Home Blog Page 2393

শ্ৰীলংকাৰ দৰে ভাৰতবৰ্ষৰ যে নহব নুই কৰিব নোৱাৰিঃ ৰকিবুল হুছেইন

দিনক দিনে অত্যাৱশ্যকীয় সা সামগ্ৰীৰ প্ৰতিদিনেই মূল্য বৃদ্ধি হৈ আছে ৷ এই মূল্য বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰুধী দলৰ উপ দলপতি তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷ যোৱা নিশা হঠাত ডবকাত উপস্থিত হৈ তেওঁ কয় যে এই চৰকাৰৰ দিনত নিতৌ প্ৰতিবিদ অত্যৱস্যকীয় সা সামগ্ৰীৰ মূল্যবৃদ্ধি হৈ আছে ৷ অসমৰ ৰাইজে শাসনাধিস্থ চৰকাৰখনক শাসনৰ বাঘজৰি হাতত তুলি দিছে , তাকে লৈ চৰকাৰে জনতাৰ ফালে নাচায় নিজ ইচ্ছামতে সকলো বস্তুৰ দাম বৃদ্ধি কৰি়য়েই আছে ৷এনে হৈ থাকিলে এদিন শ্ৰী লংকাৰ দৰে অৱস্থা হোৱাটো একেবাৰে নিশ্চিত ৷ তেওঁ চৰকাৰক অত্যাৱস্যকীয় সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰাৰ লগতে ঋণ কমকৈ লোৱাৰ বাবে চৰকাৰৰ আহবান  জনায় ৷

আনহাতে অসমত দশম শ্ৰেনীলৈকে হিন্দী ভাষা বাধ্যতামূলক কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে  কয় যে শাসনৰ বাঘজৰী তেওঁলোকৰ হাতত দিয়াৰ বাবেই নিজ খেয়াল খুচিমতে সকলো কাম কৰি গৈছে ৷ প্ৰথমে অসমৰ ৰাইজৰ ওপৰত কা’ জাপি দিলে এতিয়া আকৌ হিন্দী ভাষাটোক জাপি দিছে ৷ এনেদৰেই অসমীয়া ভাষা সংস্কৃতিক বি,জে,পি য়ে  বিলুপ্ত কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ কৰে  ৷ এনেকাৰ্যৰ পৰা বিৰত থাকিবলৈ চৰকাৰক তেওঁ অনুৰোধ জনায় ৷আনহাতে ডবকা পৌৰ সভা গঠনৰ ক্ষেত্ৰত কংগ্ৰেছে ,এ আই ইউ ডি এফৰ সহায় লব নেকি সাংবাদিকে কৰা প্ৰশ্নৰ  উত্তৰত তেওঁ বিষয়টোৰ পৰা ফালৰি কাটি কয় যে নগাওঁ,কৰিমগঞ্জ আৰু দৰং জিলা পৰিষদ গঠনত BJP য়ে  এ আই ইউ জি এফৰ সহায় লৈছে ৷ সেই প্ৰশ্ন আজিলৈকে কোনো কৰা নাই ৷

বকোৰ সৰ্বমঙ্গলা দুৰ্গাবাড়িত বাসন্তী পূজাৰ প্ৰস্তূতি…

সমাজত শান্তি শৃংখলা প্ৰতিষ্ঠা কৰিবলৈ আৰু ধৰ্মীয় সত্তা গঢ়ি তুলিবলৈ বিগত বছৰবোৰৰ দৰে এই বৰ্ষও কামৰূপ জিলাৰ বকোত,বকোস্থিত সৰ্বমঙ্গলা দুৰ্গাবাড়িত আয়োজন কৰা হৈছে শ্ৰী শ্ৰী মা বাসন্তী পূজাৰ। বকো ৰাজহ চক্ৰৰ অন্তৰ্গত ১ নং ডাকুৱাপাৰাৰ সৰ্বমঙ্গলা দুৰ্গাবাড়িৰ পূজক তথা ধৰ্মপ্ৰাণ ব্যক্তি কৃষ্ণ কান্ত ব্যানাৰ্জীৰ একক তৎপৰতাত আয়োজন কৰা হয় এই মা বাসন্তী পূজা ভাগী। এই বেলি পঞ্চদশ সংখ্যক বৰ্ষৰ বাবে আয়োজন কৰা হৈছে দেৱী পূজাৰ।পূজক কৃষ্ণ কান্ত ব্যানাৰ্জীয়ে জনোৱা মতে ২৩ চ’ত অৰ্থাৎ ৭ এপ্ৰিলৰ পৰা ২৭ চ’তলৈ তথা ১১ এপ্ৰিললৈ বিধি বিধান অনুসৰি মাংগলিক নিয়মৰে পালন কৰা হ’ব পূজা ভাগী।

সৰ্বমঙ্গলা দুৰ্গাবাড়িৰ পৰিয়ালৰ কিশোৰ কুমাৰ ব্যানাৰ্জী আৰু তাপশ কুমাৰ ব্যানাৰ্জীয়ে জনোৱা মতে মা বাসন্তী পূজাৰ কাৰ্য্যক্ৰমণিকা অনুসৰি ৭ এপ্ৰিলৰ সন্ধিয়া দেৱী মাৰ আমন্ত্ৰণ ও অধিবাস আৰু পূজা শুভাৰম্ভ হয়। ৮ এপ্ৰিলত যথা ৰীতি বিধি মতে বিহিত সপ্তমী পূজা। ইফালে বহু সংখ্যক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত বেদ বেদান্তৰ ৰীতি-নীতি মতে আজি মহা অষ্টমী পূজা পৰ্ব সম্পন্ন হয়। লগতে নৱমী পূজা সমাপন কৰাৰ পিছত অৰ্থাৎ ১১ এপ্ৰিলত দেৱী মাৰ দশমী বিহিত পূজা ৰূপায়ণ কৰা হ’ব। ইফালে পূজাৰ আটাইকেইদিনতে পূষ্পাঞ্জলী ; নাম প্ৰসংগ ; আয়তি নাম ; আৰতি প্ৰদৰ্শন ; প্ৰসাদ ও ভোগ বিতৰণ আদি কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় বুলি জনায় কৃষ্ণ কান্ত ব্যানাৰ্জীয়ে। 

ৰহাত নাথ যোগীৰ ৰাজনৈতিক পৰ্যালোচনা সভা…

নগাঁও জিলা যোগী সন্মিলনী আৰু সদৌ মৰিগাঁও নাথ-যোগী সাহিত্য সংস্কৃতি সন্মিলনৰ সহযোগত আজি ৰহা মহাবিদ্যালয়ত’ অসম নাথ যোগী জাতীয় পৰিষদৰ’ এখন প্ৰতিনিধি মূলক ‘ৰাজনৈতিক পৰ্যালোচনা  সভা ‘অনুষ্ঠিত হয় । অসম প্ৰাদেশিক যোগী সন্মিলনী ,  মহিলা সন্মিলনী , সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাকে ধৰি বহু বিষয়ববীয়াই অংশগ্ৰহণ কৰা সভাখনত সভাপতিত্বত কৰে অসম নাথ-যোগী জাতীয় পৰিষদৰ সভাপতি কীৰ্তি নাথে সভাপতিত্বত কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে জাতীয় পৰিষদৰ সম্পাদক পবন নাথে। অসম প্ৰাদেশিক যোগী সন্মিলনীৰ প্ৰাক্তন সভাপতি তথা উপদেষ্টা ধীৰেন নাথ , বি জেপি  অ বি চি মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদক ডাঃ বীৰেন্দ্ৰ কুমাৰ নাথে বিষয়বস্তুৰ ওপৰত আলোচনা কৰাৰ পাছতে সভাত নিজৰ বক্তব্য প্ৰদান কৰি সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে নিজৰ মতামত ব্যক্ত কৰি কয় -” অসমত নাথ যোগী সংগঠন সমূহৰ কৰ্মকৰ্তাৰ মতপ্ৰাৰ্থক্যৰ বাবেই  আজিও নাথ যোগী সকল যোগ্য প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে ।

আজিৰ প্ৰেক্ষাপটত জাতীয় সকলো সংগঠন এক নহলে দিশপুৰে ভয় নকৰে , ৰাজনৈতিক ক্ষেত্ৰ দখল কৰাটো অসম্ভব হৈ পৰিব । জাতিটোৰ নিজা লোকপিয়ল কৰি সঠিক তথ্য সহ চৰকাৰ , ৰাজনৈতিক দলক আমি বাধ্য কৰিব লাগিব । ভাৰতৰ স্বাধীনতাৰ পাছত অসমত মাত্ৰ ৭ জন নাথ যোগীৰ বিধায়ক হল । গোৱালপাৰাৰ খগেন্দ্ৰ নাথ , নগাঁৱৰ গুনেন্দ্ৰ নাথ পণ্ডিতহে ব্ৰহ্মপুত্ৰ উপত্যকাৰ । জাতিটোৰ পৰি ৰাজনৈতিক দলে কৰি অহা অবহেলাৰ আমি প্ৰত্তোত্বৰ দিবৰ হ’ল ।  সভাত মৰিগাঁৱৰ  নাথ যোগী সাহিত্য সংস্কৃতি সন্মিলনৰ লক্ষজ্যোতি নাথ  আৰু জিতুমণি নাথ ,  দুমুনীচকীৰ কিৰণ কাকতি , হোজাইৰ আষ্ট্ৰিক নাথ , বৈঠালাংছৰ নৃপেন নাথ ,ৰহাৰ মনিৰাম নাথ , নাথ সাহিত্য পৰিষদৰ মুখ্য সম্পাদক  ডঃ হৰ কুমাৰ নাথ , মহিলা সন্মিলনীৰ  সভানেত্ৰী চিত্ৰলেখা চৌধুৰী ,নাথ যোগী ছাত্ৰ সন্থাৰ প্ৰশান্ত নাথ আদিয়ে বক্তব্য প্ৰদান কৰা সভাত ছয়টা প্ৰস্তাৱ গ্ৰহন কৰা হয় । আগন্তুক ২০২৪ চনত নগাঁও লোকসভা সমষ্টি আৰু ২০২৬ চনৰ বিধানসভাৰ কেইবাটাও  সমষ্টিত সম্প্ৰদায়টোৰ উপযুক্ত লোকক প্ৰাৰ্থীত্ব দিবলৈ প্ৰস্তাৱ গ্ৰহন কৰি কাৰ্যপন্থাৰ বাবে “চিন্তন কোষ ” গঠনৰ সিদ্ধান্ত গ্ৰহন কৰে । পঞ্চায়তৰ ভিত্তিত সম্প্ৰদায়টোৰ নিজাকৈ লোকপিয়ল কৰাৰ প্ৰস্তাৱ গ্ৰহন কৰে ।অসমৰ জিলা সমূহক কেইবাটাও মণ্ডলত ভাগ কৰি  ৰাজনৈতিক চিন্তা চৰ্চাৰ বাবে অভিবৰ্তন আৰু মণ্ডল কমিটি গঠনৰ পোষকতা কৰা হয় । অসমত থকা নাথ-যোগী সকলক প্ৰতিনিধিত্ব কৰা আটাইকেইটা সংগঠনক একগোট কৰি “চিন্তন কোষ” গঠনৰ এক প্ৰস্তাৱ গ্ৰহন কৰা হয় ।সভাৰ শেষত হোৱা এক অনুষ্ঠানত নাথ সাহিত্য পৰিষদৰ সাহিত্য, সংস্কৃতি আৰু সমাজ- বিষয়ক ছয়মহীয়া বহুভাষিক গবেষণা পত্ৰিকা ” সংহতি” উন্মোচন কৰে সদৌ অসম নাথ- যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে । সংহতিৰ সম্পাদক হিৰন্য কুমাৰ নাথে আঁত ধৰা অনুষ্ঠানত  যোগী সন্মিলনীৰ বহু বিষয়ববীয়াই অংশগ্ৰহণ কৰে ।

বঙাইগাঁৱত অবৈধ কাঠফলা মিলসহ লক্ষ্যাধিক টকাৰ কাঠ জব্দ…

আজি বঙাইগাঁও জিলাৰ আই ভেলি বন বিভাগৰ বিশেষ বন সুৰক্ষা বাহিনীৰ অভিযানত বঙাইগাঁও জিলাৰ মাণিকপুৰ খণ্ড বন বিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত ১ নং ছালাবিলাত অবৈধ কাঠ ফলা মিলসহ প্ৰায় লক্ষাধিক টকাৰ কাঠ, কূণ্ডা জব্দ কৰিবলৈ সক্ষম হয় । এক বিশেষ সূত্ৰৰ পোম খেদি আজিৰ এই অবৈধ কাঠ মিল সহ বহু কাঠ জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত কাঠ খিনিৰ মূল্য প্ৰায় লক্ষাধিক টকা হব বুলি বন সুৰক্ষা বাহিনীৰ বিষয়া শোশীমোহন সিংহই জানিবলৈ দিয়ে। জব্দ কৰা কাঠ ফলামিলটো আৰু কাঠ সমুহ মাণিকপুৰ উপ খণ্ড বন বিষয়াৰ কাৰ্যালয়ত লৈ আহ অবৈধ কাঠফলা মেলৰ মালিক, কাঠ বেপাৰী কাকো কৰায়ত্ব কৰিব পৰা নাই।

এই সংক্ৰান্তত বিভাগীয় ভাবে এক গোচৰ ৰুজু কৰি দোষীক কৰায়ত্ব কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে। অবৈধ কাঠফলা মেল উচ্ছেদ কৰাৰ ক্ষেত্ৰত স্থানীয় এজন সাংবাদিক জড়িত বুলি অপ্ৰচাৰ কৰি, সাংবাদিক জনক কিছু সময় আবদ্ধ কৰি ৰাখে। সাংবাদিক এজনক অপমান কৰা, শাৰীৰিক ভাৱে আক্ৰমণ কৰা ঘটনাত ক্ষুব্ধ হৈ পৰিছে কোকিলা প্ৰেছ ক্লাৱৰ সাংবাদিক সকল। দুষ্কৃতিকাৰী সকলোৰ বিৰুদ্ধে এক গোছৰ ৰুজু কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 

হাজোত ৰাম নৱমী মহোৎসৱ উদযাপন…

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত জাপিয়া কালি মন্দিৰ প্ৰাংগনত  উত্তৰ কামৰূপ জিলা বিশ্ব হিন্দু পৰিষদ ও বজৰংগ দল হাজো প্ৰখণ্ডৰ উদ্যোগত দিনযোৰা বৰ্নাধ্য কাৰ্যসূচীৰে ৰাম নৱমী মহোৎসৱ পালন কৰা হ’য়।সেই অনুসৰি পুৱা মাল্যাৰ্পন, বন্তি প্ৰজালন,ওম কাৰ ধ্বনি আৰু বিজয় মহামন্ত্ৰৰে অনুষ্ঠানটিৰ শুভাৰম্ভ হ’য়।ইয়াৰ পিছতে এখনি সভা অনুষ্ঠিত হ’য়। সভাৰ সভাপতিত্ব কৰে হাজো প্ৰখণ্ডৰ ধৰ্ম প্ৰচাৰক জিতেন্দ্ৰ ভাগৱতীয়ে।সভাত হিন্দু দেৱতা বিষ্ণুৰ সপ্তম অৱতাৰ ৰাম ভগৱানৰ জীৱন পৰিক্ৰমাৰ এক অৱলোকন বাখ্যাৰে সমাজত ন্যায় প্ৰতিষ্ঠাৰ লগতে দেশ ,জাতি, ধৰ্মৰ ঐতিহ্য পৰম্পৰা ৰক্ষাৰ বাবে সদায় যুৱ সমাজক আগবাঢ়ি আহিবলৈ আহ্বান জনোৱাৰ লগতে ভগৱান শ্ৰীৰাম’ৰ আদৰ্শৰে সমাজত আমি সকলোৱে সদায় ধৈৰ্য,শান্ত আৰু স্থিৰ গতিৰে নিজৰ লক্ষ্যত উপনীত হ’বলৈ চেষ্টা কৰিব লাগে বুলিওঁ এক গঠনমূলক বাখ্যা আগবঢ়োৱা হ’য়।

সভাত নিমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে বিশিষ্ট সমাজ সেৱক তথা মনসা সাধক প্ৰমোদ বেজবৰুৱা,জ্যোষ্ঠ বিজেপি নেতা বিষ্ণু পাঠক,নগেন মালাকৰ,হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এমব্ৰাৱেল দৈমাৰী,ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ উত্তৰ কামৰূপ জিলাৰ বৌদ্ধিক প্ৰমূখ প্ৰবীন মেধি,দিনমণি ডেকা,উত্তৰ কামৰূপ জিলা বজৰংগ দলৰ সহ-সংযোজক ৰিংকু কলিতা,কিশোৰ ডেকা,উত্তৰ কামৰূপ জিলা বজৰংগ দলৰ ধৰ্ম প্ৰচাৰক হিৰক কলিতা,জোন ৰাজবংশী,হাজো প্ৰখণ্ডৰ মিলন কেন্দ্ৰ প্ৰমূখ সদানন্দ দাস,সুৰক্ষা প্ৰমূখ হেমন্ত দাসকে প্ৰমূখ্য কৰি প্ৰায়সংখ্যক বিশিষ্ট গণ্য মান্য ব্যক্তি ।

বঙাইগাঁৱত তিনিদিনীয়া অসমী বহাগী মেলা – ২০২২ 

সমাগত ৰঙালী বিহুৰ প্ৰাকমূহুৰ্তত দেওবাৰৰ পৰা বঙাইগাঁও চহৰৰ গান্ধী ময়দানত তিনিদিনীয়াকৈ আৰম্ভ হৈছে অসমী বহাগী মেলা- ২০২২ ৷ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বঙাইগাঁও জিলা পৰিচালনা শাখাৰ উদ্যোগত আয়োজন কৰা এই অসমী বহাগী মেলাখন স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰী আৰু জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই আনুষ্ঠানিকভাৱে দ্বাৰ মুকলি কৰি উদ্বোধন কৰে ৷ ইয়াৰ পিচতে অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান ৷ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বঙাইগাঁও জিলাৰ প্ৰকল্প প্ৰৱন্ধক প্লোৰাজ মুছাহাৰীয়ে আদৰণি ভাষণ ৰখা অনুষ্ঠানৰ  আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বিধায়ক ফণীভূষণ চৌধুৰীয়ে ৷

অনুষ্ঠানত বিধায়কগৰাকীয়ে বক্তব্যত এই বহাগী মেলাৰ জৰিয়তে আত্ম সহায়ক গোটসমূহ উপকৃত হ’ব বুলি আশা ব্যক্ত কৰে ৷ লগতে আত্ম সহায়ক গোটসমূহ উপকৃত হোৱাৰ লগে লগে গোটৰ সদস্যাসকলো পৰিয়ালকেন্দ্ৰিক উপকৃত হ’ব বুুুলিও কয় ৷ অনুষ্ঠানত জিলা উপায়ুগৰাকীয়েও বক্তব্য ৰাখে ৷ উল্লেখ্য যে এই মেলাখনত জিলাখনৰ বিভিন্ন আত্ম সহায়ক গোটৰ দ্বাৰা উৎপাদিত থলুৱা সা- সামগ্ৰী, গামোচা, বস্ত্ৰ শিল্প,  পিঠা – লাডু, শাক পাচলি আদি উপলব্ধ ৷ মেলাখনত মুঠ ৩০ টা ষ্টল আছে ৷ মেলাৰ লগত সংগতি ৰাখি বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠিত হ’ব ৷ মেলাখন ১২ এপ্ৰিলত সামৰণি পৰিব ৷

ধুবুৰীত পিৰামল ফাউণ্ডেশ্যনৰ উদ্যোগত এনজিঅ কনক্লেভ …

নীতি আয়োগৰ দেশৰ ১১৭ খন আশাবাদী জিলাৰ তালিকাভূক্ত ধুবুৰী  জিলাতো পীৰামল ফাউণ্ডেছনে যোৱা কেইটামান বছৰৰ পৰা সেৱা আগবঢ়াই আছে আৰু এইবাৰ এছপ্রেচনাল ডিষ্ট্ৰিক্ত কলাবৰেচন প্ৰগ্ৰেমৰ অধীনত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত জিলাখনক শিক্ষা, স্বাস্থ্য , নাগৰিকৰ আৰ্থসামাজিক আৰু আন আন দিশ সমূহত আগবঢ়াই নিয়াৰ উদ্দেশ্যে আন এক পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। নাগৰিকৰ জীৱন ধৰণৰ মান উন্নীতকৰণ অৰ্থে স্থানীয় স্বেচ্ছাসেৱী সংগঠন , কলেজ, আত্মসহায়ক গোট, পঞ্চায়ত সদস্য আৰু বিশ্বাসযোগ্য নেতা সকলক লগত লৈ একেলগে কাম কৰাৰ উদ্দেশ্যে শনিবাৰে  স্বেচ্ছাসেৱী সংগঠন সমূহৰ সৈতে এখনি এন. জি.অ. কনক্লেভ নামেৰে আলোচনা সভা অনুষ্ঠিত কৰা হয়।

সভাখনত জিলাখনৰ ২৩টা কৈ স্বেচ্ছাসেৱী সংগঠনে যোগদান কৰি একেলগে কামকৰাৰ অংগীকাৰ বদ্ধ হয়। উল্লেখ্য যে পীৰামল ফাউণ্ডেশ্যনৰ প্লে ষ্টোৰত পোৱা মেৰা যোগদান এপ্ ৰ যোগেদি  দেশৰ কেইবা শতাধিক স্বেচ্ছাসেৱী সংগঠনে সেৱা দিয়াৰ উদ্দেশ্যে একত্ৰিত হৈছে আৰু  ধুবুৰী জিলাখনৰ আৰু অধিক স্বেচ্ছাসেৱী সংগঠনে যোগদান কৰিব বিচাৰিলে পিৰামল ফাউণ্ডেশ্যনৰ ডিষ্ট্ৰিক্ট লীড সৌৰভ শইকীয়াৰ saurav.saikia@piramalfoundation.org মেইলত যোগাযোগ  কৰিবলৈ আহব্বান জনায়। আলোচনা সভাখনত পিৰামল ফাউণ্ডেশ্যনৰ তইয়োবা চুলতানা,সৌৰভ শইকীয়া, হিৰেন ঠাকুৰীয়া , নেহা ভট্ৰাচাৰ্জি, স্পৃহা গায়ন, সিৰাজুল ইছলাম, জ্যোতি মেধি, মণীষা পাণ্ডে, বিবেক মাহাতো আৰু গোবিন্দ মণ্ডল উপস্থিত থাকে।

১৩ হাজাৰ ফুট উচ্চতাৰ পৰা পৰিল এগৰাকী যুৱতী! পিছত কি হ’ল?

স্কাইড্ৰাইভিং কৰা এগৰাকী দুৰ্দান্ত সাহসী মহিলা। ১৩ হাজাৰ ফুট উচ্চতাৰ পৰা মাটিত জপিয়াইও মৃত্যুৰ মূখৰ পৰা উভতি আহিছে যুৱতীগৰাকীয়ে। বৰ্জেনিয়াৰ বাসিন্দা ৩৫ বয়সীয়া এই যুৱতীগৰাকীৰ নাম জৰ্ডান হাতমাকেৰ। ‘দ্যা ছান’ৰ বাতৰি অনুসৰি এমাহ ধৰি চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ পিছত, তেওঁ সুস্থ হৈ পুনৰ স্কাইডাইভিং কৰিবলৈ সাজু হৈছে। তেওঁৰ লগত সংঘটিত হোৱা ঘটনাটোৰ বিষয়ে জনায় যে, এই ঘটনাটো কেৱল ৩০ ছেকেণ্ডৰ ভিতৰত সংঘটিত হৈছিল। তেওঁ প্ৰায় ১৩ হাজাৰ ফুট উচ্চতাৰ পৰা জপিয়াইছিল। কিন্তু অলপদূৰ তললৈ অহাৰ পিছত যুৱতীগৰাকীয়ে পেৰাছ্যুট খোলাত যুৱতীগৰাকীৰ ভৰিৰ মাজত পেৰাছ্যুটখন ওলমি ৰৈছিল। যাৰ ফলত তেওঁ ২০০ কিঃমিঃ/ঘন্টাত তললৈ সৰি পৰিছিল।

কেইছেকেণ্ডৰ ভিতৰতে জৰ্ডান আকাশৰ পৰা তললৈ সৰি পৰিছিল আৰু বিষত হাহাকাৰ কৰিছিল। তেওঁ নিশ্চিত আছিল যে তেওঁ আৰু জীয়াই নাথাকিব। জৰ্ডানে মাটিত সৰিপৰাৰ লগে লগে তেওঁৰ ভৰি, মেৰুদণ্ডো ভাঙি গৈছিল। লগতে তেওঁ জনায় যে তেওঁৰ শৰীৰৰ এনে কোনো অংশ নাই য’ত তেওঁ আঘাতপ্ৰাপ্ত হোৱা নাই। ইমান উচ্চতাৰ পৰা সৰিপৰাৰ পিছতো এই যুৱতীগৰাকী মূৰ্চা নগ’ল আৰু তেওঁৰ সেই ভয়ংকৰ বিষবোৰ অনুভৱ কৰিছিল।এই ঘটনাটোৰ পিছত যুৱতীগৰাকী ২৫দিন চিকিৎসালয়ত ভৰ্তি হৈ আছিল আৰু তেওঁ নিজৰ ভৰিত থিয় হ’বলৈ প্ৰায় ৩মাহ সময় লাগিছিল। মহিলাগৰাকীয়ে এতিয়া সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে। তেওঁ জনায় যে, স্কাইড্ৰাইভিং কৰাতো তেওঁৰ সপোন, স্কাইড্ৰাইভিং তেওঁ কেতিয়াও এৰিব নোৱাৰে। অতিসোনকালে তেওঁ পুনৰ আকাশৰ পৰা জপিয়াব।

ক’ভিডৰ সংক্ৰমণ শেষ হ’ব কেতিয়া?

ক’ভিডৰ সংক্ৰমণক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে প্ৰকাশ কৰে যে, কৰ’না ভাইৰাছ এতিয়ালৈকে শেষ হোৱা নাই, ই পুনৰ উদ্ভৱ হৈছে। কৰ’না ভাইৰাছে মানুহক মহামাৰীৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিবলৈ সতৰ্ক কৰি দিছে। কোনেও নাজানে এই ‘বহুৰূপী’ ক’ভিড-১৯ পুনৰ কেতিয়া উদ্ভৱ হ’ব। লগতে প্ৰধানমন্ত্ৰী মোদীয়ে জনায় যে, কৰ’না ভাইৰাছক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰায় ১৮৫ কোটি ভেকছিনৰ পালি প্ৰদান কৰা হৈছে আৰু ৰাইজৰ সমৰ্থনৰ বাবে ই সম্ভৱপৰ হৈছে। ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে গুজৰাটৰ জুনাগড় জিলাত মা উমিয়া ধামৰ এক কাৰ্যসূচী সম্বোধন কৰি মোদীয়ে মা উমিয়াৰ ভক্তসকলক ৰাসায়নিক সাৰৰ সংকটৰ পৰা পৃথিৱী মাতৃক বচাবলৈ প্ৰাকৃতিক ভাবে খেতি কৰিবলৈ আহ্বান জনায়।

লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, কৰ’না মহামাৰীয়ে সমগ্ৰ বিশ্বকে জোকাৰি গৈছিল। আৰু আমি কোৱা নাই যে এই সংকট এতিয়ালৈ শেষ হৈছে। আমি কেতিয়াও নাজানো যে এইটো কেতিয়া পুনৰ দেখা যাব। তেওঁ কয় যে ই এক ‘বহুৰূপী’ ৰোগ৷ ইয়াক প্ৰতিৰোধ কৰিবলৈ প্ৰায় ১৮৫ কোটি পালি প্ৰদান কৰা হৈছে৷ তেওঁ কয় ধৰিত্ৰীক বচাবলৈ গুজৰাটৰ প্ৰতিখন গাঁৱৰ কৃষকে প্ৰাকৃতিক কৃষিৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷

৮ বছৰ আগৰ এটা ঘটনাঃ কৌতুহল ভাৰতীয় ক্ৰিকেটত!

৮ বছৰ আগৰ এটা ঘটনাই কৌতুহলৰ সৃষ্টি কৰি আহিছে ভাৰতীয় ক্ৰিকেট মহলত। ২০১৩ চনৰ পৰা IPLত যুজৱেন্দ্র চাহালে ধাৰাবাহিক বাবে স্থান পাবলৈ সক্ষম হৈছে। বেঙ্গালুৰত অনুষ্ঠিত এখন মেচত জয় লাভ কৰি পাৰ্টি কৰি আছিল মুম্বাই ইণ্ডিয়ানছৰ ক্রিকেটাৰ সকলে। যুজৱেন্দ্র চাহালক পাৰ্টিৰ পৰা ১৫ তলাৰ বেলকনিত মাতি নিছিল মুম্বাই ইণ্ডিয়ানছৰ এজন শীৰ্ষ সদস্যই। বেলকনিৰ পৰা যুজৱেন্দ্র চাহালক তললৈ পেলোৱাৰ চেষ্টা কৰিছিল এজন শীৰ্ষ সদস্যই। ঘাতকৰূপী ক্রিকেটাৰ জনৰ চেষ্টা বিফল হৈছিল কাৰণ সেই স্থানত কিছু মানুহৰ সমাগম হৈছিল। ঘটনাটোৰ পিছত যুজবেন্দ্র চাহাল সম্পূৰ্ণ ৰূপে অসুস্থ হৈছিল। আই পি এল কেৰিয়াৰত মাত্ৰ এবাৰ মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিল লেগস্পিনাৰ চাহালে। বেছিভাগ সময় ৰয়েল চ্যালেঞ্জার্স বাঙ্গালোৰৰ হৈ খেলি আহিছে চাহালে। ৰাজস্থানৰ পৰা কেৰিয়াৰ আৰম্ভ কৰি পুনৰ ৰাজস্থানৰ হৈ খেলি আছে ক্ৰিকেটাৰজনে। এক বিজ্ঞপ্তিৰ জৰিয়তে জীৱনৰ সমস্ত অভিজ্ঞতাৰ বিষয়ে কৈ চাহালে এনে কিছুমান অভিজ্ঞতাৰ কথা ব্যক্ত কৰে, যাৰ ৰহস্য আজিলৈকে ৰহস্যহৈয়ে আছে। চাহালৰ এনে গম্ভীৰ্যপূৰ্ণ কথাত তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে ক্ৰিকেট মহলত।

কোন সেই ঘাতকৰূপী ক্ৰিকেটাৰ জন? তাক লৈ এতিয়াও খলকনিৰ সৃষ্টি হয় ক্ৰিকেট মহলৰ লগতে অনুৰাগীসকলৰ মাজত। অৱশ্য়ে ঘাতকৰ নাম উল্লেখ কৰা নাই ক্ৰিকেটাৰ জনে। অকল ৰবি শাস্ত্রীৰ দৰে প্ৰাক্তন বুলি উল্লেখ কৰিছে। কিন্তু ৰবি শাস্ত্ৰীৰ দৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে জনায় যে, তেওঁ যিয়েই নহওঁক, বিচিচিআইয়ে তেওঁক চিৰদিনৰ বাবে নিষিদ্ধ কৰা উচিত। যাতে ক্ৰিকেটাৰজন আই পি এলৰ ওচৰলৈ পুনৰ আহিব নোৱাৰে। শাস্ত্ৰীয়ে কয়, “ঘটনাটোত জড়িত ক্ৰিকেটাৰজনৰ কোনো পৰিচয় নাছিল। এইটো আটাইতকৈ চিন্তাশীল কথা। প্ৰথমবাৰৰ বাবে মই এনেকুৱা ভয়ংকৰ কথা শুনিছো। ক্ৰিকেটাৰজনক আজীৱন বহিস্কাৰ কৰা উচিত যাতে তেওঁ কোনো ধৰণে আই পি এলৰ কাষ চাপিব নোৱাৰে। ক্ৰিকেট মহলত এটাই প্ৰশ্ন, যদি ভাৰতীয় দলত খেলি থকা চাহালৰ দৰে ক্ৰিকেটাৰে তেওঁৰ জীৱনত সংঘটিত তিক্ত ঘটনাবোৰৰ বিষয়ে দীৰ্ঘ দিনৰ পিছত ব্যক্ত কৰিছে, তেন্তে আই পি এলত আৰু কিমানজন ক্ৰিকেটাৰ থাকিব পাৰে যি কেতিয়াও মুকলিকৈ ক’বলৈ সাহস কৰা নাই? ক্ৰিকেটত সংঘটিত শাৰীৰিক আক্ৰমণৰ ঘটনা, ইয়াত কোনো সন্দেহ নাই যে, যিসকলে এইবোৰ ঘটনা কৰে তেওঁলোকৰ বেছিভাগেই বিদেশী ক্ৰিকেটাৰ। এই বছৰৰ আৰম্ভণিতে চাহালে কৈছিল যে, তেওঁ ২০১১ চনতো শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন হৈছিল। এণ্ড্ৰিউ চাইমণ্ডছ, জেমছ ফ্ৰেংকলিনৰ ক্ৰিকেটাৰসকল এই ঘটনাত জড়িত আছিল। ২০১৩ চনত চাহালৰ ঘটনাৰ সৈতে জড়িত ক্ৰিকেটাৰজনো বিদেশী নেকি? কোনো উত্তৰ নাই! ক্ৰিকেট বোৰ্ডে ঘটনাৰ তদন্ত কৰা উচিত ।