Home Blog Page 1909

বুলডজাৰ চলোৱা আৰক্ষীৰ বিপদ। আৰক্ষী যদি আইনৰ উৰ্দ্ধত বন্ধ কৰি দিয়ক আদালত

অভিযোগ প্ৰমানিত নকৰাকৈ অভিযুক্তৰ বাসগৃহ আৰক্ষীয়ে বুলডজাৰ লগাই ভাঙি দিয়া কাৰ্যৰ বিৰুদ্ধে কঠোৰ স্হিতি আদালতৰ। পাটনা উচ্চ ন্যায়ালয়ত এটা গোচৰৰ শুনানী গ্ৰহন কৰি আৰক্ষীৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰে আদালত। ন্যায়াধীশ সন্দীপ কুমাৰে আৰক্ষীৰ হাতত যদি আইন আছে তেনেহলে থানালৈ গৈ আৰক্ষীক মেনেজ কৰি ঘৰ ভাঙক বুলি মন্তব্য কৰি আদালত বন্ধ কৰি দিবলৈকো পৰামৰ্শ দিয়ে।

ন্যায়াধীশ কুমাৰে বুলডজাৰ লগাই ঘৰ ভঙা আৰক্ষীয়ে ভুক্তভোগীৰ ঘৰ নতুনকৈ নিৰ্মাণ কৰি দিয়াৰ লগতে ঘটনাত জড়িত আৰক্ষীয়ে নিজৰ পকেটৰ পৰা ৫ লাখকৈ টকা আদায় দিব লাগিব বুলিও উল্লেখ কৰে। উল্লেখযোগ্য যে বুলডজাৰ সংস্কৃতিয়ে অসমকো চুই যোৱাত গুৱাহাটী উচ্চ ন্যায়ালয়েও আৰক্ষীক তীব্ৰ ককৰ্থনা কৰিছিল। শেহতীয়াকৈ পাটনা উচ্চ ন্যায়ালয়েও অভিযুক্তৰ ঘৰ আৰক্ষীয়ে বুলডজাৰ লগাই ভঙা কাৰ্যৰ বিৰুদ্ধে কঠোৰ স্হিতি গ্ৰহন কৰে।

‘আজমল আঠুৱাৰ তলৰ মহ’– মুখ্যমন্ত্ৰী

সাংসদ বদৰুদ্দিন আজমল আঠুৱাৰ তলৰ মহ। তেওঁৰ মন্তব্যক লৈ আলোচনাৰ প্ৰয়োজন নাই। আইনে নিজৰ গতিৰে ব্যৱস্হা গ্ৰহন কৰিব। এই ভাষ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। আইনক আঠুৱাৰ লগত তুলনা কৰি বদৰুদ্দিন আজমলক মহৰ লগত তুলনা কৰি আইনে নিজৰ কাম কৰি যাব বুলি উল্লেখ কৰে।ডঃ শৰ্মাই সন্তানৰ খৰছ আজমলে দিলে ১০-১২ টা সন্তান জন্ম দিয়াত আপত্তি নাই বুলি নিজৰ ভাষনত উল্লেখ কৰি মুছলমান মহিলাক ডাক্তৰ ইঞ্জিনিয়াৰ কৰিবলৈ সন্তান জন্ম দিবলৈ আহ্বান জনায়।

প্ৰয়োজন তেওঁলোকৰ ভোট নিদিলেও কথা নাই বুলি বঙাইগাঁৱত নিজৰ ভাষনত উল্লেখ কৰি অধিক সন্তান জন্ম দিয়া চৰৰ মাতৃসকলৰ অবস্হা শোচনীয় হৈ পৰে বুলি মন্তব্য কৰে। আজমলক কটাক্ষ কৰি ডঃ শৰ্মাই হিন্দুৰ ঘৰত ডাক্তৰ ইঞ্জিনিয়াৰ আছে বুলিও নিজৰ ভাষন প্ৰসংগত উল্লেখ কৰে। উল্লেখযোগ্য যে নাৰী সমাজক অশালীন আৰু অপমানসূচক মন্তব্য কৰি ৰঙাঘৰৰ আলহী হোৱাৰ ভয়ত ক্ষমা বিচাৰি তত্ হেৰাইছে সাংসদ গৰাকীৰ। সকলোৱে একমুখে ধিক্কাৰ দিয়াৰ লগতে বিভিন্ন প্ৰান্তৰ থানাত গোচৰ ৰুজু হৈছে আজমলৰ বিৰুদ্ধে। এই পৰ্যন্ত আৰক্ষীয়ে সাংসদ গৰাকীৰ বিৰুদ্ধে ব্যৱস্হা গ্ৰহন নকৰাত ৰহস্যৰ গোন্ধ থকাৰ অভিযোগ উঠিছে সচেতন মহলৰ মাজত।

বলীউডৰ বিখ্যাত গায়ক লাকী আলীৰ মাটি অবৈধ দখল কৰিলে ভূমি মাফিয়াই…

গায়ক লাকী আলীয়ে দাবী কৰিছে যে যোৱা ৫০ বছৰ ধৰি তেওঁ সেই মাটিতেই বাস কৰিছিল। তেওঁ কয় যে তেওঁ কামৰ বাবে ডুবাইলৈ গৈছিল আৰু তেওঁৰ মাটি বেদখল কৰা হৈছিল।

বলীউডৰ বিখ্যাত গায়ক লাকী আলী আজিকালি বিপদত পৰিছে। বেংগালুৰুত থকা তেওঁৰ মাটি ভূমি মাফিয়াই বেদখল কৰিছে বুলি দাবী। আই এ এছ বিষয়া ৰোহিনী সিন্ধুৰীৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । তেওঁৰ অভিযোগ যে ভূমি মাফিয়াক আই এ এছ বিষয়া ৰোহিনী সিন্ধুৰীৰ সম্পূৰ্ণ সমৰ্থন আছে। যদিও এই অভিযোগসমূহ অস্বীকাৰ কৰিছে আই এ এছ বিষয়াগৰাকীয়ে।

এই বিষয় সন্দৰ্ভত দেওবাৰে (০৪ ডিচেম্বৰ) কেইবাটাও টুইটযোগে চিংগাৰে জনসাধাৰণৰ আগত নিজৰ সমস্যাৰ কথা কয়। তেওঁ ক’লে, ‘এইটো এটা ট্ৰাষ্টৰ সম্পত্তি আছিল। এই ভূমি বেংগালুৰুৰ ভূমি মাফিয়া সুধীৰ ৰেড্ডী আৰু মধু ৰেড্ডীয়ে অবৈধভাৱে দখল কৰি আছে। পত্নী ৰোহিনী সিন্ধুৰীৰ সহায়ত এই কাম কৰি আছে আই এ এছ বিষয়া। কৰ্ণাটকৰ ডিজিপিক তেওঁ নিজৰ সমস্যা নিজে কৈ সহায় কৰিবলৈ আহ্বান জনাইছে।

লগতে স্থানীয় আৰক্ষীয়ে ভূমি মাফিয়াক সমৰ্থন কৰাৰ অভিযোগ উত্থাপন কৰে। চিংগাৰে কয়, ‘মই সংশ্লিষ্ট উপ আৰক্ষী আয়ুক্তৰ ওচৰত অভিযোগ কৰিছো, কিন্তু ইয়াৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।’ চিংগাৰে নিজৰ টুইটত লিখিছে, ‘তেওঁ (ৰোহিনী সিন্ধুৰী) নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে ৰাজ্যৰ সম্পদৰ অপব্যৱহাৰ কৰিছে। মোৰ ফৰ্মৰ ভিতৰলৈ বলপূৰ্বক আৰু অবৈধভাৱে আহি প্ৰাসংগিক নথি-পত্ৰ দেখুৱাবলৈ অস্বীকাৰ কৰিছে।

এখন ব্যতিক্ৰমী বিবাহ! স্বামী ৰুপে এজন পুৰষকে আদৰি ল’লে যমজ ভগ্নীয়ে

তথ্য অনুসৰি আই টি ইঞ্জিনিয়াৰ হৈ থকা ভগ্নী দুগৰাকীয়ে শুকুৰবাৰে মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাৰ মালশিৰাছ তালুকত লোকজনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এই বিবাহক লৈ দুয়োটা পৰিয়ালৰ কোনো আপত্তি নাছিল।সোলাপুৰত এক অনন্য বিবাহৰ গোচৰ পোহৰলৈ আহিছে য’ত দুগৰাকী ভগ্নীয়ে কোনো আপত্তি নোহোৱাকৈ একেজন পুৰুষক বিয়া কৰাইছিল। ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে বিয়াৰ ভিডিঅ’। তথ্য অনুসৰি আই টি ইঞ্জিনিয়াৰ হৈ থকা ভগ্নী দুগৰাকীয়ে শুকুৰবাৰে মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাৰ মালশিৰাছ তালুকত লোকজনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এই বিবাহক লৈ দুয়োটা পৰিয়ালৰ কোনো আপত্তি নাছিল।ছ’চিয়েল মিডিয়াত বিয়াৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত এই বিবাহ বৈধ নে নহয় আৰু হিন্দু বিবাহ আইনৰ অধীনত অনুমতি দিয়া হৈছে নে নাই সেই বিষয়ে নেটিজেনসকলে চিন্তিত হৈ পৰিছিল। দুয়োগৰাকী ভগ্নীয়ে সৰুৰে পৰা একেখন ঘৰতে একেলগে বসবাস কৰি অহাৰ বাবে অতুল নামৰ এজন মানুহৰ লগত বিয়া পাতিবলৈ সিদ্ধান্ত ল’লে।

অতুল নামৰ দৰাজন মালশীৰস তালুকৰ বাসিন্দা। মুম্বাইত তেওঁৰ ট্ৰেভেল এজেন্সীৰ ব্যৱসায় আছে। পিতৃৰ মৃত্যুৰ পিছত ছোৱালীকেইজনীয়ে মাতৃৰ সৈতে বাস কৰিছিল। মাক অসুস্থ হৈ পৰাৰ পিছত অতুল ৰিংকি আৰু পিংকিৰ লগত ঘনিষ্ঠ হৈ পৰিছিল, আৰু ভনীয়েকহঁতে মাকক হস্পিতাললৈ নিবলৈ তাৰ গাড়ী লৈ গৈছিলএই অদ্ভুত বিয়াৰ পিছত স্থানীয় আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিলে যদিও কোনো আপত্তি বা বলপূৰ্বক সিদ্ধান্তৰ সন্দৰ্ভত পৰিয়ালৰ সদস্যৰ পৰা কোনো সঁহাৰি পোৱা নাই।

হঠাৎ হোৱা বুকুৰ বিষ অৱহেলা নকৰিব…

হঠাতে যদি কাৰোবাৰ বুকুৰ বিষ হয়, তেনেহ’লে কথাটোত অৱহেলা নকৰিব। বিশেষকৈ চল্লিশোৰ্ধ পুৰুষ অথবা পঞ্চাছোৰ্ধ মহিলাৰ যদি এনে ধৰণৰ বিষ হয়, তেনেহ’লে কথাটো বিশেষভাৱে গুৰুত্ব দিব লগীয়া। এনে বয়সৰ লোকৰ হঠাৎ হোৱা বুকুৰ বিষ প্ৰথমতেই হাৰ্টৰ কাৰণেই হোৱা বুলি ধৰি লোৱা ভাল।

হৃদৰোগ জনিত বুকুৰ বিষ বিভিন্ন ধৰণে দেখা দিব পাৰে। সাধাৰণ মানুহে অৱশ্যে ভাৱে যে হাৰ্টৰ কাৰণে হোৱা বুকুৰ বিষ বুকুৰ বাওঁফালেই হয়। কিন্ত সকলোৰে ক্ষেত্ৰত তেনে নহবও পাৰে। হৃদৰোগ জনিত বুকুৰ বিষৰ ক্ষেত্ৰত কেইটিমান বৈশিষ্ট্য আছে। যেনে- হাৰ্টৰ বিষ সাধাৰণতে বুকুৰ মাজ অংশত ভালেখিনি ঠাই জুৰি হয়। ৰোগীয়ে বুকুত এটা চাপ অনুভাৱ কৰে- বুকু খন গধুৰ গধুৰ লাগে। বুকুৰ সেই অংশত সামান্য এটা অস্বস্তিৰ ভাৱ, কেতিয়াবা জ্বলা-পোৰাৰ ভাব দেখা যায়। ডিঙিৰ ওচৰত প্ৰচণ্ড হেঁচা বা বুকুৰ সোঁমাজত তিব্ৰ বিষ অনুভৱ হয়। হাৰ্ট এটেকে হ’লে এই বিষ কেইমিনিটৰ পৰা কেইবা ঘণ্টালৈকে থাকিব পাৰে।

হৃদৰোগ জনিত বুকুৰ বিষ হ’লে ৰোগীয়ে ঠাণ্ডা দিনতো প্ৰচণ্ড ঘামি উঠিব। বুকুৰ বিষটো ক্ৰমে বাওঁ হাত বা কেতিয়াবা ডিঙিৰ ওপৰলৈ, কেতিয়াবা পিঠিৰ ফাললৈ বা কেতিয়াবা দ্যুও খন হাত লৈকে বিয়পি যাব পাৰে। হাৰ্ট এটেকৰ ঠিক আগৰ পৰ্যায়ত হৃদৰোগ জনিত বিষ সাধাৰণতে ১৫/২০ মিনিটলৈকে স্থায়ী হয়।

হৃদৰোগ জনিত বিষ সাধাৰণতে খুব বেছি শাৰীৰিক পৰিশ্ৰম বা প্ৰবল মানসিক টেনচনৰ পিছতে হয়। কিন্ত যদি বিশ্ৰাম লোৱাৰ পিছতো বিষটো কমা নাই বা বিশ্ৰাম লৈ থকা অৱস্থাটো যদি বিষয়টো হৈ আছে, তেনেহ’লে এই বিষটিক আৰু বেছি গুৰুত্ব সহকাৰে লোৱা উচিত। এই অৱস্থাটোকে ‘আনষ্টেবল এঞ্জাইনা’ বুলি কোৱা হয়। ইয়াৰ পিছতে হাৰ্ট এটেকৰ সম্ভাৱনা সকলোতকৈ বেছি হয়।

বহু সময়ত ৰোগীয়ে বিশ্ৰাম ললে বিষটো ভাল পায়। সেয়ে এনে ধৰণৰ বিষৰ প্ৰতি সকলোৱে গুৰুত্ব দিব নোখোজে। কিন্ত এইটোৱেই আটাইতকৈ ভূল কথা। এনে ধৰণৰ জিৰণি ললে ভাল পাই যোৱা বিষটোৱেই হৈছে ‘ষ্টেবল এঞ্জাইনা’। কিন্ত যি কোনো সময়তে বা যিকোনো কাৰণতে এই ষ্টেবল এঞ্জাইনাই আনষ্টেবল এঞ্জাইনালৈ ৰুপান্তৰিত হব পাৰে আৰু তাৰ পৰিণতিত হাৰ্ট এটেক পৰ্যন্ত হব পাৰে। এই ষ্টেবল এঞ্জাইনাই স্কিনিয়াৰ লক্ষণ। সেয়ে জিৰণি ললে বিষৰ উপশম হ’লেও নিশ্চিত হোৱা উচিত নহয়। জিৰণি ল’লেও যদি বিষ নকমে বা আনষ্টেবল এঞ্জাইনা যদি হয়, তেনেহলে প্ৰচুৰ ঘাম ওলাব পাৰে। লগতে শাৰীৰিক অস্বস্তি আৰু উশাহ-নিশাহ লোৱাত কষ্ট হ’ব পাৰে। তীৰ পিছতেই হাৰ্ট এটেক বা মায়োকাৰ্ডিয়েল ইনফাৰ্কচন (Myocardial Infarction) হয়।

হৃদৰোগৰ বিষ বহু সময়ত খোৱা-বোৱা কৰাৰ পিছতে হয়। তাৰোপৰি এই বিষ ঠিক বুকুৰ মাজ অংশতে হয়। সেয়ে অধিকাংশ লোকেই এই বিষ গেছ বা এচিডিটিৰ কাৰণে হোবা বুলিয়েই ভাবে ফলত সঠিক চিকিৎসা গ্ৰহণত পলম কৰে। সেয়ে ৰোগী আৰু ৰোগীৰ পৰিয়াল এই ক্ষেত্ৰত কিছু সাৱধান হোৱা ভাল।

সাধাৰণতে বুকুৰ বিষ গেচ বা এচিডিটিৰ কাৰণে হয় যদিও অন্যান্য হৃদৰোগৰ কাৰণেও এনে ধৰণৰ বিষ হয় বুলি ৰোগীয়ে ধৰি লোৱাই ভাল। ইস্কিমিক হাৰ্ট ডিজিজ আৰু একিউট হাৰ্ট এটেক এনেধৰণৰ বিষৰ কাৰণে হব পাৰে।

ইস্কিমিক হাৰ্ট ডিজিজ : ধমনীত চৰ্বি জমা হৈ ৰক্তনলীৰ পথৰ আকাৰ সৰু হৈ পৰাৰ ফলত ৰক্ত সঞ্চালন স্বাভাৱিকতে ব্যাহত হয়। এয়াই হ’ল ইস্কিমিক হাৰ্ট ডিজিজ। এই ৰোগৰ দৰেই আন এটি ৰোগ হ’ল এঞ্জাইনা। এঞ্জাইনাৰ বুকুৰ বিষো হঠাৎ আৰম্ভ হয়। কেইমিনিটমান থাকি বিষটো নিজে নিজে নাইকিয়া হয়। অধিক পৰিশ্ৰম কৰিলে বিষটো হয় আৰু জিৰণি ললেই কমে। যদি হঠাৎ বুকুৰ বিষ হয়, তেনেহ’লে আপুনি জিভাৰ তলত ‘চৰবিট্ৰেট’ নামৰ টেবলেটটো লৈ চিকিৎসকৰ পৰামৰ্শৰ বাবে যোগাযোগ কৰক বা ঘৰৰ মানুহক চিকিৎসালয়লৈ নিবলৈ কওক। ইস্কিমিক হাৰ্ট ডিজিজৰ কাৰণে হোৱা বুকুৰ বিষ এঞ্জাইনাৰ বিষতকৈ বেছি সময়লৈ হয়। বিছৰ পৰা ত্ৰিছ মিনিট সময় যদি বিষটো থাকে তেনেহ’লে সেয়া ইস্কিমিক হাৰ্ট ডিজিজ হ’ব পাৰে।

একিউট হাৰ্ট এটেক : হঠাৎ বুকুৰ বিষ, লগতে ঘাম, উশাহ-নিশাহত কষ্ট, হাত-ভৰি চেঁচা পৰি যোৱা, বমি বমি ভাব বা বমি হোৱা আদি লক্ষণে দেখা দিয়ে, তেনেহ’ল্কে সেয়া একিউট হাৰ্ট এটেক হব পাৰে। এই ৰোগৰ আক্ৰমণত ৰোগীৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে। ৰোগৰ লক্ষণ দেখা পালেই কাষৰ মানুহৰ সহায় লব। লগে লগে হস্পিতললৈ নিবলৈ কব।

একিউট হাৰ্ট এটেকৰ ক্ষেত্ৰত প্ৰথম দুঘণ্টামান সময় অত্যন্ত উদ্বেগ জনক আৰু সংকট পূৰ্ণ। কাৰণ অধিকাংশ ক্ষেত্ৰত এই সময়তে ৰোগৰ জটিল অৱস্থাৰ সৃষ্টি হয়। এনে ৰোগ-লক্ষণ দেখা পালেই ৰোগীক যিমান পাৰে সোনকালে হস্পিতাললৈ নিব।

এই ৰোগৰ চিকিৎসাবোৰ হ’ল- থ্ৰম্বোলাইটিক ট্ৰিটমেণ্ট, বেলুন এঞ্জিওপ্লাষ্টি বা বাইপাছ চাৰ্জাৰি। ৰোগীৰ পৰিস্থিতি চাইকেনে ধৰণৰ চিকিৎসা লব লাগিব সেয়া চিকিৎসকেহে নিৰ্ণয় কৰিব। থ্ৰম্বোলাইটিক ট্ৰিটমেণ্ট কৰা হয় কেৱল ঔষধ প্ৰয়োগৰ দ্বাৰা। ৰোগীৰ অৱস্থা চাই অঞ্জিওগ্ৰাম কৰি এঞ্জিওপ্লাষ্টি কৰা হব পাৰে। ৰোগীৰ ধমনীত তেজ গোট মাৰি তেজ চলাচলত বাধাৰ সৃষ্টিৰ হৈ হাৰ্ট এটেক হ’লে বেলুন এঞ্জিওপ্লাষ্টিৰ সহায়ত সেই বাধা খুলি দিয়া হয়। হাৰ্ট এটেকৰ ক্ষেত্ৰত সাধাৰণতে অস্ত্ৰোপচাৰ কৰা নহয়।

বুকুৰ বিষ হোৱা লোকৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব পূৰ্ণ দিশটো হ’ল ৰিস্ক ফেক্টৰ । এই ৰিস্ক ফেক্টৰ বিলাকৰ ভিতৰত আছে- ধূমপান, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, মেদ বহুলতা, তেজেত কলেষ্টেৰলৰ আধিত্য, বংশগত ভাবে হৃদৰোগ থকাৰ ইতিহাস, মানসিক দুশ্চিন্তা বা উদ্বেগ আদি। বুকুত হঠাৎ বিষ হোৱা ব্যক্তি জন এই বিলাক ৰিস্ক ফেক্টৰৰ ভিতৰৰ যিকোনো এটিৰ ভিতৰত পৰে নেকি সেইটো বিশেষ ভাবে লক্ষ্য কৰিব। এই ৰিস্ক ফেক্টৰ বিলাকৰ ভিতৰৰ এটিও যদি কাৰোবাৰ থাকে, তেনেহ’লে অন্য লোকৰ তুলনাত তেও৬ৰ হাৰ্ট এটেকৰ সম্ভাৱনা ৩-৪ গুণ বেছি। একেলগে দুটা বা তিনিটা ৰিস্ক ফেক্টৰ থকা লোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা বহু গুণে বেছি।

লেখক: ডাঃ দীপক চক্ৰৱৰ্তী, 

শীতকালত সিজোৱা কণী খালে স্বাস্থ্যই লাভ কৰে যাদুকৰী উপকাৰ

শীতকালত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। এনে পৰিস্থিতিত শীতকালত কণী সেৱন কৰিব পাৰি। কণীৰ এনে বহুতো গুণ আছে যিয়ে শৰীৰৰ বহু পুষ্টিকৰ উপাদানৰ প্ৰয়োজনীয়তা পূৰণ কৰে।শীতকালত শৰীৰ সুস্থ কৰি ৰাখিবলৈ স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। এনে পৰিস্থিতিত শীতকালত কণী সেৱন কৰিব পাৰি। কণীৰ এনে বহুতো গুণ আছে যিয়ে শৰীৰৰ বহু পুষ্টিকৰ উপাদানৰ প্ৰয়োজনীয়তা পূৰণ কৰে। আনহাতে কণীয়ে আমাৰ শৰীৰৰ লগতে মানসিক স্বাস্থ্যও সঠিক কৰি ৰাখে। সেইবাবেই মানুহে ইয়াক ব্ৰেকফাষ্টত খাবলৈ বেছি পছন্দ কৰে। একে সময়তে মানুহে বিভিন্ন ধৰণে কণী সেৱন কৰে।কিন্তু সিজোৱা কণী খোৱাৰ নিজস্ব উপকাৰ আছে, গতিকে ইয়াত আমি আপোনালোকক ক’ম কণী খোৱাৰ উপকাৰ কি?

শীতকালত সিজোৱা কণী খোৱাৰ উপকাৰীতা-

শৰীৰ ভিতৰৰ পৰা উষ্ণ হৈ থাকে
শীতকালত শৰীৰক গৰম কৰি ৰাখিবলৈ এনে খাদ্যৰ প্ৰয়োজন হয় য’ত প্ৰ’টিন, কেলচিয়াম থাকে, এনে পৰিস্থিতিত যদি আপুনি দৈনিক কণী সেৱন কৰে, তেন্তে আপোনাৰ শৰীৰ ভিতৰৰ পৰা গৰম হৈ থাকে। ইয়াৰ বাবে দৈনিক এটাকৈ সিজোৱা কণী খাব লাগে, এনে কৰিলে আপোনাৰ শৰীৰটো ভিতৰৰ পৰা শক্তিশালী হ’ব। কেৱল এয়াই নহয়, দৈনিক ইয়াক সেৱন কৰিলে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হৈ থাকে।


আইৰণৰ অভাৱ দূৰ হয়-
কণীত যথেষ্ট পৰিমাণে আইৰণ থাকে। একে সময়তে কণী খোৱাৰ ফলত শৰীৰৰ ক্লান্তিও কমি যায়। যদি আপুনি মূৰ ঘূৰোৱা অনুভৱ কৰে তেন্তে ইয়াৰ বাবে কণী অতি উপকাৰী। একে সময়তে কণী সেৱন কৰিও শৰীৰত আইৰণৰ অভাৱ দূৰ কৰিব পাৰি।
মনটোক চোকা কৰক
কণীত থকা ওমেগা ৩ আৰু ফেটি এচিড মগজুৰ বাবে অতি উপকাৰী, আনহাতে কণীত কলিন পোৱা যায়, যাৰ বাবে মন চোকা হয়।

ৰাছিয়াই ইউক্ৰেইনৰ বন্দৰ চহৰ মাৰিঅ’পোলত এটা নতুন সামৰিক ঘাটি নিৰ্মাণ…

ৰাছিয়াই ইউক্ৰেইনৰ বন্দৰ চহৰ মাৰিঅ’পোলত এটা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰি আছে। ৰাছিয়াৰ এই কাৰ্যকলাপ শেহতীয়া কেইবাটাও উপগ্ৰহ ছবিত দেখা পোৱা গৈছে। বিবিচিৰ এক প্ৰতিবেদনত এই তথ্য দাঙি ধৰা হৈছে।

প্ৰতিবেদন অনুসৰি, ৰাছিয়াই চহৰখনত এটা নতুন বৃহৎ সামৰিক শিবিৰ নিৰ্মাণ কৰি আছে। ৰাছিয়াই ক্ৰমান্বয়ে মাৰিঅ’পোলত পুনৰ ইয়াৰ প্ৰতিৰক্ষা প্ৰণালী শক্তিশালী কৰি আছে। চহৰখনৰ দক্ষিণ আৰু পূব অংশত ইউক্ৰেইনৰ প্ৰত্যাক্ৰমণৰ ফলত মাৰিঅ’পোল ভাবুকিৰ সন্মুখীন হৈছে। এই পৰিস্থিতিত ৰাছিয়াই চহৰখনত নিজৰ সৈন্য বৃদ্ধি কৰা আৰম্ভ কৰিছে।

ৰাছিয়াই এই বছৰৰ ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰিছিল। ইয়াৰ পিছত ৰাছিয়াৰ সেনাই মাৰিঅ’পোল চহৰখন প্ৰায় তিনি মাহৰ বাবে অৱৰোধ কৰি ৰাখে। ইপিনে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে উপযুক্ত সময়ত অধিকৃত ডনবাছ অঞ্চল পৰিদৰ্শন কৰিব। অৱশ্যে পুটিনৰ ভ্ৰমণৰ সঠিক তাৰিখ সদৰী কৰা নাই।

শেহতীয়াকৈ ডনবাছকে ধৰি কিছুমান অঞ্চল গণভোটৰ দ্বাৰা ইউক্ৰেইনৰ পৰা পৃথক কৰা হৈছে আৰু ৰাছিয়াৰ সৈতে সংযুক্ত কৰা হৈছে।

শীতকালত হাৰ্ট এটেক বৃদ্ধি হোৱাৰ কাৰণ সমূহ জানো আহক…

শীতকালত হাৰ্ত এটেকৰ সম্ভাৱনাও বাঢ়ে। ইস্কিমিক হাৰ্ট ডিজিজৰ চূড়ান্ত পৰ্যায়ৰ নাম হ’ল হাৰ্ট এটেক। ধমনীৰ কোনো অংশত চৰ্বি জমা হৈ সুৰুঙা ঠেক হৈ পৰাৰ ফলত তেজৰ চালচল ব্যাহত হয় আৰু হৃদযন্ত্ৰত যন্ত্ৰণা অনুভূত হয়। এই অৱস্থা বাঢ়ি গৈ চূড়ান্ত পৰ্যায়লৈ গ’লে অৰ্থাৎ ধমনী প্ৰায় বন্ধ হৈ যোৱা অৱস্থালৈ আহিলে মানুহৰ হাৰ্ট এটেকৰ সম্ভাৱনাই দেখা দিয়ে।

শীতকালত হাৰ্ট এটেক বৃদ্ধি হোৱাৰ নিৰ্দিষ্ট কিছুমান কাৰণ আছে। যি সকলৰ শৰীৰত ইতিমধ্যে কিছুমান ‘ৰিক্স ফেক্টৰ’ তৈয়াৰ হৈছে, তেনে লোকৰহে হাৰ্ট এটেকৰ সম্ভাৱনা থাকে। ‘ৰিক্স ফেক্টৰ’ বুলিলে ডায়েবেটিচ, হাই ব্লাডপ্ৰেচাৰ, মেদবহুলতা, ধুমপান আৰু মানসিক চাপ আদিক বুজায়। প্ৰথমতে এই সময়ত ৰক্তচাপ সকলোৰে কিছু বাঢ়ে। যি সকল উচ্চ ৰক্তচাপৰ ৰোগী, তেওঁলোকৰ বাবে ই চিন্তাৰ কাৰণ হব পাৰে। তাৰ পিছত শ্বাস নলীৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধিৰ ফলতো হৃদৰোগী সকলৰ উশাহ-নিশাহৰ কষ্ট বাঢ়ে আৰু এইটোৱে হৃদযন্ত্ৰৰ বাবে ভয়ংকৰ হৈ উঠিব পাৰে। তাৰোপৰি শীতকালত তেজৰ অনুচক্ৰিকাৰ গোট মৰাৰ প্ৰবণতা বাঢ়ে আৰু শীতৰ বাবে তেজৰ ঘনত্বও কিছু বাঢ়ে। এই সকলোবোৰেই হৃদৰোগীৰ বাবে বিপদ সংকেত হৈ উঠিব পাৰে।

কম বয়সীয়া লোকৰ হাৰ্ট এটেক হ’ব পাৰে নেকি?

ভাৰত, পাকিস্তান আৰু বাংলাদেশ – এই তিনিও খন দেশ গোটেই পৃথিৱীৰ ভিতৰত হাৰ্ট এটেকৰ ক্ষেত্ৰত অগ্ৰগণ্য। এই তিনিও খন দেশতে অল্প বয়সীয়া সকলৰো হাৰ্ট এটেক বেছিকৈ হয় আৰু দুৰ্ভাগ্য জনক ভাৱে মৃত্যুৰ হাৰো বেছি। হাই কলেষ্ট্ৰৰেল থকা এশ জন ৰোগীৰ ভিতৰত অন্ততঃ পোন্ধৰ জনৰ বয়স ২০-৩০ বছৰৰ ভিতৰত। ইয়াৰ বহুতৰে তেজত ট্ৰাইগ্লিচাৰইডৰ পৰিমাণো আশংকা জনক ভাৱে অধিক। ইয়াৰ কাৰণ বিভিন্ন ধৰণৰ হব পাৰে। বংশগত কাৰণৰ উপৰিও ক্ৰুটিপূৰ্ণ জীৱন চৰ্যা অন্যতম। হাৰ্ট এটেকৰ ঘটনা গ্ৰামাঞ্চলতকৈ চহৰাঞ্চলত বেছি হোৱাৰ কাৰণো এনে লোকৰ ক্ৰুটি পূৰ্ণ জীৱন শৈলী। গ্ৰামাঞ্চলত এনে ঘটনা শতকৰা ৪ ভাগ আৰু চহৰাঞ্চলত শতকৰা ১১-১২ ভাগ। ফাষ্ট ফুট আৰু চৰ্বি জাতীয় খাদ্যৰ প্ৰতি আসক্তি, পৰিশ্ৰম বিমুখিতা, মেদ আৰু ওজন বৃদ্ধিৰ বাবে কলেষ্ট্ৰেৰল বৃদ্ধি পোৱা আদি চহৰীয়া জীৱনৰ সাধাৰণ ছবি হৈ পৰিছে। এফালে শাৰীৰিক শ্ৰম হীনতা, অন্যফালে স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক মুখৰোচক খাদ্য গ্ৰহণৰ প্ৰবণতা, এই দুটা কৰণৰ বাবে দেখা দিয়ে মেটাব্লিক ছিনড্ৰম বা ছিনড্ৰম এক্স। যাৰ ফলত শৰীৰৰ মধ্য অংশত চৰ্বি বাঢ়ি যায়। তেজত শৰ্কৰাৰ পৰিমাণো বৃদ্ধি পায়। ব্যক্তি বিশেষে চৰ্বি জাতীয় খাদ্য পদাৰ্থ বেছিকৈ খোৱাৰ লগতে ধুমপান কৰাৰো অধিক প্ৰবণতা থাকে আৰু এই বিলাক অভ্যাসে হৃদৰোগ আৰু উচ্চ ৰক্তচাপৰ কাৰক হৈ উঠে। তাৰোপৰি কমবয়সীয়া লোকৰ হাৰ্ট এটেকৰ ঘটনা বৃদ্ধি পোৱাৰ এটা কাৰণ হ’ল ষ্ট্ৰেছ। মেধাবী ছাত্ৰ-ছাত্ৰী সকল অসম্ভৱ ষ্ট্ৰেছৰ মাজত থাকে। এন ল’ৰা-ছোৱালীয়ে পড়্ঘা-শুনা শেষ কৰাৰ পিছত ভাল চাকৰি হয়তো কৰে কিন্ত এনে চাকৰি জীৱী সকল অত্যধিকি টেনচনত থাকে। শাৰীৰিক পৰিশ্ৰম নহয়, ব্যায়াম কৰাৰ সময় নাপায়, খোৱা-বোৱাত চকু নিদিয়াৰ ফলত্ হৃদ জনিত ৰোগত ভোগে। সুস্থ হৈ থাকিবলৈ হ’লে এনে ধৰণৰ জীৱন চৰ্যাৰ পৰা মুক্ত হোৱাটো অতি দৰকাৰী।

সৰু শিশুৰ ক্ষেত্ৰত ৰিউমেটিক হাৰ্ট ডিজিজ শীত কালত ভ্যানক হৈ উঠিব পাৰে। যিহেতু ঠাণ্ডাত শিশু সকল সহজে চৰ্দি-কাহত আক্ৰান্ত হয়, সেয়ে শ্বাসনলী, হাওঁফাওঁ সংক্ৰমিত হৈ দুৰ্বল ৰিউমেটিক হাৰ্টৰ বাবে মাৰাত্মক ক্ষতিকৰ হৈ উঠিব পাৰে। তাৰোপৰি হাৰ্টৰ ভালভৰ সমস্যা থকা শিশুৰো এই সময়ত সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে। যি সকল শিশুৰ হাৰ্টৰ কাৰ্যক্ষমতা কম আৰু চিকিৎসাধীন অৱস্থাত থাকে এই সময়ত তেনে শিশুৰ হাৰ্ট এটেকৰ সম্ভাৱনা কিছু বেছি হয়।

হাৰ্ট এটেক প্ৰতিৰোধ কি দৰে কৰিব

আমি সচেতন হ’লেই হাৰ্ট এটেক প্ৰতিৰোধ কৰিব পাৰো। এই ক্ষেত্ৰত প্ৰতিৰোধ মূলক ব্যৱস্থা হিচাপে নিম্ন লিখিত প্ৰসঙ্গবোৰ মনত ৰখা দৰকাৰ।

খোৱা-বোৱা

খাদ্য দ্ৰব্যৰ ভিতৰত প্ৰথমেই উল্লেখ কৰিব পাৰি চিগাৰেটৰ কথা। চিগাৰেট খোৱাটো সকলো সময়তে ক্ষতিকাৰক। কিছুমানে ইয়াৰ সপক্ষে যুক্তি দি কয় যে দিনে মাত্ৰ দুটা বা তিনিটা চিগাৰেটহে খায়; তাতকৈ বেছি নহয়।  কিন্ত দুটা খোৱা বা দহটা খোৱাৰ পৰিণতিৰ মাজত বিশেষ পাৰ্থক্য নাথাকে। মাত্ৰ ক্ষতিৰ মাত্ৰাৰ বা সময়ৰহে কিছু তাৰতম্য হয়। সেয়ে দিনে দুটা খালেও হাৰ্ট এটেকৰ সম্ভাৱনা থাকি যায়।

সমীক্ষাৰ পৰা জনা গৈছে যে, সামান্য পৰিমাণে এলেকহল খালে হৃদযন্ত্ৰ ভালে থাকে। কিন্ত এই কথাটো মূৰত সোমাই নোলোৱাটোৱে ভাল। কাৰণ দেখা যায়, যি সকলে এলকহল খায়, তেওঁলোকে প্ৰায়ে পৰিমাণৰ মাত্ৰা পাৰ হৈ যায় আৰু অপৰিমিত মদ্যপানৰ পৰিমাণ মাৰাত্মক। অৰ্থাৎ এনে লোকে নীৰৱে হাৰ্ট এটেকক আমন্ত্ৰণ জনায়।

খাদ্যৰ ভিতৰত তেল, চৰ্বি জাতীয় খাদ্য, মাখন, চিজ, ঘিউ – যিমান দূৰ সম্ভৱ কমকৈ খোৱা ভাল। পঠাৰ মাংস খোৱা অনুচিত। প্ৰয়োজনত মুৰ্গীৰ মাংস খাব পাৰি। কিন্ত সেয়াও নিয়মিত হোৱা অনুচিত। কণী সপ্তাহত দুদিনতকৈ বেছি নহয়। মাছ খোৱাটো ভাল। প্ৰতিদিনৰ খাদ্য তালিকাত সৰু আৰু টাটকা মাছ ৰখা দৰকাৰ। কিন্ত ডাঙৰ মাছ উপকাৰী নহয়। শাক-পাচলি, ফল-মূল বেছিকৈ খোৱা ভাল। পৰিমিত প্ৰ’টিন, বিভিন্ন ধৰণৰ ভিটামিন, কাৰ্বোহাইড্ৰেট আৰু চৰ্বি জাতীয় খাদ্য-সকলো লগ লগাই খাদ্য তালিকাত সুষম আৰু ভাৰসাম্য যুক্ত হোৱা দৰকাৰ।

হঠাৎ হাৰ্ট এটেক হ’লে কি কৰিব

হাৰ্ট এটেকৰ বিষ গেচ জনিত বিষৰ দৰে প্ৰায় একে হোৱাৰ বাবে প্ৰাৰম্ভিক অৱস্থাত কিছু দোমোজাত পৰা যায়। যি সকলৰ কেতিয়াও গেচ বা বদহজম আদি নহয় আৰু ব্লাডচুগাৰ, কলেষ্ট্ৰেৰেল, হাই ব্লাড প্ৰেচাৰ আৰু মেদবহুলতা বা শৰীৰৰ ওজন বৃদ্ধিৰ দৰে ‘ৰিস্ক ফেক্টৰ’ থাকে, তেনে লোকে এনে ধৰণৰ বিষ হ’লে সতৰ্ক হোৱা প্ৰয়োজন। ঘৰৰ মানুহে আপদকালীন ব্যৱস্থা হিচাপে ৩২৫ এম জি এচপিৰিণ টেবলেট খুৱাই ততালিকে ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰাব লাগে। অৱশ্যে এচপিৰিণ দিতাৰ আগতে ব্লাড প্ৰেচাৰ জুখি লোৱাৰ দৰকাৰ। ৰক্তচাপ স্বাভাৱিক থাকিলেহে এচপিৰিণ দিব লাগে। বুকুত প্ৰচণ্ড বিষ হ’লে জিভাৰ তলত চৰবিট্ৰেট টেবলেট দি চিকিৎসালয়লৈ লৈ যাব লাগে। অকলশৰীয়া অৱস্থাত ৰাস্তাই ঘাটে যদি বুকুত প্ৰচণ্ড বিষ হত, তেন্তে লগে লগে বহি পৰক আৰু অইন লোকক সাহাৰ্য্যৰ বাবে মাতক। অইনৰ সহায়ত চিকিৎসালয়ত ভৰ্তি হওক। নিজে খোজকাঢ়ি যাবলৈ চেষ্টা নকৰিব।

লেখক: ডাঃ ৰঞ্জন বৰুৱা

পাৰিষদ দীপক মৌৰ আৰু স্থানীয় প্ৰসাশনৰ প্ৰশংসনীয় পদক্ষেপ

পাৰিষদ দীপক মৌৰ আৰু স্থানীয় প্ৰসাশনৰ প্ৰশংসনীয় পদক্ষেপ। দুৰ্ঘটনা ৰোধৰ বাবে পথত বহুৱালে গতিৰোধক।ওদালগুৰি জিলাৰ ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিৰ পাৰিষদ দীপক মৌৰ আৰু মাজবাটৰ স্থানীয় প্ৰসাশনৰ প্ৰচেষ্টাত নগৰখনৰ বহু ঠাইত দুৰ্ঘটনা ৰোধৰ বাবে গতিৰোধক বহুৱাই। মাজবাট অঞ্চলত সঘনাই সংঘটিত হৈ অহা মটৰ বাইক আৰু চাৰিচকীয়া বাহনৰ দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ততাতৈয়াকৈ এই পদক্ষেপ গ্ৰহণ কৰে। উল্লেখ্য যে প্ৰায় এসপ্তাহৰ ভিতৰতে মাজবাট নগৰখনৰ নিকটৱৰ্তী এলেকা তথা ওৰাং -মাজবাট ৰূপা পথত তিনিটাকৈ শোকাৱহ দুৰ্ঘটনাত চাৰিজন যুৱক আৰু এজন যুৱতী মৃত্যু মুখত পৰিছে।

সঘনাই হৈ অহা এনে দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আজি পাৰিষদ দীপক মৌৰ, মাজবাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উৎপল ডেকা আৰু মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজিৱ গোঁহাইৰ উপস্থিতিত মাজবাট নগৰখনৰ কেইবা ঠাইতো পথত গতিৰোধক বহুৱা হয়। আনহাতে স্থানীয় প্ৰসাশনে সকলো বাহন চালকক নগৰ খনৰ মাজেৰে পাৰ হোৱাৰ সময়ত গাড়ী সমূহ ধীৰ গতিৰে চলাবলৈ আহ্বান জনোৱাৰ লগতে বাইক আৰোহী সকলক হেলমেট পৰিধান কৰিহে বাইক চলাবলৈ আহ্বান জনায়।

দম্পতীয়ে বিয়াত আত্মীয়ৰ সৈতে যাবলৈ সম্পূৰ্ণ বিমান বুকিং কৰিলে, নেটিজেনসকলৰ এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ…

ভাইৰেল ভিডিঅ’ ইনষ্টাত এক কোটিতকৈও অধিক বাৰ চোৱা হৈছে। বহু লোকেও এই ক্লিপটোৰ ওপৰত মন্তব্য কৰিছে। কোনো কোনোৱে বিবাহত হোৱা খৰচৰ কথা কোৱাৰ বিপৰীতে কিছুমান ব্যৱহাৰকাৰীয়ে আত্মীয়ক ঠাট্টাও কৰিছিল।

আমাৰ দেশৰ বিবাহ সম্পর্কে সদায় চর্চা চলি থাকে৷ ইয়াৰ এক বিশেষ কাৰণ হ’ল বিয়াত হোৱা খৰচ। আমাৰ দেশত বিয়া এক ব্যয়বহুল কাম। ভাৰতীয়সকলে বিয়াত বহু খৰচ কৰে আৰু বহুতে বিশ্বাস কৰে যে বিয়াৰ ভৱিষ্যৎ সমাজত নিজৰ প্ৰতিপত্তি বজাই ৰখাৰ লগত জড়িত। বাৰু, যিয়েই নহওক ব্যক্তিগত পছন্দ। আজিকালি ছ’চিয়েল মিডিয়াৰ শিৰোনামত থকা এনে বিবাহৰ কথা এতিয়া কওঁ।

শেহতীয়াকৈ এক অনুষ্ঠানত দৰা-কইনাৰ অনুৰাগীৰ বাবে এখন সম্পূৰ্ণ বিমান বুকিং কৰা হৈছিল। ডিজিটেল সৃষ্টিকৰ্তা শ্ৰেয়া শ্বাহে ৰাজস্থানত ভগ্নীৰ বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পৰিয়ালৰ ভ্ৰমণৰ আভাস শ্বেয়াৰ কৰিবলৈ ইনষ্টাগ্ৰামত যোগদান কৰে। শ্বেয়াৰ কৰা এটা ক্লিপত দেখা গৈছে শ্ৰেয়া শ্বাহক এখন বিমানত। বিমানখন কেৱল আত্মীয়ৰে ভৰি আছে।

ভিডিঅ’টোত দেখা গৈছে যে দৰা-কইনা সন্মুখত বহি আছে, যিসকলক অতি সুখী যেন লাগিছে। ভিডিঅ’টোত লিখা আছে, “এইখন তোমাৰ ভনীয়েকৰ বিয়া, গতিকে তুমি গোটেই বিমানখন বুকিং কৰিছা।” এই ভিডিঅ’টো ইনষ্টাগ্ৰামত ১ কোটি ১০ লাখতকৈ অধিক বাৰ চোৱা হৈছে। বহু লোকেও এই ক্লিপটোৰ ওপৰত মন্তব্য কৰিছে। বেছিভাগ ব্যৱহাৰকাৰীয়ে বিবাহত হোৱা খৰচৰ কথা ক’বলৈ ধৰিলে। একে সময়তে একাংশ ইউজাৰেও আত্মীয়ক ঠাট্টা-মস্কৰা কৰে।

https://www.instagram.com/reel/CllI2cXK2mW/?utm_source=ig_web_copy_link

এজন ব্যৱহাৰকাৰীয়ে ক’লে, “আপুনি ধনী বুলি মোক নোকোৱাকৈয়ে মোক কওক যে আপুনি ধনী।” আন এজনে ক’লে, “যাত্ৰীসকল দৰমহা পোৱা অভিনেতা।” তৃতীয় এজন ব্যক্তিয়ে ক’লে, “মোৰ আত্মীয়সকল এনে ব্যৱহাৰৰ যোগ্য নহয়।” আন এজন ব্যক্তিয়ে দাবী কৰিছিল, “আচৰিত মানুহেৰে ভৰা এখন বিমান।” পিছত শ্বাহে আন এটা ভিডিঅ’ পোষ্ট কৰে, য’ত ৰাজস্থানৰ জয়ছালমেৰত হালদী অনুষ্ঠান দেখা গৈছে।