Home Blog Page 2076

নিশা মুকালমুৱাৰ বৰতলাত ভয়ংকৰ পথ দুৰ্ঘটনা।

নিশা মুকালমুৱাৰ বৰতলাত ভয়ংকৰ পথ দুৰ্ঘটনা। আহত তিনিজনক GMCH লৈ প্ৰেৰণ। নিশা মুকালমুৱাৰ বৰতলাত ভয়ংকৰ পথ দুৰ্ঘটনা। আহত তিনিজনক GMCH লৈ প্ৰেৰণ। দুৰ্ঘটনাটোৰ এজন চাইকেল আৰোহী আৰু দুজন বাইক আৰোহী আহত হয়। হাজো-দৌলাশাল পথৰ বৰতলাত সংঘটিত হয় পথ দুৰ্ঘটনাটো।


নিয়ন্ত্ৰণ হেৰুৱাই এখন বাইক আৰু এখন চাইকেলৰ মাজত সংঘটিত হয় পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হয় চাইকেল আৰোহী ধৰনীধৰ ডেকা আৰু বাইক আৰোহী ছাহাদাত আলী, লালচান আলী। আহত তিনিজনকে মুকালমুৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও আঘাত গুৰুতৰ হোৱাত GMCH লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাত পতিত দুচকীয়া বাহন খনৰ নম্বৰ AS 01 AF 2711 বুলি জানিব পৰা গৈছে।

মুকালমুৱাৰ পৰা শংকৰ দাস

আইন শৃংখলাকলৈ উদ্বিগ্ন নগাঁৱৰ নাগৰিক , মহিলাক ঘৰৰ ভিতৰতে হত্যা ঘাতকৰূপী কৰ্মচাৰীৰ

নগাঁৱৰ  সাম্প্ৰতিক আইন শৃংখলাক লৈ যেন উদ্বিগ্ন পৰিছে নগাঁৱৰ নাগৰিক। সাধাৰণ নাগৰিকৰ নিৰাপত্তাক লৈ যেন উত্থাপন হৈছে প্ৰশ্ন।বিগত ডেৰ মাহত নগাঁও চহৰতে তিনিটাকৈ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে পুনৰ শনিবাৰে নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। এগৰাকী মহিলাক ঘৰৰ ভিতৰতে নৃশংসভাৱে হত্যা কৰে ঘাতকৰূপী কৰ্মচাৰীয়ে।উল্লেখযোগ্য যে কালি শুভ মহালয়াক লৈ সকলো ব্যস্ত থকাৰ সময়তে নগাঁও চহৰৰ মাজমজিয়াতে সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড। নগাঁও চহৰৰ ৰাজ মেডিকেল নামৰ ফাৰ্মাচীখনৰ স্বত্বাধিকাৰীৰ পত্নী ৰুমী দত্তক সন্ধিয়া ঘৰৰ ভিতৰতে অতি নৃশংসভাৱে হত্যা কৰে। কালি সন্ধিয়া ডিঙি কটা, তেজেৰে লুতুৰি পুতুৰি অৱস্থাত  ৰুমী দত্ত মৃতদেহ উদ্ধাৰ হয়।

সন্ধিয়া ঘৰত কোনো নথকাৰ সুযোগ লৈয়েই মহিলা গৰাকীক হত্যাকাৰীয়ে ডিঙি কাটি অতি নৃশংসভাৱে হত্যা কৰে ।অৱশ্যে  নিশাটোৰ ভিতৰতে হত্যাকাণ্ডটোত জড়িত থকাৰ অভিযোগত ৰাজ মেডিকেলৰ পৰা বহিস্কাৰ কৰা কৰ্মচাৰী সুব্ৰত মজুমদাৰক নগাঁও আৰক্ষীয়ে আটক কৰে।ফাৰ্মাচীখনৰ পৰা উলিয়াই দিয়াৰ প্ৰতিশোধতে মহিলাগৰাকীক কৰ্মচাৰীজনে হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।উল্লেখযোগ্য যে, বিগত ২৪ আগষ্টত নগাঁও চহৰৰ কবৰস্থানৰ সমীপত  আৰিয়ান লস্কৰ নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিল। ড্ৰাগছৰ বাবেই বন্ধুৱে আৰিয়ান লস্কৰক হত্যা কৰাৰ অভিযোগ উঠিছিল। আৰিয়ান লস্কৰ হত্যাৰ চাঞ্চল্য অব্যাহত থকাৰ মাজতে ১৩ ছেপ্টেম্বৰত নগাঁৱৰ হয়বৰগাঁৱত সংঘটিত হৈছিল আন এক নৃশংস হত্যাকাণ্ড।

ঘৰৰ ভিতৰতে এগৰাকী মহিলাক নৃশংসভাবে হত্যা কৰিছিল।শেহতীয়াকৈ পুনৰ কালি নিশা সংঘটিত হয় হত্যাকাণ্ড।তাৎপৰ্যপূৰ্ণ যে ড্ৰাগছৰ ঘাটিত পৰিণত হোৱা নগাঁৱত শেহতীয়াকৈ হত্যাকাণ্ডৰ দৰে অপৰাধো বৃদ্ধি পোৱাক লৈ আতংকিত হৈ পৰিছে নগাঁৱৰ সচেতন মহল।নগাঁও জিলাত ক্ৰমশঃ অপৰাধজনিত ঘটনা বৃদ্ধি পোৱা কাৰ্যই আৰক্ষী প্ৰশাসনৰ আইন শৃংখলা জনিত পৰিস্থিতি নিয়ন্ত্ৰণত চূড়ান্ত ব্যৰ্থ হোৱাটোকে সূচাইছে বুলি সচেতন মহলে মন্তব্য কৰিছে।

কামাখ্যা মন্দিৰত উপস্থিত বলীউদৰ মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰী

কামাখ্যা মন্দিৰত উপস্থিত বলীউদৰ মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰী। মা কামাখ্যাৰ শ্ৰীচৰণত পূজা আগবঢ়াই আশিস ল’লে অভিনেত্ৰীগৰাকীয়ে। পুৱাৰ ভাগতে কামাখ্যা মন্দিৰত উপস্থিত হৈ আশীৰ্বাদ লয় বলীউদৰ অভিনেত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল অভিনেত্ৰীগৰাকী। অসুস্থতাৰ বাবে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদানৰ পৰা বিৰত থাকে অভিনেত্ৰীগৰাকী।

আজিৰে পৰা নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ত আৰম্ভ হৈছে শাৰদীয় দুৰ্গা পূজা, এইবাৰ দেৱীৰ চৰণত প্ৰায় ৬০টা ম’হ

Billeswar Temple Nalbari Assam - A 500 Year Old Lord Krishna Temple

ৰজা নাগাক্ষৰ দিনতে স্থাপন হোৱা নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত আজিৰে  পৰা দুৰ্গতিনাশিনী দুৰ্গাৰ পূজা-অৰ্চনা আৰম্ভ কৰা হৈছে। দুহেজাৰ বছৰ পুৰণি ইতিহাসপ্ৰসিদ্ধ এই বিল্বেশ্বৰ দেৱালয়ত শুক্ল প্ৰতিপদ তিথিৰ আজিৰ এই দিনটোত দেৱী দুৰ্গাক শৈলপুত্ৰী ৰূপে ৰাতিপুৱাৰে পৰা পূজা–অৰ্চনা কৰা হৈছে।

 আজি পুৱাৰে পৰা ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে ইতিহাসপ্ৰসিদ্ধ এই বিল্বেশ্বৰ দেৱালয়ত। পৰম্পৰাগতভাৱে প্ৰতিবছৰে বিল্বেশ্বৰ দেৱালয়ত (Billeswar Devalaya) দুৰ্গা পূজা দহ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছিল যদিও বিগত দুবছৰত ক’ভিড মহামাৰীৰ বাবে এদিনীয়া কাৰ্যসূচীৰে পূজা–অৰ্চনা কৰা হৈছিল আৰু সমিতিৰ ফালৰ পৰা এটা ম’হ বলিৰে দেৱীৰ পূজা–অৰ্চনা কৰা হৈছিল৷

কিন্তু এইবাৰ ক’ভিড পৰিস্থিতি উন্নত হোৱাত ২৬ ছেপ্টেম্বৰ পৰা ৫ অক্টোবৰলৈ দহ দিনীয়া কাৰ্যসূচীৰে দুৰ্গতিনাশিনী দুৰ্গাৰ পূজা–অৰ্চনা কৰা হ’ব (Durga Puja at Belsor)৷ আনহাতে এইবেলি ৪০টা  ম’হ বলি দিয়াৰ লগতে প্ৰায় ২০টা ম’হ উছৰ্গা কৰা হ’ব। প্ৰায় পঞ্চাশ লক্ষ টকাৰ বাজেটেৰে এইবাৰ বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজা উদযাপন কৰা হ’ব।

উল্লেখ্য, এই দেৱালয়ত মূৰ্তি পূজাৰ বিপৰীতে ৰাম কলগছক দেৱীৰ ৰূপত সজাই পূজা কৰা হয়। আনহাতে নিৰাপত্তাৰ দিশতো প্ৰশাসনে বান্ধি দিয়া নীতি–নিয়মৰ ওপৰত  ব্যৱস্থা কৰিছে। উল্লেখ্য যে নামনি অসমৰ অন্যতম শৈৱশক্তিপীঠ বিল্বেশ্বৰ দেৱালয়।

NEWS18 Assamৰ বোকাখাতৰ সাংবাদিক প্ৰদ্যুৎ মহন্তৰ ৪৯ বছৰ বয়সত দেহাৱসান

NEWS18 Assamৰ বোকাখাতৰ সাংবাদিক প্ৰদ্যুৎ মহন্তৰ আজি ৪৯ বছৰ বয়সত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল মহন্ত। আজি স্বাস্থ্যৰ অৱস্থা অতি গুৰুতৰ হোৱাত চিকিৎসালয়লৈ নি থকা অৱস্থাতে শেষনিশ্বাস ত্যাগ কৰে মহন্তই।

বোকাখাতত টিভি সাংবাদিকতাৰ বাটকটীয়া মহন্ত এন ই টিভিৰ জন্মলগ্নৰ পৰা জড়িত আছিল। পৰৱৰ্তী সময়ত NEWS18 Assam আৰু NEৰ সৈতে জড়িত হৈ তেওঁ সংবাদ সেৱা কৰি গৈছিল। ইয়াৰ লগতে কাজিৰঙা নিউজ নেটৱৰ্কৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, এগৰাকী আদৰ্শ কৃষক হিচাপেও জনাজাত আছিল মহন্ত।জনমভূমি গেজেট নামৰ এখন কাকতত প্ৰথম সাংবাদিকতা জীৱন আৰম্ভ কৰা প্ৰদ্যুৎ মহন্তৰ মৃত্যুৰ বাতৰিয়ে NEWS18ৰ সমূহ পৰিয়ালকে ম্ৰিয়মাণ কৰিছে।

কৰৰ ওপৰত কৰ, এইবাৰ জল–কৰ। ভূ-গৰ্ভৰ পানী ব্যৱহাৰকাৰীয়ে কেন্দ্ৰীয় চৰকাৰক মিটাৰ ৰিডিং অনুসৰি দিব লাগিব জল–কৰ।

ভূ-গৰ্ভৰ পানী ব্যৱহাৰকাৰীৰ বাবে ভাৰত চৰকাৰৰ ভূ-জল প্ৰাধিকৰণে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা। ভূ-গৰ্ভৰ পানী ব্যৱহাৰকাৰীয়ে এতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰক দিব লাগিব কৰ। এতিয়াৰে পৰা ভূ-গৰ্ভৰ পানীৰ ওপৰত নাথাকিব জনতাৰ অধিকাৰ।

ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ভূ-জল প্ৰাধিকৰণে জাৰি কৰা নিৰ্দেশনাই ভয়াৱহ সংকট নমাই আনিছে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি আৱাসিক এপাৰ্টমেন্ট, গোট হাউচিং ছ’চাইটী, চৰকাৰী পানী যোগান সংস্থা, নগৰ অঞ্চলত বৃহৎ পৰিমাণৰ পানী যোগান কৰ্তা নাইবা ঘৰুৱা ব্যৱহাৰকাৰীয়ে কেন্দ্ৰীয় চৰকাৰক পৰিশোধ কৰিব লাগিব পানীৰ কৰ।

নতুন নিৰ্দেশনা অনুসৰি, পঞ্জীয়ন মাচুল পৰিশোধ কৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত পঞ্জীয়ন কৰাটো বাধ্যতামূলক। পঞ্জীয়ন কৰিবলৈ যাওঁতে পৰিশোধ কৰিব লাগিব ১ লাখ টকাৰ জৰিমনা। ব্যৱহাৰ কৰা পানীৰ বিপৰীতে ডিজিটেল পেইজ’মিটাৰ স্থাপন কৰি বিল দিব লাগিব।

মিটাৰ ৰিডিং অনুসৰি পানীৰ মাচুল দিব লাগিব। এই সমগ্ৰ প্ৰক্ৰিয়া সম্পাদন কৰাৰ অন্তিম তাৰিখ ৩০ ছেপ্তেম্বৰ নিৰ্ধাৰণ কৰা হৈছে। গুৱাহাটীত চৰকাৰী পানী যোগান আঁচনিয়ে জনসংখ্যাৰ মাত্ৰ ৩০ শতাংশ সামৰি লয়। ৰাজ্যৰ বাকী অংশৰ অৱস্থা আৰু অধিক বেয়া, যাৰ বাবে নাগৰিকে জীয়াই থকাৰ বাবে কেৱল ভূগৰ্ভস্থ পানীৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাহিৰে আন কোনো বিকল্প নাই।

নাগৰিকে নিজা ব্যয়েৰে ভূ-গৰ্ভৰ পানী ব্যৱহাৰ কৰি আহিছে। কিন্তু এতিয়া জনসাধাৰণক পানী ব্যৱহাৰৰ বাবে অসম ভূ-জল নিয়ন্ত্ৰণ আৰু নিয়ামক আইন ২০১২ আৰু পৌৰসভাৰ পানী কৰৰ উপৰি অতিৰিক্ত কৰৰ বোজা জাপি দিয়া হৈছে।

ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰালয় দ্বাৰা জাৰি কৰা ২০২০ চনৰ ২৪ ছেপ্তেম্বৰত এক অধিসূচনাৰ আধাৰত এই নির্দেশ দিয়া হৈছে। আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকচাৰ ডেভেলপাৰ্ছ এছ’চিয়েচন চমুকৈ ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই এই তথ্য সদৰী কৰি কোনে কিমান পানীত কিমান কৰ দিব লাগিব তাকো সদৰী কৰিলে।

এই নিৰ্দেশনা মানিলে পানীৰ ওপৰত এতিয়াৰ পৰা মহানগৰবাসীয়ে তিনিটাকৈ কৰ পৰিশোধ কৰিব লাগিব। জি এম চিৰ কৰ, ৰাজ্য চৰকাৰৰ কৰ আৰু নতুনকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ।

ৰাছিয়াৰ ইজেভস্কৰ স্কুলত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা, ৭ শিশুকে ধৰি ১৩ জনক গুলীয়াই হত্যা, নিজকো গুলীয়ালে হত্যাকাৰীয়ে

সোমবাৰে পুৱা মধ্য ৰাছিয়া (Russia)ৰ এখন বিদ্যালয়ত এজন অচিনাক্ত বন্দুকধাৰী (gunman) য়ে নিৰ্বিচাৰ গুলীচালনা কৰাৰ পিছত ৭ শিশুসহ কমেও ১৩ জন লোক নিহত হোৱাৰ লগতে ২১জন আহত হয়।

উডমুৰটিয়া অঞ্চলৰ গৱৰ্ণৰ আলেকজেণ্ডাৰ ব্ৰেচালভে এক ভিডিঅ’ বিবৃতিত কয় যে অঞ্চলটোৰ ৰাজধানী ইজেভস্ক (Izhevsk)ৰ এখন বিদ্যালয়ত প্ৰৱেশ কৰি অচিনাক্ত লোকজনে এজন প্ৰহৰী আৰু কেইবাজনো শিশুক হত্যা কৰে। গৱৰ্ণৰ আৰু স্থানীয় আৰক্ষীৰ মতে, বন্দুকধাৰীজনে নিজকে গুলীয়াই হত্যা কৰে। লগে লগে বিদ্যালয়খন খালী কৰোৱা হয়।

বন্দুকধাৰীজনৰ বিষয়ে বা তেওঁৰ উদ্দেশ্য সম্পৰ্কে কোনো সবিশেষ প্ৰকাশ কৰা হোৱা নাই।

৬ লাখ ৪০ হাজাৰ লোকৰ ইজেভস্ক নামৰ চহৰখন মধ্য ৰাছিয়াৰ উৰাল পৰ্বতৰ পশ্চিমে মস্কো (Moscow)ৰ পৰা প্ৰায় ৯৬০ কিলোমিটাৰ (৫৯৬ মাইল) পূবে অৱস্থিত।

স্থানীয় একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি আক্ৰমণকাৰীজন আছিল এজন সংগঠিত সৈনিক যিয়ে ইউক্ৰেইন (Ukraine)লৈ যাব নিবিচাৰে। তদন্তকাৰীৰ মতে, আক্ৰমণকাৰীয়ে “নাজী প্ৰতীক (Nazi symbols) আৰু বালাক্লাভা থকা ক’লা ৰঙৰ টপ পিন্ধিছিল” আৰু তেওঁৰ লগত কোনো পৰিচয় পত্ৰ নাছিল।

আজিৰ ‘পচলাই দাঁত ভাঙে’ শিতানত অংশগ্ৰহণ কৰক আৰু শুদ্ধ উত্তৰটো দিয়ক।

ন ৰূপত অনুপম শইকীয়াৰ “হাতৰে আঙুলি”

শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকক্ষণত অনুপম মিউজিক ক্ৰিয়েশ্যনৰ বেনাৰত সোমবাৰে মহানগৰীৰ ৰাজগড়স্থিত টেম্পটেশ্যন ষ্টুডিঅ’ত “হাতৰে আঙুলি লিহিৰি লিহিৰি” শীৰ্ষক এটি গীত মুকলি কৰা হয়। বিশিষ্ট সংগীতশিল্পী অনুপম শইকীয়া আৰু প্ৰিয়ংকা ভৰালীয়ে কণ্ঠ নিগৰোৱা গীতটি ইতিপূৰ্বে ১৯৯৯চনত মুক্তি লাভ কৰা চুপাৰহিট শ্ৰব্য কেছেট “মন”ত কণ্ঠ নিগৰাইছিল বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী সদ্যপ্ৰয়াত কেকে, ছান, সাধনা স্বৰগম আৰু অনুপম শইকীয়াই। গীতটিৰ কথা-সুৰ তথা সংগীত অনুপম শইকীয়াৰ। সংগীত ব্যৱস্থাপনা দীপকেশ বৰগোঁহাইৰ। গীতটিৰ মিক্স এণ্ড মাষ্টাৰিং কৰিছে দিগন্ত বৰদলৈয়ে। আনহাতে, নব্বৈ দশকৰ জনপ্ৰিয় গীতটি ন-ৰূপেৰে সজাই পুনৰ শ্ৰোতা-দৰ্শকৰ মাজলৈ আগবঢ়াই জনপ্ৰিয় শিল্পী অনুপম শইকীয়াই “হাতৰে আঙুলি লিহিৰি লিহিৰি” গীতটি “Anupam Saikia Official” ইউটিউব চেনেলযোগে মুক্তিলাভ কৰাৰ লগতে সংগীতপ্ৰেমী ৰাইজে গীতটিক আঁকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰে।

ৰাজহুৱা শৌচালয় বিচাৰি প্ৰায় ৯১ খন দেশ ভ্ৰমণ কৰে এইজন ব্লগাৰে, ১.২ লাখ কিলোমিটাৰ ভ্ৰমণ কৰি খৰচ কৰিলে ১.৩ কোটি টকা

ব্লগাৰজনে পৃথিৱীৰ আটাইতকৈ বেয়া ৰাজহুৱা শৌচালয় বিচাৰি ৯০ খনতকৈও অধিক দেশত ১.২ লাখ কিলোমিটাৰ ভ্ৰমণ কৰিছিল। ইয়াৰ বাবে তেওঁ ১,৫০,০০০ পাউণ্ড অৰ্থাৎ প্ৰায় ১.৩ কোটি টকা খৰচ কৰিছিল। এজন ব্ৰিটিছ ব্লগাৰে পৃথিৱীৰ আটাইতকৈ বেয়া ৰাজহুৱা শৌচালয় বিচাৰি ৯০ খনতকৈও অধিক দেশত ১.২ লাখ কিলোমিটাৰ ভ্ৰমণ কৰিছিল। ইয়াৰ বাবে তেওঁ ১,৫০,০০০ পাউণ্ড অৰ্থাৎ প্ৰায় ১.৩ কোটি টকা খৰচ কৰিছিল। গ্ৰাহামৰ মতে, তেওঁ তাজিকিস্তানত পৃথিৱীৰ আটাইতকৈ বেয়া ৰাজহুৱা শৌচালয় বিচাৰি পাইছিল। “এইটো ইমান বেয়া যে যিসকলে ইয়াক ব্যৱহাৰ কৰে তেওঁলোকে সূৰ্য-শুকান মলৰ ওপৰেৰে পাৰ হ’ব লাগিব। গ্ৰাহামে কৈছিল ইয়াৰ আটাইতকৈ উদ্ভট কথাটো হ’ল ইয়াৰ কাপোৰৰ বেৰবোৰ টয়লেট পেপাৰ হিচাপে ব্যৱহাৰ কৰা হয়।

তেওঁ তাজিকিস্তানৰ আটাইতকৈ বেয়া ৰাজহুৱা শৌচালয় বিচাৰি পোৱাৰ আগতে ছয়খন মহাদেশৰ শ শ ৰাজহুৱা শৌচালয় পৰিদৰ্শন কৰিছিল। গ্ৰাহামে তেওঁৰ নতুন কিতাপ ‘টয়লেটছ অফ দ্য ৱাইল্ড ফ্ৰণ্টিয়াৰ’ত ৩৬ টা ৰাজহুৱা শৌচালয় অন্তৰ্ভুক্ত কৰিছে। তালিকাখনত বাংলাদেশ আৰু চীনৰ পৰা এটাকৈ ৰাজহুৱা শৌচালয়ও অন্তৰ্ভুক্ত আছে।

ৰাজহুৱা শৌচালয় বিচাৰি পোৱাৰ তেওঁৰ কৌতূহল মৰক্কোত তেওঁৰ প্ৰথম বিদেশী বন্ধলৈ সাৰ পাইছিল। তেওঁ পৃথিৱীৰ আটাইতকৈ বেয়া শৌচালয়ৰ বাহিৰত এখন প্ৰতিকৃতিও আঁকিছিল।