Home Blog Page 1919

প্ৰথমবাৰৰ বাবে তেজপুৰত আয়োজন কৰিবলৈ লোৱা “তেজপুৰ সাহিত্য উৎসৱ ( তেজপুৰ লিটফেস্ট’২২)ৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে…

শিলে কথা কোৱা প্ৰকৃতিৰ ৰম্যভূমি তেজপুৰত হ’ব কথা আৰু কবিতাৰ বৰষুণ। দেশৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ একাংশ জনপ্রিয় লেখক সাহিত্যিকৰ সমাৱেশেৰে অহা ৯, ১০ আৰু ১১ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে তেজপুৰত আয়োজন কৰিবলৈ লোৱা “তেজপুৰ সাহিত্য উৎসৱ – ২০২২” ( তেজপুৰ লিটফেস্ট’২২)ৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। তেজপুৰৰ সাহিত্য আৰু শৈক্ষিক অনুষ্ঠান “তেজপুৰ একাডেমী অব লিটাৰেচাৰ এণ্ড এডুকেশন” (টেল) ৰ উদ্যোগত শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে তেজপুৰীয়া ৰাইজৰ সহযোগত তেজপুৰৰ নেৰিয়ালম চৌহদত অনুষ্ঠিত হ’ব এই সাহিত্য উৎসর।

সাহিত্য উছৱৰ প্ৰতিটো দিনতে আয়োজিত হ’ব লগা বিভিন্ন কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব প্ৰসিদ্ধ লেখক ধ্ৰুৱজ্যোতি বৰা, মামাং দাই, মিত্ৰা ফুকন, এল হাজৰিকা, অনুৰাধা শৰ্মা পূজাৰী, য়েছে দৰজে ঠংচি, অবিন্দম বৰকটকী, জেনিচ প্যাৰিয়ট, শর্মিষ্ঠ প্রীতম আদি লেখক-লেখিকা সকলৰ লগতে চেলিব্রিটি চিনে তাৰকা ৰজত কাপুৰে। শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আয়োজক সমিতিৰ সভাপতি হিচাপে থাকি দেশৰ এই জনপ্রিয় লেখক-সাহিত্যিক সকলক আদৰিবলৈ “টেল” ৰ কৰ্মকৰ্তাৰ লগতে আয়োজক সমিতিয়ে ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে। এই সাহিত্য উৎসৱত লেখক সাহিত্যিক সকলৰ সৈতে পাঠকৰ “মেজমেল”, “লেখকৰ সৈতে মুখামুখি – অন্তৰংগ আলাপ”, “সৃজনশীল লেখাৰ কৰ্মশালা”, “বহুভাষিক গদ্য – কবিতা পাঠ”, “থিতাতে কবিতা ৰচনা”, “শেম কবিতা বা দৃশ্য শ্ৰাব্য কবিতা”, “ঘূৰণীয়া মেজমেল”, “সমূহীয়া বক্তৃতা”, “কুইজ”,“গল্প পাঠ” আদি কাৰ্য্যসূচীৰ লগতে ৰচীশীল সাংস্কৃতিক অনুষ্ঠানকে ধৰি বিভিন্ন কাৰ্য্যসূচীৰ বাবে সাজু হৈছে আয়োজক সমিতি। উল্লেখ্য যে তেজপুৰ চহৰৰ সমীপৰ দোলাবাৰীৰ নেৰিয়ালম চৌহদত (NERIWALM Campus) ত অনুষ্ঠিত হ’ব লগা এই সাহিত্য উৎসর প্রতিদিনে পুৱা ১০ বজাৰ পৰা বিয়লি ৫.৩০ বজালৈ সকলোৰে বাবে মুকলি থাকিব আৰু সকলো অনুষ্ঠানতে সকলোৱে বিনামূলীয়াকৈ অংশ গ্ৰহণ কৰিব পাৰিব।

তেজপুৰত প্ৰথমবাৰৰ বাবে আয়োজিত এই “তেজপুৰ সাহিত্য উৎসৱ – ২০২২“ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি ৯ ডিচেম্বৰৰ পুৱা ১০ বজাত অনুষ্ঠিত হ’ব “তেজপুৰ সাহিত্য উৎসৱ – 2022”ৰ উদ্বোধনী অনুষ্ঠান। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডা° ধ্ৰুৱজ্যোতি বৰাই উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশ গ্ৰহণ কৰাৰ লগতে ভাৰতীয় তেল নিগমৰ মুখ্য সাধাৰণ পৰিচালক মাধুৰ্য্য বৰুৱাৰ লগতে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই সন্মানীয় অতিথি, শোণিতপুৰৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰ আৰু জিলা আৰক্ষী অধীক্ষক সুশান্তবিশ্ব শৰ্মা বিশেষ আমন্ত্রিত অতিথিৰূপে উপস্থিত থাকিব উদ্বোধনী অনুষ্ঠানৰ অন্তত দুপৰীয়া ১২ বজাত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ৰমেশ ডেকাই মূল বক্তব্য প্ৰদান কৰাৰ লগতে বিয়লি ২-৩০ বজাত অনুষ্ঠিতব্য পেনেল আলোচনাত সাহিত্যিক মিত্রা ফুকন, অধ্যাপক জেনাইল সিং আনন্দ, মামাং দাই, ধ্রুব হাজৰিকা আৰু অংকুশ শ‍ইকীয়াই অংশ ল’ব। বিয়লি ৪-৩০ বজাত দেশৰ চেলিব্রিটি চিনে তারকা রজত কাপুৰৰ সতে বিশিষ্ট সাংবাদিক জাবিৰ হুছেইনৰ কথোপকথন। অহা ১০ ডিচেম্বৰৰ দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱা চ বজাৰ পৰা ড° শোভা দেৱীৰ তত্ত্বাৱধানত তেজপুৰ হেৰিটেজ ট্যুৰ ( ঐতিহাসিক তেজপুৰ পৰিভ্ৰমণ), দিনৰ ১০ বজাত সাহিত্য অকাডেমী বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক ড° অনুৰাধা শৰ্মা পূজাৰীৰে অন্তৰংগ আলোচনা। আলোচনাৰ আঁত ধৰিব অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড° চাৰু চহৰীয়া নাথে । দিনৰ ১১ বজাত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছি, অবিন্দম বৰকটকী, নাং অজন্তা বুঢ়াগোঁহাই- আৰু মৌচুমী বৰকটকীৰ অংশ গ্ৰহণেৰে অনুষ্ঠিত হ’ব’ সমসাময়িক অসমীয়া সাহিত্যৰ দিশঃ সাম্প্ৰতিক অসমীয়া সাহিত্যৰ গতিপথ’ শীৰ্ষক বিষয়ৰ পেনেল আলোচনা।

আলোচনাৰ আঁত ধৰিব তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা সাহিত্যিক ড° সঞ্জীৱপল ডেকাই। দিনৰ ১২-৩০ বজাত হ’ব লগা লেখকৰে মুখামুখি(মিট দ্য অথৰ) অনুষ্ঠানত অংশ ল’ব জনপ্রিয় লেখিকা শর্মিষ্ঠা প্রীতমে। সেইদিনা বিয়লি ২ বজাত সাহিত্যিক মামাং দাইৰ অংশ গ্ৰহণেৰে প্লেনাৰী চেছন, ৩-১৫ বজাত বিশিষ্ট সাহিত্যিক মিত্রা ফুকনাবে মুখামুখি অনুষ্ঠান আৰু গ্ৰন্থ উন্মোচন, ৪ বজাত লিটাৰেচাৰ ইন টাইমচ অৱ ক্ৰাইচিচ বিষ্যাত সাহিত্যিক ধ্রুব হাজৰিকা, মিত্ৰা ফুকন, জেনিচ পেৰিয়ট আৰু আৰু অন্তৰ আত্ৰেয়ৰ অংশগ্রহণেৰে পেনেল আলোচনা। আলোচনা খনিৰ আঁত ধৰিব ড° হিমজ্যোতি মেধীয়ে। সন্ধিয়া ৫-৩০ বজাত আয়োজিত হ’ব ‘লাফলাইনচ উইথ পংকজ থাপা’ৰ কাৰ্টুনত সমসাময়িক সময় শীর্ষক অনুষ্ঠান। বৰ ডিচেম্বৰৰ অন্তিম দিনৰ কাৰ্যসূচী দিনৰ ১০ বজাত সৃজনীমূলক লেখাৰ সন্দৰ্ভত জেনিচ পাৰিয়াটৰ সৈতে অন্তৰংঙ্গ আলোচনা, দুপৰীয়া ৰচবজাত ‘আমি কি পঢ়ো শীর্ষক অধ্যাপিকা ড° পল্লৱী ঝাৰ পৰিচালনাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অনুষ্ঠান, বিয়লি ১- ৪০ বজাত কুইজ, ৫-১২ বছৰৰ বয়সৰ শিশুৰ সাধু কোৱা অনুষ্ঠান, বিয়লি ৩ বজাত নাট্যকাৰ সাংবাদিক পুলক কুমাৰ ডেকাৰ পৰিচালনাত বহুভাষিক কবিতাৰ অনুষ্ঠান, বিয়লি ৪-৩০ বজাত আৰ জে গুপশ্বপৰ সৈতে মুকলি মাইক অনুষ্ঠান। সন্ধিয়া ৫ বজাত বঁটা প্ৰদান, সম্বৰ্ধনা আৰু বৰ্ণাঢ্য কাৰ্যসূচী আদিবে আয়োজিত সামৰণি অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° বীৰেণ দাস, দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পলাশমণি, শ‍ইকীয়া, ড° প্ৰদীপ কুমাৰ বৰা আৰু ড° অমিত জুগ্রনে মুখ্য অতিথি ৰূপে অংশগ্রহণ কৰিব।

তেজপুৰৰ বিশিষ্ট লিখক তথা সমাজকৰ্মী কুলেন্দ্ৰ মোহন দাসৰ কালি নিশা বিয়োগ ঘটে…

তেজপুৰৰ বিশিষ্ট লিখক তথা সমাজকৰ্মী কুলেন্দ্ৰ মোহন দাসৰ কালি নিশা বিয়োগ ঘটে । কুলেন্দ্ৰ মোহন দাসৰ মৃত্যত ডিপোটা মিলনপুৰ অঞ্চলত শোকৰ ছা পৰে । ১৯৫৯ চনৰ ৫ জানুৱাৰীত ডিপোটা বামুন চুবুৰিত জন্ম গ্ৰহণ কৰা কুলেন্দ্ৰ মোহন দাসে প্ৰাথমিক শিক্ষা ডিপোটা মজলীয়া বিদ্যালয় , হাইস্কুলৰ শিক্ষা বিহগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত , উচ্চ শিক্ষা দৰংমহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত সাং কৰি অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগত চাকৰি যোগদান কৰে ।

দাস দেৱে কলেজত পঢ়ি থকা দিনৰে পৰা অভিনয় , নাট্য চৰ্চা , নৃত্যনাটিকা লিখাৰ লগতে বহুকেইখন স্মৃতিগ্ৰন্থ সম্পাদনা কৰা লগত ঐতিহ্যমণ্ডিত মিলনবাকৰি ৰাস মহোৎসৱৰ হীৰক-জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ বৃন্দাবন সুন্দৰ ভাবে সম্পাদনা কৰিছিল । মিলনবাকৰি ৰাসত বহুবাৰ শংখচূড় ভাওৰ লগতে বিভিন্ন ভাওত অংশ গ্ৰহণ কৰি সমাদৰ লাভ কৰিছিল ।

তেও ডিপোটা হাইস্কুল আৰু মিলনপুৰ শংকৰদেৱ শিশু নিকেতনৰ সম্পাদকৰ দৰে গুৰুত্বপুৰ্ণ দায়িত্ব গ্ৰহণ কৰা লগতে ডিপোটা কেন্দ্ৰীয় নাট্যমন্দিৰৰ সাহিত্য বিভাগৰ সম্পাদকৰ পদতো কৰিছিল। বিভিন্ন সময়ত তেও বহু কেইটা বটা লাভ কৰিবলৈ সক্ষম হয়।বহুদিনধৰি জটিল ৰোগত আক্ৰন্ত হৈ কালি নিশা পৰলোক প্ৰাপ্তি ঘটে । আজি পুৱা দাসৰ মৃতদেহ ডিপোটা বামুন চুবুৰিৰ নিজা বাসগৃহ পোৱাৰ পিছত মিলনবাকৰি ৰাস সমিতি, ডিপোটা কেন্দ্ৰীয় নাট্যমন্দিৰ, শংকৰদেৱ শিশু নিকেতন, উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত ডিপোটা বামুন চুবুৰিৰ নৱনিৰ্মিত ৰাজহুৱা শ্মশান তেখেতৰ শেষকৃতৰ জৰিয়তে শুভাৰাম্ভ কৰা হয় । তেখেতে মৃত্যৰ সময়ত পত্নী , পুত্ৰ কন্যাক এৰি যায় ।

সাপেখাতীত সতী ৰাধিকা স্মৃতি চাৰণ অনুষ্ঠানৰ লাই খুঁটা স্থাপন…

ঐতিহাসিক চৰাইদেউ জিলাৰ সাপেখাতীত আধ্যাত্মিক জাগৰণ সমাজ সাপেখাতীৰ উদ্যোগত চৰাইদেউ জিলা ভিত্তিত গুদাম চাৰিআলি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে সতী ৰাধিকা স্মৃতি চাৰণ অনুষ্ঠানটি অনুষ্ঠিত কৰিবলৈ লোৱাৰ উদ্দেশ্যে আজি লাই খুটা স্থাপন কৰে ।

দুদিনীয়া কৈ অনুষ্ঠিত কৰিবলৈ লোৱা অনুষ্ঠানত ১৭ ডিচেম্বৰত অনুষ্ঠানৰ লগত সংগতি ৰাখি সতী ৰাধিকা নাট খনি সন্ধ্যা ৮ বজাত শুভ উদ্বোধন কৰিব বিশিষ্ট অভিনেত্ৰী বর্ষা ৰাণী বিষয়াই ।


১৮ ডিচেম্বৰত দিনত ছাত্ৰ ছাত্ৰী সকলৰ মাজত কুইজ ,চিত্ৰাংকন ,ৰচনা ,আকস্মিক বক্তৃতা আদি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হব । গণ শিল্পী মহেন্দ্ৰ হাজৰিকাৰ গীতেৰে সাংস্কৃতিক সন্ধিয়াটি অনুষ্ঠানটি জীপাল হৈ উঠিব ।

হৈছে উদ্যোগতা সমিতিয়ে সকলো ৰাইজক অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনাইছে ।

শিলচৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কেবিনেট বৈঠকত বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…


গুৱাহাটী মহানগৰীত নতুনকৈ নিৰ্মাণ কৰা হ’ব ৩খন উৰণীয়া সেঁতুৰ বৰাক উপত্যকাৰ শিলচৰত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মঙলবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যখনৰ উন্নয়নৰ পথ প্ৰশস্ত কৰাৰ বাবেই এনে সিদ্ধান্তস,মূহ গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে

শিলচৰত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা উল্লেখযোগ্য ঘোষণা হ’ল ইন্দিৰা মিৰি আৰু দীন দয়াল উপাধ্যায় আঁচনিৰ হিতাধিকাৰীসকলক পেঞ্চন নীতি প্ৰদানৰ লগতে অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰা হ’ব। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা ৩৫ লাখলৈ বৃদ্ধি কৰিবলৈ চেষ্টা কৰা হৈছে। চলিত বছৰৰ শেষৰ ফালে এই সংখ্যা ২৭ লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। তেওঁ লগতে কয় যে মুঠ হিতাধিকাৰীৰ সংখ্যা আঁচনিখনৰ বাবে মুঠ ব্যয় ৪,০০০ কোটি টকা ধাৰ্য কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে কেবিনেটে ৩১ মাৰ্চৰ নতুন অৰুণোদয় হিতাধিকাৰীৰ সৃষ্টি কৰিবলৈ লক্ষ্য বান্ধি লৈছে। ১০,৫৭,৫১৬ গৰাকীক নতুনকৈ দিয়া হ’ব অৰুণোদয়। মুঠ অৰুণোদয় হিতাধিকাৰী হ’বগৈ ২৭,৭৭,০০০ গৰাকী। ৭ জানুৱাৰীৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব। ২০ ফেব্ৰুৱাৰীৰ ভিতৰত বাচনি হ’ব হিতাধিকাৰী। ১০ এপ্ৰিলত প্ৰথম কিস্তিৰ ধন পাব হিতাধিকাৰীয়ে। দীনদয়াল দিব্যাংগ আঁচনিৰ হিতাধিকাৰীয়ে পাব অৰুণোদয়। অহা বছৰত আৰু ৮ লাখ হিতাধিকাৰী সৃষ্টিৰ লক্ষ্য স্থিৰ কৰিছে চৰকাৰে। শিলচৰত কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে কেবিনেটত ৩২২টা প্ৰকল্পৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। কেবিনেটত ৩২ বছৰ পুৰণি প্ৰস্তাৱো অনুমোদন জনোৱা হয় । ১৯৯০ চনত দিয়া প্ৰকল্পৰ প্ৰস্তাৱত আজি কেবিনেটে অনুমোদন জনায় ।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে যানজঁট দূৰ কৰিবলৈ আৰু মহানগৰবাসীৰ সুবিধাৰ্থে গুৱাহাটী

মহানগৰীত নতুনকৈ ৩খন উৰণীয়া সেঁতুৰ নিৰ্মাণত কেবিনেটে অনুমোদন জনায়।নতুনকৈ নিৰ্ণাণ কৰিবলগীয়া উৰণীয়া সেঁতু কেইখন ডাউন টাউন, ফটাশিল, গড়চুকত নিৰ্মাণ কৰা হ’ব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে ফটাশিল-কুমাৰপাৰা পইণ্টত হ’ব উৰণীয়া সেতু। সমগ্ৰ জিএছ ৰোড ট্ৰেফিক পইণ্ট বিহীন কৰাৰও পৰিকল্পনা গ্ৰহণ কৰা হৈছে।


লগতে গুৱাহাটীৰ বিমানবন্দৰৰ পৰা আজাৰালৈ হ’ব এটা নতুন পথ। পাগলাদিয়াৰ ওপৰত দলং নিৰ্মাণৰো পৰিকল্পনাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজিৰ কেবিনেট বৈঠকতে মাজুলী-লখিমপুৰ সংযোগী দলং নিৰ্মাণৰো সিদ্ধান্ত লোৱা হয় ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তিনি ৱাৰ্ডেনক অব্যাহতি…

ৰাজ্যজুৰি কপাঁই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিঙ কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মাক উন্নত চিকিৎসাৰ বাবে কাইলৈ নিয়া হব দিল্লীৰ এইমছলৈ। চৰকাৰৰ সহযোগিতাত এয়াৰ এম্বুলেঞ্চত তেওক দিল্লীলৈ নিয়া হব। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁৰ চিকিৎসাৰ ব্যয় বহন কৰাৰ লগতে ভবিষ্যতেও সকলো সহায় সহযোগিতা আগবঢ়াই যাব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

আনহাতে কৰ্তৃপক্ষই তিনি গৰাকী হোষ্টেলৰ ৱাৰ্ডেন ক্ৰমে মোস্তাক হুছেইন, দিব্যজ্যোতি দত্ত আৰু পলাশ দত্তক অব্যাহতি দিয়ে। আনহাতে ঘটনাত জড়িত মূল অভিযুক্ত উজ্জ্বল অংকুৰ বৰা দোষী সাব্যস্ত হ’লে সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰাৰ লগতে বিশ্ববিদ্যালয় এৰিব লাগিব বুলি স্পষ্ট কৰি দিয়ে কৰ্তৃপক্ষই। ইতিমধ্য তেওঁক আৰক্ষীয়ে আচক কৰি জেৰা অব্যাহত ৰাখিছে।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক উচ্চ স্তৰীয় কমিটি গঠন কৰাৰ বিষয়ে ঘোষনা কৰে। উল্লেখযোগ্য যে একাংশ উদণ্ড তথাকথিত ” চিনিয়ৰ” ছাত্ৰই ৰেগিঙ বন্ধ কৰাৰ পিছতো কৰ্তৃপক্ষৰ দুৰ্বল স্তিতিৰ বাবে কনিষ্ঠ ছাত্ৰৰ ওপৰত অত্যাচাৰ চলাই আসুৰিক আনন্দ লাভ কৰি আহিছে ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ কঠোৰ অনুশাসনৰ বাবে এই ব্যাধিৰ পৰা ছাত্ৰাবাস-ছাত্ৰীনিবাস সমূহ সম্পূৰ্ণ মুক্ত।

চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহন কৰি ৰেগিঙৰ নামত চলা গুণ্ডামি বন্ধ কৰিবলৈ আগবাঢ়ি নাহিলে অনাগত সময়ত পৰিস্থিতি অধিক ভয়াবহ হোৱাতো নিশ্চিত।

২০৩৬ চনত অলিম্পিক অনুষ্ঠিত হ’ব গুজৰাটত ! মোদীৰ ৰাজ্যত প্ৰস্তুতি এতিয়া তুংগত…

ভাৰতত অলিম্পিক অনুষ্ঠিত কৰাটো বহুতৰে বাবে এতিয়াও স্বপ্ন হৈয়েই ৰৈছে। খেলৰ সকলো আন্তঃগাঠনি থকাৰ পিছত ভাৰতে নিঃসন্দেহে অলিম্পিক অনুষ্ঠিত কৰিব পাৰে বুলি বহুতে ধাৰণা কৰিছে। গুজৰাটত ২০৩৬ চনত অলুম্পিক অনুষ্ঠিত কৰাৰ এক দৃঢ় আয়োজন এতিয়াৰে পৰাই যেন আৰম্ভ হৈছে।

দেশৰ ক্ৰীড়া জগতৰ সৈতে জড়িত প্ৰাংশু জৈনে এই প্ৰসংগতে কয় “আমি ইতিমধ্যে যোৱা বছৰৰ ডিচেম্বৰ মাহত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ ওচৰত এটা অধ্যয়ন দাখিল কৰিছিলো আৰু ইয়াক অনুমোদনো জনোৱা হৈছিল। এতিয়া আমি আন্তৰ্জাতিক অলিম্পিক সমিতিৰ (আইঅ’চি) সৈতে বিষয়টো আলোচনা কৰিম। ভাৰতীয় অলিম্পিক সংস্থাৰ নতুন সমিতি গঠনৰ পিছতে সেই আলোচনা কৰা হ’ব” ।আহমেদাবাদত ২০৩৬ চনত অলিম্পিক অনুষ্ঠিত কৰাৰ সপোন পূৰণ কৰিবলৈ চৰকাৰী সংস্থা প্ৰাইচ ৱাটাৰ হাউচ কুপাৰচ (পিডব্লিউচি) দায়িত্বও দিয়া হৈছে।

আহমেদাবাদ নগৰ উন্নয়ন কৰ্তৃপক্ষই সংস্থাটোক এই কামত নিযুক্ত কৰিছিল। পিডব্লিউচি সংস্ছাটোৱে পেৰিছত ২০২৪ চনৰ অলিম্পিক আয়োজনৰ সৈতে জড়িত হৈ আছে। সংস্থাটোৱে গুজৰাটত ১৪ বছৰৰ পিছত অলিম্পিক গেমছ আয়োজনৰ উপযুক্ত আন্তঃগাঁথনি বিকশিত কৰাৰ প্ৰতিশ্ৰুতি দিছে।জৈনে লগতে কয় যে ২০৩৬ চনত অলিম্পিকৰ বাবে আয়োজক চহৰ চূড়ান্ত কৰিবলৈ কোনো নিৰ্দিষ্ট সময়সীমা নাই।

ব্ৰিছবেনক যোৱা বছৰ ২০৩২ চনৰ অলিম্পিকৰ বাবে নিৰ্বাচন কৰা হৈছে। ১২ বছৰ পূৰ্বেই এনেদৰে স্থান নিৰ্বাচন কৰা হৈছে। সেয়ে ২০৩৬ চনৰ বাবে আয়োজক চহৰখন ২০২৩-২৪ চনত চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ কয়।

টেলেণ্ট এজেন্সীৰ ৰূপ লৈ উচ্চাকাংক্ষী মডেলক প্ৰলোভিত…

চাউথমপটনস্থিত এটা প্ৰতিভা সংস্থাৰ মালিকে কয় যে “কেলেংকাৰীকাৰী”সকলে তেওঁৰ ব্ৰেণ্ড নামটো ব্যৱহাৰ কৰি উচ্চাকাংক্ষী মডেলসকলক আকৰ্ষণ কৰাৰ চেষ্টা কৰিছিল।এবি হিলছে কয় যে জব চাইট ইনডিডত “আগন্তুক ফেশ্বন ৰেঞ্জ”ৰ মডেলিং কৰিবলৈ মহিলা বিচৰা এটা বিজ্ঞাপন পোষ্ট কৰা হৈছে।

বিজ্ঞাপনটোত তেওঁৰ এজেন্সী দ্য ডেজী হিলছ কোম্পানীটোৰ নাম ব্যৱহাৰ কৰি দাবী কৰা হৈছে যে ই এম এণ্ড এছ আৰু এছ’ছৰ দৰে ব্ৰেণ্ডৰ সৈতে কাম কৰে।

হিলছে কয় যে বিজ্ঞাপনটোৰ আঁৰৰ লোকসকলে কি লাভ কৰিবলৈ চেষ্টা কৰিছে সেই বিষয়ে চিন্তা কৰাটো “ভয়ংকৰ”। সঁচাকৈয়ে কৈছিল যে ই বিজ্ঞাপনটো আঁতৰাই একাউণ্টটো নিষিদ্ধ কৰিছে।

২৭ বছৰীয়া হিলছে বিবিচিক কয় যে, “উদ্যোগটো ইমানেই অতিমাত্ৰা আৰু প্ৰতিযোগিতামূলক যে যদি আপুনি সঁচা হ’ব নোৱাৰাকৈয়ে ভাল কিবা এটা দেখা পায়, আৰু আপোনাৰ উদ্যোগটোৰ বিষয়ে কোনো জ্ঞান নাই বা মডেল সুৰক্ষাৰ প্ৰতি কোনো শিক্ষা নাই, তেন্তে আপুনি হয়তো আবেদন কৰিবলৈ ভাবিব পাৰে।”

বৰ্তমান তেওঁৰ কোম্পানীয়ে অভিনেতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু কিছুদিনৰ পৰা মডেলক প্ৰতিনিধিত্ব কৰা নাই।

ভুৱা বিজ্ঞাপনত কোৱা হৈছে যে কোম্পানীটোৱে চাউথমপটনত প্ৰতিদিনে ১৫০ পাউণ্ডৰ ধন দি কাপোৰ মডেল কৰিবলৈ ১৮-৩৫ বছৰ বয়সৰ “বৈচিত্ৰ্যপূৰ্ণ” মহিলাক বিচাৰিছে।

হিলছে কয় যে মই যিটো কথা আটাইতকৈ হতাশাজনক বুলি পাইছিলোঁ সেয়া হ’ল মোৰ এজেন্সীৰ অনন্য বিক্ৰীৰ বিন্দুটো হ’ল যে ই লণ্ডনৰ বাহিৰত মানুহক তেওঁলোকৰ কেৰিয়াৰৰ পৰৱৰ্তী পৰ্যায়লৈ যোৱাত সহায় কৰিবলৈ।

“গতিকে কোনোবাই সেইটো ব্যৱহাৰ কৰি মানুহক সম্ভাৱনাময়ভাৱে শোষণ কৰাটো কেৱল হৃদয়বিদাৰক।”

বিজ্ঞাপনটোত কোম্পানীটোৰ চাউথমপটনত এটা ষ্টুডিঅ’ থকাৰ কথাও উল্লেখ কৰা হৈছিল।

‘মোৰ ষ্টুডিঅ’ বা অফিচৰ চৌহদ নাই গতিকে মোৰ বাবে সেয়া সঁচাকৈয়ে ভয়ংকৰ আছিল, তেওঁলোকে [কেলেংকাৰীকাৰীসকলে] মানুহক ঠিকনা দিয়াৰ কথা ভাবিলে – কোনে ইয়ালৈ যাব?

অহা দুবছৰত ডিজিটেল অৰ্থনীতিত ১ কোটি চাকৰিৰ লক্ষ্য লৈ চৰকাৰে, এই মন্তব্য আই টি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ…

বৈষ্ণৱে কয় যে ডিজিটেল অৰ্থনীতিৰ তিনিটা ডাঙৰ স্তম্ভ — ইলেক্ট্ৰনিকছ উৎপাদন, আই টি আৰু আই টি সেৱা আৰু ষ্টাৰ্ট-আপৰ প্ৰতি লক্ষ্য ৰাখি এতিয়ালৈকে প্ৰায় ৮৮-৯০ লাখ চাকৰিৰ সৃষ্টি হৈছে

যোগাযোগ, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বুধবাৰে কয় যে ডিজিটেল অৰ্থনীতিৰ স্থানত ইতিমধ্যে প্ৰায় ৮৮-৯০ লাখ চাকৰিৰ সৃষ্টি হৈছে। ডিজিটেল ডেস্কঃ ডিজিটেল অৰ্থনীতিৰ তিনিটা ডাঙৰ স্তম্ভ- ইলেক্ট্ৰনিকছ মেনুফেকচাৰিং, আই টি আৰু আই টি সেৱা আৰু ষ্টাৰ্ট-আপলৈ যদি আমি চাওঁ, তেন্তে ইতিমধ্যে প্ৰায় ৮৮-৯০ লাখ চাকৰিৰ সৃষ্টি হৈছে।’-মন্ত্ৰীগৰাকীয়ে কয়।

সংবাদ সংস্থা এএনআইৰ তথ্য অনুসৰি অহা দুবছৰত ১ কোটি চাকৰি পাৰ হোৱাৰ লক্ষ্য লৈছে মন্ত্ৰীগৰাকীয়ে। বৈষ্ণৱে ইয়াৰ পূৰ্বে প্ৰকাশ কৰিছিল যে এম্প্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনৰ তথ্য অনুসৰি প্ৰতিমাহে দেশত প্ৰায় ১৬ লাখ চাকৰিৰ সৃষ্টি হৈছে।

ইপিএফঅ’ৰ তথ্যত ব্যক্তিগত চাকৰিৰ লগতে চৰকাৰী চাকৰিও অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে এই মাহত অশ্বিনী বৈষ্ণৱেও দেশত টুইটাৰ কৰ্মচাৰীক গণ বৰ্খাস্ত কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। এই সিদ্ধান্তক গৰিহণা দি মন্ত্ৰীগৰাকীয়ে প্ৰকাশন বিজনেছ ষ্টেণ্ডাৰ্ডক কয় যে বৰ্খাস্ত কৰা কৰ্মচাৰীসকলক নতুন প্ৰচেষ্টালৈ পৰিৱৰ্তন হ’বলৈ যথেষ্ট সময় দিয়া উচিত আছিল।

ডিজিটেল অৰ্থনীতিৰ মূল চালকসমূহৰ ভিতৰত ডিজিটেল পেমেণ্ট, মেক ইন ইণ্ডিয়া, ষ্টাৰ্ট-আপ ইণ্ডিয়া, স্কিল ইণ্ডিয়াক চিনাক্ত কৰিছে তথ্য মন্ত্ৰালয়ে। ইলন মাস্কৰ দায়িত্ব লোৱা টুইটাৰে বিশ্বৰ ৭৫০০ কৰ্মচাৰীৰ আধাক বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতে মন্ত্ৰীগৰাকীৰ এই মন্তব্য।

বৈষ্ণৱে কৈছিল যে ২০২৩ চনৰ জুলাই-আগষ্টৰ ভিতৰত ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকচন বিল আৰু ইণ্ডিয়ান টেলিকমিউনিকেচন বিলৰ আইনখন গৃহীত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি দ্য ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰিছে।

মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে নৰেন্দ্ৰ মোডী চৰকাৰে প্ৰস্তাৱ কৰা ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকচন বিল আৰু ইণ্ডিয়ান টেলিকমিউনিকেচন বিলে চাইবাৰ জালিয়াতি প্ৰায় ৮০ শতাংশ ৰোধ কৰাত সহায় কৰিব। তেওঁ উল্লেখ কৰে যে সমগ্ৰ টেলিকম উদ্যোগ আৰু ডিজিটেল উদ্যোগটো ভাৰতীয় টেলিগ্ৰাফ আইন, ১৯৮৫ৰ দ্বাৰা পৰিচালিত হৈছিল, যিটো ১৩৭ বছৰীয়া আইন।

ভাৰতৰ শীৰ্ষ নিউজ নেটৱৰ্ক কেনেদৰে চলাব গৌতম আদানীয়ে…

ভাৰতৰ আগশাৰীৰ সংবাদ নেটৱৰ্ক নতুন দিল্লী টেলিভিছন (এনডিটিভি)ৰ প্ৰতিষ্ঠাপক ৰাধিকা আৰু প্ৰাণয় ৰায়ে নিজৰ কোম্পানীক প্ৰচাৰ কৰা এটা গোটৰ পৰিচালকৰ পদৰ পৰা পদত্যাগ কৰি বিশ্বৰ অন্যতম ধনী ব্যক্তি গৌতম আদানীৰ নেতৃত্বত গৌতম আদানীৰ নেতৃত্বত গঠিত এটা সংঘই সংবাদ মাধ্যমৰ দায়িত্ব লোৱাৰ ওচৰ চাপিছে দৃঢ়. ভাৰতৰ টিভি নিউজৰ ভৱিষ্যতৰ বাবে ইয়াৰ অৰ্থ কি সেয়া বিবিচিয়ে চায়।

ৰাধিকা ৰয়ে এবাৰ কৈছিল যে তেওঁৰ সম্প্ৰচাৰক স্বামী প্ৰাণয় ৰায়ৰ সৈতে সহযোগীভাৱে প্ৰতিষ্ঠা কৰা এনডিটিভিটো আছিল এক “সুখী দুৰ্ঘটনা”।

১৯৮৮ চনৰ নৱেম্বৰ মাহত চৰকাৰী দূৰদৰ্শনত ৰয়েছে এনডিটিভি আৰম্ভ কৰিছিল, “কোনো গ্ৰেণ্ড প্লেন” মনত ৰাখি আৰু “নিশ্চিতভাৱে কোনো ধাৰণা” লৈ যে ই সাপ্তাহিক বিশ্ব বাতৰি অনুষ্ঠানৰ প্ৰযোজক হোৱাৰ পৰা বৃদ্ধি পাব ভাৰতৰ প্ৰথমটো ব্যক্তিগত ২৪/৭ বাতৰি নেটৱৰ্ক আৰু স্বতন্ত্ৰ বাতৰি সম্প্ৰচাৰকলৈ।

তিনি দশকৰো অধিক সময়ৰ পাছত দম্পতীহালৰ নিউজ চেনেলটোৱে হাত সলনি কৰি আছে। ইলন মাস্ক আৰু জেফ বেজোছৰ পিছতে বিশ্বৰ তৃতীয় ধনী ব্যক্তি গৌতম আদানীয়ে বিশ্বৰ অন্যতম উত্তাল সংবাদ মাধ্যমৰ বজাৰত এনডিটিভি ক্ৰয় কৰিবলৈ সাজু হৈছে।

বন্দৰৰ পৰা শক্তিলৈ সংঘবদ্ধ সংস্থা চলোৱা ৬০ বছৰীয়া কোটিপতি মিষ্টাৰ আদানীক বহুতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ চৰকাৰৰ ঘনিষ্ঠ ব্যক্তি হিচাপে গণ্য কৰে। সঁচা কথা ক’বলৈ গ’লে, শেহতীয়াকৈ প্ৰকাশিত টাইকুনজনৰ জীৱনীৰ লেখক আৰ এন ভাস্কৰে কয় যে তেওঁৰ “সকলো ধৰণৰ দলীয় ৰেখাৰে ৰাজনৈতিক আৰু সামাজিক নেতাৰ সৈতে থকা সম্পৰ্কই তেওঁক প্ৰতিখন চৰকাৰৰ বাবে গ্ৰহণযোগ্য কৰি তুলিছে”।

মাৰ্চ মাহত মিষ্টাৰ আদানীৰ নতুন কোম্পানী এ এম জি মিডিয়া নেটৱৰ্কছ লিমিটেডে ডিজিটেল ব্যৱসায়িক বাতৰি কোম্পানী কুইণ্টিলিয়নৰ সংখ্যালঘু অংশীদাৰিত্ব ক্ৰয় কৰিছিল। “কুইণ্টিলিয়নৰ বিনিয়োগ অতি ক্ষুদ্ৰ, যাতে মিষ্টাৰ আদানীৰ মনোযোগ বিচাৰিব নোৱাৰে। গতিকে, তেওঁৰ ইয়াতকৈ ডাঙৰ পৰিকল্পনা আছেনে?” ভাবিলে মিষ্টাৰ ভাস্কৰে তেওঁৰ কিতাপখনত।

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী স্কট মৰিছনক কাৰ্যকালত নিজকে গোপন ক্ষমতা দিয়াৰ বাবে দেশৰ সংসদে নিন্দা কৰিছে…

এই ঐতিহাসিক প্ৰস্তাৱটো এটা নিন্দাসূচক প্ৰতিবেদনৰ পিছতে প্ৰকাশ পাইছে য’ত কোৱা হৈছে যে তেওঁৰ এই কাৰ্য্যই “চৰকাৰৰ ওপৰত আস্থাক জাৰণকাৰী”। ইয়াৰ জৰিয়তে প্রথমবাৰৰ বাবে প্রাক্তন প্রধানমন্ত্রীক প্রতিনিধি সদনে নিন্দা কৰিছে ৷

মিষ্টাৰ মৰিছনে নিজকে কেইবাটাও মন্ত্ৰালয়ত নিযুক্তি দিয়াৰ পক্ষ লয় আৰু বিৰোধীৰ দ্বাৰা কৰা এই নিন্দাক “প্ৰতিশোধ” বুলি অভিহিত কৰিছে। আগষ্ট মাহত প্ৰকাশ পাইছিল যে মে’ মাহত ক্ষমতা হেৰুৱাৰ পূৰ্বে দুবছৰত মিষ্টাৰ মৰিছনে স্বাস্থ্য, বিত্ত, কোষাগাৰ, গৃহ পৰিক্ৰমা আৰু সম্পদৰ যুটীয়া মন্ত্ৰী হৈছিল।

বেছিভাগ মন্ত্ৰীয়েই অজ্ঞাত আছিল যে তেওঁলোকে মিষ্টাৰ মৰিছনৰ সৈতে পৰ্টফলিঅ’ ভাগ কৰি আছে আৰু তেওঁক ঘনিষ্ঠ সহকৰ্মীকে ধৰি বহুলভাৱে সমালোচনা কৰিছে। বৰ্তমান বেকবেঞ্চৰ সাংসদ মিষ্টাৰ মৰিছনে কয় যে মহামাৰীৰ “অসাধাৰণ সময়ৰ” মাজতে এই সিদ্ধান্ত লোৱা হৈছে।

তদন্তত দেখা গ’ল যে তেওঁৰ নিযুক্তিসমূহ বৈধ, আৰু তেওঁ নিজৰ অতিৰিক্ত ক্ষমতাসমূহ মাত্ৰ এবাৰহে ব্যৱহাৰ কৰিছিল – মহামাৰীৰ সৈতে সম্পৰ্কহীন বিষয়ত এজন মন্ত্ৰীক বাতিল কৰিবলৈ। কিন্তু ই ৰায় দিয়ে যে মিষ্টাৰ মৰিছনে দায়িত্বশীল চৰকাৰক “মৌলিকভাৱে ক্ষতিগ্ৰস্ত” কৰিছে। আন এটা তদন্তত দেখা গৈছে যে তেওঁৰ বেছিভাগ নিযুক্তিৰ “মহামাৰীৰ সৈতে কোনো সম্পৰ্ক কম যদিও” আছিল।