Home Blog Page 2030

“মৰিগাওঁ জিলা দিৱস”ত মন্ত্ৰী পিয়ুষ হাজৰিকা …

১৯৮৯ চনৰ ১৪ অক্টোবৰ তাৰিখে তেতিয়াৰ অবিভক্ত নগাঁও জিলাৰ পৰা পৃথক হৈ মৰিগাওঁ জিলাই এখন সুকীয়া জিলা হিচাপে স্বীকৃতি লাভ কৰে। প্ৰাচীন কালৰ পৰাই মৰিগাওঁ ঠাইখনে অসমৰ ইতিহাসত এক সুকীয়া স্থান দখল কৰি আহিছে। মায়ং অঞ্চলৰ যাদু- মন্ত্ৰৰ পৰা আৰম্ভ কৰি অসম গৌৰব এশিঙীয়া গড়ৰ বিচৰণভূমী পবিতৰা বনাঞ্চল আদিয়ে বৰ্তমানেও মৰিগাওঁক অসমৰ বুকুত এক বিশেষ স্থান প্ৰদান কৰিছে।

মৰিগাওঁ জিলাৰ বিগত ৩৩ বছৰৰ গৌৰৱময় ইতিহাসক ৰোমন্থন কৰাৰ হেতু মৰিগাওঁ জিলা প্ৰশাসনৰ উদ্যোগত ১৪ আৰু ১৫ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে মৰিগাওঁ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত আয়োজিত হোৱা “মৰিগাওঁ জিলা দিৱস”ত বিশিষ্ট অতিথিৰূপে উপস্থিত পিয়ুষ হাজৰিকা ।

মৰিগাওঁ জিলাৰ বৰ্ণিল ইতিহাস, স্বকীয় ঐতিহ্য, সংস্কৃতি, সমন্বয়ক সুন্দৰ ৰূপত ৰাইজৰ মাজত উপস্থাপন কৰাৰ বাবে প্ৰশাসনৰ এই সুন্দৰ প্ৰয়াসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমৰ ৰাজ্যপাল প্ৰফেছাৰ জগদীশ মুখী । এই অনুষ্ঠানটিত অসম চৰকাৰৰ মন্ত্ৰী ইউ জি বহ্ম , মৰিগাওঁ বিধানসভা সমষ্টিৰ ৰমাকান্ত দেউৰী , লাহৰিঘাট সমষ্টিৰ বিধায়ক ডাঃ আছিফ মঃ নাজাৰ , তিৱা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰকে প্ৰমুখ্য কৰি প্ৰশাসনৰ উচ্চ-পদস্থ বিষয়াসকলো উপস্থিত থাকে ।

আমাৰ সমাজত ধঁপাতজাতীয় সামগ্ৰীৰ বিৰূপ প্ৰভাৱৰ বিষয়ে ৰাইজক সজাগ কৰিবলৈ অসম চৰকাৰে বিভিন্ন সময়ত ধঁপাত বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। আজি মৰিগাওঁ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হৈ থকা “মৰিগাওঁ জিলা দিৱস”ত এখন ধঁপাতমুক্ত মৰিগাওঁ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰে গণ স্বাক্ষৰ অভিযান অনুষ্ঠিত হয়। অসমৰ ৰাজ্যপাল প্ৰফেছাৰ জগদীশ মুখীৰ উপস্থিতত স্বাক্ষৰ অভিযানটিত পিয়ুষ হাজৰিকা স্বাক্ষৰ প্ৰদান কৰি এক ধঁপাত মুক্ত মৰিগাওঁ তথা অসম নিৰ্মাণৰ আমাৰ প্ৰতিশ্ৰুতিক পুনৰ দোহাৰে।

শৰীৰৰ ওজন কমাবলৈ কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব ? চাওঁক এখন তালিকা…

1131123017

খাদ্যপৰিমাণকেল’ৰিপ্ৰ’টিন (গ্ৰাম)
ৰাতিপুৱাকুহুমীয়া গৰম নেমু পানীৰ সৈতেচেনিবিহীন চাহমেৰী বিস্কুট এগিলাচএকাপএখন  ৩৫৫৬  ৪ গ্ৰাম
পুৱাৰ আহাৰফেটবিহীন গাখীৰব্ৰাউন ব্ৰেড বা উপমা এগিলাচএক প্লেট ৯০২০৫ ৮ গ্ৰাম৬ গ্ৰাম
এঘাৰ বজাতফল-মূলৰ চালাডদুপৰীয়াৰ আহাৰনিৰামিষ খিচিৰিনিৰামিষ ৰাইটামাছ বা মাংসপাচলিৰ চালাড এবাটি এটা মধ্যমীয়া বাটিসৰু এবাটিদুটুকুৰাএবাটি ৪০ ২০২৭৫১০০৩০ ৯.৫ গ্ৰাম ৩.৫ গ্ৰাম১০ গ্ৰাম২ গ্ৰাম
আবেলিচেনিবিহীন চাহযিকোনো বিস্কুট একাপদুখন ৩৫১২০ ৪ গ্ৰাম 
ৰাতিৰ আহাৰআটাৰ শুকান ৰুটীপাচলিদৈ দুখনএবাটিএবাটি ২০০৫০৩০  ২ গ্ৰাম১.৫ গ্ৰাম

উৎস: জিএনআৰচি স্বাস্থ্য।

ঐতিহ্যমণ্ডিত দিল্লী বিশ্ববিদ্যালয়ৰ শতবৰ্ষ উদযাপন আৰু “ধন্য তোহো শ্ৰীমন্ত শংকৰ” শীৰ্ষক এটি সাংস্কৃতিক অনুষ্ঠান

ঐতিহ্যমণ্ডিত দিল্লী বিশ্ববিদ্যালয়ৰ শতবৰ্ষ উদযাপন আৰু আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি “ৰস কীৰ্তি ২০২২” কাৰ্যসূচীৰ অংশ হিচাপে গুৰুজনাৰ জীৱন পৰিক্ৰমাৰ আধাৰত ১৪ অক্টোবৰ তাৰিখে “ধন্য তোহো শ্ৰীমন্ত শংকৰ” শীৰ্ষক এটি সাংস্কৃতিক অনুষ্ঠান আয়োজিত হৈছিল। দেশ-বিদেশৰ ছাত্র-ছাত্ৰী আৰু বহু গণ্য-মান্য লোকৰ উপস্থিতিত গুৰুজনাৰ অতুলনীয় জীৱনজ্যোতিৰে প্ৰাণৱন্ত হৈ উঠা এই সুন্দৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। তেখেতে উদ্যোক্তাসকলৰ এই উত্তম প্ৰচেষ্টাৰ আন্তৰিকতাৰ শলাগ লয়।

দিল্লী বিশ্ববিদ্যালয়ৰ শতবৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি গুৰুজনাৰ মহান আদৰ্শ, অমিয়া ভক্তিচেতনা আৰু অমূল্য কৰ্মৰাজিৰ চৰ্চা তথা প্ৰসাৰৰ উদ্দেশ্যে ২১ দিনীয়া নৃত্য-নাট কৰ্মশালাকে ধৰি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল।

উৰ্ফি জাভেদক পিছ‌ পেলালে আন এগৰাকী অভিনেত্ৰীয়ে , কোন এই অভিনেত্ৰী গৰাকী…

উৰ্ফি জাভেদক পিছ‌ পেলালে আন এগৰাকী অভিনেত্ৰীয়ে কোন এই অভিনেত্ৰী গৰাকী

উৰ্ফি জাভেদ তকৈ বহু গুণে অনুৰাগী তাইৰ ইনষ্টাগ্ৰামত ।

১০ মিলিয়নতকৈ অধিক ফ্লৱাৰ্চ তাইৰ । নাম ছফিয়া আনচাৰী ।

ছফিয়া আনচাৰীৰ আকৰ্ষণীয় শৰীৰৰ বাবে ছচিয়েল মিডিয়াত বিখ্যাত হৈ পৰিছে ইতিমধ্যে ।
উৰ্ফি জাভেদতকৈ বহু গুণে আকৰ্ষণীয় শৰীৰ বুলি মন্তব্য কৰিলে একাংশ অনুৰাগীয়ে।

Assam Guwahati : Kaziranga National Park launches onlice ticketing process…

Assam: Kaziranga National Park launches onlice ticketing process
Guwahati: The online ticket booking process opened for tourists in Kaziranga National Park from today, official said on Saturday.


Tourists can enter the national park by booking tickets themselves for kaziranga national park safari.
Taking to Twitter, the official account of Kaziranga National Park wrote, “Kaziranga National Park has now gone online with its entry ticket booking. Now book your tickets from anywhere and enjoy seamless and cashless safari experience.”


At Mihimukh in Kaziranga, DFO Ramesh Kumar Gogoi of Kaziranga National Park officially launched the online ticket ordering system.Divisional Forest Officer (DFO) Ramesh Kumar Gogoi officially inaugurated the online ticket booking process at Mihimukh in Kaziranga.


“Local and foreign tourists will be able to do safari by booking tickets in advance through www.kazirangasafari.in website”, official said

শীতকালত কিদৰে নিজৰ শৰীৰৰ যত্ন ল’ব লাগে ! কি কি খাদ্য খোৱা উচিত শীতকালত জানো আহক…

হাওঁফাওঁ আৰু হৃৎপিণ্ড:জাৰকালি বায়ু অত্যধিক শীতল আৰু শুকান হৈ পৰাত বহু লোক শ্বাস-প্ৰশ্বাসৰ ৰোগত ভোগা দেখা যায়।হাপানী বা এজমা ৰোগ অধিক পৰিমাণে হোৱা দেখা যায়।বহু লোকক অক্সিজেন দিব লগা হয় আৰু হাপানীৰ চিকিৎসা দিব লগা হয়।তেনেদৰে শীতকালি হৃৎপিণ্ডৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰা ৰোগীৰ সংখ্যাও অধিক হোৱা দেখা যায়।শীতৰ প্ৰভাৱত ৰক্ত চলাচল কৰা প্ৰক্ৰিয়াত ব্যাঘাত জন্মে বাবে এনেবোৰ ৰোগ বৃদ্ধি হয়।সেয়েহে শীতকালি শৰীৰ গৰম কৰি ৰাখিবলৈ পোছাক-পৰিচ্ছদ উপযুক্তভাৱে পৰিধান কৰিব লাগে।থকা স্থান গৰম কৰি ৰাখিবলৈ হিটাৰ বা হট ব্লোৱাৰ (Hot Air Blower)ব্যৱহাৰ কৰিলে ভাল।শীতকালি ভাইৰাছৰ আক্ৰমণো অধিক হোৱা দেখা যায়।ফলত ফ্লু,ইনফ্লুৱেঞ্জা আদি ৰোগ অধিক পৰিমাণে হোৱা দেখা যায়।

পেটৰ ৰোগ:শীতকালি বহু লোক পেটৰ অসুখত ভোগা দেখা যায়।হজম শক্তি কমি যায়।ভোক নলগা হয়।অতিসাৰ বা হাগনি ৰোগত ভোগা দেখা যায়।বিশেষকৈ শিশুৰ ক্ষেত্ৰত ভাইৰাছজনিত ডায়েৰীয়া বা হাগনি ৰোগ হোৱা দেখা যায়।শীতকালি শৰীৰৰ আৰ্দ্ৰতা বজাই ৰাখিবলৈ যথেষ্ট পৰিমাণে কুহুমীয়া গৰম পানী পান কৰিব লাগে।শীতল পানীয় বা চাহ-কফি সৰহকৈ পান কৰিব নালাগে।কাৰণ কেফিন থকা পানীয়বোৰে শৰীৰৰ আৰ্দ্ৰতাৰ হানি কৰিব পাৰে (Dehydration)।তেনেদৰে সুৰা পান কৰিলেও শৰীৰত আৰ্দ্ৰতা কমি যায়।শীতকালি বয়সিয়াল লোকসকলে  কেনে পানীয় পান কৰে সেই বিষয়ে সচেতন হ’ব লাগে।

*মানসিক ৰোগ:শীতকালি বিষজাতীয় ৰোগসমুহ অধিক হোৱা দেখা যায়।গাঁথিৰ বিষ,হাত-ভৰিৰ বিষ,কঁকালৰ বিষ,মুৰৰ বিষ আদি অধিক পৰিমাণে হোৱা দেখা যায়।গতিকে শীতকালি শাৰীৰিক সতেজ কৰি ৰাখিবলৈ খোজ কঢ়া,দৌৰা,খেল-ধুলা কৰা,যোগাভ্যাস,প্ৰাণায়াম কৰা আদি বিভিন্ন অভ্যাসৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰিব লাগে।শীতকালি মানসিক ৰোগৰ প্ৰতিও সজাগ হৈ থাকিব লাগে।শীতকালি মানসিক বিষণ্ণতা বা Depression ৰোগ অধিক হোৱা দেখা যায়।

গতিকে বন্ধু-বান্ধৱ,পৰিয়ালৰ পৰা আঁতৰি অকলশৰীয়াকৈ অধিক সময় পাৰ কৰিব নালাগে।খেলা-ধুলা,খোজ-কঢ়া,ক্লাব,চিনেমা-থিয়েটাৰ আদি উপভোগ কৰি মানুহৰ সংস্পৰ্শত থাকিবলৈ চেষ্টা কৰিব লাগে।পৰিয়ালবৰ্গ আৰু বন্ধু-বান্ধৱৰ সৈতে মিলি ৰ্ং-ধেমালি কৰি মনটো সতেজ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে।বিষণ্ণতাই মনটো ছানি ধৰিলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।এইক্ষেত্ৰত পৰিয়ালবৰ্গ আৰু বন্ধু-বান্ধৱৰ ভুমিকা অতি গুৰুত্বপুৰ্ণ।

লেখক:ডা: বিশ্বনাথ শৰ্মা

মন্ত্ৰী  পিয়ুষ হাজৰিকাই প্ৰতিশ্ৰুতি দিলে : মৰিগাঁও জিলাক আমি অসমৰ এখন উন্নত জিলা ৰূপে গঢ়ি তোলাৰ…

মৰিগাওঁ জিলা গঠনৰ দিনটো আজিও পাহৰা নাই
মৰিগাওঁ এতিয়া ভেঞ্চাৰ জিলা হৈ থকা নাই

মৰিগাওঁত বানপানীৰ তাণ্ডৱ কমিলে কিছু হলেও আমি মৰিগাঁও বাসীক বানমুক্ত কৰিব সক্ষম হৈছো


৩৭০০কোটি টকাৰ লোন জলসম্পদ বিভাগে এছিয়ান ডেভলম্পমেন্ট বেংকৰ পৰা লাভ কৰিছে ৷

অকল মৰিগাওঁ জিলাৰ গৰাখহনীয়া ৰোধৰ বাবে ৪৩৯কোটি টকা মুকলি কৰা হৈছে
মৰিগাও জিলাক আমি অসমৰ এখন উন্নত জিলা ৰুপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিলো

জনপ্ৰিয় কণ্ঠশিল্পী পাপনে কৰবা চৌথত পত্নীৰ সৈতে তোলা ফটো সামাজিক মাধ্যমত হ’ল ভাইৰেল…

জনপ্ৰিয় কণ্ঠশিল্পী পাপনে কৰবা চৌথৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে তেওঁৰ পত্নীৰ সৈতে ।

অনুৰাগী সকলো বিভিন্ন ভাল লগা কমেণ্টৰ দ্বাৰাই ভৰপূৰ কৰি তুলিলে তেওঁৰ এই পোষ্টত ।

অনুৰাগী সকলে ক’লে এনেদৰে সদায় সুখী থাকক আৰু ৰাইজক ধুনীয়া ধুনীয়া গান উপহাৰ হিচাপে দি থাকক ।
জনপ্ৰিয় কণ্ঠশিল্পী পাপনে কৰবা চৌথত পত্নীৰ সৈতে তোলা ফটো সামাজিক মাধ্যমত হ’ল ভাইৰেল

আজি বিশ্ব হাত ধোৱা দিৱস : বিশ্ব হাত ধোৱা দিৱস অভিভাৱক, শিক্ষক আৰু বিদ্যালয়ৰ ছাত্র-ছাত্রী…

বিশ্ব হাত ধোৱা দিৱস অভিভাৱক, শিক্ষক আৰু বিদ্যালয়ৰ ছাত্র-ছাত্রী

“বিশ্ব হাত ধোৱা দিৱস” এই চাৰিটা শব্দ শুনাৰ লগে লগে যেন সকলো মানুহে একমুহুৰ্তৰ বাবে ভাবিবলৈ বাধ্য হয়। মানৱ জীৱনৰ সকলো দিশতে আমাৰ শৰীৰৰ এই হাত দুখনে মুখ্য ভূমিকা পালন কৰে। হাত দুখন পৰিস্কাৰকৈ ৰাখিৱ পাৰিলে বহুতো ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। কিন্তু আমি এই কথাটো আমাৰ জীৱনত গ্ৰহন কৰি লোৱাৰ ক্ষেত্রত প্ৰায়ে উদাসীন মনোভাৱ প্ৰদৰ্শন কৰোঁ।

বিশ্ব স্বাস্থ্য সংস্থাই মানৱ জাতিক ৰোগৰ পৰা মুক্ত কৰি ৰখাৰ বাবে সদায় সক্ৰিয়ভাৱে কাম কৰি আছে। ২০০৮ চনৰ ১৫ অক্টোবৰ তাৰিখৰ পৰা সমগ্ৰ বিশ্বই “বিশ্ব হাত ধোৱা দিৱস” পালন কৰি আহিছে। এই দিৱসৰ তাৎপৰ্য হ’ল- বিশ্বব্যাপী সকলো জনগনক হাত ধোৱাৰ প্ৰতি সজাগ কৰা আৰু হাত ধোৱা কাৰ্যৰ প্ৰতি আগ্ৰহ জন্মোৱা। কিন্তু বহুতো লোকে এই বিষয়টো জানিও অনুকৰণ নকৰে যিটো আমাৰ সমাজৰ বাবে অতি চিন্তনীয় বিষয় হৈ পৰিছে।
বিশ্ব হাত ধোৱা দিৱসৰ প্ৰতি সকলো স্তৰৰ জনগনক সজাগ কৰি তোলাটো আমাৰ প্ৰধান কৰ্তব্য। এইক্ষেত্রত অভিভাৱক আৰু বিদ্যালয়ৰ শিক্ষক সকলোৰ বহুতো কৰণীয় থাকে।

সৰু ডাঙৰ সকলো ছাত্র-ছাত্রীক এই বিষয়টো বিদ্যালয়ত শিক্ষক সকলে আৰু ঘৰত অভিভাৱক সকলে অৱগত কৰোৱা উচিত। বিদ্যালয়ত মধ্যাহ্ন ভোজন খোৱাৰ সময়ত প্ৰত্যেকজন শিক্ষকে বিষয়টো পৰ্যবেক্ষন কৰা উচিত। খোৱাৰ আগত আৰু পিছত ছাঠ-ছাত্রীয়ে হাত দুখন পৰিস্কাৰকৈ ধুইছে নাই যদি ধোৱা নাই তেতিয়াহ’লে কেনেকৈ ধুৱ লাগে শিকাই দিব লাগে। হাত কেইখন চাবোনৰে ভালকৈ ফেন উঠাই আঙুলিৰ মাজৰ অংশ তথা নখৰ তলৰ অংশও ধুই দেখুৱাব লাগে। ছাত্র-ছাত্রীয়ে খেলি ভাল পাই। গতিকে খেল-ধেমালি কৰোঁতে হাত বা আঙুলিৰ নখত মাটি লাগি থকাটো একো অস্বাভাৱিক নহয়।


সৰু সৰু ল’ৰা-ছোৱালীৰ লগতে আমাৰ গাঁও সমূহত জেষ্ঠ্য লোক সকলোৰ ক্ষেত্রটো হাত ধোৱা বিষয়টোৰ প্ৰতি সচেতনাৰ অভাৱ দেখা যায়। বহু সময়ত শৌচ কৰ্ম কৰাৰ পিছটো ভালদৰে হাত দুখন ধোৱা নহয়। নিজে সচেতন নোহোৱাৰ বাবে তেওঁলোকে শিশু সকলোকো সচেতন কৰিব নোৱাৰে। ফলস্বৰূপে, পেটৰ বিষ, ডায়েৰিয়া, কলেৰা, কৃমিৰ আক্ৰমণ আদি ৰোগে দেখা দিয়ে। ভাৰতৰ দৰে উন্নয়নশীল তথা অনুন্নত ৰাষ্ট্ৰবোৰত এই সমস্যাটোৱে গা কৰি উঠা পৰিলক্ষিত হৈছে। এই দেশবোৰত শিশুৰ মৃত্যুৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাইছে।

হাত দুখনে যে আমাৰ শৰীৰত প্ৰধান ভূমিকা গ্ৰহন কৰে এই বিষয়টো সকলো সময়তে সজাগ কৰিব লাগে। বিগত কোভিড-১৯ সংক্ৰমণৰ সময়টো হাত দুখন পৰিস্কাৰকৈ চাবোনেৰে ধোৱাৰ বিষয়ে কোৱা হৈছিল। সেই সময়ত বহুতে এন্টিবায়োটিক চাবোন ব্যৱহাৰ কৰাৰ কথাও কৈছিল। কিন্তু গৱেষনা কৰি পোৱা গৈছে যে এন্টিবায়োটিক চাবোন শৰীৰৰ বাবে ক্ষতিকাৰক হোৱাৰ সম্ভাৱনাই অধিক। সেয়েহে আমাৰ দৈনন্দিন জীৱনত প্ৰচলিত হৈ থকা চাবোন ব্যৱহাৰ কৰাৰ ওপৰতেই বেছিকৈ গুৰুত্ব দিছিল। “বিশ্ব হাত ধোৱা দিৱস”ত সকলোৱে অংশগ্ৰহন কৰি নিজৰ স্বাস্থ্যৰ লগতে আনকো স্বাস্থ্যৰ প্ৰতি সজাগ কৰি তোলো আহক।

লেখক কমলেশ কাঞ্চন

আইচিচি টি-২০ বিশ্বকাপত ১৬জন অধিনায়কে একেলগে চেল্ফি লোৱা ফটো সামাজিক মাধ্যমত ভাইৰেল…

আইচিচিয়ে টি-২০ বিশ্বকাপ ২০২২ আৰম্ভ হোৱাৰ ঠিক আগতে দুখন ফটো শ্বেয়াৰ কৰিছে। সকলো ১৬ টা দলৰ অধিনায়কসকলক একেলগে দেখা যায়।

টি-২০ বিশ্বকাপ আৰম্ভ হ’বলৈ মাত্ৰ এটা দিন বাকী আছে। প্ৰথম (যোগ্যতা অৰ্জনকাৰী) ৰাউণ্ড মেচবোৰ অক্টোবৰৰ 16 তাৰিখৰ পৰা আৰম্ভ হ’ব। ইয়াৰ ঠিক আগতে, সকলো 16 টা দলৰ অধিনায়কসকলে বিশ্বকাপ ট্ৰফীৰ সৈতে এটা ফ্ৰেমত উপস্থিত হৈছে। আইচিচিয়ে এই ছবিখন সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। ইয়াৰ লগতে, অষ্ট্ৰেলিয়াৰ অধিনায়ক এৰন ফিঞ্চেও সকলো অধিনায়কৰ সৈতে এখন চেল্ফি তুলিছে।

প্ৰথম খন ছবিত, যোৱা টি-২০ বিশ্বকাপৰ ফাইনেলিষ্ট অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ অধিনায়কসকল ট্ৰফীৰ আটাইতকৈ ওচৰত বহি আছে। এই দুজন অধিনায়কৰ ঠিক পিছফালে, যোৱাবাৰৰ ছেমি ফাইনেলিষ্ট পাকিস্তান আৰু ইংলেণ্ডৰ অধিনায়কসকলে স্থান লাভ কৰিছে। ছবিখনত, ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা বাওঁফালে বহি আছে।

আইচিচিয়ে তেতিয়া ছচিয়েল মিডিয়াত এৰন ফিঞ্চৰ দ্বাৰা তোলা এখন চেলফি শ্বেয়াৰ কৰিছে। ইয়াত, ৰোহিত শৰ্মাক ফিঞ্চৰ ঠিক পিছফালে থিয় হৈ থকা দেখা গৈছে। সকলো অধিনায়কৰ মুখত হাঁহি আছে।