Home Blog Page 2398

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়া এছিয় ম’হৰ গণনা আৰম্ভ…

বিশ্বৰ সৰ্বাধিক এছিয় ম’হ থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে এছিয় ম’হৰ গণনা। ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সংমণ্ডল বিষয়া ৰমেশ গগৈয়ে জানিবলৈ দিয়া ৰাষ্ট্ৰীয় উদ্যানখনৰ নিজৰ নিজৰ বন শিবিৰ এলেকাত এছিয় ম’হৰ গণনা কৰিব বন কৰ্মীসকলে । ম’হ গণনা কৰিবৰ বাবে এইবাৰ ৰাষ্ট্ৰীয় উদ্যানখন কোনো খণ্ডত বিভক্ত কৰা হোৱা নাই । কাৰণ এইবাৰ কিছু আগতীয়াকৈ বাৰিষা অহাত উদ্যানৰ বহু এলেকা পানী আৰু বোকা হৈ পৰিছে। ইফালে ম’হ গণনা হাতীৰ পিঠিত উঠি কৰিব লাগে যদিও পর্যাপ্ত সংখ্যক পোহনীয়া হাতী নথকাত কিছু সমস্যাৰ সৃষ্টি হৈছে। এনেবোৰ অসুবিধাৰ কাৰণে ৰাষ্ট্ৰীয় উদ্যানৰ সকলো বন শিবিৰৰ বনকৰ্মীয়ে নিজ নিজ এলেকাত পৰ্যবেক্ষণ কৰি ম’হ গণনা কৰিব।

ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গবেষণা বিষয়া ৰবীন্দ্র শর্মাই জানিবলৈ দিয়া মতে – কাজিৰঙাৰ বনৰীয়া ম’হৰ গুৰুত্ব অসীম। এই ম’হ সঘনাই অর্থাৎ সকলো সময়তে দেখি থাকো কাৰণে গুৰুত্ব কম দিয়া হয় যদিও বিশ্বৰ ৯০ শতাংশ এছিয় ম’হ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতেই আছে। ইন্টাৰনেচনেল ইউনিয়ন ফৰ কনজাৰভেচন অফ নেচাৰ চমুকৈ আই ইউ চি এন (IUCN)ৰ বিলুপ্তপ্রায় বন্যপ্রাণীৰ তালিকাৰ ভিতৰত অন্তৰ্ভুক্ত একে প্ৰজাতিৰ বনৰীয়া ম’হ ভাৰতৰ কেইবাখনো ৰাজ্যৰ লগতে দক্ষিণ-পূর্ব এছিয়াত এটা সময়ত পোৱা গৈছিল যদিও বর্তমান বিলুপ্তপ্রায় হৈ পৰিছে। যাৰ কাৰণে চত্তিছগড় চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এছিয় ম’হ বিচাৰি আবেদন কৰিছে বুলিও জানিব পৰা গৈছে। উল্লেখযোগ্য যে, কাজিৰঙাত ১৯৬০ চনৰ পৰাই ম’হ গণনা আৰম্ভ কৰা হৈছিল। বিভাগীয় তথ্যৰ পৰা জানিব পৰা মতে প্রথম বাৰ অর্থাৎ ১৯৬০ চনত ৪৭১ টা, ১৯৭২ চনত ৫৫৫ টা, ১৯৭৮ চনত ৬১০টা, ১৯৮৪ চনত ৬৭৭ টা, ১৯৯১ চনত ১০৯০ টা, ১০৯৩ চনত ১০৩৪ টা ১৯৯৯ চনত ১১৯২ টা আৰু ২০০১ চনত ১৪৩১ টা ম’হ পোৱা গৈছিল।

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰণালীবদ্ধভাৱে ২০০৭ চনত গণনা কৰি ১৯৩৭ টা এছিয় ম’হ পোৱা গৈছিল। সুদীৰ্ঘ ১৫ বছৰৰ পিছত পুণৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ম’হ গণনা কৰিবলৈ লোৱাত পূৰ্বৰ তুলনাত দুগুন বৃদ্ধি পাব বুলি উদ্যান কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষত বহু সংখ্যক পোহনীয়া ম’হৰ পুঁটি আছে আৰু পোহনীয়া ম’হ সঘনাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এছিয় ম’হৰ সংস্পৰ্শলৈ আহি থাকে বা বনৰীয়া ম’হৰ বিভিন্ন সময়ত পোহনীয়া ম’হৰ সৈতে মিলন ঘটে। পোহনীয়া ম’হৰ সৈতে বনৰীয়া ম’হ সংস্পৰ্শলৈ অহাত ইতিমধ্যে কাজিৰঙাত বহু সংখ্যক ম’হ বন ঘৰচীয়া ম’হলৈ পৰিণত হৈছে। অৱশ্যে এই সংমিশ্রণ কাজিৰঙাত থকা এছিয় ম’হৰ বাবে শুভ লক্ষণ নহয় বুলি মত প্ৰকাশ কৰিছে প্ৰানী বিজ্ঞানীয়ে।

অস্কাৰৰ পৰা ১০বছৰৰ বাবে নিষিদ্ধ হ’ল অভিনেতা উইল স্মিথ…

অস্কাৰৰ দৰে অনুষ্ঠানত ঘোষকৰ গাল চৰ শোধাই ১০বছৰৰ বাবে অস্কাৰ পৰা নিষিদ্ধ হল হলিউদ অভিনেতা উইল স্মিথ। ২০২২বৰ্ষত অস্কাৰত শ্ৰেষ্ঠ অভিনেতাৰ বটাঁও লাভ কৰিছিল স্মিথে। অস্কাৰ বটা প্ৰদান নিশা ঘোষক হিচাপে থকা জনপ্ৰিয় কমেডিয়ান ক্ৰিজ ৰকৰ গালত চৰ শোধাইছিল স্মিথে। স্মিথৰ পত্নীৰ বেমাৰক লৈ কৰা এক ধেমালি গভীৰভাৱে লৈ চৰ শোধাইছিল স্মিথে।

অস্কাৰৰ দৰে অনুষ্ঠানত এনে ব্যৱহাৰৰ বাবে ক্ষমা প্ৰাৰ্থনাও কৰিছিল স্মিথে। কিন্তু তেওঁৰ ব্যৱহাৰৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে Academy of Motion Picture Arts and Sciencesৰ বিশেষ বৰ্ডে। অৱশ্যে এই ব্যৱহাৰৰ পাছতেই একাডেমীৰ পৰা অব্যাহতি লৈছিল স্মিথে।

নলবাৰী নাট্য মন্দিৰত “নলবাৰী আইডল” শীৰ্ষক অনুষ্ঠানৰ চূড়ান্ত প্ৰতিযোগিতা…

নলবাৰী জিলাৰ নাট্যমন্দিৰত ভাৰতীৰ সেনা বাহিনীৰ সৌজন্যত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে নলবাৰী আইডল শীৰ্ষক সংগীত প্ৰতিযোগিতাৰ অনুষ্ঠান । ভাৰতীৰ সেনা বাহিনীৰ উদ্যোগত অনুষ্ঠিত  এই সংগীত অনুষ্ঠানত বৃহস্পতিবাৰে ছেমি ফাইনেল ৰাউণ্ড অনুষ্ঠিত কৰা হৈছিল  । সেই মৰ্মে আজি এই অনুষ্ঠানৰ ফাইনেল সংগীত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হয়  । এই সংগীত অনুষ্ঠানত নলবাৰী জিলাৰ লগতে অন্য জিলাৰ প্ৰতিযোগী সকলে অংশ গ্ৰহণ কৰে । ৭ এপ্ৰিলত অনুষ্ঠিত প্ৰাৰম্ভিক ৰাউণ্ডত মুঠ 70 জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল ।

আনহাতে দুদিনৰ ভিতৰত প্ৰতিযোগী সকলে তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিল । উল্লেখ্য যে পূজা কলিতাই এই বছৰ “নলবাৰী আইডল”2022 জয় লাভ কৰে লগতে ভাৰতীয় সেনা বাহিনীৰ পৰা তেওঁক নগদ ধন আৰু মানপত্ৰৰে পুৰষ্কৃত কৰা হয়  । আনহাতে ভৰ্গাবি গোস্বামী প্ৰথম ৰানাৰ্চ আপ, ধৃতিদীপ কাশ্যপক দ্বিতীয় ৰানাৰ্চ আপ এই প্ৰতিযোগিতাত ঘোষণা কৰা হয় । এই অনুষ্ঠানত ভাৰতীৰ সেনা বাহিনীৰ শীৰ্ষ বিষয়া-জোৱান সহ সংগীত প্ৰেমী ৰাইজ উপস্থিত থাকে  ।

নলবাৰীৰ বুৰঞ্জীপ্ৰসিদ্ধ গংগাপুখুৰীৰ স্থায়ী তোৰণ উন্মোচন…

নলবাৰী জিলাৰ  বৰকুৰিহা গাঁৱত অৱস্থিত অসম বুৰঞ্জী খ্যাত পুণ্যতীৰ্থ গংগাপুখুৰীৰ এখন সুদৃশ্য স্থায়ী তোৰণ আনুষ্ঠানিক ভাৱে আজি উন্মোচন কৰা হয়। হাজো – নলবাৰী পথৰ দাতিত গংগাপুখুৰীলৈ যোৱা মূল পথত নিৰ্মিত তোৰণখন উন্মোচন কৰে অৱসৰ প্ৰাপ্ত শিক্ষক পৰেশ চন্দ্ৰ শৰ্মাই। দিনৰ ১১ বজাত বাসন্তী পূজা আৰু মহাবিষ্ণু যজ্ঞ পূজা খোলাৰ মঞ্চ অনুষ্ঠিত উন্মোচনী সভাত বিশেষ অতিথি হিচাপে উপস্থিত থাকি ব্যক্তব্য আগবঢ়াই নলবাৰী জিলাৰ উপায়ুক্ত গীতিমণি ফুকনে। শিক্ষাবিদ ডঃ বীৰেন্দ্ৰ ডেকা, ডা: উমেশ চক্ৰৱৰ্তী, ডা:ভূপেশ চন্দ্ৰ শৰ্মা,  সমাজকৰ্মী মুকুল তালুকদাৰ, দামোদৰ শৰ্মা, ভৱেশ শৰ্মা, দ্বীজেন্দ্ৰজিৎ দাস, জ্যেষ্ঠ নাগৰিক মঞ্চ, বৰভাগৰ সভাপতি দ্বীজেন কাকতি, ড০ প্ৰফুল্ল শৰ্মা, ডা:অনিল ৰায়মেধি, গাওঁবুঢ়া ভৃগু ৰায়মেধিৰ লগতে তোৰণ দাঁতা বিপুল কলিতা উক্ত উদ্ধোধনী সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে।

আনহাতে, উক্ত মঞ্চতে বিগত বৰ্ষত উচ্চ শিক্ষাৰ দিশত  বিশেষ সাফল্য কঢ়িয়াই অনা বৰকুৰিহাৰ ড: চন্দন কলিতা, ড: ৰঞ্জন কলিতা, ড: শিশিৰ কলিতা আৰু সংগীতৰ ক্ষেত্ৰত ৰীনা কলিতা, দিহানামৰ  বিদ্যাৱতী কলিতা, ভানুমতী কলিতাক আনুষ্ঠানিকভাৱে  সম্বৰ্ধনা জনোৱা হয়। উন্নয়ন সমিতিৰ সভাপতি অমৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে শিক্ষক সঞ্জীৱ(বিজু) মহাজনে। উল্লেখ্য যে, বৰকুৰিহাৰ আদৰ্শ কৃষক বিদ্যাৰাম কলিতা আৰু অন্নৱালা কলিতাৰ স্মৃতিত  পুত্ৰ বিপুল কলিতাই সম্পূৰ্ণ নিজা খৰছেৰে সুদৃশ্য তোৰণখন নিৰ্মাণ কৰি  মহানতাৰ পৰিচয় দিছে।

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন…

অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ অন্তৰ্গত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ দ্বাৰা পৰিচালিত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ প্ৰথম বাৰ্ষিক বিজ্ঞানভিত্তিক আৰ্হি প্ৰস্তুত, কুইজ ,আকস্মিক বক্তিতা, চিত্ৰাংকন ,আৰু আইডিয়া প্ৰতিযোগিতা ৬ এপ্ৰিলত দিনযোৰা কাৰ্যসূচীৰে ডংকামকাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় ৷ পুৱা ১০ বজাত অনুষ্ঠানত পতাকা উত্তোলন কৰে পশ্চিম কাৰ্বিআংলং জিলাৰ বিদ্যালয় সমূহৰ জিলা সমন্বয়ক (ডি এম চি) হাকিম ৰ্ংপিয়ে ৷ইয়াৰ পাছতে প্ৰতিযোগিতা সমূহ আনুষ্ঠানিক ভাবে উদ্বোধন কৰে ডি এম চি হাকিম োৰংপিয়ে ৷অনুষ্ঠানত প্ৰখ্যাত বৈজ্ঞানিক আৰ্যভট্টৰ প্ৰতিচ্ছবিত বন্তিপ্ৰজ্বলন কৰে ডংকামকাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ৰশ্মি থাপাই ৷মুঠ চাৰিটা ব্লকৰ ৬০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ আৰ্হি (মডেল)প্ৰস্তুত কৰাত প্ৰথম স্থান লাভ কৰে আমৰি ব্লকৰ চিনানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰিজুমনি চৰকাৰ আৰু জাহিৰ আহমেদে ৷দ্বিতীয় হাবাইপুৰ এক্সিলেন্সি একাডেমিৰ পুষ্প কুমাৰ ৰয় আৰু নৱেল টিমুঙে আৰু তৃতীয় ডালিমবাৰী আদৰ্শ বিদ্যালয়ৰ প্ৰবাল নাথ আৰু ৰেইন হাৰ্ড চাংমাই ৷ চিত্ৰাংকনত প্ৰথম খেৰনি হাইস্কুলৰ অংকিতা দাস ,দ্বিতীয় হাবাইপুৰ বেপিষ্ট মিচনেৰী ইংলিছ স্কুলৰ শ্বৰিপ চৰচাং আৰু তৃতীয় খেৰনি পাব্লিক স্কুলৰ অংকিত কুমাৰ ঝ্যঝসিঙে ৷

আনহাতে আকস্মিক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম হাবাইপুৰ বেপ্তিষ্ট ইংলিছ স্কুলৰ সুনন্দা ৰয় দ্বিতীয় আৰু তৃতীয় হামৰেণ ডনবক্স স্কুলৰ লিৰবন ক্ৰামচাপি আৰু দিনা হানচেপিয়ে ৷ আইডিয়া প্ৰতিযোগিতাত প্ৰথম শ্ৰী শ্ৰী শংকৰ মাধব হাইস্কুলৰ ঝ্যদেবাশ্ৰী কলিতা, দ্বিতীয় মাইলু হিন্দী হাইস্কুলৰ সন্দীপ চৌহান আৰু তৃতীয় স্থা্ন লাভ কৰে খেৰনি ডনবক্স স্কুলৰ কৃষ্টি বৰাই ৷অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি বিজ্ঞান ভিত্তিক আলোচনা চক্ৰও অনুস্থিত হয় ৷ আলোচনা চক্ৰত সমলব্যক্তি হিচাপে অংশ গ্ৰহন কৰে শ্ৰী শ্ৰী শংকৰ মাধৱ হাইস্কুলৰ প্ৰধান শিক্ষক যাদব নাথ আৰু আমগুৰি হাইস্কুলৰ প্ৰধান শিক্ষক হৰেন্দ্ৰ কুমাৰ নাথে ৷আলোচনা চক্ৰৰ পাছতে সমাজ কৰ্মী মোহন টিমুংৰ সভাপতিত্বত অনুস্থিত হোৱা মুকলি সভাত স্থান প্ৰাপ্ত প্ৰতিযোগী সকলক মানপত্ৰ , ট্ৰফিৰ লগতে নগদ ধনৰে পুৰস্কৃত কৰে ৷পশ্চিম কাৰ্বিআংলং জিলা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক প্ৰনৱ শৰ্মাই আঁত ধৰা সভা খনত অসম বিজ্ঞান সমিতিৰ টুম্প্ৰেঙ শাখাৰ সভাপতি বিষ্ণু নিৰলা , সভাপতি বিমল প্ৰধানৰ লগতে জিলা খনৰ চাৰিও গৰাকী খণ্ড সমন্বয়ক বীৰেন ডেকা, ডেনিয়েল ইংহি , বশিষ্ট প্ৰসাদ আৰু ফুনু শৰ্মাও উপস্থিত থাকে ৷সভাত শলাগৰ শৰাই আগবঢ়াই সমন্বয়ক বীৰেন ডেকাই ৷

হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয়- ই অফিচিয়েল লেঙ্গুৱেজহে :ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয়- ই অফিচিয়েল লেঙ্গুৱেজহে: বিজেপিৰ মূল লক্ষ্য হ’ল হিন্দী হিন্দু হিন্দুত্ব: কেন্দ্ৰীয় চৰকাৰে হিন্দী ভাষা জাপি দিয়াৰ বিৰোধিতাৰে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিয়ে সংবাদমেল আয়োজন কৰি বিজেপি-আৰ এছ এছক তীব্ৰ সমালোচনা ।

অমিত শ্বাহৰ ঘোষণা অসমৰ লগতে উত্তৰ পূবৰ ৰাজ্য সমূহত হিন্দী শিক্ষা দশম শ্ৰেণীলৈকে বাধ্যতামূলক কৰা ঘোষণা লগে লগে জাঙুৰ খাই উঠিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

হিন্দী ভাষা জাপি দিয়াটো ভাৰতৰ একতা আৰু বৈচিত্ৰতাৰ বাবে উদ্বেগজনক:অসম অসমীয়া জাতীয়তাবাদৰ ওপৰত ১৮ নং মোগল আক্ৰমণ বিজেপিৰ ।

বিজেপিৰ মূল লক্ষ্য হ’ল হিন্দী হিন্দু হিন্দুত্ব । বিজেপি আৰ এচ এচয়ে সৰু সৰু জনগোষ্ঠী নৃগোষ্ঠীয় ভাষাক ধ্বংস কৰাৰ এক অভিসন্ধি কৰিছে । অসমীয়া জাতীয়তাবাদ আৰু উত্তৰ পূৱৰ নৃগোষ্ঠীয় জাতীয়তাবাদক ধ্বংস কৰিব খুজিছে বিজেপিয়ে ।ভাৰতৰ সংবিধানৰ যুক্তৰাষ্ট্ৰীয় গাঠনিক আঘাত কৰিছে বিজেপিয়ে । বিজেপিয়ে প্ৰচাৰ কৰাৰ দৰে হিন্দী ৰাষ্ট্ৰীয় ভাষা নহয় অফিচিয়েল ভাষাহে ।
গেৰুৱা জাতীয়তাবাদক সাংস্কৃতিক সন্ত্ৰাসবাদ বুলি অভিহিত ছাত্ৰ মুক্তিৰ নেতা মানস কোঁৱৰৰ ।

হিন্দী কোনো কাৰণতে ৰাষ্ট্ৰ ভাষা নহয় । সংবিধানত কোনো ৰাষ্ট্ৰ ভাষা বুলি কোনো কথা নাই । হিন্দী ইংৰাজীৰ লগতে অফিচিয়েল লেংগুৱেজহে , ৰাষ্ট্ৰভাষা নহয় ।এই সম্পৰ্কত ছাত্ৰ মুক্তিৰ সভাপতিজনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান – যদি অসমীয়া তেজ আছে তেন্তে ইয়াৰ বিৰোদ্ধাচৰণ কৰক ।

অমিত শ্বাহৰ ঘোষণাক অসম আৰু অসমীয়াৰ ওপৰত মোগলৰ ১৮ নম্বৰৰ আক্ৰমণ হিচাপে অভিহিত ছাত্ৰ মুক্তিৰ । এই আক্ৰমণৰ পৰা অসম আৰু অসমীয়াক ৰক্ষা কৰিব নোৱাৰিলে অসমীয়া জাতীয়তাবাদ আৰু কোনোদিনেই বাচি নাথাকে — মন্তব্য মানস কোঁৱৰৰ

হিন্দী বাধ্যতামূলক হ’লে ১৮৩৭ চনৰ দৰেই অসমীয়া ভাষাৰ বিপৰ্যয়ৰ সন্মুখীন হব । শেষ হৈ যাব অসম আৰু উত্তৰ-পূৱৰ নৃগোষ্ঠীয় জাতীয়তাবাদ , স্বাভিমান স্বকীয়তা শেষ হৈ যাব বুলি অভিহিত কৰিছে ছাত্র মুক্ত সংগ্ৰাম সমিতিয়ে ।

দলগাঁও ৰাজহ চক্ৰত ভূমি কেলেংকৰী, ভুৱা নামজাৰী কৰি মাটি বেদখল কৰাৰ অভিযোগ….

দৰঙৰ দলগাঁও ৰাজহ চক্ৰৰ শ্যামাবাৰী মৌজাৰ অধীনস্থ তথা মঙলদৈ সমষ্টিৰ অন্তৰ্গত ১নং গা ধোৱা চাপৰি গাঁৱত সংঘটিত হৈছে ভূমি কেলেংকাৰীৰ ঘটনা। অভিযোগ মতে  ১নং গা ধোৱা চাপৰি গাঁৱৰ মৃত জানিপ উদ্দিন দেৱানীৰ নামত থকা মাটি উত্তৰাধিকাৰী সুত্ৰে পুত্ৰ চাদেক আলী, আলাউদ্দিন আৰু জামাল সেখৰ নামত নামজাৰী হয়।

যোৱা ইংৰাজী ২৯ -৯ -২০২০ তাৰিখে ১৭২ আৰু ২৪০ নং দাগৰ ১৫ বিঘা ১৫ লেছা মাটি দলগাওঁ ৰাজহ চক্ৰৰ লাট মণ্ডল আৰু কাননগোৱে জামাল সেখক মাটিৰ চাৰিসীমা বুজাই দিয়ে। জামাল সেখৰ নামত আৰু দখলত থকা মাটি চাদেক আলীৰ পুত্ৰ মোছা আলীয়ে দলগাওঁ ৰাজহ চক্ৰৰ লাট মণ্ডল ৰাজদীপ হাফলংৰ লগত চক্ৰান্ত কৰি ভুৱা নামজাৰী কৰাৰ অভিযোগ উঠিছে। উল্লেখ্য যে মৃত জানিপ উদ্দিনৰ পুত্ৰ চাদেক আলী, আলাউদ্দিন, জামাল সেখ  আৰু চাদেক আলীৰ পুত্ৰ আজাদ আলী, আব্দুল জুব্বাৰ, মোছা আলী, নৌশাদ আলী, আব্দুল আউৱাল আৰু ৰফিকুল ইছলাম  ১৪ নং ম্যাদী পট্ৰাৰ ১৭২, ২৪০ নং দাগ আৰু ১৫ নং ম্যাদী পট্ৰাৰ ২৪২ নং দাগে এজমালী পট্ৰা। উক্ত পট্ৰা ও দাগৰ পৰা চক্ৰান্ত কৰি চাদেক আলীৰ পুত্ৰ মোছা আলীয়ে অংশতকৈ বেছি মাটি নিজৰ নামত  বাটোৱাৰা কৰে।  মোছা আলীয়ে জামাল সেখৰ মাটি ভুৱা নামজাৰী কৰি বলপূৰ্বক ভাৱে মাটিত হাল মাৰে।

এই সন্দৰ্ভত দলগাঁও ৰাজহ চক্ৰৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰি  সঠিক তদন্তৰ জৰিয়তে ভুৱা নামজাৰী কৰ্তন কৰি মাটি খিনি চমজাই দিবলৈ চক্ৰ বিষয়াৰ ওচৰত  অনুৰোধ জনাইছে জামাল সেখৰ পৰিয়ালে।

চামতাত ধৰ্মপুৰৰ ৩১ খন বিহু সমিতিলৈ ডেৰ লাখকৈ অনুদানৰ চেক বিতৰণ কৰিলে নলবাৰীৰ উপায়ুক্তই ….

কথা দি কথা ৰখা মানুহজনেই হল মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষনা মৰ্মে কালি নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ ৩১ খন বিহু সমিতিলৈ অসম চৰকাৰে আগবঢ়ায় ডেৰ লাখকৈ টকাৰ চেক প্ৰদান কৰা হয় ৷ ধৰ্মপুৰ সমষ্টিৰ প্ৰাণকেন্দ্ৰ চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদৰ প্ৰেক্ষাগৃহত কালি  ধৰ্মপুৰ সমষ্টিৰ পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ ২৮ খন আৰু বানেকুছি ৰাজহ চক্ৰৰ ৩ খন বিহু উদদযাপন সমিতি সহ: মূঠ ৩১ খন বিহু সমিতিক আনুষ্ঠানিক ভাৱে ডেৰ লাখ টকাৰ একোখন চেক প্ৰদান কৰা হয় ৷ পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া অৰ্পনা শৰ্মা আৰু বিশিষ্ট সমাজকৰ্মী পবিত্ৰ কুমাৰ ডেকাৰ সামগ্ৰীক পৰিচালনাত অনুষ্ঠিত চেক বিতৰণ অনুষ্ঠানত ধৰ্মপুৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ চেক সমুহ আনুষ্ঠানিক ভাৱে বিতৰণ কৰে নলবাৰী জিলা উপায়ুক্ত গীতিমনি ফুকনে ৷

এই  কাৰ্যসূচীত উপস্থিত থাকে নলবাৰী জিলা অতিৰিক্ত উপায়ুক্ত চয়নিকা ঠাকুৰীয়া , পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া অৰ্পনা শৰ্মা , সংলগ্ন চক্ৰ বিষয়া বেদান্ত বৰুৱা , বানেকুছি ৰাজহ চক্ৰ বিষয়া ড॰ অংকিতা শৰ্মা , পশ্চিম নলবাৰী খণ্ড উন্নয়ন বিষয়া শিখামনি বৰা , মধুপুৰ খণ্ড উন্নয়ন বিষয়া মনোজ বৰ্মন , পকোৱা জিলা পৰিষদৰ সদস্য পৱিত্ৰ কুমাৰ ডেকা ৷ বিশিষ্ট সমাজ কৰ্মী পুলক শৰ্মা, অশোক দত্ত, ত্ৰিবেনী দত্ত আদি বিশিষ্ট লোক সকল ৷চেক বিতৰণৰ পূৰ্বে চামতাৰ প্ৰগতি বিহুৱা দলে বিহু হুঁচৰি পৰিৱেশন কৰে ৷ অনুষ্ঠানৰ আঁত ধৰে সমাজকৰ্মী দিলীপ বৰ্মন আৰু সাংস্কৃতিক কৰ্মী নজৰুল ইছলামে ৷ চেক প্ৰাপক বিহু উদযাপন সমিতিসমুহে মূখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ শলাগ লয় 

লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ ৩ দিনীয়া শিক্ষক প্ৰশিক্ষণ সুকলমে সম্পন্ন……

মৰিগাঁও জিলাৰ লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ ২০২২ -২০২৩  শিক্ষা বৰ্ষৰ বাবে শিক্ষক -শিক্ষয়িত্ৰীসকলৰ ৩ দিনীয়া শিক্ষক -প্ৰশিক্ষণৰ কাৰ্য্যসূচী সুকলমে সম্পন্ন হয়। ৭ এপ্রিলৰ পৰা অনুষ্ঠিত হোৱা শিক্ষক প্ৰশিক্ষণ কাৰ্য্যসূচীৰ উদ্বোধন কৰে স্কুলৰ অধ্যক্ষ ছুলমান আলীয়ে।

উল্লেখ্য যে মুঠ ২০ জন শিক্ষক শিক্ষয়িত্ৰীক  বিভিন্ন শ্ৰেণীৰ পাঠ্যপুথিৰ পাঠদানৰ ওপৰত  , ছাত্র ছাত্রী সকলৰ পাঠ গ্রহণত আগ্ৰহী কৰা, শিক্ষক আৰু ছাত্র ছাত্রী সকলৰ মাজত শৈক্ষিক পৰিবেশ উন্নত কৰা আদি বিষয়ৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়। উল্লেখ্য যে প্ৰশিক্ষণ চলি থকা অৱস্থাত প্ৰত্যেক শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ নিজৰ শ্ৰেণীৰ পাঠদানৰ ওপৰত ৪৫ মিনিটকৈ উদাহৰন দিয়ে।

শেষৰ দিনা বিশিষ্ট অতিথি হিচাপে তিনিচুকীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ বিজ্ঞান শিক্ষক আব্দুল আলীয়ে পাঠদানৰ ওপৰত উদাহৰন দিয়ে। অৱশ্যে ৯ এপ্রিলত স্কুলৰ অধ্যক্ষ আৰু উপাধ্যক্ষই বিশেষ বক্তব্য ৰাখে, লগতে শৈক্ষিক দিনপঞ্জিও তৈয়াৰ কৰি সকলো শিক্ষক শিক্ষয়িত্ৰীক দায়িত্ব অৰ্পণ কৰে। 

সম্প্ৰতি অসমত আদৰ নাই অসমীয়া শিপিনীয়ে হাতেবোৱা ফুলাম বিহুৱানৰ…

অসমীয়া জাতিৰ সাতামপুৰুষীয়া ঐতিহ্য, সংস্কৃতি তথা অসমীয়া জাতিৰ জীৱন ধাৰনৰ প্ৰণালী সমূহ ক্ৰমান্ধয়েবিশ্বায়নৰ ধামখুমীয়াত পশ্চিমীয়া সংস্কৃতিৰ লগত উটি-ভাঁহি যোৱাৰ সন্ধিক্ষণতে বিগত বৰ্ষত ক’ৰোনা মহামাৰীয়ে অসম আৰু অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটিকো একপ্ৰকাৰ তচনচ কৰি পেলাইছিল ৷ সেইয়ে বিগত বৰ্ষটোত  প্ৰতিজন অসমীয়াই অতি আগ্ৰহেৰে তথা হেপাঁহেৰে আদৰিবলৈ বাট চাই থকা ৰঙালী বিহুটিক অসমৰ ৰাইজে উদযাপন কৰিব নোবাৰিলে ক’ৰোনা মহামাৰীৰ বিভিষিকাময় সন্ত্ৰাসৰ পৰা ৷

বিগত বৰ্ষত আমাৰ জাতীয় উৎসৱ হিচাপে পৰিচিত ৰঙালী বিহুটিও যেন এক কৃত্ৰিম সংস্কৃতিত পৰিণত হৈছিল তেনে অনুভৱ হৈছিল সেইসময়ত সকলোৰে মনত ৷ পূৰ্ৱতে অসমৰ গাঁৱেভূঞে পহিলা চ’তৰ পৰাই চলিছিল ৰঙালীক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি ৷ পূৰ্ৱতে গ্ৰামাঞ্চল সমূহৰ চুবুৰীয়ে চুবুৰীয়ে জীয়ৰী-বোৱাৰীৰ ভৰিৰ চাৱত উদ্ভাসিত হোবা ঢেঁকীৰ ঢেক্-ঢেক্ শব্দই ভংগ কৰিছিল পুৱতি নিশাৰ ঘুমটি মৰা নিৰ্জনতা ৷ গ্ৰামাঞ্চলৰ প্ৰতিঘৰতে ৰঙালীক আদৰাৰ বাবে পূৰ্ণদ্যমে প্ৰতিযোগিতা সদৃশ চলিছিল চিৰা-সান্দহ-কঢ়াইগুৰি-পিঠাগুৰি,তিল পিঠা-মিঠৈ লাৰু,তিলৰ লাৰু,নাৰিকলৰ লাৰু আদি নানাবিধ পিঠাপনা প্ৰস্তুত কৰাৰ ব্যাপক আয়োজন ৷ কিন্ত,বৰ্তমান সময় বাগৰাৰ লগে লগে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটিও যেন একাংশ সুবিধাবাদি পুঁজিপতি বনিকগোষ্ঠীৰ হাতত বন্দী হোৱাৰ উপক্ৰম হৈছে ৷

এতিয়া যেন পুঁজিপতি বনিক গোষ্ঠীয়ে ইচ্ছা নকৰিলে এইখন অসমতে অসমীয়াই নিজ ইচ্ছাত উদযাপন কৰিব নোবাৰা হ’ল বাপতিসাহোন ৰঙালী বিহুটিও ৷ পুঁজিপতি বনিক গোষ্ঠীয়ে যদি অসমৰ বজাৰত মাদ্ৰাজৰ পৰা আমদানিকৃত গামোছা বিক্ৰী নকৰে তেনেহলে ৰঙালী বিহুৰ দিনা বিহুৱান বুলি কান্ধত এখন গামোছাও অসমীয়াই লবলৈ নোবাৰা হ’ল ৷ কিয়নো, বৰ্তমান অসমৰ অসমীয়া শিপিনীয়ে নিজহাতে অতিকষ্টৰে বোৱা ফুলাম গামোছা খনি আপুনি মই শিপিনী গৰাকীক উচিত মূল্য দিবলৈ আগ্ৰহী নহয় ৷ শিপিনী গৰাকীক ফুলাম গামোছা এখনৰ বিপৰীতে আপুনি মই দিছো মাত্ৰ সামান্য মাননি ৷সম্প্ৰতি গ্ৰামাঞ্চলৰ শিপিনীৰ মাজত নাই তাতঁশালৰ মাকোৰ খিটখিটনি মৰা শব্দবোৰ ৷ কিন্ত বাপতিসাহোন ৰঙালী বিহুটিত প্ৰতিজন অসমীয়াকে প্ৰয়োজন হয় একোখনকৈ ফুলাম গামোছাৰ ৷ বৰ্তমান যি উদ্যমী-অতোৎসাহী শিপিনীয়ে অতি কষ্টৰে হেপাহেৰে নিজৰ তাতঁশাল খনিত ফুলাম গামোছা বৈ অসমৰ সংস্কৃতি বৰ্তমানেও জীপাল কৰি ৰাখিছে সেইসকল প্ৰকৃত শিপিনী কিন্ত সকলো পিনৰে পৰা উপযুক্ত মৰ্যাদাৰ পৰা সদায় বঞ্চিত হৈ অহা পৰিলক্ষিত হৈছে ৷   

ৰজাঘৰীৰ-প্ৰজাঘৰীয়া সকলোৰে পৰা নানা প্ৰকাৰে বঞ্চিত হৈ আহিছে আজিৰ এইসকল শিপিনী৷ সেইবাবেই সমগ্ৰ ৰাজ্যতে এতিয়া উভৈনদী হৈ পৰিছে বৰ্হিঃৰাজ্যৰ আমদানিকৃত গামোছাৰে ৷ তালৈ যেন কোনো ভূক্ষেপ নাই ৰাজ্যৰ বিয়াগোম হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ বৰমুৰীয়া সকলৰ ৷ তেওঁলোকৰ যেন কোনো কৰণীয় নাই এইক্ষেত্ৰত শিপিনী সকলৰ প্ৰতি ৷ আজিৰ পৰা তিনি-চাৰি বছৰৰ আগতে ৰাজ্যত বৰ্হিঃৰাজ্যৰ গামোছা আদি বিক্ৰীৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এক কঠোৰ নিষেধাজ্ঞা কৰিছিল যদিও আজি যেন সেই সকলো নিষেধাজ্ঞাক আওকাণ কৰি ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈকে সুবিধাবাদি বনিকগোষ্ঠীয়ে চলাই গৈছে মাদ্ৰাজৰ গামোছাৰে এক ৰমৰমীয়া বৃহৎ ব্যৱসায় ৷

ইয়াৰ সমান্তৰালভাৱে ৰঙালীৰ আগমনৰ লগে লগে ৰাজ্য খনৰ আন আন প্ৰান্তৰ দৰে নগাঁও জিলাৰ বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানত সহজেই উপলব্ধ হৈছে নাচনীয়ে বিহুত নাচিবৰ সময়ত ব্যৱহাৰ কৰা কপৌফুল-গামখাৰু,মুঠিখাৰু আদিৰ দৰেই প্ৰায় একেৰূপত বাহিৰৰ কম্পেনীত নিৰ্মিত প্লাষ্টিকৰ কপৌফুল-প্লাষ্টিকৰ গামখাৰু,মুঠিখাৰু,নানাবিধ অসমীয়া গহণাগাঁঠৰি আদি ৷ অৰ্থাৎ সম্প্ৰতি চেনেহৰ ঢুলীয়া ককাইয়ে পাহাৰ বগাই বগাই নাচনীৰ বাবে কপৌ নানিলেও কিন্ত কম্পেনীৰ ফেক্টৰীত নিৰ্মিত প্লাষ্টিকৰ কপৌফুলেই এতিয়া শোভাবৰ্ধন কৰিব নাচনীৰ নেঘেঁৰি খোপাটোও ৷

সেইদৰে নাচনীয়ে ব্যৱহাৰ কৰা গামখাৰু,মুঠিখাৰু,গলপতা,থুৰীয়া আনকি উত্তৰ প্ৰদেশৰ বানাৰসৰ বৃহৎ বৃহৎ কম্পেনীৰ ফেক্টৰীত উৎপাদিত অসমৰ অসমীয়া মহিলাৰ ৰিহা- মেখেলা-চাদৰৰ চানেকি তথা আৰ্হিৰে তৈয়াৰী ৰিহা-মেখেলা-চাদৰ আদিও সহজলব্ধ হৈ পৰিছে বৰ্তমান ৰাজ্যৰ বজাৰত৷ সেই ৰিহা- মেখেলা-চাদৰকে পৰিধান কৰি এতিয়া অসমৰ জীয়ৰী-বোৱাৰীয়ে বিহু বুলি বিহুতলীত মাৰিব লগা হৈছে একাপ বিহু ৷ উল্লেখ্য যে, বৰ্তমান সময়ত ঢেঁকীত খুন্দা চিৰা-সান্দহ-কয়াই আদিৰ পৰিৰ্বতে বজাৰত বিক্ৰীৰ বাবে সহজলব্ধ পেকেটিং পিঠাপনা-চিৰা-সান্দহ-কয়াইৰে এতিয়া গৰিষ্ঠসংখ্যক অসমীয়াই নিজকে অসমীয়া বুলি চিনাকি দিয়াবলৈ ব্যৱহাৰ কৰি আহিছে সুবিধাবাদি বনিকগোষ্ঠীৰ দ্বাৰা সহজলব্ধ এইসমূহ খাদ্য সম্ভাৰ ৷ 

এইক্ষেত্ৰত ৰাজ্য চৰকাৰ সাংস্কৃতিক বিভাগৰ নিৰ্বিকাৰ ভুমিকা তথা থলুৱা শিল্পৰ সমূহৰ সংৰক্ষণৰ প্ৰতি মাহীআইৰ দৃষ্টি আদি কাৰকৰ বাবেও পুঁজিপতি সুবিধাবাদি বনিকগোষ্ঠীয়ে অসমৰ বৰঘৰত সুমাই অসমীয়া সংস্কৃতিক যে কোঠাৰাঘাট কৰি গৈছে সেই কথা ধ্ৰৰূপ ৷