Home Blog Page 1862

এতিয়াৰে পৰা পাৰ্ক বা মেলালৈ যাব নোৱাৰিব কোনো যুৱতী মহিলা…

২০২২–ঘৰৰ ওচৰতে থকা পাৰ্কখন বা কাষতে বহা  মেলাখনলৈ কোনো যুৱতী মহিলা নোযোৱাকৈ থাকিব পাৰেনে? কিন্তু এতিয়াৰে পৰা পাৰ্ক বা মেলালৈ যাব নোৱাৰিব কোনো যুৱতী মহিলা।ইয়াকে লৈ এতিয়া ভীষণ অসন্তুষ্ট হৈছে মহিলা যুৱতী সকল। যুৱতী–মহিলাসকল পাৰ্ক বা মেলালৈ যোৱাত শেহতীয়াকৈ জাৰি কৰা হৈছে নিষেধাজ্ঞা।

নিষেধাজ্ঞা জাৰিৰ পাছতে গুজৰিগুমৰি উঠিছে মহিলা যুৱতীসকল। ঘটনা তালিবান শাসিত আফগানিস্তানৰ।যুৱতী মহিলা পাৰ্ক বা মেলালৈ যোৱাত এইবাৰ ফতোৱা জাৰি কৰিলে তালিবানী চৰকাৰে। আফগানিস্তানত সৰ্বত্ৰ হিজাব পৰিধান কৰাতো বাধ্যতামূলক কৰাৰ পাছত আকৌ এই ফতোৱাই যেন ৰুদ্ধ কৰি পেলাইছে দেশখনৰ যুৱতী মহিলাসকলৰ জীৱন। ইয়াৰোপৰি দেশখনৰ মধ্য পৰ্যায়ৰ বিদ্যালয়সমূহ বন্ধ কৰি দিছে তালিবানে।

দেশখনৰ ৰাজধানী চহৰ কাবুলত যুৱতী মহিলা পাৰ্ক বা মেলালৈ যোৱাত নিষেধাজ্ঞাৰে ইতিমধ্যে ফতোৱা জাৰি কৰি দিছে তালিবান চৰকাৰে। আফগানিস্থানত কিশোৰী–যুৱতী যাতে ৰাস্তাত অকলে ঘূৰা পকা নকৰে তাৰ বাবে পূৰ্বতে নিষেধাজ্ঞা জাৰি কৰিছিল তালিবানে।পুৰুষ সংগী লগত থাকিলেও ইচ্ছা কৰিলেও যুৱতী মহিলা পাৰ্ক বা মেলাত সোমাব নোৱাৰিব । কাবুলৰ পাৰ্কসমূহত ইয়াক লৈ জাননী আঁৰিছে তালিবান চৰকাৰে।

তালিবান চৰকাৰৰ মুখপাত্ৰ মহম্মদ আকিফ চাদেক মহাজিৰে এই সম্পৰ্কত মন্তব্য কৰি কৈছে যে বিগত ১৫ মাহ ধৰি আফগানিস্তানত তালিবান চৰকাৰে শ্বৰিয়ৎ নিয়ম কানুন বলৱৎ কৰিছে।তথাপিও একাংশ অঞ্চলত তালিবানী শাসক গোষ্ঠীয়ে বলৱৎ কৰা নীতি নিয়মক ভংগ কৰিছে জনতাই। কোনো কোনোৱে মানিব বিচৰা নাই শ্বৰিয়ৎ নীতি নিয়ম।যুৱতী মহিলাই হিজাব পৰিধান নকৰি ভংগ কৰিছে শ্বৰিয়ৎ নীতি। সেয়ে হেনো তালিবান চৰকাৰ বাধ্য হৈ পাৰ্ক বা মেলাত পুৰুষ সংগী থাকিলেও মহিলা যুৱতীৰ প্ৰৱেশত বাধা আৰোপ কৰিছে।

তালিবান শাসিত আফগানিস্তানত মহিলাৰ বাবে সকলো প্ৰান্ততে হিজাব বা বোৰ্খা পিন্ধাতো বাধ্যতামূলক কৰিছে তালিবানে।  তালিবান চৰকাৰৰ ফতোৱাকলৈ ভীষণ অসন্তুষ্টি প্ৰকাশ কৰি দেশখনৰ মহিলা নাগৰিকসকলে হতাশা প্ৰকাশ কৰিছে। এফালে বিদ্যালয় বন্ধ আনফালে ইটোৰ পাছত সিটো নিষেধাজ্ঞাক লৈ আফগান মহিলা সকলে আনন্দ উপভোগ কৰাত বঞ্চিত কৰা বুলি মন্তব্য কৰিছে। নিজৰ দেশতেই আমি পৰাধীন বুলি মন্তব্য আফগানিস্তানৰ মহিলা যুৱতীৰ। আফগানিস্তানত আৰু থকাৰ কোনো পৰিৱেশ নাই বুলিও বিষোদগাৰ মহিলা যুৱতী সকলৰ। ইতিমধ্যে আন্তৰ্জাতিক মহলত এই ফটোৱাক লৈ সমালোচিত হৈছে আফগানিস্তানৰ তালিবান চৰকাৰ।  

ইলন মাস্কৰ সিদ্ধান্ত টুইটাৰ কোম্পানীটোৰ বাবে কঠোৰ হৈ পৰিছে, এটা ষ্ট্ৰোকত ১.০৫ লাখ কোটি টকা ডুব গৈছে….

টুইটাৰৰ পৰিশোধকৰা নীলা প্ৰমাণীকৰণ সেৱাৰ বাবে এটা ডাঙৰ ফাৰ্মাচী কোম্পানীয়ে কোটি কোটি টকা হেৰুৱাইছে। আপুনি ইয়াত এই কোম্পানীটোৰ নাম জানিব পাৰে আৰু আপুনি ইয়াৰ সৈতে পৰিচিত হ’ব পাৰে।ইলন মাস্কৰ টুইটাৰ অধিগ্ৰহণৰ পিছৰে পৰা, এই ছ’চিয়েল মিডিয়া প্লেটফৰ্মটো নিৰন্তৰ শিৰোনামত আছে।

প্ৰথমতে, মাস্কে কোম্পানীটোৰ বহুতো কৰ্মচাৰীক বৰ্খাস্ত কৰিছিল। ইয়াৰ পিছত, 44 বিলিয়ন ডলাৰ পুনৰুদ্ধাৰ কৰিবলৈ, তেওঁ টুইটাৰৰ ব্লু টিক একাউণ্টৰ পৰা প্ৰতি মাহে 8 ডলাৰ মাচুল লোৱাৰ সিদ্ধান্ত লৈছে। ইলন মাস্কে শেহতীয়াকৈ ঘোষণা কৰিছিল যে টুইটাৰৰ প্ৰমাণীকৃত একাউণ্টবোৰে এতিয়া প্ৰতি মাহে 8 ডলাৰ পৰিশোধ কৰিব লাগিব।

ইয়াৰ বাহিৰেও, এতিয়া যিকোনো ব্যক্তিয়ে তেওঁৰ একাউণ্ট8 ডলাৰত প্ৰমাণিত কৰিব পাৰে, কিন্তু মাস্কৰ সিদ্ধান্ত এটা কোম্পানীৰ বাবে অতি গধুৰ হৈ পৰিছে।টুইটাৰৰ পৰিশোধকৰা নীলা প্ৰমাণীকৰণৰ বাবে, এই ডাঙৰ ফাৰ্মাচিউটিকেল কোম্পানীটোৱে সম্পূৰ্ণ 1.20 লাখ কোটি টকা হেৰুৱাইছে।

ইলন মাস্কৰ সিদ্ধান্ত টুইটাৰ কোম্পানীটোৰ বাবে কঠোৰ হৈ পৰিছে, এটা ষ্ট্ৰোকত 1.20 লাখ কোটি টকা ডুব গৈছে

পৰিশোধ কৰা নীলা প্ৰমাণীকৰণ সুবিধা আৰম্ভ কৰাৰ পিছত, বহুতো টুইটাৰ ব্যৱহাৰকাৰী আছে যিয়ে এটা ভুৱা একাউণ্ট সৃষ্টি কৰি ইয়াক সহজে পৰীক্ষা কৰি আছে। ইয়াৰ জৰিয়তে, তেওঁলোকে ভুৱা বাতৰি প্ৰচাৰ কৰি আছে। শেহতীয়াকৈ, এনে এটা আচৰিত ঘটনা পোহৰলৈ আহিছে।বিশ্বৰ আগশাৰীৰ ফাৰ্মাচী কোম্পানী এলি লিলি (এলআই)ৰ নামত এটা ভুৱা একাউণ্ট সৃষ্টি কৰা হৈছিল আৰু ইয়াক মাত্ৰ $8 পৰিশোধ কৰি প্ৰমাণিত কৰা হৈছিল।

ইয়াৰ পিছত, তেওঁ এই ভুৱা একাউণ্টৰ পৰা টুইট কৰিছিল, ‘ইনচুলিন এতিয়া বিনামূলীয়া’। এই টুইটটো বৃহস্পতিবাৰে ভুৱা একাউণ্টৰ পৰা কৰা হৈছিল। ইয়াৰ পিছত, কিছুমান বিনিয়োগকাৰীয়ে এই টুইটটো লক্ষ্য কৰে আৰু তেওঁলোকে এই টুইটটো সঁচা বুলি বিবেচনা কৰে। ইয়াৰ পিছত, কোম্পানীটোৰ শ্বেয়াৰ এদিনত 4.37 শতাংশ হ্ৰাস পায়।

এনে পৰিস্থিতিত, কোম্পানীটোৱে প্ৰায় 1.20 লাখ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছিল। ইয়াৰ পিছত, কোম্পানীটোৱে ইয়াৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰি খৰখেদাকৈ এই বাতৰিটো অস্বীকাৰ কৰে আৰু কয় যে কোম্পানীটোৱে এনে কোনো সিদ্ধান্ত লোৱা নাই। মানিকণ্ট্ৰোলৰ প্ৰতিবেদন অনুসৰি, এই বাতৰিটো আহিছে।টুইটাৰে ইয়াৰ পৰিশোধ কৰা নীলা প্ৰমাণীকৰণ সেৱা বৰ্তমানৰ বাবে স্থগিত ৰাখিছে।

পৰিশোধ কৰা নীলা প্ৰমাণীকৰণ সেৱা আৰম্ভ হোৱাৰ পৰা, ভুৱা একাউণ্টৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হৈ আহিছে। বিশ্বজুৰি ডাঙৰ ব্ৰেণ্ড, কোম্পানী আৰু মানুহৰ নামত ভুৱা একাউণ্টৰ সংখ্যা (টুইটাৰ ফেক একাউণ্ট) নিৰন্তৰ বৃদ্ধি হৈ আছে।

এনে পৰিস্থিতিত, কোম্পানীয়ে এই পৰিশোধ কৰা নীলা প্ৰমাণীকৰণ সেৱাত কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰাৰ পিছত ইয়াক পুনৰাৰম্ভ কৰিব পাৰে। এই সন্দৰ্ভত তথ্য প্ৰদান কৰি ইলন মাস্কে কৈছে যে এই সুবিধাটো অহা সপ্তাহৰ শেষৰ ফালে পুনৰ আৰম্ভ কৰিব পাৰি।

অভিনেত্ৰী বিপাশা বসু মাতৃ‌ হ’ল এটি কন্যা সন্তানৰ…

 অৱশেষত অভিনেত্ৰী বিপাশা বসু মাক হোৱাৰ ভাল খবৰটো আহিল। অভিনেতা কৰণ সিং গ্ৰোভাৰৰ সৈতে বিবাহৰ ছয় বছৰৰ পিছত বিপাশা মাতৃ হৈছে। তেওঁলোকৰ অনুৰাগীসকলে স্বাভাৱিকতে এই বাতৰিটো শুনি উৎসাহিত হৈছে।  অভিনেত্ৰীগৰাকীয়ে শনিবাৰে এটি কন্যা সন্তান জন্ম দিছে। 

উল্লেখ্য অভিনেত্ৰীগৰাকীয়ে তেওঁৰ গৰ্ভধাৰণৰ খবৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। তেতিয়াৰে পৰা  বিপাশা আৰু কৰণে অনুৰাগীসকলৰ মাজত বিভিন্ন ফটো শ্বেয়াৰ কৰি আহিছে। কিছুদিন আগতে   বিপাশাৰ এটা বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈছিল। সেই অনুষ্ঠানত  অভিনেত্ৰীগৰাকীয়ে মাকৰ সৈতে বঙালী কইনাৰ সাজত সকলোৰে সন্মুখত দেখা দিছিল।  
অনুষ্ঠানটোৰ টেগলাইনত লিখা আছিল, “এটা সৰু বান্দৰ আহি আছে। আমি তেওঁৰ বাবে অপেক্ষা কৰি আছো।” অনুষ্ঠানটোত অতিথি হিচাপে আমন্ত্ৰণ জনোৱা সকলৰ বাবে এটা বিশেষ ড্ৰেছ কোড নিৰ্ধাৰণ কৰা হৈছিল। বিপাশা আৰু কৰণে কেইবা বছৰ ডেটিং কৰাৰ পিছত ২০১৬ চনৰ ৩০ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হৈছিল।

 
এই বছৰৰ আগষ্ট মাহত বিপাশাই  গৰ্ভৱতী হোৱাৰ খবৰ তেওঁৰ অনুৰাগীসকলক জনাইছিল । তেওঁৰ গৰ্ভৱতী অৱস্থাৰ  ফটোশ্বুটে বিশেষ আলোড়োণৰ সৃষ্টি কৰিছিল।  উল্লেখ্য কিছুদিন পূৰ্বে বলীউডৰ অভিনেত্ৰী আলিয়া ভাটো মাক হৈছিল। মুঠৰ ওপৰত বলীউডত এতিয়া ভালৰ উপৰি ভাল খবৰ আহিয়েই আছে।

কামৰ সন্ধানত নেপাললৈ গৈ দিশহাৰা হৈ পৰা ৩৮ জন ভাৰতীয়ক উদ্ধাৰ…

কাম বিচাৰি নেপাললৈ গৈ কাম নাপাই দিশহাৰা হৈ পৰা ৩৮ জন ভাৰতীয় লোকক নেপাল আৰক্ষীয়ে উদ্ধাৰ কৰি ভাৰতক গটাই দিছে। জানিব পৰা মতে নেপালৰ ইটাভাটাত কাম কৰাৰ বাবে গৈছিল ভাৰতীয় লোক কেইজন।

উদ্ধাৰ কৰা ৩৮ গৰাকী ভাৰতীয়ৰ ভিতৰত মহিলা আৰু শিশুও আছে। নেপাল আৰক্ষীৰ মতে নেপালৰ ৰাউতাহাট অঞ্চলৰ ইটাভাটাত কাম কৰিবলৈ লোককেইজনে ভাৰতৰ পৰা গৈছিল ৷

উদ্ধাৰ কৰা ভাৰতীয় লোকসকলৰ উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে।তেওঁলোকৰ ভিতৰত ২০ জন পুৰুষ আৰু ১৮ টা শিশু তথা মহিলা আছে। কিছুদিন ধৰি তেওঁলোকক ইটা ভাটাটোত কাম কৰিবলৈ দিয়া হোৱা নাছিল।ৰাউতাহাটৰ উপ আৰক্ষী অধীক্ষকে কয় যে ভাৰতীয় লোককেইজনক সুকলমে উদ্ধাৰ কৰা হৈছে।

তেওঁ লগতে কয় যে উদ্ধাৰ কৰা ভাৰতীয়সকলৰ প্ৰয়োজনীয় কাগজপত্ৰ পৰীক্ষা কৰাৰ পিছত বিহাৰৰ সীতামাঢ়ী জিলাৰ বৈৰগনিয়াত সশস্ত্ৰ সীমা বলৰ হাতত গটাই দিয়া হয়।

টেঙাখাত আৰক্ষীৰ বৃহৎ সাফল্য , অভিযানত গাঞ্জা সহ: এজনক আটক…   

 টেঙাখাত আৰক্ষী থানাৰ  সহকাৰী আৰক্ষী পৰিদৰ্শক  বিষয়া বেবী নেওগৰ    নেতৃত্বত আজি আৰক্ষী বাহিনীয়ে চলোৱা এক অভিযানত  গাঞ্জা সহ: এজন  গাঞ্জা দোকানীক আটক কৰিবলৈ সক্ষম হয় ।

জানিব পৰামতে উল্লেখিত আৰক্ষী বাহিনীয়ে নিচাযুক্ত দ্ৰব্য  ব্যৱসায়ৰ  বিশেষ সূত্ৰৰ  পমখেদি আজি সন্ধিয়া প্ৰায়  ৬-৩০  বজাত অচিতপুৰ নতুন লাইনৰ  দেবানন্দ মাঝি (৬০) নামৰ  ব্যক্তিজনৰ ঘৰত  ভাঙৰ দোকানত তালাচি চলাই  ৮ টা প্লাষ্টিক পাত্ৰত ৰখা তথা মুক্ত বেগত ৰখা  ১.০১৭ গ্ৰাম গাঞ্জা জব্দ  কৰাৰ লগতে দেবানন্দ  মাঝিক আটক কৰি টেঙাখাত থানালৈ আনে ।

ঘটনাৰ সম্পৰ্কে অধিক তথ্যৰ বাবে  আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰখা বুলি  জানিব পৰা গৈছে  ।                                                     

টেঙাখাতৰ পৰা ব্ৰজেন গগৈ ৰিপৰ্ট

‘বিক্ৰম–এছ’-ভাৰতৰ ব্যক্তিগত খণ্ডৰ দ্বাৰা বিকশিত প্ৰথম ৰকেট; উৎক্ষেপণ কৰা হ’ব ১৫ নৱেম্বৰত।

আগন্তুক ১৫ নৱেম্বৰত ভাৰতৰ ব্যক্তিগত খণ্ডৰ দ্বাৰা বিকশিত প্ৰথম ৰকেট ‘বিক্ৰম–এছ’ উৎক্ষেপণ কৰা হ’ব। হায়দৰাবাদৰ মহাকাশ ষ্টাৰ্টআপ ‘স্কাইৰুট এৰোস্পেচ’এ শুকুৰবাৰে এই ঘোষণা কৰে। স্কাইৰুট এৰোস্পেচৰ এই প্ৰথম অভিযানক ‘প্ৰাৰম্ভ’ নাম দিয়া হৈছে য’ত তিনিটা উপভোক্তা পেলোড থাকিব আৰু ইয়াক হায়দৰাবাদস্থিত শ্ৰীহৰিকোটাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ উৎক্ষেপণ পেডৰ পৰা ইয়াক উৎক্ষেপণ কৰা হ’ব।

কোম্পানীটোৱে শুক্ৰবাৰে কয়, ‘‘হৃদস্পন্দন দ্ৰুত হৈ পৰিছে। সকলোৰে চকু আকাশৰ ওপৰত আছে। পৃথিৱীয়ে শুনি আছে। এয়া হৈছে ১৫ নৱেম্বৰ, ২০২২ তাৰিখে উৎক্ষেপণৰ এক ইংগিত।’’

স্কাইৰুট এৰোস্পেচৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সহ-প্ৰতিষ্ঠাপক পৱন কুমাৰ চান্দনাই পিটিআইক জনোৱা মতে, পুৱা ১১ বাজি ৩০ মিনিটত এই উৎক্ষেপণ অনুষ্ঠিত কৰা হ’ব।

দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ তথা বিভিন্ন স্থানত মহান লাচিত বৰফুকনৰ হৰ্ডিং, বেনাৰ

দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু মহানগৰখনৰ বিভিন্ন স্থানত অসমৰ বীৰ লাচিত বৰফুকনৰ বিভিন্ন হৰ্ডিং, বেনাৰ। মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপন উপলক্ষে অসম চৰকাৰে বিভিন্ন কাৰ্যসূচী হাতত লৈছে আৰু ইয়াৰ মাজতে নতুন দিল্লীৰ বিভিন্ন স্থানত তেওঁৰ প্ৰতিচ্ছবি অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয়। আগন্তুক ২৪ নৱেম্বৰ তাৰিখে বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী।

বিশ্ব দৰবাৰত বীৰ লাচিত বৰফুকনক উপস্থাপন কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে বহু প্ৰচেষ্টা হাতত লৈছে। অসমৰ বীৰ সন্তানগৰাকীৰ বীৰত্বৰ বিষয়ে সমগ্ৰ দেশবাসীৰ আগত উপস্থাপনৰ বাবে অসম চৰকাৰে অহা ২৩ আৰু ২৪ নৱেম্বৰত নতুন দিল্লীস্থিত বিজ্ঞান ভৱনত বীৰ লাচিতৰ ৪০০তম জন্মজয়ন্তী উদযাপন কৰিব। এই উপলক্ষে অসম চৰকাৰে প্ৰস্তুতিৰ সম্পৰ্কে শুকুৰবাৰে নতুন দিল্লীস্থিত অসম হাউচৰ সভাকক্ষত এখন বিশেষ বৈঠক আয়োজন কৰে। উক্ত বৈঠকত মন্ত্ৰী পীযুষ হাজৰীকা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী অশোক সিংঘল, বিধায়ক সুশান্ত বৰগোহাঁই, বিধায়ক দিগন্ত কলিতা, বিধায়ক মানৱ ডেকা, বিধায়ক ৰেকিবুদ্দিন আহমেদ তথা অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে।

অসম চৰকাৰে বীৰ লাচিত বৰফুকনৰ পৰাক্ৰমৰ কাহিনী সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ ফলস্বৰূপেই ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোভিন্দে যোৰহাটৰ হোলোংপাৰত লাচিত বৰফুকনৰ মৈদাম থকা অঞ্চলত বীৰ লাচিতৰ ১৫০ ফুট উচ্চতাৰ ব্ৰঞ্জৰ মূৰ্তি আৰু যুদ্ধ সংগ্ৰহালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল। ইয়াৰ পাছতেই লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী আৰম্ভ হৈছিল। লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ বছৰজোৰা বহু কাৰ্যসূচীৰ অংশ হিচাপে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কামৰূপ জিলাৰ আলাবৈত বীৰ লাচিত বৰফুকন আৰু তেওঁৰ স্বহীদ সৈনিকসকলৰ স্মৃতিত যুদ্ধ সংগ্ৰহালয় নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰিছিল। ইয়াৰোপৰি বছৰজোৰা জন্মজয়ন্তীৰ অন্যতম কাৰ্যসূচী হিচাপে ৰাজ্য চৰকাৰে বিভিন্ন জিলাত লাচিত বৰফুকনৰ জীৱনৰ ওপৰত আধাৰিত ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰাৰ লগতে প্ৰত্যেকখন জিলাতে উপায়ুক্তসকলৰ নেতৃত্বত ‘লাচিত দিৱস’ৰ সৈতে সংগতি ৰাখি বিভিন্ন অনুষ্ঠান আয়োজন কৰাৰ ব্যৱস্থা কৰিছে। আনহাতে অসম চৰকাৰে lachitbarphukan নামৰ এটা ‘মোবাইল এপ’ আৰু ‘প’ৰ্টেল’ মুকলি কৰিছে।

উল্লেখযোগ্য যে, বীৰ লাচিত বৰফুকনৰ জীৱনৰ ওপৰত আধাৰিত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰি থকা হৈছে আৰু বিশিষ্ট লেখকসকলৰ লেখা সম্বলিত লাচিত বৰফুকনৰ বিষয়ে এখন গ্ৰন্থ প্ৰকাশৰো ব্যৱস্থা কৰা হৈছে। লাচিত দিৱসৰ কাৰ্যসূচীৰ সামৰণিৰ মূল অনুষ্ঠান আগন্তুক ২৩ আৰু ২৪ নৱেম্বৰ তাৰিখে নতুন দিল্লীৰ বিজ্ঞান ভৱনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব । এই অনুষ্ঠানলৈ অসম চৰকাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক নিমন্ত্ৰণ জনাইছে বুলি জানিব পৰা গৈছে।

মহিমা চৌধুৰীৰ জীয়ৰী আৰ্যনাক দেখি মোহাচ্ছন্ন হৈ পৰিল অনুৰাগী , পলকতে অনুৰাগীসকলৰ হৃদয় কাঢ়ি নিলে আৰ্যনা চৌধুৰীয়ে

মহিমা চৌধুৰীৰ কন্যাঃ প্ৰথমবাৰৰ বাবে আন এজন তাৰকা সন্তানৰ আভাস প্ৰকাশ পাইছে। মহিমা চৌধুৰীৰ জীয়ৰী আৰ্যনা চৌধুৰীৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে, তেওঁৰ মৰমলগা চেহেৰাটো অনুৰাগীসকলে বহুত ভাল পাইছে।


প্ৰিয়ংকা তিৱাৰীৰ দ্বাৰা সম্পাদিত, আপডেট: ১২ নৱেম্বৰ, ২০২২ ৪:২৫ পিএমএনইউ দিল্লীঃ আজিকালি তাৰকা সন্তানসকল যথেষ্ট আলোচনাত আছে, শ্ৰীদেৱীৰ জীয়ৰী জাহ্নৱী কাপুৰৰ পৰা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানলৈকে। এই তাৰকা শিশুসকল চলচ্চিত্ৰত দেখা গৈছে নে নাই, মিডিয়া কেমেৰাৰ চকু সদায় তেওঁলোকৰ ওপৰত থাকে। প্ৰথমবাৰৰ বাবে আন এজন তাৰকা সন্তানৰ আভাস প্ৰকাশ পাইছে।

মহিমা চৌধুৰীৰ জীয়ৰী আৰ্যনা চৌধুৰীৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে, তেওঁৰ মৰমলগা চেহেৰাটো অনুৰাগীসকলে বহুত ভাল পাইছে। অমিতাভ বচ্চন, অভিনেতা বোমান ইৰাণী, ডেনি ডেনজংপা, পৰিণীতি চোপ্ৰা আৰু নীনা গুপ্তা মুক্তিৰ পূৰ্বে শেহতীয়াকৈ ‘হাইট’ বোলছবিখনৰ এক বিশেষ স্ক্ৰীণিং অনুষ্ঠিত হৈছিল। চলমান খান, ভাগ্যশ্ৰী, কংগনা ৰাণাৱট আৰু জয়া বচ্চনৰ দৰে বহুতো প্ৰবীণ অভিনেতাই অনুষ্ঠানটোত উপস্থিত আছিল। মহিমা আৰু আৰ্যনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে আৰু ব্যৱহাৰকাৰীসকলে আৰ্যনাৰ মৰমলগা চেহেৰাৰ প্ৰশংসা কৰিছে। একে সময়তে, চলচ্চিত্ৰত আৰ্যনাৰ আত্মপ্ৰকাশৰ বিষয়েও আলোচনা কৰা হৈছে।

মালাইকা অৰোৰাৰ বাবে অৰ্জুন কাপুৰৰ বিশেষ পোষ্ট, ছ’চিয়েল মিডিয়াত কি লিখিলে মালাইকাৰ প্ৰেমিক অৰ্জুন কাপুৰে?

মালাইকাক শীঘ্ৰেই ডিজনী+ হটষ্টাৰত ‘মুভিং ইন উইথ মালাইকা’ত দেখা যাব। ইফালে, অৰ্জুন কাপুৰে এটা বিশেষ পোষ্ট কৰিছে। বলীউডৰ অভিনেত্ৰী মালাইকা অৰোৰাৰ শেহতীয়া ইনষ্টাগ্ৰাম পোষ্টটো ভাইৰেল হৈছিল। মালাইকাই ‘মেইনে কাহা হয়’ শিৰোনামৰ সৈতে এটা পোষ্ট পোষ্ট কৰিছিল, যিটো সকলোৱে অৰ্জুন কাপুৰৰ সৈতে অভিনেত্ৰীগৰাকীৰ বিবাহ-বাগদানৰ সৈতে সম্পৰ্কিত কৰিছিল। অৱশ্যে, অলপ পিছতে, এইটো স্পষ্ট হৈ পৰিছিল যে মালাইকাৰ পোষ্টটো তেওঁৰ পেছাদাৰী জীৱনৰ সৈতে সম্পৰ্কিত আছিল, তেওঁৰ ব্যক্তিগত জীৱনৰ সৈতে নহয়। মালাইকাক শীঘ্ৰেই ডিজনী+ হটষ্টাৰত ‘মুভিং ইন উইথ মালাইকা’ত দেখা যাব। ইফালে, অৰ্জুন কাপুৰে এটা বিশেষ পোষ্ট কৰিছে।

দৰাচলতে, মালাইকাই অলপতে তেওঁৰ ছ’চিয়েল মিডিয়া প্ৰ’ফাইলত ‘মেইনে কাহা য়েছ’ উল্লেখ কৰি এখন ফটো পোষ্ট কৰিছিল, যিয়ে সামাজিক মাধ্যমত এক আলোড়নৰ সৃষ্টি কৰিছিল। মানুহে ভাবিছিল তেওঁলোকে কি কৈছিল। সকলোকে আচৰিত কৰি, তেওঁ আন এটা পোষ্ট শ্বেয়াৰ কৰিছিল য’ত তেওঁ তেওঁৰ নতুন ৰিয়েলিটি শ্ব’ ‘মুভিং ইন উইথ মালাইকাৰ’ সৈতে তেওঁৰ অ’টিটি আত্মপ্ৰকাশৰ বিষয়ে কৈছিল। তেতিয়াৰ পৰা, অনুৰাগীসকলৰ উত্তেজনাৰ স্তৰ যথেষ্ট বৃদ্ধি পাইছে কিয়নো তেওঁলোকে এই নতুন অনুষ্ঠানটোৰ জৰিয়তে ধুনীয়া মালাইকা অৰোৰাৰ জীৱনঅধিক নিবিড়ভাৱে জানিবলৈ সুযোগ পাব।

সুহানা খানে ভাতৃ আৰিয়ন খানক জনালে জন্মদিনৰ শুভেচ্ছা, অনন্যা পাণ্ডে লিখিলে, ‘MISSING BABY ARYAN’

সুহানা খানে ভাতৃ আৰিয়ন খানক তেওঁৰ 25 তম জন্মদিনৰ শুভেচ্ছা জনাইছে, বেষ্টী অনন্যা পাণ্ডেয়ে লিখিছে – ‘মিচিং বেবী আৰিয়ন’
সুহানা খানে তাইৰ ডাঙৰ ভায়েক আৰিয়ান খানক তেওঁৰ ২৫ তম জন্মদিনৰ শুভেচ্ছা জনাবলৈ এটা মৰমলগা ইনষ্টাগ্ৰাম পোষ্ট শ্বেয়াৰ কৰিছে। তাই আৰিয়নআৰু তেওঁৰ পোহনীয়া কুকুৰৰ সৈতে এখন আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰিছে, তেওঁলোকক ঘৰত এটা পালঙ্কত শীতল হোৱা দেখা গৈছে। তাই আৰ্যন আৰু তাৰ পোহনীয়া কুকুৰৰ সৈতে এখন আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰিছিল, তেওঁলোকক ঘৰত এটা পালঙ্কত শীতল হৈ থকা দেখা গৈছে। ছবিখনত শ্বাহৰুখ খানৰ স্বৰ্গীয় মাতৃৰ এখন ফটোও দেখুওৱা হৈছে যিখন মেজৰ পিছফালে ৰখা হৈছে। শনিবাৰে সন্ধিয়া তাইৰ ইনষ্টাগ্ৰামৰ কাহিনীত ছবিখন শ্বেয়াৰ কৰি সুহানাই লিখিছিল, “মোৰ ডাঙৰ ভায়েক আৰু শ্ৰেষ্ঠ বন্ধুক জন্মদিনৰ শুভেচ্ছা।” একে সময়তে, সুহানাক চোফাত তেওঁৰ কাষত বহি হাঁহি থকা দেখা গৈছে।

সুহানাৰ আটাইতকৈ ভাল বন্ধু আৰু অভিনেত্ৰী অনন্যা পাণ্ডেও আৰিয়ন খানক শুভেচ্ছা জনাইছিল। অনন্যাই তেওঁৰ সৈতে শৈশৱৰ এখন আকৰ্ষণীয় ছবি শ্বেয়াৰ কৰিছিল আৰু লিখিছিল, “মিচিং বেবী আৰ্যন। মোৰ প্ৰথম আৰু চিৰদিনৰ বাবে শ্ৰেষ্ঠ বন্ধুক জন্মদিনৰ শুভেচ্ছা।” সুহানাই শীঘ্ৰেই জয়া আখটাৰৰ দ্য আৰ্চিছৰ জৰিয়তে চলচ্চিত্ৰজগতত আত্মপ্ৰকাশ কৰিব। তাইক ভেৰোনিকাৰ চৰিত্ৰত দেখা যাব। সুহানা খান বহুত আকৰ্ষণীয় আৰু তাইৰ আকৰ্ষণীয় শৈলীৰে অনুৰাগীসকলৰ হৃদয় জয় কৰে। ভাই-ভনীসকলক অলপতে কেইখনমান চলচ্চিত্ৰ প্ৰদৰ্শন আৰু পাৰ্টিত একেলগে দেখা গৈছিল।