Home Blog Page 2200

মুক্তিযুদ্ধা সত্যলতা গগৈৰ গৃহত উপস্থিত হৈ বিধায়ক ৰূপেশ গোৱালাৰ জাতীয় পতাকা প্ৰদান…

স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদি কা অমৃত মহোৎসৱ কাৰ্যসূচী লগত সংগতি ৰাখি প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ আহ্বানমৰ্মে ‘হৰ ঘৰ তিৰংগা” কাৰ্যসূচীৰ অংশ হিচাপে আজি ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা উপস্থিত হয় তিনিচুকীয়া জিলাৰ একমাত্ৰ মুক্তিযুদ্ধা সত্যলতা গগৈৰ গৃহত উপস্থিত হৈ জাতীয় পতাকা প্রদান কৰে।

বিধায়ক গৰাকীয়ে মুক্তিযুদ্ধা গৃহলৈ গৈ জাতীয় পতাকা প্রদান কৰাৰ লগতে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই তেওঁৰ সৈতে বাৰ্তালাপ কৰে আৰু তেওঁৰ স্বাস্থ্যৰ বুজ লয়।

জাতীয় পতাকা প্রদান কৰা সময়ত বিধায়কক লগ দিয়ে গাভৰুভেটি গাঁও পঞ্চায়তৰ সভাপতি কিৰণ চাৰিঙ্গীয়া ফুকন,বিজেপি কাকপথাৰ মণ্ডল সভাপতি অৰূপ মৰাণ,ন-বিজেপি মাঙ্গিৰাম আগৰৱালা,বিজেপি দলৰ কৰ্মকৰ্তা বিজুৱেল গগৈ আৰু প্ৰদীপ উপাধ্যায়ে।

উক্ত সময়তেই বিধায়ক গোৱালাই মুক্তিযুদ্ধা সত্যলতা গগৈৰ বাসগৃহলৈ যোৱা ২ কিলোমিটাৰ জৰাজীৰ্ণ পথ অতি সোনকালে নিৰ্মাণ কৰাৰ লগতে মুক্তিযুদ্ধা সত্যলতা গগৈয়ে যোৱা স্থানীয় নামঘৰটোৰ উন্নয়নৰ‌ বাবে ৫ লাখ টকা অনুদান দিয়া হব বুলি ঘোষণা কৰে

প্ৰতিদিনে এমুঠি চুলি সৰিছে নেকি? বাবা ৰামদেৱৰ নিয়ম মানক ১ সপ্তাহৰ ভিতৰত বন্ধ হ’ব!

চুলি সৰা বন্ধ কৰিবলৈ আপুনি ইতিমধ্যে বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰিছে! কিন্তু চুলি সৰা বন্ধ নহয়। প্ৰতিদিনে এমুঠি চুলি ওপৰলৈ গৈ আছে! আপুনি চুলি সৰা বন্ধ কৰাৰ উপায় বিচাৰি আছে। কিন্তু আপুনি জানেনে যে ইমান টকা খৰচ কৰি, চুলিৰ সামগ্ৰী প্ৰয়োগ কৰা সম্ভৱ নহয়। ইয়াৰ পৰিৱৰ্তে, কিছুমান ঘৰুৱা প্ৰতিকাৰ আছে, যাৰ সহায়ত আপুনি চুলি সৰা বন্ধ কৰিব পাৰে। বাবা ৰামদেৱৰ এই টোকেনটো ব্যৱহাৰ কৰক, আৰু এসপ্তাহৰ ভিতৰত চুলি সৰা কেনেদৰে বন্ধ হয় চাওক! ইয়াত বিৱৰণ আছে

বৰষুণৰ বতৰত চুলি সৰাৰ সমস্যা বৃদ্ধি পাইছে নেকি? চুলি ইমানেই সৰি পৰিছে যে আপোনাৰ মূৰটো প্ৰায় বেয়া হৈ গৈ আছে! আপুনি আচৰিত হৈছে যে আপুনি কিয় ইমান চুলি হেৰুৱাইছে! দৰাচলতে, যদি আপোনাৰ মূৰৰ ছাল অপৰিষ্কাৰ হয় আৰু আপুনি চুলিৰ সঠিক যত্ন নলয়, তেনেহ’লে চুলি সৰি পৰিব। কিন্তু যদি আপুনি দিনে 100 টালৈকে চুলি হেৰুৱায়, তেনেহ’লে ইয়াক গ্ৰহণ কৰিব পাৰি। কিয়? মই এই প্ৰবন্ধটোত সেইটো ক’ম।

অৱশ্যে, যোগ গুৰু বাবা ৰামদেৱে পৰামৰ্শ দিছে যে এই চুলি সৰা বন্ধ কৰাৰ উপায় কি। তেওঁ চুলি সৰা বন্ধ কৰিবলৈ ঘৰুৱা প্ৰতিকাৰ দেখুৱাইছে। চুলিৰ যত্নৰ বিষয়ে বাবা ৰামদেৱৰ পৰামৰ্শ কি জানক। ইয়াত বিৱৰণ আছে…

চাওক, চুলি সৰা অতি স্বাভাৱিক। আপোনাৰ মূৰত চুলি সৰি থকা ঠাইৰ পৰা নতুন চুলি বাঢ়ে। বিশেষজ্ঞসকলৰ মতে, দিনে 50-100 টালৈকে চুলি পৰিব পাৰে। কিন্তু যদি আপুনি দেখিছে যে তাতকৈ প্ৰতিদিনে অধিক চুলি সৰি আছে। তেতিয়া আপুনি অলপ সাৱধান হ’ব লাগিব। চিকিৎসকৰ মতে, প্ৰতিদিনে এজন স্বাস্থ্যৱান আৰু স্বাভাৱিক ব্যক্তিৰ ওপৰত 100 টালৈকে চুলি পৰিব পাৰে।

কিন্তু যদি সৰা চুলিৰ ঠাইত নতুন চুলি গজা নহয়, তেনেহ’লে ই চিন্তাৰ কাৰণ হ’ব পাৰে। তেতিয়া আপুনি টাক হ’ব পাৰে। যদি মুৰ আৰু মূৰৰ ছালৰ সন্মুখত চুলিৰ ঘনত্ব হ্ৰাস হ’বলৈ আৰম্ভ কৰে, আপুনি চিন্তা কৰিব লাগিব। ভ্ৰূ বা চকুৰ পতা, চুলি সৰাৰ সমস্যা সকলো ঠাইতে হ’ব পাৰে।

যদি আপুনিও এনে পৰিস্থিতিৰ সন্মুখীন হৈছে, তেন্তে আপুনি অলপ সাৱধান হ’ব লাগিব। কিন্তু চিন্তা কৰাৰ একো নাই। তাৰ সলনি, বাবা ৰামদেৱৰ পৰামৰ্শ ব্যৱহাৰ কৰক।

যোগ গুৰু বাবা ৰামদেৱে তেওঁৰ ভিডিঅ’ত তেওঁক এই বিষয়ে কৈছিল। তেওঁ মহিলাসকলক বিশেষ পৰামৰ্শও দিছিল। পদোন্নতিৰ সময়ত, তেওঁ মন স্থিৰ কৰিছিল যে তেওঁ ব্যয়বহুল চেম্পাচ বা মছলা পেলাই দিব।

তেওঁক মনত পেলাই দিয়া হৈছিল যে সৰিয়হৰ তেল, নাৰিকল তেল বা প্ৰস্ৰাৱ ইতিমধ্যে প্ৰয়োগ কৰা হৈছে। যাৰ বাবে বহুলোকৰ চুলি শক্তিশালী। তেওঁলোক সকলোকে কৃত্ৰিম সুগন্ধি তেল ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল। আনকীয়ে তেওঁক বিষাক্ত বুলিও কৈছিল।

চুলি সৰা সোনকালে বন্ধ কৰাৰ উপায়

প্ৰথমে, দুয়োখন হাতৰ নখ একেলগে 10 মিনিটৰ বাবে ঘঁহি দিয়ক।
বাবা ৰামদেৱে লগতে কয় যে যদি হৃদৰোগ আৰু উচ্চ ৰক্তচাপৰ কোনো সমস্যা নাথাকে, তেন্তে শীৰ্ষ স্থানটো 2ৰ পৰা 5 মিনিটৰ বাবে কৰিব পাৰি। এই আসনখন চুলিৰ বাবে বৰ ভাল।
তেওঁ আমলখিৰ ৰস, আমলা পাউডাৰ আৰু চৱনপ্ৰাশ খোৱাৰ পৰামৰ্শ দিয়ে। আমলা প্ৰকৃততে চুলিৰ বাবে বহুত ভাল।
আপুনি নিয়মীয়াকৈ গাৰ্ড ৰস আৰু আমলখিৰ ৰস খাব পাৰে। ইয়াক বজোৱাটোৱে এসপ্তাহৰ ভিতৰত চুলি সৰা বন্ধ কৰে।
তেওঁ চেম্পু কৰাৰ আগতে তেল প্ৰয়োগ কৰিবলৈও পৰামৰ্শ দিছিল। চেম্পু কৰাৰ আগতে তেল প্ৰয়োগ কৰিব লাগে। তেতিয়া চুলি ধুব লাগে।

টেঙা দৈ এনেদৰে ব্যৱহাৰ কৰিব লাগে

ৰামদেৱ বাবাই কৈছিল যে চুলিৰ যত্ন ল’বলৈ টেঙা দৈ ব্যৱহাৰ কৰিব পাৰি। তেওঁ ইয়াৰ লাভালাভৰ কথাও উল্লেখ কৰিছিল। বাবা ৰামদেৱে কৈছিল যে যদি আপুনি সেইবোৰ ব্যৱহাৰ কৰে, উফি, সংক্ৰমণ বা খজুৱতিৰ সমস্যা নাইকিয়া হয়। দেউতাই আন এটা ৰেচিপি ভাগ বতৰা কৰিছিল।

সেইটোৱে কৈছিল, ছাঁচটোত মুলতানি মাটি, অলপ নাৰিকল তেল আৰু নেমুৰ ৰস যোগ দিয়ক। মিশ্ৰণ এটা বনাওক আৰু ইয়াক মূৰৰ ছালত প্ৰয়োগ কৰক। ই আপোনাৰ মূৰ পৰিষ্কাৰ কৰাৰ লগতে আপোনাৰ চুলি ৰেচমী কৰি তুলিব।

আপুনি কেৱল চুলিৰ যত্ন ল’ব নালাগে, তেনেহ’লে আপোনাৰ চুলি ভাল নহ’ব। বৰঞ্চ, আপুনি আপোনাৰ আহাৰৰ প্ৰতি অলপ মনোযোগ দিব লাগিব। পুষ্টিকৰ খাদ্য, সেউজীয়া পাচলি আৰু ফল খাব লাগে। বাবা ৰামদেৱেও একেই পৰামৰ্শ দিছিল। একে সময়তে, তেওঁ অত্যাধিক ভজা আৰু মচলাযুক্ত খাদ্য নাখাবলৈ কৈছিল। লগতে, যিসকল অধিক চাপত থাকে, তেওঁলোকে সকলো সময়তে চিন্তা কৰে, তেওঁলোকৰ চুলি সৰাত অধিক সমস্যা হয়। সেয়েহে এই সময়ত তেওঁ যোগৰ সহায়ত মনশান্ত কৰিবলৈ পৰামৰ্শ দিছিল।

মহেশ ভট্টৰ বোৱাৰী লাভিনাই শহুৰেকৰ অপকৰ্মপ্ৰকাশ কৰে, বন্ধ কোঠাত শহুৰেকে কয়…

গ্লেমাৰ ৱৰ্ল্ড আৰু বিতৰ্ক একেটা মুদ্ৰাৰ দুটা দিশ। কেতিয়াবা বলিউডত বিভিন্ন সম্পৰ্কৰ বিতৰ্ক অনুশীলনৰ কেন্দ্ৰলৈ আহে। বিশেষকৈ, বিখ্যাত চলচ্চিত্ৰ পৰিচালক মহেশ ভট্ট বহুবাৰ এনে বিতৰ্কত আবদ্ধ হৈ আছিল। যদিও তেওঁৰ দ্বাৰা পৰিচালিত কেইবাখনো চলচ্চিত্ৰ চুপাৰহিট আছিল, তেওঁ তেওঁৰ ব্যক্তিগত জীৱনত বহুতো বিতৰ্কৰ সৈতে জড়িত আছিল। তেওঁৰ মাজৰ এটা বিতৰ্ক হ’ল তেওঁৰ নিজৰ জীয়েকক চুম্বন কৰা আৰু কেমেৰাত তাইক বিয়া কৰাৰ ইচ্ছা প্ৰকাশ কৰা। শুনি আচৰিত লাগিছিল, কিন্তু এইটো সঁচা আছিল।

মহেশ ভট্টৰ জ্যেষ্ঠ কন্যা পূজা ভট্টৰ বিষয়ে আলোচনা কৰা হৈছে। পূজাৰ সৰুৰে পৰাই দেউতাক মহেশ ভট্টৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক আছিল। তেওঁলোকে একেলগে বহুতো চলচ্চিত্ৰ পৰিচালনা কৰিছে। ছোৱালীজনীৰ সৈতে এনেকুৱা সম্পৰ্ক আছিল যে মহেশ ভট্টে এখন আলোচনীৰ দৃশ্যগ্ৰহণৰ সময়ত তেওঁৰ জীয়েক পূজা ভট্টৰ কোলাত বহি তাইৰ ওঁঠত চুমা খাইছিল। “পূজা মোৰ ছোৱালী নহ’লে, তাইক বিয়া কৰাবলৈ কোনো সমস্যা নহ’লহেঁতেন। “

অৱশ্যে, বহুলোকে ভাবিছিল যে বয়স বৃদ্ধিহোৱাৰ লগে লগে, মহেশ ভট্টৰ জীৱনৰ পৰা বিতৰ্কৰ তালিকা হ্ৰাস পাব পাৰে। কিন্তু মহেশ ভট্টই নিজকে বিতৰ্কত ৰাখিব বিচাৰে। শেহতীয়াকৈ, মহেশ ভট্টৰ বোৱাৰী আৰু অভিনেত্ৰী লোভিনা লাধে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে আৰু মহেশ ভট্টৰ বিৰুদ্ধে কিছু অভিযোগ উত্থাপন কৰিছে, যিনে নেটিজেনসকলক হতবাক কৰি তুলিছে। লভিনা লোধ মহেশ ভট্টৰ ভতিজা সুমিত সভৰৱালৰ পত্নী।

ভিডিঅ’টোত, লাভিনাই অভিযোগ কৰিছিল যে মহেশ ভট্টই তেওঁক এক সম্পূৰ্ণ চিন্তা কৰিছিল। কাৰণ তাই জানে যে তাইৰ স্বামী সুমিত আৰু মহেশ ভট্ট দুয়োনিষিদ্ধ সামগ্ৰী যোগান ধৰে। তেওঁৰ স্বামীৰ সৈতে এগৰাকী অভিনেত্ৰী আছিল যিয়ে আমিৰা দস্তুৰ আৰু স্বপ্না পাবিকক বিভিন্ন অবৈধ সামগ্ৰী যোগান ধৰিছিল। ভিডিঅ’টোৰ শেষত, তেওঁ কৈছিল যে স্বামী সুমিত সাভাৰাল আৰু মহেশ ভট্ট দায়বদ্ধ হ’ব যদি তেওঁৰ পৰিয়ালৰ কোনো সদস্য থাকে।

২১ আৰু ২৮ আগষ্টত অনুষ্ঠিত হবলগীয়া ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পৰীক্ষাক লৈ সাজু আৰক্ষী, প্ৰশাসন…

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা।পৰীক্ষা কেন্দ্ৰত থাকিব এজনকৈ এছ আই,কৰ্তন কৰা হ’ব ইন্টাৰনেট।

২১ আৰু ২৮ আগষ্টত অনুষ্ঠিত হবলগীয়া ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পৰীক্ষাক লৈ চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ।পৰীক্ষাৰ পূৰ্বে দুষ্ট চক্ৰক ৰোধিবলৈ সাজু আৰক্ষী, প্ৰশাসন।ইতিমধ্যে প্ৰশ্নকাকত ভাইৰেল কৰাৰ চেষ্টা কৰা এটা অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে।

পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।সমগ্ৰ পৰীক্ষা ব্যৱস্থাটো কোনো ধৰণৰ বেমেজালি নোহোৱাকৈ পাতিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।

টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ লেখীয়াকৈ সম্পূৰ্ণ নিকাভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে যোগ্যতাৰ ভিত্তিত যাতে নিযুক্তি লাভ কৰে তাক লৈ মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “২৬ হাজাৰ নিযুক্তি পৰীক্ষাক লৈ অহা ১৬ তাৰিখত এচপি-ডিচিৰে বৈঠক হ’ব।প্ৰতিটো পৰীক্ষা কেন্দ্ৰত থাকিব এজনকৈ এছ আই।

পৰীক্ষা কেন্দ্ৰত কৰ্তন কৰা হ’ব ইন্টাৰনেট।এই সৰ্ববৃহৎ পৰীক্ষাৰ জৰিয়তে অসমত ২০ বছৰ বাবে গঢ়ি তোলা হ’ব কোৱালিটী মানৱ সম্পদ।পৰীক্ষাৰ পূৰ্বে দুষ্ট চক্ৰক ৰোধিবলৈ সাজু হৈ আছে সকলো।আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে।”

তামুলপুৰত ‘হৰ ঘৰ ত্ৰিৰংগা ‘ সজাগতা কাৰ্য্যসূচী পালন …

দেশ স্বাধীনতাৰ ৭৫ বছৰৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ ‘হৰ ঘৰ ত্ৰিৰংগা ‘ সজাগতা কাৰ্য্যসুচীয়ে এতিয়া জন আন্দোলনলৈ ৰূপান্তৰ হৈছে৷

আজি পুৱা তামুলপুৰ জিলাৰ সদৰস্থিত ঐতিহ্য মণ্ডিত তামুলপুৰ চৰকাৰী মজলীয়া বিদ্যালয় শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰী সকলে এক সজাগতা সমদল উলিয়ায় ৷

বিদ্যালয় চৌহদত ‘তিনি বৰণীয়া জাতীয় পতাকা’ পৰিবেশন কৰি বিদ্যালয় খনক ছাত্ৰ ছাত্ৰী সকলে পৰম্পৰাগত জনগোষ্ঠীয় সাজ পোছাক পৰিধান কৰি জিলা সদৰেৰে হৰ ঘৰ ঝান্দা,হৰ ঘৰ ত্ৰিৰংগা, বন্দে মাতৰম,ভাৰত মাতা কি জয় শ্ল’ গানেৰে তামুলপুৰৰ ৰাজপথ মুখৰিত কৰি তোলে

হাজোত আজাদী কা অমৃত মহোৎসৱৰ অংশস্বৰূপে ‘হৰ ঘৰ তিৰংগা’ ৰ সজাগতাৰ বাবে হাজো আৰক্ষীৰ পদযাত্ৰা…

কামৰূপ জিলাৰ হাজো আৰক্ষী থানাই আজি দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ বৰ্ষপুতি উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ অংশ স্বৰূপে হৰ ঘৰ তিৰংগা শীৰ্ষক এক পদযাত্ৰা উলিয়াই । এই সজাগতামূলক পদযাত্ৰা হাজোৰ পতনিৰ সমীপৰ পৰা হাজো পাখামেলা চকলৈ উলিয়াই আৰক্ষীৰ জোৱান সকলে ।

দেশপ্ৰেমমূলক গীত পৰিৱেশন আৰু শ্লোগানৰ জৰিয়তে পদযাত্ৰাত অংশগ্ৰহণ কৰা হাজোৰ আৰক্ষী সকলে ৰাইজক তিৰংগাৰ প্ৰতি আকৰ্ষিত কৰি তোলে । ইফালে হাতৰ বন্দুক এৰি থৈ জোৱান সকলে আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাবে তিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰি জাতীয় পতাকাৰ সজাগতাৰ বাবে ৰাইজৰ মাজত দেশপ্ৰেমৰ ধ্বজা উপস্থাপন কৰিবলৈ প্ৰয়াস কৰে ।

হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এম্বাৰেল দৈমাৰীয়ে পদযাত্ৰাত অংশগ্ৰহণ কৰি সমূহ হাজোবাসীকে ঘৰে ঘৰে জাতীয় পতাকা উৰুৱাই আজাদী কা অমৃত মহোৎসৱ সফল কৰি পতাকাৰ মৰ্য্যদা অটুট ৰাখিবলৈ আহ্বান জনায় ।

কৰৈয়নি বনুৱা বস্তি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীসকলৰ ‘প্ৰভাত ফেৰী’ শীৰ্ষক বৰ্ণিল শোভাযাত্ৰা…

আজাদী কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি কৰৈয়নি বনুৱা বস্তি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰভাত ফেৰী শীৰ্ষক বৰ্ণিল শোভাযাত্ৰা ।

খুমটাই সমষ্টিৰ পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ ভান্তৰ্গত কৰৈয়নি বনুৱা বস্তি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে “ঘৰ ঘৰ ত্ৰিৰংগা“ শীৰ্ষক এক সজাগতা মূলক কাৰ্যসূচী ৰূপায়ন কৰে ৷ স্বাধীনতাৰ ৭৫ বছৰ গঢ়কাত আজাদী কি অমৃত মহোত্সবৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ কৰ্তৃপক্ষই আজি পুৱা আৰম্ভ কৰে এই বৰ্ণিল শোভা যাত্ৰা।

শোভা যাত্ৰাত ছাত্ৰ -ছাত্ৰী সকলে বন্দে মাতৰম ” ভাৰত মাতা কি জয় আদি শ্লোগানৰে আকাশ বতাহ মুখৰিত কৰি তোলে । বিদ্যালয়ৰ প্ৰধান শিক্ষক বিপুল বৰাই আত ধৰা এই বৰ্ণিল শোভাযাত্ৰাত বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ, অভিভাৱকৰ লগতে বিদ্যালয় খনৰ ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

উক্ত অনুষ্ঠানৰ জৰিয়তে দেশখনৰ প্ৰতি,জাতীয় পতাকাখনৰ প্ৰতি গৌৰৱ অথবা সন্মানৰ ভাৱ জাগ্ৰত কৰিব বুলি বিদ্যালয়খনৰ শিক্ষক- শিক্ষয়িত্ৰীসকলে আশা প্ৰকাশ কৰিছে।।

দিব্য জ্যোতি কাকতি, ৰঙামাটি

তামুলপুৰত আগন্তুক স্বাধীনতা দিৱসৰ ব্যাপক কুজকাৱাজ…

আজাদী কা অমৃত মহোৎসৱ ৰ সৈতে সংগতি ৰাখি ঘৰ ঘৰ জাতীয় পতাকা শীৰ্ষক শ্লোগান লৈ জন জাগৰন সৃষ্টি কৰিবলৈ আৰক্ষী প্ৰশাসনেও বাইক ৰেলী সজাগতা সভা আদি গ্ৰহণ কৰিছে ৷ইপিনে ১৫ আগষ্টৰ দিনা তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপনৰ কাৰণেও তামুলপুৰ আৰক্ষীয়ে ও আখৰা আৰম্ভ কৰিছে ৷

মাৰ্চ ফাষ্টৰ অভিবাদন জনাবলৈ অসম আৰক্ষীৰ জোৱানকে ধৰি স্কুল কলেজৰ ছাত্ৰছাত্ৰী সহ দহটাকৈ পেৰেডৰ দল সাজু কৰি তুলিছে ৷ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বেণ্ডৰ দল সহ আখৰা চলি আছে ৷

আৰক্ষী অধীক্ষক পংকজ যাদৱে নিজে আখৰা চোৱাচিতা কৰিছে ৷ তেও আশা প্ৰকাশ কৰিছে পোন্ধৰ আগষ্টৰ স্বাধীনতা দিৱসত আৰক্ষীয়ে সফলতাৰে তেওঁলোকৰ মাৰ্চ ফাষ্টৰ কুচকাৱাজ সুন্দৰ ভাৱে পৰিৱেশন কৰি স্বাধীনতা দিৱসটি সফল কৰি তুলিব পাৰে।

টংলা প্ৰেছ ক্লাৱৰ উদ্যোগত বাতৰি কাকত বিতৰকক ৰাষ্ট্ৰীয় পতাকা প্ৰদান …

দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তিত সমগ্র দেশে উদযাপন কৰা আজাদী কা অমৃত মহোৎসৱৰ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ লগত সংগতি ৰাখি বৃহত্তৰ টংলা অঞ্চলত ৰ’দ- বতাহ ,বৰষুণকো নেওচি ঘৰে ঘৰে পৃথিৱীৰ খবৰ বিলোৱা বাতৰি কাকতৰ বিতৰক(হকাৰ)সকলক টংলা প্ৰেছ ক্লাৱৰ উদ্যোগত আজি প্ৰদান কৰা হয় ৰাষ্ট্ৰীয় পতাকা।

টংলা প্ৰেছ ক্লাৱৰ সভাপতি উজ্জ্বল কুমাৰ দাস , উপসভাপতি দিগন্ত কুমাৰ শৰ্মা, সম্পাদক কৌস্তভমনি শৰ্মা ,সহ সম্পাদক অৰূপ বড়ো ,কাৰ্যালয় সম্পাদক হৃদয়ানন্দ ৰাভা ,সদস্য ফটিক নন্দন ৰাভাই সহযোগিতা আগবঢ়োৱা ৰাষ্ট্ৰীয় পতাকা বিতৰণ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা লাভ কৰি বাতৰি কাকতৰ বিতৰকসকলে পৰম সন্তোষ প্ৰকাশ কৰে।

টংলা চহৰৰ মাজ মজিয়াত ষ্টুডেন্ট’ছ কৰ্ণাৰৰ সন্মুখত ৰাষ্ট্ৰীয় পতাকা প্ৰদান কৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰা পেডেল মাৰি মাৰি টংলা চহৰৰ অলিয়ে- গলিয়ে,উপকন্ঠ অঞ্চল গাঁও সমূহতো খবৰ বিলোৱা বিতৰকসকল হৈছে ত্ৰিশ বছৰ ধৰি নিৰন্তৰে বিতৰকৰ কাম কৰা ৰাজু জুৱাড্ডাৰ ,২২ বছৰ ধৰি বিতৰকৰ কাম কৰা সুবীৰ ৰয় , ১৭ বছৰ ধৰি কাম কৰা বাবুল শৰ্মা ,পাঁচ বছৰ ধৰি কাম কৰা মাধৱ মণ্ডল আৰু বাতৰি কাকত এজেঞ্চি ষ্টুডেন্টছ কৰ্ণাৰৰ বাতৰি কাকত বিতৰক অভি কছাৰী।

নাচপতিৰ মাজত লুকাই আছে আচৰিত ধৰণৰ গুণাগুণ..

স্বাস্থ্যৰ বাবে অতি উচ্চ গুণসম্পন্ন ফল হ’ল নাচপতি। গৱেষকৰ মতে, নাচপতি আঁহযুক্ত পদাৰ্থৰ ভঁৰাল আৰু ভিটামিন বি২, চি, ই, কপাৰ আৰু পটাছিয়ামৰ উত্তম উৎস। নাচপতিত পেকটিন থাকে আৰু আপেলৰ তুলনাত নাচপতিত পেকটিন অধিক। নাচপতিত থকা বিভিন্ন গুণসমূহ এনেধৰণৰ-নাচপতিত থকা পেকটিনে দেহৰ কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰে। লগতে পেটৰ নাড়ী-ভুঁৰি সুস্থ ৰখাত সহায় কৰে।

চিকিৎসকৰ মতে, সঘনে এলাৰ্জীত ভুগি থকা ৰোগীয়ে নাচপতি খাব লাগে। শিশুৰ বাবে নাচপতি অতি সুৰক্ষিত ফল। সাধাৰণতে বাকলিসহ নাচপতি খালে দেহে যথেষ্ট পৰিমাণে আঁহযুক্ত খাদ্য লাভ কৰে। গৱেষকৰ মতে, হৃদৰোগীৰ বাবে নাচপতি উত্তম খাদ্য।এই ফলে কেন্সাৰৰ বিৰুদ্ধেও যুঁজ দিব পাৰে।

নাচপতিত থকা ভিটামিন চি আৰু ই এ শক্তিশালী এণ্টি অক্সিডেণ্টৰ কাম কৰে। দেহৰ আঘাত আৰু থেতেলা খোৱা অংশ সোনকালে নিৰাময় হোৱাত প্ৰধান ভূমিকা লয়। নাচপতিত উপলব্ধ সকলো ভিটামিনে বহু সংক্ৰামক ৰোগৰ হেঙাৰ হিচাপে দেখা দিয়ে।

ইয়াত থকা ভিটামিন চি আৰু কপাৰে ফ্ৰী ৰেডিকেলৰ দ্বাৰা বিনষ্ট হ’ব খোজা কোষসমূহক ৰক্ষণাবেক্ষণ দিয়ে । নাচপতিত থকা কেলচিয়ামে মানুহৰ অষ্টিঅ’পৰ’ছিছক বাধা দিয়ে অথবা অষ্টিঅ’পৰ’ছিছ আগমনৰ বাট লেহেম কৰে।

গৰমকালি গৰমৰ প্ৰকোপত বহু শিশুৰ উশাহ-নিশাহ লোৱাত কষ্ট হ’লে কেতিয়াবা কফ হয়। তেতিয়া পুৱা আৰু ৰাতি শিশুক নাচপতিৰ ৰস খুৱালে কফ বাহিৰ হয় আৰু শীঘ্ৰে উশাহ-নিশাহৰ কষ্ট লাঘৱ হয়। নাচপতিৰ ৰস সকলো বয়সৰ লোকৰ বাবে উত্তম।

নাচপতিৰ ৰসে দেহলৈ সোনকালে শক্তি ঘূৰাই আনে। কাৰণ নাচপতিত যথেষ্ট পৰিমাণে ফ্ৰুকট’জ আৰু গ্লুক’জ থাকে।

নাচপতিত উপলব্ধ পেকটিনে মূত্ৰ বৃদ্ধি কৰে আৰু শৌচ অলপ ঢিলা কৰে, ফলত পেট সদায় খোলোচা ৰখাত সহায় কৰে।