Home Blog Page 1967

বাতিল ৮০০০ শিক্ষকৰ পদ , আৰু ৪০০০ ক নিযুক্তি দিয়া হ’বঃ শিক্ষামন্ত্ৰী…

ৰাজ্যৰ নিম্ন আৰু উচ্চ প্ৰাথমিকৰ প্ৰায় ৯ হাজাৰ শিক্ষকৰ স্থায়ী পদ বিলুপ্তিকৰণ সন্দৰ্ভত চলি থকা ব্যাপক চৰ্চা সমালোচনাৰ মাজতে কালি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে ২০২০ চনতেই এই শিক্ষকৰ পদসমূহ অপ্ৰয়োজনীয়ভাৱে ৰাখি থোৱা হৈছিল৷ এতিয়া সেইবোৰৰেই বিলুপ্তি ঘটোৱা হৈছে। যিহেতু পদসমূহ নিষ্ক্ৰিয় কৰি ৰখা হৈছে, গতিকে কোনোধৰণৰ বিত্তীয় শৃংখলা ব্যাহত হোৱাতকৈ সেয়া বিলুপ্তি কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে উক্ত পদসমূহত কোনো নিযুক্তি দিয়া নহয়৷

ইফালে ঠিকা-ভিত্তিক শিক্ষকসকলৰ চাকৰি ৬০ বছৰলৈ নিশ্চিত কৰা হৈছে৷ তাৰ বাবে আৰ অ’ পি অনুযায়ী দৰমহা প্ৰদানৰ ব্যৱস্থা লোৱা হৈছে৷ নিয়মীয়া শিক্ষকৰ দৰেই তেওঁলোকে মৰগীয়া বানচ পাব৷ কিন্তু তেওঁলোক যিহেতু ঠিকা-ভিত্তিক গতিকে তেওঁলোকৰ বাবে বিভাগত কোনো স্থায়ী পদ নাই৷’

উল্লেখ্য যে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত মুঠ ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে পৰ্যাপ্ত শিক্ষক৷ সম্প্ৰতি প্ৰাথমিক শিক্ষাত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ অনুপাত হ’ল ২১:১৷ অৰ্থাৎ ২১জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এজনকৈ শিক্ষক নিয়োজিত হৈ আছে৷ কালি গুৱাহাটীত এক সংবাদ মেল আয়োজন কৰি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা জনায়।

প্ৰাথমিক শিক্ষাত ৰাজ্যত মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ’ল ৪৯,৯০,৪৪৯গৰাকী৷ ইফালে, কৰ্মৰত শিক্ষকৰ সংখ্যা হ’ল ২,২১,২৪৯গৰাকী৷ এই সংখ্যাৰ ভিতৰত নিয়মীয়া, ঠিকা-ভিত্তিক, টিউটৰ সকলো শ্ৰেণীৰ শিক্ষক সোমাই আছে৷ তদুপৰি, ৪ হাজাৰ খালী পদ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰি প্ৰক্ৰিয়া আগবঢ়াই নিয়া হৈছে৷ বৰ্তমান প্ৰাথমিক শিক্ষা বিভাগত নতুন শিক্ষক নিযুক্তিৰ কোনো প্ৰয়োজন নাই বুলি তেওঁ স্পষ্টভাৱে কয়৷ যদিহে প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৫০ লাখতকৈ বৃদ্ধি পায় তেতিয়াহে ওপৰঞ্চি শিক্ষকৰ প্ৰয়োজন হ’ব বুলি কয় শিক্ষা মন্ত্ৰীয়ে৷

অসম আৰক্ষীত অৱসৰপ্ৰাপ্ত সেনা বিষয়াক নিযুক্তি দিয়া হ’ব…

অসম পুলিচক অধিক সক্ষম, সষ্টম আৰু শাৰীৰিকভাৱে অধিক দক্ষ কৰি তুলিবলৈ ৩৪জন অৱসৰপ্ৰাপ্ত মেজৰ আৰু কৰ্নেলক নিযুক্তি দিয়া হ’ব৷

কেবিনেটে জনোৱা অনুমোদন অনুসৰি অৱসৰপ্ৰাপ্ত সেনা বাহিনীৰ বিষয়াসকলে বেটেলিয়নসমূহত প্ৰশিক্ষণ দিব৷ নিযুক্তি পাবলগীয়া অৱসৰপ্ৰাপ্ত সেনা বিষয়াসকলে অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সমপৰ্যায়ৰ মৰ্যাদা লাভ কৰিব৷ এই অৱসৰপ্ৰাপ্ত সেনা বিষয়াসকলক অতিৰিক্ত আৰক্ষী অধীক্ষক [ প্ৰশিক্ষণ] হিচাপে নিযুক্তি দিয়া হ’ব আৰু তেওঁলোকে প্ৰশিক্ষণৰ সবিশেষ বিশেষ ডি আই জিক জনাব৷

কালি কেবিনেট বৈঠকত গ্ৰহণ কৰা এলানি সিদ্ধান্তৰ কথা ঘোষণা কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই লগতে কয় যে ৰাজ্যত বিদ্যুৎ বিভাগত স্মাৰ্ট মিটাৰ সংযোগ কৰিলেও পুৰণা মিটাৰবোৰো বাহাল থাকিব। উল্লেখ্য যে স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ পাছত বিদ্যুতৰ অত্যধিক বিলৰ বাবে গ্ৰাহক ৰাইজ অসন্তুষ্ট হৈ পৰাৰ প্ৰতি লক্ষ্য ৰাখিকেবিনেটে পুৰণি মিটাৰকো এমাহৰ বাবে বাহাল ৰাখিবলৈ বাধ্য হৈ পৰিল৷

এতিয়াৰে পৰা স্মাৰ্ট মিটাৰ সংস্থাপন কৰিলেও পুৰণি মিটাৰটোও বাহাল থাকিব৷ মিটাৰ ৰিডিং একে হ’লেহে পুৰণি মিটাৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে [এ পি ডি চি এল] উঠাই আনিব৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷

ৰাষ্ট্ৰীয় ঘাইপথত অঘটন ! দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে এজন যুৱকৰ

গোৱালপাৰাত পুনৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে এজন যুৱকৰ। 

দৰংগিৰি আৰু বেকিপুলত সংঘটিত হোৱা দুটা পথ দুৰ্ঘটনাত নিহত হৈছিল ৪ গৰাকী যুৱকসেই ঘটনাৰ ২৪ ঘন্টা নৌহওঁতেই আন এক পথ দুৰ্ঘটনাত থিতাতে নিহত হ’ল দ্বীপজ্যোতি কলিতা নামৰ এজন যুৱক। দুধনৈৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিদানপুৰ-চৰাইমাৰী পথৰ মাজতে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

এখন তীব্ৰবেগী আল্ট্ৰা বাছে মহটিয়াই নিলে পালচাৰ বাইকসহ দ্বীপজ্যোতি কলিতা নামৰ যুৱক জনক বাছৰ খুন্দাত পথৰ পৰা দ’ খাৱৈত চিটিকি পৰে যুৱকজন আৰু বাইকখন। দুৰ্ঘটনা সংঘটিত কৰা বাছখন দুধনৈ আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হৈছে ৷

জানিব পৰা মতে, ৰাষ্ট্ৰীয় ঘাইপথৰ ঠিক সোঁমাজতে এখন চিলিণ্ডাৰ ভৰ্তি ট্ৰাক ৰখাই থোৱা আছিল আৰু তীব্ৰবেগত অহা বাছখনে ট্ৰাকখন অতিক্ৰম কৰিবলৈ লওঁতে সমুখৰ পৰা অৰ্থাৎ দুধনৈৰ পৰা ৰংজুলি গৈ থকা বাইকসহ আৰোহীক প্ৰচণ্ড খুন্দা মাৰে, যাৰ ফলত এই পথ দুৰ্ঘটনাটো সংঘটিত হয়।

উক্ত ট্ৰাকখনৰ কাৰণে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷ ঘটনাস্থলীৰ পৰা মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৷ নিহত দ্বীপজ্যোতি কলিতাৰ ঘৰ ৰংজুলিত ৷

অৰুণাচল প্ৰদেশত ৫.৭ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল…

বৃহস্পতিবাৰে পুৱা অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাত ৫.৭ প্ৰাবল্যৰ ভূমিকম্পৰ খবৰ পোৱা গৈছে।

অৱশ্যে, কোনো হতাহত বা কোনো ডাঙৰ ক্ষতিৰ খবৰ পোৱা হোৱা নাই।

ভূমিকম্প আৰু প্ৰভাৱিত অঞ্চলসমূহৰ বিৱৰণৰ বাবে অপেক্ষা কৰা হৈছে।

ইয়াৰ পূৰ্বে বুধবাৰে নেপালত পুৱা ৬.৬ প্ৰাবল্যৰ ভূমিকম্পৰ সময়ত কমেও ছয়জন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছিল।

জানিব পৰা মতে ৬.৬ প্ৰাবল্যৰ ভূমিকম্পৰ সময়ত ডটি জিলাৰ এটা ঘৰ খহি পৰাৰ ফলত ছয়জন লোকৰ মৃত্যু হয়।
ভূমিকম্পৰ কেন্দ্ৰ পিলিভিটৰ পৰা প্ৰায় ১৫৮ কিলোমিটাৰ উত্তৰ-পূবত আছিল আৰু ১০ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল।

ভাৰতৰ কেইবাটাও ঠাইতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল।

ভাৰতত ভূমিকম্প ৬.৩ ৰিখটাৰ প্ৰাবল্যৰ আছিল।

আজি অৰুণাচলত হোৱা ভূমিকম্পটোৰ উৎপত্তিস্থল পশ্চিম চিয়াঙত বুলি জানিব পৰা গৈছে।

বলিউড অভিনেতা চলমান খানৰ ভতিজা আৰহানে নতুনকৈ আত্মপ্ৰকাশ কৰিব বলিউড জগতত, আৰহানৰ আহিব লগীয়া চলচ্চিত্ৰখন কি?

চলমান খানে এতিয়ালৈকে বহুতো অভিনেতাক মুকলি কৰিছে। এতিয়া খবৰ আহিছে যে তেওঁৰ পৰিয়ালৰ এজন সদস্য বলীউডত প্ৰৱেশ কৰিবলৈ সাজু হৈছে আৰু তেওঁ তেওঁৰ ভতিজা আৰু আৰবাজৰ পুত্ৰ আৰহান খানৰ বাহিৰে আন কোনো নহয়।চলমান খানৰ পৰিয়ালৰ এজন নতুন সদস্যই বলীউড উদ্যোগত প্ৰৱেশ কৰিবলৈ গৈ আছে। আৰবাজ, চোহেল আৰু চলমানৰ পিছত, আৰবাজৰ পুত্ৰ আৰহানে এতিয়া বলীউডত প্ৰৱেশৰ বাবে অপেক্ষা কৰি আছে। অৱশ্যে, আমি জনাওঁ যে এতিয়ালৈকে চলমানে বহুতো অভিনেতাক মুকলি কৰিছে। গতিকে হয়তো আগন্তুক সময়ত চলমানে তেওঁৰ ভতিজাকো মুকলি কৰিব।

মই আপোনাক আৰহানৰ বিষয়ে কওঁ যে তেওঁক অলপতে দ্য ফেবুলাস লাইভছ অৱ বলিউড ৱাইভছ অনুষ্ঠানত দেখা গৈছিল। অৱশ্যে, তেওঁৰ দৃশ্য যথেষ্ট কম আছিল। কিন্তু অনুৰাগীসকলে এইটো ভাল পাইছিল। এতিয়া আৰবাজক অলপতে তেওঁৰ পুত্ৰৰ অভিনয় কেৰিয়াৰ সম্পৰ্কে এটা প্ৰশ্ন সোধা হৈছিল, তেওঁ কৈছিল যে আৰহানে এই উদ্যোগত কাম কৰিব বিচাৰে নে নাই আৰু তেওঁ নিজেই আৰহানক চলচ্চিত্ৰত কাম কৰাটো বিচাৰে নে নাই।

পিংকভিলাৰ সৈতে কথা পাতি আৰবাজে কয় যে এই মুহূৰ্তত আৰহানে তেনে কোনো ইচ্ছা প্ৰকাশ কৰা নাই। এই মুহূৰ্তত, আমাৰ সকলোৰে বাবে আমাৰ অধ্যয়ন সম্পূৰ্ণ কৰাটো গুৰুত্বপূৰ্ণ। তেওঁ এতিয়া কেৰিয়াৰৰ সিদ্ধান্ত ল’বলৈ বহুত সৰু। প্ৰথমে তেওঁলোকে তেওঁলোকৰ অধ্যয়ন সম্পূৰ্ণ কৰে আৰু তাৰ পিছত তেওঁলোকৰ আগ্ৰহ কি চাওঁ আহক। এনে লাগে যে তেওঁ এই উদ্যোগৰ অংশ হ’ব বিচাৰে আৰু প্ৰযোজনা, অভিনয় বা পৰিচালনাত কেৰিয়াৰ গঢ়িব বিচাৰে। তেওঁৰ চলচ্চিত্ৰ জগতৰ দৰে এক ঝোঁক আছে। আমি আনকি তেওঁলোকক জোৰ কৰিবলৈ মানুহ ো নহয় য’ত তেওঁলোকে কেৰিয়াৰ গঢ়িব লাগে। তেওঁ যিটোৰ সৈতে স্বাচ্ছন্দ্যবোধ কৰে সেয়া কৰিব আৰু আমি তেওঁক সমৰ্থন কৰিম। মই এই মুহূৰ্তত ইয়াৰ বিষয়ে বেছি চিন্তা কৰা নাই। মই মাত্ৰ তেওঁলোকক জীৱনটো ভালদৰে উপভোগ কৰিবলৈ দিব বিচাৰো আৰু একে সময়তে তেওঁলোকে ভালদৰে অধ্যয়ন কৰাটো বিচাৰো।

দৰঙৰ নামখলাত ৩৯সংখ্যক শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ…

দৰঙৰ নামখলাত ৩৯সংখ্যক শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ । তৃতীয় দিনটোত উদুলি-মুদুলি পৰিবেশ।

মৃন্ময় মূৰ্তিত ভাস্বৰ হৈ উঠিছে ভগৱান শ্ৰীকৃষ্ণৰ শৈশৱৰ পৰা শেষ সময়লৈ বিভিন্ন গৰিমাগাঁথা ।

ৰাসৰ সন্ধিয়া দেখা গৈছে অগণন ভক্তৰ ভিৰ।

ছিপাঝাৰ আৰু কলাইগাওঁ সমষ্টিৰ সংযোগস্থলি নামখলা পৰিণত হৈছে বিভিন্ন জাতি জনজাতিৰ মিলনভূমিত।

মিলনবাকৰ আৰু বালিপৰাৰ এৰাগাওঁ উন্নয়ন সমতিৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ অনুষ্ঠিত…

ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোনিপুৰৰ তেজপুৰৰ মিলনবাকৰি আৰু বালিপৰাতো উখল মাখল পৰিবেশে বিৰাজ কৰিছে ।

তেজপুৰৰ মিলনবাকৰি আৰু বালিপৰাৰ এৰাগাঁও এতিয়া ৰাস মহোৎসৱৰ বাবে দ্বীতীয় বৃন্দাবনলৈ পৰ্যবসিত হৈছে । মিলনবাকৰ আৰু বালিপৰাৰ এৰাগাওঁ উন্নয়ন সমতিৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ অনুষ্ঠিত কৰিছে ।

ৰাস মহোৎসৱক লৈ দৰ্শকৰ মাজত পাৰভঙা উচাহ ৷এৰাগাওঁৰ স্থায়ী মঞ্চত অনুষ্ঠিত হোৱা শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাত নৃত্য-গীতেৰে প্ৰাণচঞ্চল হৈ পৰিল সমগ্ৰ পৰিবেশ ৷ এই ৰাসলীলাত শিশু পুৰুষ মহিলা সকলোকে অংশগ্ৰহন কৰা দেখিবলৈ পোৱা গল ।

লোকচান হৈছে মাৰ্ক জাকাৰবাৰ্গৰ ! ফেচবুকৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰিব এঘাৰ হাজাৰ কৰ্মচাৰীক

পুনৰ কৰ্মচাৰী বৰ্খাস্ত কৰিব জাকাৰবাৰ্গে৷ বুধবাৰে মেটাৰ(Meta) তৰফৰ পৰা এটা বিবৃতিযোগে এই কথা জনাইছে৷ বিবৃত্তিটোত কোৱা হৈছে যে মেটাই ফেচবুকৰ পৰা এইবাৰ এঘাৰ হেজাৰ কৰ্মীক বৰ্খাস্ত কৰিবলৈ সিদ্ধান্ত লৈছে৷

বিবৃত্তিটোৰ মতে, মুঠ কৰ্মী সংখ্যাৰ কমেও ১৩ শতাংশ হ্ৰাস কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে৷ এই সন্দৰ্ভত বৰ্খাস্ত হ’বলগা সকলো কৰ্মীলৈ মাৰ্ক জুকাৰবাৰ্গে দুখ প্ৰকাশ কৰিছে৷

বুধবাৰে জুকাৰবাৰ্গে কয় যে সকলোৰে বাবে এইটো এটা কঠিন বিষয়৷ সেয়ে সংস্থাৰ সিদ্ধান্তই যিসকলৰ ওপৰত প্ৰভাৱিত কৰিছে, তেওঁলোকৰ বাবে তেওঁ দুখী৷

আনহাতে, মেটাত নতুনকৈ কৰ্মচাৰী নিযুক্তি প্ৰক্ৰিয়া স্থগিত ৰখা হৈছে৷

উল্লেখ্য যে মেটাই ইতিমধ্যে ‘মেটাভাৰ্ছ’ নামৰ এটা ব্যয়বহুল প্ৰকল্প হাতত লৈছে৷ কিন্তু এতিয়ালৈকে সফলতা লাভ কৰা নাই৷ বিস্তৰ আৰ্থিক ক্ষতি হৈছে সংস্থাটোৰ৷ ইয়াৰ পূৰ্বেও সংস্থাটোৱে কৰ্মীৰ বেতন হ্ৰাস আৰু অন্যান্য সা-সুবিধা কমাই আৰ্থিক লোকচানৰ মোকাবিলা কৰিছিল৷

বেলি মাৰ (Sunset) যোৱাৰ পাছত ভুলতেও এইকেইটা কাম নকৰিব; নহ’লে দৰিদ্ৰতাই লগ এৰা নিদিব

সূৰ্যাস্তৰ (Sunset) পাছত এইবোৰ কাম কৰে নেকি? যদি কৰে তেন্তে আজিৰে পৰা ত্যাগ কৰক। নহ’লে অসন্তুষ্ট হৈ পৰিব মা লক্ষ্মী

হিন্দু ধৰ্ম আৰু জ্যোতিষশাস্ত্ৰৰ মতে বেলি মাৰ (Sunset) যোৱাৰ এনে কিছুমান কাম আছে যিবোৰ কৰাটো ভুল বা উচিত নহয়। এইবোৰ কৰিলে ঘৰৰ সদস্যৰ বেমাৰ, দুখ আৰু অভাৱে লগ এৰা নিদিয়ে। লগতে মা লক্ষ্মী অসন্তুষ্ট হৈ উঠে।

ককা-আইতাৰ লগতে ঘৰৰ বয়োজ্যেষ্ঠসকলে সন্ধিয়া হোৱাৰ পাছত কিছু কাম কৰিবলৈ নাপায় বুলি বাধা দিয়ে, আৰু এই নাপায় আঁৰৰ বহু কাৰণ থাকে। ইয়াৰ আঁৰত কাৰণসমূহ ধৰ্ম, বাস্তুশাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰত উল্লেখ আছে।

পিছে জানো আহক সন্ধিয়া (Sunset) হ’লে কি কি কাম কৰিব নালাগে?

১. বেলি মাৰ যোৱাৰ পিছত কেতিয়াও নখ, চুলি আৰু দাড়ি কাটিব নালাগে। ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিলেও ঋণৰ পৰিমাণো বৃদ্ধি হয়।

২. সূৰ্যাস্তৰ পাছত কেতিয়াও কাকো দৈ, আচাৰ, গাখীৰ আৰু নিমখৰ দৰে বস্তু নিদিব। জ্যোতিষশাস্ত্ৰৰ মতে এইসমূহ সামগ্ৰী দান কৰিলে জীৱনত বহু সমস্যাৰ সৃষ্টি হয়।

৩. সন্ধিয়া হোৱাৰ পিছত কাকো টকা ধাৰে নিদিব, ইয়াৰ ফলত অৰ্থনৈতিক অৱস্থাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে।

৪. সূৰ্যাস্তৰ পিছত কেতিয়াও তুলসী গছ নুচুব। লগতে আন গছ-গছনিতো পানী দিব বা গছৰ পাত চিঙিব নালাগে। বিশ্বাস অনুসৰি সূৰ্যাস্তৰ পিছত জীৱনত নেতিবাচকতা বৃদ্ধি পায় আৰু আৰ্থিক সমস্যাৰ সৃষ্টি হয়।

৫. সূৰ্যাস্তৰ পিছথ ঘৰলৈ মালক্ষ্মীৰ আগমন হয়, সেয়েহে এই সময়ত কেতিয়াও শুব নালাগে। সূৰ্যাস্তৰৰ পাছত শুলে মালক্ষ্মী অসন্তুষ্ট হৈ ঘৰৰ সুখ-সমৃদ্ধি প্ৰগতিত বাধা আহি পৰে।

৬. বেলি মাৰ যোৱাৰ পিছত কাপোৰ ধুই শুকোৱাটো ঠিক বুলি গণ্য কৰা নহয়। এয়া কৰিলে আকাশৰ পৰা ঋণাত্মক শক্তি প্ৰৱেশ কৰে বুলি মানি লোৱা হয়। ফলত কাপোৰত বেক্টেৰিয়াৰ সংখ্যাও বৃদ্ধি পায় আৰু মানুহ অসুস্থ হৈ পৰে বুলি ধাৰণা কৰা হৈছে।

তৃতীয়বাৰৰ বাবে টি২০ বিশ্বকাপৰ ফাইনেলত পাকিস্তান; অপেনিং যুটিতে ১২.৪ অভাৰত বাবৰ-ৰিঝৱানৰ সংগ্ৰহ ১০৫ ৰাণ৷

দলৰ অতি প্ৰয়োজনীয় মুহূৰ্তত উজ্বলি উঠিল বাবৰ-ৰিঝৱান৷ নিউজিলেণ্ডৰ বিৰুদ্ধে ছুনামিৰ সৃষ্টি কৰিলে বাবৰ-ৰিঝৱানে৷ টি২০ ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ বেটাৰ মহম্মদ ৰিজৱান আৰু বাবৰ আজমৰ দূৰ্দান্ত অপেনিং বেটিঙেৰে টি২০ বিশ্বকাপৰ ফাইনেলত উপনিত হ’ল পাকিস্তান৷

চিডনি ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা বিশ্বকাপৰ প্ৰথমখন ফাইনেলত প্ৰথমে বেটিং কৰি নিউজিলেণ্ডে ১৫৩ ৰাণৰ লক্ষ্য বান্ধি দিয়ে৷ প্ৰত্যুত্তৰত পাকিস্তানে চমকপ্ৰদ আৰম্ভণি ঘটায়৷

অপেনিং যুটিতে বাবৰ-ৰিঝৱানে সংগ্ৰহ কৰে ১২.৪ অভাৰত ১০৫ ৰাণ৷ বাবৰে ৫৩ (৪২) আৰু ৰিঝৱানে ৫৭ (৪২) ৰাণ কৰে৷ বাবৰ-ৰিঝৱানৰ এই অপেনিং যুটিৰ ফলতে পাকিস্তানে ৩ টা উইকেট হেৰুৱাই ৫টা বল বাকী থকা অৱস্থাত বিজয় লক্ষ্যত উপনীত হয়৷ নিউজিলেণ্ডৰ হৈ ট্ৰেণ্ট ব’ল্টে  দুটাকৈ উইকেট দখল কৰে৷

ইয়াৰ পূৰ্বে প্ৰথম ইনিংছত নিউজেলেণ্ডে ৪ উইকেটত ১৫২ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ ডেৰিল মিছেলে ৫৩ আৰু অধিনায়ক কেন উইলিয়ামছনে ৪৬ ৰাণৰ বৰঙনি আগবঢ়ায়৷ পাকিস্তানৰ হৈ শ্বাহিন আফ্ৰিদিয়ে দুটাকৈ উইকেট দখল কৰে৷

উল্লেখযোগ্য যে টি২০ বিশ্বকাপৰ ইতিহাসত তৃতীয়বাৰৰ বাবে পাকিস্তানে প্ৰতিযোগিতাখনৰ ফাইনেলত উপনীত হ’ব৷ ইয়াৰ পূৰ্বে ২০০৯ চনত বিশ্বকাপবিজয়ৰ সোৱাদ লাভ কৰিছিল দলটোৱে৷