Home Blog Page 2415

আলফালৈ গ’ল নেকি বাক্সাৰ সৌৰভ ৰাজবংশী?পৰিয়ালৰ লোকে বিশ্বাস কৰা নাই একমাত্ৰ সন্তান সৌৰভ আলফালৈ যোৱা বুলি

বাক্সা জিলাৰ মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শ্ৰীপুৰ দেওৰ গাঁৱৰ পৱিত্ৰ ৰাজবংশীৰ একমাত্ৰ সন্তান সৌৰভ ৰাজবংশী ৷যোৱা ৪ মে’ ত ঘৰৰ পৰা কৰ্মসংস্থাপন বিচাৰি ওলাই গৈছিল গুৱাহাটীলৈ ৷কিন্তু ঘৰৰ পৰা যোৱা দিন ধৰি সৌৰভৰ নাই কোনো খyৰ ৷ফোন এটাও কৰা নাই পিতৃ – মাতৃলৈ৷সৌৰভৰ মোৱাইল চুইটচ অফ থকা কাৰনে পৰিয়ালৰ লোকে যোগাযোগ কৰিব পৰা নাই সৌৰভৰ লগত ৷উপায়ন্তৰ হৈ পিতৃ – মাতৃয়ে মুছলপুৰ আৰক্ষী থানাত সৌৰভৰ নিৰুদ্ধেশ সম্পৰ্কীয় এক গোচৰ ৰুজু কৰে ৷ ইফালে চ’চিয়েল মিডিয়াত সৌৰভ আলফা ( স্বা) লৈ যোৱাৰ সন্দেহৰ বাতৰি সম্প্ৰচাৰ হৈছে যদিও পিতৃ মাতৃৰ মতে সৌৰভ আলফালৈ যোৱা নাই ৷ হয়টো কিবা কাৰনত মোৱাইল চুইটচ অফ কৰি পৰিয়ালৰ লগত যোগাযোগ ৰাখিব পৰা নাই ৷ ঘৰৰ পৰা যোৱাৰ সময়তো মাতৃক মাত লগাই গৈছিল সৌৰভে ৷ দিনহাজিৰা কামৰ পৰা ঘুৰি আহি সৌৰভক দেখা নোপোৱাৰ কথা কৈ চকুলো টোকে পিতৃ পৱিত্ৰ ৰাজবংশীয়ে৷ 

দুৰ্ভগীয়া পিতৃ মাতৃৰ আহ্বান সৌৰভ তুমি যতে আছা সোনকালে ঘৰলৈ ঘুৰি আহা ৷অতি নিৰ্যু আৰু উদাৰ স্বভাৱৰ সৌৰভক লৈ গভীৰ দুখ প্ৰকাশ কৰে ওচৰ চুবুৰীয়াইও ৷

শিৱসাগৰৰ দৰিকাপাৰত নিশা পথ দুৰ্ঘটনা!নিহত এজন

শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত চহৰৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কালি নিশা প্ৰায় চাৰে আঠ বজাত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত এগৰাকী স্কুৰ্টী আৰোহী ঠিতাতে নিহত হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷অতি বিপদসংকূল দৰিকাপাৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৰিকা দলঙৰ সমীপতেই এখন অচিনাক্ত মালবাহী ট্ৰাকৰ খুণ্ডাতেই নিহত ব্যক্তিজনক ঘটনাস্থলীত উদ্ধাৰ হোৱা নথিৰ পৰা দিছিয়াল গাওঁ ঢুলীয়াপাৰৰ নিৱাসী কিশোৰ ৰঞ্জন শইকীয়া বুলি জানিব পৰা গৈছে ৷প্ৰাপ্ত খবৰ অনুসৰি এএচ ০৪ এল, ৬০৩০ নম্বৰৰ স্কুৰ্টী খনেৰে বেতবাৰীৰ দিশৰ পৰা শিৱসাগৰ চহৰ অভিমুখে আহি থকা অৱস্থাতেই একে দিশৰ পৰা আহি থকা এখন মালবাহী ট্ৰাকে পিছফালৰ পৰা মহতিয়াই নিয়াৰ ফলতেই যুৱকজনৰ ঠিতাতে নিহত হয় বুলি জানিব পৰা গৈছে ৷ হেলমেট পৰিধান কৰা যুৱকজনৰ শৰীৰৰ ওপৰেৰে ট্ৰাক খনৰ চকা পাৰ হৈ গৈছে ৷

ঘটনাৰ খবৰ পোৱাৰ লগে লগেই সদৰ যান বাহন শাখাৰ লগতে জৰুৰী সেৱাৰ বাহন ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ নিহত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ কালি নিশাই প্ৰেৰণ কৰিছে ৷আৰক্ষীয়ে ঘাতক বাহন খনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।ইতিমধ্যে নিহত যুৱক জনৰ পকেটত উদ্ধাৰ হোৱা বাহনখনৰ নথি আৰু লাইচেন্সৰ পৰা পোৱা তথ্যৰ ভিত্তিত আৰক্ষী সুত্ৰই জনাইছে যে ৰংঘৰ ছাৰিআলি দিছিয়াল ঢুলীয়া পাৰৰ নিৱাসী হয় নিহিত কিশোৰ ৰঞ্জন শইকীয়া ৷উল্লেখ্য যে , বিগত চৈধ্য টা বছৰে শিৱসাগৰ জিলাৰ মাজেদি পাৰ হৈ যোৱা৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোক ফ’ৰলেনলৈ সম্প্ৰসাৰণ কৰা ৰ নামত ফৰলেন নিৰ্মাণকাৰী প্ৰতিস্থানৰ চুড়ান্ত মইমতালী, যতে ততে সংকেতবিহীন ভাৱে ডাইভাৰ্চন স্থাপন কৰা, নিৰ্মাণৰ নামত পথৰ ওপৰত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ বাবেই এনেদৰে নিৰীহৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে সচেতন ৰাইজে। যিহেতু শিৱসাগৰ জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথটোক ফ’ৰলেন হিচাপে নিৰ্মাণ কৰাৰ কাম হাতত লোৱা চৈধ্য বছৰ হ’ল যদিও সংশ্লিষ্ট ঠিকাদাৰী প্ৰতিষ্ঠানে ফ’ৰলেনৰ নামত শিৱসাগৰত এক কিলোমিটাৰ পথো সম্পূৰ্ণ কৰি ৰাইজৰ বাবে মুকলি কৰি দিব পৰা নাই।

দেৰগাঁৱৰ দাধৰাৰ শংকৰদেৱ হাইস্কুলৰ শিক্ষক তথা কৰ্মচাৰীৰ বিদায় সম্বৰ্দ্ধনা

দেৰগাঁৱৰ অন্যতম গ্ৰাম্যাঞ্চলৰ এক চৰকাৰী শিক্ষা প্ৰতিষ্ঠান শংকৰদেৱ হাইস্কুলত বুধবাৰে এখন বিদায় সভা অনুষ্ঠিত হয়। বিদ্যালয়ত দীৰ্ঘ দিন সেৱা আগবঢ়োৱা প্ৰাক্তন প্ৰধাণ শিক্ষক নগেন্দ্ৰ নাথ বৰুৱা, বুবুল চন্দ্ৰ দত্ত,ভৱেন্দ্ৰ বল্লভ গোস্বামী,প্ৰফুল্ল শৰ্মা আৰু প্ৰাক্তন জ্যেষ্ঠ কাৰ্য্যালয় সহায়ক গোবিন প্ৰসাদ বৰুৱাক গাম্ভীৰ্যপূন ভাবে বিদায় সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয়ৰ সন্মুখৰ পৰা গায়েনে-বায়েনে বিদ্যালয়খনৰ শিক্ষক ছাত্ৰছাত্ৰীয়ে উষ্ম আদৰণী জনাই কেওজন সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক -কৰ্মচাৰীক। ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী সকলৰ বিদায় সম্ভাষণ গ্ৰহণ কৰি আৱেগিক হৈ পৰা দেখা গ’ল সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰী সকল।অনুষ্ঠানৰ আৰম্ভনিতে বিদ্যালয়ৰ শিক্ষয়ত্ৰী সকলে এটি সমৱেত সংগীত পৰিৱেশনে অনুষ্ঠানৰ শুভাৰম্ভনি কৰে।অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী লীলী শইকীয়াই উদ্বোধন কৰা সভাখনত সভাপতিত্ব কৰে প্ৰেমধৰ শইকীয়াই।

সভাখনত নিদিষ্ট বক্তা হিছাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত কৃষি-বিজ্ঞানী ড°বিজ্ঞান চন্দ্ৰ বৰদলৈয়ে। বিশিষ্ট অতিথি হিছাপে উপস্থিত থাকে দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড°জীৱন চন্দ্ৰ পাঠক আৰু খুমটাই জয়া গগৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড°অমিয় কুমাৰ দাসে। আদৰণী ভাষণ আগবঢ়াই বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী ববী নেওগে। অনুষ্ঠানটো আঁতধৰে শিক্ষয়ত্ৰী জ্যোতি ৰাজখোৱা ফুকনে।

ক’ত ক’ত পৰৱৰ্তী ৪ দিনৰ বাবে তাপ প্ৰবাহ অব্যাহত থাকিব? ক’ত হ’ব বৰষুণ?

গৰমৰ ঢৌৱে তীব্ৰ তাপ প্ৰবাহৰ সৈতে সমগ্ৰ দেশজুৰি ইয়াৰ প্ৰভাৱ অব্যাহত ৰাখিছে। দিল্লী, ৰাজস্থান, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, বিহাৰ আৰু মধ্য প্ৰদেশকে ধৰি অন্যান্য ৰাজ্যত, পাৰা প্ৰায় ৪৪ ৰ পৰা ৪৫ ডিগ্ৰী আছে। বতৰ বিভাগে কৈছে যে এই পৰিস্থিতি পৰৱৰ্তী ৪-৫ দিনলৈ অব্যাহত থাকিব পাৰে। জ্যেষ্ঠ বিজ্ঞানী আৰ কে জেনামণিয়ে কৈছে যে অহা ৪-৫ দিনৰ বাবে ৰাজস্থান আৰু মহাৰাষ্ট্ৰৰ কিছু অংশত, পৰৱৰ্তী ৩ দিনৰ বাবে মধ্যপ্ৰদেশত তাপ প্ৰবাহৰ পৰিস্থিতি থাকিব। দিল্লী আৰু ইয়াৰ আশে-পাশে ৩-৪ দিনত কোনো সকাহ পোৱাৰ সম্ভাৱনা নাই।

আইএমডিৰ জ্যেষ্ঠ বিজ্ঞানী আৰ কে জেনামণিয়ে কৈছিল যে দিল্লী, পঞ্জাৱ আৰু হাৰিয়ানাত হিটৱেভ পৰিস্থিতি ১৩ ৰ পৰা ১৪ মে’লৈ অব্যাহত থাকিব পাৰে। ১৬ মে’ৰ আশে পাশে এক সক্ৰিয় পশ্চিমীয়া বিভ্ৰান্তি আহি আছে আৰু তাৰ পিছত দিল্লীত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে ঘূৰ্ণীবতাহটো পূব দিশত আগবাঢ়িছে, সেয়েহে অন্ধ্ৰ প্ৰদেশ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত ধাৰাসাৰ বৰষুণ হ’ব পাৰে। কিছুমান ক্ষেত্ৰৰ বাবে কমলা সতৰ্কবাণী জাৰি কৰা হৈছে। উৰিষ্যা, পশ্চিম বংগৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে।

বৈবাহিক ধৰ্ষণ অপৰাধ হয় নে? দিল্লী উচ্চ ন্যায়ালয়ে কি ক’লে?

বৈবাহিক ধৰ্ষণ অপৰাধ হয় নে নহয়, ইয়াকে লৈ দিল্লী উচ্চ ন্যায়ালয়ে (Delhi High Court) কোনো সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে। উচ্চ ন্যায়ালয়খনৰ দুই ন্যায়াধীশৰ বিচাৰপীঠে বৈবাহিক ধৰ্ষণৰ ওপৰত পৃথক ৰায় দিয়ে। এনে পৰিপ্ৰেক্ষিতত এই বিষয়টোৰ ওপৰত কোনো নিৰ্দিষ্ট মত পোৱা নগ’ল।

ন্যায়াধীশ ৰাজীৱ শাকধৰে (Justice Rajiv Shakdher) বৈবাহিক ধৰ্ষণক অপৰাধ বুলি অভিহিত কৰিছিল। একে সময়তে, ন্যায়াধীশ চি. হৰিশংকৰে ইয়াক অপৰাধ বুলিবলৈ সন্মত হোৱা নাছিল। যেতিয়া সিদ্ধান্তটোৰ ওপৰত একমত হোৱা নাছিল, দুয়োজন ন্যায়াধীশে বিষয়টোৰ সমাধান উচ্চতম ন্যায়ালয়ত হোৱাটো বিচাৰে।

আবেদনকাৰীসকলে আইপিচিৰ ধাৰা ৩৭৫ (ধৰ্ষণ)ৰ অধীনত বৈবাহিক ধৰ্ষণক (Marital Rape)  প্ৰত্যাহ্বান জনাইছিল এইবুলি যে ই বিবাহিত মহিলাসকলৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ প্ৰদৰ্শন কৰে, যিসকলক তেওঁলোকৰ স্বামীয়ে যৌন নিৰ্যাতন কৰে।

আইপিচিৰ ধাৰা ৩৭৫ক লৈ অভিযোগ আছে যে ই বৈবাহিক ধৰ্ষণক অপৰাধৰ শ্ৰেণীৰ পৰা বাদ দিয়ে আৰু দেখুৱাই যে বৈবাহিক সম্পৰ্কত এজন পুৰুষৰ দ্বাৰা তেওঁৰ পত্নীৰে বলপূৰ্বক যৌন সম্ভোগ কৰাটো ধৰ্ষণ নহয়।

প্ৰমাণ পালে জোনমণি ৰাভাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি স্পষ্ট কৰিলে নগাঁৱৰ SP-এ…

বিতৰ্কৰ আৱৰ্তত নগাঁৱৰ আৰক্ষী বিষয়া জোনমণি ৰাভা। প্ৰৱঞ্চনাৰে ধন আত্মসাত্‍ কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে। এইলৈ এতিয়া এতিয়া তোলপাৰ লাগিছে ৰাজ্য। ঘটনাৰ সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেই।

আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে,  ‘প্ৰমাণ পালে ব্যৱস্থা পালে লোৱা হ’ব জোনমণি ৰাভাৰ বিৰুদ্ধে। আৰক্ষী বিষয়া বুলি তেওঁ কোনো অনুকম্পা নাপায়। কিন্তু অডিঅ’ ৰেকৰ্ডিঙক প্ৰমাণ বুলি ধৰিব পৰা নাযায়। মাজুলী আৰক্ষীক সহযোগ কৰিব নগাঁও আৰক্ষীয়ে।’

বিজেপি এটা দুমুখীয়া দলঃ অভিষেক বেনাৰ্জী

এদিনীয়া ভ্ৰমণসূচীলৈ বুধবাৰে গুৱাহাটীলৈ আহে তৃণমূল কংগ্ৰেছৰ কেন্দ্ৰীয় সা সম্পাদক তথা লোকসভাৰ সাংসদ অভিষেক বেনাৰ্জী। মমতা বেনাৰ্জীৰ দলৰ কেন্দ্ৰীয় যুৱ নেতাগৰাকীয়ে গুৱাহাটীৰ জয়া নগৰত দলটোৰ অসম ৰাজ্যিক মুখ্য কাৰ্য্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। কাৰ্য্যালয় উদ্বোধনৰ পিছত অনুষ্ঠিত সংবাদমেলত অভিষেক বেনাৰ্জীয়ে CAA সম্পৰ্কত তৃনমূল কংগ্ৰেছৰ এটাই স্থিতি বুলি উল্লেখ কৰে। “CAA-কলৈ দুমুখীয়া স্থিতি বিজেপিৰ, বংগত কয় CAA কাৰ্যকৰী কৰা হ’ব। কিন্তু অসমত CAAৰ কথা নকয় অমিত শ্বাহে। আমি TMC য়ে “কা” কেতিয়াও নামানো।”-এই মন্তব্য সাংসদ অভিষেক বেনাৰ্জীৰ।

ইফালে বিভিন্ন ৰাজ্যত দলীয় সংগঠন সম্পৰ্কত উল্লেখ কৰি অভিষেক বেনাৰ্জীয়ে কয় যে, তৃনমূল কংগ্ৰেছে দহখন ৰাজ্যত দল শক্তিশালী কৰিব। মেঘালয়ত বিৰোধীত আছো বুলি কোৱা অভিষেক বেনাৰ্জীয়ে আগন্তুক বৰ্ষত আমি মেঘালয় , ত্ৰিপুৰাৰ নিৰ্বাচনত ভাল ফলাফল কৰিব পাৰিম বুলি আশাবাদী। কংগ্ৰেছ এতিয়া মোবাইল আৰু টুইটাৰত আছে, কংগ্ৰেছে মাটিত, পথাৰত নানামে। আমি কি কৰিম বুলি কয় প্ৰশ্নহে কৰে অভিষেক বেনাৰ্জীয়ে।

“আমি বিগত ৮/৯ বছৰ সৰ্বভাৰতীয় পৰ্যায়ত নমা নাছিলো। এতিয়া কংগ্ৰেছলৈ অপেক্ষা নকৰো, আমি নামিছো।” এই মন্তব্য অভিষেক বেনাৰ্জীৰ। ইফালে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অভিষেক বেনাৰ্জীয়ে। “২০১১ চনৰ পৰা বংগত ডিডিৰ চৰকাৰ চলিছে। তেতিয়াৰ পৰা আমি পেট্ৰোল ডিজেলত কৰ লগোৱা নাই। বংগত দাম বাঢ়িলে অসমতো বাঢ়ে বুলি মুখ্যমন্ত্ৰীয়ে কোৱা কথা দূৰ্ভাগ্যজনক।”

অভিষেক বেনাৰ্জীয়ে লগতে কয় যে, অতি সোনকালে অসমলৈ আহিব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। অসমত তৃণমূল কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ আহিছো বুলিও উল্লেখ কৰে নেতাগৰাকীয়ে। এই অসমৰ লোকে TMCত থাকি অসম চলাব। বংগ, গুজৰাট, দিল্লীয়ে অসম চলাব নোৱাৰিব বুলি কয় তৃণমূল কংগ্ৰেছৰ কেন্দ্ৰীয় সা সম্পাদক গৰাকীয়ে। বুধবাৰৰ অভিষেক বেনাৰ্জীৰ সংবাদমেলত ৰাজ্যিক সভাপতি ৰিপুণ বৰা, সাংসদ সুস্মিতা দেবো উপস্থিত আছিল।

অসমত স্থাপন হ’ব ৩৪খন পলিটেকনিক আৰু ৪৩খন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান…

বুধবাৰে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত স্বাক্ষৰিত হ’ল এক ঐতিহাসিক বুজাবুজিৰ চুক্তি ৷ টাটা টেকন’লজী আৰু অসম চৰকাৰৰ মাজত স্বাক্ষৰিত হয় এই চুক্তি ৷ ইয়াৰ জৰিয়তে অসমত স্থাপন হ’ব ৩৪খন পলিটেকনিক আৰু ৪৩খন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ৷ এই কাৰ্যত ব্যয় হ’ব ২৩৯০ কোটি টকা। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত স্বাক্ষৰিত চুক্তিৰ সময়ত উপস্থিত থাকে দক্ষতা বিকাশ দপ্তৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, টাটা টেকন’লজীৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ৷

চুক্তিত স্বাক্ষৰৰ পিছত টাটা টেকন’লজীক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই ৷ মুখ্যমন্ত্ৰী ড০ শৰ্মাই  মুঠ ৭৭খন প্ৰতিষ্ঠানৰ এবছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব বুলি উল্লেখ কৰে। তেওঁ এবছৰৰ ভিতৰত প্ৰস্তাৱিত ৭৭ খন পলিটেকনিক আৰু ITI স্থাপন কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে ৷ এই ৭৭ প্ৰতিষ্ঠান নিৰ্মাণ সম্পন্ন হ’লে প্ৰতিবছৰে ১৫ৰ পৰা ২০ হাজাৰ ছাত্ৰ–ছাত্ৰী উপকৃত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ৷ লগতে উত্তীৰ্ণ হোৱা ছাত্ৰ–ছাত্ৰীসকলে টাটাৰ কোম্পানীসমূহত নিযুক্তি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই ৷

আহাৰ খোৱাৰ আগত মিঠাই খাব লাগে নে নালাগে?

মিঠা অবিহনে ভাৰতত যে কোনো আহাৰ সম্পূৰ্ণ নহয়। প্ৰতিটো ভোজনৰ পিছতে মিঠাই এটা খোৱাটো প্ৰায় বাধ্যতামূলক। মিঠা খোৱাৰ হেঁপাহটো সাধাৰণতে নিশা দেৰিকৈ আহে আৰু আমি প্ৰায়েই ইয়াৰ ওচৰত নতি স্বাকীৰ কৰোঁ। চেনী খোৱাৰ লগে লগে আপোনাৰ দেহত ডোপামিন নামৰ এক ৰাসায়নিক পদাৰ্থৰ বৃহৎ পৰিমাণে বৃদ্ধি কৰে। কিন্তু গৱেষণাই পৰামৰ্শ দিয়ে যে আহাৰৰ পিছত মিঠাই খোৱাটো স্বাস্থ্যকৰ নহ’বও পাৰে। ই আপোনাৰ স্বাস্থ্য প্ৰভাৱিত কৰে আৰু কেইবাটাও অন্তৰ্নিহিত আৰু দীৰ্ঘস্থায়ী স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰে। অত্যধিক পৰিমাণৰ চেনী খোৱাৰ ফলত মেদবহুলতা, অত্যধিক ৰক্তচাপ আৰু জ্বলা-পোৰাকে ধৰি কোৰোনেৰী হৃদৰোগৰ বিপদৰ কাৰকবোৰ বৃদ্ধি হ’ব পাৰে। উচ্চ-শৰ্কৰাযুক্ত আহাৰৰ ফলত কোৰোনেৰী হৃদযন্ত্ৰৰ বিকাৰৰ ফলত মৃত্যুৰ সম্ভাৱনা বাঢ়ি যায় বুলি কোৱা হয়।

আয়ুৰ্বেদে স্বাস্থ্য সমস্যা সমাধানৰ বাবে এক মুখ্য নিৰ্দেশনা হিচাপে কাম কৰি আহিছে আৰু ইয়াৰ বহুতো আৰোগ্যকাৰী গুণ আছে যি ইয়াক ঔষধৰ আটাইতকৈ বিশ্বাসযোগ্য প্ৰকাৰবোৰৰ এটা কৰি তুলিছে। শেহতীয়া অধ্যয়ন আৰু আয়ুৰ্বেদে পৰামৰ্শ দিয়ে যে আহাৰৰ আগতে মিঠাই খোৱাটো পিছত খোৱাতকৈ ভাল।

Sweets Before Meal - To Eat or Not to Eat? শেহতীয়া অধ্যয়ন আৰু আয়ুৰ্বেদে পৰামৰ্শ দিয়ে যে আহাৰৰ আগতে মিঠাই খোৱাটো পিছত খোৱাতকৈ ভাল।

আহাৰ খোৱাৰ আগতে মিঠাই খালে ই আপোনাৰ সোৱাদৰ কলিবোৰ সক্ৰিয় কৰে আৰু আপোনাক আপোনাৰ আহাৰ ভালদৰে উপভোগ কৰিবলৈ সুযোগ দিয়ে। খোৱাৰ শেষত মিঠাই খালে পাচন প্ৰক্ৰিয়া প্ৰভাবিত হ’ব পাৰে আৰু প্ৰক্ৰিয়াটো লেহেম হ’ব পাৰে আৰু এচিডিক ৰিফ্লাক্সৰ ফলত ফাৰ্মেণ্টেচন হ’ব পাৰে। আহাৰৰ শেষত মিঠা খোৱাৰ ফলত গেছ হয় আৰু পেট ফুলি উঠিব পাৰে।

নিশা পলমকৈ যেতিয়া আপুনি গধুৰ আহাৰ খোৱাৰ পিছত মিঠাই খায়, খাদ্যৰ কণাবোৰ ভাঙিবলৈ অধিক সময় লয় আৰু সেয়েহে হজম হ’বলৈ অধিক সময় লাগে। সেয়ে আহাৰ খোৱাৰ পিছত মিঠাই খোৱা পৰিহাৰ কৰিবলৈ চেষ্টা কৰিব লাগে। খোৱাৰ আগতে মিঠাই খালে পাচন নিঃসৰণৰ প্ৰবাহ সক্ষম হয় যি আপোনাৰ হজম প্ৰক্ৰিয়াৰ গতি উন্নত কৰাত সহায় কৰে।

আমাৰ ভূমিত নিৰ্মাণ কৰা হৈছে তাজমহলঃ দিয়া কুমাৰী

জয়পুৰৰ ৰাজপৰিয়ালৰ কন্যা দিয়া কুমাৰীৰ দাবী, ‘আমাৰ ভূমিত নিৰ্মাণ কৰা হৈছে তাজমহল, প্ৰমাণ আছে’। বিজেপি সাংসদ আৰু জয়পুৰৰ ৰাজকীয় দিয়া কুমাৰীয়ে আজি দাবী কৰে যে তাজমহল নিৰ্মাণ কৰা মাটি মূলত চহৰখনৰ এসময়ৰ শাসক জয় সিঙৰ আছিল। দিয়া কুমাৰীয়ে কয় যে মাটি খিনি মোগল সম্ৰাট শ্বাহজাহানে অধিগ্ৰহণ কৰিছিল।

সেই সম্পৰ্কীয় তথ্য-পাতি পূৰ্বৰ জয়পুৰৰ ৰাজপৰিয়ালৰ ওচৰত আছে বুলি তেওঁ দাবী কৰে। দিয়া কুমাৰীয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ত এই বিষয়ত এখন আৱেদনত কৰাৰ কথাও উল্লেখ কৰিছে। উক্ত আবেদনত তেওঁ তাজমহলৰ “ইতিহাস” সম্পৰ্কে তথ্য উদ্ঘাটনৰ দাবী জনোৱাৰ লগতে এই বিষয়ত তদন্ত বিচাৰিছিল।