শাৰদীয় দুৰ্গোৎসৱত কেদাৰনাথ মন্দিৰৰ আৰ্হিত নিৰ্মাত কৰা হ’ল দুৰ্গা পূজাৰ মণ্ডপ ।

দুৰ্গা পূজাৰ মণ্ডপে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ।
শাৰদীয় দুৰ্গোৎসৱত কেদাৰনাথ মন্দিৰৰ আৰ্হিত নিৰ্মাত কৰা হ’ল দুৰ্গা পূজাৰ মণ্ডপ ।

দুৰ্গা পূজাৰ মণ্ডপে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ।
।।ॐ ঐং হ্ৰীং ক্লীং চামুণ্ডায়ৈ ৱিচ্চে ।।
বহুত সময়ত এটা প্ৰশ্ন আহে গোটেই ভাৰতবৰ্ষতে মা দূৰ্গাৰ নটা ৰূপত নৱৰাত্ৰিৰ পূজা হয় কিন্তু অসম, পশ্চিমবঙ্গ আদি ঠাই বিলাকত দেৱী দূৰ্গাৰ ষষ্ঠী তিথিৰ পৰাহে পূজা হয় কিয় । পশ্চিমবঙ্গ অসম আদি ঠাইত কাত্যায়নী কল্পৰ মতে দুৰ্গা পূজা পালন কৰা হয়। প্ৰকৃততে আমাৰ চাৰিদিনৰ দূৰ্গা পূজা ভাৰতৰ অন্য ৰাজ্যৰ ন দিনৰ দূৰ্গাৰ ভিন ভিন ৰূপৰ পূজাৰ এক লঘূ সংস্কৰণ। প্ৰাচীন পুথিত অসমৰ মন্দিৰত আগেয়ে ন দিনৰ দেৱী দূৰ্গাৰ পূজাৰ কথা পোৱা যায় । বঙ্গৰ লোকক আনি ৰাজহুৱা পূজা অৰ্থাৎ মূৰ্তি সাজি পূজা কৰিবলৈ লোৱাৰ পৰাহে চাৰিদিনায়া পূজা আৰম্ভ হ’ল বুলি কব পাৰি।

কাত্যায়নী কল্পত দুৰ্গা পূজা মুখ্যতঃ চাৰিদিনৰ বাবে সম্পন্ন কৰা হয় আৰু এই চাৰিদিন মহা সপ্তমী, দুৰ্গা অষ্টমী , দুৰ্গা নৱমী আৰু দশমীত বিসৰ্জন হিচাপে পালন কৰা হয়। ষষ্ঠীৰ সন্ধিয়া বিল্ৱ বোধন ৰীতি-নীতিৰে দেৱী দুৰ্গাক আমন্ত্ৰণ জনোৱা আৰু সপ্তমীত ৰাতিপুৱা নৱপত্ৰিকা পূজাৰ সময়ত দেৱী দুৰ্গাক সাতটা পবিত্ৰ পাতৰ সৈতে স্থাপন কৰাৰ পৰম্পৰা কাত্যযানী কল্পৰ বিশেষ বিধান বা নিয়ম।
দূৰ্গা পূজাৰ পূজা-বিধিৰ ভিতৰত সন্ধি পূজাৰ গুৰুত্ব অতি বেছি। অষ্টমী তিথিৰ শেষৰ ২৪ মিনিট আৰু নৱমী তিথিৰ আৰম্ভণিৰ ২৪ মিনিটৰ ভিতৰৰ সময় চোৱাত সন্ধি পূজা হয়। দুটা তিথিৰ সন্ধিক্ষণত হয় বাবে এই সন্ধি পূজা বুলি কোৱা হয়।

এই সন্ধিক্ষণতে চন্দো আৰু মুণ্ড নামৰ দুই অসুৰক বধ কৰিবৰ বাবে মা দূৰ্গাৰ তৃতীয় চক্ষু মেল খাই তাৰ পৰা মা চামুণ্ডা দেৱী অৱতাৰ হৈছিল। দূৰ্গা পূজাৰ চাৰিদিনৰ কাৰ্য্যক্ৰমৰ ভিতৰত মা চামুণ্ডা দেৱীৰ অৱতাৰৰ সময়ৰ পূজা ভাগৰ মহত্ব অতি বেছি। মান্যতা অনুসৰি এই সন্ধিক্ষণত প্ৰতি বছৰে চামুণ্ডা দেৱী ভক্তৰ মাজলৈ আহে । সেয়ে চামুণ্ডা দেৱীক এশ আঠটা চাকি জ্বলাই এশ আঠ পাহ ৰঙা পদুম ফুল, ১০৮ টা বেলপাত, ৰঙা জবা ফুল , চাউল আৰু গোটা ফলেৰে সন্ধি পূজা কৰাৰ নিয়ম আছে ।

সন্ধি পূজাৰ সময় ছোৱাত অলপ সময়ৰ বাবে মা চামুণ্ডা দেৱী ভক্তৰ মাজলৈ আহে আৰু ভক্তই যি বিচাৰে সেয়া দি যায়গৈ। এই সন্ধিক্ষণত সেয়ে শুদ্ধ অন্তৰেৰে দেৱীক নিজৰ ইপ্সিত বস্তুৰ কথা কব লাগে।
লেখক জুলা শৰ্মা
সুদূৰ চৌদি আৰবৰ লোভনীয় তথা আকৰ্ষণীয় চাকৰি এৰি মাতৃভূমি অসমত নতুনকৈ আত্মসংস্থাপনৰ লগতে আন কেইবাজনো নিবনুৱা যুৱক-যুৱতীক সংস্থাপন দিয়াৰ লক্ষ্যৰে সোণাৰীৰ অংকুৰ হাতীবৰুৱাই মহানগৰীৰ পাথৰকুৱাৰীত আৰম্ভ কৰিছে নতুন ব্যৱসায়। পাথৰকুৱাৰীৰ বিশিষ্ট ব্যৱসায়ী পদ্মেশ্বৰ বসুমতাৰীৰ সহযোগত আৰম্ভ কৰা “জ’ফু” নামৰ ৰেষ্টুৰেণ্টখন শুকুৰবাৰে মুকলি কৰে জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনাই। জনপ্ৰিয় সাংবাদিক অঞ্জুমণি বৰদলৈয়ে আঁতধৰা উদ্বোধনী অনুষ্ঠানটোত জনপ্ৰিয় অভিনেতা বিকি ৰাজখোৱা, দিপক ৰয়ৰ লগতে বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি। আনহাতে, দেশী-বিদেশী বিভিন্ন খাদ্য সম্ভাৰৰ লগতে থলুৱা অসমীয়া, জনজাতীয় খাদ্যক ন-ৰূপেৰে খাদ্যৰসিক গ্ৰাহকলৈ আগবঢ়োৱাৰ লক্ষ্যৰে আৰম্ভ কৰা ৰেষ্টুৰেণ্টখন উদ্যোধন কৰি জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনাই অংকুৰক উদ্দেশ্যি কয়, “ঘৰৰ ল’ৰা ঘৰলৈ উভতি আহিছে। স্বাৱলম্বী হোৱাৰ লগতে আন দহজন যুৱক-যুৱতীক সংস্থাপন দিছে। নিশ্চিতভাৱে এয়া এক ইতিবাচক কথা।” উল্লেখ্য যে সোণাৰীৰ লোক নিৰ্মাণ বিভাগৰ জ্যেষ্ঠ অভিযন্তা ইন্দ্ৰকান্ত হাতীবৰুৱা আৰু দুলু হাতীবৰুৱাৰ সুযোগ্য সন্তান অংকুৰে ২০০৭ চনতে দিল্লীত হোটেল মেনেজমেণ্টত চাকৰি জীৱন আৰম্ভ কৰি পৰৱৰ্তী সময়ত মুম্বাই, ছিংগাপুৰ আৰু ২০১৭ চনৰ পৰা ২০২১ চনৰ ডিচেম্বৰলৈকে চৌদি আৰৱত খাদ্য সংশাধন বিভাগত সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

পিঠিৰ বিষত নোভোগা মানুহ খুব কমেইহে ওলাব নিশ্চয়। ভিন ভিন কাৰণত বেছিভাগ মানুহেই জীৱনত এবাৰ হ’লেও পিঠিৰ বিষত আক্ৰান্ত হয়। পিঠিৰ বিষৰ সমস্যা লৈ চিকিৎসকৰ ওচৰ চপা লোকৰ সংখ্যা যথেষ্ট বেছি। তৎসত্ত্বেও অৱশ্যে বহুসংখ্যক লোকে পিঠিৰ বিষ নিৰাময়ৰ বাবে চিকিৎসকৰ ওচৰলৈ যাবলৈ নিবিচাৰে। কিছুসংখ্যকে আকৌ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ সহায়ত এই সমস্যা সমাধানৰ চেষ্টা কৰে। তাৎপৰ্যপূৰ্ণ কথা এটা হ’ল- পিঠিৰ বিভিন্ন শাৰীৰিক কাৰণ থকাৰ লগতে কেতবোৰ মনোবৈজ্ঞানিক কাৰণতো পিঠিৰ বিষ হ’ব পাৰে, তেনে কেতবোৰ কাৰণ হ’ল- মানসিক চাপ, উদ্বিগ্নতা, বিষণ্ণতা, একঘেয়ামি আদি। অলপ সচেতন হৈ চলিলেই পিঠিৰ বিষত আক্ৰান্ত হোৱাৰ আশংকা বহুলাংশে কমাই ৰাখিব পাৰি।

আনহাতে, পিঠিৰ বিষত আক্ৰান্ত হোৱাসকলে যথোচিত চিকিৎসা গ্ৰহণ কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি কেতবোৰ ব্যায়াম কৰাৰ জৰিয়তে কেইসপ্তাহমানৰ ভিতৰত পিঠিৰ বিষৰপৰা সম্পূৰ্ণ আৰোগ্য লাভ কৰিব পাৰে আৰু এনেদৰে এবাৰ আৰোগ্য লাভ কৰাৰ পিছত সাধাৰণতে বহুদিনলৈ দুনাই পিঠিৰ বিষ হোৱাৰ আশংকা নাথাকে। পিঠিৰ বিষ নিৰাময়ৰ বাবে কাচিৎহে অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়। অন্য চিকিৎসাই কাম নিদিলে তথা যি আঘাত বা ৰোগৰ বাবে পিঠিৰ বিষ হয়, সেই আঘাত বা ৰোগ নিৰাময়ৰ প্ৰয়াস ব্যৰ্থ হ’লে অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়।
শ্লিপড ডিস্ক:
কোনো এখন ফলক(lumbar disc) বিচ্যুত হোৱাৰ ফলত তাৰ কাষৰ স্নায়ুমূল (nerve root)ত যন্ত্ৰনাৰ উদ্ৰেক হয়। বিচ্যুত শ্ৰোণী ফলকৰ বাহিৰলৈ ওলাই অহা অংশটো প্ৰ’টিনেৰে পূৰ্ণ হৈ থাকে আৰু সেই অংশটোৱে যেতিয়া স্নায়ুমূলত হেঁচা দিয়ে, তেতিয়া প্ৰদাহ হ’বলৈ ধৰে, সেই হেঁচা আৰু প্ৰদাহৰ বাবে স্নায়ুমূলত বিষ আৰম্ভ হয়।

ছায়েটিকা(Sciatica):
শ্ৰোণী ফলকৰ বিচ্যুত অংশটোৱে স্নায়ুত দিয়া হেঁচাৰ প্ৰভাৱ ভৰিলৈকে সম্প্ৰসাৰিত হয় আৰু ইয়াৰ ফলত ভৰি আৰু পিঠিত তীব্ৰ বিষ হয়।
আৰ্থ্ৰাইটিছ(Arthritis):
আৰ্থ্ৰাইটিছত আক্ৰান্ত হোৱাৰ ফলত মেৰুৰজ্জু (spinal cord)ৰ অভ্যন্তৰ সংকীৰ্ণ হৈ পৰে- যাক মেৰুৰজ্জু নলীৰ সংকীৰ্ণতা(spinal canal stenosis) বোলা হয়, এই সমস্যাটোৰ বাবেও পিঠি আৰু ভৰিৰ বিষ হ’ব পাৰে।

ৰাজহাড়ৰ অস্বাভাৱিক বক্ৰতা (abnormal curvature)ৰ বাবেও পিঠিৰ বিষ হ’ব পাৰে, এই বক্ৰতা কাষলৈ বা সন্মুখলৈ বা পাছফাললৈ হ’ব পাৰে।
অ’ষ্টিঅ’প’ৰ’ছিছ(Osteoporosis):
এই সমস্যাত আক্ৰান্ত হোৱাসকলৰ ৰাজহাড়ৰ ভাৰ্টেব্ৰা (vertebra)ত মোচোকা খাব পাৰে, যাৰ ফলত পিঠিৰ বিষ হয়, বৃদ্ধ বয়সত এনে হোৱাৰ প্ৰবল আশংকা থাকে।
ফেচেট জইন্ট ডিছফাংচন(Facet joint dysfunction):
হাড়ৰ ফলকৰ গাঁঠি (facet joint)ত কাৰ্টিলেজ(cartilage) থাকে আৰু সেইবোৰক লিগামেন্ট(ligament)-এ ঘেৰি থাকে, সেইবোৰ ঠাইত বিষৰ উদ্ৰেক হ’ব পাৰে।

ছেক্ৰ’ইলিয়াক জইন্ট ডিছফাংচন(Sacroiliac joint dysfunction):
ৰাজহাড়ৰ তলৰ অংশত ছেক্ৰ’ইলিয়াক জইন্টে ছেক্ৰাম(sacrum) হাড়ক শ্ৰোণী (pelvis)ৰ দুয়োফালে সংযুক্ত কৰি ৰাখে। ছেক্ৰ’ইলিয়াক জইন্টত প্ৰদাহ হ’লে বা তাৰ সঞ্চালন অতি বেছি বা তেনেই কম হ’লে, তাত বিষৰ উদ্ৰেক হ’ব পাৰে।
স্পণ্ডিল’লিছথেছিছ(Spondylolisthesis):
এটা ভাৰ্টেব্ৰা বিচ্যুতি হৈ আন এটা ভাৰ্টেব্ৰাৰ ওপৰত পৰিলে এই সমস্যা উদ্ভৱ হয় আৰু তাৰ ফলত বিষ হয়।
অভিঘাত(Trauma):
আঘাতজনিত কাৰণত ৰাজহাড় ক্ষতিগ্ৰস্ত বা বিচ্যুত হ’লে স্বাভাৱিকতে পিঠিৰ বিষ হয়।
সাধাৰণতে উল্লিখিত কাৰণবোৰতেই পিঠিৰ বিষ হয় যদিও কাচিৎ আন কেতবোৰ কাৰণতো পিঠিৰ বিষ হ’ব পাৰে, কেন্সাৰ, সংক্ৰমণ, ক’ডা ইকুইনা ছীণ্ড্ৰ’ম(Cauda Equina Syndrome) আদি কম হ’ল তেনে কেতবোৰ কাৰণ।


দীৰ্ঘদিনীয়া পিঠিৰ বিষ নিৰাময়ৰ বাবে অস্ত্ৰোপচাৰৰ বিকল্প হিচাপে কেতবোৰ চিকিৎসা পদ্ধতি গ্ৰহণ কৰিব পাৰি। সেইবোৰৰ ভিতৰত ঔষধেৰে কৰা চিকিৎসা আৰু হস্তক্ষেপমূলক(interventional) পদ্ধতি অন্যতম, সম্পূৰ্ণ অৰোগ্য লাভৰ বাবে উল্লিখিত চিকিৎসা পদ্ধতিসমূহৰ পৰিপূৰক হিচাপে ব্যায়াম(physical therapy) কৰোৱা হয়।
ফাৰ্মাকোথেৰাপী(Pharmacotherapy) বা মুখেৰে সেৱন কৰা ঔষধ:
নিউৰ’পেথিক ঔষধসমূহৰ লগতে মাংসপেশী শিথিলকাৰী আৰু বিষ উপশমকাৰী ঔষধবোৰ ফাৰ্মাকোথেৰাপীৰ অন্তৰ্গত।
হস্তক্ষেপমূলক পদ্ধতি:
হস্তক্ষেপমূলক পদ্ধতি হ’ল অস্ত্ৰোপচাৰ ব্যতিৰেকে কৰা কেতবোৰ বিশেষ ধৰণৰ পদ্ধতি। স্পাইনেল ইঞ্জেকচন(spinal injection), অ’জ’ন ডিস্কেক্টোমী(ozyone discectomy) আদি হ’ল এই ধৰণৰ চিকিৎসাৰ উদাহৰণ। আন চিকিৎসা পদ্ধতিবোৰ প্ৰয়োগ কৰি সফল নহ’লে তথা ৰোগীয়ে সোনকালে আৰোগ্য লাভ কৰটো জৰুৰী হৈ পৰিলে, এই ধৰণৰ পদ্ধতিৰে চিকিৎসা কৰা হয়।

স্পাইনেল ইঞ্জেকচন:
চাৰ্ভিকেল(cervical), থোৰাচিক এণ্ড লাম্বাৰ ইন্টাৰলামিনাৰ এপিডিউৰেল ইঞ্জেকচন(Thoracic and lumbar interlaminar epidural injection) আৰু ট্ৰানছফোৰামিনেল ইঞ্জেজকচন(Transforaminal injection) এই পদ্ধতিৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। এই ইঞ্জেকচনবোৰ মেৰুৰজ্জুৰ স্নায়ুমূল(Spinal nerve roots) আৰু ইয়াক আগুৰি থকা কলাবোৰৰ প্ৰদাহ তথা উখহি উঠা সমস্যা হ্ৰাস কৰি পিঠিৰ বিষ, জিনজিননি আৰু জঠৰতাৰ উপশম ঘটায়।
ফেচেট ব্লকছ এণ্ড মেডিয়ান ব্ৰাঞ্চ ব্লক(Facet blocks and median branch block):
এই পদ্ধতিত ৰাজহাড়ৰ ক্ষুদ্ৰ জোৰা আৰু ইয়াৰপৰা প্ৰসাৰিত স্নায়ুত অত্যন্ত ফলপ্ৰসূ প্ৰদাহ নিৰাময়কাৰী ঔষধ প্ৰয়োগ কৰা হয়।

ৰেডিঅ’ফ্ৰিকুৱেন্সী এব্লাচন(Radiofrequency ablation):
এই পদ্ধতিত এটা সৰু বেজীৰ সহায়ত বিষাই থকা অংশত তাপ প্ৰয়োগ কৰি, সেই ঠাইৰ স্নায়ুবোৰ নিস্তেজ কৰি পেলোৱা হয়। এই পদ্ধতিৰে চিকিৎসা গ্ৰহণ কৰি ৬০ শতাংশমান ৰোগীয়ে সুফল লাভ কৰে আৰু ইয়াৰ সুপ্ৰভাৱ কেইবামাহৰপৰা কেইবাবছৰপৰ্যন্ত অটুট থাকে।
অ’জ’ন ডিস্কেক্টোমী:
বিচ্যুত ফলকৰ বাবে হোৱা পিঠিৰ বিষ লাঘৱ কৰিবলৈ এই পদ্ধতিৰে চিকিৎসা কৰিব পৰা যায়। এই পদ্ধতিত ভাৰ্টেব্ৰাৰ সন্ধিস্থলত অ’জ’ন প্ৰয়োগ কৰা হয়। বিচ্যুত ফলকৰ বাবে হোৱা পিঠি আৰু ভৰিৰ বিষৰপৰা সকাহ পোৱাৰ বাবে অস্ত্ৰোপচাৰৰ বিকল্প হিচাপে এই চিকিৎসা পদ্ধতি গ্ৰহণ কৰিব পৰা যায়।
লেখক: অমল ভাগৱতী
গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় গেমছত অসমৰ অম্লান বৰগোহাঁইৰ সোণৰ পদক অৰ্জন । পুৰুষৰ ১০০মিটাৰ দৌৰত ১০.৩৮ ছেকেণ্ডেৰে অম্লানে অৰ্জন কৰে সোণৰ পদক ৷

গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় গেমছত অসমৰ চাইক্লিষ্ট চয়নিকা গগৈৰ সফলতা ৷ চয়নিকা গগৈয়ে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ১০ কিলোমিটাৰ শাখাত ৰূপৰ পদক লাভ কৰে ৷

শাৰীৰিক প্ৰতিবন্ধকতা আৰু দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ অন্তৰাই হ’ব নোৱাৰে, তাক প্ৰমাণ কৰি দেখুৱালে আন্ধেৰীঘাট ৰ বিশেষভাৱে সক্ষম এজনী ছাত্ৰীয়ে। জন্মৰে পৰা নিজৰ শৰীৰৰ কোনোমতে ভাৰসাম্য ৰক্ষা কৰি চলা আনকি মুখৰে স্পষ্ট কৈ কথা ক’ব নোৱাৰা দিবাংগ ছাত্ৰী জনীয়ে শিক্ষাতত্ব বিভাগত মেজৰ সহ প্ৰথম শ্ৰেণী লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক ডিগ্ৰী লাভ কৰে। পশ্চিম দৰঙৰ আন্ধেৰীঘাট ৰ নিকটৱৰ্তী মাহতলীৰ বিশেষভাৱে সক্ষম এই ছাত্ৰীজনীৰ নাম হ’ল মনীষা ৰাজবংশী ।
মনিষাৰ বয়স ২২ বছৰ। পিতৃ ধনেশ্বৰ ৰাজবংশী আৰু মাতৃ তৰুলতা ৰাজবংশী য়ে দিবাংগ মনিষাক লৈ দুশ্চিন্তা ত ভুগিছিল যদিও সন্তানক শিক্ষিত কৰি তোলাৰ যি দায়িত্ব অইন ল’ৰা ছোৱালী বোৰৰ দৰে নিকটৱৰ্তী প্ৰাথমিক বিদ্যালয় ত নাম লগায় দিয়ে। সেয়াই আছিল মনিষাৰ শিক্ষা গ্ৰহণ ৰ আৰম্ভণি।মাতৃ তৰুলতা ৰাজবংশী য়ে কোলা বোকোচাত লৈ প্ৰত্যেক দিনাই অনা নিয়া কৰিব লগাত পৰিছিল। অতি কষ্টসাধ্য আছিল মনিষাক পঢ়ুৱাটো। এফালে দৰিদ্ৰতা আৰু আনফালে মনিষাক স্কুললৈ অনা নিয়া কৰা টো এক দুৰুহ কাম আছিল পিতৃ মাতৃ ৰ। ইফালে দিন হাজিৰা কৰিবলৈ নগলে সন্ধিয়া জুহালত খৰি নজ্বলে নাজল নাথল অৱস্থাৰ মাজেৰে আঙুলিৰ মুৰত দিন গণি পাৰ কৰিব লগাত পৰিছিল মনিষাৰ পিতৃ মাতৃ য়ে।
প্ৰাথমিক পৰ্যায়ৰ সমাপ্তি ৰ পিছত অতি মেধাৱী কন্যা ৰ আগ্ৰহ আৰু একাগ্ৰতা দেখি সাত বন কাতি কৰি থৈ হ’লেও সন্তানৰ প্ৰতি দায়িত্বশীল পিতৃ মাতৃ হালে অদম্য হেঁপাহ আৰু সাহস বুকুত বান্ধি লৈ পঢ়ুৱাবলৈ ললে। প্ৰাথমিক বিদ্যালয় সাং কৰাৰ পিছত ঘৰৰপৰা ডেৰ কিঃমিঃ নিলগৰ বামুনঝাৰ মধ্য ইংৰাজী বিদ্যালয়ত ত নাম লগায় দিয়ে। প্ৰতিদিনে দেউতাকে চাইকেলেৰে পিছত বহুৱাই অনা নিয়া কৰিব লগাত পৰিছিল কিয়নো তেতিয়া মনিষা একলা- দুকলা কৈ ডাঙৰ হৈ আহিছিল। এনেদৰেই ২০১৫ চনত হাইস্কুল শিক্ষান্ত পৰিক্ষাত অৱতীৰ্ণ হৈ ৫৪ শতাংশ নম্বৰ লৈ নিজৰ গাঁৱৰ লগতে ঘৰখনলৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হয় মনিষা। স্বাভাৱিকতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাত মনিষাৰ এই শৈক্ষিক উত্তৰনৰ সাফল্য ই সকলোৰে মাজত আনন্দপ্ৰাপ্তিৰ ঢল বোৱাই আনে।
পুনৰ উচ্চতৰ শিক্ষা গ্ৰহণ ৰ বাবে ঘৰৰপৰা প্ৰায় ২ কিঃমিঃ নিলগৰ বিঞ্চুজ্যোতি কনিষ্ঠ মহাবিদ্যালযত নামভৰ্তি কৰি দিয়ে। অৱশেষত ইয়াতো ৫৬ শতাংশ নম্বৰ লৈ সুখ্যাতিৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উৰ্ত্তীণ হয়। পুনৰ মনিষা স্নাতক ডিগ্ৰী লৱলৈ সাজু হ’ল। ওচৰত এই উচ্চ শিক্ষা গ্ৰহণৰ সুবিধা নথকা বাবে ঘৰৰপৰা প্ৰায় ১৫ কিঃমিঃ নিলগৰ গোৰেশ্বৰ মহাবিদ্যালয়ত স্নাতক মহলাত নামভৰ্তি কৰে। শেষত মনিষাৰ কঠোৰ সংগ্ৰাম,সাধনা আৰু পৰিশ্ৰম ৰ বলত শিক্ষাতত্ব বিভাগত মেজৰ সহ প্ৰথম শ্ৰেণী লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক ডিগ্ৰীধাৰি হয় । সৰুৰে পৰাই মেধা সম্পন্ন মনিষাই পঢ়ি ব নাজানিছিল কিন্তু সকলো আয়ত্ব কৰিব জানিছিল, নিত্য নৈমিত্তিক কাম বোৰ ত মাক আৰু দেউতাকে স্বম্ভালি দিছিল। মুঠতে স্নাতক ডিগ্ৰীধাৰি মনিষাই এই কঠিন প্ৰত্যাহ্বানৰ মাজেৰে পাৰ হৈ স্নাতক ডিগ্ৰী লাভ কৰাতো সকলোৰে বাবে এক আদৰ্শ আৰু প্ৰেৰণা হৈ ৰব।
প্ৰেৰক/দিবাকৰ বৰুৱা/আন্ধেৰীঘাট
আজি অসম আৰক্ষী দিৱস উপলক্ষ্যে সমগ্ৰ অসমতে আৰক্ষীয়ে অতি ওলহ – মালহেৰে পালন কৰে । নাজিৰাৰ লিগিৰী পুখুৰীস্থ প্ৰথম অসম আৰক্ষী বাহিনীৰ মুখ্য চাউনীত আৰক্ষী দিৱস পালন কৰাৰ উপৰি এক ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰে প্ৰথম অসম আৰক্ষী বাহিনীৰ জোৱান সকলে ।

প্ৰায় অৰ্ধশতাধিক আৰক্ষী জোৱানে লিগিৰী পুখুৰীস্থ চাউনীৰ স্বাস্থ্য কেন্দ্ৰত ৰক্তদান কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰথম অসম আৰক্ষী বাহিনীৰ জোৱানৰ এনে প্ৰসংশনীয় পদক্ষেপক সচেতন ৰাইজে শলাগ লৈছে ।
নাজিৰাৰ পৰা দিলীপ হাজৰিকা
গুৱাহাটীত কিংবদন্তি ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ৷ শক্তিপীঠ কামাখ্যাত উপস্থিত হৈ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে মাৰ চৰণত আগবঢ়ালে বিশেষ পূজা-অৰ্চনা ৷



মালাইকা অৰোৰাৰ শেহতীয়া ফটোশ্বুটএটা গৰম গুলপীয়া স্ট্ৰেপলেছ গাউনত আপোনাৰ সকলো মনোযোগৰ যোগ্য আৰু আপোনাৰ বিবাহৰ ফেশ্বন মুড বোৰ্ডত থাকিব লাগে। তাৰকাগৰাকীৰ মেকআপ শিল্পীগৰাকীয়ে ইনষ্টাগ্ৰামত তাইৰ এটা ভিডিঅ’ পোষ্ট কৰিছিল।
https://www.instagram.com/reel/CjCpbUwBL6x/?utm_source=ig_web_copy_link

মালাইকা অৰোৰাই সদায়ে তেওঁৰ ষ্টাইল পছন্দৰ সৈতে গ্লেমাৰ কঢ়িয়াই আনিব বুলি আশা কৰিব পাৰি, তেওঁ ৰেড কাৰ্পেটত খোজ কাঢ়ি থাকক, তেওঁৰ যোগশ্ৰেণীলৈ যাওঁক বা মুম্বাইৰ ৰাস্তাত সাধাৰণভাৱে খোজ কাঢ়ি থাকক। 48 বছৰীয়া যুৱতীগৰাকী সদায়ে অনবদ্য পোছাক পিন্ধি থাকে, আৰু তাইৰ ৱাৰ্ডৰোব চুৰি-যোগ্য টুকুৰাৰে পৰিপূৰ্ণ যি আপোনাৰ সকলো মনোযোগৰ যোগ্য। উৰুৰ ওখ চেৰাৰ সৈতে স্ট্ৰেপলেছ গাউনত মালাইকাৰ আটাইতকৈ শেহতীয়া চেহেৰাৰ ক্ষেত্ৰতো একেই কথা। তাৰকাগৰাকীয়ে ফটোশ্বুটৰ বাবে সাজ-সজ্জা পিন্ধিছিল ।

স্ট্ৰেপলেছ গুলপীয়া গাউনত মালাইকা অৰোৰাৰ উষ্ম অৱতাৰ
শেহতীয়াকৈ, মালাইকা অৰোৰাৰ মেকআপ শিল্পী ৰেশ্মা মাৰ্চেণ্টে ইনষ্টাগ্ৰামত তাৰকাগৰাকীৰ সাজু হোৱা আৰু ফটোশ্বুটৰ সময়ত কেমেৰাৰ বাবে জোৱান-ড্ৰপিং ভংগীমা পৰিৱেশন কৰাৰ এটা ভিডিঅ’ পেলাই দিছিল। ক্লিপটোত, 48 বছৰীয়া ব্যক্তিজনে স্ট্ৰেপলেছ গুলপীয়া গাউন পিন্ধিছিল – চেলিব্ৰিটি ষ্টাইলিষ্ট মানেকা হৰিসিংহানিৰ দ্বাৰা ষ্টাইল কৰা। পোষ্টটোৰ শিৰোনামটোত পঢ়া হৈছে, “আমি এই কোমল গ্লেমাৰ চেহেৰাটোত পি আই এন কে @malaikaaroraofficial চমকপ্ৰদ অনুভৱ কৰিছো, যিটো আমি ভাল পাওঁ।”