Home Blog Page 1827

ভুল স্বীকাৰ কৰিলে নগাঁও আৰক্ষী অধীক্ষক লীনা দলেই…

নগাঁও আৰক্ষীৰ গুলীত ভুলবশতঃ গুলীবিদ্ধ হ’ল ৰাজিবুল হক নামৰ শালপাৰাৰ এজন যুৱক। নগাঁও আৰক্ষী অধীক্ষক লীনা দলেই জনোৱা অনুসৰি, ৰূপহীহাট আৰক্ষীৰ দুটা দলে সোমবাৰে নিশা দুই দুৰ্ধৰ্ষ ডকাইতৰ সন্ধানত অভিযান চলাইছিল। ৰূপহীহাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ ৰায়ৰ নেতৃত্বত এটা দলে গুণাবাৰীত অভিযান চলাই পিষ্টল আৰু দুজাই সজীৱ গুলী সহ জামালউদ্দিনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন এটা অভিযানকাৰী দলে শিঙিমাৰীত জহিৰুল ইছলাম নামৰ ডকাইতটোক গ্ৰেপ্তাৰ কৰিছিল।

পিছে জহিৰুলক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা দলটোক দেখি ৰাজিবুল ইছলাম নামৰ শালপাৰাৰ এজন যুৱকে মটৰ চাইকেল লৈ পলায়ন কৰাৰ চেষ্টা কৰে। আৰক্ষীয়ে ৰাজিবুলৰ মটৰ চাইকেলৰ চকালৈ গুলী কৰিছিল যদিও তেওঁৰ ভৰিত আৰক্ষীৰ গুলীয়ে আঘাত কৰে।

গুলীবিদ্ধ ৰাজিবুলক নগাঁও আৰক্ষীয়ে প্ৰথমে ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও পিছলৈ উন্নত চিকিৎসাৰ বাবে এখন ব্যক্তিগত নাৰ্ছিং হোমলৈ স্থানান্তৰ কৰে। নগাঁও আৰক্ষী অধীক্ষক লীনা দলেই জনোৱা অনুসৰি, ৰাজিবুলৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ আৰু তেঁওৰ চিকিৎসাৰ দায়িত্ব নগাঁও আৰক্ষীয়ে লৈছে।

উল্লেখযোগ্য যে, পূৰ্বেও নগাঁও আৰক্ষীৰ গুলীত কীৰ্তিকমল বৰা নামৰ এজন নিৰীহ যুৱক আহত হৈছিল যাক লৈ সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

অমিতাৰ কি কি উপকাৰিতা আছে জানোঁ আহক…

অমিতাৰ আৰু কি কি উপকাৰি গুন আছে জানোঁ আহক-
• হজমশক্তি বঢ়োৱাত সহায় কৰে৷
• কৌষ্ঠ-কাঠিন্য আতৰায় ৷
• কৃমিৰোগৰ বাবে অমিতা হ’ল মহৌষধ ৷


• হৃদযন্ত্ৰৰ বাবে উপকাৰী – বিটা-কেৰটিন,লাইকোপেন, ভিটামিন-এ, ভিটামিন-চি আৰু ভিটামিন-ইৰ উপস্থিতিৰ বাবে ডায়েবেটিক হাৰ্ট ডিজিজ আৰু এথেৰস্কেৰচিচৰ পৰা অমিতাই সুৰক্ষা দিয়ে৷ ষ্ট্ৰ’ক আৰু আন হৃদৰোগ কাষ চাপিব নিদিয়ে ৷
• অপকাৰী ক’লেষ্টৰল হ্ৰাস কৰে ৷
• উচ্চ ৰক্তচাপ কমোৱাত সহায়ক ৷
• ডায়েবেটিজ নিয়ন্ত্ৰণত ভূমিকা – টাইপ -১ আৰু টাইপ-২ দুয়ো ধৰণৰ ডায়েবেটিজতে অমিতা উপকাৰী বুলি প্ৰমাণিত হৈছে ৷ অমিতাৰ ফাইবাৰে তেজৰ চুগাৰ আৰু চৰ্বি হ্ৰাস কৰে ৷ দেহৰ ইনচুলিনৰ সক্ৰিয়তা বঢ়ায় ৷


• দৃষ্টিশক্তিৰ উন্নয়ণ আৰু চকুৰ সুৰক্ষা -কেটেৰেক্ট, গ্ল’কমা আৰু মেকুলাৰ ডিজেনেৰেচনৰ পৰা অমিতাত থকা এন্টিঅক্সিডেন্ট আৰু ভিটামিনে সুৰক্ষা প্ৰদান কৰে৷
• শৰীৰৰ ইমিউনিটি বঢ়ায় ৷
• ওজন কমোৱাত সহায়ক ৷
• মহিলাৰ ঋতুস্ৰাৱ নিয়মিতকৰণ কৰে৷
• সংক্ৰমণ ৰোধ কৰে ৷


• কৰ্কট ৰোগৰ পৰা সুৰক্ষা – ফ্লৰিডা ইউনিভাৰ্চিটিৰ কৰা অধ্যয়ণত জনা গৈছে যে অমিতা হ’ল কেঞ্চাৰ প্ৰতিৰোধক গুণযুক্ত ৷ আন আন বিজ্ঞানীৰ মতেও ই বক্ষৰ, পেনক্ৰিয়াজৰ,ক’লনৰ, প্ৰষ্টেট আদিৰ কৰ্কট ৰোধ প্ৰতিৰোধ কৰে ৷
• ছাল সুস্থ্য কৰি ৰাখে আৰু সৌন্ধৰ্য্য বৃদ্ধি কৰে৷
• ছুলিৰ বাবে উপকাৰী৷
• বাত বিষ কমোৱাত সহায় কৰে৷
• দাঁতৰ বিষ কমায় ৷
• দেহত বয়সৰ ছাপ কমোৱাত লোৱা ভূমিকা –ভিটমিন-চি , ভিটমিন-ই আৰু এন্টিঅক্সিডেন্ট বাবে এয়া সম্ভৱ ৷
• জুয়ে পোৰাৰ দাগ অমিতা গছৰ পৰা ওলোৱা বগা ৰস (Latex) লগালে আতৰ হোৱাত সহায়ক হয় ৷
• যিসকল মাতৃৰ স্তনত দুগ্ধৰ উৎপাদন কম, তেনে মহিলাই পকা বা কেঁচা অমিতা খালে উপকৃত হয় ৷
• ডেংগুৰ চিকিৎসাত অমিতা পাতৰ উপকাৰিতা প্ৰমাণিত হৈছে ৷
অমিতাৰ ক্ষেত্ৰত লবলগীয়া সতৰ্কতা :
• গৰ্ভ অৱস্থাত অমিতা খালে গৰ্ভপাত হোৱাৰ সম্ভৱনা থাকে৷
• লেটেক্স এলাৰ্জি – অমিতা গছৰ পৰা ওলোৱা বগা ৰসক (Latex ) অসমীয়াত তৰুক্ষীৰ বুলে ৷ কিছুমান মানুহৰ এই লেটেক্সৰ এলাৰ্জি হব পাৰে ৷
• অত্যাধিক পৰিমানে খালে পেটৰ বেমাৰ, এলাৰ্জি হ’ব পাৰে সেয়েহ সপ্তাহত ৪-৫ দিনহে অমিতা খাব লাগে

ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহে কোন কোন চুবুৰীয়া দেশলৈ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা আগবঢ়াব…

চৰকাৰে অঞ্চলটোত বিমান সংযোগ উন্নত কৰাৰ বাবে কাম কৰাৰ লগে লগে উত্তৰ-পূবৰ দুখন ৰাজ্যৰ পৰা ম্যানমাৰ আৰু বাংলাদেশলৈ অতি সোনকালে বিমান সেৱা আৰম্ভ হ’ব৷ অৰুণাচল প্ৰদেশৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই সোমবাৰৰ পৰা তাত থকা নতুন বিমানবন্দৰৰ পৰা প্ৰথমখন বিমান আৰম্ভ হোৱাৰ ইংগিত দিয়ে। এই অঞ্চলৰ পৰাও সেৱা সম্প্ৰসাৰণ কৰিবলগীয়া ইণ্ডিগ’ই হোলংগী বিমানবন্দৰৰ পৰা কলকাতা হৈ মুম্বাইলৈ বিমান চলাচল কৰে।

সিন্ধিয়াই কয় যে উত্তৰ-পূৰ্বাঞ্চলত বিমান সংযোগ বৃদ্ধি কৰা হৈছে আৰু অঞ্চলটোক অন্য স্থানৰ সৈতে সংযোগ কৰি অধিক বিমান সেৱা চলোৱা হ’ব। ইম্ফলৰ পৰা মণ্ডলয়লৈ আৰু আগৰতলাৰ পৰা চট্টগংলৈ বিমান সেৱা শীঘ্ৰে আৰম্ভ হ’ব, যিটো অঞ্চলত আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ বৃদ্ধিৰ অংশ হিচাপে সোমবাৰে সিন্ধিয়াই প্ৰকাশ কৰে।

এতিয়া উত্তৰ-পূৰ্বাঞ্চলত ১৬টা বিমানবন্দৰ আছে, ২০১৩-১৪ চনত ৯টা বিমানবন্দৰ আছিল বুলিও তেওঁ লগতে কয়। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক বৃদ্ধিৰ ইঞ্জিন হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত আছে বুলিও মন্ত্ৰীগৰাকীয়ে কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ নৱেম্বৰত ইটানগৰৰ হোলংগীত ডনী প’লো বিমানবন্দৰ উদ্বোধন কৰে।

ৰাজস্থানী লোক গীত-নৃত্যৰে মুখৰিত মহানগৰৰ আবেলি…

ৰাজস্থানৰ প্ৰখ্যাত লোকশিল্পী, সংগীত নাটক অকাডেমিৰ ওষ্টাড বিছমিল্লাহ খান বঁটাৰে সন্মানিত কুটলা খান মাংগনিয়াৰ আৰু তেওঁৰ দলে গুৱাহাটীত আজি নৃত্য-গীত পৰিবেশন কৰে ৷ স্পিকমেকে-ৰ সহযোগত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ এম্পিথিয়েটাৰত আজি আবেলি অনুষ্ঠিত এই সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ এটি বিহুনাচেৰে৷ অতিথি শিল্পীদলটোক আদৰণি জনোৱা হয়

আৰু এই নৃত্যৰেই অনুষ্ঠানৰ পাতনি মেলা হয়৷ তাৰ পাচতেই আলহী দলটোৱে ৰাজস্থানৰ বিভিন্ন লোকসংগীত আৰু নৃত্য পৰিবেশন কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে৷ পৰম্পৰাগত লোকবাদ্য, মূলতঃ ক_সংগীতৰ সহযোগী বাদ্য কৰতাল বাদনত অসাধাৰণ সৃজনী প্ৰতিভা প্ৰদৰ্শন কৰাৰ বাবেই দেশ বিদেশত বিখ্যাত হৈ পৰিছিল আৰু বিশ্বৰ বিভিন্ন দেশৰ সংগীতসভাত নিজৰ বাদ্য প্ৰদৰ্শন কৰিছিল৷

আজিও এই অনুষ্ঠানত তেওঁ একক ভাবে কৰতাল প্ৰদৰ্শন কৰাৰ লগতে ঢোলকৰ লগত যুগলবন্দী প্ৰদৰ্শন কৰে আৰু শেষত ছাত্ৰ-ছাত্ৰীসকলৰ লগত হাতচাপৰিৰ সতেও কৰতালৰ যুগলবন্দী পৰিবেশন কৰে৷ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা শিল্পীসকলক সম্বদ্ধৰ্না জ্ঞাপনেৰে সংগীতানুষ্ঠানৰ সামৰণি মৰা হয়৷

মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰত এখন ফুটব্ৰীজৰ স্লেব ভাঙি পৰাৰ ফলত এগৰাকী লোক নিহত হোৱাৰ লগতে ২০ গৰাকী আহত…

মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰত দেওবাৰে সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা। চন্দ্ৰপুৰৰ বল্লাৰ শ্বাহ ৰেল ষ্টেচনত সন্ধিয়া প্ৰায় ৫ বজাত এখন ফুটব্ৰীজৰ স্লেব ভাঙি পৰাৰ ফলত এগৰাকী লোক নিহত হোৱাৰ লগতে ২০ গৰাকী আহত হয়।

এই ভয়াৱহ দুৰ্ঘটনাৰ সময়ত ফুটব্ৰীজখনৰ ওপৰেৰে বহু লোকে খোজ কাঢ়ি আছিল। অতৰ্কিতে ফুটব্ৰীজখন খহি পৰাৰ ফলত বহুকেইগৰাকী ব্যক্তি তলৰ ৰেলপথত বাগৰি পৰে।

ৰে’ল আৰক্ষীয়ে জানিবলৈ দিয়া মতে পুনে অভিমুখী ৰে’লত উঠিবলৈ বহু যাত্ৰীয়ে ফুটব্ৰীজেৰে তললৈ অহাৰ সময়তে হঠাতে এটা অংশ খহি পৰে। ফলত একাংশ লোক প্ৰায় ২০ ফুট তলৰ ৰেলপথত পৰি যায়।

কিয়াৰা আৰু সিদ্ধাৰ্থৰ বিয়া হ’বনে? আলোচনাত কিয়াৰাৰ পোষ্ট…

কিয়াৰা আদৱানীয়ে এটা পোষ্ট শ্বেয়াৰ কৰিছে, য’ত তেওঁ কয় যে তেওঁ অতি সোনকালে এটা ডাঙৰ ঘোষণা কৰিব। সেইবাবেই কিয়াৰাৰ এই পোষ্টটোৰ পিছত আকৌ এবাৰ আৰম্ভ হৈছে তাই আৰু সিদ্ধাৰ্থৰ বিয়াৰ আলোচনা। কিয়াৰাই নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত এজন অনুৰাগীৰ সৈতে এটা ভিডিঅ’ শ্বেয়াৰ কৰে।

কেইছেকেণ্ডৰ এই ভিডিঅ’টোত কিয়াৰাই নিজৰ দৰমহা দেখুৱাইছে। এই ভিডিঅ’টোৰ সৈতে কিয়াৰাৰ কেপচনে এক প্ৰকৃত আলোচনাৰ সৃষ্টি কৰিছে। ইয়াত তাই লিখিছে যে, ‘বেছি দিন লুকুৱাই নাৰাখিব! Coming soon… stay tuned… 2nd December.’ কিয়াৰাৰ এই পোষ্টটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল।

এতিয়া সিদ্ধাৰ্থ আৰু কিয়াৰাৰ অনুৰাগীয়ে তেওঁৰ বিবাহ ঘোষণাক লৈ জল্পনা-কল্পনা কৰিছে। আনকি বহুতে কমেণ্ট ছেকচনত ক’লে যে যদি বিবাহৰ কোনো ইছ্যু থাকে তেন্তে সেয়া আউটডেটেড। এই বিষয়ে মন্তব্য কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে, ‘আপুনি আৰু চিডৰ বিয়া যদি ঘটিছিল, তেন্তে মোক আন এটা গোপন কথা কওক। এই কথা সমগ্ৰ দেশেই জানে।’ আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘বিবাহ হ’বই। এই ঘোষণা।’ ‘আপুনি সিদ্ধাৰ্থক বিয়া কৰাব। আমি জানো।’ তাইৰ পোষ্টলৈ অহা মানুহে এনে মন্তব্য কৰিছে।

১ ডিচেম্বৰৰ পৰা দিল্লীত অত্যাধুনিক নিৰাপত্তা সামগ্ৰীৰ প্ৰদৰ্শনীত ১৮০টা কোম্পানীয়ে হাই-টেক সামগ্ৰী উপস্থাপন কৰিব…

অহা ১ ডিচেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত হ’ব ১৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় অগ্নিনিৰ্বাপক প্ৰদৰ্শনী আৰু কনফাৰেন্স ইণ্ডিয়া এক্সপ’।

১ ডিচেম্বৰৰ পৰা দিল্লীত অত্যাধুনিক নিৰাপত্তা সামগ্ৰীৰ প্ৰদৰ্শনী অনুষ্ঠিত হ’ব। ইয়াত ড্ৰ’নকে ধৰি নিৰাপত্তা ব্যৱস্থাটোক ফুলপ্ৰুফ কৰি তোলাত সহায়ক হোৱা অত্যাধুনিক সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীত, নাইট ভিজন চাৰ্ভিলেন্স কেমেৰাৰ দৰে অত্যাধুনিক সামগ্ৰী, নিৰাপত্তাৰ গেট প্ৰদৰ্শিত কৰা হ’ব।

এই প্ৰদৰ্শনী আয়োজন কৰা কোম্পানী ইনফৰ্মা মাৰ্কেট ইন ইণ্ডিয়াই শনিবাৰে এক বিবৃতিত কয় যে ২০২২ চনৰ ১ৰ পৰা ৩ ডিচেম্বৰলৈ প্ৰগতি ময়দানত ১৫ সংখ্যক সংস্কৰণৰ ‘আন্তঃৰাষ্ট্ৰীয় অগ্নিনিৰ্বাপক আৰু নিৰাপত্তা প্ৰদৰ্শনী আৰু কনফাৰেন্স ইণ্ডিয়া এক্সপ’ (আই এফ এছ ই চি)ৰ আয়োজন কৰা হৈছে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী।

কোম্পানীটোৱে জনোৱা মতে, ভাৰত আৰু বিদেশৰ ১৮০ টা কোম্পানীয়ে এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত আছে গড্ৰেজ, ছিগেট, নেটগিয়াৰ, টোছিবা, হিকভিজন, জেডকেটিইকো, গ্ল’বাছ ইনফ’কম বিশিষ্টভাৱে।

দেওবাৰে পঞ্জাৱৰ কিৰাটপুৰ চাহাবত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা…

দেওবাৰে পঞ্জাৱৰ কিৰাটপুৰ চাহাবত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। চহৰখনত এখন ৰে’লে মহতীয়াই নিয়াৰ ফলত ৩ শিশুৰ মৃত্যু হোৱাৰ লগতে আন এটি শিশু গুৰুতৰভাৱে আহত হয়। ৰে’ললাইন পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়তে এই শোকাৱহ দুৰ্ঘটনাত পতিত হয় শিশুকেইটি।

ঘটনা সন্দৰ্ভত স্থানীয় এগৰাকী আৰক্ষী বিষয়াই উল্লেখ কৰা মতে সেই সময়ত ৰে’লখন অহাৰ বিষয়ে শিশুকেইটি জ্ঞাত নাছিল, যাৰ বাবে এনে হৃদয়বিদাৰক দুৰ্ঘটনা সংঘটিত হয়।

তেওঁ লগতে জানিবলৈ দিয়া মতে, ৰে’লৰ খুন্দাৰ ফলত দুটি শিশুৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসালয়লৈ যোৱাৰ পথত আন এটি শিশুৰ মৃত্যু হয়। আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আনটি শিশু বৰ্তমান চিকিৎসাধীন হৈ আছে।

শ্ৰিয়া সাৰণৰ বলীউড কেৰিয়াৰ অজয় দেৱগনৰ ওপৰত নিৰ্ভৰশীল নেকি, ১১খন ছবিৰ ভিতৰত ৮খন ছবি ফ্লপ হৈছিল, ৪খন ছবি এক কোটিৰ তলত…

দক্ষিণ ভাৰতীয় চিনেমাৰ পৰা বলীউডলৈ অহা বলীউড অভিনেত্ৰী শ্ৰিয়া সাৰণৰ ১১ সংখ্যক হিন্দী ছবিয়ে বক্স অফিচত জোকাৰণি তুলিছে। প্ৰথম সপ্তাহতে ছুপাৰ হিট হৈ পৰা ছবিখনে এতিয়ালৈকে প্ৰায় ১২৬ কোটি টকা উপাৰ্জন কৰিছে। ছবিখনত অজয় দেৱগনে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ লগতে তাবু, অক্ষয় খান্না, ৰজত কাপুৰ, ইশিতা দত্ত আৰু মৃণাল জাধৱেও মুখ্য চৰিত্ৰত অভিনয় কৰিছে। অজয়ৰ সৈতে শ্ৰিয়াৰ এইখন দ্বিতীয়খন ছবি আৰু বিশেষ কথাটো হ’ল দুয়োখন ছবি সফল হৈছে। আমোদজনক কথাটো হ’ল শ্ৰিয়াৰ বলীউড কেৰিয়াৰ কেৱল অজয় দেৱগনৰ আধাৰতহে চলি আছে। কাৰণ অজয়ৰ বাহিৰেও তেওঁ কাম কৰা সকলো বলীউডৰ ছবিৰ ভিতৰত তেওঁৰ প্ৰথম ছবিখনহে হিট হৈছে, বাকী কেইখন ৬ টা ডিজাষ্টাৰ আৰু ২ খন ফ্লপ হৈছে।

২০০৩ চনত ৰিতেশ দেশমুখ আৰু জেনেলিয়া ডি’ছৌজাই অভিনয় কৰা তুঝে মেৰী কাছাম ছবিত বলীউডত অভিষেক ঘটা শ্ৰিয়া সাৰণে। এই ছবিখনে ৮.৯২ কোটি টকা উপাৰ্জন কৰি হিট হৈছিল।

২০০৪ চনত ‘থোৰা তুম বদলো থোৰা হম’ ছবিত শ্ৰিয়া সাৰণে অভিনয় কৰিছিল। বক্স অফিচত মাত্ৰ ৪০.২৫ লাখ টকালৈ হ্ৰাস পোৱা ছবিখনে এক দুৰ্যোগ হিচাপে প্ৰমাণিত হয়। একেদৰে ২০০৬ চনত ‘বাবুল’ ছবিত শ্ৰিয়াক দেখা গৈছিল। এই ছবিখন ফ্লপ হৈছিল। ছবিখনে প্ৰায় ১৭.৩১ কোটি টকা সংগ্ৰহ কৰে।

২০০৯ চনত মুক্তি পোৱা এক: দ্য পাৱাৰ অৱ ৱানত দেখা গৈছিল শ্ৰিয়া সাৰণক মাত্ৰ ৬.৩০ কোটি টকা উপাৰ্জন কৰা আৰু দুৰ্যোগৰ ৰূপ ধাৰণ কৰা। ২০১০ চনত পুনৰ শ্ৰিয়াই বক্স অফিচত মাত্ৰ ৪.৭৫ লাখ টকা সংগ্ৰহ কৰা দুৰ্যোগৰ ছবি ‘কুচ কৰিয়ে’ত অভিনয় কৰে।

২০১২ চনত ‘গালি গালী চোৰ হায়’ ছবিত শ্ৰিয়া সাৰণক দেখা গৈছিল, যিখন ছবি আছিল এক দুৰ্যোগ। ছবিখনে বক্স অফিচত উপাৰ্জন কৰিছিল মাত্ৰ ৩.৭১ কোটি টকা। একে সময়তে ২০১৩ চনত শ্ৰিয়াই ‘জিলা গাজিয়াবাদ’ ছবিখনত অভিনয় কৰিছিল যদিও ছবিখন ফ্লপ বুলি প্ৰমাণিত হৈছিল। ছবিখনে বক্স অফিচত প্ৰায় ১৫.৬৫ কোটি টকা সংগ্ৰহ কৰে।

মৰিয়নী থানা তিনিআলিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট…

মৰিয়নী থানা তিনিআলিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট ৷ ঐতিহাসিক হাতীগড়ৰ বেদখল কৰাত বহিৰাগতক সহযোগ কৰা ৰাজহচক্ৰ বিষয়া,লাঠমণ্ডল,মণ্ডল ক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷

মৰিয়নীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তিতাবৰ মহকুমাৰ সমিতিৰ সহায়ত মৰিয়নী আঞ্চলিকে মৰিয়নী থানা তিনি আলিত অৱস্থান ধৰ্মঘট কায্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ মৰিয়নী কাঠকটীয়াত বহিৰাগত বনিয়াৰ দখলত ঐতিহাসিক হাতীগড়ৰ ভূমিলৈ এই প্ৰতিবাদ ।

বেদখল উচ্ছেদ কৰাৰ দাবীত সংগঠনটোৰ প্ৰতিবাদ৷উল্লেখ্য যে যোৰহাট মৰিয়নী পথৰ কাষৰ ঐতিহাসিক হাতীগড়ৰ এটা অংশ যোৰহাটৰ সুনীল জালান নামৰ এগৰাকী বহিৰাগত পুজিপতিয়ে বেদখল কৰাত দুদিন পূৰ্ৱে আটাছুৱে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷

মৰিয়নিৰ পৰা কৃষ্ণ প্ৰসাদ শৰ্মাৰ ৰিপৰ্ট