Home Blog Page 2304

অলিভ অয়ল মাজত লুকাই আছে বহু গুণ

স্বাস্থ্য বাৰ্তা : একেৰাহে দীৰ্ঘ সময় ধৰি মূৰ বিষাই থাকিলে এছপলিন ইবুপ্ৰ্ফেন বা কডেইন খোবাটো আমাৰ বহুতৰে উভ্যাস।পিচে টেবলেট নাখাই অলিভ অয়ল অকনমান মূৰ বা কপালত লগালেও তীব্ৰ মূৰৰ বিষ কমে।প্ৰাকৃতিকভাবে পোৱা এইবিধ পেইন কিলাৰৰ কথা উল্লেখ কৰিছে ফিলাডেলফিয়াৰ এদল গৱেষক।

নেচাৰ পত্ৰিকাত মনেল কেমিকেল ছেনছেছ চেন্টাৰৰ গৱেষকসকলে উল্লেখ কৰিছে যে অলিভ অয়লত অলিওকেন্থাল নামৰ এবিধ ৰাসায়নিক যৌগ আছে।এই যৌগবিধে এছপিৰিন ইবপ্ৰ্ফেনৰ দৰে বিষ নাশকৰ কাম কৰাৰ লগতে cox-1 আৰু cox-2 নামৰ উপকাৰী এনজাইম দুবিধক প্ৰ্তিৰোধ কৰিব পাৰে।

গৱেষকসকলে পূৰ্বৰ পৰাই জানিব পাৰিছিল যে কম পাৰিছিল যে কম পৰিমানে কক্স থকা বস্ত খালে বিভিন্ন ধৰনৰ উপকাৰ হয়।ফিলাডেলফিয়াৰ গৱেষকসকলৰ একে উপকাৰ পোৱা যায়।গৱেষকসকলে হিচাপ কৰি উলিয়াইছে যে মূৰৰ বিষ কমাবৰ বাবে দৈনিক ৫০ গ্ৰামকৈ অলিভ অয়ল ব্যৱহাৰ হয়।এই অলিভ অয়লৰ পৰা একে উপকাৰ পোৱা যায়।গৱেষকসকলে হিচাপ কৰি উলিয়াইছে যে মূৰৰ বিষ কমাবৰ বাবে দৈনিক ৫০ গ্ৰামকৈ অলিভ অয়ল ব্যৱহাৰ কৰিলে ইবুপ্ৰফেন টেবলেট এটাতকৈ ১০ গুন বেছি উপকাৰ পোৱা যায়।অকল মূৰৰ বিষেই নহয় নিয়মিতভাবে অলিভ অয়ল ব্যৱহাৰ কৰিলে কেন্সাৰ হোৱাৰ সম্ভাৱনা কমি থাকে।

চেঙা সমষ্টিৰ দক্ষিণ প্ৰান্তত চিকিৎসক সহ-বিধায়ক আশ্ৰাফুল হুছেইন, বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী, দৰৱ বিতৰণ …

সোণতলী : সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা জিলাৰ চেঙা বিধান সভা সমষ্টিতো বানে সংহাৰী ৰূপ ধাৰণ কৰিছিল৷ চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ সৈতে চিকিৎসকৰ দল লৈ প্ৰচণ্ড গৰমৰ মাজত যন্ত্ৰচালিত নাৱৰে আজি ব্ৰহ্মপুত্ৰৰ দক্ষিণ প্ৰান্তত  বিভিন্ন চৰাঞ্চল পৰিদৰ্শন কৰি বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী,ঔষধ আৰু তিৰপাল বিতৰণ কৰে।

ভয়ংকৰ বানে চৰাঞ্চলৰ ৰাইজৰ যতেষ্ট ক্ষতি সাধন কৰে। সম্প্ৰতি পানী ক্ৰমাত শুকাবলৈ লোৱাৰ সময়ত মৰিচাকান্দি, মহিশখুটি, লক্ষীপুৰ, মহ’চৰা আদি চৰাঞ্চলৰ খেতি পথাৰ লগতে ৰাইজৰ যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল।ইয়াৰ ওপৰিও পশুধনৰ যতেষ্ট ক্ষতিসাধন হৈছিল। পানী শুকাবলৈ লোৱাৰ সময়ত নানা ধৰণৰ বেমাৰ আজাৰ হ’ব পাৰে বুলি ভাবি বানাক্ৰান্তৰ মাজত ঔষধ বিতৰণ কৰে। বিধায়ক আশ্ৰাফুল হুছেইনৰ লগতে চিকিৎসকৰ দল লগত লৈ কাছুমাৰা মহচৰা এলেকাৰ বহু কেইটা অঞ্চল পৰিদৰ্শন কৰি বানাক্ৰান্তৰবুজ লয়৷

বানপানী কমাৰ লগে লগে অঞ্চলবোৰত বিভিন্ন বেমাৰে দেখা দিয়াৰ আগতে চিকিৎসকৰ দলটোৱে সু -পৰামৰ্শ আৰু দৰৱ বিতৰণ কৰে ৷ কেৱল সেয়াই নহয়- অনগাত দিনত যাতে বিশুদ্ধ খোৱা পানীৰ অভাৱ নহয় তাৰ বাবে দমকলৰ ব্যৱস্থা কৰে বিধায়ক আশ্ৰাফুল হুছেইনে৷  আনকি বানাক্ৰান্ত ৰাইজৰ মাজত কিছু পৰিমানে খাদ্য সামগ্ৰী,তিৰপাল বিতৰণ কৰে৷

প্ৰেৰকঃ ৰেজাউল কবিৰ

মৰ্মান্তিক ! এবুকু পানীৰ মাজত মৃতকক লৈ যাত্ৰা…..

কাছাৰ : বানে বিস্তৰ ক্ষতি কৰা কাছাৰ জিলাৰ শিলচৰ আৰু কাষৰীয়া অঞ্চলসমূহৰ বান পৰিস্থিতিৰ কৰুণ ছবি ।

মৃতকক লৈ হাহাকাৰ । সামাজিক মাধ্যমক বিশেষ কৰুণ ছবি ভাইৰেল ।

এবুকু পানীৰ মাজত মৃতকক লৈ যাত্ৰা । বানে সংহাৰী ৰূপ কাছাৰ জিলাত ।

ভয়ংকৰ বানে ৰাইজৰ যতেষ্ট ক্ষতি সাধন কৰে। মানুহৰ লগতে পশুধনৰ যতেষ্ট ক্ষতিসাধন হৈছে । মাতৃৰ নিথৰ দেহ লৈ ভূৰৰ মাজত ঘণ্টা ঘণ্টা ধৰি অসহায় পুত্ৰ।

চাৰিওফালে পানী আৰু পানী, মৃতদেহ সৎকাৰৰ বাবে নাই এডোখৰ মাটি। ব্যথাভৰা এনে দৃশ্য সুলভ এতিয়া শিলচৰত!

বঙাইগাঁৱৰ গোলাপাৰাত বান সাহাৰ্য্যৰ পৰা বঞ্চিত বানাক্ৰান্ত ৰাইজৰ প্ৰতিবাদ

বঙাইগাঁৱ: বঙাইগাঁৱৰ গোলাপাৰাত বান সাহাৰ্য্যৰ পৰা বঞ্চিত বানাক্ৰান্ত ৰাইজৰ প্ৰতিবাদ। ক্ষতিগ্ৰস্ত পৰিয়ালৰ পৰিৱৰ্তে ক্ষতি নোহোৱা পৰিয়ালৰ মাজত বান সাহাৰ্য্য বিতৰণৰ অভিযোগ।

বান সাহাৰ্য্যৰ ক্ষেত্ৰত দুই হাত খুলি বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্ত সমুহক নিৰ্দেশ দিয়াৰ সময়তে বঙাইগাঁও জিলাৰ গোলাপাৰাত বিপৰীত ছবি পৰিলক্ষিত হৈছে। জিলাখনৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তগৰ্ত গোলাপাৰাত বান সাহাৰ্য্যৰ পৰা বঞ্চিত বানাক্ৰান্ত ৰাইজে জন প্ৰতিনিধি আৰু প্ৰসাশনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

গোলাপাৰা প্ৰথম খণ্ডত বান সাহাৰ্য্য বিতৰনৰ ক্ষেত্ৰত জনপ্ৰতিনিধি সকলে অনিয়ম সংগঠিত কৰাৰ অভিযোগ উত্থাপন কৰিছে। ক্ষতিগ্ৰস্ত পৰিয়ালৰ পৰিবৰ্তে ক্ষতি নোহোৱা পৰিয়ালৰ মাজত বান সাহাৰ্য্য বিতৰণৰ অভিযোগ তুলিলে ৰাইজে। প্ৰতিবাদকাৰী সকলে জনপ্ৰতিনিধ গো বেক, জিলা প্ৰশাসন হায় হায় আদি শ্লোগান দি শীঘ্ৰেই তেওলোকৰ মাজত বান সাহাৰ্য্য যোগান ধৰিবলৈ আহ্বান জনাইছে।

প্ৰেৰক মাণিকপুৰৰ পৰা মফিদুল ইছলাম

জন্মদিনত এচিয়াৰ অন্যতম ধনী ব্যক্তি গৌতম আদানিৰ ঘোষণা ….

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় : জন্মদিনত এচিয়াৰ অন্যতম ধনী ব্যক্তি গৌতম আদানিৰ ঘোষণা।স্বাস্থ্যসেৱা,শিক্ষা,দক্ষতা বিকাশৰ ক্ষেত্ৰত দান কৰিব ৬০,০০০ কোটি টকা।ভাৰতৰ জনগাঁথনিগত সুবিধাৰ সম্ভাৱনা ব্যৱহাৰ কৰিবলৈ,স্বাস্থ্যসেৱা, শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা ক্ৰমান্বয়ে বৃদ্ধি পাইছে।

এছিয়াৰ অন্যতম ধনী লোক গৌতম আদানি আৰু তেওঁৰ পৰিয়ালে স্বাস্থ্যসেৱা, শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত ৬০,০০০ কোটি টকা দান কৰাৰ প্ৰতিশ্ৰুতি দিছে।গৌতম আদানীয়ে টুইটাৰত এই ঘোষণা কৰিছিল।

গৌতম আদানিৰ পিতৃ আৰু গৌতম আদানিৰ ৬০ তম জন্মদিন শতবাৰ্ষিকী উপলক্ষে এই ঘোষণা কৰা হৈছে।পুঁজিটো আদানি ফাউণ্ডেচনৰ দ্বাৰা পৰিচালনা কৰা হ’ব।কোটিপতিজনে টুইটাৰত কয়,”আমাৰ দেউতাৰ ১০০ তম জন্মদিন আৰু মোৰ ৬০ তম জন্মদিনত,আদানি পৰিয়ালে সমগ্ৰ ভাৰতত স্বাস্থ্যসেৱা, শিক্ষা আৰু দক্ষতা বিকাশৰ বাবে পৰোপকাৰৰ বাবে ৬০,০০০ কোটি টকা দান কৰি আনন্দিত হৈছে,বিশেষকৈ আমাৰ দেশৰ গ্ৰাম্য অঞ্চলত।”উল্লেখযোগ্য যে,এছিয়াৰ অন্যতম ধনী ব্যক্তি গৌতম আদানি এজন প্ৰথম প্ৰজন্মৰ উদ্যোগী।

তেওঁ এটা সৰু কৃষি-ব্যৱসায়িক প্ৰতিষ্ঠানক এক বিশাল ব্যৱসায়িক সাম্ৰাজ্যলৈ পৰিৱৰ্তন কৰিছিল।ফৰ্বছৰ ৰিয়েল টাইম বিলিয়নেয়াৰৰ তালিকা অনুসৰি, আদানিৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৯৫ বিলিয়ন ডলাৰ।

অম্বুবাচী মেলাত বাবাৰূপী চোৰৰ সন্ত্ৰাস, ৫গৰাকী মহিলা আৰু এজন বাবাক আটক

গুৱাহাটী : অম্বুবাচী মেলাত বাবাৰূপী চোৰৰ সন্ত্ৰাস। মহিলাৰ ডিঙিৰ পৰা কাটাৰেৰে কাটি নিছে চেইন। আধা ঘণ্টাৰ ভিতৰতে ৬গৰাকী মহিলাৰ চেইন চুৰি।

অম্বুবাচী মেলাত বাবাৰূপী চোৰৰ সন্ত্ৰাস।মেলাত বহিঃৰাজ্যৰ চোৰৰ গেঙক কৰায়ত্ত।৫গৰাকী মহিলা আৰু এজন বাবাক আটক।ভক্তৰ পৰা চুৰি কৰিছিল সোণৰ চেইন,পইচা।পুৰুষৰ বেশত মহিলা চোৰৰ লুটপাত।সৰু কাটাৰেৰে খোজ কাঢ়ি থকা মহিলাৰ ডিঙিৰ পৰা কাটি নিছে চেইন।

কামাখ্যাত আধা ঘণ্টাৰ ভিতৰতে ৬গৰাকী মহিলাৰ চেইন চুৰি।আৰক্ষীয়ে এই দিশত অনুসন্ধান কৰি আজি ধৰা পেলায় ৫গৰাকী মহিলাক।আটাইকেইগৰাকী দাক্ষিণাত্যৰ বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে,অম্বুবাচী মেলাত দৈনিক চুৰিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিলএগৰাকীৰ পিছত আনগৰাকীৰৰ ডিঙিৰ সোণৰ চেইন চুৰি হৈছে কামাখ্যাত।চুৰি হৈছে মানীবেগ, টকাও।

২৭ জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল,কোনকেইটা ৱেবছাইটত পাব ফলাফল?

গুৱাহাটী : 2৭ জুনত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল। কোনকেইটা ৱেবছাইটত পাব ফলাফল?

২৭ জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল।

২৭ জুনৰ পুৱা ৯ বজাত ঘোষণা কৰা হ’ব ফলাফল।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে সদৰি কৰে এই কথা।

উল্লেখযোগ্য যে, সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা বাৰ্তা মুখ্যমন্ত্ৰীৰ।এইকেইটা ৱেবছাইটত চাব পাৰিব ফলাফল-

sebaonline.org

resultsassam.nic.in

results.shiksha

assamresult.in

assamresult.co.in

Modi @20 Dreams Meet Delivery শীৰ্ষক গ্ৰন্থখন উন্মোচন….

গুৱাহাটী : আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত Modi @20 Dreams Meet Delivery শীৰ্ষক গ্ৰন্থখনৰ ৰাজ্যিক ভিত্তিত হোৱা উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা ।

যোৱা ২০ বছৰত প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী সবল নেতৃত্বত আমাৰ দেশখনে উন্নয়নৰ দিশত কেনেদৰে অগ্ৰগতি লাভ কৰিছে, তাৰ এক অগ্ৰণী উদাহৰণ হৈছে এই গ্ৰন্থখন। গ্ৰন্থখনে পঢ়ুৱৈ সমাজক মোদীৰ দূৰদৰ্শী নেতৃত্বৰ বিষয়ে অধিক জানিবলৈ সহায় কৰিব বুলি কয় গুৱাহাটী : আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত Modi @20 Dreams Meet Delivery শীৰ্ষক গ্ৰন্থখনৰ ৰাজ্যিক ভিত্তিত হোৱা উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই ।

ৰূপা প্ৰকাশন গোষ্ঠীৰ পৰিচালন সঞ্চালক শ্ৰীকপিশ মেহৰাক গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰি অসমৰ পঢ়ুৱৈ সমাজক কৃতাৰ্থ কৰিবলৈ অনুৰোধ জনায় মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই ।

উন্মোচনী অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি শ্ৰীভৱেশ কলিতা, প্ৰবীণ সাংবাদিক শ্ৰীধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী, এক্সিছ মাই ইণ্ডিয়াৰ মুখ্য পৰিচালন সঞ্চালক শ্ৰীপ্ৰদীপ গুপ্তা, অলিম্পিক পদক বিজয়ী বেডমিণ্টন খেলুৱৈ শ্ৰীপি ভি সিন্ধু, অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁই, এছিয়ান গেমছৰ পদক বিজয়ী হিমা দাস, সংগীত শিল্পী অংগৰাগ পাপন মহন্ত, পদ্মশ্ৰী বঁটাপ্ৰাপক ডাঃ ইলিয়াছ আলীৰ লগতে মন্ত্ৰীসভাৰ সতীৰ্থ আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে ।

শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ গাঞ্জা সহ ট্ৰাক জব্দ

গোসাইগাঁও: শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ গাঞ্জা সহ ট্ৰাক জব্দ । চালক সহ দুজনক আটক । আজি পুৱতি নিশা শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় কুমাৰ ৰায়ৰ নেতৃত্বত শ্ৰীৰামপুৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত NL 06 A 4438 নম্বৰ ট্ৰাকত তালাচী চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমানৰ গাঞ্জা।

ট্ৰাকখন অসমৰ গুৱাহাটী পৰা পশ্চিম বংগৰ বিহাৰ অভিমুখে গৈ আছিল।ট্ৰাক খনত ৩৭ পেকেট গাঞ্জা আছিল। পেকেট খিনিৰ পৰা ৪ কুইণ্টল ৪৭ কিলোগ্ৰাম গাঞ্জ উদ্ধাৰ কৰা হৈছে। ট্ৰাক খনৰ চালক ৰামবাবু ৰায় (৩২)আৰু সহ পৰিচালক দীপক ৰায়ক(২৭) আটক কৰা হৈছে।দুয়োৰে ঘৰ বিহাৰৰ সমস্তিপুৰত।জব্দকৃত গাঞ্জাখিনিৰ মূল্য ৫০ লাখ টকা হ’ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

প্ৰেৰক গোসাইগাঁওৰ পৰা আজিজুল হক

মুকালমুৱাৰ চতেমাৰী গাঁৱৰ কৃতি শিক্ষক উত্তম হালৈৰ আকস্মিক মৃত্যু

নলবাৰী : নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মুকালমুৱাৰ চতেমাৰীত পুনৰ শিক্ষকৰ কৰুণ মৃত্যু ।

সকলোকে কন্দুৱাই চিৰদিনৰ বাবে অচিনা দেশলৈ গুচি গ’ল মুকালমুৱাৰ চতেমাৰী গাঁওৰ শিক্ষক উত্তম হালৈ । মুকালমুৱাৰ চতেমাৰী গাওঁৰ কৃতি শিক্ষক উত্তম হালৈৰ আকস্মিক মৃত্যু।কৃতি শিক্ষক গৰাকীৰ মৃত্যুত শোকৰ ছাঁ অঞ্চলজুৰি।

মুকালমুৱাৰ চতেমাৰী গাওঁৰ কৃতি শিক্ষক তথা সমাজ সেৱক উত্তম হালৈৰ আজি আকস্মিকভাৱে মৃত্যু ঘটে। প্ৰখৰ গৰমৰ বাবে অচেতন হোৱাত ততাতৈয়াকৈ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই শিক্ষক গৰাকীক। চিকিৎসালয়ত শিক্ষক গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

কৃতি শিক্ষক উত্তম হালৈ চতেমাৰী মধ্য ইংৰাজী বিদ্যালয়ত কৰ্মৰত আছিল। ২০ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰিছিল। আৰু এবছৰ পূৰ্বে চৰকাৰী ভাবে স্বৃকৃতি লাভ কৰিছিল বিদ্যালয়খন। মৃত্যুৰ সময়ত শিক্ষক গৰাকীয়ে পত্নী সহ পুত্ৰ-কন্যা এৰি শেষ নিশ্বাস ত্যাগ কৰে। শিক্ষক হোৱাৰ উপৰিও উত্তম হালৈ এগৰাকী সমাজ কৰ্মী আছিল। এনে অমায়িক শিক্ষক উত্তম হালৈৰ । এই আকস্মিকভাৱে মৃত্যু হোৱাৰ ফলত চতেমাৰীৰ লগতে বৰক্ষেত্ৰী অঞ্চলত শোকৰ ছাঁ পৰে।