Home Blog Page 2374

পিঁয়াজৰ আছে বহু ঔষধি গুণ…..

শিয়াল কুকুৰে কামোৰিলে পিঁয়াজ পিহি মৌৰে কামোৰা ঠাইত লেপ দিলে বিষ নষ্ট হয়।২) কাণ বিষালে পিয়াজৰ ৰস গৰম কৰি চাৰিটোপ দিব।৩) বৃশ্চিকে কামোৰিলে পিঁয়াজ কাটি চূণ সানি লগাব।৪) চুলি কোচা কুচিকৈ সৰিলে বা টকৌৱে খালে পিঁয়াজ কাটি ঘঁহিব লাগে।

৫) হেকোঁটিত পিঁয়াজৰ ৰস মৌৰে খাব।৬) শৌচ কচা হ’লে ভাতৰ লগত কেঁচা পিঁয়াজ খাব।৭) এচিডিটিত পিয়াজ ৰস আৰু নেমু ৰস মিলাই আহাৰৰ পিছত খাব।৮) ভোক কমিলে পিয়াজৰ টুকুৰাত নেমু ৰস আটি ভাতৰ লগত খাব।৯) হাগা হ’লে পিঁয়াজ বটি নাভিৰ ওপৰত লেপ দিব আৰু ৰস খাব।১০) গোৰোহা ফাটিলে কেঁচা পিঁয়াজ পিহি লগাব।১১) প্ৰস্ৰাৱ বন্ধ হ’লে পিঁয়াজ কাটি পানীত উতলাই দিনে তিনিবাৰকৈ খাব লাগে।১২) প্ৰস্ৰাৱ জ্বলা পোৰা কৰিলে পিঁয়াজ পানীত উতলাই সেই পানী খাব লাগে।

১৩) মূত্ৰাশয়ত পাথৰ হ’লে পিয়াজৰ ৰসত পুৰণি গুৰ মিলাই ২০/২৫ দিন খালে পাথৰ বাহিৰ হয়।১৪) নাকেৰে তেজ ওলালে পিঁয়াজ ঠেতেলিয়াই শুঙিব লাগে।১৫) শক্তিশালী হ’বলৈ সদায় এচামোচকৈ পিয়াজৰ ৰস আৰু ঘিঁ মিলাই খাব। ঘিঁৰ সলনি দুচামোচ মৌ ল’ব পাৰে।

১৬) ক’লা দাগত পিঁয়াজৰ ৰস লগালে দাগ গুচে।১৭) মৌ আৰু বৰলে কামোৰিলে পিঁয়াজৰ ৰস সানিব লাগে।১৮) পিয়াজৰ ৰস মূৰত লগালে ওকণি নোহোৱা হয়।১৯) উফি হ’লে গা ধুৱাৰ আগত পিঁয়াজৰ ৰসেৰে মূৰ মালিচ কৰিব।২০) মূৰ ঘূৰণিত পিঁয়াজৰ ৰস নাকেৰে শুঙিব লাগে।

“মোগলৰ পত্নী কোন আছিল?”- ওৱাইচিৰ প্ৰশ্ন

“তেওঁলোকৰ পূৰ্বপুৰুষসকল ব্ৰাহ্মণ আছিল”- নৰোত্তম মিশ্ৰ আৰু ৰাকেশ সিনহাই ওৱাইচিক এক ভয়ংকৰ উত্তৰ দিছে।এআইএমআইএমৰ মুৰব্বী তথা সাংসদ আসাদুদ্দিন ওৱাইচিয়ে তেওঁৰ শেহতীয়া ভাষণত কয় যে ভাৰতৰ মুছলমানসকলৰ মোগলৰ সৈতে কোনো সম্পৰ্ক নাই, কিন্তু মোগল সম্ৰাটসকলৰ পত্নী কোন আছিল আমাক কওঁক।আৰ এছ এছ নেতা আৰু ৰাজ্যসভাৰ সাংসদ ৰাকেশ সিনহাই প্ৰত্যুত্তৰ দি কয়,

“বহুতো মুছলমানে স্বীকাৰ কৰিছিল যে তেওঁলোকৰ পূৰ্বপুৰুষসকল হিন্দু আছিল। তেওঁলোক মোগলৰ সন্তান নহয়। তেওঁলোক আৰৱৰ পৰা অহা নাই। ওৱাইচি নিজে হায়দৰাবাদত কেইজনমান পূৰ্বপুৰুষৰ আগতে এজন ব্ৰাহ্মণ আছিল। ধৰ্মান্তৰিত হোৱাৰ পিছত, তেওঁৰ পূৰ্বপুৰুষসকলে ইছলাম ধৰ্ম গ্ৰহণ কৰে। তেওঁৰ ইতিহাস অনুসৰণ কৰাৰ পিছত, তেওঁ মোগলৰ পত্নীসকলৰ বিষয়ে কোৱা উচিত।”

ৰাকেশ সিনহাই আৰু কৈছিল,

“যেতিয়া তেওঁলোকে মোগলসকলক ভাৰতীয় মুছলমানসকলৰ পৰা পৃথক কৰিছিল, তেওঁলোকে নিজেই মছজিদৰ সৈতে সম্পৰ্কিত দাবীবোৰ ত্যাগ কৰা উচিত। তেওঁলোকে আগবাঢ়ি আহি অযোধ্যা কাশী মথুৰাৰ মছজিদখন এটা মন্দিৰ আছিল আৰু এইবোৰ মোগলৰ অপকৰ্ম আছিল বুলি উদ্যোগ লোৱা উচিত।”

মধ্য প্ৰদেশৰ গৃহ মন্ত্ৰী নৰোত্তম মিশ্ৰাইও আসাদুদ্দিন ওৱাইচিৰ বক্তব্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰাই ওৱাইচিক মুছলমানসকলৰ ভাস্মাসুৰ বুলি বৰ্ণনা কৰিছিল।

মাৰ্ঘেৰিটা মহাবিদ্যালয়ত জীৱন দক্ষতাৰ(Life Skills) ওপৰত ক’নেৰু লক্ষ্মাইয়া বিশ্ববিদ্যালয়ৰ সহযোগত ছাত্ৰ- ছাত্ৰীৰ মাজত আলোচনা চক্ৰ

মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ আৰু এলুমিনি এছ’চিয়েছন সহযোগত সোমবাৰে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ সভাকক্ষত ছাত্ৰ- ছাত্ৰীসকলৰ মাজত Life Skills প্ৰশিক্ষণৰ ওপৰত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। হাইদৰাবাদৰ ক’নেৰু লক্ষ্মাইয়া বিশ্ববিদ্যালয় আৰু মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা এই আলোচনা চক্ৰত বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপীকা য়মখ্যা ফাকেই আঁ‌ত ধৰা অনুষ্ঠানত মহাবিদ্যালয় খনৰ অধ্যক্ষ ডঃ অতনু কাকতিয়ে পৌৰহিত্য কৰে।

সভাৰ আৰম্ভণিতে আলোচনা চক্ৰখনৰ উদেশ্য বাখ্যা কৰে মাৰ্ঘেৰিটা মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ  সন্থা সমিতিৰ সম্পাদক তথা ব্যৱস্থাপনা বিভাগৰ অধ্যাপক অঞ্জন কুমাৰ বৰদলৈয়ে। ক’নেৰু লক্ষ্মাইয়া বিশ্ববিদ্যালয়ৰ পৰা অহা সমল ব্যক্তি ক্ৰমে মেঘালী গগৈ বৰবৰুৱা, দ্বিগবিজয় তীৰ্কি আৰু চৈয়দ ৰিদুল হুচেইনে ছাত্ৰ ছাত্ৰী সকলৰ জীৱনত অতিকৈ প্ৰয়োজনীয় Soft Skills সম্পৰ্কে ভাষণ প্ৰসংগত উল্লেখ কৰে।সভাৰ অন্তত মহাবিদ্যালয়ৰ অধ্যক্ষ কাৰ্য্যালয়ত একাংশ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ সৈতে এক অন্তৰংগ আলাপত মিলিত হয় নৱ নিযুক্ত অধ্যক্ষ ডঃ অতনু কাকতিয়ে।

মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ডঃ ৰমেন হাজৰিকাই আঁ‌ত ধৰা এই অন্তৰংগ আলাপ অনুষ্ঠানতেই মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰাক্ত ছাত্ৰ ছাত্ৰী সকলৰ তৰফৰ পৰা অধ্যক্ষ কাকতিক এখন ফুলাম গামোচা আৰু এখন সফুৰাৰে সম্বৰ্ধনা জনোৱা হয়। অহা ২৫ জুন তাৰিখে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ -ছাত্ৰী সকলৰ এখন সমাৰোহ অনুষ্ঠিত কৰাৰো প্ৰস্তাৱ গ্ৰহণ কৰা হয়।  এই দুইটা অনুষ্ঠানতেই মহাবিদ্যালয় খনৰ কেইবাটাও বিভাগৰ প্ৰায় সংখ্যাক অধ্যাপক অধ্যাপিকা সকল উপস্থিত থাকে।

বৰপেটাৰ গৰাখহনীয়াৰ অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী পিযুষ হাজৰিকাই…

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত বাঘবৰ পাহাৰৰ দাঁতিত ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰি যোৱা বৈঠাপুটা ঘাট সত্ৰৰ কাষত ব্ৰহ্মপুত্ৰ নৈয়ে গৰা খহনীয়াৰ সৃষ্টি কৰি সত্ৰ খনলৈ ভাবুকি কঢ়িয়াই আনিছে। আজি এই ঐতিহাসিক সত্ৰ খনত উপস্থিত হৈ সত্ৰত সেৱা লৈ পৰিস্থিতিৰ বুজ জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই ।এই সত্ৰখনৰ লগতে সমগ্ৰ অঞ্চলটোক খহনীয়াৰ পৰা ৰক্ষা কৰিবৰ বাবে ইতিমধ্যে “Asian Development Bank”ৰ পৰা অৰ্থ সাহায্যৰ অনুমোদন হৈছে। বাৰিষাৰ পাছতেই এই অঞ্চলৰ স্থায়ী সুৰক্ষাৰ কাম আৰম্ভ কৰা হব। পৰ্যবেক্ষণৰ সময়ত উপস্থিত থকা জলসম্পদ বিভাগ আৰু জিলা প্ৰশাসনৰ বিষয়া সকলক কাইলৈৰ পৰা অস্থায়ী সুৰক্ষা বান্ধ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই। ইয়াৰ লগতে উপস্থিত থকা জিলা প্ৰশাসন আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়া সকলক সত্ৰখনৰ পথটো অতি সোনকালে নিৰ্মাণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । সত্ৰখনৰ সেৱা কৰিবলৈ মই ব্যক্তিগত ভাবেও সদায়ে সাজু বুলি কয় জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই।

পৰিদৰ্শনৰ সময়ত উপস্থিত থাকে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী, জনীয়া সমষ্টিৰ বিধায়ক হফিজ ৰফিকুল ইছলাম, অসম উদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা বৰসিং ৰংপি, বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল দাস, সমাজ সেৱক ৰহিম জিব্ৰান  তথা জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগৰ বিষয়ববীয়া সকল।

ডিগবৈত আটক দুই ড্ৰাগছ আসক্ত যুৱক

বৰ্তমান নৱ প্ৰজন্ম মাৰাত্মক ড্ৰাগছৰ কৱলত পৰা পৰিলক্ষিত হৈছে। ৰাজ্যখনৰ লগতে তিনিচুকীয়া জিলাখনতো এচাম উঠি অহা নৱপ্ৰজন্ম এই ড্ৰাগছৰ কৱলত পৰিছে। বিগত সময়ত ড্ৰাগছ আসক্ত যুৱকৰ বাবে বিভিন্ন অপৰাধ সংঘটিত হৈ আহিছে। আজি ডিগবৈ চহৰৰ মাজ-মজিয়া, চাৰিআলি বজাৰত  ড্ৰাগছ সেৱন কৰি থকা সময়তে দুই যুৱকক হাতে-লোতে আটক হব লগা হয়।

ধৃত  ড্ৰাগছ আসক্ত যুৱকদ্বয় ক্ৰমে লক্ষীপথাৰৰ সঞ্জীৱ সোণোৱাল আৰু ডিগবৈ চাৰিআলি বজাৰৰ ঋষি দত্ত।ঋষি দত্তৰ পিতৃ তুলসী দত্তই মাৰাত্মক ড্ৰাগছ বেজীৰে লৈ থাকোতে হাতে লোটে পুত্ৰ সহ আন এজন  ড্ৰাগছ আসক্ত যুৱকক আটক কৰিবলৈ সক্ষম হয়।উল্লেখ্যে যে ধৃত যুৱকদ্বয় ড্ৰাগছ এৰিব বাবে ৰিহাবিলিশ্যন চেণ্টাৰত আছিল যদিও ওলাই আহি পুনৰ ড্ৰাগছ সেৱন কৰিবলৈ লৈছিল।ঘটনাস্থলীত ডিগবৈ আৰক্ষী উপস্থিত হৈ দুই ড্ৰাগছ আসক্ত   যু্ৱকক আটক কৰি থানালৈ লৈ আনে।  

গুণোৎসৱ উপলক্ষে শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুৰ উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী মধ্য ইংৰাজী বিদ্যালয় পৰিদৰ্শন

গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ৰ অংশ হিচাপে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি কামৰূপ জিলাৰ কৰৰা শিক্ষাখণ্ডৰ অন্তৰ্গত দীৰ্ঘেশ্বৰী মধ্য ইংৰাজী বিদ্যালয় পৰিদৰ্শন কৰি বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশৰ বুজ লোৱাৰ উপৰি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত-বিনিময় কৰে। এগৰাকী বহিঃমূল্যায়কৰ ভূমিকা পালন কৰি মন্ত্ৰী গৰাকীয়ে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ সামগ্ৰিক শিক্ষাগত উৎকৰ্ষতাৰ বুজ লয়।উল্লেখ্যযে গুণোৎসৱৰ প্ৰথম পৰ্যায় ১০ খন জিলাত সূচাৰুৰূপে অনুষ্ঠিত হোৱাৰ পিচত দ্বিতীয় পৰ্যায় কালিৰে পৰা অহা ২৬ মে’লৈ অনুষ্ঠিত কৰা হৈছে। দ্বিতীয় পৰ্যায় কামৰূপ জিলাৰ উপৰি কোকৰাঝাৰ, গোলাঘাট, তিনিচুকীয়া, বৰপেটা, মাজুলী, মৰিগাওঁ, শিৱসাগৰ তথা ওদালগুৰি জিলাত অনুষ্ঠিত হৈ আছে। অহা ১ জুনৰ পৰা ৪ জুনলৈ তৃতীয় পৰ্যায়ত ১২ খন জিলাত এই কাৰ্যসূচী অনুষ্ঠিত হব। প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ চৰকাৰী, প্ৰদেশীকৃত তথা চাহবাগিচা কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত বিদ্যালয় সমূহত প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ অধ্যয়ণৰত ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক প্ৰগতি নিশ্চিত কৰাৰ উদ্দেশ্যেৰে অনুষ্ঠিত কৰা এই গুণোৎসৱত কামৰূপ জিলাৰ সৰ্বমুঠ ২২০৫ খন বিদ্যালয়ৰ ১,৯২,৯৬৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উৎকৰ্ষতাৰ মূল্যায়ন কৰা হ’ব। ইয়াৰ বাবে জিলাখনত ১১২২ গৰাকী বহিঃ মূল্যায়ক নিয়োজিত কৰা হৈছে।


পৰিদৰ্শনৰ সময়ত শিক্ষানুষ্ঠানখনত উপস্থিত থকা সংবাদসেৱী সকলৰ সৈতে হোৱা মত-বিনিময়ত শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ যোৱাকালিৰ পৰা আৰম্ভ হৈছে। দ্বিতীয় পৰ্যায়ত ১২ খন জিলাত এই কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও সম্প্ৰতিক বান পৰিস্থিতিৰ পৰিপেক্ষিতত ৩খন জিলাত অনুষ্ঠিত হোৱা নাই। আজি তেওঁ কামৰূপ জিলাৰ দীৰ্ঘেশ্বৰী মধ্য ইংৰাজী বিদ্যালয়ৰ গুণোৎসৱ স্বচক্ষে পৰিদৰ্শন কৰি বুজ লৈছে বুলি তেওঁ ব্যক্ত কৰে। এই গুণোৎসৱ বৰ্তমানৰ ৰাজ্য চৰকাৰে এক নিয়মীয়া কাৰ্যসূচীলৈ ৰূপান্তৰ কৰাৰ উপৰি এপ্ৰিল অথবা মে’ মাহৰ সলনি নৱেম্বৰ/ডিচেম্বৰ মাহত অনুষ্ঠিত কৰাৰ পদক্ষেপ লব বুলিও তেওঁ কয়। চৰকাৰী বিদ্যালয় সমূহৰ শৈক্ষিক মান উন্নীতকৰণৰ বাবে এই কাৰ্যসূচী লোৱা হৈছে বুলিও তেওঁ কয়।শিক্ষামন্ত্ৰী গৰাকীয়ে বিদ্যালয়খন পৰিদৰ্শন কৰাৰ সময়ত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা, বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীকে ধৰি অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে।
আনহাতে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ অংশ হিচাপে ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, প্ৰধান সচিব অবিনাশ যোশী, আয়ুক্ত সচিব কবিতা পদ্মনাভন, আয়ুক্ত সচিব আকাশ দ্বীপ, সচিব ডাঃ লক্ষ্মনন এচ আৰু কমল বৈশ্যই কামৰূপ জিলাৰ নিৰ্দিষ্ট কৰা বিদ্যালয়সমূহ পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক উৎকৰ্ষতাৰ বুজ লয়।

ডিমা হাছাওৰ ভূমিস্খলনৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ আৰু বৰ্তমানৰ অৱস্থা বুজ লয় হিমন্ত বিশ্ব শৰ্মাই…

ডিমা হাছাও জিলা বৰষুণ আৰু ভূমিস্খলনৰ ফলত পথৰ ক্ষতিকে ধৰি বিভিন্ন দিশত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে। আজি ডিমা হাছাও জিলা ভ্রমণৰ এক অংশ হিচাপে ভূমিস্খলনৰ ফলত হোৱা জিলাখনৰ প্ৰাথমিক ক্ষয়-ক্ষতিৰ এখন পৰ্যালোচনা বৈঠকত মিলিত হয় হিমন্ত বিশ্ব শৰ্মা ৷ বৈঠকত জিলাখনত তাৎক্ষণিকভাৱে পূৰ্ণস্তৰত যোগাযোগ ব্যৱস্থা পুনৰ আৰম্ভ কৰাৰ পোষকতা কৰাৰ লগতে ক্ষতিগ্ৰস্ত পথসমূহৰ পুনৰুদ্ধাৰৰ দিশতো গুৰুত্ব প্ৰদান কৰে । এই দুর্যোগৰ সময়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদক বৰ্তমানৰ সংকটৰ পৰা মুক্ত কৰিবলৈ পৰ্যাপ্ত পুঁজিৰে সহায় কৰাৰ আশ্বাস প্রদান কৰে হিমন্ত বিশ্ব শৰ্মাই ।

তদুপৰি সমগ্র বিষয়টোৰ স্থায়ী সমাধান বিচাৰি উলিওৱাৰ সন্দৰ্ভতো  কাম তৰি  আছোঁ, বুলি কয় হিমন্ত বিশ্ব শৰ্মাই যাতে ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন প্ৰতিহত কৰিব পৰা যায়।পর্যালোচনা বৈঠকখনত উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ  মুখ্য কাৰ্যবাহী সদস্য শ্ৰীদেবলাল গাৰ্লোছা,  বিধায়িকা শ্ৰীনন্দিতা গাৰ্লোছা, পৰিষদৰ অধ্যক্ষা শ্ৰীৰাণু লাংথাছা, ৰাজ্যৰ মুখ্য সচিব শ্ৰীজিষ্ণু বৰুৱা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব  শ্ৰীসমীৰ কুমাৰ সিনহা, পৰিষদৰ প্ৰধান সচিব শ্ৰী টি টি ডাউলাগপুকে ধৰি বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।

হাজোৰ নতুন বজাৰস্থিত ডাইনেমিক ফিজিঅ’থেৰাপী চেণ্টাৰ আৰু ডাক্টৰচ চেম্বাৰৰ সৌজ্যনত বিশেষভাৱে সক্ষম শিশুসকলৰ মানসিক বিকাশৰ্থে এখনি সজাগতামূলক সভা সম্পণ্ণ

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বিষ্ণুপুৰ নতুন বজাৰস্থিত ব্যক্তিগত মাধ্যমৰ উণ্ণত সা সুবিধাৰে প্ৰতিষ্ঠিত ডাইনেমিক ফিজিঅ’থেৰাপী চেণ্টাৰ আৰু ডাক্টৰচ চেম্বাৰৰ সৌজন্যত আজি বিশেষভাৱে সক্ষম শিশুসকলৰ মানসিক বিকাশৰ্থে অভিভাৱকসকলক উদ্দেশ্যি এখনি সজাগতামূলক সভা সম্পণ্ণ হ’য়।সভাত চিকিৎসা বিজ্ঞানৰ ব্যৱহাৰিক দিশেৰে বিশেষভাৱে সক্ষম শিশুসকলৰ মানসিক আৰু শাৰিৰীক বিকাশৰ্থে ফিজিঅ থেৰাপী আৰু স্পিষ্ট থেৰাপীৰ ব্যৱস্থাৰে সুস্বাস্থ্য গ্ৰহনৰ ওপৰত লবলগীয়া যতন সন্দৰ্ভত সাৱলীল বক্তব্য দাঙি ধৰে ।

তদুপৰি যিবোৰ শিশুৱে ভালকৈ বহিব নোৱাৰে,খোজ কাঢ়িব নোৱাৰে,কথা ক’ব নোৱাৰে,অথবা ডাউন চিন্ড্ৰোম,অটিজম আদিকে ধৰি বিভিণ্ণ সমস্যাত ভূগি আছে,সেই সকলক শিশুকো ডাইনেমিক ফিজিঅ’থেৰাপী চেণ্টাৰত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰা হ’য় বুলি উল্লেখ কৰে ফিজিঅ থেৰাপিষ্ট ডা° শংকৰজ্যোতি তালুকদাৰে।

‘ৰাইজে মনত শান্তি পোৱা কাম কৰি মই সুখী হওঁ’- বিধায়ক ৰঞ্জিত দত্ত

ৰাইজৰ মনৰ শান্তি পোৱা কাম কৰি মই সুখী হও বিধায়ক ৰঞ্জিত দত্ত।বিহালী চাহ বাগিচালৈ এম্বুলেন্সৰ প্ৰদান।বিহালী সমষ্টিল অন্যতম এখন চাহ বাগিচাৰ বিহালী চাহ বাগিচা।চাহ বাগিচাৰ শ্ৰমিক সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিলে বিধায়ক ৰঞ্জিত দত্তই।চাহ বাগিচাৰ শ্ৰমিক সকলকৰ সুবিধা হোৱাকৈবিধায়ক উন্নয়ন পুঁজি ২০২১-০২২ বৰ্ষৰে মঙলবাৰে এখন এম্বুলেন্সৰ প্ৰদান কৰে চাহ বাগিচা খনৰ কতৃপক্ষক বিধায়ক ৰঞ্জিত দত্তই।উল্লেখযোগ্য যে বাগিচা খনৰ শ্ৰমিক অনুসৰি এম্বুলেন্সৰ অভাৱ আছিল।
যাৰ ফলত দীৰ্ঘদিন ধৰি সমস্যা সন্মুখত হৈ আহিছিল বাগিচা খনৰ শ্ৰমিক সকল।বাগিচা খনত থকা এম্বুলেন্সৰ খনে শ্ৰমিক অনুপাতে ৰোগীৰ সকলক গুৱাহাটীৰ তেজপুৰ চিকিৎসালয়লৈ নিবলৈ কিছু অসুবিধা সন্মুখীন হৈ আছিল। ইফালে এটা অভাৱৰ কথা বিহালী চাহ বাগিচাৰ কতৃপক্ষকই বিষয়টো বিধায়ক গৰাকীক অৱগত কৰাত বিধায়ক ৰঞ্জিত দত্তই বাগিচালৈ এখন শীতলি কৰণ এম্বুলেন্সৰ প্ৰদান কৰে ।ইফালে বিধায়ক ৰঞ্জিত দত্তই এম্বুলেন্সৰ খন প্ৰদান কৰি ভাষাণ প্ৰশংগত কয় ৰাইজৰ মনৰ শান্তি পোৱা উন্নয়ন আৰু কাম কৰি মই সুখী হও ৰাইজ সুখী মানে মই সুখী বুলি প্ৰকাশ কৰে বিধায়ক ৰঞ্জিত দত্তই।


লগতে দত্তই কয় বৰ্তমান বিজেপিমিত্ৰজ্যেষ্ঠ চৰকাৰৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত চাহ বাগিচাৰ সমূহৰ বাট পথ লগতে শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত বহু পৰিমাণে উন্নয়ন হৈছে। ভৱিষ্যত চৰকাৰৰ খনে চাহ বাগিচাৰ চিকিৎসালয় সমূহ চৰকাৰে অধিক উন্নয়ন কৰা পৰিকল্পনা কৰা বুলি প্ৰকাশ কৰে।এম্বুলেন্সৰ প্ৰদান কৰা অনুষ্ঠানত উপস্থিত থাকে বিহালী আঞ্চলিক সভানেত্ৰী গীতা দাস
চাহ বাগিচা খনৰ মুখ্য পৰিচালকৰ মনোৰঞ্জন তালুকদাৰ, সহকাৰী পৰিচালক উজ্জ্বল বচদ,চিকিৎসক ডা:আভিজিৎ শৰ্মা
কল ঘৰৰ সহকাৰী পৰিচাক ধ্ৰুৱজ্যোতি বৰা বিহালী মণ্ডলৰ সভাপতি লাচিত বৰা,বিহালী বিজেপি মণ্ডল উপ সভাপতি দীপক চাহুকে
ধৰি অঞ্চলটো বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।আনহাতে বিধায়ক ৰঞ্জিত দত্তই বাগিচাৰ খনৰ সমস্যাটো সমাধান কৰাত বাগিচাৰ শ্ৰমিক সকল সুখী হোৱা বুলি প্ৰকাশ কৰে বাগিচা খনৰ মুখ্য পৰিচালক মনোৰঞ্জন তালুকদাই লগতে ধন্যবাদ জ্ঞাপন কৰিছ পৰিচালক গৰাকীয়ে।

দৈৰ সৈতে আন বস্তু একেলগে নাখাব।কিয়নো এনে কৰিলে আপোনাৰ সমস্যা হ’ব পাৰে।আহকচোন চাওঁ দৈৰ সৈতে কি কি কি বস্তু খাব নালাগে…

এই বস্তুবোৰৰ সৈতে দৈ খাবলৈ নাপাহৰিব, শৰীৰক্ষতিগ্ৰস্ত হ’ব!
আম আৰু দৈ: দৈৰ সৈতে মিহলি কৰা কিছুমান বস্তু খালে আপোনাৰ সমস্যা বৃদ্ধি হ’ব পাৰে। এনে পৰিস্থিতিত, আপুনি এই বস্তুবোৰৰ পৰা দূৰত্ব ৰাখিব লাগিব। গতিকে আপুনি কি কি বস্তুৰ পৰা আঁতৰি থাকিব লাগিব আহক।গ্ৰীষ্মকালত, মানুহে শৰীৰশীতল ৰাখিবলৈ বহুতো বস্তু খায় আৰু পান কৰে। এই ঋতুত দৈৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পায়। দৈবাচক বা ৰাইতাৰ পৰা তৈয়াৰ কৰা লাচি হওঁক, মানুহে ইয়াক বহুত ভাল পায়। অৱশ্যে, গ্ৰীষ্মকালত দৈয়ে আপোনাক যথেষ্ট লাভান্বিত কৰে, কিন্তু আপুনি যদি যিকোনো বস্তুৰে দৈ খায়, আপুনি লাভালাভ প্ৰাপ্ত কৰাটো প্ৰয়োজনীয় নহয়। বহুলোকে দৈ আৰু পিয়াজ মিহলি কৈ খাবলৈ ভাল পায়। যদি আপুনি সেইটো ভাল পায়, আপুনি সচেতন হোৱা উচিত। প্ৰকৃততে, ই আপোনাৰ শৰীৰৰ যথেষ্ট ক্ষতি সাধন কৰে। লগতে, যদি আপুনি আন কিছুমান বস্তুৰ সৈতে দৈ খায় তেনেহ’লে ই আপোনাৰ ক্ষতি কৰিব পাৰে।।

আমৰ সৈতে দৈ নাখাব নেকি?
আম আৰু গাখীৰেৰে তৈয়াৰ কৰা আম ৰঙৰ জোকাৰি গৰমত বৰ ভাল লাগে, কিন্তু যদি আপুনি দৈৰ সৈতে মিহলি হৈ আম খোৱাৰ কথা ভাবি আছে, তেন্তে এই ভুলটো একেবাৰে নকৰিব। দৈ আৰু আম খোৱাৰ সংমিশ্ৰণে আপোনাৰ শৰীৰৰ ক্ষতি কৰিব পাৰে।

গৰম বস্তুৰে দৈ নাখাব।
দৈয়ে শৰীৰলৈ শীতলতা আনিবলৈ কাম কৰে। যদি আপুনি ইয়াত গৰম কিবা খাবলৈ চেষ্টা কৰে, তেনে কৰিবলৈ নাপাহৰিব। একেলগে ঠাণ্ডা আৰু গৰম খোৱাটোৱে আপোনাৰ দাঁতৰ ক্ষতি কৰিব পাৰে।

এই দাইলৰ সৈতে দৈ নাখাব।
দৈ আৰু উৰাদ দাইল একেলগে খোৱাটো ক্ষতিকাৰক। ইয়াৰ ফলত শৰীৰত এচিডিটি, প্ৰদাহ, ঢিলা গতি আদিৰ সমস্যা হ’ব পাৰে। যদি আপুনি খাব লগা হয়, দুয়োটা একেলগে নাখাব আৰু দুয়োটা খোৱাৰ সময়ত সময়ৰ ব্যৱধান ৰাখিব।

মাছ আৰু দৈ একেলগে নাখাব।
বিশেষজ্ঞসকলে কৈছে যে দৈ আৰু মাছ একেলগে খাব নালাগে। ইয়াক সেৱন কৰিলে আপোনাৰ শৰীৰৰ বিভিন্ন ধৰণে ক্ষতি হ’ব পাৰে। যদি আপুনি একেলগে খাবলৈ চেষ্টা কৰে, আপুনি বদহজম আৰু পেটৰ বিষৰ দৰে সমস্যাত ভুগিব লাগিব পাৰে।

দৈয়ে বহুতো লাভালাভ প্ৰদান কৰে।
কিছুমান বস্তুৰ সৈতে দৈ মিহলি কৰাৰ ফলত হোৱা ক্ষতি এৰি দিয়ক, তেনেহ’লে ই আপোনাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী। দৈ খোৱাটোৱে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ উপৰিও, ই দাঁত আৰু হাড়কো শক্তি প্ৰদান কৰে। একে সময়তে, আপোনাৰ হৃদযন্ত্ৰও স্বাস্থ্যৱান।