Home Blog Page 2368

নলবাৰী চহৰৰ মাজ-মজিয়াত জহি-খহি যোৱা এটি বোকাময় পথে জ্বলা-কলা খোৱাইছে পথচাৰী………

নলবাৰী চহৰৰ মাজ-মজিয়াত জহি-খহি যোৱা এটি বোকাময় পথ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী সমিতিৰ প্ৰতিক্ৰিয়া প্ৰকাশ  ।


নলবাৰী চহৰৰ মাজমজিয়াত এটি বিশেষ পথ  । পথটোৰ বিশেষত্ব হল ১২ টা মাহত বোকা-পানীৰে পৰিপূৰ্ণ  । এজাক বৰষুণ পৰিলে বৃহৎ ডাঙৰ ডাঙৰ পুখুৰী সদৃশ পৰিবেশ হয় উক্ত পথচোৱাত । নলবাৰী চহৰৰ শ্ৰী শ্ৰী হৰিমন্দিৰ কাষেৰে নলবাৰী সোণপুৰ হৈ ৰেল ষ্টেচনলৈ যোৱা পথচোৱা বিগত বহু বছৰ বছৰ ধৰি পুতৌলগা অৱস্থাত দেখিবলৈ পোৱা গৈছে  ।

এই গুৰুত্বপূৰ্ণ পথটোত হিচাপ নোহোৱা পুখুৰী সদৃশ গাত আৰু বোকা  । নিতৌ যাতায়ত কৰা শ শ পথচাৰী এই পুতৌলগা পথচোৱাৰ বাবে যমৰ যাতনা ভুগিবলগীয়া হয় ।

তাত স্বত্তেও আজি পৰ্যন্ত এই পথচোৱাৰ বাবে কোনো ব্যৱস্থা গ্ৰহন নকৰিলে বিভাগীয় কৰ্তৃপক্ষই । যাৰ বাবে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে উক্ত পথচোৱাৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত পৰিলক্ষিত হয় ।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী সমিতিৰ সাধাৰণ সম্পাদক কৌশিক বৰ্মনে অতি সোনকালে এই পুতৌ লগা পথচোৱা অতি সোণকালে মেৰামতি কৰি ৰাইজক সকাহ প্ৰদান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় ।

ভাষা গৌৰৱ দিৱস পালন অজাপৰ……

সাহিত্য সভাৰ প্ৰতিষ্ঠাপক প্রাক্তন সভাপতি পদ্মনাথ বৰগোহাঞি বৰুৱাক সোঁৱৰণ ।পদ্মনাথ বৰগোহাঞি বৰুৱাৰ মৃত্যু তিথিত স্মৰণ অজাপৰ । 

পদ্মনাথ বৰগোহাঞি বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনায় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীনজ্যোতি গগৈ আৰু সম্পাদক জগদীশ ভূঞাই । আজিৰ দিনটো ভাষা গৌৰৱ দিৱস হিচাপে পালন কৰা হব । আজি দিনটোৰ পৰাই অসমীয়া ভাষা আৰু জাতীয়তাবাদ ৰক্ষা কৰাৰ সংকল্প অজাপৰ । পৌৰ নিগম নিৰ্বাচনত ১০০শতাংশ ভোট দানৰ আহ্বান খিলঞ্জীয়া ৰাইজক ।

বাঁহ গাজৰ গুনাগুৰ বিষয়ে কিমান জানে আপুনি ?

বাঁহ গাঁজ হৈছে অসমীয়া সমাজত প্ৰচলিত এবিধ থলুৱা খাদ্য। যিবিধৰ সোৱাদ অতি তৃপ্তিদায়ক।

সাধাৰণতে বাঁহৰ গছৰ পৰা ওলোৱা গঁজালিকেই আমি বাঁহ গাঁজ বুলি কওঁ। বাঁহ গাঁজ অকল অসমীয়া সমাজতেই নহয় গোটেই ভাৰততে ব্যৱহাৰ কৰা হয়। বাঁহৰ গাঁজ আৰু গাহৰিৰ মাংসৰ সোৱাদৰ কথা নকলে নোৱাৰি। আচলতে ইয়াৰ সোৱাদ  অতি সুকীয়া আৰু বহুতৰে হয়তো প্ৰিয় খাদ্য। বাঁহৰ গাঁজৰ পৰা আমি আচাৰ তৈয়াৰ কৰোঁ, দাইলত দিওঁ। মাছ, মাংস ইত্যাদি বিভিন্ন ধৰণৰ খাদ্য উপকৰণত আমি বাঁহ গাজ ব্যৱহাৰ কৰো।

বাঁহৰ গাজ অকল সুস্বাদুৱে নহয় ই ঔষধি গুণেৰেও ভৰা। গতিকে বাঁহ গাজৰ পৰা হ’ব পৰা কেইটামান উপকাৰৰ –

১/ বাঁহ গাঁজে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

২/ বাঁহ গাঁজে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।

৩/ বাঁহ গাঁজে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

৪/ বাঁহ গাঁজে আমাৰ শৰীৰৰ অতিৰিক্ত ওজন হ্ৰাস কৰাৰ সহায় কৰে।

৫/ মহিলাৰ ঋতুস্ৰাৱৰ সমস্যাৰ বাবে বাঁহ গাঁজ বৰ উপকাৰী।

৬/ শৰীৰৰ ক্ষতিকাৰক কলেষ্টৰেল আঁতৰ কৰাত সহায় কৰে।

বি:দ্ৰ: উপৰোক্ত লিখনিটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। কোনো জটিল ৰোগত আক্ৰান্ত হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়।

বিহালীৰ একমাত্র উচ্চ শিক্ষা অনুষ্ঠান বিহালী মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱস

মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্র , দল সংগঠনৰ নেতা, অধ্যাপক-অধ্যাপিকা সকলো একত্রিত হৈ উদযাপন কৰিলে ৩৩ সংখ্যক মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসটি ।

বিহালী অঞ্চলৰ একমাত্র উচ্চ শিক্ষা অনুষ্ঠান বিহালী স্নাতক মহাবিদ্যালত আজি ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱসটি বিহালী অঞ্চলৰ দল-সংগঠন প্ৰতিষ্ঠাপক ব্যক্তি প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলক লৈ অনুষ্ঠিত হয় যায় । পুৱা পতাকা উত্তোলনৰ পিছতে এখন সভা আয়োজন কৰা হয় ।

মহাবিদ্যালয় খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক টুনটুন বৰাই পৰিচালনা কৰা সভাখনত উপস্থিত থাকি মহাবিদ্যালয়খনৰ বিভিন্ন দিশৰ ওপৰত বক্তব্য প্ৰদান কৰে ক্ৰমে মহাবিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতি ইন্দ্ৰেশ্বৰ কটকী ;অৱসৰ প্ৰাপ্ত শিক্ষক স্বৰাজ হাজৰিকা :সমাজ কৰ্মী প্ৰেমলাল গঞ্জু :অৱসৰ প্ৰাপ্ত শিক্ষক ডিম্বেশ্বৰ গোস্বামী : গাংমৌথানৰ ডেকা সত্ৰাধীকাৰ ৰূপম গোস্বামী “বৰগাং শাখা সাহিত্য সভাৰ সহকাৰী সম্পাদক তৰুণ দাস :সমাজ কৰ্মী শুকদেৱ বৰুৱা :বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সদস্য নীল দাস :অৱসৰ শিক্ষক বৈশ্যাকু ৰয় “বৰগাং হাইস্কুলৰ প্ৰধান শিক্ষক চিত্র ৰঞ্জন ৰয় আদিয়ে বক্তব্য ৰাখে ।

কিমান জানে কঁঠালৰ গুণাগুৰ বিষয়ে ?

কঁঠাল হৈছে পুষ্টিৰে ভৰপূৰ, স্বাস্থ্যৰ পক্ষে অতি উপকাৰী এবিধ সুস্বাদু ফল। গা‌ওঁ অঞ্চলত প্ৰায় সকলোৰে ঘৰত কঠালৰ গছ দেখিবলৈ পোৱা যায়।ফল হিচাপে কঠালৰ আকৃতি যথেষ্ট ডাঙৰ। কঁঠালৰ ফল, কঠালৰ তৰকাৰী আৰু কঠালৰ বীজ খাই হয়তো সকলোৱে ভাল পায়।

সাধাৰণতে কঠাল বাংলাদেশ আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় ফল।আমাৰ দেশ ভাৰতবৰ্ষৰ কেৰেলা আৰু তামিলনাডু ৰাজ্যৰো ৰাজ্যিক ফল এই কঁঠাল। এই পুষ্টিকাৰক ফলবিধেনো আমাৰ শৰীৰত কেনেদৰে উপকাৰ কৰে তাৰ বিষয়ে জানো আহক-

কঁঠালে আমাৰ শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।

পকা কঁঠাল কোষ্ঠকাঠিন্য ৰোগৰ বাবে অতি উপকাৰী।

পকা কঁঠালে হজম শক্তিৰ উন্নত কৰাত সহায় কৰে।

কঁঠালত কৰ্কট ৰোগ প্ৰতিৰোধী কৰিব পৰা ক্ষমতা আছে।

কঁঠালে থাইৰয়ডৰ সমস্যা দূৰ কৰে।

কঁঠালত যথেষ্ট পৰিমাণে প্ৰʼটিন থাকে।

কঁঠালত যথেষ্ট পৰিমাণে ভিটামিন-এ থাকে, যিয়ে দৃষ্টি শক্তিৰ উন্নতি সাধন কৰে আৰু কুকুৰিকণা ৰোগ প্ৰতিৰোধ কৰে ।

বিঃদ্ৰঃওপৰোক্ত লিখনিটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত।কোনো জটিল ৰোগত আক্ৰান্ত হলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চণীয়।

মহানগৰীত বীৰাংগনা সতী সাধনীৰ স্মৃতি দিৱস উদযাপন …..

“কোনে আনি দিব লোণে আমলখি, কোনে আনি দিব জৰা, কোনে আনি দিব ধনৰে বাতৰি, শদিয়া ৰণৰে পৰা।”এছিয়া মহাদেশৰ ভিতৰত প্ৰথম নাৰী বাহিনী গঠন কৰি যুদ্ধ ক্ষেত্ৰত জপিয়াই পৰা প্ৰথমগৰাকী বীৰাঙ্গণা তথা অসমৰ নাৰী সমাজৰ গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক দেশপ্ৰেম, মৃত্যুঞ্জয়ী আদৰ্শ আৰু বীৰত্বৰে মহীয়ান   বীৰাংগনা নাৰী সতী সাধনীৰ আজি মৃত্যুৰ দিৱসৰ দিনটো সশ্ৰদ্ধ স্মৰণ কৰে ৰাজ্যবাসীয়ে |

প্ৰকৃতাৰ্থত সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ–জাতিৰ বাবে চৰম বলিদান দিয়া যিকেইগৰাকী অসমীয়া বীৰাংগনাৰ নাম ইতিহাসৰ বুকুত স্বৰ্ণলিপিৰে খোদিত হৈ আছে তেওঁলোকৰ ভিতৰত  অন্যতম বীৰাংগনা সাধনীৰ মৃত্যুৰ দিনটোত ৰাজ্যৰ সমান্তৰালভাৱে গুৱাহাটী মহানগৰীত বসবাস কৰা চুতীয়া জনগোষ্ঠীৰ ৰাইজেও স্মৰণ কৰে। 

মহানগৰীৰ বৰবাৰী মেগজিনস্থিতি সতী সাধনী ভৱনত  বীৰাংগনাগৰাকীৰ প্ৰতিচ্চবিত সন্মুখত  ভূমি সংৰক্ষণ বিভাগৰ যুটীয়া সঞ্চালক মণিদীপ চুতীয়াই বন্তি প্ৰজ্বলনৰ জৰিয়তে স্মৃতি দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰে। কাৰ্যসূচী আৰম্ভ কৰি ভাষণ প্ৰসংগত চুতীয়াই স্বদেশ স্বজাতিৰ বাবে ৰাণী সাধনীৰ আত্মত্যাগ আৰু স্বদেশ প্ৰেম বাখ্যা আগবঢ়াই বীৰাংগনাগৰাকীৰ কৰ্মৰাজি ইতিহাসৰ পৃষ্ঠাত সদায় জিলিকি থাকিব বুলি মন্তব্য কৰে।

প্ৰতিষ্ঠিত ব্যৱসায়ী দিব্য ৰাজখোৱাই সাধনীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণৰ জৰিয়তেই মুকলি কৰা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত  উচ্চ ন্যায়ালয়ৰ  অধিবক্তা কবিন শইকীয়া, ব্যৱসায়ী বুধিন হাজৰিকা,চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক কুণ্ডিল চুতীয়া, পনৱ চুতীয়া, মহানগৰ জিলা চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক পাৰ্থ হাজৰিকা, জ্ঞানেন্দ্ৰ চুতীয়াকে ধৰি প্ৰায় অৰ্ধ শতাধিক লোক উপস্থিত থাকে।

সমান্তৰালভাৱে বীৰাংগনা নাৰীগৰাকীৰ লগতে জনগোষ্ঠীটোৰ উপৰি পুৰুষ সোঁৱৰি আৰু শেহতীয়াকৈ হেৰাই যোৱা জাতিটোৰ লোকসকলক আত্মাৰ সদগতি কামনা কৰি মৌন প্ৰাৰ্থনাৰ পাছতে সাধনীৰ সভাকক্ষত এখন স্মৃতিচাৰন সভা অনুষ্ঠিত হয় আৰু সমগ্ৰ 
অনুষ্ঠানটো আঁত ধৰে সাংবাদিক ৰণ্টু নেওগে|

আহি আছে প্ৰিয়ংকা চোপ্ৰাৰ নতুন হলিউড ছবি….

প্ৰিয়ংকা চোপ্ৰা অভিনীত ‘ইটছ অল কামিং বেক টু মি’ ১০ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে। প্ৰথমতে ‘টেক্সট ফৰ ইউ’ শীৰ্ষক এই ছবিখন ২০১৬ চনত কাৰোলিন হাৰফুৰ্থৰ জাৰ্মান চলচ্চিত্ৰ ‘এছএমএছ ফাৰ ডিচ’ৰ ওপৰত আধাৰিত, ভেৰাইটিয়ে জনায়।

প্ৰকল্পটোত, প্ৰিয়ংকাক তেওঁৰ বাগদত্তাৰ মৃত্যুৰ পৰা আগবাঢ়ি যাবলৈ সংগ্ৰাম কৰি থকা এগৰাকী মহিলাৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। মোকাবিলা কৰিবলৈ,  তেওঁৰ পুৰণি ফোন নম্বৰলৈ বাৰ্তা প্ৰেৰণ কৰা আৰম্ভ কৰে, যাক চেম হিউগানৰ দ্বাৰা অভিনয় কৰা এজন নতুন ব্যক্তিক পুনৰ আৱণ্টন কৰা হৈছে।

দুয়োজনে তেওঁলোকৰ ভাগ-বতৰা হৃদয়ভংগৰ ওপৰত ভিত্তি কৰি এটা সংযোগ লগ পায় আৰু বিকশিত কৰে। চেলিন ডিয়ন ‘ইটছ অল কামিং বেক টু মি’ৰ এটা অংশ, যাক জিম ষ্টেইনমেনৰ পাৱাৰ বেলড ‘ইটছ অল কামিং বেক টু মি নাও’ৰ নামেৰে নামাকৰণ কৰা হৈছে। ‘ইটছ অল কামিং বেক টু মি’ৰ উপৰিও, প্ৰিয়ংকাই ৰুচো ব্ৰাদাৰ্ছৰ ‘চিটাডেল’ শ্ব’ত অভিনয় কৰিব।

মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে সাধাৰণ জনতাক……….

মূল্যবৃদ্ধি এতিয়া এক ডাঙৰ চিন্তা। সাধাৰণ লোকৰ বাবে জীৱন নিৰ্বাহ কৰাতো এতিয়া ডাঙৰ সমস্যা। ব্যৱসায়ীয়ে ইচ্ছা অনুসৰি মূল্যবৃদ্ধি কৰা বুলি অভিযোগ তোলে গ্ৰাহকে। অভয়াপুৰী দৈনিক বজাৰত শাক-পাচলিৰ মূল্য শুনিলে আপুনি আচৰিত হ’ব। উপায়বিহীন হৈ ব্যৱসায়ীয়ে কোৱা দামতে বয়-বস্তু কিনিব লগা হৈছে গ্ৰাহকে।

পাচলিসমূহৰ মূল্য আছিল এনেধৰণৰ-

বিলাহী প্ৰতি কেজিতঃ ৬০ টকা।

কেৰেলা প্ৰতি কেজিতঃ ৮০ টকা।

বেঙেনা প্ৰতি কেজিতঃ ৮০ টকা।

ভেন্দি প্ৰতি কেজিতঃ ৮০ টকা।

ৰঙালাও প্ৰতি কেজিতঃ ৫০ টকা।

বীন প্ৰতি কেজিতঃ ১২০টকা।

আলু প্ৰতি কেজিতঃ ২৪-২৮ টকা।

পিয়াজ প্ৰতি কেজিতঃ ২৫ টকা।

অবিশ্বাস্যৰভাৱে এতিয়া শাক-পাচলিৰ মূল্য বৃদ্ধি পাইছে। সাধাৰণ দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বাবে শাক-পাচলি ক্ৰয় কৰি খোৱাতো সপোন হৈ পৰিছে।ইফালে পাচলিৰ এই অভাৱনীয় দামৰ বাবে অভয়াপুৰী পাচলিৰ বজাৰত সেৰেঙা গ্ৰাহকৰ ভিৰ । ব্যৱসায়ীৰ মন্তব্য বানপানীৰ ফলত পাচলিৰ দাম বঢ়াৰ বাবেই সেৰেঙা হৈ গ্ৰাহকৰ উপস্থিতি । পিছে ব্যৱসায়ীৰ এই ময়মতালিৰ প্ৰতি কানসাৰ নাই সংশ্লিষ্ট বিভাগৰ। চকু মুদা কুলিৰ ভাৱত বিভাগীয় কৰ্তৃপক্ষ।

কাজল আগৰৱালে সন্তান জন্মৰ অভিজ্ঞতা আৱেগিক টোকাৰ জৰিয়তে কৰিলে প্ৰকাশ……..

১৯ এপ্ৰিল, ২০২২ তাৰিখে লৰা সন্তান জন্ম দিয়া টিনচেল চহৰ কাজল আগৰৱালৰ নতুন মায়েও প্ৰসৱোত্তৰ ৰ সৈতে কেনেদৰে মোকাবিলা কৰি আহিছে সেই বিষয়ে কৈছিল। নতুন মাক কাজল আগৰৱাল’ কেঁচুৱা লৰা আগমনৰ পিছৰে পৰা ক্লাউড নাইনত আছে। তেওঁ বৃহস্পতিবাৰে প্ৰথম সন্তানক এই পৃথিৱীত স্বাগতম জনোৱাৰ কেইদিনমান পিছত, কাজলে ইনষ্টাগ্ৰামত প্ৰকাশ কৰিছিল যে তেওঁ আৰু তেওঁৰ স্বামী গৌতম কিচ্চলুৱে তেওঁলোকৰ সন্তানৰ নাম নীল লৰা ৰাখিছে।

অভিনেত্ৰীগৰাকীয়ে তেওঁৰ সন্তান জন্মৰ অভিজ্ঞতাৰ ওপৰত এটা দীঘলীয়া আৰু আৱেগিক টোকাও লিখিছিল। “মোৰ কেঁচুৱা নীলক এই পৃথিৱীলৈ স্বাগতম জনাই উৎসাহিত আৰু উৎফুল্লিত। আমাৰ জন্ম আনন্দদায়ক, অত্যধিক, দীঘলীয়া, তথাপিও আটাইতকৈ সন্তোষজনক অভিজ্ঞতা হ’ব পাৰে! জন্মৰ কেইছেকেণ্ডৰ ভিতৰতে নীলক বগা শ্লেষ্মা আৱৰণ আৰু প্লেচেণ্টাৰে আবৃত মোৰ বুকুত ধৰি ৰখাটো হৈছে আত্ম-প্ৰকৃতকৰণ আৰু এনে এক অবৰ্ণনীয় অনুভৱৰ সৈতে মোৰ একমাত্ৰ প্ৰয়াস,” তাই লিখিছিল।

তেওঁ লগতে কয়, “সেই এটা মুহূৰ্তত মোক প্ৰেমৰ গভীৰ সম্ভাৱনা বুজিবলৈ বাধ্য কৰাইছিল, মোক যথেষ্ট কৃতজ্ঞতা অনুভৱ কৰাইছিল আৰু মোৰ শৰীৰৰ বাহিৰত মোৰ হৃদয়ৰ দায়িত্ব উপলব্ধি কৰিছিল – চিৰকালৰ বাবে – আৰু একে সময়তে।” কাজলে প্ৰসৱোত্তৰ ৰ সৈতে কেনেদৰে মোকাবিলা কৰি আছে সেই বিষয়েও কথা পাতিছিল। “অৱশ্যে ই সহজ নহয়- 3 টা নিদ্ৰাহীন ৰাতি যি ৰাতিপুৱা ৰক্তক্ষৰণ কৰে, লেচ আৰু ঢেঁকীয়া পেট আৰু প্ৰসাৰিত ছাল, হিমায়িত পেড, স্তন পাম্প, অনিশ্চয়তা, নিৰন্তৰ চিন্তা শিকিব পাৰে যদি আপুনি এইটো ঠিকেই কৰি আছে, সকলোবোৰ উদ্বেগৰ টোপনিৰ সৈতে শীৰ্ষত আছে,” তাই কৈছিল। ধুনীয়া হওক,” কাজলে জোৰ দি কৈছিল। কাজল আৰু গৌতমে ২০২০ চনৰ অক্টোবৰত মুম্বাইত বিবাহ পাশত আৱদ্ধ হৈছিল। নৱবৰ্ষৰ ২০২২ তাৰিখে, গৌতম আৰু কাজলে ভাগ বতৰা কৰিছিল যে তেওঁলোকে তেওঁলোকৰ প্ৰথম সন্তান আশা কৰিছে।

প্ৰাক্তন টেনিছ তাৰকাই অনুৰাগীক দিলে সুখৱৰ ……

ৰাছিয়াৰ এগৰাকী প্ৰাক্তন টেনিছ তাৰকা । নাম মাৰিয়া ছাৰাপভা ৷ এসময়ত এই সুন্দৰী টেনিছ তাৰকাগৰাকীয়ে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ ক্ৰীড়াপ্ৰেমীৰ মনত স্থান লাভ কৰিছিল ৷ অপূৰ্ব লয়লাসেৰে টেনিছ ক্ষেত্ৰখনত সৌন্দৰ্যৰ পোহাৰ মেলিছিল মাৰিয়া ছাৰাপভাই ৷ বহু ক্ৰীড়া বিশেষজ্ঞৰ মতে বিশ্বৰ টেনিছ ক্ষেত্ৰখনত ৰূপ আৰু গুণৰ সমাহাৰ ঘটাইছিল ছাৰাপভাই ৷ যাৰ বাবে তেওঁ হৈ পৰিছিল বহু বিজ্ঞাপনৰ মডেল ৷

ক্ৰীড়া সামগ্ৰী উৎপাদন কৰা বহুজাতিক প্ৰতিষ্ঠানবোৰৰ বাবে ছাৰাপভা আকৰ্ষণৰ কেন্দ্ৰ আছিল ৷ বিশেষকৈ ক্ৰীড়াক্ষেত্ৰৰ তুলনাত বিজ্ঞাপনৰ যোগেদি এই তাৰকা খেলুৱৈগৰাকীয়ে অধিক ধন আহৰণ কৰা বুলিও চৰ্চা চলিছিল ৷ বিশ্বৰ ক্ৰীড়াংগনৰ ইতিহাসত যি কেইগৰাকী সুন্দৰীয়ে ৰূপৰ পোহাৰ মেলিছে তাৰ ভিতৰত প্ৰথমেই স্থান পোৱাৰ যোগ্য মাৰিয়া ছাৰাপভা ৷

ৰুছ সুন্দৰী এইগৰাকী টেনিছ তাৰকাই নিজৰ জন্ম দিনৰ দিনাই অনুৰাগীক দিলে এটি ভাল খবৰ ৷ জীৱনৰ ৩৫ তম বয়স গৰকা এইগৰাকী তাৰকাই সামাজিক মাধ্যমৰ জৰিয়তে জনালে প্ৰথমবাৰৰ বাবে মাতৃ হ’বলৈ ওলোৱাৰ কথা ৷
২০২০ বৰ্ষত টেনিছৰ পৰা অৱসৰ গ্ৰহণ কৰা এইগৰাকী তাৰকাই ইয়াৰ দুই বছৰ পূৰ্বে ব্ৰিটিছ ব্যৱসায়ী আলেকজেণ্ডাৰ গিলকেছৰ সৈতে আবদ্ধ হৈছিল বিবাহ পাশত ৷ তাৰ পাছতে বুধবাৰে অৰ্থাৎ তেওঁৰ ৩৫ তম জন্মদিনৰ দিনা ঘোষণা কৰে গৰ্ভৱতী হৈ থকাৰ কথা ৷ মাত্ৰ ১৭ বছৰ বয়সত প্ৰথমবাৰৰ বাবে উইম্বলডনৰ খিতাপ জয় কৰা এইগৰাকী টেনিছ তাৰকাই নিজৰ কেৰিয়াৰত সৰ্বমুঠ পাঁচবাৰ গ্লেণ্ডশ্লাম টুৰ্ণামেণ্ট জয় কৰিবলৈ সক্ষম হয় ৷