Home Blog Page 2432

শীৰ্ষ দহখন মাতাল দেশ

গ্লোবেল ড্ৰাগ জৰীপ (জিডিএছ) 2021-ৰ শেহতীয়া তথ্য অনুসৰি, অষ্ট্ৰেলিয়াৰ উত্তৰদাতাসকলে যোৱা 12 মাহত 26.7 বাৰ (মাহত প্ৰায় দুবাৰ) সুৰাপান কৰিছিল, যি বিশ্বব্যাপী গড় 15 গুণতকৈ যথেষ্ট অধিক। ডেন আৰু ফিনসকলে 23.8 বাৰ দ্বিতীয় স্থানত আছে, আমেৰিকানসকলে তৃতীয় স্থানত আছে, গড় ব্যক্তিয়ে বছৰত প্ৰায় 23.1 বাৰ সুৰাপান কৰে।

সুৰাপানৰ সঘনতাৰ ক্ষেত্ৰত, ফ্ৰান্সে সুৰা পান কৰা গড় দিনৰ বাবে শীৰ্ষ স্থান দখল কৰে, বছৰত 132 দিনত, তাৰ পিছত নিউজিলেণ্ডে 120 ত। বিশ্বব্যাপী, মানুহে সপ্তাহত দুবাৰ বা 2020 চনত 101 দিন সুৰাপান কৰিছিল। ২০২০ চনত দেশৰ সুৰাপান কৰা সময় ।

অষ্ট্ৰেলিয়া: 26.7 বাৰ
ডেনমাৰ্ক আৰু ফিনলেণ্ড: 23.8 বাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰ: 23.1 বাৰ
যুক্তৰাজ্য: 22.5 বাৰ
কানাডা: 22 বাৰ
আয়াৰলেণ্ড: 20 বাৰ
ফ্ৰান্স: 17.5 বাৰ
চুইডেন: 16 বাৰ
নেডাৰলেণ্ড: 15.7 বাৰ
হাংগেৰী: 15.1 বাৰ
গোলকীয়: 14.6 বাৰ

আকৌ এখন ‘টোল গেট’ত ধন দিবলৈ সাজু হওঁক ….

ৰাজ্যবাসীক পুনৰ মাধমাৰ সোধাব চৰকাৰে ।আকৌ এখন ‘টোল গেট’ত ধন দিবলৈ সাজু হওঁক ।

অসমৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰ সংযোগী দ্বিতীয়খন কলিয়াভোমোৰা দলং নিৰ্মাণ সম্পূৰ্ণ হ’লেই আৰম্ভ হ’ব টোল টেক্স সংগ্ৰহ। কলিয়াবৰ মহকুমাৰ চুলুংঙত নিৰ্মীয়মান অৱস্থাত আছে আৰু এখন টোলগেট। নিৰ্মাণ হৈ থকা চাৰিলেনযুক্ত কলিয়াবৰ তিনিআলিৰ পৰা তেজপুৰ সংযোগী পথৰ চুলুঙৰ এই টোলগেট পুনৰ ৰাজ‍্যবাসীৰ বাবে মূৰৰ কামোৰণী হৈ উঠিব যে খাটাং।


গতিকে, নগাওঁ জিলাৰ কলিয়াবৰ হৈ তেজপুৰ বা উত্তৰ পাৰলৈ যাব খোজা প্ৰতিখন বাহন সাজু হওঁক অধিক ধন ভৰিবলৈ। সম্ভৱত, ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণৰত অৱস্থাত থকা দ্বিতীয়খন কলিয়াভোমোৰা দলং সম্পূৰ্ণ হোৱাৰ পাছত এই টোলগেটত টোল টেক্স দিহে উত্তৰ পাৰলৈ যাব পাৰিব।

অনুৰূপ দক্ষিণ পাৰত উপস্থিত হৈ চুলুঙত টোল টেক্স দিহে আন স্থানলৈ যাব পাৰিব। অহা ডিচেম্বৰ মাহৰ ভিতৰত দলংখন সম্পূৎ্ণ হ’ব বুলি এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখ‍্য যে, ১৯৮৭ চনত যাত্ৰীৰ বাবে মুকলি কৰি দিয়া কলিয়াভোমোৰা দলঙৰ বাবে চুলুঙৰ একে স্থানতে পুনৰ টোলগেট নিৰ্মাণে অনাগত দিনত সাধাৰণ ৰাইজৰ কৰৰ বোজা বঢ়াৰ ইঙ্গিত দিছে।

জিলা প্ৰশাসনৰ উ্দ্যোগত ওদালগুৰিত দেউল উৎসৱত জুৱাৰ  অবাধ প্ৰচলন ,উপায়ুক্ত,আৰক্ষী অধীক্ষকৰ নামতো একাংশই জুৱাৰ পৰা টকা সংগ্ৰহ কৰাৰ অভিযোগ……

দৰং আৰু ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত ব’হাগ মাহত   পৰম্পৰাগতভাৱে  যুগ যুগ ধৰি চলি অহা মাংগলিক বা আধ্যাত্মিক তথা  ধর্মীয় অনুষ্ঠান হ’ল  দেউল উৎসৱ।বৰ্তমান সময়ত দেউল উৎসৱৰ সৌন্দৰ্য, ইয়াৰ পৰিৱেশ সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱা পৰিলক্ষিত হৈছে।দৰং আৰু ওদালগুৰি জিলাই  দেউল উৎসৱ ধুম ধামেৰে অনুষ্ঠিত কৰি নামনি অসমত এক সুকীয়া পৰিচয় লাভ কৰি আহিছিল  যদিও জুৱা সংস্কৃতিয়ে ইয়াৰ বাতাবৰণ নষ্ট কৰি পেলাইছে।

ওদালগুৰি জিলা আৰু আৰক্ষী বিভাগৰ উদ্যোগত হাজাৰ হাজাৰ টকাৰ বিনিময়ত  জুৱা,অবৈধ সুৰা আৰু তীৰ খেলৰ অবাধ প্ৰচলনে সমাজত বিৰূপ প্ৰভাৱ পেলাইছে।এচাম বিপথে পৰিচালিত যুৱক তথা  সীমিত উপাৰ্জনক্ষম ৰাইজৰ ভীষণ ক্ষতি সাধন হৈছে।বৃহৎ পৰিমাণৰ টকাৰ জুৱাৰ আড্ডা বা খেলাই সৰুৰ পৰা জ্যেষ্ঠজনলৈ প্ৰভাৱিত কৰা পৰিলক্ষিত হয়।এই ঝান্দি- মণ্ডি জুৱা খেলত  এচামে ধাৰত জুৰুলা হোৱাৰ বিপৰীতে আন এচাম ধনী হৈছে।

দেউল উৎসৱ পালন কৰাৰ বাবে উদযাপন সমিতিসমূহে  আৰু ওদালগুৰি জিলাৰ উপায়ুক্ত,আৰক্ষী অধীক্ষকৰ  নামত একাংশই জুৱা,তীৰ খেলৰ পৰা মোটা অংকৰ ধন লাভ কৰাৰ বিপৰীতে প্ৰশাসন ,ভুৱা সমাজকর্মী ,দল সংগঠনে   জুৱা  খেলৰ পৰা  মোটা অংকৰ উৎকোচ লাভ কৰাৰ অভিযোগ উত্থাপিত হৈছে।দেউল উৎসৱ একপ্ৰকাৰ গ্ৰাম্য জীৱনত অৰ্থনৈতিক ভেঁটি সৱল কৰা ধর্মীয় অনুষ্ঠান যদিও ইয়াৰ মেলামুখিতাই কৰ্মসংস্কৃতিৰ ধাৰা অব্যাহত ৰাখিছে।পহিলা বহাগৰ পৰা জেঠ মাহলৈকে চলা দেউল উৎসৱত সাংস্কৃতিক অনুষ্ঠান, দোকান -পোহাৰ,কাঁহ শিল্পৰ সামগ্ৰী,তামোল পাণ দোকানৰ পৰা মনিহাৰী ,হৰেক ৰকমৰ মিঠাই দোকান উপলব্ধ।দৰং তথা ওদালগুৰি জিলাৰ অন্যতম লোক উৎসৱ দেউল উৎসৱত গঢ় লৈ উঠা অপসংস্কৃতি  মদ- জুৱা আৰু তীৰ  খেলৰ প্ৰচলন বন্ধ নহ’লে অনাগত দিনত ইয়াৰ স্বকীয়তা আৰু সাংস্কৃতিক বাতাবৰণৰ উজ্জ্বলতা নাইকিয়া হ’ব।

ভৱিষ্যত প্ৰজন্মক ধ্বংস গৰাহৰ পৰা উদ্ধাৰ কৰিবলৈ দেউল উৎসৱত  প্ৰচলিত অবাধ সুৰা,জুৱা আৰু তীৰ খেলৰ প্ৰচলন নিষিদ্ধ কৰিবলৈ যোৱা ১৯ এপ্ৰিলত  ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া জ্যোতিপ্ৰসাদ পেগুক সদৌ অসম কোচ ৰাজবংশী  ছাত্ৰ সন্থাৰ মুখ্য প্ৰচাৰ সম্পাদক হেমন্ত বৰা কোচ ,ওদালগুৰি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ  সভাপতি মিন্টু বৰুৱা,যুটীয়া সাধাৰণ সম্পাদক মুকুন্দ ডেকা আৰু পঙ্কজ ডেকা স্বাক্ষৰিত স্মাৰক পত্ৰ  প্ৰদান কৰিছিল যদিও কোনো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।

বৰঞ্চ  কলাইগাঁও ,পানেৰী, টংলা, হৰিশিঙা ,খৈৰাবাৰী আৰু ডিমাকুছি আদি থানাসমূহৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলসমূহত হোৱা দেউল উৎসৱত জুৱাৰ ব্যাপক প্ৰচলন প্ৰশাসন যন্ত্ৰৰ নাকৰ আগতে হৈ আছে । নিৰ্লিপ্ত  প্ৰশাসন বিভাগৰ বাবে যুৱ প্ৰজন্ম ধ্বংস হোৱাৰ বিপৰীতে দেউল উৎসৱৰ প্ৰাচীন পৰম্পৰা ,ঐতিহ্য , সুস্থ  সুন্দৰ পৰিৱেশ, শান্তি -সম্প্ৰীতি বিঘ্নিত হৈছে।সচেতন ৰাইজে জুৱাৰ অবাধ প্ৰচলন বন্ধ কৰিবলৈ প্ৰশাসন যন্ত্ৰক বাৰম্বাৰ অনুৰোধ কৰিছে যদিও নীৰৱ ভূমিকা গ্ৰহণ কৰা বাবে প্ৰশাসন যন্ত্ৰৰ প্ৰতিও ৰাইজৰ আস্থা -বিশ্বাস নোহোৱা হৈছে।আনহাতে সম্প্ৰতি কভিড মহামাৰীৰ চতুৰ্থ ঢৌৱে দেশৰ কেইবাখনো ৰাজ্যত মাৰাত্মক হৈ পৰিছে যদিওবা দেউল উৎসৱ  মানুহৰ ব্যাপক সমাগমে বৃহৎ ক্ষতি কৰাৰ আশংকাই দেখা দিছে।জনসাধাৰণে কোনো ধৰণৰ স্বাস্থ্য বিধি বিধান মনা নাই  বা মাস্ক পৰিধান নকৰে । 

একাংশ ভুৱা সাংবাদিকৰ দলেও জোৱাৰ পৰা বৃহৎ অংকৰ ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে ।

শিমলীতোলাৰ কানকাটাত বন্যহস্তীৰ তাণ্ডৱ…..

শিমলীতোলাৰ কানকাটাত বন্যহস্তীৰ তাণ্ডৱ ,বন বিভাগৰ উদাসীনতাৰ অভিযোগ তুলি ভুক্তভোগী গঞাৰ প্ৰতিবাদ

খাদ্য সংকটত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চল পিটপিটাই ফুৰে বন্যহস্তীৰ বৃহৎ জাক এটাই । বন বিভাগৰ অকৰ্মণ্যতাৰ বাবেই হাতীয়ে গাঁওসমূহত উপদ্ৰৱ চলোৱাৰ অভিযোগ।সম্প্ৰতি দিনে নিশাই বৃহত্তৰ গোৱালপাৰাৰ ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ শিমলীতোলা অঞ্চলৰ ভিন্ন স্থানত অব্যাহত আছে হাতী জাকৰ তাণ্ডৱ ।

হাতীজাকে খেতিৰ আদপক আদপক ধানবোৰ খাই ,গচকি তচনচ কৰাৰ সমান্তৰালকৈ ঘৰ-দুৱাৰৰো যঠেষ্ট ক্ষতি সাধন কৰি আহিছে ,আনকি প্ৰতিবছৰে বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গৈছে একাধিক লোকৰ । আনহাতে হাতী ওলোৱাৰ খৱৰ দিলেও বন বিভাগৰ লোকে গুৰুত্বই নিদিয়া আৰু সঘনাই ফোন কৰিলে মোবাইল চুইচ অফ কৰি থোৱাৰো অভিযোগ উত্থাপন হৈছে ।

বন বিভাগৰ উদাসীনতাৰ বাবে এতিয়া বিমোৰত পৰিছে ৰাইজে ।উপায়ন্তৰ হৈ গঞাই বন বিভাগৰ বিৰুদ্ধে গ্ৰহণ কৰিলে প্ৰতিবাদী পন্থা ।

প্ৰশ্ন হয় ৰাইজৰ এনে প্ৰতিবাদে টোপনি ভাঙিবনে নিদ্ৰামগন বিয়াগোম বন বিভাগৰ ?

আৰম্ভ হ’ল ৪৯ সংখ্যক চিলাপথাৰ কেন্দ্ৰীয় ব’হাগী উৎসৱ

চিলাপথাৰ ৰাজীৱ গান্ধী ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰত তিনিদিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে ৪৯ সংখ্যক চিলাপথাৰ কেন্দ্ৰীয় ব’হাগী উৎসৱ আজিৰে পৰা অনুষ্ঠিত হৈছে ।

আজি প্ৰথমদিনাৰ কাৰ্যসূচী অনুসৰি চিলাপথাৰ কেন্দ্ৰীয় বিহু সমিতি আৰু উদ্ যাপন সমিতিৰ পতাকা উত্তোলন কৰে সভাপতিদ্বয় ক্ৰমে তিলক ফুকন আৰু ৰঞ্জিত পেগুৱে । ইয়াৰ পাছতেই শ্বহীদ তৰ্পন কৰে উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ৰুবুল ফুকনে ।

কাৰ্যকৰী সভাপতি বিমল বুঢ়াগোহাঁই য়ে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰাৰ পাছতেই সাংস্কৃতিক কৰ্মী টংকেশ্বৰ দুৱৰাই বিহুতলী উন্মোচন কৰে । তেখেতক সহযোগ কৰে চিলাপথাৰৰ ৰংমন হুঁচৰি বিহু দলে । ইয়াৰ পাছতেই বিভিন্ন প্ৰতিযোগিতাসমূহ আৰম্ভ হয় ।

অনুষ্ঠানটোৰ তৃতীয় দিনাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্ত ।

গুৱাহাটীত ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাৰ ৪১ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলন….

বৰপেটা মেডিকেল কলেজ হস্পিটালৰ পৰা গুৱাহাটীলৈ চিকিৎসক আৰু চিকিৎসক ছাত্ৰ- ছাত্ৰীৰ সুস্থ জীৱন শৈলীৰ বাবে চাইকেল যাত্ৰা ।


বৰপেটা মেডিকেল কলেজ হস্পিটালৰ পৰা গুৱাহাটীলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাৰ উদ্যোগত চিকিৎসকৰ চাইকেল যাত্ৰা ৷ সুস্থ জীৱন নিৰোগী শৰীৰ, পেট্ৰ’ল বচোৱা, অৰ্থ ৰাহি কৰা আদি শ্লোগাণেৰে আজি বৰপেটা মেডিকেল কলেজ হস্পিটালৰ পৰা GMCH লৈ ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাৰ উদ্যোগত চিকিৎসকসকলে চাইকেল যাত্ৰা আৰম্ভ কৰে । অহা ৭ আৰু ৮ মে’ত গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত দেশৰ চিকিৎসকসকলৰ দ্বাৰা গঠিত ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাৰ ৪১ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হব ৷

উক্ত ৰাষ্ট্ৰীয় সন্মিলনৰ লগত সংগতি ৰাখি মানুহৰ মাজত স্বাস্থ্য সজাগতা সৃষ্টিৰ উদ্দেশ্যে এনেদৰে চাইকেল যাত্ৰা অনুষ্ঠিত কৰে সংস্থাটোৰ চিকিৎসকসকলে ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাৰ ৪১ সংখ্যক ৰাষ্ট্ৰীয় স্বাস্থ্য সন্মিলনৰ লগত সংগতি ৰাখি বৰপেটা মেডিকেল কলেজ হস্পিটেলৰ পৰা গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ আৰম্ভ কৰা চাইকেল যাত্ৰাত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা চিকিৎসক আৰু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহন কৰে ।

বিশেষকৈ স্বাস্থ্য ভালে ৰাখিবলৈ চাইকেল যাত্ৰাক মাধ্যম হিচাপে ৰাইজৰ মাজত এক সজাগতাৰ সৃষ্টি কৰিবলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাৰ এয়া এক পদক্ষেপ বুলি সংস্থাটোৰ বিষয়ববীয়া সকলে জানিবলৈ দিয়ে । বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভুচাল, আৰক্ষী অধীক্ষক অমিতাভ সিনহা, বৰপেটাৰ জিলা পৰিবহন বিষয়া অপূৰ্ব কুমাৰ দাস আৰু বৰপেটা মেডিকেল কলেজ হস্পিটেলৰ অধ্যক্ষ ৰমেন তালুকদাৰে আজিৰ এই চাইকেল যাত্ৰা কাৰ্যসূচী মুকলি কৰে ৷

চাইকেল যাত্ৰাত প্ৰায় শতাধিক ডাক্তৰ আৰু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

উতলা তেলত হাত ৰাখি আৰু উঠাইছে পকোড়া, চকুৰে দেখি হয়তো আপুনি বিশ্বাস নকৰিব,ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈছে ভিডিঅ’

এজন ব্যক্তিৰ ভিডিঅ’ ইণ্টাৰনেটত দ্ৰুতগতিত ভাইৰেল হৈ আছে, যাৰ ফলত আপোনাৰ চকু কপালত উঠিব। ভিডিঅ’টোত, এজন ব্যক্তিক আনন্দেৰে উতলা তেলত হাত থোৱা আৰু পকোড়াবোৰ আঁতৰ কৰা দেখা গৈছে।ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈ আছে, যি আপোনাকো থিয় কৰাব। আপুনি কেতিয়াবা কোনোবাই উতলা তেলত হাত থোৱা দেখিছে নেকি? প্ৰায়ে কাৰোবাক কাহিনীত শাস্তি দিয়াৰ বিষয়ে পঢ়া হয় বা সমাজৰ কৰবাত অপৰাধৰ ঘটনা ঘটে, কিন্তু আজিকালি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত এজন মানুহক আনন্দেৰে উতলা তেলত হাত দি পকোড়া উলিয়াই থকা দেখা যায়, যাৰ ফলত আপোনাৰ চকুপানী ওলাব।ভিডিঅ’টোত এজন ব্যক্তিক উতলা তেলত হাত থোৱা আৰু পকোড়াবোৰ আঁতৰ কৰা দেখা গৈছে। ভিডিঅ’টো দেখি মানুহে ভাবি আছে যে এইটো সঁচাকৈয়ে সম্ভৱ নেকি। ভিডিঅ’টোত দেখা মানুহজনে নিৰ্ভয়ে উতলা তেলত হাত ৰাখে আৰু পকোড়াবোৰ উলিয়াই কাগজত ৰাখে। ইয়াৰ পিছত, ওপৰৰ পৰা মচলাবোৰ ছটিয়াই দিয়ক আৰু গ্ৰাহকক দিয়ক। ভাইৰেল হৈ থকা ভিডিঅ’টো ৰায়পুৰ বাছ ষ্টেণ্ডৰ বুলি কোৱা হৈছে।

ভিডিঅ’টো সামাজিক মাধ্যমৰ মঞ্চ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা হৈছে। এই ভিডিঅ’টোত, এজন ব্যক্তিয়ে কেনেদৰে আশ্চৰ্যজনক কাম কৰি সকলোকে আচৰিত কৰে সেয়া দেখা যায়। ভিডিঅ’টো চাই, আপুনি একেবাৰে ভুল কৰিব নালাগে, অন্যথা ফলাফলযথেষ্ট বেয়া হ’ব পাৰে। একে সময়তে, এই ভাইৰেল ভিডিঅ’টোৱে মানুহক আচৰিত কৰি তুলিছে। এতিয়ালৈকে, এই ভিডিঅ’টো 82,000 ৰো অধিক লোকে লাইক কৰিছে। ইয়াতেই লাখ লাখ মানুহে ইয়াক দেখিছে।

চলমান খানে ঈদ পাৰ্টিত নিমন্ত্ৰণ দিয়াৰ পিছতো কিয় নগ’ল কেটৰিনা কাইফ? বিকিয়ে যাবলৈ বাধা দিলে নেকি কেটৰিনাক?

চলমান খানৰ ঈদৰ পাৰ্টিত বহুতো চেলিব্ৰেটীক দেখা গৈছিল, কিন্তু কেটৰিনা কাইফ, যি কেতিয়াও তেওঁৰ খুব ওচৰত নাছিল, পাৰ্টিলৈ আহিছিল।
চলমান খানে ঈদত এক বিশাল পাৰ্টি দিছিল, য’ত বলীউডৰ তাৰকাসকলে অংশগ্ৰহণ কৰিছিল। 3 বছৰৰ পিছত, চলমানে ইমান ডাঙৰ পাৰ্টি দিছিল। তেওঁ তেওঁৰ সৰু ভগ্নী অৰ্পিতা খানৰ ঘৰত পাৰ্টিৰ আয়োজন কৰিছিল, কিন্তু তেওঁৰ বিশেষ বন্ধু কেটৰিনা কাইফক পাৰ্টিত দেখা পোৱা নাছিল, আনহাতে প্ৰতিবাৰেই তেওঁ চলমানৰ পাৰ্টিৰ সৌন্দৰ্য আছিল। এনে পৰিস্থিতিত মানুহৰ মনত প্ৰশ্ন টো হৈছে তেওঁলোকক মাতি অনা হোৱা নাছিল নে তেওঁলোক অহা নাছিল। কেটৰিনা চলমানৰ ভগ্নী অৰ্পিতাৰ ওচৰত আছে। সিদ্ধাৰ্থ মালহোত্ৰা, কিয়াৰা আদৱানী, শ্বেহনাজ গিল আৰু বহুতো চেলিব্ৰেটীক পাৰ্টিত দেখা গৈছিল। কেটৰিনাই অলপতে অভিনেতা বিকি কৌশলৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। অৱশ্যে, সকলোৱে জানে যে কেইবছৰমান আগলৈকে তেওঁ চলমানৰ যথেষ্ট ঘনিষ্ঠ আছিল। দুয়োজনে বৰ্তমান টাইগাৰ ফ্ৰেঞ্চাইজিৰ পৰৱৰ্তী চলচ্চিত্ৰত একেলগে কাম কৰি আছে। ছবিখন ২০২৩ চনৰ এপ্ৰিলত ছবিগৃহত মুক্তি পাব।

এক প্ৰতিবেদন অনুসৰি, কেটৰিনা অৰ্পিতাৰ এগৰাকী ভাল বন্ধু আছিল আৰু চলমান পৰিয়ালৰ অতি ঘনিষ্ঠআছিল, কিন্তু এতিয়া তেওঁ এতিয়া এই পৰিয়ালৰ ওচৰত নাই। এইটো ৱেই কাৰণ বুলি বিশ্বাস কৰা হয় কিয় তাই ঈদৰ পাৰ্টিত উপস্থিত নাছিল। আন এক প্ৰতিবেদন অনুসৰি, কেটৰিনা কাইফ কেইদিনমানৰ বাবে চহৰৰ বাহিৰত আছে, সেয়েহে তেওঁ ঈদৰ পাৰ্টিত উপস্থিত থাকিব নোৱাৰিলে। প্ৰতিবেদনঅনুসৰি, তাইক আমন্ত্ৰণ জনোৱা হৈছিল, কিন্তু তাই আহিব নোৱাৰিলে। তেওঁ তেওঁৰ স্বামী বিকি কৌশলৰ সৈতে দিল্লীত আছে, যি তাত তেওঁৰ পৰৱৰ্তী প্ৰকল্পত কাম কৰি আছে। প্ৰতিবেদনঅনুসৰি, বিকি কৌশল আৰু কেটৰিনা কাইফে ইজনে সিজনৰ সৈতে সময় কটোৱাৰ কোনো সুযোগ হেৰুৱাব নিবিচাৰে।

বিহালীত অপহৰণ কৰি হত্যা কৰিলে এটি ৪ মহীয়া শিশুক

বিহালীৰ বেদেতীত সংঘটিত হৈছে এক অমানৱীয়-হৃদয় বিদাৰক জঘন্যকাণ্ড৷দ্বিতীয় স্বৰূপ মাতৃৰ নিজ বায়েকে অপহৰণ কৰি হত্যা কৰাৰ অভিযোগ এটি কনমানি ৪ মহীয়া পানী কেছুৱাক৷১ মে’ তাৰিখে বিহালীৰ বেদেতিৰ চাহ বাগিছাৰ নিজাবাসগৃহৰ পৰা জেঠায়েকে ৪ মহীয়া পানীকেচুৱাক অপহৰণ কৰিছিল৷পৰিয়ালৰ লোকে ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল যদিও আজি অপহৃত পানী কেচুৱাটিৰ মৃতদেহ উদ্ধাৰ হয় লক্ষীমপুৰ জিলাৰ কঠাল পুখুৰী ৰেল ষ্টেচনৰ সমীপত এটা খালত৷

ইতিমধ্যে ৪মহীয়া দেৱশিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ বিয়পি পৰাৰ লগে-লগে সমগ্ৰ বিহালীৰ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে৷আনহাতে দেৱশিশুটিৰ গৃহ অঞ্চল বেদেতী চাহ বাগিছাত হত্যাকাৰী ফাঁচীৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে শ-শ ৰাইজে।

বৈবাহিক ছাইটত বিয়াৰ বাবে লগইন কৰিছে নেকি? আপুনিও হওঁক সাৱধান

বেংগালুৰুৰ এটা ষ্টাৰ্টআপৰ সহ-প্ৰতিষ্ঠাপক উদিতা পালে এজন ল’ৰাৰ সৈতে বিবাহৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰাৰ কথা আছিল যাৰ প্ৰ’ফাইল, বৈবাহিক ছাইটৰ পৰা, তাইৰ দেউতাকে ভাগ বতৰা কৰিছিল। কিন্তু বৈবাহিক সম্ভাৱনাঅন্বেষণ কৰাৰ পৰিৱৰ্তে, উদিতাই এনে এটা কাম কৰিছিল যাৰ ফলত ইণ্টাৰনেটত সকলোৱে হাঁহিছিল।

বিবাহৰ পৰিকল্পনা নহয়, উদিতাই মানুহজনক তাইৰ ফিনটেক প্লেটফৰ্মৰ বাবে এটা চাকৰি ৰখাৰ প্ৰস্তাৱ দিছিল! উদিতাই টুইটাৰত তাইৰ দেউতাকৰ সৈতে হোৱা বাৰ্তালাপটো শ্বেয়াৰ কৰিছিল, যাৰ ফলত নেটিজেনসকল বিভক্ত হৈ পৰিছিল।

দেউতাকৰ সৈতে তাইৰ বাৰ্তালাপৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি উদিতাই শিৰোনাম দিছিল, “দেউতাকৰ পৰা অস্বীকাৰ হোৱাটো কেনেকুৱা দেখাযায়।” চেটটো ভাইৰেল হৈ পৰিছিল। স্ক্ৰীণশ্বটটোত উদিতাৰ দেউতাকে তেওঁৰ জীয়েকৰ সৈতে জৰুৰী যোগাযোগ বিচাৰি থকা দেখুওৱা হৈছে যিহেতু তেওঁ লিখিছিল, “আপুনি বৈবাহিক ছাইটৰ পৰা লোক নিয়োগ কৰিব নোৱাৰে।” তেওঁ লগতে কয়, “মই আপোনাৰ বাৰ্তাটো দেখিছিলো যে আপুনি তেওঁক সাক্ষাৎকাৰ লিংক দিছিল আৰু ৰিজিউম বিচাৰিছিল।”