Home Blog Page 2126

হাজোৰ সু -সন্তান,কৃতি শিক্ষক ৰজনী শালৈক ৰাজ্যিক শিক্ষক গৌৰৱ বঁটা প্ৰদান

কামৰূপ জিলাৰ হাজোৰ চেছামূখ গাওঁ নিবাসী বিশিষ্ট শিক্ষক তথা সাহিত্যিক ৰজনী শালৈক এইবেলি ৰাজ্যিক শিক্ষক গৌৰৱ বটা প্ৰদান কৰা হৈছে। অসমৰ অন্যতম সংগঠন ডিভাইন হেণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেশ্বনৰ সৌজ্যনত মানৱ সম্পদ গঢ়াত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত হাজোৰ কৃতি শিক্ষক ৰজনী শালৈক “ৰাজ্যিক শিক্ষক গৌৰৱ বটা ২০২২”ৰে বিভূষিত কৰা হৈছে। উল্লেখ্য যে কৃতি শিক্ষক ৰজনী শালৈ এগৰাকী শিক্ষক হোৱাৰ উপৰিও এগৰাকী সাহিত্যিক ৰূপে হাজো অঞ্চলৰ বিজ্ঞ মহলৰ মাজত পৰিচিত হৈ আহিছে ।

পিতৃ চানাৰাম শালৈ আৰু মাতৃ প্ৰয়াত বাসন্তী শালৈৰ সুযোগ্য সন্তান ৰজনী শালৈয়ে ১৯৯৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে ১৯৯৯ চনত বি এড ডিগ্ৰী লাভ কৰে । পাচগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অবৈতনিক ভাবে শিক্ষকতা জীৱনৰ আৰম্ভ কৰি পিছলৈ দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংস্কৃত বিষয় শিক্ষক ৰূপে যোগদান কৰি বৰ্তমানে কৰ্মৰত হৈ এগৰাকী সফল শিক্ষক ৰূপে ছাত্র ছাত্রীৰ লগতে শিক্ষক সমাজত পৰিচিতি হৈ আছে ‌। কৃতি শিক্ষক ৰজনী শালৈয়ে বিভিন্ন আলোচনী সম্পাদনা কৰাৰ উপৰিও ” মহাপুৰুষ দ্যুতি ” নামৰ এখনি মূল্যবান গ্ৰন্থ লিখি অসমীয়া সাহিত্যৰ অৱদান চহকী কৰিবলৈ সক্ষম হৈছে।

তেওঁ বৃহত্তৰ হাজো অঞ্চলৰ বিভিন্ন অনুস্থান প্ৰতিস্থানৰ লগত জড়িত হৈ এগৰাকী নিষ্ঠাবান সমাজ কৰ্মী ৰূপেওঁ বৰঙনি আগবঢ়াই আহিছে । শালৈয়ে ইয়াৰ পূৰ্বতে দমদমা আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা “শিক্ষা সংগঠক”বটা আৰু ভাৰতীয় দলিত সাহিত্য একাডেমীৰ পৰা ড° আম্বেদকাৰ নেশনেল ফেলশ্বিপ “বটা লাভ কৰিছিল ।

হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপ’ৰ্ট

টংলাৰ ৰূপাখাটত প্রেসিডেন্সী ফাইন আৰ্ট এণ্ড ক্ৰাফ্টচ স্কুল মুকলি…

ছাত্র ছাত্ৰীয়ে বিদ্যালয়ত আনুসংগিক শিক্ষা লোৱাৰ লগতে সমান্তৰাল ভাৱে মানসিক বিকাশৰ লক্ষ্য উদ্দেশ্য আজি ওদালগুৰি জিলাৰ টংলা অন্তৰ্গত ৰূপাখাটতস্থিত জ্ঞানোদয় বিদ্যাপীঠত প্রেসিডেন্সী ফাইন আৰ্ট এণ্ড ক্ৰাফ্টচ স্কুল নামে এখন কলাৰ বিদ্যালয় শুভ উদ্বোধন কৰে বিদ্যালয় খনৰ সহ শিক্ষক তথা হস্ত শিল্পী গোবিন্দ চহৰীয়াই।

চিত্ৰ শিল্পী অৰূপ বড়োয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠান খনত প্রেসিডেন্সী ফাইন আৰ্ট এণ্ড ক্ৰাফ্টচ স্কুলৰ শিক্ষয়ত্ৰী তথা উদিয়মান চিত্ৰ শিল্পী অবংশ্ৰী বড়োৱে মনৰ ভাব আৰু উদ্দেশ্য বাখ্যা কৰি কয় যে আমাৰ গ্ৰাম্য অঞ্চলৰ বহু প্ৰতিভাবন চিত্ৰ শিল্পী ছাত্র ছাত্ৰীয়ে উপযুক্ত শিক্ষানুষ্ঠানৰ অভাৱত প্ৰতিভা বিকাশ কৰিব নোৱাৰে, ।

আনহাতে আৰ্থিক দুৰ্বল হোৱা হেতুকে আৰু অভিভাৱক সচেতন নহোৱাৰ ফলত বহু ছাত্র ছাত্ৰীৰ প্ৰতিভা অকালতে মৰহি যায়,এজন ছাত্র বা ছাত্ৰীৰ শাৰীৰিক,মানসিক , বৌদ্ধিক বিকাশ হবলৈ হলে বহু কলা, শিক্ষাৰ প্ৰয়োজন হয় বুলি কোৱাৰ লগতে ছাত্র ছাত্ৰীক কলা শিক্ষা দিবলৈ আহ্বান জনায় চিত্ৰ শিল্পী অবংশ্ৰী বড়োৱে ।উক্ত উদ্বোধনী অনুষ্ঠান খনত উপস্থিত থাকে ছাত্র ছাত্ৰী, অভিভাৱক লগতে সমাজ সেৱক কুক্ষেশ্বৰ নাথে।

একেবাৰে বঙালি সাজ, শাহুৱেক আৰু দৰাক লৈ পঞ্চঅমৃত অনুষ্ঠান সমাপ্ত কৰে বিপাশা বসুৱে …

কিছুদিন পূৰ্বে আলিয়া ভাটে মাতৃ হোৱাৰ কথা ঘোষণা কৰিছিল। সোণম কাপুৰ শেহতীয়াকৈ এগৰাকী মাতৃ হৈ পৰিছে। বিপাশা বসুৱেও এই তালিকাত আছে । কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি বিপাশা বসু আৰু কৰণ সিং গ্ৰ’ভাৰে অভিভাৱক হব বুলি ঘোষণা কৰিছিল। অভিনেত্ৰীগৰাকী মাতৃ হোৱাৰ খবৰ পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ নেট কমিউনিটিৰ লগতে সংবাদ মাধ্যমতো হুলস্থুলৰ সৃষ্টি হয়।

অৱশ্যে এইবাৰ তেওঁ পঞ্চঅমৃত অনুষ্ঠানটো অতি ধুমধামেৰে সম্পূৰ্ণ কৰিলে। বেনাৰসীত বেংগলী ষ্টাইলত সাজ-পোছাক পৰিধান কৰিছিল অভিনেত্ৰীগৰাকীয়ে। তাই পিন্ধিছিল ঢিলা চুলি, সোণৰ গহনা। তেওঁ হাঁহিমুখে পঞ্চব্ঞ্জন খালে । তালিকাত আছিল চাউল, মাছ, মাংস, চেট ফ্ৰাই, পাই। তেওঁ বাংলা নিয়ম অনুসৰি ধান আৰু দুবুৰি বনেৰে আশীৰ্বাদ দিয়া হয় । প্রদীপেৰ তাপো দিয়া হয়। সকলো নীতি-নিয়ম অনুসৰি অভিনেত্ৰী গৰাকীৰ অনুষ্ঠান সম্পূৰ্ণ কৰা হয়। বিপাশা বসুৱে নিজৰ ছ’চিয়েল মিডিয়া পেজত ৰিল ভিডিঅ’ৰ ৰূপত নিজৰ পঞ্চঅমৃত অনুষ্ঠানৰ কিছু আভাস শ্বেয়াৰ কৰিছে।

আজি বঙালী সাজত দেখা গ’ল অভিনেত্ৰীগৰাকীক। ইয়াৰ বাহিৰেও কৰণ সিং গ্ৰ’ভাৰক বগা ৰঙৰ পাঞ্জাবীত দেখা গৈছিল। সেই ছবিখনো অভিনেত্ৰীগৰাকীৰ প্ৰফাইলত ধৰা পৰিছে। বাংলা সাজত মাতৃ আৰু শাহুৱেকৰ সৈতে দেখা গৈছিল অভিনেত্ৰীগৰাকীক। অভিনেত্ৰীগৰাকীৰ সকলো আভাস ছ’চিয়েল মিডিয়া পেজত শ্বেয়াৰ কৰাৰ লগে লগে নেটিজেনৰ লগতে তেওঁৰ অগণন অনুৰাগীৰ মাজতো ভাইৰেল হৈ পৰে। আকৌ এবাৰ সমগ্ৰ নেটমাহল অভিনেত্ৰীগৰাকী আৰু তেওঁৰ আগন্তুক সন্তানৰ বাবে শুভেচ্ছা আৰু আশীৰ্বাদেৰে ভৰি পৰিল।

পুৰুষৰো হ’ব পাৰে স্তন‌ৰ কৰ্কট ৰোগ । সাৱধান হ‌ওঁক !

ব্ৰেষ্ট কেন্সাৰ বা স্তনৰ কৰ্কট ৰোগ বুলিলেই পোনচাটেই আমাৰ মনলৈ আহে যে, এই ৰোগ কেৱল নাৰীৰহে হয় বা হ’ব পাৰে। কিন্তু পুৰুষৰো যে এই ৰোগ হ’ব পাৰে, সেই কথা আমি ভাবি নাচাওঁ। নাৰীসকলতকৈ পুৰুষৰ স্তনৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনীয়তা কিছু কম। কিন্তু পুৰুষৰ স্তনৰ কৰ্কট ৰোগ অতি মাৰাত্মক হ’ব পাৰে। আদ-দ্বীন ছকিনা মেডিকেল কলেজৰ প্ৰবক্তা ডা: শ্বাহনাজ সেতুৰ ভাষ্য অনুসৰি পুৰুষৰ স্তনৰ টিছ্যু নাৰীৰ তুলনাত কম থাকে। সেয়েহে পুৰুষৰ স্তনৰ কৰ্কট ৰোগ হ’লে সেই ৰোগ অতি সহজে শৰীৰৰ অন্য অংশলৈ বিয়পি পৰিব পাৰে। সচেতনতাৰ অভাৱৰ বাবেই বহু লোকে এই ৰোগ চিনাক্ত কৰাত পলম কৰে। আৰু সেইবাবেই ই অধিক মাৰাত্মক হৈ পৰে। কেৱল মাত্ৰ নাৰীয়েই নহয়, পুৰুষসকলেও স্তনৰ কৰ্কট ৰোগৰ লক্ষণসমূহৰ বিষয়ে অৱগত হোৱাটো উচিত। এই লক্ষণসমূহৰ বিষয়ে তলত চমুকৈ কিছু কথা উল্লেখ কৰা হ’ল-

  • স্তনৰ কৰ্কট ৰোগৰ এটি লক্ষণ হ’ল স্তনত হোৱা কিছু টান আৰু বিষহীন টেমুনা। স্তনৰ নিপলৰ লগতে অথবা কিছু কাষত এনে টেমুনাৰ সৃষ্টি হয়। অৱশ্যে গাইনেক’থেষ্টিয়া নামৰ হৰমনৰ সমস্যাৰ বাবেও বহু সময়ত পুৰুষৰ বুকুত এনে টেমুনাৰ সৃষ্টি হয় যদিও এনে টেমুনা অতি কোমল হয়। কিন্তু স্তনৰ কৰ্কটৰ ফলত হোৱা টেমুনা অতি কোমল হয়। সেয়েহে পুৰুষসকলে বুকুত কোনো টেমুনাৰ সৃষ্টি হ’লে অনতিপলমে বিশেষজ্ঞৰ ওচৰ চাপি পৰীক্ষা কৰোৱাটো উচিত আৰু সেই টেমুনা কিহৰ বাবে সৃষ্টি হৈছে, তাৰ সবিশেষ জানি লোৱাটো প্ৰয়োজনীয়। প্ৰয়োজন অনুসৰি কোনো কোনো ক্ষেত্ৰত নিডল বায়প্‌ছি পৰীক্ষাও কৰাবলগীয়া হ’ব পাৰে।
  • টেমুনাৰ উপৰি কোনো সময়ত স্তনৰ আকাৰৰ অস্বাভাবিক পৰিবর্তনো হ’ব পাৰে। এনে পৰিবর্তন হয়তো হ’ব পাৰে অথবা দীর্ঘদিনীয়া সময়ৰ ভিতৰত লাহে লাহেও হ’ব পাৰে। এনে পৰিবৰ্তন হয়তো হ’ব পাৰে অথবা দীৰ্ঘদিনীয়া সময়ৰ ভিতৰত লাহে লাহেও হ’ব পাৰে। এনে পৰিৱৰ্তনৰ অৰ্থ হ’ল ছালৰ তলৰ শৰীৰৰ নেদেখা অংশত কোনো পৰিৱৰ্তন হ’বলৈ আৰম্ভ হৈছে। স্তনৰ আকাৰৰ এনে পৰিবৰ্তনত সাধাৰণতে বিষ নহয়। কিন্তু সেই বুলিয়েই এনে পৰিবর্তনক আওকাণ কৰিব নালাগে, কিয়নো ই হৈছে স্তনৰ কৰ্কট ৰোগৰ এক অন্যতম লক্ষণ।
  • স্তনৰ সমান্তৰালভাবে নিপলৰ আকাৰ আৰু ৰঙৰো পৰিৱর্তন হ’লে এই সন্দৰ্ভত চিকিৎসকক অৱগত কৰোৱাটো অতি প্রয়োজনীয়। কিন্তু পুৰুষৰ ৪০-৪৫% স্তনৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত এই লক্ষণ পৰিলক্ষিত হয়। বহু সময়ত আকৌ নিপল ৰঙা হৈ পৰা, খজুওৱা আদি লক্ষণেও দেখা দিব পাৰে।
  • স্তনৰ কৰ্কট ৰোগৰ অন্য এটি লক্ষণ হ’ল বুকুৰ ছালৰ অস্বাভাৱিক পৰিবর্তন। এনে পৰিবৰ্তনৰ ভিতৰত ৰঙা পৰি যোৱা বা খজুওৱাৰ দৰে দাগ বহা, এডেমা/পানী জমা হোৱা) আদি অন্যতম।

  • আনহাতে কেতিয়াবা আকৌ নিপলৰ কাষত সৰু সৰু গুটি, পানী জ্বলা আদি উঠাও দেখা যায়। এনে লক্ষণসমূহ দেখা দিলে প্ৰথম অৱস্থাত বহুতৰে ছালৰ সংক্রমণ হোৱা বুলিও সন্দেহ হ’ব পাৰে। কিন্তু বিষয়টিক তেনেদৰে আওকাণ কৰাৰ পৰিৱর্তে চিকিৎসকৰ পৰামর্শ লোৱাটো জৰুৰী।
  • নিপল ডিছচার্জ হোৱাটো স্তনৰ কৰ্কট ৰোগৰ অন্য এক গুৰুত্বপূর্ণ লক্ষণ। গৰ্ভৱতী নাৰী বা কেঁচুৱাক গাখীৰ খুওৱা মাতৃৰ সাধাৰণতে নিপল ডিছচার্জ অর্থাৎ নিপলৰ পৰা তৰল পদার্থ নিৰ্গত হয়। কিন্তু পুৰুষৰ ক্ষেত্ৰত ই অস্বাভাবিক। কিন্তু নিপল ডিছচাৰ্জ স্তনৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে। কেতিয়াবা এনেদৰে নিৰ্গত হোৱা তৰল পদার্থ পানীৰ দৰে স্বচ্ছ হ’ব পাৰে। কিন্তু কেতিয়াবা আকৌ লগতে ৰক্তক্ষৰণো হ’ব পাৰে। পৰিধান কৰি থকা গেঞ্জী বা চার্টত পুৰুষে এনে তেজৰ দাগ বা পানী পৰাৰ দৰে দাগ দেখিলে লক্ষণৰ বিষয়ে বুজিব পাৰিব। মন কৰিবলগীয়া যে, নিপল ডিছচার্জ যেনে ধৰণেৰেই নহওক কিয়, অনতিপলমে চিকিৎসকৰ কাষ চপাটো অতি প্রয়োজনীয়।
  • কোনো কোনো ক্ষেত্ৰত সাধাৰণ অৱস্থাতো বুকুৰ অথবা নিপলৰ বিষ হ’ব পাৰে। কিন্তু স্তনৰ কর্কট ৰোগৰ বাবেই এক অতি ডাঙৰ লক্ষণ। স্তনৰ কর্কট ৰোগৰ বাবে এই বিষ যদি হয়, এনে বিষ দীর্ঘস্থায়ী হয় আৰু মাত্র এটি অংশতে হয়। সেয়েহে যদিহে কেতিয়াবা কোনো পুৰুষৰ এনে বিষ হয়, তেনে ক্ষেত্ৰত বিষয়টি গুৰুত্ব সহকাৰে লোৱাটো আৱশ্যকীয়।

  • সাধাৰণতে প্রাথমিক পর্যায়ত পুৰুষৰ স্তনৰ কর্কট ৰোগ ধৰা নপৰে। চিনাক্তকৰণত পলম হোৱাৰ বাবেই শৰীৰৰ অন্য অংশতো বিয়পি পৰে আৰু অতি সহজে এই ৰোগে হাড়ক আক্রান্ত কৰে বাবে হাড়ৰ অসম্ভৱ বিষ হ’ব পাৰে।
  • উপযুক্ত কোনো এটি লক্ষণ অথবা একাধিক লক্ষণ পুৰুষৰ গাত দেখা দিলে তেওঁ অনতিপলমে চিকিৎসকৰ কাষ চাপিব লাগে। চিকিৎসকৰ পৰীক্ষাত এই কথা স্পষ্ট হ’ব যে, তেনে লক্ষণ অন্য কোনো ৰোগ নে স্তনৰ কৰ্কট ৰোগৰ চিকিৎসকৰ পৰামৰ্শ অনুসৰি প্ৰথমে মেম’গ্ৰাফ আৰু আল্ট্ৰাছাউণ্ড আৰু প্রয়োজনত পৰৱৰ্তী সময়ত বায়’প্‌ছি কৰালে ৰোগৰ সন্দৰ্ভত নিশ্চিত হ’ব পাৰে।

পুৰুষসকলৰ মাজত স্তন কৰ্কট ৰোগৰ সম্ভাৱনীয়তা কিছু কম যদিও এনে কোনো লক্ষণে দেখা দিলে বিষয়টো অৱহেলা কৰাটো উচিত নহয়। প্ৰথম পর্যায়তে চিনাক্ত কৰিব পাৰিলে স্তনৰ কৰ্কট ৰোগৰ পৰা আৰোগ্য লাভ কৰাৰ সম্ভাৱনীয়তা অধিক হয়। ডাঃশ্বাহনাজ সেতুৰ অনুসৰি সাধাৰণতে ৩৫ বছৰৰ ঊৰ্দ্ধৰ পুৰুষৰ ক্ষেত্ৰত এই ৰোগ হোৱাৰ সম্ভাৱনীয়তা অধিক। বয়সৰ স্তৰ বঢ়াৰ লগে লগে ৰোগৰ সম্ভাৱনীয়তাও বৃদ্ধি পায়। ৬০-৭০ বছৰ বয়সতো এই ৰোগ হ’ব পাৰে। সাধাৰণতে পুৰুষসকলৰ ক্ষেত্ৰত স্তনৰ কৰ্কট ৰোগৰ সম্ভাৱনীয়তা অধিক হ’ব পাৰে যদিহে:

  • তেওঁৰ কোনো আত্মীয় লোকৰ (পুৰুষ বা মহিলা) পূর্বে স্তনৰ কৰ্কট ৰোগ হৈছিল।
  • তেওঁ কোনো কাৰণত ৰেডিয়েশ্বন এক্সপ’জাৰৰ সহায় লৈছিল।
  • তেওঁ লিভাৰ ছিৰ’চিছ ৰোগী।
  • তেওঁ কোনো কাৰণত ইষ্ট্রোজেন ব্যৱহাৰ কৰিছিল।
  • তেওঁ টেষ্টিছত আঘাত পাইছিল।

বংশগত কাৰণত অথবা বর্ধিত বয়সৰ বাবে স্তনৰ কৰ্কট ৰোগ হোৱা বিষয়টোৰ ওপৰত কোনো ব্যক্তিৰে নিজৰ নিয়ন্ত্রণ নাথাকে। কিন্তু অন্য কিছু দিশ পুৰুষসকলে নিয়ন্ত্ৰণ কৰিব পাৰিব। তাৰ বাবে পুৰুষসকলে নিজৰ জীৱন ধাৰা প্ৰণালীৰ কিছু পৰিবর্তন সাধন কৰাটো প্রয়োজনীয়। তদুপৰি তেওঁলোকে স্বাস্থ্যকৰ ওজন নিয়ন্ত্ৰণ কৰি ৰখা, প্ৰচুৰ পৰিমাণে সতেজ ফলমূল, শাক-পাচলি খোৱা, ধূমপান বর্জন কৰা, নিয়মীয়াকৈ শৰীৰ চৰ্চা কৰা আদি অতি জৰুৰী। পুৰুষৰ স্তনৰ কৰ্কট ৰোগ হোৱাটো কোনো লাজৰ কথা নহয়। এটি সুস্থ জীৱনশৈলী যাপন কৰক, কিছু সতর্কতা অৱলম্বন কৰক আৰু স্তনৰ কৰ্কট ৰোগৰ পৰা দূৰ হৈ থাকক।

লেখিকা: নিষ্ঠা দাস, 

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে আজি কেকেৰ মৃত্যুৰ স্মৃতিত বেংগালুৰুত লাইভ সংগীত অনুষ্ঠানত গীত পৰিৱেশন কৰিব…

জনপ্ৰিয় কণ্ঠশিল্পী কেকেৰ মৃত্যুৰ স্মৃতিত আজি বেংগালুৰুত লাইভ সংগীত অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব ।

এই অনুষ্ঠানত উপস্থিত থাকিব অসমৰ হাৰ্টথ্ৰব জুবিন‌ গাৰ্গ । তেওঁৰ স্মৃতিত জুবিন গাৰ্গে কেকে‌ৰ কণ্ঠৰ কেইটামান সংগীত বেংগালুৰুৰ দৰ্শকৰ সন্মুখত পৰিৱেশন কৰিব ।

লগতে এই অনুষ্ঠানত উপস্থিত থাকিব বহু‌ ভাৰতৰ বহুত সংগীত শিল্পী আৰু গীতিকাৰ কুনাল গাঞ্জাৱালা, জুবিন গাৰ্গ, আৰু গীতিকাৰ মেহবুব আলম, নকুল কৃষ্ণ সংগীত, তামৰা কৃষ্ণ আৰু সুপ্ৰতীক ঘোষ ।

এই লাইভ সংগীত অনুষ্ঠানৰ জৰিয়তে কেকেৰ ব্যক্তিগত সংগীত দলটোৱে কেকেৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনাব ।

জুৰী বৰা বৰগোহাঞিলৈ ‘লেখিকা সমাৰোহ সাহিত্য বঁটা’


সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে আগন্তুক ঊনত্ৰিংশতিতম দ্বি-বাৰ্ষিক অধিবেশনত প্ৰদান কৰিবলগীয়া বঁটাসমূহৰ বাবে এখন উচ্চ পৰ্যায়ৰ বঁটা বাচনি সমিতিৰ যোগেদি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ‘লেখিকা সমাৰোহ সাহিত্য বঁটা-২০২০’ৰ বাবে বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ জুৰী বৰা বৰগোহাঞিক মনোনীত কৰিছে।

ক্ষেত্ৰ অধ্যয়নৰ মাধ্যমেৰে উপন্যাস ৰচনাত এক নিজস্ব শক্তিশালী ধাৰা সৃষ্টি কৰা জুৰী বৰা বৰগোহাঞিলৈ এই সন্মান তেখেতৰ সাহিত্যৰাজীৰ বাবে আগবঢ়োৱা হৈছে। ‘লেখিকা সমাৰোহ সাহিত্য বঁটা’ বিগত সময়ত প্ৰসিদ্ধ লেখিকা অৰূপা পটঙ্গীয়া কলিতা, অনুৰাধা শৰ্মা পূজাৰী আদিলৈ আগবঢ়োৱা হৈছে। ‘লেখিকা সমাৰোহ সাহিত্য বঁটা-২০১৯’ আগবঢ়োৱা হৈছে এগৰাকী সফল মাতৃ হিচাপে পৰিচিত বিশিষ্ট ঔপন্যাসিক ড০ নিৰুপমা মহন্তলৈ তেখেতৰ সাহিত্য কৃতিৰ বাবে। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বঁটা বাচনি সমিতিৰ যোগেদি ‘লেখিকা সমাৰোহ সাহিত্য বঁটা’কে ধৰি এইবাৰ বিভিন্ন শিতানৰ বঁটাৰ বাবে মুঠ বাৰ গৰাকী বিশিষ্ট লেখিকা, সাংবাদিক আৰু শিল্পীক মনোনীত কৰা হৈছে। আজি নগাৱত অনুষ্ঠিত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যনিৰ্বাহক সভাই বঁটাপ্ৰাপকসকলৰ নাম আনুষ্ঠানিকভাবে ঘোষণা কৰে। অহা ১৩ অক্টোবৰৰ পৰা ১৬ অক্টোবৰ ২০২২লৈ ইতিহাস প্ৰসিদ্ধ শিৱসাগৰ জিলাৰ ‘সৰস্বতী নিৰ্মলপ্ৰভা বৰদলৈ সোঁৱৰণী ক্ষেত্ৰ’ত অনুষ্ঠিত হ’ব সদৌ অসম লেখিকা সমাৰোহৰ শিৱসাগৰ অধিবেশন।

অধিবেশনৰে ১৬ অক্টোবৰ ২০২২ ৰ মুকলি সভাৰ সৈতে সংগতি ৰআখি বিয়লি ২.৩০ বজাত আয়োজন কৰা গাম্ভিৰ্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ’ব। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড০ চাৰু চহৰীয়া নাথ, প্ৰধান সম্পাদিকা ড০ থুনু কলিতা আৰু ঊনত্ৰিংশতিতম দ্বি-বাৰ্ষিক শিৱসাগৰ অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ সভানেত্ৰী অপৰাজিতা ভূঞা, সম্পাদিকা সুভদ্ৰা বৰা স্বাক্ষৰিত আনুষ্ঠানিক নিমন্ত্ৰণী পত্ৰ আৰু চাৰিওটা দিনৰ কাৰ্য্যসূচী ছপা কৰি প্ৰেৰণ আৰু বিতৰণৰ ব্যৱস্থা কৰা হৈছে বুলি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈয়ে জানিবলৈ দিছে। উল্লেখ্য যে নাৰীৰ শিক্ষা আহৰণ, চিন্তা-চৰ্চা আৰু সামাজিক চেতনাক উদ্বুদ্ধ কৰাৰ প্ৰয়াসেৰে ১৯৭৪ চনৰ ২ নৱেম্বৰত জন্ম লোৱা আৰু ইতিমধ্যে সুদীৰ্ঘ সাতচল্লিশটা বছৰ অতিক্ৰম কৰি সদৌ অসম লেখিকা সমাৰোহ সমিতি এটা বিশাল অনুষ্ঠানত পৰিণত হৈছে। অসমৰে নহয় ভাৰতৰ সীমা অতিক্ৰমী বিশ্বৰ বিভিন্ন প্ৰান্তত বসবাস কৰা অসমীয়া ভাষাৰ বিভিন্ন বয়সৰ মহিলা লেখকসকলক এখন শক্তিশালী মঞ্চ প্ৰদান কৰি আহিছে এই অনুষ্ঠানটিয়ে। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তৎপৰতাতে বিভিন্ন গুৰুত্বপূৰ্ণ সাহিত্যৰাজীও সৃষ্টি হৈছে আৰু প্ৰকাশো সম্ভৱ হৈছে। সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে লেখিকাসকলক উৎসাহিত কৰিবৰ কাৰণে আৰু কৰ্মৰাজীক স্বীকৃতি দিবৰ বাবে বিগত সময়ত অনুষ্ঠিত অনুষ্ঠানটোৰ দ্বি-বাৰ্ষিক অধিবেশনবিলাকত কেইবাটাও সন্মানীয় বঁটা প্ৰদান কৰি আহিছে।


এই বঁটাৰ পূৰ্বে জুৰী বৰা বৰগোহাঞিয়ে দেশৰ সৰ্বশ্ৰেষ্ঠ আলেখ্য হিচাপে বিবেচিত হোৱা “ষ্টিলৱেল ৰ’ডঃ দ্য মেমৰী অৱ এ ফৰগ’টেন ৱাৰ’’ৰ বাবে ৰাষ্ট্ৰীয় আকাশবাণী বাৰ্ষিক বঁটা (২০১৮), “ভোক” উপন্যাসৰ বাবে ‘অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান’ (২০১৮), “ৰাগ… ইমন”উপন্যাসৰ বাবে ‘হৰেন্দ্ৰ চন্দ্ৰ বৰকাকতী বঁটা’ (২০০৯), “লিড’লাম” উপন্যাসৰ বাবে ‘জীৱন ইনিচিয়েটিভৰ বছৰৰ বিশেষ স্বীকৃতি’ (২০১২), সাহিত্য জগতলৈ অৱদানৰ বাবে ‘যুৱ অনুপ্ৰেৰেণা বঁটা’ (২০১৩) আৰু সমাজ জীৱনলৈ আগবঢ়াই অহা অৱফান আৰু ‘সিহঁত’ উপন্যাসৰ বাবে ‘অননন্যা নাৰী অনন্য গ্ৰন্থ বঁটা (২০২১) আদি লাভ কৰিছে। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা ‘ৰুৰেল হিষ্ট্ৰী অৱ ইণ্ডিয়া’তো লেখা অন্তৰ্ভূক্ত হোৱা জুৰী বৰা বৰগোহাঞিয়ে গুৰুত্বপূৰ্ণ সামাজিক-ৰাজনৈতিক-পৰিবেশীয় সমস্যা কিছুমানৰ ওপৰত কাম কৰি দায়বদ্ধতা প্ৰকাশ কৰাৰ লগতে ৰাষ্ট্ৰীয়-অন্তঃৰাষ্ট্ৰীয় অধ্যয়ন-চক্ৰ, গৱেষণা পত্ৰত বিভিন্ন বিষয়-বস্তু লৈ বহুকেইখন গৱেষণা পত্ৰ উপস্থাপন আৰু প্ৰকাশ কৰিছে।

লেখক তথা সক্ৰিয় পৰিবেশ আৰু সমাজকৰ্মী জুৰী বৰা বৰগোহাঞি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানৰ প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ আৰু এম.ফিল. ডিগ্ৰীধাৰী। আঠ বছৰ অধ্যাপনাৰ স’তে জড়িত বৰ্তমান পেছাত লেখক জুৰী বৰা বৰগোহাঞি বিশ্বৰ অন্যতম বৃহৎ নদীদ্বীপ মাজুলীৰ প্ৰথমগৰাকী মহিলা সাংবাদিক।

তেখেতৰ প্ৰকাশিত উপন্যাস- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পটভূমিৰে “ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনী’’, অসমৰ পৰা বাহিৰত গৈ পঢ়া শিক্ষাথীৰ জীৱন শৈলীৰে “আপোনজনৰ ঠিকনা’’, অসমৰ সত্ৰ ব্যৱস্থাৰ অন্তৰ্ভাগৰ কিছু অকথিত বাস্তৱেৰে- “অভিলাষী যাত্ৰা’’, এইডচ আক্ৰান্ত এগৰাকী সম্ভ্ৰান্ত নাৰীৰ জীয়াই থকাৰ সংগ্ৰামক লৈ “ৰাগ… ইমন’’, ঐতিহাসিক চৰিত্ৰ তেজ মঙহৰ জয়মতীৰ পূৰ্ণাঙ্গ জীৱন গাঁথাৰে “নাংফা’’, অসমৰ লিডুৰ পৰা মহাচীনৰ কুনমিঙলৈকে নিৰ্মিত বিশ্বখ্যাত ঐতিহাসিক ষ্টিলৱেল ৰোডৰ কাহিনীৰে- “লিড’লাম’’, নাৰী-দেহ ব্যৱসায়ৰ জীৱন্ত বৰ্ণনাৰে “ভোক’’, চাহ উদ্যোগৰ লগত জড়িত শ্ৰমিকসকলৰ জীৱনক লৈ “আংকুশ’’, এটা লোমহৰ্ষক ধৰ্ষণ কাণ্ডত নিজৰ ঘৰতে সৰ্বস্ব হেৰুওৱা এঘাৰ ধৰ্ষিতা তথা সীমাহীন অন্যায়ৰ বলি হোৱা এজাক নাৰীক লৈ “সিহঁত’’ আৰু উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত লোকচক্ষুৰ আঁৰত চলি থকা স্বাৰ্থ, লালসা, যৌন উৎপীড়ন, মানসিক অত্যাচাৰৰ আলমত- “চিঞৰ”। অসমীয়া বৌদ্ধিক আলোচনী ‘সাতসৰী’ত ২০১০ চনৰ পৰা বৰ্তমানলৈকে ‘আমাৰ শাক চিনাকি’, ‘আমাৰ মাছ চিনাকি’, ‘আমাৰ ফল চিনাকি’ আৰু ‘গামোচাৰ চানেকি বিচাৰি’ নামেৰে অসমৰ থলুৱা শাক, মাছ, ফল আৰু বস্ত্ৰৰ ওপৰত গৱেষণালব্ধ তথ্যৰে চাৰিখনকৈ সচিত্ৰ ধাৰাবাহিক প্ৰকাশ পাইছে।

জুৰী বৰা বৰগোহাঞিৰ সৃষ্টিক বিষয় হিচাপে লৈ বিশ্ববিদ্যালয়ত গৱেষণা হোৱাৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত আয়োজিত আন্তৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় আলোচনা চক্ৰত তেখেতৰ শেহতীয়া উপন্যাসকেইখন বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ পণ্ডিত-অধ্যাপক, সমল ব্যক্তি, গৱেষক-ছাত্ৰৰ আলোচনা পত্ৰৰ বিষয়, প্ৰসঙ্গ-গ্ৰন্থ আৰু প্ৰকল্পৰ বিষয় হিচাপে চৰ্চিত হৈছে। কিছু সৃষ্টি বিভিন্ন ভাষালৈ অনুবাদ হৈছে আৰু নাটক, গীত, কবিতা আদি তেওঁৰ সৃষ্টিৰ আধাৰত নিৰ্মাণ হৈছে।

ব্ৰহ্মাস্ত্ৰ ছবিখনক কি কাৰণত তীব্ৰ সমালোচনা কৰিলে অভিনেত্ৰী কংগনা ৰাণাৱটে…

বলীউডৰ বহু প্ৰতীক্ষিত চলচ্চিত্ৰ ব্ৰহ্মাস্ত্ৰ ছবিগৃহত মুক্তি লাভ কৰিছে। কিন্তু হিন্দী চিনেমাৰ বিখ্যাত অভিনেত্ৰী কংগনা ৰাণাৱটে ব্ৰহ্মাস্ত্ৰক একেবাৰে ভাল পোৱা নাছিল আৰু তেওঁ এই ছবিখনৰ প্ৰতি তেওঁৰ প্ৰতিক্ৰিয়া দিছিল। ইয়াৰ লগতে তেওঁ ছবিখনৰ পৰিচালক আয়ন মুখাৰ্জী, ছবিখনৰ প্ৰযোজক কৰণ জোহৰ, অভিনেতা ৰণবীৰ কাপুৰ আৰু অভিনেত্ৰী আলিয়া ভাটকো লক্ষ্য কৰি লৈছে।

কংগনাই ব্ৰহ্মাস্ত্ৰ নিৰ্মাতাসকলক মিছা বুলি কয়
দৰাচলতে, কংগনাই তেওঁৰ ইনষ্টাগ্ৰাম কাহিনীত ব্ৰহ্মাস্ত্ৰৰ নেতিবাচক সমীক্ষা ভাগ বতৰা কৰিছে আৰু নিৰ্মাতাসকলক মিছা বুলি অভিহিত কৰিছে। কাহিনীটো শ্বেয়াৰ কৰি কংগনাই লিখিছিল, ‘যেতিয়া আপুনি মিছা বিক্ৰী কৰিবলৈ চেষ্টা কৰে, কৰণ জোহৰে প্ৰতিটো অনুষ্ঠানৰ লোকসকলক ক’বলৈ বাধ্য কৰে যে আলিয়া ভাট আৰু ৰণবীৰ শ্ৰেষ্ঠ অভিনেতা আৰু অয়ন মুখাৰ্জী এজন প্ৰতিভাশালী, লাহে লাহে তেওঁ এইটো বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে, এই চলচ্চিত্ৰখনৰ ৬০০ কোটি ৰ বাজেটে আৰু কি কয়, এজন পৰিচালক যিয়ে তেওঁৰ জীৱনত কোনো ভাল ছবি নিৰ্মাণ কৰা নাই, ফক্স ষ্টুডিঅ’ই এই ছবিখনৰ বাবে পুঁজি যোগান ধৰিবলৈ নিজকে বিক্ৰী কৰিব লগা হৈছিল আৰু এই চলচ্চিত্ৰসমূহৰ বাবে কিমানটা ষ্টুডিঅ’ বন্ধ থাকিব।

ব্ৰহ্মাস্ত্ৰ নিৰ্মাণত ৬০০ কোটি টকা ভস্মীভূত
কংগনাই তেওঁৰ পৰৱৰ্তী কাহিনীত আৰু লিখিছিল, ‘যিসকলে অয়ন মুখাৰ্জীক প্ৰতিভাশালী বুলি কয় তেওঁলোকক তৎক্ষণাৎ কাৰাগাৰলৈ প্ৰেৰণ কৰিব লাগে, তেওঁলোকে এই ছবিখন নিৰ্মাণ কৰিবলৈ ১২ বছৰ সময় লৈছিল, ১৪ জন ডিঅ’পি সলনি কৰিছিল, ৪০০ দিনতকৈ অধিক সময় ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছিল, ৮৫ জন সহকাৰী পৰিচালক সলনি কৰিছিল আৰু ৬০০ কোটি টকা খৰচ কৰিছিল, লগতে শেষ মুহূৰ্তত ছবিখনৰ নাম সলনি হোৱাৰ সময়ত ধৰ্মীয় অনুভূতিক আঘাত কৰিছিল। যদি এনে সুবিধাবাদী, এনে সৃষ্টিশীলতাৰ পৰা বঞ্চিত লোক, সফলতাৰ বাবে ভোকাতুৰ লোকসকলক প্ৰতিভাশালী বুলি কোৱা হয়, তেনেহ’লে দিনে ৰাতি আৰু ৰাতি ৰ পৰা দিন বুলি কোৱাটো এক সুচিন্তিত কৌশল।

অভিনেত্ৰীগৰাকীয়ে কয় সততাৰে এখন ভাল চিনেমা নিৰ্মাণ কৰিব নোৱাৰে
কংগনাই আৰু কৈছিল, “গোটবাদ এতিয়া তেওঁলোকক কাটিবলৈ আহি আছে… বিবাহ, শিশু, পিআৰ, সকলো বোৰ, মিডিয়া নিয়ন্ত্ৰণ কৰা হয়, আনকি কেআৰকেকো কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল, পৰ্যালোচনা ক্ৰয় কৰা হয়, টিকট ক্ৰয় কৰা হয়, এই সকলোবোৰ কাম প্ৰৱঞ্চনা হিচাপে কৰা হয় কিন্তু তেওঁ সততাৰে এখন ভাল চিনেমা নিৰ্মাণ কৰিব নোৱাৰে।

ইংলেণ্ডৰ বাবে বৃহৎ প্ৰশ্ন কহিনুৰ হীৰাৰ বাবে এতিয়া কাৰ দাবী আটাইতকৈ শক্তিশালী জানেনে…

ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ পিছত, বহুলোকে পৰামৰ্শ দিয়ে যে কহিনুৰ মুকুট পৰৱৰ্তী সম্ৰাট অৰ্থাৎ ৰজা তৃতীয় চাৰ্লছক হস্তান্তৰ কৰা উচিত।

বৃটেইনৰ আটাইতকৈ দীঘলীয়া সময় ৰখা ৰাণী দ্বিতীয় এলিজাবেথৰ বৃহস্পতিবাৰে ৯৬ বছৰ বয়সত মৃত্যু হয়। ৰাণী দ্বিতীয় এলিজাবেথৰ সৈতে এক দশকজোৰা শাসনৰ পিছত, মূল্যৱান কহিনুৰ হীৰাৰে সজ্জিত মুকুটটো এতিয়া পৰৱৰ্তী প্ৰজন্মলৈ প্ৰেৰণ কৰা হ’ব। ৰাণীৰ মৃত্যুৰ পিছত, আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল কাৰ মূৰে এতিয়া মূল্যৱান কহিনুৰ মুকুটৰ গৌৰৱ বৃদ্ধি কৰিব।

ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ পিছত, বহুলোকে পৰামৰ্শ দিছে যে কহিনুৰ খচিত মুকুটপৰৱৰ্তী সম্ৰাট অৰ্থাৎ ৰজা তৃতীয় চাৰ্লছক হস্তান্তৰ কৰিব লাগে। অৱশ্যে, ইউকে ৰয়েল ফেমিলি আৰু কহিনুৰৰ ইতিহাস অনুসৰি, হীৰাটো ৰাণী কনচৰ্ট কেমিলা পাৰ্কাৰ বাউলছক উৎসৰ্গা কৰিব লাগে।

ৰাণীয়ে এই ঘোষণা কৰিছিল।

কহিনুৰ হীৰাটো বৰ্তমান ইংলেণ্ডৰ সম্ৰাট হিচাপে ৰাণী দ্বিতীয় এলিজাবেথে পিন্ধা প্লেটিনামৰ মুকুটত আছে। এই বছৰৰ ফেব্ৰুৱাৰীমাহত ৰাণীয়ে ঘোষণা কৰে যে চাৰ্লছে ইংলেণ্ডত ৰাজতন্ত্ৰৰ শাসনভাৰ গ্ৰহণ কৰাৰ সময়ত কেমিলা পাৰ্কাৰ বোলছ ৰাণী সহধৰ্মিনী হ’ব। এতিয়া, ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ পিছত, কেমিলাই কহিনুৰ পিন্ধিব বুলি সকলো সম্ভাৱনা আছে।

কহিনুৰৰ ইতিহাস

কহিনুৰক প্ৰায়ে পৃথিৱীৰ আটাইতকৈ মূল্যৱান হীৰা বুলি কোৱা হয়, যাৰ ওজন 105.6 কেৰেট। চতুৰ্দশ শতিকাত ভাৰতত হীৰা পোৱা গৈছিল। কহিনুৰ হীৰাৰ ইতিহাসৰ বিষয়ে, অন্ধ্ৰ প্ৰদেশৰ গুন্টুৰত কাকতিয়া ৰাজবংশৰ ৰাজত্বকালত এই মূল্যৱান হীৰাটো পোৱা গৈছিল। ইয়াক ৱাৰাংগলৰ এটা হিন্দু মন্দিৰত দেৱতাৰ চকু হিচাপে ব্যৱহাৰ কৰা হৈছিল, যাৰ পিছত মালিক কাফুৰে (আলাউদ্দিন খিলজীৰ সেনাপতি) ইয়াক লুটি লৈছিল।

মোগল সাম্ৰাজ্যৰ কেইবাজনো শাসকক গতাই দিয়াৰ পিছত, শিখ মহাৰাজা ৰঞ্জিত সিঙে লাহোৰত ইয়াৰ দায়িত্ব গ্ৰহণ কৰে আৰু পঞ্জাৱলৈ আহে। মহাৰাজা ৰঞ্জিত সিঙৰ পুত্ৰ দিলীপ সিঙৰ শাসনকালত পঞ্জাৱ দখল কৰাৰ পিছত ১৮৪৯ চনত ৰাণী ভিক্টোৰিয়াক এই হীৰাটো দিয়া হৈছিল। কহিনুৰ বৰ্তমান ব্ৰিটেইনৰ ৰাণীৰ মুকুটত স্থাপন কৰা হৈছে, যাক লণ্ডনৰ টাৱাৰৰ জুৱেল হাউচত সংৰক্ষণ কৰা হৈছে আৰু ৰাইজে ইয়াক দেশ দিব পাৰে।

জ্ঞানপীঠ বঁটাৰে বিভূষিত, কাব্যঋষি, নীলমণি ফুকনৰ আজি ৯০ বছৰীয়া ওপজা দিন…

জাতীয় জীৱনক ধন্য কৰা ভাষাশিল্পী, জীৱনশিল্পী, ভাৰতীয় সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ সাহিত্যিক ‘নিৰ্জনতাৰ কবি’, ‘গোলাপী জামুৰ লগ্নৰ কবি’ নীলমণি ফুকন। বিংশ শতিকাৰ পঞ্চাছৰ দশকৰ পৰা কাব্যচৰ্চা কৰি জ্ঞানপীঠকে ধৰি বিভিন্ন বঁটা-সন্মান-স্বীকৃতিৰে আত্মনাম মহীয়ান কৰা অসমীয়াৰ হৃদয়ৰ কাব্যঋষিগৰাকীৰ আজি ৯০ বছৰীয়া ওপজা দিন । ফুকনৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱনৰ কামনা কৰে মুখ্যমন্ত্ৰীয়ে ।

কাব্য-শিল্পকলা-অধ্যাপনা-সমালোচনা আদি সকলোতে ব্যুৎপত্তিমান বৰেণ্য কথাশিল্পী গৰাকীয়ে আসমীয়া ভাষা-সাহিত্য আৰু বৌদ্ধিক জগত খনক ধনাঢ্য কৰি ৰাখিছে। তেখেতৰ অনন্যোপম সৃষ্টিয়ে কথাশিল্পীৰ ক্ষেত্ৰখনক সদায়েই উজ্জ্বল কৰি ৰাখিব।

বৰপথাৰ আৰক্ষীৰ ন-ৰূপ , ৰ লাগি চালে শ শ জনতাই…

এইবাৰ আন এক ৰূপত বৰপথাৰ আৰক্ষী। মহাপুৰুষজনাৰ অনুপম সৃষ্টি অংকীয়া নাট ভাওনা আৰু ভকত সেৱাৰে বৰপথাৰ আৰক্ষীয়ে দেখুৱালে “জনহিত জনসেৱাৰ্থে”ৰ প্ৰকৃত নিৰ্দশন। শুক্ৰবাৰে ধনশিৰি মহকুমাৰ বৰপথাৰ আৰক্ষী থানাত দিনযোৰা কাৰ্যসূচীৰে সম্পন্ন হয় বছেৰেকীয়া নাম। নাম প্ৰসংগ আৰু ভাগৱত পাঠেৰে দিনৰ কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছত ৰাতিলৈ “গান্ধাৰীৰ কৃষ্ণ দৰ্শন” নামৰ এখনি মহাপুৰুষীয়া ভাওনা প্ৰদৰ্শন কৰা হয়। এই নাটকত 24 ঘণ্টাই অঞ্চলটোত শান্তি শৃংখলাৰ দায়িত্ব পালন কৰি থকা বৰপথাৰ আৰক্ষীৰ বিষয়া তথা কৰ্মচাৰীয়ে অভিনয় কৰে।

মহাপুৰুষীয়া নাটকত অভিনয় কৰি দেখুৱাই দিলে খাকী পোছাক যোৰৰ মাজত লুকাই থকা তেওঁলোকৰ সাংস্কৃতিক মনটোক। বৰপথাৰ আৰক্ষীৰ সুন্দৰ অভিনয়ে বৰপথাৰৰ লগতে মহকুমাটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগণন লোকক ভাওনা খনৰ শেষলৈকে মোহিত কৰি ৰাখে।