Home Blog Page 1952

মাখন হাজৰিকা সোঁৱৰণী উপন্যাস পাণ্ডুলিপি প্ৰতিযোগিতাৰ ফলাফল…

গৌৰৱময় সোণালী জয়ন্তী বৰ্ষত খোজ দিয়া অসমৰ অন্যতম গ্ৰন্থ প্ৰকাশন প্ৰতিষ্ঠান ‘বনলতা’ৰ প্ৰতিষ্ঠাতা মাখন হাজৰিকা সোঁৱৰণী উপন্যাস পাণ্ডুলিপি প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে। প্ৰায় অৰ্ধশতাধিক উপন্যাসৰ পাণ্ডুলিপিৰ মাজৰ পৰা বিচাৰকে শ্ৰেষ্ঠ উপন্যাস হিচাপে ৰাজীৱ বৰাৰ ‘জলজাহ’ উপন্যাসখনক নিৰ্বাচন কৰিছে।

সেইদৰে আন পাঁচখন উপন্যাসক বিশেষভাৱে নিৰ্বাচন কৰি সন্মানিত কৰা হৈছে। সেই উপন্যাসসমূহৰ নাম আৰু ঔপন্যাসিকসকল ক্ৰমে ৰঙ্গিলা দালানেৰে মাটি ঃ মেঘনা চৌধুৰী, স্ৰোতস্বিনী ঃ ধ্ৰুৱজ্যোতি শৰ্মা, অন্য এক যাত্ৰা ঃ শেৱালি নাথ, সায়াহ্ন ঃ ববিতা কলিতা, নিঃশব্দ বৈভৱ ঃ অংগনা ভট্টাচাৰ্

উল্লেখ থাকিল যে এই প্ৰতিযোগিতাত শ্ৰেষ্ঠ স্থান লাভ কৰা উপন্যাসখনক ৩৫০০০/হাজাৰ টকা, এটা স্মাৰক, মানপত্ৰ আৰু গ্ৰন্থ-টোপোলাৰে পুৰস্কৃত কৰা হ’ব। আনসকল ঔপন্যাসিককো মানপত্ৰ আৰু গ্ৰন্থ-টোপোলাৰে ‘বনলতা’ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত সন্মানিত কৰা হ’ব

প্ৰদ্যুৎ হাজৰিকা

জি এল টি এৰ বাৰ্ষিক সভা সম্পন্ন, কল্যাণ কুমাৰ দাস সভাপতি নিৰ্বাচিত…

গুৱাহাটী লন টেনিছ সন্হাৰ বাৰ্ষিক সাধাৰণ সভাখন যোৱা ১৪ নৱেম্বৰত সভাপতি কল্যাণ কুমাৰ দাসৰ অধ্যক্ষতাত অনুষ্ঠিত হয়৷ সভাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন টেনিছ খেলুৱৈ তথা প্ৰাইড-ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাক মুখ্য পৃষ্ঠপোষক, প্ৰণয় বৰদলৈ ,অনিৰ্বাণ দাস আৰু কিশোৰ জয়ন্ত মাধৱক সন্হাৰ পৃষ্ঠপোষক হিচাপে মনোনীত কৰা হয়৷ এই সভাতেই ২০২২-২৪ বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন টেনিছ খেলুৱৈ, ক্ৰীড়া সংগঠক আৰু ক্ৰীড়া পেঞ্চনাৰ কল্যাণ কুমাৰ দাসক সৰ্বসন্মতি ক্ৰমে সন্হাৰ সভাপতিৰূপে বাছনি কৰা হয়৷

আনহাতে ভাস্কৰ শৰ্মা আৰু দেবাংশু বৰাক ক্ৰমে সাধাৰণ সম্পাদক আৰু কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়৷ সভাত সাধাৰণ সম্পাদকে ২০২১-২২ চনৰ বাৰ্ষিক প্ৰতিবেদন পাঠ কৰাৰ লগতে কোষাধ্যক্ষই বাৰ্ষিক হিচাপ দাখিল কৰে৷ বাৰ্ষিক সভাখনত সন্হাৰ উন্নয়নৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰাৰ লগতে “সকলোৰে বাবে টেনিছ” শীৰ্ষক সন্হাৰ শ্লগানৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰে৷ এই সভাতেই এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি গুৱাহাটী লন টেনিছ সন্হাৰ নাম সলনি কৰি গুৱাহাটী টেনিছ সন্হা কৰা হয়৷

ইয়াৰ লগতে নেহৰু ষ্টেডিয়ামৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া চৌহদত চলি থকা টেনিছ একাডেমীখনৰ নামো জিটিএ টেনিছ একাডেমী কৰা হয়৷ উত্তৰ পূৰ্বাঞ্চলৰ টেনিছ ক্ষেত্ৰখনৰ উন্নয়ন আৰু সম্প্ৰসাৰণৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ অনুসৰি সন্হাৰ এটি অত্যাধুনিক নিজাববীয়া টেনিছ চেন্টাৰৰ নিৰ্মাণ সম্পৰ্কে আলোচনা কৰা হয়৷ উল্লেখ্য যে এই সম্পৰ্কে ইতিমধ্য সন্হাই মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি এই বিষয়ে অৱগত কৰে৷ মুখ্যমন্ত্ৰী গৰাকীয়ে এই বিষয়ত সন্হাটোক যথাসম্ভৱ সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে৷ এই সভাতে ড: মাধুৰ্য্য হাজৰিকাক কাৰ্যকৰী সভাপতি, ৰাজা কাকতি, হৃষিকেষ বিজয় দাস, ভাস্কৰ বৰ্মন আৰু দিলীপ পাঠকক উপ-সভাপতি, ধীৰাজ দত্ত আৰু অজয় দাসক যুটীয়া সম্পাদকৰ লগতে ড° বিকাশ বাউৰি

জনজাতীয় গৌৰৱ দিৱসৰ শুভ উদ্বোধনী অনুষ্ঠানত বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু নন্দিতা গাৰ্লোচাৰ অংশগ্ৰহণ..

অসম জনজাতি আৰু অনুসূচিত জাতি গবেষণা প্ৰতিষ্ঠানৰ উদ্যোগত আৰু কেন্দ্ৰীয় চৰকাৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত ১৫ নবেম্বৰৰ পৰা ২৫ নবেম্বৰলৈ অনুষ্ঠিত হোৱা জনজাতীয় গৌৰৱ দিৱসৰ দিছপুৰ স্থিত লোকনিৰ্মান বিভাগৰ অধিবেশন আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত শুভ উদ্বোধনী অনুষ্ঠানত বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগতে শিক্ষা, ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু শক্তি আৰু খিলঞ্জীয়া জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানৰ আৰম্ভণিতে বিধান সভাৰ অধ্যক্ষ তথা মন্ত্ৰী দ্বয়ে স্বাধীনতা সংগ্ৰামী বীৰ শ্বহীদ বিৰচা মুণ্ডাৰ প্ৰতিচ্চবিত মাল্যাৰ্পন কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

এই অনুষ্ঠানত ভাষণ প্ৰসঙ্গত বিধান সভাৰ অধ্যক্ষ গৰাকীয়ে উল্লেখ কৰে যে মহান বীৰ বিৰচা মুণ্ডাৰ স্মৃতিত আয়োজিত এই জনজাতি গৌৰৱ দিৱসে এই মহান বীৰ গৰাকীৰ সাহস আৰু বীৰত্বৰ লগতে তেখেতৰ দেশৰ প্ৰতি থকা প্ৰেম আৰু ভালপোৱাৰ কথা আমাক সোঁৱৰাই দিয়ে। তেওঁ লগতে কয় যে অসমৰো বহু কেইজন জনজাতি বীৰ বীৰাঙ্গনাই নিজ দেশমাতৃৰ হকে প্ৰাণ আহুতি দিছে। আহি থকা দিন সমূহত আমি এই সকল বীৰ বীৰাঙ্গনাৰ কথা হৃদয়াঙ্গম কৰি দেশমাতৃৰ সেৱাৰ হকে কাম কৰি যাৱ লাগিব।

ইয়াৰ লগতে এই সভাত মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে তেওঁৰ ভাষণত উল্লেখ কৰে যে বৃটীছৰ কু-শাসনৰ বিৰুদ্ধে দেশ মাতৃৰ স্বাধীনতাৰ হকে মহান বীৰ বিৰছা মুণ্ডাই সাহসেৰে যুঁজ দিছিল। মন্ত্ৰী গৰাকীয়ে লগতে কয় যে এই দিৱস উদযাপনৰ ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ প্ৰচেষ্টাক শলাগ ল’ব লাগিব কাৰণ এই দিৱস উদযাপনৰ জৰিয়তে তেখেতে জনজাতীয় লোক সকলৰ স্বভিমানক স্বিকৃতি দিবলৈ এক প্ৰয়াস কৰিছে।

তেওঁ লগতে কয় যে বৰ্তমান আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মাননীয় ড০ হিমন্ত বিশ্ব শৰ্মা দেৱে জনজাতীয় লোক আৰু ভূমিপুত্ৰ সকলৰ উন্নতিৰ হকে মিছন ভূমিপুত্ৰ আৰু মিছন বসুন্ধৰাৰ দৰে আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে অহা বছৰৰ পৰা এই দিৱস এক বহল ভিত্তিত আয়োজন কৰা হ’ব এইক্ষেত্ৰত তেখেতে বিভাগীয় কৰ্তৃপক্ষক যাৱতীয় নিৰ্দেশনা দিব বুলি উল্লেখ কৰে। আজিৰ এই অনুষ্ঠানত বিধায়কদ্বয় বিদ্যাচিং ইংলেং, আব্দুল ৰচিদ মণ্ডল, ভৈয়ম জনজাতি কল্যাণ বিভাগৰ প্ৰধান সচিব মুকেশ চাহুৰ লগতে বিভিন্ন স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যাবাহী সদস্য, বিভিন্ন জনজাতীয় সংগঠনৰ প্ৰতিনিধি সকল উপস্থিত থাকে।

শিশু সাহিত্য ন্যাসৰ গ্ৰন্থ উন্মোচন আৰু বঁটা বিতৰণ…

অসম শিশু সাহিত্য ন্যাসৰ সচিব হষীকেশ গোস্বামীয়ে জনাইছে যে ন্যাসে এইবাৰ ২০২১-২০২২ বৰ্ষত ১৮ খন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। অসম শিশু সাহিত্য ন্যাসৰ কাৰ্যালয়ত অসমৰ শিক্ষামন্ত্ৰী তথা অসম শিশু সাহিত্য ন্যাসৰ সভাপতি ডাঃ ৰণোজ পেগুৰ সভাপতিত্বত অনুষ্ঠিত সভাত গ্ৰন্থসমূহ উন্মোচন কৰাৰ লগতে ২০১৯-২০ বৰ্ষত আয়োজন কৰা পাণ্ডুলিপি প্ৰতিযোগিতাত পুৰস্কাৰপ্ৰাপ্তসকলক সম্বৰ্ধনা পত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়।

উন্মোচিত গ্ৰন্থসমূহ— ৰজনীকান্ত শৰ্মাৰ ‘কুৰি শতিকাৰ বৰেণ্য অসমীয়া’ আৰু ‘অকণিৰ মহাভাৰত’; নীলিমা বৰাৰ ‘কাচনমতী’; বন্তি বৰঠাকুৰ বৰুৱাৰ ‘টুপী পিন্ধা বান্দৰ’; ননী মজুমদাৰৰ ‘বাবা ৰণ্টু আৰু যূতিৰ কথাৰে’; হিৰণ শইকীয়া লহকৰৰ ‘জননী জন্মভূমি স্বৰ্গাদপী গৰীয়সী’ আৰু ‘সোণালী শৈশৱৰ সুবাস’; বন্দিতা ফুকনৰ ‘লকডাউনত সোণটিহঁত’, ‘টুনাহঁতৰ কথাৰে’ আৰু ‘সখি’; কুঞ্জলতা মেধিৰ ‘চিঠি’; বনশ্ৰীদেৱী গগৈৰ ‘জিক্‌ জিক্‌ নামৰ ভূত পোৱালিটো’; দেৱযানী ভাগৱতী নাথৰ ‘পু-লান-চি’; ৰামানুজ দত্ত চৌধুৰীৰ ‘শিপাৰ সন্ধানত’; গীতাঞ্জলি দাসৰ ‘সাধুৰ দেশ’; হষীকেশ গোস্বামীৰ ‘পথ-প্ৰদৰ্শক’, ‘ভলতেয়ৰ’ আৰু ‘আমাৰ দেশৰ মহান নেতা’। ২০১৯-২০ বৰ্ষত তিনিটা শাখাত পাণ্ডুলিপি প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।

কল্পনা উদ্দীপক কাহিনী শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে ক্ষিপ্ৰকল্প গগৈ, দ্বিতীয় পুৰস্কাৰ অঞ্জনা দত্ত, তৃতীয় পুৰস্কাৰ যুটীয়াভাৱে মল্লিকা বেগম আৰু দেৱযানী ভাগৱতী নাথ আৰু নিচুকনি বঁটা লাভ কৰে গন্ধেশ্বৰ শইকীয়াই। দুঃসাহসিক অভিযান শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে মৃদুল কুমাৰ দাস, দ্বিতীয় পুৰস্কাৰ ড০ দিব্যজ্যোতি ওজা আৰু তৃতীয় পুৰস্কাৰ ভবেন চন্দ্ৰ কোচে। বুৰঞ্জীমূলক কাহিনী শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে অনন্ত কুমাৰ শৰ্মা, দ্বিতীয় পুৰস্কাৰ ড০ জ্ঞানদীপ শইকীয়া আৰু তৃতীয় পুৰস্কাৰ দীপা বৰুৱাই। উক্ত সভাত বিশিষ্ট সাহিত্যিকসকলৰ লগতে অসম শিশু সাহিত্য ন্যাসৰ উপ-সভাপতি, অন্তঃৰাষ্ট˜ীয় খ্যাতিসম্পন্ন সাহিত্যিক, পদ্মশ্ৰী অৰূপ কুমাৰ দত্ত, শিশু সাহিত্যিক, অকাডেমি বঁটাপ্ৰাপক বিশিষ্ট লেখিকা বন্দিতা ফুকন আৰু অসম চৰকাৰৰ শিক্ষা বিভাগৰ অতিৰিক্ত সচিব প্ৰজ্ঞা চহৰীয়া সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।

অসম প্ৰদেশৰ বেলতলাস্থিত মুখ্য কাৰ্যালয়ত “জন জাতীয় গৌৰৱ দিৱস” উদযাপন…

বীৰছা মুণ্ডাৰ স্বদেশ প্ৰেমে সদায় আমাক অনুপ্ৰানিত কৰিব : ভৱেশ কলিতা

ভাৰতৰ স্বাধীনতা সংগ্ৰামী বীৰছা মুণ্ডাৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আজি
ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ বেলতলাস্থিত মুখ্য কাৰ্যালয়ত “জন জাতীয় গৌৰৱ দিৱস” উদযাপন হৈ যায়। অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই উপস্থিত থাকি কয়, আজিৰ শুভ দিনটোত বীৰ পুৰুষ গৰাকীৰ প্ৰতি শ্রদ্ধা জনোৱাৰ উদ্দেশ্য সমগ্ৰ দেশৰ লগতে অসমতো জনজাতীয় গৌৰৱ দিৱস উপলক্ষে বিভিন্ন কার্যসূচী হাতত লৈ পালন কৰা হৈছে। হাজাৰ হাজাৰ জনজাতীয় লোকসকলক ব্ৰিটিছৰ বিৰুদ্ধে হোৱা সংগ্ৰামত প্ৰতিনিধিত্ব কৰি বীৰছা মুণ্ডাই নিজৰ অধিকাৰৰ বাবে যুজঁ কৰিছিল।স্বদেশ,স্বজাতি,দেশৰ স্বাধীনতাৰ হকে তেখেত সাহসিকতা, অতুলনীয় স্বদেশ প্ৰেমে আমাক সদায়ে অনুপ্ৰাণিত কৰি থাকিব।

আজিৰ সভাত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত থাকি যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ বুলি ব্যক্ত কৰিছে। ড০ শৰ্মাই কয়, বীৰছা মুণ্ডা আছিল এগৰাকী স্বাধীনতা যুঁজাৰু, ধৰ্মীয় নেতা আৰু জনজাতীয় লোকসমাজৰ এগৰাকী নেতৃস্থানীয় ব্যক্তি। বীৰছা মুণ্ডা নামৰ এটি প্ৰতিবাদী কণ্ঠ, এটি দূৰদৰ্শী চিন্তা চিৰ জাগ্ৰত কৰি ৰাখিবলৈ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে যি পদক্ষেপ আৰম্ভ কৰিছে সেয়া আদৰণীয়। তেওঁ লগতে কয়, মহান জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ স্মৃতি চিৰযুগমীয়া কৰিবলৈ ৰাজ্য চৰকাৰে গুৱাহাটীৰ হেঙেৰাবাৰীত নিৰ্মাণ কৰা অমৃত উদ্যানত উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যৰ এগৰাকীকৈ স্বাধীনতা যুঁজাৰুৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে। আজি বীৰছা মুণ্ডাৰ পৱিত্ৰ জয়ন্তীত আমি প্ৰতিজ্ঞাবদ্ধ হ`ব লাগিব যে আমি আমাৰ জনজাতীয় গৌৰৱ জীয়াই ৰাখিম আৰু আমাৰ পৰম্পৰাগত সংস্কৃতিক সংৰক্ষণ কৰিম।

অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, মন্ত্ৰীদ্বয় ডা: ৰণোজ পেগু, জয়ন্ত মল্লবৰুৱা, দলৰ ৰাষ্ট্ৰীয় নেতা অৰুণ ওৰাং, সাংসদ হৰেনছিং বে’, মাননীয় বিধায়ক নৱ কুমাৰ দলে, ভাৰতীয় জনতা পাৰ্টিৰ অনুসূচিত জনজাতি মৰ্চাৰ ৰাজ্যিক সভাপতি শিৱনাথ ব্ৰহ্ম প্ৰমুখ্যে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্বাচিত সদস্য আৰু দলৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

উল্লেখ্য যে দলৰ নীতি-আদৰ্শৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বলিষ্ঠ কৰ্মৰাজিৰ প্ৰতি আকৰ্ষিত হৈ বিগত দেউৰী স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনত জয় লাভ কৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী কেশৱ দেউৰীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।

ডিমৌ গুলাইত বড়ো সাহিত্য সভাৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱস…

ডিমৌ গুলাইত বড়ো সাহিত্য সভাৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱস,বড়ো সাহিত্য সভাৰ ধেমাজি প্ৰাথমিক সমিতি, এবছুৰ,আবৌফ,ইউবিপিঅ’ৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ বছৰেকীয়া অধিৱেশন

আজিৰে পৰা দুদিনীয়াকৈ বড়ো সাহিত্য সভাৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে বড়ো সাহিত্য সভাৰ ধেমাজি প্ৰাথমিক সমিতিৰ ২২ সংখ্যক,এবছুৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ ৪০ সংখ্যক, আবৌফৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ ২২ সংখ্যক আৰু ইউবিপিঅ’ৰ তৃতীয় সংখ্যক বছৰেকীয়া অধিৱেশন ডিমৌ গুলাইৰ পালেআবৰ বড়ো প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গণত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আৰম্ভ হৈছে ।অনুষ্ঠানৰ আজি পুৱা ৮-৩০ বজাত মূল তোৰণ উদ্ধোধন কৰে চিলাসূঁতি গাওঁ পঞ্চায়তৰ সভানেত্ৰী স্বৰ্গৰাণী বসুমতাৰীয়ে।

ইয়াৰ পাছত মূল মণ্ডপ উদ্ধোধন কৰে ধেমাজি জিলা বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি সুশীল বসুমতাৰীয়ে। পুৱা ৯-৩০ বজাত ভোজনালয় উদ্ধোধন কৰে ডিমৌ গুলাইৰ গাওঁ প্ৰধান পূৰ্ণ মুছাহাৰীয়ে।পুৱা ১০ বজাত ক্ৰীড়া প্ৰতিযোগিতা উদ্ধোধন কৰে সুদক্ষ ফুটবল খেলুৱৈ ৰিঞ্চু বসুমতাৰীয়ে। পুৱা ১০-৩০ বজাত সাহিত্য প্ৰতিযোগিতা উদ্ধোধন কৰে চিমেন চাপৰি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ৰাফুদাই মুছাহাৰীয়ে।বিয়লি ৪-৩০ বজাত প্ৰতিনিধি সভাকক্ষ উদ্ধোধন কৰে বড়ো সাহিত্য সভাৰ ধেমাজি প্ৰাথমিক সমিতিৰ প্ৰাক্তন সভাপতি অশ্বিনী কুমাৰ স্বৰ্গীয়াৰীয়ে।কাইলৈ তথা ১৬ নৱেম্বৰৰ পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব বড়ো সাহিত্য সভাৰ ধেমাজি প্ৰাথমিক সমিতিৰ সভাপতি বানেশ্বৰ বড়ো,এবছুৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি আনচুলা বসুমতাৰী,আবৌফৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ সভানেত্ৰী সনশ্ৰী বসুমতাৰী আৰু ইউবিপিঅ’ৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ সভাপতি সনসিং ব্ৰহ্মই।পুৱা ৮-৩০ বজাত শ্বহীদ তৰ্পণ।দুপৰীয়া ১২-৩০ বজাৰ আৰম্ভ কৰিবলৈ লোৱা মুকলি সভাত আদৰণি ভাষন আগবঢ়াব অভ্যৰ্থনা সমিতিৰ সভাপতি জ্যোতিশ্বৰ গয়াৰীয়ে।মুকলি সভাখন উদ্ধোধন কৰিব বড়ো সাহিত্য সভাৰ ধেমাজি জিলা সমিতিৰ উপদেষ্টা সুশীল বসুমতাৰীয়ে আৰু নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব ধেমাজি জিলা এবছুৰ সভাপতি লখেন বসুমতাৰীয়ে।মুকলি সভাত মুখ্য অতিথি হিচাপে এবছুৰ শিক্ষা সম্পাদক সৌমাওছাৰ বসুমতাৰী,বিশেষ সন্মানিত অতিথি হিচাপে জোনাই জিলা বড়ো সাহিত্য সভাৰ উপ সভাপতি ধনেশ্বৰ নাৰ্জাৰী,ধেমাজি জিলা আবৌফৰ উপদেষ্টা সোভাৰাণী বসুমতাৰী,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড৹ অনচাই বাথৌ বসুমতাৰী,ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী তথা মূৰব্বী ড৹ গুঞ্জন গগৈ,

বিশিষ্ট অতিথি হিচাপে বিকেডব্লিউএচিৰ প্ৰধান মিহিনিশ্বৰ বসুমতাৰী,ইউবিপিঅ’ৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক দিপাঙ্কৰ নাৰ্জাৰী,ধেমাজি জিলা এবছুৰ সাধাৰণ সম্পাদক উদাং বি বডোছা, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু, আমন্ত্ৰিত অতিথি হিচাপে ধেমাজি জিলা বড়ো হাৰিমু আফাডৰ সভাপতি নাথুৰাম মুছাহাৰী, ধেমাজি জিলা পৰিষদৰ সদস্যা বন্তিবালা পেগু, চিচিবৰগাঁও আঞ্চলিক পঞ্চায়তৰ সভাপতি দেৱ পেগু, চিমেনমুখ গাওঁ পঞ্চায়তৰ সভানেত্ৰী জোনাকী দাস,ধেমাজি জিলা এবছুৰ উপদেষ্টা ৰাজু ওৱাৰী,পূৰ্ৱাঞ্চল মহাবিদ্যালয়ৰ বড়ো বিভাগৰ মুৰব্বী অধ্যাপিকা সুশীলা নাৰ্জাৰী,ধেমাজি জিলা আবৌফৰ উপ সভানেত্ৰী শীলা বসুমতাৰী প্ৰমুখ্যে বহু সংখ্যক গন্যমান্য ব্যক্তি উপস্থিত থাকিব।ইপিনে বড়ো সাহিত্য সভাৰ চিমেন আঞ্চলিক সমিতিৰ উদ্যোগত বড়ো সাহিত্য সভাৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে সভাৰ চিমেন প্ৰাথমিক সমিতিৰ ২৩ সংখ্যক আৰু আবৌফৰ চিমেন আঞ্চলিক সমিতিৰ ১৪ সংখ্যক বছৰেকীয়া অধিৱেশন আজিৰে পৰা চিমেন চাপৰিৰ জয়পুৰ বড়ো প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আৰম্ভ হৈছে। অনুষ্ঠানৰ আজি পুৱা ৬ বজাত মূল তোৰণ উদ্ধোধন কৰে এমএচিৰ ইএম মলেন্দ্ৰ নাৰ্জাৰীয়ে। পুৱা ৬-৩০ বজাত মূল মণ্ডপ উদ্ধোধন অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি চাঞ্চুমা বসুমতাৰীয়ে। পুৱা ৭-৩০ বজাত ভোজনালয় কক্ষ মুকলি কৰে মূৰ্কংচেলেক আঞ্চলিক পঞ্চায়তৰ সদস্যা অঞ্জালী খেৰকটাৰীয়ে। পুৱা ৯ বজাত অতিথিশালা উদ্ধোধন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি বিমল মুছাহাৰীয়ে ।পুৱা ৯-৩০ বজাত ভলীবল প্ৰতিযোগিতা উদ্ধোধন কৰে জোনাইৰ সংহত জনজাতি উন্নয়ন প্ৰকল্পৰ সভাপতি ফৈলাও মুছাহাৰীয়ে। পুৱা ১০-৩০ বজাত সাহিত্য প্ৰতিযোগিতা উদ্ধোধন কৰে অভ্যৰ্থনা সমিতিৰ উপদেষ্টা সুনীল বসুমতাৰীয়ে। বিয়লি ৩ বজাত বড়ো সাহিত্য সভাৰ চিমেন প্ৰাথমিক সমিতিৰ প্ৰতিনিধি পঞ্জীয়ন, বিয়লি ৩-৩০ বজাত আবৌফৰ চিমেন আঞ্চলিক সমিতিৰ প্ৰতিনিধি পঞ্জীয়ন, সন্ধিয়া ৫ বজাত বড়ো সাহিত্য সভাৰ চিমেন প্ৰাথমিক সমিতিৰ প্ৰতিনিধি সভা।সন্ধিয়া ৫ বজাত আবৌফৰ চিমেন আঞ্চলিক সমিতিৰ আলোচনা চক্ৰ। সন্ধিয়া ৮ বজাত আৰম্ভ হ’ব আবৌফৰ চিমেন আঞ্চলিক সমিতিৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। দ্বিতীয় তথা কাইলৈ পুৱা ৭-৩০ বজাত বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন,পুৱা ৮ বজাত আবৌফৰ পতাকা উত্তোলন, পুৱা ৮-৩০ বজাত শ্বহীদ তৰ্পণ, পুৱা ১০ বজাত ক্ৰীড়া আৰু সাহিত্য প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কাৰ বিতৰণ।

পুৱা ১০-৩০ বজাত স্মৃতিগ্ৰন্থ জয়পুৰ হালামণি নেৰচনখন উন্মোচন, দিনৰ ১১-৩০ বজাত অনুষ্ঠিত হ’ব মুকলি সভা। মুকলি সভাত মুখ্য অতিথি হিচাপে বিকেডব্লিউএচিৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰী,নিৰ্দিষ্ট বক্তা হিচাপে ইউবিপিঅ’ৰ সভাপতি মনোৰঞ্জন বসুমতাৰী,ধেমাজি জিলা প্ৰাথমিক শিক্ষা বিষয়া কবিতা ডেকা, এবছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি লখেন বসুমতাৰী,বিশিষ্ট অতিথি হিচাপে মূৰ্কংচেলেক খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰেমলাল দলে,অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি চাঞ্চুমা বসুমতাৰী,বিটিচিৰ বাহিৰৰ প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সাধাৰণ সম্পাদক বিষ্টিৰাম নাৰ্জাৰী,এছবি বড়ো হাইস্কুলৰ প্ৰধান শিক্ষক সোণেশ্বৰ বসুমতাৰী,ইউবিপিঅ’ৰ উপদেষ্টা শুক্লেশ্বৰ গয়াৰী,চিমেন চাপৰি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক চবেত বসুমতাৰী,ধনেশ্বৰ নাৰ্জাৰী, বিটিএডিৰ বাহিৰৰ আত্মসমৰ্পণকাৰী এনডিএফবি কল্যাণ পৰিষদৰ সভাপতি ধৰ্মেশ্বৰ বসুমতাৰী,বাথৌ মহাসভাৰ যুৱ সমিতিৰ সাধাৰণ সম্পাদক ৰাজেশ বসুমতাৰীকে ধৰি কেবাটাও বঢ়ো জাতীয় সংগঠনৰ কেন্দ্ৰীয় আৰু জিলা নেতৃবৃন্দ উপস্থিত থাকিব।

১৫০৮ নং সুন্দৰীদিয়া দক্ষিণহাটী প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস উদযাপন…

১৫০৮ নং সুন্দৰীদিয়া দক্ষিণহাটী প্ৰাথমিক বিদ্যালয়ত পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিৱস উপলক্ষে School Twining Programme ৰ আধাৰত ৫৩৪ নং সুন্দৰীদিয়া নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ লগত মিলিত হৈ উলহ মালহেৰে শিশু দিৱস কাৰ্যসূচী ৰূপায়ন কৰা হয়। BRP চন্দন কুমাৰ দাসৰ নেতৃত্বত পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত মাল্যৰ্পন আৰু বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰা হয়।

উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত (শিক্ষা) মাননীয়া লখিমী দত্ত ডাঙৰীয়াণী। তেওঁ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি এক ৰসাল বক্তব্য আগবঢ়োৱাৰ লগতে শিশুসকলৰ লগত ‘হম হোঙ্গে কাময়াব’ শীৰ্ষক গীতটি একেলগে পৰিৱেশন কৰি তেওঁলোকক জীৱনত সফল হবলৈ অনুপ্ৰেৰণা যোগায়। তেওঁ এই অনুষ্ঠানটোত জড়িত দুয়োখন বিদ্যালয়ৰে আটাইতকৈ বিদ্যালয়ত বেছি দিন উপস্থিত থকা ছাত্ৰ ছাত্ৰী সকলক মানপত্ৰৰে পুৰষ্কৃত কৰে। সভাত সভাপতিত্ব কৰে বৰপেটা শিক্ষাখণ্ডৰ বিদ্যালয়সমূহৰ সহ:পৰিদৰ্শক নিয়তি পাঠকে। নিয়তি পাঠকে শিশু দিৱস উপলক্ষে ৰচনা কৰা এটি গীত ছাত্রছাত্রী সকলে আজি সমবেত ভাৱে পৰিবেশন কৰে।

খেল ধেমালিৰ লগতে অন্যান্য গীত মাত পৰিবেশন কৰা আজিৰ এই অনুষ্ঠানটোত বৰপেটা শিক্ষাখণ্ডৰ খণ্ডৰ সমল ব্যক্তি চন্দন কুমাৰ দাসে সাধুকথাৰ মাজেৰে ছাত্ৰ ছাত্ৰীসকলক ভবিষ্যত দিশত সফল হবলৈ উদগণি যোগায়। সভাৰ শেষত আজি অনুষ্ঠিত হোৱা বিভিন্ন খেল ধেমালি সমূহৰ পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়। এই কাৰ্যসূচীত সুন্দৰীদিয়া গাঁও পঞ্চায়তৰ সভানেতৃ গিতাশ্ৰী শইকীয়াও এটি সুন্দৰ গীত পৰিবেশন কৰে। অনুষ্ঠানটোত দুয়োখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্রী, অভিভাৱক অভিভাৱিকাৰ লগতে মণ্ডল কেন্দ্র সমন্বয়ক নবদ্বীপ গায়নও উপস্থিত থাকে।

খ্ৰীষ্টান-ইছলামলৈ ধৰ্মান্তৰিত লোকে নাপাব এচ ছিৰ সংৰক্ষণ…

এতিয়াৰে পৰা কোনো লোকে খ্ৰীষ্টান ধৰ্ম বা ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হ’লে দেশত বাহাল থকা অনুসূচীত জনজাতিৰ সংৰক্ষণৰ সুবিধাৰ পৰা বঞ্চিত হব লাগিব। কেন্দ্ৰীয় চৰকাৰে এক শপত নামা যোগে দেশৰ উচ্চতম ন্যায়ালয়ক এই বিষয়ে অবগত কৰে।

কেন্দ্ৰীয় চৰকাৰে খ্ৰীষ্টান আৰু ইছলাম ধৰ্মত অস্পৃশ্যতাৰ স্হান নাই বুলি উল্লেখ কৰি এই দুয়োটা ধৰ্ম বিদেশৰ বুলি শপতনামাত উল্লেখ কৰে।

উল্লেখযোগ্য যে ধৰ্মান্তৰিত এক গোচৰত কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক শপতনামাত যোগে সংৰক্ষণৰ বিষয়টো অবগত কৰে।

শিলচৰত অনুষ্ঠিত উত্তৰ-পূব অলিম্পিক গেমছত অসমৰ ১০০টা পদক অতিক্ৰম…

আধিপত্য অক্ষুণ্ণ ৰাখি অসমে আজি শিলচৰত অনুষ্ঠিত দ্বিতীয় উত্তৰ-পূব অলিম্পিক গেমছত পদকৰ সংখ্যাত ১০০ৰ নম্বৰ অতিক্ৰম কৰিলে। পঞ্চম দিন অন্ত পৰাৰ পাছত অসমে ১০৮টা পদকেৰে শীৰ্ষস্থান দখল কৰে য’ত আছিল ৪৪টা সোণ, ৩৮টা ৰূপ আৰু ২৬টা ব্ৰঞ্জ। ৪০টা সোণ, ৩৫টা ৰূপ আৰু ৩৯টা ব্ৰঞ্জৰ সৈতে দ্বিতীয় স্থানত আছে মণিপুৰ । আজি অসমে সাঁতোৰ, বেডমিণ্টন শ্বুটিং, কাৰাটে আদি বিভিন্ন খেলত পদক লাভ কৰে।

সাঁতোৰঃ এই প্ৰতিযোগিতাৰ সামৰণি দিনটোত অসমে আধিপত্য বিস্তাৰ কৰি আৰু ৭টা পদক সংগ্ৰহ কৰে। মুঠ ৬৬টা পদক পুলত সিদ্ধান্ত লোৱা হয় আৰু ইয়াৰে ৩৬টা পদক অসমে লাভ কৰে য’ত ২০টা সোণ, ১২টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক আছিল। ৰাজ্যিক সাঁতোৰবিদ জননজয় জ্যোতি হাজৰিকা আৰু ঝানাবী কাশ্যপেও এই মিটত শ্ৰেষ্ঠ পুৰুষ আৰু মহিলা সাঁতোৰবিদৰ খিতাপ দখল কৰে। জননজয়ে ৩টা স্বৰ্ণ আৰু এটা ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে জাহ্নবীয়ে পুলৰ পৰা চাৰিটা সোণৰ পদক লাভ কৰে।

কাৰাটেঃ সোমবাৰে কাৰাটেত অসমে এটা স্বৰ্ণসহ ৬টা পদক লাভ কৰে। ৪৫ কেজি শাখাত অবিনাশ দাসে অকলশৰীয়া স্বৰ্ণ পদক লাভ কৰে।

ভাৰোত্তোলনঃ আজি এই প্ৰতিযোগিতাত অসমে ৫টা পদক লাভ কৰে। পাঁচটা পদকৰ ভিতৰত এটা স্বৰ্ণ আৰু সেইটো সংগ্ৰহ কৰে বৰ্ণালী বৰাই ৪৯ কেজি ওজন শাখাত।

শ্বুটিংঃ সোমবাৰে অসমে এই শাখাত ৮টা পদক সংগ্ৰহ কৰে। ১০ মিটাৰ এয়াৰ পিষ্টলত পুৰুষৰ দলে স্বৰ্ণ পদক লাভ কৰাৰ লগতে ব্যক্তিগত শাখাত এই ইভেণ্টতো ৱাই গৌতমে স্বৰ্ণ পদক সংগ্ৰহ কৰে।

বেডমিণ্টনঃ অসমে আজি বেডমিণ্টনত ভাল শ্ব’ দেখুৱাই একাধিক পদক লাভ কৰে য’ত ৩টা স্বৰ্ণও অন্তৰ্ভুক্ত। মহিলা একক শাখাত ইছাৰাণীয়ে স্বৰ্ণ জয় কৰাৰ বিপৰীতে পুৰুষৰ ডাবলছত জয়ৰাজ পেগু আৰু তন্ময় বিকাশে স্বৰ্ণ সংগ্ৰহ কৰে। মিক্সড ডাবলছত অসমে ইছাৰাণী আৰু জয়ৰাজৰ জৰিয়তে সোণৰ পদক লাভ কৰে।

সোমবাৰে অসমৰ বাবে পদক বিজয়ী অন্যান্য ইভেণ্টৰ ভিতৰত মল্লযুঁজ, জুডো, টেনিছ আৰু বক্সিং আদি অন্যতম। বাস্কেটবলত অসম পুৰুষৰ দলে নাগালেণ্ডক ৭৩-৭১ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

দেশৰ প্ৰথমগৰাকী মহিলা গেট ৱ’মেন হিচাপে নিযুক্তি লাভ ছালমা বে‌ইগৰ…

দৈত্যকায় ৰেলগাড়ী যেতিয়া কোনো জনবসতিপূৰ্ণ অঞ্চলৰ মাজেৰে আগবাঢ়ে তেতিয়া নিৰ্দিষ্ট সময়ৰ বাবে ৰেলগেট বন্ধ কৰি দিয়া হয়। দেশৰ বিভিন্ন ৰেলগেটত ৰখীয়া হিচাপে কৰ্মৰত হৈ আছে পুৰুষ সকল। যথেষ্ট কষ্টকৰ কামটোত কেতিয়াবা আপুনি কোনোবা নাৰী বা যুবতীক দেখিছেনে। নিশ্চয় দেখা নাই। পিছে দেশৰ এখন ৰেলগেটত এগৰাকী মহিলাই প্ৰত্যাহ্বান নেওঁচি আজিওঁ কৰ্মৰত হৈ দেশৰ প্ৰথম মহিলা হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে।

উত্তৰপ্ৰদেশৰ লক্ষ্ণৌ চহৰৰ পৰা কিছু নিলগত আছে মালপুৰ ৰেলগেট। এই গেটখনৰ দায়িত্বত আছে ছালমা বেইগ নামৰ মহিলা গৰাকী। তেওঁৰ পিতৃয়ে গেট-মেন হিচাপে কৰ্মৰত আছিল যদিওঁ শাৰীৰিক অসুস্থতাৰ বাবে তেওঁৰ কন্যাই দায়িত্ব লয় । ইয়াৰ পূৰ্বে ছালমা বেইগে পিতৃৰ পৰা সকলো নিয়ম- কানুন শিকি লৈছিল। কামত অভিজ্ঞ হোৱাৰ পিছত ছালমা বেইগে হাতত ৰেলগেটৰ চাবিৰ লগতে ৰঙা আৰু নীলা পতাকাৰ দায়িত্ব গ্ৰহন কৰে।

লমাই প্ৰথম অবস্থাত ৰাইজৰ পৰা বহু প্ৰত্যাহ্বান পাইছিল যদিওঁ পৰিয়ালৰ উৎসাহ, স্বামীৰ প্ৰেৰণাই সকলো প্ৰত্যাহ্বান নেওঁচি আজিওঁ নিৰ্দিষ্ট সময়ত নিজৰ দায়িত্ব পালন কৰি আছে হাঁহি মুখে। কৰ্মক ভয় কৰি যিসকল মহিলা বা যুবতী আজিওঁ ঘৰৰ ভিতৰত সোমাই আছে ছালমা বেইগ সেইসকলৰ বাবে হওঁক প্ৰেৰণা হওঁক আদৰ্শ।