Home Blog Page 1933

স্বপ্ন পূৰণৰ প্ৰথমটো খোজতে উজুটি খালে লিঅ’নেল মেছিৰ ‘হট ফেভাৰিট’ আৰ্জেণ্টিনাই…

“কাটাৰ বিশ্বকাপেই হ’ব শেষ বিশ্বকাপ”— ইতিপূৰ্বেই ঘোষণা কৰি থৈছে বিশ্ব ফুটবলৰ মুকুটবিহীন সম্ৰাট গৰাকীয়ে। ইয়াৰ পিছতে কোটি কোটি অনুৰাগীৰ মাত্ৰ এটাই আশা, এটাই স্বপ্ন- অন্তিম বিশ্বকাপত প্ৰথমটো বিশ্বকাপ খিতাপ হাতত তুলি লওক প্ৰিয় তাৰকাগৰাকীয়ে, চুম্বন দিয়ক আকাংক্ষিত স্বৰ্ণীল ট্ৰফীটোত !

কিন্তু এই স্বপ্ন পূৰণৰ প্ৰথমটো খোজতে উজুটি খালে লিঅ’নেল মেছিৰ ‘হট ফেভাৰিট’ আৰ্জেণ্টিনাই। সমগ্ৰ বিশ্বক হতবাক কৰি শক্তিশালী আৰ্জেণ্টিনাক ২-০ গলৰ ব্যৱধানত পৰাস্ত কৰি কাটাৰত প্ৰথমটো অঘটন ঘটালে তুলনামূলকভাৱে দুৰ্বল চৌদি আৰৱে।

খেলৰ মাত্ৰ ১০ মিনিটতে পেনাল্টিৰ সুযোগ কাৰ্যকৰী কৰি প্ৰত্যাশিত আৰম্ভণি দিছিল মহাতাৰকা মেছিয়ে। ইয়াৰ পিছতো চলিল উপৰ্যুপৰি কেইবাটাও আক্ৰমণ। কিন্তু অফচাইডৰ ভূতে পিছ নেৰা আৰ্জেণ্টিনা বঞ্চিত হয় দুটাকৈ গলৰ পৰা।

প্ৰথমাৰ্ধ এই এটা গলৰ ব্যৱধানৰ অগ্ৰগতি লৈ আৰ্জেন্টিনাৰ দ্বিতীয়াৰ্ধত হেৰাই গ’ল স্বাভাৱিক ছন্দ। দলৰ সেই পৰিচিত খেলৰ ভংগী হেৰাই গ’ল চৌদিৰ দুৰ্দান্ত প্ৰদৰ্শনৰ সমুখত।

দ্বিতীয়াৰ্ধৰ মাত্ৰ তিনি মিনিটত চৌদিৰ ছালেহ আলছেহৰীয়ে এক দৰ্শনীয় শ্বটেৰে আৰ্জেণ্টাইন গলৰক্ষক মাৰ্টিনেজক পৰাভূত কৰে। এই গলটোৰ পাঁচ মিনিট পাছতে চালেম আল্ডাওছাৰীয়ে চৌদিক দিয়ে দ্বিতীয়টো গলৰ সোৱাদ।

চৌদিৰ এই দুৰন্ত প্ৰদৰ্শনৰ ফলত মূৰত সৰগ ভাগি পৰে আৰ্জেণ্টাইন অনুৰাগীৰ। দলটোৰ দেৱাল সদৃশ ডিফেঞ্চ আৰু গলৰক্ষক মহম্মদ আল অ’ৱাইছৰ চমকপ্ৰদ প্ৰদৰ্শনে ব্যৰ্থ কৰি তুলিলে আৰ্জেণ্টিনাৰ কেইবাটাও আক্ৰমণ।

অৱশ্যে পৰিচিত ভংগীৰ তুলনাত আৰ্জেণ্টিনা আজি তেনেই নিষ্প্ৰভ। দলৰ নাছিল কোনো লং বা চৰ্ট পাছৰ চোক অথবা ডিফেঞ্চৰ শেহতীয়া প্ৰদৰ্শনৰ ছায়া। যাৰ বাবে দলটোৰ ৩৬ খন মেচত অপৰাজেয় ধাৰা আজি ভংগ হয়।

চৌদিৰ বিৰুদ্ধে এই অকল্পনীয় পৰাজয়ৰ পিছত এতিয়া ধূসৰ হৈ পৰিছে আৰ্জেণ্টিনাৰ বিশ্বজয়ৰ স্বপ্ন। কিয়নো গ্ৰুপ ‘চি’ৰ আন দুটা দল মেক্সিকো আৰু পোলেণ্ড তুলনামূলকভাৱে চৌদি আৰৱতকৈ শক্তিশালী দল।

এনে পৰিস্থিতিত মেছিৰ বিশ্বকাপ ট্ৰফীত চুম্বনৰ সেই পৰম আকাংক্ষিত দৃশ্যটি যেন আকাংক্ষিত হৈয়েই থাকি যাব, তেনে এক সন্দেহেই গা কৰি উঠিছে।

ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ বঁটা – “CHAMPION OF THE EARTH” বঁটা ড° পূৰ্ণিমা দেৱী বৰ্মনক প্ৰদান…

ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ বঁটা – CHAMPION OF THE EARTH, 2022 ৰ বাবে গ্ৰীণ অস্কাৰ বঁটা বিজয়ী ড° পূৰ্ণিমা দেৱী বৰ্মনক প্ৰদান কৰা হৈছে।

বিলুপ্ত প্ৰায় চৰাই প্ৰজাতিৰ হাৰগিলাৰ ত্ৰাণকৰ্তা হিচাপে বিশ্বজুৰি পৰিচিত আৰু হাৰগিলা বাইদেউ নামেৰেও বিখ্যাত ড° বৰ্মন। ২০১৮ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এই বঁটাৰে সন্মানিত কৰা হৈছিল।

শাৰীৰিক সুস্থতাৰ বাবে মৌচুমী টেঙা খাওক আৰু সুস্থ থাকক…

ফলৰ ভিতৰত মৌচুমী টেঙা হৈছে এনে এবিধ ফল যি সকলো সময়তে উপলব্ধ হয় । শাৰীৰিক সুস্থতাৰ বাবে মৌচুমী টেঙাৰ বহু উপকাৰী গুণ আছে । বিভিন্ন পলিফেনলিক যৌগ সমৃদ্ধ মৌচুমী টেঙাই আমাৰ শৰীৰত মিনাৰেল, ডায়েটৰি ফাইবাৰ যোগান ধৰে । যি মানুহৰ হজম শক্তি বৃদ্ধি কৰাৰ লগতে অৰুচি , বমি ভাৱ অহা, কোষ্ঠিকাঠিন্যৰ দৰে ৰোগ উপশম কৰাত সহায় কৰে ।

ভিটামিন চি আৰু বায়োফ্ল্যাভোনয়েড থকাৰ কাৰণে আৰ্থাৰাইটিছ সমস্যাৰ পৰাও ৰেহাই দিয়াৰ লগতে ডায়েটিং কৰাৰ সময়ত পাণ কৰিলে কম কেলৰিত প্ৰচুৰ ফাইবাৰ সমৃদ্ধ মৌচুমী ৰসে মেদ নিয়ন্ত্ৰণ কৰাতো সহায় কৰে ।

ইয়াৰোপৰি ওঁঠ আৰু জিভাৰ ঘাঁ লগা, ৰক্তপাত হোৱা ৰোগ , ছালৰ সমস্যা বা অন্য কোনো ৰোগৰ সংক্ৰমণৰ পৰাও বচাই ৰখাত মৌচুমী টেঙাৰ ৰসে সহায় কৰে ।


একেদৰে অন্ত:সত্ত্বা অৱস্থাত ৰাতিপুৱা দুৰ্বল অনুভৱ কৰা বা বমি ভাৱ অহা , মন ক্লান্ত লগা সময়ত চিকিৎসকৰ পৰামৰ্শ অনুসৰি মোচুমীৰ ৰস পাণ কৰিলে এই সমস্যাৰ পৰা হাত সাৰিব পাৰে ।

সু-ফলৰ সমান্তৰালকৈ মৌচুমী টেঙাত অক্সালিক এচিদ আৰু পটাছিয়াম পৰিমাণ বেছি হোৱাৰ বাবে হৃদৰোগ , কিডনি আৰু গল্ডব্লাডাৰ ষ্টোনৰ বাবে মৌচুমী টেঙা বিপদজ্জনক । তেনেক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ অনুসৰি মৌচুমী টেঙা খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে ।

নতুন মালিক এলন মাস্কে টুইটাৰৰ নতুন কৰ্মচাৰী নিয়োগৰ পথত…

টুইটাৰলৈ অহাৰ পিছৰে পৰা, নতুন মালিক এলন মাস্কে কোম্পানীটোত নিৰন্তৰ আভ্যন্তৰীণ পৰিৱৰ্তন কৰি আহিছে। যোৱা কেইসপ্তাহমানত, তেওঁ টুইটাৰৰ দুই-তৃতীয়াংশ কৰ্মচাৰীক ছাটাই কৰিছে।

সাত হেজাৰ ৫০০ কৰ্মচাৰীক ছাটাই কৰাৰ পাছত, কোম্পানীৰ কৰ্মচাৰীসকলে ইলনৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে। সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, ইলন মাস্কে পুনৰ এটা নতুন পৰিকল্পনাৰ স’তে উপস্থিত হৈছে।

ইয়াৰ পৰিৱৰ্তে, টুইটাৰ কোম্পানীয়ে কৰ্মচাৰী নিয়োগ কৰা আৰম্ভ কৰিব বুলি তেওঁ জনাই । সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি ইলনে টুইটাৰৰ অভিযান্ত্ৰিক আৰু বিক্ৰী বিভাগত কৰ্মচাৰী নিয়োগ কৰাৰ পৰিকল্পনা কৰিছে।

আনকি, তেওঁ কোম্পানীৰ আন কৰ্মচাৰীসকলক খালী পদৰ বাবে উপযুক্ত কৰ্মচাৰী  বিচাৰিবলৈ নিৰ্দেশ দিয়ে। অৱশ্যে, কোম্পানীটোৱে আনুষ্ঠানিকভাৱে খালী পদটো ঘোষণা কৰা নাই। “যিসকল ছফ্টৱেৰত অভিজ্ঞ তেওঁলোকক ইয়াত প্ৰথম সুযোগ দিয়া হ’ব। ”

মাস্কে টুইটাৰ কোম্পানীৰ মুখ্য কাৰ্যালয় স্থানান্তৰ কৰাৰ বিষয়েও মুকলিকৈ ক’লে। তথ্য অনুসৰি ইলনে কোম্পানীৰ মুখ্য কাৰ্যালয় টেক্সাছলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছে। এই সন্দৰ্ভত ইলনে কয় যে তেওঁ এতিয়ালৈকে এই বিষয়ত কোনো চিন্তা কৰা নাই।

সুনীল চেট্টীয়ে কয় ‘আজিৰ নায়কসকল ‘অসুৰক্ষিত’, চলচ্চিত্ৰ উদ্যোগ আজি নিমাত’ কোনফালে গতি কৰিছে বলিউড জগতৰ ভৱিষ্যত?

সুনিয়েল চেট্টীয়ে কৈছিল যে আজিৰ প্ৰজন্মৰ অভিনেতাসকল তেওঁলোকৰ দৰ্শকক প্ৰক্ষেপ কৰা ছবিখনৰ দ্বাৰা বহুত বেছি গ্ৰাস হয়। বৰ্তমান তেওঁৰ ৱেব চিৰিজ ধাৰাভি বেংকৰ প্ৰচাৰ কৰি থকা সুনিয়েল চেট্টীয়ে শেহতীয়াকৈ কৈছিল যে আজিৰ অভিনেতাসকল “নিজৰ বিষয়ে অসুৰক্ষিত” আৰু তেওঁলোকে প্ৰকল্পটোত কি অৱদান আগবঢ়াই আছে তাৰ সলনি তেওঁলোকে ঘৰলৈ লৈ যোৱা ধনৰ পৰিমাণৰ বিষয়ে অধিক চিন্তিত।

এক বাৰ্তালাপত চেট্টীক সোধা হৈছিল যে আজিকালি দুখন নায়কৰ চলচ্চিত্ৰ নিৰ্মাণ কৰাটো কিয় ইমান কঠিন যেতিয়া তেওঁৰ কেৰিয়াৰে প্ৰকল্পবোৰত ইয়াৰ কিছু উচ্চতা দেখিছিল য’ত তেওঁ অক্ষয় কুমাৰ আৰু সঞ্জয় দত্তৰ দৰে আন জনপ্ৰিয় অভিনেতাসকলৰ সৈতে পৰ্দাৰ স্থান ভাগ বতৰা কৰিছিল। “প্ৰত্যেকেই নিজৰ বিষয়ে অসুৰক্ষিত।

প্ৰত্যেকেই তেওঁ ঘৰলৈ নিব বিচৰা ধনৰ পৰিমাণৰ বিষয়ে কয় আৰু তেওঁ সামগ্ৰীটোত কিমান টকা ৰাখিব বিচাৰে সেই বিষয়ে মন কৰিব,” তেওঁ ছাইদে কয়। সুনীল অলচোৱে আঙুলিয়াই দিছিল যে অভিনেতাসকলে যেতিয়া কিবা প্ৰচাৰ কৰিব বিচাৰে তেতিয়া তেওঁলোকৰ দৰ্শকৰ বাবে অধিক দৃশ্যমান হয় আৰু ইয়াৰ বাবে, তেওঁলোকে তেওঁলোকৰ দৰ্শকৰ সৈতে শক্তিশালী সম্পৰ্ক গঢ়ি তুলিব নোৱাৰে।

ঘৰে ঘৰে লিপষ্টিক বিক্ৰী কৰা আৰচাদ ৱাৰ্চি আজি বলীউডৰ জনপ্ৰিয় অভিনেতা কেনেকৈ হ’ল জানো আহক…

 ইণ্ডাষ্ট্ৰিত এনে কিছুমান অভিনেতা আছে , যিসকলে নিজৰ কেৰিয়াৰত বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান অতিক্ৰম কৰি আহিছে । বলীউডত চাৰ্কিট চৰিত্ৰৰে জনপ্ৰিয় হৈ পৰা আৰচাদ ৱাৰ্চি নামৰ এই অভিনেতাজনেও এসময়ত সাংঘাতিক প্ৰত্যাহ্বান নেওচি আহিছে ।

মুন্না ভাই এম বি বি এচ নামৰ বহুল সমাদৃত হোৱা হোৱা ছবিখনত অভিনেতাজনে দুৰ্দান্ত অভিনয় কৰি সকলোৰে নয়নৰ মনি হৈ পৰিছিল । যি অভিনয়ে অভিনেতা জনক বলীউডত এজন সফল অভিনেতা ৰূপে চিনাকি দিবলৈ সক্ষম হৈছিল । ইয়াৰ পিছত বিগ বছৰ প্ৰথম চিজনতো অভিনেতাজনে আঁত ধৰা দেখা গৈছিল ।

এইজন অভিনেতাৰ অভিনয় কেৰিয়াৰ আৰম্ভ কৰাৰ সময়ছোৱাৰ জীৱন আছিল চৰম সংঘাতপূৰ্ণ। আৰচাদ ৱাৰ্চিৰ জন্ম হৈছিল ১৯৬৮ চনৰ ১৯ এপ্ৰিলৰ ৰ এটা মুছলিম পৰিয়ালত । আমি জানো যে, বহু লোক প্ৰতিদিনেই মুম্বাইলৈ আহে জীৱনৰ গতি পথ বিচাৰি । সকলোৱেই কিন্তু নিজৰ সপোন দিঠকত ৰূপ দিব নোৱাৰে । আজি আমি যিসকল ডাঙৰ ডাঙৰ তাৰকা দেখিছোঁ ,সকলোৱেই কিন্তু বহু পৰিশ্ৰম কৰিহে এই পৰ্যায়ত উপণীত হৈছে ।

আৰচাদ ৱাৰ্চিও মাত্ৰ ১৪ বছৰ বয়সতে পিতৃ-মাতৃক হেৰুৱাইছিল । ইয়াৰপিছতে অভিভাৱকহীন আৰচাদৰ জীৱনৰ গতিপথ সলনি হ’বলৈ ধৰিলে । আৰম্ভ হ’ল জীৱনৰ অতিকৈ বেয়া দিন । পৰিয়াল ভৰণ-পোষণ দিবলৈ খুব কম বয়সতে কাম কৰিবলৈ আৰম্ভ কৰে । সময়ৰ আগতেই পৰিয়ালৰ গধুৰ বোজা বহন কৰিবলগীয়া আৰচাদে বহু সংগ্ৰামৰ সন্মুখীন হয় । আনকি দশম শ্ৰেণীলৈকে পঢ়ি আধাতে পঢ়াও সামৰিবলগীয়া হয় অভিনেতাজনে ।

ইয়াৰ পিছত নিজৰ ঘৰ-বাৰী এৰি মুম্বাইৰ এটা সৰু কোঠাত জীৱনৰ অন্য এক সংগ্ৰাম আৰম্ভ কৰে । পেটৰ তাড়নাত নিজকে কচমেটিক চেলছমেন হিচাপে নিয়োগ কৰি লিপষ্টিক বিক্ৰী কৰি জীৱন সংগ্ৰামত অৱতীৰ্ণ হয় । সমান্তৰালকৈ ছবিজগততো কাম বিচাৰি চেষ্টা অব্যাহত ৰাখিছিল তেওঁ ।

শিল্পা চেট্টীয়ে স্বামী ৰাজ কুন্দ্ৰাৰ সৈতে 13 তম বিবাহ বাৰ্ষিকীত শ্বেয়াৰ কৰিলে ভিডিঅ’ স্বামী ৰাজকুন্দ্ৰাই লিখিলে ‘Happy anniversary my love ‘

তেওঁলোকৰ 13 তম বিবাহ বাৰ্ষিকীত, শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰাই ইজনে সিজনক শুভেচ্ছা জনোৱাৰ বাবে আকৰ্ষণীয় পোষ্ট শ্বেয়াৰ কৰিছিল। শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰাই আজি তেওঁলোকৰ ত্ৰয়োদশ বিবাহ বাৰ্ষিকী উদযাপন কৰিছে। ছ’চিয়েল মিডিয়াত স্বামীক শুভেচ্ছা জনাই শিল্পাই তেওঁলোক দুয়োৰে ফটোৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছিল, “13 বছৰ, কুকি, হু! (আৰু গণনা নকৰা) এই জীৱনকালত এই যাত্ৰাটো মোৰ সৈতে ভাগ বতৰা কৰাৰ বাবে আৰু ইয়াক ইমান ধুনীয়া কৰাৰ বাবে আপোনাক ধন্যবাদ। আপুনি, মই, আমাক… 👨 👦👩 👧 আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে মোক এইটোৱেই শুভ বাৰ্ষিকীৰ প্ৰয়োজন♥️🥰, কুকি🧿♥️🤗🎉।”

দম্পতীহালৰ ঘনিষ্ঠ বন্ধু নীলম কোঠাৰীয়ে তেওঁলোকক শুভেচ্ছা জনাইছিল। শিল্পাৰ পোষ্টৰ মন্তব্য শাখালৈ গৈ তেওঁ লিখিছিল, “শুভ বাৰ্ষিকী ❤️❤️।” শিল্পাৰ ভগ্নী শমিতা আৰু নতুন মা বিপাশা বসুয়েও পোষ্টটোত মন্তব্য কৰি দম্পতীহালক শুভেচ্ছা জনাইছিল।

বিশ্বৰ সবাতোকৈ বৃহত্তম ভৰিৰ পতাৰ অধিকাৰী মহিলা তানিয়া হাৰবাৰ্টে…

কোনো এখন বিপণীলৈ জোতা-ছেণ্ডেল কিনিবলৈ গ’লে সদায়ে হতাশ হ’ব লগা হয় বিশ্বৰ সবাতোকৈ বৃহত্তম ভৰিৰ পতাৰ অধিকাৰী মহিলা তানিয়া হাৰবাৰ্টে। আমেৰিকাৰ টেক্সাছৰ নিবাসী তানিয়াই সামাজিক মাধ্যমৰ জৰিয়তে তেওঁৰ এই বিড়ম্বনাৰ কথা প্ৰকাশ কৰিছে ।

প্ৰকাশিত বাতৰি অনুসৰি জীৱিত মহিলাৰ ভিতৰত তানিয়াৰ ভৰিৰ পতাই সবাতোকৈ বৃহদাকাৰৰ। তানিয়াৰ সোঁভৰিৰ দৈৰ্ঘ্য ১৩,০৩ ইঞ্চি আৰু বাওঁ ভৰিৰ দৈৰ্ঘ্য হৈছে ১২.৭৯ ইঞ্চি। তানিয়াই ১৮ আকাৰৰ অৰ্থাৎ নম্বৰৰ জোতা-ছেণ্ডেল পৰিধান কৰে। পুৰুষৰ ভৰিৰ মাপ অনুসৰি তানিয়াই ১৫ বা ১৭ মাপৰ জোতা পৰিধান কৰে।

সাধাৰণ জোতাৰ বিপণীত এনে নম্বৰৰ জোতা বিক্ৰী কৰা নহয়, কিয়নো গ্ৰাহকৰ সংখ্যা নাই বুলিয়ে ক’ব পাৰি। সামাজিক মাধ্যমত  তানিয়াই প্ৰকাশ কৰা অনুসৰি, বহুবাৰ তেওঁ জোতা কিনিবলৈ গৈ বিড়ম্বনাৰ সন্মুখীন হৈছিল।

সেয়েহে এতিয়া তানিয়াই জোতা বিচাৰি দোকানলৈ যাবলৈ বাদ দিছে। এতিয়া তেওঁ অৰ্ডাৰ দি নিজৰ বাবে জোতা ক্রয় কৰে। পাদুকাশিল্পীৰ জৰিয়তে তৈয়াৰ কৰাই তানিয়াই জোতা-ছেণ্ডেল সংগ্রহ কৰে। তানিয়াৰ উচ্চতাও ছয় ফুট ন ইঞ্চি। এই অত্যধিক উচ্চতাৰ ফলত তেওঁৰ ভৰিত যথেষ্ট হেঁচা অনুভৱ কৰে।

সেয়েহে তেওঁ ভৰিত বিশেষ যতন ল’ব লগা হয়। তানিয়াৰ পিতৃ-মাতৃও যথেষ্ট ওখ চেহেৰাৰ আছিল। পিতৃৰ উচ্চতা আছিল ছয় ফুট চাৰি ইঞ্চি আৰু মাতৃৰ উচ্চতা হ’ল ছয় ফুট পাঁচ ইঞ্চি। বংশগতভাৱেই তানিয়া ওখ চেহেৰাৰ অধিকাৰী। প্রকাণ্ড আকাৰৰ ভৰিৰ পতাই তেওঁক বিশ্বখ্যাত কৰিলেও এই ভৰি দুখনক লৈ তানিয়াই যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে।

অৱশ্যে সমস্যা হ’লেও নিজকে সুখী বুলি দাবী কৰিলে টেক্সাছ নিবাসী এই মার্কিন যুৱতীয়ে ৷

ৰাজ্যৰ পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৰ মক্ৰত সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা…

ৰাজ্যৰ পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৰ মক্ৰত সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা। এই ঘটনাত ৪ জন লোক নিহত হৈছে। এজন গৃহৰক্ষী জোৱানৰ লগতে তিনিজন দুৰ্বৃত্ত নিহত হয়। নিহত গৃহৰক্ষী বাহিনীৰ জোৱানজনক বিদ্যাছিং লেকঠে বুলি চিনাক্ত কৰা হৈছে। ঘটনাত আন এজন জোৱানো আহত হয়।

ঘটনা অনুসৰি, খাচী দুৰ্বৃত্তই আৰক্ষীৰ টহলদাৰী দললৈ লক্ষ্য কৰি আক্ৰমণ চলায়। পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিডিঙৰ মুক্ৰত সংঘটিত হয় এই ঘটনা।

আৰক্ষী আৰু বনৰক্ষী বাহিনীয়ে চোৰাং কাঠভৰ্তি বাহন জব্দ কৰাৰ পিছতে সংঘাতৰ সৃষ্টি হয়। আৰক্ষীৰ গুলীত ট্ৰাকখনৰ চকা ফুটাৰ পিছত দুৰ্বৃত্তৰ দলে হাতে হাতে লাঠী, যাঁঠি-জোং লৈ আৰক্ষীৰ লোকক আক্ৰমণ কৰে। ঘটনাত নিহত খাচী দুৰ্বৃত্ত তিনিজনে চোৰাং কাঠ সৰবৰাহ কৰিছিল।

  

প্ৰায় তিনি শতাধিক লোকে আৰক্ষী আৰু বন বিভাগৰ দলটোক ঘেৰি ধৰিছিল । আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলীচালনাত কৰাত ৩ দুৰ্বৃত্ত নিহত হয়। আনহাতে, দুৰ্বৃত্তৰ আক্ৰমণত নিহত হয় গৃহৰক্ষী জোৱান বিদ্যাছিং লেকঠে।

লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্মজয়ন্তীত চৰাইদেউত চাইকেল ৰেলি…

মহাবীৰ লাচিত বৰফুকনৰ চৰিশ বছৰীয়া জন্মজয়ন্তীৰ লগত সংগতি ৰাখি আজি সোণাৰি উপায়ুক্ত কাৰ্যালয়ৰ পৰা চাইকেল ৰেলি বাহিৰ কৰে। উপস্থিত থাকে জিলা উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, ভাৰতীয় সেনাৰ মেজৰ।

চৰাইদেউ জিলাৰ সোণাৰি উপায়ুক্ত কাৰ্যালয়ৰ পৰা চৰাইদেউ জিলা প্ৰশাসনৰ উদ‍্যোগত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আজি পুৱা প্ৰায় তিনি শতাধিক চাইকেল আৰোহি জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হয়। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে জিলাৰ উপায়ুক্ত পল বৰুৱা , অতিৰিক্ত উপায়ুক্ত , অভিজিৎ গগৈ ,

ভাৰতীয় সেনাৰ মেজৰ , জিলা ক্ৰিয়া বিষয়া ধৰিত্ৰি গগৈ , ভাৰত্তোলনৰ চৰাইদেউ জিলাৰ প্ৰশিক্ষক অনুপ কোঁৱৰ , চৰাইদেউ জিলাৰ হেণ্ড বল সন্থাৰ সভাপতি পুস্প জ‍্যোতি গগৈ আদিকে কৰি বহু সংখ্যক ক্ৰীড়া সংগঠক,ক্ৰীড়া প্ৰেমী ৰাইজ উপস্থিত থাকে ।

ৰূপামণি গগৈ, চৰাইদেউ