Home Blog Page 1966

দক্ষিণ শালমাৰা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ…

দক্ষিণ শালমাৰা চক্ৰ বিষয়া কাৰ্য্যালয়ৰ সন্মুখত আজি কৃষক মুক্তি সংগ্ৰাম সমাতিৰ উদ্যোগত বিভিন্ন সমস্যা সমাধানৰ দাবীত দুই ঘণ্টীয়া প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ণ কৰে। প্ৰায় সহশ্ৰাধিক প্ৰতিবাদকাৰীয়ে দিনৰ ১১ বজাত হাতে হাতে প্লে-কাৰ্ডলৈ বিধায়ক ওৱাজেদ আলী চৌধুৰী গো-বেগ, সাংসদ মৌলানা বদৰউদ্দিন আজমল গো-বেগ, কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷


উল্লেখ্য যে, দক্ষিণ শালমাৰাৰ নামত থকা ইউক বেঙ্ক দীৰ্ঘদিনৰ পৰা ধুবুৰীৰ ভাৰা ঘৰত চলি আছে যাৰবাবে দক্ষিণ শালমাৰা সমষ্টিবাসি ৰাইজ উক্ত বেঙ্কৰ সুবিধা পাবলৈ গোটেই দিন ব্ৰহ্মপুত্ৰ নদীয়েদি যাত্ৰা কৰি ধুবুৰীত যাবলগীয়া হয় ৷
আনহাতে ধেনাৰখুটি ঘাটৰ পৰা প্ৰতিদিনে শ শ যাত্ৰী বিপদসংকুল ভাবে জিঞ্জিৰাম নদী পাৰাপাৰ হব লগীয়া হৈছে যাৰবাবে দীৰ্ঘদিনধৰি স্থানীয় দল সংগঠৰ লগতে স্থানীয় ৰাইজে দাবী জনাই আহিছে যদিও জনপ্ৰতিনিধি ৰাজনৈতিক সৰযন্ত্ৰত আজিলৈকে নিৰ্মাণ নোহোৱাৰ অভিযোগ কৃষক মুক্তিৰ ৷


আজি ধেনাৰখুটি ঘাটৰ দলং নিৰ্মাণ আৰু দক্ষিণ শালমাৰাৰ ইউক বেঙ্ক দক্ষিণ শালমাৰাত পুনৰ হস্তান্তৰৰ দাবীত এই প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ণ কৰে ৷
প্ৰতিবাদ সাব্যস্ত কৰি দক্ষিণ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷
বাইট- কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য ৷

বিশ্বত পুনৰ আৰম্ভ হৈছে কভিডৰ আতংক…

বিশ্বত পুনৰ আৰম্ভ হৈছে কভিডৰ আতংক। আকৌ হ’ব নেকি পূৰ্বৰ দৰে পৰিস্থিতি? আকৌ হ’ব নেকি ল’ক ডাউন? এতিয়া এই প্ৰশ্নই জোকাৰিছে বিশ্ব।

বিগত ২৪ ঘন্টাত সমগ্ৰ বিশ্বতে চিনাক্ত হৈছে ৪ লাখ ৯৪ হাজাৰ ৬৭৬ জন কৰ’না ৰোগী চিনাক্ত কৰা হৈছে। ইয়াৰে ২ হাজাৰ ২৫৬ জন ৰোগীৰ ইতিমধ্যেই মৃত্যু হৈছে আৰু বাকী সকল ৰোগী চিকিৎসাধীন অৱস্থাত আছে।

যোৱা বুধবা বিশ্বত কভিড ৰোগত আক্ৰান্ত হয় ৩ লাখ ১৭ হাজাৰ লোক। ইয়াৰে ১ হাজাৰ ৩৬৪ জন ৰোগীৰ মৃত্যু ঘটে।

অৱশেষত টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশৰ আশা ধূলিস্যাৎ ভাৰতৰ

টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰত পৰাজিত হয়  হাতত।  প্ৰথমে বেটিং কৰি ভাৰতে ১৬৮ ৰাণ সংগ্ৰহ কৰে। হাৰ্ডিক পাণ্ডিয়াই ৬৩  ৰান সংগ্ৰহ কৰে। বিৰাট কোহলীয়ে ৫০  ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইংলেণ্ডে ভাৰতৰ উক্ত  ৰানৰ বিপৰীতে ইংলেণ্ডে  ১৬ অভাৰত বিজয়ী হ’ব পৰাকৈ  ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইংলেণ্ডৰ হৈ জছ বাটলাৰ (৮০ ৰাণত অপৰাজিত) আৰু এলেক্স হেলছে (৮৬ ৰাণত অপৰাজিত) অৰ্ধশতক অৰ্জন কৰে।

ৰাহুলে গ্ৰুপ পৰ্যায়ত বাংলাদেশ আৰু জিম্বাবোৱেৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন কৰি ছন্দত উভতি আহিব বুলি ধাৰণা  কৰা হৈছিল। কিন্তু আজিৰ খেল খনত ৰাহুলে ভাৰতীয় দলটোক বিজয়ৰ সোৱাদ দিব পৰাকৈ আসানুৰূপ প্ৰদৰ্শন কৰা পৰিলক্ষিত নহ’ল। 
ৰোহিতে  ২৮ টা বলত ২৭ ৰাণ সংগ্ৰহ কৰে।এদিনীয়া ক্ৰিকেটত ২০০ ৰাণ কৰা বেটছমেনজনে  ছেমি ফাইনেলত ব্যৰ্থ হ’ল।  এইবাৰ তেওঁ প্ৰতিযোগিতাখনত মাত্ৰ এটা অৰ্ধশতক অৰ্জন কৰিছিল। সেয়া নেডাৰলেণ্ডৰ দৰে দলৰ বিৰুদ্ধে আছিল।
ভাৰতৰ স্ক’ৰবোৰ্ডত ইনিংছৰ শেষত হোৱা ১৬৮ ৰাণৰ বাবে বিৰাট কোহলী আৰু হাৰ্দিক পাণ্ডিয়াক কৃতিত্ব দিছে বহুতে । সূৰ্যকুমাৰ যাদৱেও আজিৰ দিনটোত ১০ টা বলত ১৪ ৰাণ কৰি পেভিলিয়নলৈ উভতি আহে। আদোল ৰছিদে তেওঁৰ উইকেট লয়। ভাৰতে প্ৰথম ১৫ অভাৰত ১০০ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত  হাৰ্দিকে শেষৰ ৫ অভাৰত ৬৮  ৰাণ সংগ্ৰহ কৰাটো এক বিশেষ কথা হিচাবে গণ্য কৰিব পাৰি। বিৰাটে   ৪০ টা বলত ৫০ ৰাণ কৰিছিল। 
ভাৰতক কম ৰাণত সীমাবদ্ধ কৰাৰ বাবে ইংলেণ্ডৰ ফিল্ডিংক কৃতিত্ব দিয়া উচিত। বাটলাৰে ফিল্ডাৰজনক সঠিক স্থানত ৰাখিছিল ঠিক যেনেদৰে বলাৰসকলে লাইন আৰু লেংথৰ সৈতে বল কৰিছিল।  ইংলেণ্ডে পৰিকল্পনা অনুসৰি বলিং  কৰি আৰম্ভণিৰে পৰা ভাৰতক চাপত ৰাখিবলৈ সক্ষম হয়।  ভাৰতৰ ২০ অভাৰত ১৬৮ ৰানৰ বিপৰীতে ইংলেণ্ডে মাত্ৰ ১৬ অভাৰতে ১৭০ ৰান কৰি বিজয়ৰ হাঁহি মাৰে।

মাদ্ৰাছাৰ ক্ষেত্ৰত জাৰি কৰা হ’ল নতুন SOP…

অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই মাদ্ৰাছাৰ পঞ্জীয়ন সন্দৰ্ভত আজি গুৰুত্বপূৰ্ণ মন্তব্য় কৰে। ৰাজ্যৰ সকলো মাদ্ৰাছাৰ পঞ্জীয়ন কৰাতো বাধ্যতামূলক বুলি উল্লেখ কৰে ডিজিপি গৰাকীয়ে।

মাদ্ৰাছা পঞ্জীয়নৰ বাবে কমেও ১০০ জন ছাত্ৰ-ছাত্ৰী থাকিব লাগিব আৰু ৩ কিলোমিটাৰৰ ভিতৰত এখন মাদ্ৰাছাহে থাকিব পাৰিব বুলিও জনাই অসম আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে।

মাদ্ৰাছাৰ ক্ষেত্ৰত জাৰি কৰা এই নতুন SOP অনুসৰি, মাদ্ৰাছাৰ ছাত্ৰী নিবাসৰ থাকিব সুকীয়া নিৰ্দেশনা। মাদ্ৰাছাত পাঠদান কৰা প্ৰতিগৰাকী শিক্ষকৰ কৰা হ’ব পুলিচ ভেৰিফিকেচন। 

ইতিমধ্যে মাদ্ৰাছাসমূহ পৰিচালনা কৰাৰ বাবে গঠন কৰা হৈছে ৪খন ব’ৰ্ড। এই ব’ৰ্ডসমূহে মাদ্ৰাছাৰ সকলো কাম-কাজৰ দায়িত্ব গ্ৰহণ কৰিব।

সাংবাদিকসকলৰ আগত ডিজিপি ভাস্কৰজ্যোতি মহন্তই লগতে কয় যে- শিশু সুৰক্ষা নিশ্চিতকৰণৰ ওপৰত গুৰুত্ব প্ৰদানৰ নিৰ্দেশ দিয়া হৈছে। শিশু মিত্ৰ বঁটাও শিশু সুৰক্ষাৰ ক্ষেত্ৰত শীঘ্ৰেই প্ৰৱৰ্তন কৰা হ’ব। 

লগতে আৰক্ষী থানাসমূহত সক্রিয় কৰা হ’ব ‘চাইল্ড কৰ্ণাৰ’। মানৱ সৰবৰাহ বন্ধ কৰাৰ ক্ষেত্রতো গ্রহণ কৰা হ’ব পদক্ষেপ। লগতে সুদৃঢ় কৰা হ’ব আৰক্ষী আৰু জনতাৰ সম্পৰ্ক।

শীতকালত শৰীৰৰ অন্যান্য অংশৰ ছালৰ তুলনাত ওঁঠৰ ছাল পাতল হোৱাৰ কাৰণসমূহ জানক…

দিনৰ ভাগত যেতিয়া লিপ্‌ষ্টিক লগাব, ছান প্রটেকচন ফেক্টৰ চমুকৈ এছ পি এফ যুক্ত লিপ্‌ষ্টিকহ ব্যৱহাৰ কৰিব। ভাল কোম্পানীৰ লিপষ্টিক, লিপবাম, লিপপেঞ্চিল ব্যৱহাৰ কৰিব লাগে।

শৰীৰৰ অন্যান্য অংশৰ ছালৰ তুলনাত ওঁঠৰ ছাল পাতল হয়। ওঁঠৰ একাধিক ছালৰ তৰপ নথকা হেতুকে শীতকালত বিশেষ যতন ৰখা দৰকাৰ।

শীতকাল আৰু ভৰিৰ গেৰুৱা ফটা এটা মুদ্রাৰ যেন ইপিঠি-সিপিঠি। শীতকালত প্রায় সকলোৰে ভৰিৰ গেৰুৱা ফটা দেখা যায়। কিছুমানৰ গেৰুৱা ইমান বেয়াকৈ ফাটে যে তেওঁলোকে গেৰুৱা লুকুৱাবলৈ চেষ্টা কৰিও বিফল হয়। যাৰ বাবে বহুতকে হীনমান্যতাত ভোগাও দেখা যায়। কিন্তু আমি যদি সাধাৰণ ঘৰুৱা যতন অলপ লওঁ, তেন্তে ভৰিৰ গেৰুৱা ফটা সমস্যাৰ পৰা হাত সাৰিব পাৰো।

সপ্তাহত দুদিনকৈ এটা পাত্ৰত কুহুমীয়া গৰম পানীত শ্বেম্পু আৰু বডি অইল মিহলাই ভৰি দুখন ১০ মিনিটমান জুবুৰিয়াই ৰাখিব। তাৰপিছত কোমল ব্ৰাছেৰে গেৰুৱাৰ লগতে গোটেই ভৰিখন ঘঁহিব। পিউমিক ষ্ট’নৰ সহায়ত ভৰিৰ গেৰুৱা লাহে লাহে ঘঁহিব। তাৰপিছত ভৰি দুখন শ্বেম্পু পানীৰ পৰা তুলি পুনৰ বেলেগ কুহুমীয়া পানীৰে ধুই পেলাব। এইবাৰ উন্নতমানৰ ফুটকেয়াৰ লোচন লগাব। গেৰুৱা ফটাৰ পৰা হাত সাৰিব পাৰিব। মাজে মাজে ভৰি দুখনত চাৰি চামুচ চাউলৰ গুড়ি, অকমান পুৰৈ শাকৰ ৰস আৰু নেমুৰ ৰস একেলগে মিহলাই ১০ মিনিট ৰাখি ধুই পেলাব। গেৰুৱা ফটা দূৰ হোৱাৰ লগতে ভৰিৰ সৌন্দর্য অটুট থাকিব। ৰাতি শোৱাৰ আগতে ভৰি দুখনত গোলাপজল আৰু সম পৰিমাণৰ গ্লিচাৰিণ মিহলাই ভৰিত লগাবচোন! মেজিকৰ নিচিনা কাম কৰিব।

ভৰি ফটাৰ পৰা দূৰত থাকিবলৈ হ’লে আমি কিছুমান সাধাৰণ নিয়ম মানি চলা উচিত।

ভৰি বুলি অৱজ্ঞা নকৰি ভৰিত কেতিয়াও সাধাৰণ/সস্তীয়া ক্রীম ব্যৱহাৰ নকৰিব। সদায় সূতাৰ মোজা ব্যৱহাৰ কৰিব। প্রতিদিনে মোজ ব্যৱহাৰৰ পিছত ধুব লাগে অর্থাৎ সদায় পৰিষ্কাৰ মোজা পিন্ধা উচিত।

এই ভৰি দুখনেই কঢ়িয়াই ফুৰে আমাৰ শৰীৰৰ গোটেই ভৰ। গতিকে ইয়াক কেতিয়াও অৱজ্ঞা নকৰিব। আৰু এটা কথা, এই নিয়মবোৰ মানি চলিলে আপুনি আৰু কেতিয়াও ভৰি ফটা ঢাকিবলগীয়া নহ’ব।

উৰ্ফি জাভেদৰ বিৰুদ্ধে এফআইআৰ ৰুজু হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে মৌনতা ভংগ…

উৰ্ফি জাভেদৰ বিৰুদ্ধে এফআইআৰ ৰুজু হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে মৌনতা ভংগ কৰিছে। তেওঁ কয় যে এইসকল লোকেই মোৰ নাম ব্যৱহাৰ কৰি প্ৰমোচন আৰু মনোযোগ লাভ কৰিছে।

ছ’চিয়েল মিডিয়াৰ চেন্সেশন উৰ্ফি জাভেদৰ অস্বাভাৱিক ফেশ্বন চেন্সৰ বাবে শিৰোনাম হৈ আছে। বৰ্তমান উৰ্ফি আইনী সমস্যাত পৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দিল্লীত জাভেদৰ উৰ্ফিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।

অক্টোবৰ মাহত তেওঁৰ মিউজিক ভিডিঅ’ ‘হাই হি য়ে মাবুলগী’ মুক্তি পোৱাৰ পিছতে দাখিল কৰা এই প্ৰতিবেদন। ইয়াৰ পূৰ্বে কমেডিয়ান সুনীল পালেও উৰ্ফীক তেওঁৰ সাজ-পোছাক আৰু ৰাজহুৱাভাৱে দেখা দিয়াৰ বাবে তীব্ৰ সমালোচনা কৰিছিল। একে সময়তে এতিয়া উৰ্ফীয়ে তেওঁৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰ আৰু পাল আৰু অন্যান্য ট্ৰ’লৰ মন্তব্যৰ ওপৰত নীৰৱতা ভাঙি পেলাইছে।

ইনষ্টেণ্ট বলীউডে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত উৰ্ফীয়ে কয়, “এইটো ইমানেই আচহুৱা কথা, এইসকলে মোক কয় যে মই প্ৰচাৰ বিচাৰো, আৰু এইসকল লোকেই মোৰ নামটো প্ৰচাৰ আৰু মনোযোগৰ বাবে ব্যৱহাৰ কৰি আছে, উৰ্ফীয়ে আৰু কয়, “ইমানবোৰ নাই।” যিকোনো ধৰ্ষণকাৰীৰ বিৰুদ্ধে এফআইআৰ।আফগানিস্তান বা তালিবান নাই, আপুনি তেনেকৈ জীয়াই থাকিব বিচাৰেনে?মহিলাসকলে কি পিন্ধিব লাগে নিয়ন্ত্ৰণ কৰিব বিচাৰেনে?

মালদ্বীপৰ ৰাজধানী মালেত বিদেশী শ্ৰমিকৰ বাসগৃহত সংঘটিত ভয়াৱহ অগ্নিকাণ্ড…

বৃহস্পতিবাৰে মালদ্বীপৰ ৰাজধানী মালেত বিদেশী শ্ৰমিকৰ বাসগৃহত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ ফলত কমেও ১০ জন লোক নিহত আৰু কেইবাজনো লোক আহত হয়। অগ্নি নিৰ্বাপক সেৱাৰ বিষয়াসকলে বাতৰিটো সদৰী কৰে। বিষয়াসকলে কয় যে জুইত ধ্বংস হোৱা এটা ঘৰৰ ওপৰৰ মহলাৰ পৰা ১০টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ঘৰটোৰ তলৰ মহলাত থকা এটা গাড়ী মেৰামতি কৰা গেৰেজৰ পৰা জুইৰ সূত্ৰপাত হৈছিল।

এজন নিৰাপত্তা বিষয়াই জনোৱা অনুসৰি মৃতসকলৰ ভিতৰত ৯ জন ভাৰতীয় আৰু এজন বাংলাদেশী নাগৰিক আছে। এই দ্বীপপুঞ্জৰ ৰাজধানীখন বিশ্বৰ বহুলোকৰ ছুটী কটোৱাৰ আদৰ্শ স্থান হিচাপে পৰিচিত। অঞ্চলটো পৃথিৱীৰ আটাইতকৈ ঘন বসতিপূৰ্ণ চহৰসমূহৰ ভিতৰত অন্যতম।

মালদ্বীপত থকা ভাৰতীয় উচ্চায়োগে ভাৰতীয় নাগৰিক আৰু অন্যান্যসকলে প্ৰাণ হেৰুৱা মালেত সংঘটিত শোকাৱহ অগ্নিকাণ্ডৰ ঘটনাত শোক প্ৰকাশ কৰিছে।

দুৰ্নীতিয়ে কেনেকৈ দেশখন ধ্বংস কৰি আছে তাকলৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে…

দুৰ্নীতিয়ে কেনেকৈ দেশখন ধ্বংস কৰি আছে তাকলৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। বুধবাৰে ন্যায়াধীশ কে এম জোচেফ আৰু হৃষিকেশ ৰায়ৰ এখন বিভাগীয় বিচাৰপীঠে ভীমা কোৰেগাঁও গোচৰৰ অভিযুক্ত গৌতম নৱলাখাৰ আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে দুৰ্নীতিগ্ৰস্ত লোকে দেশখন ধ্বংস কৰি আনিছে।

উল্লেখ্য যে অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে ভীমা কাৰেগাঁও গোচৰৰ অভিযুক্ত গৌতম নৱলাখাৰক কাৰাগাৰৰ পৰিৱৰ্তে গৃহবন্দী কৰি ৰখাৰ তীব্ৰ বিৰোধিতা কৰাৰ পিছতে বিচাৰপীঠে এই মন্তব্য কৰে।

“এই দেশ কোনে ধ্বংস কৰি আছে? আপুনি বিচাৰিছে নেকি আমি আপোনাক কওঁ? দুৰ্নীতিগ্ৰস্ত লোকে কৰিছে। আপুনি যিকোনো এটা কাৰ্যালয় এটালৈ যাওক, তাত কি হয় চাওক।” অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুক উদ্দেশ্যি বিচাৰপীঠে এইদৰে কয়।

ৰাম ৰহিমৰ অনুগামীক গুলীয়াই হত্যা কৰিলে পাঞ্জাৱত…

পুনৰ অশান্ত হৈ পৰিছে পঞ্জাৱ। বৃহস্পতিবাৰে পঞ্জাৱৰ ফৰিদকোটত ডেৰা চাচা ছৌদাৰ এজন অনুগামীক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ পিছতে ডেৰা চাচা ছৌদাৰ অনুগামীসকলৰ মনত ক্ষোভৰ সৃষ্টি হৈছে।

এই হত্যাকাণ্ডৰ পিছতে ডেৰা প্ৰধান গুৰমিত ৰাম ৰহিম সিঙৰ অনুগামীসকলে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ আৰম্ভ কৰিছে।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে আৰক্ষীক পৰিস্থিতিত নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে। আৰক্ষীয়ে জনোৱা মতে বৃহস্পতিবাৰে পুৱা ফৰিদকোটৰ কোটকাপুৰাত পাঁচজন সশস্ত্ৰ লোকে প্ৰদীপ সিং ওৰফে দোধি নামৰ এজন স্থানীয় ডেৰা নেতাক গুলীয়াই হত্যা কৰে।

মঙলদৈ নিৰ্বাচনী জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ আনুষ্ঠানিকভাৱে…

নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি মঙলদৈ নিৰ্বাচনী জিলাৰ অন্তৰ্গত চাৰিটা বিধানসভা সমষ্টিৰ (৬৫ নং কলাইগাওঁ, ৬৬ নং ছিপাঝাৰ, ৬৭ মঙলদৈ আৰু ৬৮ নং দলগাঁও) ২০২৩ বৰ্ষৰ খচৰা ভোটাৰ তালিকা বুধবাৰে দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়।

নিৰ্বাচনী বিষয়াৰ কাৰ্য্যালয়ৰ পৰা প্ৰকাশ কৰা তথ্য অনুসৰি নতুন খচৰা ভোটাৰ তালিকা মতে নিৰ্বাচনী জিলাখনত মুঠ ভোটদাতাৰ সংখ্যা ৮,৭১,৪৩১ গৰাকী। ইয়াৰে ৪,৪২,০০১ জন পুৰুষ, ৪,২৯,৪১০ গৰাকী মহিলা আৰু ২০ গৰাকী তৃতীয় লিঙ্গৰ ভোটাৰ। নতুন ভোটাৰ তালিকা অনুসৰি কলাইগাওঁ সমষ্টিত মুঠ ১,৮৬,৬১৫ সংখ্যক ভোটাৰৰ ৯৪,১৯৪ জন পুৰুষ আৰু ৯২,৪১৯ গৰাকী মহিলা ভোটাৰ। একেদৰে ছিপাঝাৰ সমষ্টিত মুঠ ১,৮২,৫২২ সংখ্যক ভোটাৰৰ ৯৩,২৭৫জন পুৰুষ আৰু মহিলা ভোটাৰৰ সংখ্যা ৮৯,২৪০ গৰাকী।

মঙলদৈ সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৪৬,৭২০। ইয়াৰে পুৰুষ ভোটাৰ হৈছে ১,২৪,৬০১ জন আৰু মহিলা ভোটাৰ হৈছে ১,২২,১১৬ গৰাকী। তদুপৰি দলগাঁও বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৫৫,৫৭৪, ইয়াৰে পুৰুষ ভোটাৰ হৈছে ১,২৯,৯৩১ জন আৰু মহিলা ভোটাৰ হৈছে ১,২৫,৬৩৫ গৰাকী। 

এই খচৰা ভোটাৰ তালিকাত যোৱা বছৰৰ চূড়ান্ত ভোটাৰ তালিকাৰ তুলনাত ৭৬০৯ গৰাকী নতুন ভোটাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।