Home Blog Page 1898

৪০ বছৰ বয়সৰ পিছত পুৰুষৰ খাদ্য তালিকাত এই ৫টা বস্তু অন্তৰ্ভুক্ত কৰক, অক্ষয় কুমাৰৰ দৰে ফিট হৈ থাকিব…

বেছিভাগ ৰোগেই পুৰুষক ৪০ বছৰ বয়সৰ পিছত আক্ৰান্ত কৰিবলৈ আৰম্ভ কৰে। কিন্তু যদি আপুনি নিজকে ফিট কৰি ৰাখিব বিচাৰে তেন্তে আপোনাৰ খাদ্যাভ্যাস শুধৰোৱাটো অতি প্ৰয়োজনীয়। গতিকে আপোনাৰ জীৱনশৈলীত সঠিক অভ্যাস আৰু স্বাস্থ্যসন্মত খাদ্য অন্তৰ্ভুক্ত কৰক। বয়স বৃদ্ধিত পুৰুষে নিজৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব।

পুৰুষে দৈনিক কণী সেৱন কৰিব লাগে কাৰণ কণী প্ৰটিনৰ ভাল উৎস যিয়ে বৃদ্ধ বয়সত পেশীবোৰক উপযুক্ত পুষ্টি প্ৰদান কৰে।

পুৰুষে ৪০ বছৰ বয়সৰ পিছত অধিক ফল সেৱন কৰিব লাগে। এনে পৰিস্থিতিত আপুনি খাদ্য তালিকাত আঙুৰ অন্তৰ্ভুক্ত কৰিব পাৰে।

মাহ প্ৰতিটো বয়সতে উপকাৰী, কিন্তু পুৰুষে খাদ্যত মাহ নিশ্চিতভাৱে অন্তৰ্ভুক্ত কৰিব লাগে।

অৰকোট হৈছে ছুপাৰ স্বাস্থ্যকৰ খাদ্য। ইয়াক সেৱন কৰিলে কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে, পুৰুষে ইয়াক সেৱন কৰিলে সুস্থ হৈ থাকিব। সেইবাবেই দৈনিক সেৱন কৰিব লাগে।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰ্ট প্ৰতিযোগিতাত সোনৰ পদক অৰ্জন নগাঁৱৰ ছাত্ৰ ভাস্বত জ্ঞান কলিতাৰ

ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰ্ট প্ৰতিযোগিতাত সোনৰ পদক অৰ্জন নগাঁৱৰ ছাত্ৰ ভাস্বত জ্ঞান কলিতাৰ নগাঁৱলৈ গৌৰৱ কঢ়িয়ালে কনমানি ছাত্ৰই ।পোন্ধৰ সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টুডেন্ট এণ্ড আৰ্ট টিচাৰ্চ আৰ্ট ২০২২ প্ৰতিযোগিতাত ৰাজ্যৰ পৰা অংশ গ্ৰহণ কৰি নগাঁৱৰ ভাস্বত জ্ঞান কলিতাই সোনৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷ ললিথাকলা চেন্টাৰ ফৰ ভিজুৱেল আৰ্টে আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনত ভাস্বত জ্ঞান কলিতাই অংশ গ্ৰহণ কৰি প্ৰথম স্হান লাভ কৰাৰ লগতে সোনৰ পদক লাভ কৰে ৷ ভাস্বত জ্ঞান কলিতা নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ ছাত্ৰ ৷


ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিবছৰে ললিথাকলা চেন্টাৰ ফৰ ভিজুৱেল আৰ্টে বিভিন্ন পৰ্যায়ত প্ৰতিযোগিতা আয়োজন কৰে ৷ এইবাৰো আয়োজন কৰা প্ৰতিযোগিতাখনিত তামিলনাডু , মহাৰাষ্ট্ৰ , গুজৰাট , অসম , গোৱা , উৰিষ্যা , কৰ্নাটক , পশ্চিমবংগ , পাঞ্জাব , ত্ৰিপুৰা , মধ্যপ্ৰদেশ , মিজুৰাম , কেৰেলা , মহাৰাষ্ট্ৰ , ৰাজস্হান , নতুন দিল্লী আদিৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিছিল ৷


অসমৰ নগাঁৱৰ পৰা ভাস্বত জ্ঞান কলিতাই দ্বিত্বীয় শ্ৰেণীৰ শাখাত অংশগ্ৰহণ কৰিছিল ৷ প্ৰতিযোগিতা খনিৰ ফলাফল বুধবাৰে ঘোষনা কৰে বেগালুৰুৰ পৰা ৷ ভাস্বত জ্ঞান কলিতাৰ এই সফলতাত আনন্দিত নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ অধ্যক্ষ প্ৰদীপ মজুমদাৰৰ লগতে সকলো প্ৰশিক্ষক ৷ নগাঁৱৰ খ্ৰীষ্টজ্যোতি বিদ্যালয়ৰ দ্বিত্বীয় মানৰ ছাত্ৰ ভাস্বত জ্ঞান কলিতা পুৰণিগুদাম নাম পানী গাঁৱৰ পৰিজ্ঞান কলিতা আৰু মিতালী শইকীয়াৰ পুত্ৰ ৷

শ্ৰী শ্ৰী ন-ৰোৱা কুজি সত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বহু স্মৃতি বিজড়িত আৰু প্ৰাচীন সম্পদেৰে ভৰপূৰ এই সত্ৰখনলৈ পোন প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ পিছতেই সত্ৰ খনত উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। মুখ্যমন্ত্ৰী সত্ৰ খনত উপস্থিত হোৱাৰ লগে লগে ভকত বৈষ্ণৱ সকলে হৰি নামৰ ধ্বনিৰে মুখৰিত কৰি তুলে সত্ৰৰ চৌহদ।মহিলা সকলে পুষ্প বৰষণ কৰি আদৰণি জনায়।থান পৰিচালনা কমিটিয়ে মুখ্যমন্ত্রীক ফুলাম গামোচা আৰু ধৰ্ম বস্ত্ৰেৰে সম্বৰ্ধনা জনাই ।মুখ্যমন্ত্রীয়ে কুজি সত্ৰৰ শিল্পকলা তথা প্ৰাচীন সম্পদ সংগ্ৰহালয় আৰু অতিথিশালাৰ দুৱাৰ মুকলি কৰে। মুখ্যমন্ত্রী গৰাকীয়ে সত্ৰৰ উন্নয়ন কৰা হব বুলি ঘোষণা কৰে।

মৰিগাঁও জিলাৰ ভিতৰুৱা এই সত্ৰ খনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আগমনত উৎফুল্লিত হৈ পৰে নৰোৱা কুজি সত্ৰবাসী । মুখ্যমন্ত্রীয়ে থান দৰ্শন কৰি ৰাইজক সম্বোধন কৰে। মুখ্যমন্ত্রীক সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰীকা,কেশৱ মহন্ত আৰু জয়ন্তমল্ল বৰুৱাই। উপস্থিত থাকে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামনি বৰা শশীকান্ত দাস আৰু বিধায়ক ৰমাকান্ত দেউৰী । বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত এই সত্ৰ খনলৈ পোন প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্রী আৰু মন্ত্ৰী পৰ্যায়ৰ নেতা সকল কুজি সত্ৰলৈ আহিছে ।

ধিঙৰ পৰা কলিম উদ্দিন আহমেদৰ প্ৰতিবেদন।

ওদালগুৰিত ব্যতিক্ৰমী সামূহিক বিবাহ!পৰম্পৰাগত নিয়মেৰে বিয়াত বহিল শতাধিক দৰা কইনা…

ওদালগুৰিত আজি উলহ মালহ পৰিৱেশৰ মাজেৰে একেলগে সম্পন্ন হ’ল ৩ শতাধিক বিয়া।

ওদালগুৰি জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত আৰু দি হান্স ফাউণ্ডেশ্যনৰ সহযোগত আজি ওদালগুৰিৰ মনপুৰ খেল পথাৰত হিন্দু ধৰ্মৰ বিভিন্ন জনগোষ্ঠীৰ ৰীতি-নীতিৰ মাজেৰে এই সামূহিক বিবাহ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

হিন্দু ধৰ্মৰ, বাথৌ, নেপালী, ৰাভা চাওতালীকে ধৰি কেইৱাটাও জনগোষ্ঠীৰ ৬ শতাধিক দৰা-ক‌ইনাই নিজৰ পৰম্পৰাগত ৰীতি-নীতিৰে বিবাহ কাৰ্য সম্পন্ন কৰা হয়।

পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, হোমৰ জুইক সাক্ষী কৰি অধিকাংশ‌ই নিজৰ বিবাহ সম্পন্ন কৰে।

কাৰ্যসূচীত জিলা উপায়ুক্ত ডাঃ ছাদনেক সিঙৰ লগতে আৰক্ষী বিষয়া, সীমান্ত চেতনা মঞ্চৰ কেন্দ্ৰীয় উপ-সভাপতি মিনন মোছাহাৰী ওদালগুৰি জিলা বিবাহ সংস্কাৰ সমিতি আৰু দি হান্স ফাউণ্ডেশ্যনৰ নেতৃত্বৰ লগতে বহু বিশিষ্ট লোক উপস্থিত থাকে।

অৰূপ বড়ো

ৰাম গোপাল বৰ্মাই ভৰি চুমা খোৱা অভিনেত্ৰী কোন?

ৰাম গোপাল বৰ্মাই পুনৰবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে। তেওঁৰ এই কাৰ্য দেখি মানুহে তেওঁক ট্ৰ’ল কৰি আছে।
ৰাম গোপাল বৰ্মা বলীউডৰ পৰিচালক। যিয়ে বিগত কেইবছৰমানৰ পৰা বহু কাৰণত বিতৰ্কৰ সৃষ্টি হৈছে। তেওঁ বহু হিট ছবি দিছিল। কিন্তু এতিয়া তেওঁৰ কিছুমান কাম দেখি বহুতে স্তম্ভিত হৈ পৰিল। মানুহেও তেওঁক বহুত ট্ৰল কৰিছে। সম্প্ৰতি তেওঁ এগৰাকী অভিনেত্ৰীৰ ভৰিত চুমা খোৱাৰ ছবি ভাইৰেল হৈ পৰিছে।

ৰাম গোপাল ভাৰ্মাই অভিনেত্ৰী আশু ৰেড্ডীৰ ভৰিত চুমা খালে। এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে। আছু ৰেড্ডী অন্যতম সাহসী অভিনেত্ৰী। কিন্তু ৰাম গোপাল বৰ্মাৰ সৈতে তেওঁৰ ফটোখনে তেওঁক আৰু অধিক জনপ্ৰিয় কৰি তুলিছে।

আছু ৰেড্ডী কেৱল এগৰাকী অভিনেত্ৰী নহয়, ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালীও। আছু ৰেড্ডীয়ে তেলেগু উদ্যোগত কাম কৰে (তেলেগু অভিনেত্ৰী)। বিগ বছ তেলেগু ছিজন ৩ৰ অংশও আছিল।তেওঁ টিভিৰ আয়োজকও। ইনষ্টাগ্ৰামত আছু ৰেড্ডীৰ ১৮ লাখ ফ’ল’ৱাৰ আছে। অভিনেত্ৰীগৰাকীৰ ছ’চিয়েল মিডিয়া একাউণ্টত তেওঁৰ গৰম ফটোৰে ভৰি পৰিছে।

২০১৮ চনত প্ৰথমখন চিনেমা কৰিছিল আছু ৰেড্ডীয়ে।এম বি এ কৰিছে। কিন্তু এতিয়া ৰাম গোপাল বৰ্মাৰ বাবে পুনৰ বিতৰ্কৰ সৃষ্টি হৈছে তাই। এই ভিডিঅ’টোত তেওঁ যৌনতা, পৰ্ণ আৰু ব্যক্তিগত জীৱনৰ বিষয়ে কয়। দুয়োৰে মাজত হোৱা প্ৰশ্নোত্তৰ শুনি উদ্যোগটোৰ মানুহবোৰো স্তম্ভিত হৈ পৰে।

অভিনেতা পৱন কল্যাণৰ ডাঙৰ অনুৰাগী আশু ৰেড্ডী। তাই তাক ভগৱান বুলি গণ্য কৰে। আশু ৰেড্ডীয়েও পিঠিত পৱন কল্যাণৰ নাম টেটু কৰিছে।

আজমলৰ ত্ৰানকৰ্তাৰ ৰূপত কৰিমউদ্দিন বৰভূঞা;ভিক্ষাৰ পাত্ৰলৈ মন্ত্ৰীৰ দুৱাৰে দুৱাৰে বৰভূঞা…

হিন্দু নাৰীক অশালীন অপমানসূচক মন্তব্য কৰি বিপদত সাংসদ বদৰুদ্দিন আজমল। ৰঙাঘৰৰ আলহী হোৱাৰ ভয়ত কম্পমান আজমলৰ ত্ৰানকৰ্তাৰ ৰূপত নামিছে কৰিম উদ্দিন বৰভূঞা।

যিকোনো প্ৰকাৰে আজমলক বচোৱাৰ উদ্দেশ্যে কৰিম উদ্দিন বৰভূঞাই মন্ত্ৰী বিধায়কৰ দুৱাৰে দুৱাৰে টোকৰ দি ফুৰা কাৰ্যই সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

নলবাৰীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিভিন্ন থানাত ৰুজু হোৱা সকলো গোচৰ কৰিমগঞ্জলৈ প্ৰেৰণ কৰাৰ লগতে আইনে ব্যৱস্হা গ্ৰহন কৰিব বুলি কৰা মন্তব্যৰ পিছতেই আজমলক গ্ৰেপ্তাৰ কৰাতো প্ৰকট হৈ পৰিছে।

আনহাতে সাংসদ বদৰুদ্দিন আজমলে ক্ষমা বিচাৰি ভাগৰি পৰা বুলি মন্তব্য কৰি আৰু গোচৰ দিবলৈ দাম্ভিকতাৰে ঘোষনা কৰিছিল। তেওঁ আনকি গোচৰ খেলিবলৈ সাজু বুলি মন্তব্য কৰিছিল। কিন্ত উপায় বিহীন আজমলক বচাবলৈ এতিয়া ত্ৰানকৰ্তাৰ ৰূপত নামি পৰিছে কৰিম উদ্দিন বৰভূঞাই। এই কাৰ্যত বৰভূঞা কিমান সফল হয় সেয়া লক্ষনীয় হব।

অসমলৈ দুদিনীয়া ভ্ৰমণসূচীৰে RSS প্ৰধান মোহন ভাগৱত…

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী ডাঃ মোহন ভাগৱত দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ আহিব।অহা ১০ ডিচেম্বৰত অসমলৈ আহি ১১ ডিচেম্বৰত গুৱাহাটীৰ সমীপৱৰ্তী চন্দ্ৰপুৰৰ হাজংবৰীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক আৰু কাৰ্যকৰ্তাৰ এক সন্মিলনত অংশগ্রহণ কৰিব বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে।

উল্লেখ্য যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ হাজংবৰী, চন্দ্ৰপুৰস্থিত বিদ্যাভাৰতী বহুমুখী শৈক্ষিক প্ৰকল্পত  ৯ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ তিনিদিনীয়া “প্ৰেৰণা শিবিৰ” শীৰ্ষক এক কাৰ্যকৰ্তা শিবিৰ অনুষ্ঠিত হ’ব।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আগন্তুক শতবৰ্ষ জয়ন্তীৰ প্ৰতি লক্ষ্য ৰাখি সংঘকাৰ্য বিস্তাৰ আৰু কাৰ্যকৰ্তাৰ বিকাশৰ বাবে এই শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰত শতাব্দী বৰ্ষৰ বাবে সংঘৰ কাৰ্যবৃদ্ধি আৰু বিভিন্ন গতিবিধিৰ বিষয়ে চিন্তা-চৰ্চা কৰাৰ লগতে শাৰীৰিক অনুশীলন  হ’ব।

প্ৰেৰণা শিবিৰৰ অন্তিম দিনা অৰ্থাৎ ১১ ডিচেম্বৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক মোহন ভাগৱতে উত্তৰ অসম প্ৰান্তৰ স্বয়ংসেৱকৰ লগত দুখনকৈ বৈঠকত মিলিত হৈ সমাৰোহ কাৰ্যক্ৰমত বৌদ্ধিক প্ৰদান  কৰিব বুলি প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে জানিবলৈ দিছে। সৰসংঘচালক ডাঃ মোহন ভাগৱত  এই প্ৰবাস কেৱল কাৰ্যকৰ্তাৰ বাবেহে অনুষ্ঠিত কৰা হৈছে বাবে সংঘৰ কাৰ্যকৰ্তাইহে এই শিবিৰত অংশগ্রহণ কৰিব পাৰিব ।

এই শিবিৰত সংঘৰ শাখাস্তৰৰ পৰা প্ৰায় ৩০০০ কাৰ্যকৰ্তাই শিক্ষাৰ্থী হিচাপে উপস্থিত থকিব। ১০ ডিচেম্বৰত শিবিৰ স্থানত উপস্থিত হৈ সৰসংঘচালকগৰাকীয়ে ১১ ডিচেম্বৰৰ আবেলিৰ ভাগত অৰুণাচল অভিমুখে ৰাওনা হ’ব।

ইউৰোপীয় ইউনিয়নে মাস্কক সকীয়াই দিলে; ইউৰোপত অতি সোনকালে টুইটাৰ নিষিদ্ধ হ’ব পাৰে …

কোটিপতি ইলন মাস্কে মাইক্ৰ’ব্লগিং চাইট টুইটাৰৰ দায়িত্ব লোৱাৰ পিছৰে পৰা অসুবিধাৰ সন্মুখীন হৈছে।

ইউৰোপীয় সংঘই মাস্কক সকীয়াই দিছে যে কন্টেন্ট মডাৰেচনৰ কঠোৰ নিয়ম মানি নচলাৰ বাবে টুইটাৰক নিষিদ্ধ কৰিব।

ইয়াৰ পৰা টুইটাৰত নিয়ন্ত্ৰকসকলৰ কঠোৰতা বৃদ্ধি পোৱাৰ ইংগিত পোৱা গৈছে।

ইউৰোপীয় ইউনিয়নৰ উদ্যোগ মুৰব্বী থিয়ৰী ব্ৰেটনে মাস্কৰ সৈতে হোৱা ভিডিঅ’ কল বৈঠকৰ সময়ত এই সতৰ্কবাণী প্ৰদান কৰে।

ইয়াৰ ভিতৰত নিষিদ্ধ ব্যৱহাৰকাৰীক একপক্ষীয়ভাৱে পুনৰুদ্ধাৰ নকৰা আৰু অহা বছৰ টুইটাৰৰ স্বতন্ত্ৰ অডিট কৰিবলৈ সন্মতি দিয়া আদি অন্যতম।

ৰয়টাৰে প্ৰেৰণ কৰা প্ৰশ্নৰ উত্তৰ নিদিলে টুইটাৰ আৰু ইউৰোপীয় ইউনিয়নে। ইয়াৰ পূৰ্বে ব্ৰেটনে মাস্কক ঘৃণামূলক ভাষণ আৰু ভুল তথ্যৰ বিৰুদ্ধে ইউৰোপীয় ইউনিয়নৰ নিয়ম মানি চলিবলৈ আহ্বান জনাইছিল।

মাস্কে ইউৰোপীয় আয়োগক আশ্বাস দিয়ে যে টুইটাৰে ইউৰোপৰ কঠোৰ নিয়ম মানি চলিব।

চলিত সপ্তাহৰ আৰম্ভণিতে মাস্কে এপলে এপ ষ্ট’ৰৰ পৰা টুইটাৰক ব্লক কৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল।

মাস্কে কয় যে এপলে টুইটাৰত বিজ্ঞাপন বন্ধ কৰি দিছে, আৰু কন্টেন্ট মডাৰেচনৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছে।

এপলে এতিয়াও এই কথা নিশ্চিত কৰিব লাগিব। কিন্তু কোম্পানীয়ে নিজৰ নিয়ম বলবৎ কৰাৰ বাবে তেনে কৰাটো স্বাভাৱিক,

আৰু বিগত সময়ত নিয়ম উলংঘা কৰাৰ বাবে এপ ষ্ট’ৰৰ পৰা গেব আৰু পাৰ্লাৰৰ দৰে এপ আঁতৰোৱা হৈছিল।

কিন্তু পিছলৈ বিষয়বস্তু আৰু মডাৰেচনৰ পদ্ধতি আপডেট কৰাৰ পিছত পাৰ্লাৰক পুনৰ নিযুক্তি দিয়া হয়।

মাস্কে টুইট কৰি কয়, ‘এপলে টুইটাৰত বেছিভাগ বিজ্ঞাপন ব্লক কৰিছে। আমেৰিকাত তেওঁলোকে মুক্ত বাক্যক ঘৃণা কৰেনে?”

পিছত তেওঁ আন এটা টুইটত এপলৰ মুখ্য কাৰ্যবাহী বিষয়া টিম কুক’ৰ টুইটাৰ একাউণ্টক লক্ষ্য কৰি সুধিছিল,“তাত কি হৈছে?” যোৱা সপ্তাহত মাস্কে কৈছিল যে যদিহে এপল আৰু গুগলে এপ ষ্ট’ৰৰ পৰা টুইটাৰ আঁতৰাই পেলায় তেন্তে তেওঁ নিজৰ স্মাৰ্টফোনটো মুকলি কৰিব পাৰে।

বিজেপিৰ পলোভনৰ ৰাজনীতিয়ে কতো কাম নকৰা হৈছে তাকে প্ৰতিপন্ন কৰিলে হিমাচল প্ৰদেশৰ জনতাই:ভূপেন কুমাৰ বৰা…

অসমৰ ৰাজনীতি সাম্প্রদায়িক বিষবাষ্প বিয়পোৱা এই বিজেপিৰ দৰে অপশক্তি সমুহক নাশ কৰিবলৈ ৰাইজ এতিয়া ঐক্যবদ্ধ হৈছে। ইয়াৰ প্ৰমাণ আজি বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই প্ৰতিনিধিত্ব কৰা হিমাচল প্ৰদেশৰ জনতাই দিলে। বিজেপিৰ পলোভনৰ ৰাজনীতিয়ে যে কতো কাম নকৰা হৈছে তাকে প্ৰতিপন্ন কৰি হিমাচল প্ৰদেশক কংগ্রেছৰ চৰকাৰ হ’বলৈ গৈছে সেইয়াই জলন্ত উদাহৰণ বুলি থাওৰা সমষ্টিৰ নিতাইপুখুৰীত এইদৰে মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্রেছ কমিতিৰ সভাপতি ভূপেন কুমাৰ বৰাই।

আজিৰ পৰা ৩৮ দিনৰ পূর্বে কংগ্রেছ দলে ধুবুৰীৰ পৰা আৰম্ভ কৰা ভাৰত জোড়ো যাত্রা আজি বিজেপি বিধায়ক সুশান্ত বৰগোহাঁইৰ দখলত থকা থাওৰা সমষ্টিৰ নিতাইপুখুৰী চৰকাৰী বাছ আস্থানৰ পৰা ডিমৌলৈকে আৰম্ভ কৰা প্ৰায় আঠ কিলোমিটাৰ পদ যাত্রাত অংশগ্রহণ কৰি লগতে কয় যে বিজেপিয়ে ধৰ্মৰ নামত ৰাজনীতি কৰি সমগ্র ভাৰতৰ লগতে অসম খনকো ভাগ ভাগ কৰিছে।বৰাই লগতে কয় যে, এই বৃহত্তৰ নিতাইপুখুৰী তথা থাওৰা সমষ্টিত ৮ ডিচেম্বৰ দিনটো অসমত সোণালী আখৰে জিলিকি থাকিব। কাৰণ এই পবিত্র ভূমি হৈছে জননেতা ভীমবৰ দেউৰীৰ জন্ম স্থান।

যি জন মহান ব্যক্তিয়ে প্ৰাক্তন মুখ্যমন্ত্রী গোপীনাথ বৰদলৈৰ লগ হৈ ভাৰত বিভাজনৰ সময়ত ভাৰতৰ সকে সবল ভূমিকা লৈছিল।এইজনা মহান নেতাৰ আদৰ্শক সাৰোগত কৰি ৰাইজক আগবাঢ়ি যাবলৈ আহ্বান জনায়।আনহাতে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে হাজাৰোধীক ৰাইজক সম্বোধন কৰি কয় যে, এই বিশাল ভাৰত জোড়ো যাত্রা কংগ্রেছ যুৱনেতা ৰাহুল গান্ধীয়ে দুটা মাহৰ পূর্বে আৰম্ভ কৰাত ভাৰতত এক নতুন জোৱাৰ সৃষ্টি কৰিছে। কন্যা কুমাৰীৰ পৰা আৰম্ভ কৰা এই যাত্রাৰ সময়ত বিজেপিয়ে কৰা চৰম প্ৰৱঞ্চনাৰ কথা ৰাইজে গম পাইছে।এই যাত্রাৰ পিছত কংগ্রেৰ জনপ্রিয়তা সমগ্র ভাৰতত পুনৰ দুগুণ বৃদ্ধি পাইছে বুলি কয়। পূর্বে কংগ্রেছৰ দখলত থকা এই সমষ্টিৰ ৰাইজক সুশান্ত বৰগোহাঁইয়ে চৰম প্ৰৱঞ্চনা কৰিলে বুলিও কয় । বিগত সময়ত হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈয়ে অসম আৰু অসমীয়া জাতিৰ বাবে কৰা ত্যাগৰ কথা কয়।সাংসদ গগৈয়ে লগতে কয় যে, বিজেপিৰ প্ৰতি থাওৰাত ৰাইজ চূড়ান্ত মোহভঙ্গ হৈছে।

তাৰ প্ৰমান দেউৰী স্বায়ত্ব শাসিত নিৰ্বাচনত কংগ্রেছৰ প্ৰাৰ্থী জয়ে। সাংসদ গগৈয়ে অসমত বিজেপি আৰু বদৰুদ্দিনৰ মাজত গোপন সম্পর্ক থকা বুলি কোৱাৰ লগতে মুখ্যমন্ত্রী হিমন্তৰ বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলৰ লগত কথা পাতিহে এনে বিতৰ্কিত মন্তব্য কৰাইছে বুলিও কয় । কংগ্রেছৰ নেতা বিনোদ কোঁৱৰে আঁত ধৰা আৰু অসম প্ৰদেশ কংগ্রেছৰ সম্পাদক অজয় কুমাৰ গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত অংশগ্রহণ কৰে ক্ৰমে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়িকা নন্দিতা দাস, মহিলা প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত, কংগ্ৰেছৰ নেতা অপূৰ্ব ভট্টাচাৰ্য্য,ৰজলিনা তিৰ্কী, বিস্মিতা গগৈ,বিপুল গগৈ। ইয়াৰ পিছতে বিয়লি ভাগত নিতাইপুখুৰীৰ পৰা পদযাত্রা কৰি ডিমৌত এই ভাৰত জোড়ো যাত্রাৰ কাৰ্য্যসূচী সমাপন কৰে।

বিধ্বস্ত পথ নিৰ্মাণৰ দাবীত ঢেকীয়াজুলি সমষ্টিৰ সুতিৰপাৰত প্ৰতিবাদ…

শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত বাহঁবেৰা গাওঁ পঞ্চায়ত এলেকাৰ বাহঁবেৰাৰ পৰা সুতিৰপাৰ হৈ উলুবাৰীলৈ যোৱা বিধ্বস্ত পথ নিৰ্মাণৰ দাবীত আজি সুতিৰপাৰ গাঁৱত অঞ্চলটোৰ দুৰ্ভগীয়া ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে৷

আজি প্ৰতিবাদকাৰী সকলে ‘বাহঁবেৰাৰ পৰা সুতিৰপাৰ হৈ উলুবাৰীলৈ যোৱা পথ অতি শীঘ্ৰে নিৰ্মাণ কৰক,আমাক মৰ্যদা সহকাৰে জীয়াই থাকিবলৈ দিয়ক,আমাৰ অধিকাৰ আমাক প্ৰদান কৰক,সুতিৰপাৰ গাঁৱত পকি পথ আমাক লাগিবই ,আমাৰ দাবী ন্যায্য দাবী,আমাৰ দাবী মানি লওক,স্থানীয় বিধায়ক অশোক সিংঘাল শুনি লওক,সাংসদ পল্লৱ লোচন দাস শুনি লওক,অসম চৰকাৰৰ কাম নাই’ আদি বিভিন্ন শ্ল’গান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷আজি দিনৰ ১১ টা বজাত অঞ্চলটোৰ আৱাল বৃদ্ধ বনিতা জীয়ৰী বোৱাৰীৰ লগতে কণকণ শিশু সকলে বিধ্বস্ত পথত উলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি অতি শীঘ্ৰে পথচোৱা নিৰ্মানৰ দাবী জনায়৷উল্লেখ্য যে ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ বাঁহবেৰা গাওঁ পঞ্চায়ত এলেকাৰ বাঁহবেৰাৰ পৰা সুতিৰপাৰ হৈ উলুবাৰীলৈ যোৱা অতিকৈ গুৰুত্বপূৰ্ণ পথচোৱা বিগত বহু দিনৰ পৰাই বিধ্বস্ত হৈ আছে৷

যদিও আজিলৈকে উক্ত পথচোৱা নিৰ্মাণৰ কোনো ব্যৱস্থা নহল ফলত ৰাইজে যাতায়তৰ ক্ষেত্ৰত ভোগিছে যমৰযাতনা৷সেয়েহে আজি উক্ত পথচোৱা নিৰ্মাণৰ দাবীত অঞ্চলটোৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে৷

প্ৰশান্ত বৈশ্যঃঢেকীয়াজুলি৷