ৰাছিয়াৰ এগৰাকী প্ৰাক্তন টেনিছ তাৰকা । নাম মাৰিয়া ছাৰাপভা ৷ এসময়ত এই সুন্দৰী টেনিছ তাৰকাগৰাকীয়ে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ ক্ৰীড়াপ্ৰেমীৰ মনত স্থান লাভ কৰিছিল ৷ অপূৰ্ব লয়লাসেৰে টেনিছ ক্ষেত্ৰখনত সৌন্দৰ্যৰ পোহাৰ মেলিছিল মাৰিয়া ছাৰাপভাই ৷ বহু ক্ৰীড়া বিশেষজ্ঞৰ মতে বিশ্বৰ টেনিছ ক্ষেত্ৰখনত ৰূপ আৰু গুণৰ সমাহাৰ ঘটাইছিল ছাৰাপভাই ৷ যাৰ বাবে তেওঁ হৈ পৰিছিল বহু বিজ্ঞাপনৰ মডেল ৷
ক্ৰীড়া সামগ্ৰী উৎপাদন কৰা বহুজাতিক প্ৰতিষ্ঠানবোৰৰ বাবে ছাৰাপভা আকৰ্ষণৰ কেন্দ্ৰ আছিল ৷ বিশেষকৈ ক্ৰীড়াক্ষেত্ৰৰ তুলনাত বিজ্ঞাপনৰ যোগেদি এই তাৰকা খেলুৱৈগৰাকীয়ে অধিক ধন আহৰণ কৰা বুলিও চৰ্চা চলিছিল ৷ বিশ্বৰ ক্ৰীড়াংগনৰ ইতিহাসত যি কেইগৰাকী সুন্দৰীয়ে ৰূপৰ পোহাৰ মেলিছে তাৰ ভিতৰত প্ৰথমেই স্থান পোৱাৰ যোগ্য মাৰিয়া ছাৰাপভা ৷
ৰুছ সুন্দৰী এইগৰাকী টেনিছ তাৰকাই নিজৰ জন্ম দিনৰ দিনাই অনুৰাগীক দিলে এটি ভাল খবৰ ৷ জীৱনৰ ৩৫ তম বয়স গৰকা এইগৰাকী তাৰকাই সামাজিক মাধ্যমৰ জৰিয়তে জনালে প্ৰথমবাৰৰ বাবে মাতৃ হ’বলৈ ওলোৱাৰ কথা ৷ ২০২০ বৰ্ষত টেনিছৰ পৰা অৱসৰ গ্ৰহণ কৰা এইগৰাকী তাৰকাই ইয়াৰ দুই বছৰ পূৰ্বে ব্ৰিটিছ ব্যৱসায়ী আলেকজেণ্ডাৰ গিলকেছৰ সৈতে আবদ্ধ হৈছিল বিবাহ পাশত ৷ তাৰ পাছতে বুধবাৰে অৰ্থাৎ তেওঁৰ ৩৫ তম জন্মদিনৰ দিনা ঘোষণা কৰে গৰ্ভৱতী হৈ থকাৰ কথা ৷ মাত্ৰ ১৭ বছৰ বয়সত প্ৰথমবাৰৰ বাবে উইম্বলডনৰ খিতাপ জয় কৰা এইগৰাকী টেনিছ তাৰকাই নিজৰ কেৰিয়াৰত সৰ্বমুঠ পাঁচবাৰ গ্লেণ্ডশ্লাম টুৰ্ণামেণ্ট জয় কৰিবলৈ সক্ষম হয় ৷
চিলাপথাৰত আয়ুষ্মান ভাৰতৰ অধীনত খণ্ড পৰ্যায়ৰ স্বাস্থ্য মেলা।বুধবাৰে চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চিচিবৰগাওঁ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে আয়ুষ্মান ভাৰত স্বাস্থ্য মেলাৰ অনুষ্ঠিত হয় । উক্ত মেলাৰ শুভ উদ্বোধন কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সংসদ প্ৰদান বৰুৱাই । অনুষ্ঠানটিত উপস্থিত থাকে জোনাইৰ বিধায়ক ভুৱন পেগু, ধেমাজি জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্য । মেলাৰ লগত সংগতি ৰাখি এক সজাগতা সভা অনুষ্ঠিত কৰা হয় । মেলাত সাধাৰণভাৱে আহৰণ কৰিব পৰা নানা ধৰণৰ পুষ্টিকৰ খাদ্য বস্তু প্ৰদৰ্শিত কৰাৰ লগতে এক যোগ শিবিৰ ও অনুষ্ঠিত হয়।সজাগতা সভাত বিতংভাৱে বক্তব্য ৰাখে ধেমাজি স্বাস্থ্য বিভাগৰ বিষয়া ড০ যোগেন দাসে ।
উক্ত অনুষ্ঠানটিত জিলা স্বাস্থ্য বিভাগৰ মূৰব্বীৰ লগতে অঙ্গনৱাদী কৰ্মী সকল, চুপাৰভাইজাৰ সকল , গৰ্ভৱতী মহিলা আৰু চিলাপথাৰ অঞ্চলৰ বহু কেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।