Home Blog Page 2352

নিকৰ বুকুত শুব নোৱাৰা হৈছে প্ৰিয়ংকা , ডায়েনাই কৰিছে আশান্তি , পিছে কোন এই ডায়েনা ?

প্ৰিয়ংকা চোপ্ৰা লছ এঞ্জেলছৰ এটা বিলাসী ঘৰত বাস কৰে। এই ঘৰটো লছ এঞ্জেলছৰ আটাইতকৈ ধুনীয়া ঘৰ হিচাপে গণ্য কৰা হয়। প্ৰিয়ংকাই তাত তেওঁৰ পৰিয়ালৰ সৈতে বাস কৰে আৰু তেওঁৰ বহুতো পোহনীয়া জন্তু এই পৰিয়ালৰ অংশ।

প্ৰিয়ংকা চোপ্ৰা বৰ্তমানৰ সময়ত বিশ্বব্যাপী তাৰকা হৈ পৰিছে। অভিনেত্ৰীগৰাকীয়ে কেৱল বলীউডতে নহয় হলীউডতো নিজৰ প্ৰতিভাৰে সকলোকে মোহিত কৰিছে। প্ৰিয়ংকা তেওঁৰ পেশাদাৰী জীৱনৰ লগতে ব্যক্তিগত জীৱনতো বহুত সুখী।

কিন্তু কিছু সময় আগতে প্ৰিয়ংকা চোপ্ৰাই নিজেই কৈছিল যে, “মোৰ আৰু নিকৰ মাজত কোনোবা আহিছে, যাৰ বাবে মই গোটেই ৰাতি শান্তিৰে শুব নোৱাৰো।”

ইয়াৰ লগতে, অভিনেত্ৰীগৰাকীয়ে পোহনীয়া জন্তু ডাঙৰ-দীঘল কৰিবলৈ খুব ভাল পায় আৰু তেওঁৰ ঘৰত, তেওঁ পোহনীয়া জন্তুবোৰক পৰিয়ালৰ সদস্যৰ দৰে ব্যৱহাৰ কৰে।
ডায়েনা হৈছে নিকে প্ৰিয়ংকাক দিয়া বিশেষ উপহাৰ।

নিশা গুৱাহাটীৰ কেইবাটাও অঞ্চল পৰিভ্ৰমণ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

দেওবাৰে নিশা গুৱাহাটীৰ কেইবাটাও অঞ্চল পৰিভ্ৰমণ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । পৰিভ্ৰমণ কৰি মুখ্য়মন্ত্ৰীয়ে বিভিন্ন সমস্যাসমূহ, বিশেষকৈ ষ্ট্ৰীট লাইটৰ সমস্যাটোৰ বুজ লয়। যিবোৰ ৰাস্তাত পৰ্যাপ্ত বা কোনো ষ্ট্ৰীট লাইট নাই, সেইবোৰত ষ্ট্ৰীট লাইট স্থাপনৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি কয় মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তদুপৰি ইয়াৰ লগতে মহানগৰীত চলি থকা বিভিন্ন কামৰ অগ্ৰগতিৰ বুজ লয়।

মহানগৰীত চলি থকা উৰণ সেতু নিৰ্মাণৰ কাম নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰি জনসাধাৰণৰ বাবে উৎসৰ্গা কৰা হ’ব বুলি কয় মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই পৰিদৰ্শন কালত সতীৰ্থ মন্ত্ৰী শ্ৰীঅশোক সিংহল, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়ায়ো সংগ দিয়ে ।

সেস্বাসেৱী গোটৰ সৌজন্যত দৃষ্টিহীন পৰিয়ালৰ বাসগৃহ মেৰামতি আৰু চকু চিকিৎসাৰ দায়িত্ব গ্ৰহন

“ মানুহে মানুহৰ বাবে “ নামৰ এটি সেস্বাসেৱী গোটৰ সৌজন্যত টেঙাখাতৰ দৃষ্টি হীন পৰিয়ালৰ বাসগৃহ মেৰামতিৰ লগতে তিনি সন্তানৰ চকু চিকিৎসাৰ দায়িত্ব গ্ৰহন ৷

মানৱ সমাজত বিভিন্ন দিশত পিছপৰি থকা তথা সমাজত অৱহেলিত হৈ থকা দূৰ্গত সকলক বিভিন্ন ধৰনে সহায় সহযোগিতা আগবঢ়োৱাৰ লক্ষ্য আগত ৰাখি এচাম সমাজ সচেতক তথা মানৱ দৰদী ব্যক্তিৰ দ্বাৰা গঠন কৰা হৈছে এটি গোট নাম “ মানুহে মানুহৰ বাবে “ ৷ হয় ,এই গোটটিৰ তৰফৰ পৰা এটা সজাতি দল দেওবাৰে টেঙাখাতৰ টিংৰাই কঠালগুৰি গাৱঁৰ দৃষ্টিহীন শ্যাম সোনোৱালৰ ঘৰত আহি উপস্থিত হয়।

উল্লেখ্য যে জন্মগত ভাৱে দৃষ্টিহীন পিতৃ শ্যাম সোনোৱালৰ লগতে দৃষ্টিহীন পুত্ৰ কলিয়া,টিকু আৰু জীয়ৰী পম্পী সোনোৱালে শাৰীৰিক অক্ষমতাৰ বাবে কেৱল আনৰ ঘৰত খুজি মাগি এটা পানী পৰা ঘৰৰ কৰ্দযময় পৰিবেশত দীৰ্ঘদিন ধৰি বসবাস কৰি আহিছে ৷

ঠিক তেনে সময়তে সামাজিক মাধ্যমৰ যোগেদি অৱগত হৈ দেওবাৰে এই গোটটোৰ সভাপতি যোগেশ গগৈ,সাধাৰণ সম্পাদক কণ্ঠশিল্পী লোহিত গগৈ,মুখ্য উপদেষ্টা অৰুন কুমাৰ চৌধৰীৰ লগতে অনান্য সদস্য- সদস্যা সকল শ্যাম সোনোৱালৰ কাষত উপস্থিত হয় আৰু তেওঁলোকৰ দুখৰ সমভাগী হৈ অতিশীঘ্ৰে ঘৰটো মেৰামতি কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে ৷

ইয়াৰ সমান্তৰালভাৱে ভাৱে মুখ্য উপদেষ্টা তথা অৰুনাচল প্ৰদেশৰ এ কে মচাং মেমোৰিয়েল চ’চাইটিৰ সঞ্চালক অৰুপ কুমাৰ চৌধৰীয়ে অতিশীঘ্ৰে নিজাববীয়াকৈ দৃষ্টিহীন কলিয়া, টিকু আৰু পম্পী সোনোৱালৰ চকুৰ চিকিৎসা কৰাৰ ব্যৱস্থা গ্ৰহন কৰা হ’ব বুলি ঘোষণা কৰে ৷

ইয়াৰ লগতে গোটৰ সদস্য সকলৰ সৈতে উপস্হিত হোৱা শিল্পী ইউৰেকা বৰুৱাই নিজস্ব ভাৱে পাৰ্যমানে পৰিয়ালটিক বস্ত্ৰ প্ৰদান কৰি নিজৰ মহানুভৱতাৰ পৰিচয় দাঙি ধৰে ৷

এই “ মানুহে মানুহৰ বাবে “ গোটটিৰ তৰফৰ পৰা এনে ধৰণৰ সাহাৰ্য্য প্ৰদান কৰাৰ কথা ঘোষণা কৰাত স্বাভাৱিকতে দৃষ্টিহীন শ্যাম সোনোৱালে সন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হয় ৷

এই সজাতি দলটিত সভাপতি যোগেশ গগৈ, সম্পাদক লোহিত গগৈ,মুখ্য উপদেষ্টা অৰুপ কুমাৰ চৌধৰী,উপদেষ্টা শৈলেন বৰুৱাকে ধৰি ইউৰেকা বৰুৱা, পৰমা ফুকন, হিৰণ্য সোনোৱাল, গায়ত্ৰী সোনোৱাল ,জিষ্ণু ফুকন,বলিত ফুকন,অচিন্ত ফুকন,বৰ্নালী আৰনধৰা, ঝৰ্ণা ৰবীন দিহিঙীয়া, সঞ্জীৱ শইকীয়া,ববী চেতিয়া আৰু বৰ্নালী গগৈকে ধৰি অনান্য বহু কেইজন সদস্য- সদস্যা আৰু শুভাকাংক্ষী উপস্থিত থাকে ৷

চেক্সৰ বিনিময়ত এখন পি.এইচ.ডি. থেছিছ! জুৰী বৰা বৰগোহাঞিৰ নতুন উপন্যাস ‘চিঞৰ’

উচ্চ শিক্ষা প্ৰতিষ্ঠানত যৌন-শোষণ ক্ৰমাৎ বাঢ়ি আহিছে। ‘মিটু’ আন্দোলনৰ প্ৰভাৱে বৰ্তমানেও না না গোপন কাহিনী আমাৰ সমুখত উন্মোচিত কৰি আছে। বাতৰি কাকত, নিউজ চেনেলত আজিকালি শৈক্ষিক প্ৰতিষ্ঠান কিছুমানৰ এনে ঘটনাবোৰ বেনাৰ হেডলাইন, ব্ৰেকিং নিউজ হৈ প্ৰচাৰ হৈ আছে। প্ৰায় প্ৰতিদিনেই এনেধৰণৰ বাতৰি প্ৰচাৰ হোৱা দেখা যায়। শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ ভিতৰচ’ৰাত ঘটা এনে কাণ্ডই বহু চিন্তাশীল লোকৰ মনত উদ্বেগ সৃষ্টি কৰিছে। বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় বা অন্যান্য শিক্ষাৰ প্ৰতিষ্ঠানসমূহতো নাৰীসকল যেন সুৰক্ষিত নহয় তেনে এক পৰিৱেশ সৃষ্টি হৈছে। আনহাতে বিশ্ববিদ্যালয় পৰ্যায়ত কেৰিয়াৰৰ জখলাত বগাই যোৱাৰ প্ৰতিযোগিতাত সকলো বস্তু পণ্য হৈ যোৱাৰ দৰে সন্মানজনক শৈক্ষিক ডিগ্ৰীও পণ্য হৈ গৈছে নেকি? পি এইচ ডি বা ডক্তৰেট ডিগ্ৰী আমাৰ সমাজৰ বাবে আটাইতকৈ সন্মানজনক ডিগ্ৰী। চাকৰি, পদোন্নতি, বিদ্যায়তনিক স্বীকৃতি বা অন্য গৱেষণাৰ বাবে এই ডিগ্ৰী দৰকাৰী। সমাজত সন্মানজনক স্থান এটাৰ অধিকাৰী হ’বলৈও কোনো কোনোৱে ডক্তৰেট ডিগ্ৰী লয়। অন্বেষনমূলক গবেষণাই নতুনত্বৰ সম্ভেদ দিয়ে, ন ন চিন্তাৰ বিকাশত সহায় কৰে। আমি এনে এজন গৱেষকলৈ আশাকৰো যাৰ গৱেষণা কৰ্মই চিন্তাৰ পৰিধি বহল কৰিব, সমাজক উপকৃত কৰিব আৰু সমাজৰ সঠিক পৰিৱৰ্তনত সহায় কৰিব। কিন্তু বাস্তৱত এই মহান বুলি বিবেচনা কৰা গৱেষণা ক্ষেত্ৰখনত সংঘটিত হৈ আহিছে নানা অপকৰ্ম। তাৰ ভিতৰত যৌন শোষণো অন্যতম। কিছুৱে তিলমানো কষ্ট নকৰাকৈ শৈক্ষিক আৰু কৰ্মক্ষেত্ৰত জখলা বগোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এচামে এই ডিগ্ৰীটোক লৈ ব্যৱসায় কৰিছে। কিছু গাইদ তথা তত্বাৱধায়কে গবেষকক নানা ধৰণে ব্যৱহাৰ কৰি আহিছে। কিছুমান লোভী আৰু সুবিধাবাদী চৰিত্ৰৰ মানুহে এই ক্ষেত্ৰত মৌনতা অৱলম্বন কৰিলেও কিছুমান প্ৰতিবাদী সত্বাই এনেকুৱা আচৰণৰ বিপক্ষে সোচ্চাৰ হৈ পৰে। গাইডৰ এনে ধৰণৰ আচৰণক লৈ প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। কিন্তু দুৰ্ভাগ্যৰ কথা যে সেই প্ৰতিবাদকো উফৰাবলৈ এই শৈক্ষিক মহলৰে প্ৰভাৱশালী কিছু লোক ব্যস্ত হৈ পৰে।


এনে কিছুমান কাহিনীক লৈ জনপ্ৰিয় ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিৰ নৱতম উপন্যাস ‘চিঞৰ’। ঔপন্যাসিক গৰাকীৰ ‘ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনী’, ‘আপোনজনৰ ঠিকনা’, ‘অভিলাষী যাত্ৰা’, ‘ৰাগ… ইমন’, ‘লিড’লাম’, ‘নাংফা’, ‘ভোক’, ‘আংকুশ’, ‘সিহঁত’ উপন্যাসৰ পাছতে এই দশম সংখ্যক উপন্যসখন প্ৰকাশ কৰিছে ‘বনলতা’ প্ৰকাশনৰ প্ৰকাশক প্ৰদু্যৎ হাজৰিকাই। বিগত সময়ছোৱাত শিক্ষা জগতত ক্ৰমাৎ বাঢ়ি অহা যৌন-নিৰ্যাতন, সুবিধাবাদ, কষ্ট, মানসিক উৎপীড়ন আদিক কেন্দ্ৰ কৰি লিখা ‘চিঞৰ’ সমসাময়িক সমাজ-বাস্তৱৰ এখনি জীৱন্ত দলিল। সমাজ-বাস্তৱৰ চেতনা আৰু ৰ্নিৰ্ভীক প্ৰতিবাদক মূল আধাৰ হিচাপে লৈ লিখা কেইবাখনো মানবিশিষ্ট উপন্যাসৰ পিছত লেখিকাৰ এইখনো মূলত প্ৰতিবাদী উপন্যাস। শৈক্ষিক প্ৰতিষ্ঠানৰ এই সৰ্বনাশী চৰিত্ৰই যে সমাজখনৰো কিছু বিপৰ্য্যয় ঘটায় আহিছে তাত সন্দেহ নাই। কাল্পনিক হলেও উপন্যাসখনৰ কাহিনীত যিবোৰ চৰিত্ৰ দেখা গৈছে তাৰ কিছুমান চৰিত্ৰক আমাৰ সকলো সমাজতে কম-বেছি পৰিমাণে পোৱা যায়। সেইসকল আমাৰ চিনাকি পৰিমণ্ডলৰ মানুহ। ‘চিঞৰ’ৰ মূল প্ৰটাগনিষ্ট গৰাকীও এনেধৰণৰ অনাকাংখিত পৰিৱেশৰ সন্মুখীন হৈছে। যি নিজৰ ধৰণে সমস্যাটোক প্ৰত্যাহ্বান জনাবলৈ সাহ আৰু শক্তি গোটাইছে। বিভিন্ন মহলৰ পৰা অহা চাপত প্ৰটাগনিষ্ট হাৰি যোৱাৰ উপক্ৰম হ’লেও উপন্যাসখনৰ মূল কথনে সমাজলৈ গুৰুত্বপূৰ্ণ বাৰ্তা দিছে।


উপন্যাসখনত প্ৰটাগনিষ্টৰ মুখত প্ৰকাশ হোৱা তাৎপৰ্য বহন কৰা দুটামান কথা হ’ল– ‘মেম। মই ছাৰৰ দৈহিক সম্পৰ্কৰ প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰিলোহেঁতেন। ইমানকৈ হুলস্থূল নকৰিলোহেঁতেন। কিন্তু মোৰ আটাইতকৈ বেয়া লাগিছিল মোক থেছিছ লিখি দিম বুলি কোৱাটোত। চেক্সৰ বিনিময়ত এখন পি.এইচ.ডি. থেছিছ কেনেকৈ সম্ভৱ! ড০ লিখা মানুহক সমাজে কিমান সন্মান কৰে! বা ছাৰে এই কথাটো কেনেকৈ ভাবিব পাৰিলে যে দেহ দি মই পি.এইচ.ডি.ৰ দৰে সন্মানীয় গৱেষণাৰ ডিগ্ৰী এটা ল’ম! বৰ অসহ্যকৰ। মই ভি.চি.ৰ ওচৰলৈ সেই কাৰণেই গৈছিলো যে মোৰ দৰে আন কাৰোবাৰ লগত এনেকুৱা নহওক। হায়াৰ এডুকেশ্যনত যদি এইবোৰ হয়…।’
এনেধৰণৰ কথাবোৰেৰে এই সমাজতে অৱস্থিতি থকা এটা শক্তিশালী, আপোচবিহীন প্ৰতিবাদী চৰিত্ৰ নিৰ্মাণত লেখিকাই গুৰুত্ব আৰোপ কৰিছে। লগতে সুবিধাজনক স্থানত থকা স্বাৰ্থপৰ কিছু লোকৰ চৰিত্ৰ পাঠকৰ সমুখত উন্মোচিত কৰিছে। লেখিকাই যদিও কাহিনীটো কাল্পনিক বুলি কৈছে প্ৰকৃতাৰ্থত উপন্যাসখন বাস্তৱৰ এক দলিল স্বৰূপ হোৱাৰ বাবে পাঠকে একাত্ম অনুভৱ কৰিব পাৰিব। ডিব্ৰুগড়ৰ ডি’ প্ৰিমলেণ্ডত ‘চিঞৰ’ প্ৰসংগত আজি ‘বনলতা’ই সংবাদ মেল আৰু ঔপন্যাসিকৰ স’তে আন্তৰিক মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰে। তাতেই সাংবাদিকসকলৰ সন্মুখত জুৰী বৰা বৰগোহাঞিয়ে ‘চিঞৰ’ উপন্যাসখন নিজৰ হাতেৰে দাঙি ধৰি আনুষ্ঠানিক ভাবে পাঠক সমাজলৈ আগবঢ়াই দিয়ে।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক মানস জ্যোতি দত্ত, সাংবাদিক বিভাষ দুৱৰা, যাদৱ গগৈ, ৰাতুল বুঢ়াগোহাঁই, মুক্তামণি হাজৰিকা, চন্দন ফুকন, ধনটি শইকীয়া, কৰুণা ফুকন, জ্যোতিষ কুমাৰ পাতিৰ, দ্বীপজয় শইকীয়া, দেৱজিৎ চুতীয়া, দীপু বৰা, সাংবাদিক ঔপন্যাসিক গোবিন কুমাৰ খাউণ্ডৰ লগতে কবি অমিতাভ ফুকন, কৃতি আৰু অৱসৰী প্ৰধান শিক্ষয়িত্ৰী পুণ্য বৰগোহাঞি, কবি আৰক্ষী বিষয়া ভাস্কৰ ফুকন. শক্তিশালী নাৰীবাদী কৰ্মী অৰ্পনা বৰা আৰু সুদক্ষিণা দাস বৰদলৈ, লেখক-অধ্যক্ষ ভূষণজ্যোতি সন্দিকৈ, ফটোগ্ৰাফাৰ সঞ্জীৱ বসুমতাৰীয়ে অন্তৰংগ আলাপ কৰে। ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিয়ে বিশেষভাৱে গুৰুত্ব আৰোপ কৰি কয়– আমাৰ বিনম্ৰ প্ৰয়াস যাতে সমাজৰ পৰা এনে ধৰণৰ চৰিত্ৰ, সামাজিক আৰু শৈক্ষিক শোষণৰ অন্ত হওক।

জৰুৱাৰ চৰ পাৱলিক হাইস্কুলৰ প্ৰধান শিক্ষক আয়ুব আলীৰ আজৱ কাণ্ড। নিজ খেয়াল খুচিত দুদিন ধৰি বন্ধ কৰি দিছে বিদ্যালয়।

চৰকাৰী স্কুল খোলা – বন্ধ কাৰ নিৰ্দেশত হয় ? শিক্ষক নে চৰকাৰৰ ? আজি আমি শিক্ষকৰ নিৰ্দেশত চলা এখন বিদ্যালয় দেখুৱাম।

যিখন বিদ্যালয় প্ৰধান শিক্ষকৰ কথা মতে বন্ধ হয় আৰু প্ৰধান শিক্ষক জনৰ নিৰ্দেশত খোল খায়। এইখন হৈছে ধুবুৰী জিলাৰ স্কুল পৰিদৰ্শকৰ কাৰ্য্যালয়ৰ অন্তৰ্গত জৰুৱাৰ চৰ পাৱলিক হাই স্কুল। এই খন বিদ্যালয়ৰ এইজন প্ৰধান শিক্ষক । নাম আয়ুব আলী । প্ৰধান শিক্ষক আয়ুব আলীয়ে নামানে চৰকাৰী নিৰ্দেশ। প্ৰধান শিক্ষক জনৰ ইচ্ছা মতে চলে বিদ্যালয় খন।

উল্লেখ্য যে, দুই জুনত বিদ্যালয় খনত গুণোৎসৱ হোৱাৰ পাছত তিনি আৰু চাৰি জুন চৰকাৰী বন্ধ নথকাত প্ৰধান শিক্ষক আয়ুব আলীয়ে ঘোষণা কৰিলে বন্ধ। যাৰফলত দুদিন ধৰি জৰুৱাৰ চৰ পাৱলিক হাই স্কুল খন সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। এজন প্ৰধান শিক্ষকৰ গাফিলতিৰ ফলত শ শ ছাত্ৰ ছাত্ৰী দুদিন ধৰি পাঠদানৰ পৰা বঞ্চিত হৈ আছে।

এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ৰণোজ পেগু, ধুবুৰী জিলা বিদ্যালয় পৰিদৰ্শক আৰু ধুবুৰী জিলা উপায়ুক্ত আম্বামুথন এম পিয়ে কেনে ব্যৱস্থা হাতত লয় সেয়া সময়তহে লক্ষণীয় হব

ঔটেঙাৰ ভিতৰত লুকাই আছে বহু আচৰিত গুণ

ঔটেঙা, টেকীয়া, পুঠি মাছৰ জোল,
খালেহে বুজিবা সোৱাদৰে মূল।”
হয়, ঔটেঙাৰ কথা ওলালেই আমাৰ সকলোৰে জিভাৰ পানী পৰিবলৈ ধৰে। ঔটেঙা হ’ল এনে এবিধ টেঙা  পাচলি, যাক নোখোৱা মানুহ হয়তো খুব কমেই ওলাব। বিশাল আকৃতিৰ বৃক্ষ ঔটেঙাৰ উচ্চতা প্ৰায় ১৫ মিটাৰ হয়। ঔটেঙাৰ ফুল জুন মাহৰ পৰা প্ৰায় ৩ সপ্তাহলৈকে ফুলে। ইয়াৰ পূৰঠ ফলবোৰ অক্টোবৰ মাহৰ পৰা জানুৱাৰী মাহলৈকে উপলব্ধ হয়।

ঔটেঙাৰ বৈজ্ঞানিক নাম ‘Dillenia Indica’ । ইয়াক সংস্কৃতত ‘অৱৰ্তকী’, ইংৰাজীত ‘Elephant apple’, হিন্দীত ‘চালতা’ আৰু নেপালীত ‘ৰামফল’ নামেৰে জনা যায়। ভাৰতীয় তথা অসমীয়া খাদ্য সংস্কৃতিত ঔটেঙাৰ এক বিশেষ স্থান আছে। ইয়াক প্ৰধানকৈ দাইল বা তৰকাৰীত আনুসংগিক উপকৰণ হিচাপে ব্যৱহাৰ কৰা হয়। বিশেষকৈ পুঠি, খলিহনাৰ দৰে সৰু সৰু মাছৰ পৰা আৰম্ভ কৰি ৰৌ, বৰালিৰ দৰে ডাঙৰ আকাৰৰ মাছ দি ৰন্ধাত ঔটেঙাৰ প্ৰয়োগে ইয়াৰ সোৱাদ দুগুণে বৃদ্ধি কৰে।

পাচনতন্ত্র সুস্থ ৰখাৰ ক্ষেত্ৰত ই এক প্ৰভাৱশালী ঔষধ হিচাপে কৰে। ঔটেঙাত কম বেছি পৰিমাণে প্ৰটিন, আঁহ, চৰ্বি,ফাইবাৰ, কেলছিয়াম,ফছফৰাছআৰু এচক’ৰবিক এচিড পোৱা যায়। ঔটেঙা খালে পেট পৰিষ্কাৰ হয়, যাৰ দ্বাৰা অজীৰ্ণ, কোষ্ঠকাঠিন্য আদি পেটৰ বিকাৰসমূহৰ পৰা হাত হাৰি থাকিব পাৰি । ইয়াৰ বীজলেৰে চুলি ধুলে মূৰৰ উফি নাশ হয় আৰু চুলিৰ উজ্জলতা বাঢ়ে। তদুপৰি মধূমেহ ৰোগীসকলৰ বাবেও ঔটেঙাক এক সুপথ্য হিচাপে গণ্য কৰা হয় ।

বিশেষ দষ্ট্ৰব্যঃ- ঔটেঙা খাবলৈ সুস্বাদু আৰু পুষ্টিগুণযুক্ত হলেও কিছুমান ক্ষেত্ৰত ই বিৰুদ্ধ আহাৰ হিচাপে পৰিগণিত হয়। বিশেষকৈ কাহ, লিভাৰৰ সংক্ৰমণ, ব্ৰংকাইটিচ আদিৰ দৰে ৰোগৰ উপসৰ্গই দেখা দিলে ঔটেঙা খোৱা উচিত নহয়।

সুদীৰ্ঘ ১৩ বছৰৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়দান ,শিক্ষানুষ্ঠানত হিজাব পৰিধান কৰি বিদ্যালয়লৈ যাব পাৰিব ছাত্ৰী

বোকাখাতৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান খ্ৰীষ্টজ্যোতি হাইস্কুলৰ এগৰাকী ছাত্ৰীয়ে হিজাব পৰিধান কৰি বিদ্যালয়লৈ যোৱাৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰি বিদ্যালয়ত হিজাব পৰিধান কৰিব পাৰিব বুলি কৈছে ৷২০১৩ চনত বিদ্যালয়খনৰ নাৰ্চাৰীৰ এগৰাকী ছাত্ৰীয়ে হিজাপ পৰিধান কৰি বিদ্যালয়লৈ যোৱাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে বিদ্যালয় পৰিচালনা সমিতিয়ে তাত বাধা আৰোপ কৰিছিল ৷ যাৰবাবে ছাত্ৰীগৰাকীৰ মাতৃ এলি আহমেদে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গোচৰ ৰুজু কৰিছিল ৷


এলি আহমেদে অসম চৰকাৰৰ মুখ্য সচিব, সঞ্চালক উচ্চ শিক্ষা, সঞ্চালক উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ, বৰ্ড অৱ চেকেণ্ডাৰী এডুকেশ্ব্যন, জিলা উপায়ুক্ত গোলাঘাট, বিদ্যালয় পৰিদৰ্শক,গোলাঘাট, পৰিচালনা সমিতি, খ্ৰীষ্টজ্যোতি হাইস্কুলৰ অধ্যক্ষ, খ্ৰীষ্টজ্যোতি হাইস্কুলৰ বিপক্ষে WP(C)2090/2013 নম্বৰ গোচৰ তৰে ৷ গোচৰৰ পিছতেই ন্যায়ালয়ে ছাত্ৰীগৰাকীক হিজাব পৰিধান কৰি বিদ্যালয়লৈ আহিব পাৰিব বুলি স্থগিতাদেশ দিয়ে ৷
সেই গোচৰৰ ভিত্তিতেই ন্যায়ালয়ে দীৰ্ঘ ১৩ বছৰৰ পাছত হিজাব পৰিধান কৰি বিদ্যালয়লৈ যাব পাৰিব বুলি ৰায়দান কৰে ৷ দেশজুৰি হিজাব বিতৰ্ক চলি থকাৰ সময়তেই এই ৰায়দানে বিশেষ চৰ্চা লাভ কৰিছে ৷

মহাৰাষ্ট্ৰত উজ্জ্বলিল অসমীয়া সংস্কৃতি

মহাৰাষ্ট্ৰত উজ্জ্বলিল অসমীয়া সংস্কৃতি । ৰাষ্ট্ৰীয় পৰ্যায়ত সংস্কৃতি বঁটা পালে দুই অসমীয়াই ।

বিহালীৰ সন্তান জোন দাস আৰু নেহা বৰাই মহাৰাষ্ট্ৰ সমতা সাহিত্য একাডেমিয়ে ৰাষ্ট্ৰীয় সাংস্কৃতিক বটাঁৰ বাবে বাচনি কৰা ৷ জোন আৰু নেহাই বহুদিনৰ পৰা কণকণ শিশুসকলক ঢোল আৰু বিহুৰ ওপৰত শিক্ষা দান কৰি সাংস্কৃতিক বিপ্লৱৰ সূচনা কৰিছিল তাৰ ফল স্বৰূপে আজি সুদুৰ মহাৰাষ্ট্ৰত এনে বটাঁ পাবলৈ সক্ষম হৈছে ৷

এই বটাঁ পোৱাত অকল বিহালীতে নহয় সমগ্ৰ অসমৰে এক গৌৰৱৰ বিষয় ৷ বিশ্বনাথ জিলাৰ বিহালী সাংবাদিক পলাশ প্ৰিয়মে এনে কাৰ্যত সন্তোষ প্ৰকাশ কৰে আৰু দুয়োকে অভিনন্দন জ্ঞাপন কৰা লগতে তেঁওলোকৰ উজ্জ্বল ভবিষ্যত কামনা কৰা পৰিলক্ষিত হয় ।

বালিকা বধু 2 চুপাৰ ফ্লপ হোৱাৰ আৰৰ কথা কলে শিৱাংগী যোশীয়ে

শিৱাংগী যোশীয়ে তাইৰ ভুল সিদ্ধান্তৰ ওপৰত নীৰৱতা ভংগ কৰে, বালিকা বধু 2 চুপাৰ ফ্লপ হোৱাৰ বিষয়ে এইদৰে কয়- শিৱাংগী যোশী বালিকা বধু ২ ত: শিৱাংগী যোশীক শীঘ্ৰেই খতৰো কে খিলাড়ী ২ ত দেখা যাব। এতিয়া শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীয়ে বালিকা বধু 2 ইমান সোনকালে প্ৰচাৰিত হোৱাৰ বিষয়ে তেওঁৰ নীৰৱতা ভংগ কৰিছে।

জনপ্ৰিয় টিভি অভিনেত্ৰী শিৱাংগী যোশীয়ে ষ্টাৰ প্লাছৰ অনুষ্ঠান ইয়ে ৰিস্তা ক্যা কেহলাতা হেক বিদায় জনোৱাৰ পিছত বালিকা বধু ২ ত ধুমধামেৰে প্ৰৱেশ কৰিছিল।

শিৱাংগী যোশীৰ অনুষ্ঠানটোৱে আৰম্ভণিতে শিৰোনাম দখল কৰিছিল। অৱশ্যে, কিছু সময়ৰ পিছত, অনুষ্ঠানটোৰ ৰেটিং হ্ৰাস হ’বলৈ আৰম্ভ কৰে। এটা সময় আহিছিল যেতিয়া নিৰ্মাতাসকলে বালিকা বধু 2 অফ-এয়াৰ ল’বলৈ বাধ্য হৈছিল। অৱশ্যে, শিৱাংগী যোশীয়ে কেতিয়াও বালিকা বধু 2 সম্পৰ্কে কোনো মন্তব্য দিয়া নাছিল। এতিয়া শেহতীয়াকৈ শিৱাংগী যোশীয়ে তাইৰ অনুষ্ঠানৰ বিফলতাৰ বিষয়ে এটা ডাঙৰ মন্তব্য দিছে। শিৱাংগী যোশীয়ে প্ৰকাশ কৰিছিল যে বালিকা বধু ২ বন্ধ হোৱাৰ পিছত তাই কেনেকোৱা অনুভৱ কৰিছিল।

শিৱাংগী যোশীয়ে কৈছিল- মই বহুত কঠোৰ পৰিশ্ৰম কৰিছিলো।

শিৱাংগী যোশীয়ে শেহতীয়া এক সাক্ষাৎকাৰত কথা পাতি থাকোতে কয়, “বালিকা বধু ২ ত কাম কৰাৰ বাবে মোৰ কোনো অনুশোচনা নাই। মই এজন শিল্পী হিচাপে বহুত কঠোৰ পৰিশ্ৰম কৰিছিলো। নিৰ্মাতাসকলে অনুভৱ কৰিছিল যে অনুষ্ঠানটোৱে শীঘ্ৰেই টিআৰপি লাভ কৰিব, যদিও সেয়া হোৱা নাছিল। এইটো প্ৰয়োজনীয় নহয় যে প্ৰতিটো অনুষ্ঠানআপোনাৰ হিট হয়। প্ৰতিটো টিভি অনুষ্ঠানৰ এটা বেলেগ যাত্ৰা থাকে। এই সন্দৰ্ভত কথা পাতি শিৱাংগী যোশীয়ে কয় যে নিৰ্মাতাসকলে বালিকা বধু ২ ত যথেষ্ট কাম কৰিছিল। মই

অনুষ্ঠানটোৰ নিৰ্মাতা আৰু দলৰ বাবে গৌৰৱান্বিত। মই বালিকা বধুত কাম কৰি ভাল পাইছিলো।

শীঘ্ৰেই হৃত্বিক ৰোশনৰ ভগ্নী পশমিনাই বলীউডত আত্মপ্ৰকাশ কৰিব

হৃত্বিক ৰোশনৰ ভগ্নী পশমিনাই বলীউডত আত্মপ্ৰকাশ কৰিব, অভিনেতাজনে তেওঁক অভিনন্দন জনাই এটা বিশেষ পোষ্ট লিখিছে

অভিনেত্ৰী হৃত্বিক ৰোশনৰ সম্পৰ্কীয় ভাই পশমিনা ৰোশনে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে। পশমিনাই শ্বাহিদ কাপুৰৰ ২০০৩ চনৰ ছবি ‘ইশ্ক বিষক’ৰ চিকুৱেলৰ সৈতে কেৰিয়াৰ আৰম্ভ কৰিব। এই বিশেষ অনুষ্ঠানত, হৃতিকে পশমিনাৰ বাবে ছ’চিয়েল মিডিয়াত এটা বিশেষ পোষ্ট লিখিছে আৰু তেওঁক অভিনন্দন জনাইছে ।

হৃতিকে পশমিনাৰ বাবে এটা বিশেষ পোষ্ট লিখিছিল

হৃতিকে লিখিছিল, “হেই পাছ, আপুনি কৰবাত হেৰাই যোৱা দিনটো মনত আছেনে? মোৰ আপোনাৰ চকুত সন্ধানটো মনত আছে। চাওক, আপুনি এইটো বিচাৰি পাইছে। এতিয়া আপুনি নিজকে দৃঢ়ভাৱে ধৰি ৰাখিব, আপুনি কি পাইছে মনত ৰাখিব আৰু ইয়াৰ বাবে গৌৰৱান্বিত হ’ব। মই তোমাক লৈ বহুত গৌৰৱান্বিত। মোৰ মৰমী। ‘ইশ্ক বিষক ৰিবাউণ্ড’ৰ গোটেই দলটোৰ সৈতে মোৰ শুভকামনা। এইটো এটা বহুত ভাল দল। ”

ৰমেশ তৌৰানীয়ে ছবিখন প্ৰযোজনা কৰিব

‘ইশ্ক বিশক ৰিবাউণ্ড’ত পশমিনাৰ লগতে ৰোহিত সৰাফ, গিব্ৰান খান আৰু নাইলা গ্ৰেৱাল উপস্থিত থাকিব। 19 বছৰৰ পিছত, নিৰ্মাতাসকলে এই ছবিখনৰ চিকুৱেল লৈ আহিছে। ছবিখন পৰিচালনা কৰিব দক্ষ অবিনাশ ধৰ্মাধিকাৰীয়ে। এইটো ৰমেশ তৌৰাণীয়ে প্ৰযোজনা কৰিব।

পশমিনাই অভিনয়ৰ বিশেষ প্ৰশিক্ষণ লৈছে ,পশমিনা হৃত্বিকৰ খুৰাক ৰাজেশ ৰোশনৰ জীয়ৰী। পশমিনাই অভিনয়ৰ বিশেষ প্ৰশিক্ষণ লৈছে। ইয়াৰ উপৰিও, তেওঁ থিয়েটাৰতো সক্ৰিয় হৈ আছে। পশমিনা ভাইয়ে অভিনয়ৰ ক্ষেত্ৰত হৃত্বিকৰ পৰা পৰামৰ্শ লৈ থাকে। একে সময়তে, পশমিনাৰ ছ’চিয়েল মিডিয়াত যথেষ্ট ভাল অনুৰাগী আছে।