুকত দেখা যায়। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দম্পতীহালৰ ফেমিলি পেক ভিডিঅ’ আৰু অনুৰাগীয়ে তেওঁলোকৰ ওপৰত প্ৰেমৰ বৰষুণ দিয়াৰ পৰা নিজকে বাধা দিব পৰা নাই।

ৰাছিয়াই দাবী কৰিছে শান্তি আলোচনা হোৱাৰ পূৰ্বে দেশখনে যুদ্ধত ইউক্ৰেইনৰ পৰা দখল কৰা ভুখণ্ডক ৰাছিয়াৰ বুলি স্বীকৃতি প্ৰদান কৰিব লাগিব…

ইউক্ৰেইন আক্ৰমণ কৰা ৰাছিয়াই এক অদ্ভূত দাবী কৰিছে। ৰাছিয়াই দাবী কৰিছে শান্তি আলোচনা হোৱাৰ পূৰ্বে দেশখনে যুদ্ধত ইউক্ৰেইনৰ পৰা দখল কৰা ভুখণ্ডক ৰাছিয়াৰ বুলি স্বীকৃতি প্ৰদান কৰিব লাগিব।

মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰিব বুলি ইংগিত দিয়াৰ পিছতে ৰাছিয়াই অভিযোগ কৰিছে ইউৰোপীয় দেশসমূহে ৰাছিয়াই দখল কৰা ইউক্ৰেইনৰ ‘নতুন ভুখণ্ড’ক স্বীকৃতি নিদি আলোচনাৰ পথ কঠিন কৰি তুলিছে।

ক্ৰেমলিনে কয় যে আলোচনাৰ বাবে ৰাছিয়াই পথ মুকলি ৰাখিছে, কিন্তু পশ্চিমীয়া ৰাষ্ট্ৰবোৰে দাবী কৰা  ইউক্ৰেইন আক্ৰমণৰ বন্ধ কৰি তাৰ পৰা সৈন্য বাহিনী উলিয়াই অনাৰ বিষয়ে আলোচনা কৰিবলৈ তেওঁলোক আগ্ৰহী নহয়।

ইয়াৰ মাজতে মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনে বৃহস্পতিবাৰে নিশা সাংবাদিকৰ আগত কয় যে তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰিবলৈ সাজু হৈছে। “যদি সঁচাকৈয়ে তেওঁ (ভ্লাদিমিৰ পুতিন) যুদ্ধৰ অন্ত পেলোৱাৰ কথা চিন্তা কৰিছে তেন্তে তেওঁ নিজেই ইয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব।” মাৰ্কিন ৰাষ্ট্ৰপিতগৰাকীয়ে সাংবাদিকৰ আগত কয়।

হোৱাইট হাউছত মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনৰ কাষতে ৰৈ ফ্ৰান্সৰ ইমানুৱেল মেক্ৰনেও স্পষ্ট কৰি দিয়ে যে তেওঁলোক দুয়োজনে ইউক্ৰেইনীয়সকলক কেতিয়াও আপোচ কৰাটো নিবিচাৰে।

\

কূটনৈতিক হেঁচাত মাহৰ পিছত মাহ ধৰি ৰাছিয়াই আলোচনাৰ প্ৰতি কোনো উৎসাহ প্ৰদৰ্শন কৰা নাই। ইফালে অসামৰিক অঞ্চলত ব্যাপক আক্ৰমণ চলোৱাৰ পাছতো দক্ষিণ ইউক্ৰেইনত ৰাছিয়ান সেনাই পিছুৱাই যাবলৈ বাধ্য হৈছে।

ইফালে, শুকুৰবাৰে জাৰ্মানীৰ চ্যান্সেলৰ অলাফ শ্বলজে ছেপ্টেম্বৰৰ পিছত প্ৰথমবাৰৰ বাবে ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে বাৰ্তালাপ কৰে। এঘণ্টাজোৰা বাৰ্তালাপত জাৰ্মান নেতাগৰাকীয়ে ৰাছিয়াক কূটনৈতিক সমাধান বিচাৰিবলৈ আহ্বান জনাইছে। লগতে তেওঁ ইউক্ৰেইনৰ পৰা ৰাছিয়াৰ সৈন্যক যথাসম্ভৱ সোনকালে উলিয়াই আনিবলৈ আহ্বান জনায়।

টুইটাৰৰ বিষয়ে ইলন মাস্কৰ দাবী – ঘৃণামূলক ভাষণৰ গোচৰৰ উত্থান ঘটিল…

চেণ্টাৰ ফৰ কাউণ্টাৰিং ডিজিটেল হেটে প্ৰকাশ কৰা অনুসৰি মাস্কে টুইটাৰ অধিগ্ৰহণ কৰাৰ পিছৰে পৰা ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ঘৃণাৰ পোষ্ট ভয়ংকৰভাৱে বৃদ্ধি পাইছে।

টুইটাৰৰ নতুন মালিক ইলন মাস্কৰ দাবী উদঙাই দিয়া হৈছে। এক নতুন গৱেষণাৰ পৰা জানিব পৰা গৈছে যে ইলন মাস্কে টুইটাৰ অধিগ্ৰহণ কৰাৰ পিছৰে পৰা টুইটাৰত ঘৃণামূলক ভাষণৰ বানপানীৰ সৃষ্টি হৈছে। একে সময়তে মাস্কে দাবী কৰে যে তেওঁৰ নেতৃত্বত টুইটাৰত ঘৃণামূলক ভাষণৰ ব্যাপক হ্ৰাস হৈছে। যোৱা মাহতহে তেওঁ দাবী কৰিছিল যে ছ’চিয়েল মিডিয়া চাইটত ঘৃণামূলক টুইটৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে।

মাস্কে টুইটাৰ অধিগ্ৰহণ কৰাৰ পিছৰে পৰাই ইয়াক ৰূপান্তৰিত কৰাৰ চেষ্টা কৰি আহিছে। তেওঁ টুইটাৰৰ বাবে নতুন নীতি প্ৰস্তুত কৰিছিল, কোম্পানীটোত বৃহৎ পৰিসৰৰ ছুটী দিছিল, লগতে কৰ্ম ব্যৱস্থাও সলনি কৰিছিল। তেখেতৰ এই আটাইকেইটা ৰচনাৰ সমালোচনা হৈছিল। ঘৃণামূলক ভাষণ হ্ৰাস পোৱা বুলি দাবী কৰি তেওঁ লিখিছে যে ‘ঘৃণামূলক ভাষণৰ ছাপ প্ৰি-স্পাইকৰ স্তৰৰ পৰা এক তৃতীয়াংশ হ্ৰাস পাইছে’। টুইটাৰ দললৈ অভিনন্দন! অৱশ্যে এতিয়া তেওঁৰ এই দাবী উদঙাই দিয়া হৈছে।

চেণ্টাৰ ফৰ কাউণ্টাৰিং ডিজিটেল হেট আৰু এণ্টি ডিফেমেচন লীগৰ প্ৰতিবেদনত ইলন মাস্কৰ এই দাবীক নস্যাৎ কৰা হৈছে। প্ৰতিবেদনত কোৱা হৈছে যে মাস্কে টুইটাৰ অধিগ্ৰহণ কৰাৰ পিছৰে পৰা এই ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ঘৃণা প্ৰচাৰৰ পোষ্ট বহু পৰিমাণে বৃদ্ধি পাইছে। চেণ্টাৰ ফৰ কাউণ্টাৰিং ডিজিটেল হেটে নিজৰ প্ৰতিবেদনত কয় যে মাস্কৰ নেতৃত্বত ২০২২ চনৰ ভিতৰত টুইটাৰত ঘৃণামূলক ভাষণ গড়ে তিনিগুণ বৃদ্ধি পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে সমকামী পুৰুষ আৰু ট্ৰেন্স ব্যক্তিৰ বিৰুদ্ধে গালি-গালাজৰ ব্যৱহাৰ ক্ৰমে ৫৮% আৰু ৬২% বৃদ্ধি পাইছে।

হিন্দু ছোৱালীকলৈ সাংসদ বদৰুদ্দিন আজমলৰ অশালীন মন্তব্য

‘ ১৮ বছৰত বিয়া হ’ব লাগে, তেতিয়া খেতিৰ বাবে মাটি উৰ্বৰা হৈ থাকে’
হিন্দু ছোৱালীকলৈ সাংসদ বদৰুদ্দিন আজমলে কৰিছে অশালীন মন্তব্য। সাংসদগৰাকীৰ মন্তব্যই এতিয়া সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।


অসমৰ সাংসদ বদৰুদ্দিন আজমলে আজি কয় যে হিন্দুসকলে জনসংখ্যা বৃদ্ধিৰ মুছলমান সূত্ৰ অনুসৰণ কৰি ১৮-২০ বছৰ বয়সত ছোৱালীৰ বিয়া দিব লাগিব। আজমলে কয় যে হিন্দুসকলৰ এটা সমস্যা আছে – সেয়া হৈছে তেওঁলোকৰ জনসংখ্যা মুছলমানসকলৰ দৰে বৃদ্ধি হোৱা নাই। আজমলে কয় , “হিন্দুসকলে সঠিক বয়সত বিয়া নকৰে, তেওঁলোকে ২-৩গৰাকীৰ লগত সম্পৰ্ক ৰাখে, কিন্তু তেওঁলোকে বিয়া নকৰে। তেওঁলোকে ৪০ বছৰ বয়সত বিয়া কৰে, সেয়াও পৰিয়ালৰ চাপত, মোক কওঁক – তেওঁলোকে কেনেদৰে প্ৰজনন কৰিব?”
তেওঁ লগতে কয় “আমাৰ সমাজত, ছোৱালীবোৰে ১৮ বছৰ বয়স হোৱাৰ লগে লগে বিবাহ পাশত আৱদ্ধ হয়। ভাৰত চৰকাৰে ইয়াৰ বাবে অনুমতি দিয়ে। ল’ৰাবোৰে ২২ বছৰ বয়স হোৱাৰ লগে লগে বিবাহপাশত আৱদ্ধ হয়। সেইকাৰণে আমাৰ জনসংখ্যা বৃদ্ধি পাইছে” ।

গুজৰাটত নিৰ্বাচনী প্ৰচাৰ চলাওঁতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অনা লাভ জেহাদৰ প্ৰসংগত অলপ দেৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজমলে মুখ্যমন্ত্ৰীৰ লগতে বিবাহ বিষয়ত অন্য ধৰ্মক কটাক্ষ কৰে।তেওঁ কয়- ”আমাৰ ল’ৰাই ২১ বছৰত বিয়া পাতে, ছোৱালীয়ে ১৮ বছৰত বিয়া পাতে, সিহঁতে ৪০ বছৰলৈকে ১, ২, ৩গৰাকী অবৈধ পত্নী ৰাখে। সন্তান জন্ম হ’বলৈ নিদিয়ে, ৪০ বছৰৰ পিছত পিতৃ-মাতৃয়ে হেঁচা দিলে নতুবা ফচি গ’লে বিয়া পাতে। ৪০ বছৰৰ পিছত সন্তান জন্ম কেনেকৈ হ’ব? মুছলমানৰ নিচিনাকৈ ২১, ১৮ বছৰত বিয়া পাতক।”

আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক লাভ জেহাদ কৰিবলৈ আহ্বান জনাই তেওঁ ৩-৪গৰাকীকৈ মুছলমান ছোৱালীক বিবাহ কৰিবলৈ আহ্বান জনায়। এনে কৰিলে তেওঁ মিঠাই খুৱাব বুলিও তৰল মন্তব্য কৰে। আজমলে কয়- ” ৪-৫জনী মুছলমান ছোৱালী বিয়া পাতিক। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ পিছতে আপোনাৰ স্থান, আপোনাৰ ক্ষমতাৰ ব্যৱহাৰ কৰক, ৰৈ আছে কিয়?” এনে প্ৰসংগত আজমলে ব্যৱহাৰ কৰা কিছু ভাষ্যই অশ্লীলতাকো স্পৰ্শ কৰে। হিন্দু যুৱক, মুখ্যমন্ত্ৰীক অপমান কৰিবলৈ গৈ সাংসদ তথা মৌলনাৰ দৰে উচ্চ আসন স্পৰ্শ কৰা আজমলে মুছলমান নাৰী সমাজৰ আত্মসন্মানতো আঘাত হানে।

অসমত এতিয়া একাংশ নেতাৰ অসমখন জ্বলাই ৰখাই লক্ষ্য আৰু উদ্দেশ্য হৈ পৰিছে। আৰক্ষীৰ দুৰ্বল ভুমিকা তথা আইনৰ সুৰুঙাৰে সৰকি গৈ এইচামে নিজৰ স্বাৰ্থ পূৰণৰ বাবে বলিয়াৰ দৰে কৰ্মকাণ্ড কৰি ফুৰিছে। এগৰাকী মুখ্যমন্ত্ৰীৰ লগতে হিন্দু সম্প্ৰদায়ৰ যুবক -যুবতীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষনীয় হব।

চাপৰৰ বহলপুৰস্থিত মিলনপাৰাত শোকাৱহ দুৰ্ঘটনা…

চাপৰৰ বহলপুৰস্থিত মিলনপাৰাত শোকাৱহ দুৰ্ঘটনা

ট্ৰেইন লাইনৰ কাষেদি গৈ থকা অৱস্থাত এজন পথচাৰীক খুন্দিয়া চিটিকি পেলাই থৈ গ’ল এখন মালবাহী ট্ৰেইনে

ফলত গুৰুত্বৰভাৱে আহত হয় বহলপুৰ নাথপাৰা নিবাসী পোহৰেশ্বৰ নাথ

গুৰুত্বৰভাৱে আহত পোহৰেশ্বৰ নাথক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ

উক্ত ঘটনাটোৱে সমগ্ৰ অঞ্চলত শোঁকৰ ছাঁ পেলাইছে

ভাৰতত মহিন্দ্ৰা গাড়ীৰ মডেল বিক্ৰী বন্ধ!

ভাৰতত বন্ধ কৰা হৈছে মহিন্দ্ৰা আলটুৰাছৰ G4 মডেল। এই এছ ইউ ভিখন মহিন্দ্ৰাৰ অফিচিয়েল ৱেবছাইটৰ পৰা আঁতৰাই দিয়া হৈছে। আৰু এই গাড়ীখনৰ বুকিং হঠাতে বন্ধ হৈ গৈছে। ২০১৮ চনত ভাৰতৰ বজাৰত প্ৰৱৰ্তন কৰা Alturas G4 মডেল CKD ৰ জৰিয়তে ভাৰতলৈ অনা হৈছিল।

মুকলি কৰাৰ সময়ত এই গাড়ীখন আছিল ছাংয়ং ৰেক্সটন মডেলৰ পুনৰ বেজযুক্ত সংস্কৰণ। তাৰ পিছত এই SUV মডেলটো দুটা ভেৰিয়েন্টত বিক্ৰী কৰা হৈছিল যথা 2WD High আৰু 4WD। ভাৰতীয় বজাৰত এই গাড়ীৰ দাম ৩০ লাখ ৬৭ হাজাৰ আৰু ৫০ লাখ টকা। ৩১ লাখ ৮৭ হাজাৰ টকা নিৰ্ধাৰণ কৰা হৈছিল। সকলো মূল্য এক্স শ্ব’ৰুম ভিত্তিত উল্লেখ কৰা হৈছে।

প্ৰচুৰ বৈশিষ্ট্যৰ সৈতে প্ৰতিযোগিতামূলক মূল্যৰ হোৱাৰ পিছতো এছ ইউ ভিখনে বহু গ্ৰাহকক আকৰ্ষণ নকৰাৰ বাবে বিক্ৰী কম হৈয়েই আছে। বৈশিষ্ট্য অনুসৰি এই মডেলত ভেণ্টিলেটেড ফ্ৰন্ট চিট, ডুৱেল-জ’ন ক্লাইমেট কণ্ট্ৰ’ল, ৮ ইঞ্চিৰ টাচস্ক্ৰীণ ইনফ’টেইনমেণ্ট চিষ্টেম, এপল কাৰপ্লে, এণ্ড্ৰইড অটো, আৰু ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ আছে।

ইয়াৰ উপৰিও ইয়াত cruise control , পাৱাৰড টেইলগেট, নটা এয়াৰবেগ, টিপিএমএছ, ৮-ৱে পাৱাৰ এডজাষ্টেবল ড্ৰাইভাৰৰ আসন, ইলেক্ট্ৰিক ছানৰুফ আৰু অন্যান্য বহুতো বৈশিষ্ট্য আছে। এই গাড়ীখনত আছে ২.২ লিটাৰৰ ডিজেল ইঞ্জিন। এই ইঞ্জিনটোৱে ১৭৮ এইচ পি শক্তি আৰু ৪২০ এন এম টৰ্ক দিয়ে। ইয়াৰ উপৰিও ইয়াত আছে ৭ স্পীড টৰ্ক কনভাৰ্টাৰ অটোমেটিক গিয়াৰবক্স।

ভাৰতীয় বজাৰত টয়োটা ফৰ্চুনাৰ, ফৰ্ড এণ্ডেভাৰ আৰু এম জি গ্লষ্টাৰৰ দৰে গাড়ীৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে মহিন্দ্ৰা আলটুৰাছ জি ৪ এছ ইউ ভি। Alturas G4 বন্ধ কৰাৰ পিছত এতিয়া মহিন্দ্ৰা XUV700 কোম্পানীটোৰ আটাইতকৈ দামী গাড়ী।