Home Blog Page 2514

সাৱধান হওক! এই সামান্য লক্ষণবোৰেই ৰূপ ল’ব পাৰে কেঞ্চাৰৰ…

কেঞ্চাৰ যিমানেই সোনকালে ধৰা পৰে সিমানেই সোনকালে চিকিৎসা কৰি মুক্ত হোৱাৰ সম্ভাৱনা থাকে। কেঞ্চাৰৰ প্ৰথম পৰ্যায়ত কেতবোৰ লক্ষণ দেখিলেও অনুমান কৰিব পাৰি। কেঞ্চাৰৰ নাম শুনিলেই সকলোৱে ভয় খায়। পৰিয়ালৰ কোনো লোক এই ৰোগৰ চিকাৰ হোৱাৰ কথা শুনিলে মূৰত সৰগ ভাগি পৰা যেন লাগে। বিশেষকৈ বংশানুক্ৰমে এই ৰোগ হয় বুলি আৰু আতংকিত হয় বহু লোক। কেঞ্চাৰ যিমানেই সোনকালে ধৰা পৰে সিমানেই সোনকালে চিকিৎসা কৰি মুক্ত হোৱাৰ সম্ভাৱনা থাকে। কেঞ্চাৰৰ প্ৰথম পৰ্যায়ত কেতবোৰ লক্ষণ দেখিলেও অনুমান কৰিব পাৰি। জানো আহক সেইবোৰ।

১. মূৰৰ যন্ত্ৰণা হ’লে সকলো সময়তে চকুৰ সমস্যা, ছানাছ বা মাইগ্ৰেইন বুলি নাভাৱিব। সকলো সময়তে কিন্তু এই সমস্যাবোৰ নহয়। প্ৰায়ে মূৰৰ বিষত ভুগি থাকিলে চিকিৎসকৰ পৰামৰ্শ লওক। অতিৰিক্ত মূৰৰ বিষে ব্ৰেইন টিউমাৰৰ ইংগিত দিয়ে।

২. প্ৰায়ে গেছৰ সময়ত কষ্ট হয় নেকি! বহুতেই ভাৱে খাদ্য হজমৰ বাবে এনে হয়। কিন্তু এই লক্ষণে অভাৰিৰ কেঞ্চাৰৰ ইংগিত দিয়ে।

৩. শৰীৰত প্ৰায়ে ৰঙা দাগ আৰু খজুৱতি হয়? অধিকাংশ সময়ত এইবোৰ পোকে কামোৰা বা এলাৰ্জী বুলি এৰাই চলা হয়। কিন্তু নিয়মিত এইবোৰ হৈ থাকিলে চিকিৎসকৰ পৰামৰ্শ লওক। এই সমস্যাই ব্লাড কেঞ্চাৰৰ ইংগিত দিয়ে।

৪. হঠাৎ ওজন কমি হ’লে সেয়া এৰাই নচলিব। অস্বাভাৱিকভাৱে হঠাৎ ওজন কমিলে চিকিৎসকৰ পৰামৰ্শ লওক। ওজন কমি যোৱাটো ষ্টমাক কেঞ্চাৰৰ অন্যতম লক্ষণ।

৫. মহিলাসকলে প্ৰায়ে লক্ষণ কৰিব স্তনৰ আকৃতিৰ পৰিৱৰ্তন হৈছে নেকি। এয়াও কেঞ্চাৰৰ অন্যতম লক্ষণ।

৬. অণ্ডকোষৰ আকৃতি হঠাৎ বৃদ্ধি পালে বা ফুলি গ’লে সাৱধান হওক। এই ধৰণৰ সমস্যা আওকাণ নকৰি চিকিৎসকৰ পৰামৰ্শ লওক।

৭. হঠাৎ ভৰি ফুলি যোৱাযো সকলো সময়তে সৰু সমস্যা নহ’বও পাৰে। সেয়ে এই ধৰণৰ সমস্যা থাকিলে চিকিৎসকৰ ওচৰলৈ যাওক।

চাপৰমুখত শোৱাপাটিৰ পৰাই সন্ধানহীন কিশোৰ…

চাপৰমুখ আৰক্ষী চকীৰ অন্তৰ্গত চাপৰমুখ কৃষ্ণনগৰৰ এজন কিশোৰ আজি পুৱাৰ পৰাই নিৰুদ্দেশ  হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।জানিব পৰা মতে কৃষ্ণনগৰৰ মুকুট বৰাৰ  পুত্ৰ তথা চাপৰমুখৰ চেন্ট বেচিলছ একাডেমীৰ নৱমমান শ্ৰেণীৰ ছাত্র গৌৰৱজ্যোতি বৰা(বাবু) (১৬)ই কালিও আন দিনাৰ দৰেই  নিশা খোৱা বোৱা কৰি শুবলৈ যায়।কিন্তু আজি পুৱা শোৱাপাটিৰ পৰাই নিৰুদ্দেশ হোৱাত পৰিয়ালৰ মাজত হাহাকাৰ লাগে।

ইতিমধ্যে পৰিয়ালৰ লোকে চাপৰমুখ আৰক্ষী চকীত এক গোচৰ দিয়াৰ ওপৰিও বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছে যদিও কোনো সম্ভেদ লাভ কৰিব পৰা নাই ‌।অতি অমায়িক কিশোৰজন হঠাতে শোৱাপাটিৰ পৰাই   সন্ধানহীন হোৱা ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে।কোনো সদাশয় লোকে কিশোৰজনৰ সম্ভেদ পালে মবাইল ৯১০১৬৫৭৪২২ আৰু মবাইল ৯৮৬৪৬৩০১৫১ নম্বৰ অথবা ওচৰৰ আৰক্ষী থানাত যোগাযোগৰ বাবে অনুৰোধ জনোৱা হৈছে।

ৰহাত অৱসৰৰ দিনাই শিক্ষয়িত্ৰীক পেন্সনৰ নথিপত্ৰ প্ৰদান…

অৱসৰ গ্ৰহণৰ দিনাই আজি ৰহাৰ কপিলী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত এগৰাকী শিক্ষয়িত্ৰীক পেন্সনৰ নথিপত্ৰ প্ৰদান কৰা হয়।এই উপলক্ষে আজি কপিলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় প্ৰাংগণত এখন সভা অনুষ্ঠিত হয়।ৰহা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি ভূপেন্দ্ৰ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখা কৰে পৰিষদৰ সম্পাদক লক্ষীপ্ৰসাদ ডেকাই।সভাত  আজি অৱসৰ গ্ৰহণ কৰা চাপৰমুখ ৰেলৱে মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পুতলী মুদৈক আনুষ্ঠানিকভাৱে বিভাগৰ জৰিয়তে পেন্সনৰ নথিপত্ৰসমূহ প্ৰদান কৰে কপিলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সমৰ বৰুৱাই । নথিপত্ৰ প্ৰদান কৰি শিক্ষা বিষয়া বৰুৱাই অৱসৰৰ দিনাই এনেদৰে নথিপত্ৰ দিব পৰাত অতিশয় আনন্দিত হোৱা বুলি উল্লেখ কৰি অনাগত সময়ত অৱসৰ গ্ৰহণ কৰা শিক্ষক শিক্ষয়িত্ৰী সকলকো এনেদৰে যাতে পেন্সনৰ নথিপত্ৰ দিব পাৰে তাৰ বাবে প্ৰচেষ্টা চলাব বুলি কয়।

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম কৰ্মচাৰী পৰিষদৰ ভাৰপ্ৰাপ্ত সম্পাদক শ্যামন্ত দাসে এনেদৰে পেন্সনৰ নথি পত্ৰ দিয়াৰ ব্যৱস্থা কৰাত আনন্দ প্ৰকাশ কৰাৰ লগতে ৰাজ্যৰ কৰ্মৰত কৰ্মচাৰীসকলৰ লগতে পেন্সনাৰ সকলৰ বাবে স্বাস্থ্য বীমা আঁচনিখনো তৎকালীনভাবে কাৰ্যকৰী কৰি কৰ্মচাৰীসকলক সকাহ দিয়াৰ বাবে চৰকাৰক দাবী জনায়। সভাত সদৌ অসম ছাত্র সন্হাৰ তথ্য সম্পাদক মৃদুল হাজৰিকা, নগাঁও জিলা ট্ৰাইবেল সংঘৰ সভাপতি প্ৰহ্লাদ কুমাৰ মছৰঙ, কপিলী প্ৰাথমিক শিক্ষক সন্মিলণীৰ সভাপতি ৰঞ্জিত পাটৰ,ৰহা আঞ্চলিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক নীলোৎপল হাজৰিকা, ৰহা আঞ্চলিক সাংবাদিক সন্হাৰ সভাপতি দীপক কুমাৰ শৰ্মা,শিক্ষা খণ্ড কাৰ্যালয়ৰ সহায়ক লক্ষদেৱ বড়ো ,জয়ন্ত দাস আদি উপস্থিত থাকে।সভাত অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী পুতলী মুদৈক ৰহা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা গামোছা, প্ৰশস্তি পত্ৰ,চেলেং আৰু কলম আদিৰে বিদায় সম্বৰ্ধনা জনোৱা হয়। সভাত বিদায়ী প্ৰধান শিক্ষয়িত্ৰী পুতুলী মুদৈয়ে কয়  অৱসৰৰ পাছত পাৱলগা ধনেৰে ৰহা টোলগেটৰ কাষত গঢ়ি তুলিম এখন বৃদ্ধাশ্ৰম গঢ়ি তুলিম বুলিও কয় ।

মোদীয়েই দেশৰ আটাইতকৈ শক্তিশালী ব্যক্তি…

দেশৰ আটাইতকৈ শক্তিশালী ব্যক্তি হিচাপে পুনৰ চিহ্নিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেশক শক্তিশালীভাৱে নেতৃত্ব দিয়া তথা বিজেপিক ইটোৰ পাছত সিটো জয়ৰ সোৱাদ দিবলৈ সক্ষম হোৱা মোদীক লৈ ভাৰতীয়সকলৰ লগতে বিশ্ব সম্প্ৰদায়ৰ আগ্ৰহ তথা আস্থাও সম্প্ৰতিক সময়ত বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। এনে পৰিপ্ৰেক্ষিততে প্ৰধানমন্ত্ৰী মোদীক এই সময়ৰ দেশৰ আটাইতকৈ শক্তিশালী ব্যক্তি বুলি চিহ্নিত কৰা হৈছে। ‘ইণ্ডিয়ান এক্সপ্ৰেছ পাৱাৰ লিষ্ট ২০২২’ত নৰেন্দ্ৰ মোদীয়ে স্থান আটাইতকৈ শক্তিশালী নেতা হিচাপে আন এবছৰলৈ সুৰক্ষিত হৈ ৰৈছে। ১৩০ কোটি বাসিন্দাৰ এখন দেশ পৰিচালনা কৰা, দেশক ক’ভিডবিৰোধী যুঁজত নেতৃত্ব দিয়া, ক’ভিড প্ৰতিৰোধী লকডাউনৰ সফল বলৱৎ কৰা তথা ভাৰতত থলুৱা ক’ভিড-১৯ ভেকছিন বিকশিত আৰু বিতৰণৰ ব্যৱস্থা কৰাৰ দৰে বিষয়ত সফলতাই মোদীৰ কৃতিত্বক অধিক সমুজ্জ্বল কৰি তুলিছে। নৰেন্দ্ৰ মোদীয়ে আঠ বছৰ আগতে দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা ভাৰতৰ ৰাজনৈতিক দৃশ্যপটত আগতকৈ অধিক প্ৰভাৱশালী আৰু কৰ্তৃত্ব বিস্তাৰ কৰিবলৈ সক্ষম হোৱাটো প্ৰমাণ হৈছে।। লগতে অতি শেহতীয়াকৈ, যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা ২২,০০০ তকৈও অধিক যুৱ ভাৰতীয়ক দেশলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবেও তেওঁ প্ৰশংসিত হৈছে।

প্ৰধানমন্ত্ৰী মোদীৰ পাছতে গৃহমন্ত্ৰী অমিত শ্বাহে স্থান লাভ কৰিছে। জে পি নাড্ডাৰ ৰূপত বিজেপিত এগৰাকী নতুন সভাপতি থকা স্বত্বেও শ্বাহে দলটোত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰি আছে। তৃতীয় স্থানত আছে আৰএছএছৰ মুৰব্বী মোহন ভাগৱত। জেপি নাড্ডা চতুৰ্থ স্থানত আছে। দেশৰ আটাইতকৈ ধনী পুঁজিপতি মুকেশ আম্বানী আছে পঞ্চন স্থানত।ষষ্ঠ স্থানত আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, যিয়ে শেহতীয়াকৈ ৰাজ্যখনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত ইতিহাস ৰচনা কৰি বিজেপিক একেৰাহে দ্বিতীয়বাৰৰ বাবে শাসনলৈ নেতৃত্ব দিবলৈ সক্ষম হৈছিল। যোগীৰ পিছত গৌতম আদানিৰ নাম সন্নিৱিষ্ট হৈছে। শেহতীয়াকৈ যিসকল উদ্যোগপতিয়ে দেশত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে সেইসকলৰ ভিতৰত আদানী হৈছে অগ্ৰণী। তেওঁ দেশৰ ব্যৱসায়িক ক্ষেত্ৰখনত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। ইফালে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে অষ্টম স্থান দখল কৰিছে। দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি অহা ডোভালে এতিয়া দেশৰ নিৰাপত্তাৰ সৈতে জড়িত বিষয়বোৰত আটইতকৈ কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰি আহিছে। আৰু তাৰ পাছতে অৰ্থাৎ নৱম আৰু দশম স্থানত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ।

ইফালে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তালিকাৰ ৩২সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, ২০২১ চনত তেওঁ এই তালিকাৰ ৬০সংখ্যক স্থানত আছিল। মুখ্যমন্ত্ৰীৰ আসনত বহিবলৈ সক্ষম হোৱাৰ পাছতে তেওঁ ক্ষমতাৰ পৰিসৰ আৰু শক্তি অধিক বৃদ্ধি হোৱাটো এই তালিকাত প্ৰতিপন্ন কৰা হৈছে।

কোন জিলাত কাক দায়িত্ব? ৰাজ্যৰ প্ৰশাসনত পুনৰ ৰদবদল…

কামৰূপ(মঃ) জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে। গুৱাহাটী স্মাৰ্ট চিটীৰ পৰিচালন সঞ্চালকৰ দায়িত্বও পল্লৱ গোপাল ঝাক প্ৰদান কৰিছে।আনহাতে, বজালীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীক বদলি কৰা হৈছে। মাধ্যমিক শিক্ষা বিভাগৰ সচিব ৰূপে নিযুক্তি দিয়া হৈছে ভাৰত ভূষণ দেৱ চৌধুৰীক।কাবেৰী বৰকাকতিক বজালীৰ উপায়ুক্ত নিযুক্তি দিয়া হৈছে। কাবেৰী বৰকাকতি আছিল পৰ্যটন বিভাগৰ যুটীয়া সচিব।

একেদৰে, বঙাইগাঁৱৰ উপায়ুক্ত ড০ লক্ষ্মী প্ৰিয়াক বদলি কৰা হৈছে। NHMৰ সঞ্চালক ৰূপে নিযুক্তি দিয়া হৈছে ড০ লক্ষ্মী প্ৰিয়াক।নৱজিৎ পাঠক হ’ব বঙাইগাঁৱৰ নতুন উপায়ুক্ত। ৰাজ্য চৰকাৰৰ যুটীয়া সচিবৰ দায়িত্বত আছিল নৱজিৎ পাঠক। ধেমাজিৰ উপায়ুক্ত পি বিজয়া ভাস্কৰ ৰেড্ডীক বদলি কৰা হৈছে। ৰেড্ডীৰ স্থানত অসীম কুমাৰ ভট্টাচাৰ্য হ’ব ধেমাজিৰ নতুন উপায়ুক্ত।আনহাতে, শোণিতপুৰৰ উপায়ুক্ত ভূপেশ দাসক বদলি কৰা হৈছে। বিশ্বনাথৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰ হ’ব শোণিতপুৰৰ উপায়ুক্ত ৰূপে বদলি কৰা হৈছে। মুনীন্দ্ৰ নাথ ঙাটে হ’ব বিশ্বনাথৰ নতুন উপায়ুক্ত। আজি এক নিৰ্দেশনাযোগে এই কথা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে।

লাকী আলীৰ অনুৰাগীসকলৰ বাবে এটা দুঃখবৰ!

জনপ্ৰিয় কণ্ঠশিল্পী লাকী আলীয়ে শীঘ্ৰে আঁতৰিব পাৰে সংগীত জগতৰ পৰা। সুন্দৰ কণ্ঠেৰে সমগ্ৰ দেশৰ লাখ লাখ জনতাৰ হৃদয় জয় কৰি আহিছে তেওঁ। যদিও তেওঁ চলচ্চিত্ৰ সংগীতৰ পৰা আঁতৰি আছিল, তথাপিও তেওঁ সংগীতানুষ্ঠানত গান গাইছিল আৰু মুকলি কৰিছিল এলবাম।
এতিয়া প্ৰবীণ গায়কজনে ঘোষণা কৰিছে অৱসৰৰ কথা। তেওঁ এটা নিউজ পৰ্টেলৰ আগত প্ৰকাশ কৰে যে তেওঁ শীঘ্ৰে ল’ব পাৰে অৱসৰ। লগতে তেওঁ কয় যে যেতিয়া তেওঁৰ ল’ৰা-ছোৱালীয়ে তেওঁলোকৰ নিজৰ সংগীতৰ লেবেল লৈ আহিছিল, গায়কজনে ভাবিছিল যে তেওঁ বাহিৰলৈ গৈ আছে আৰু সেয়েহে তেওঁ ইয়াৰ বাবে সাজু আছিল।

আলীয়ে ইয়াৰ লগতে কয় যে লকডাউনৰ সময়ত মনলৈ আহিছিল সংগীত জগতৰ পৰা অৱসৰ লোৱাৰ কথা। তেওঁ সুখী আছিল কিয়নো তেওঁ ক’লৈও যাব লগা হোৱা নাছিল। তেওঁ এইটোও কয় যে যোৱা কেইটামান বছৰ বহুত কঠিন আছিল আৰু নিৰন্তৰ ৰাস্তাত থকাটো সহজ নহয়। তেওঁৰ মতে, শ শ মাইল ভ্ৰমণ কৰিলে তেওঁৰ যথেষ্ট শক্তি লাগে। লাকী আলীয়ে বৰ্তমান তেওঁৰ আহিবলগীয়া এলবাম ‘ইন্তেজাৰ’ৰ বিষয়েও কয় আৰু মুক্তিৰ বাবে অপেক্ষা কৰি আছে বুলিও জানিবলৈ দিয়ে। লাকী আলীৰ এই এলবামটি ৬ এপ্ৰিলত মুক্তি পাব আৰু প্ৰতিভাশালী গায়কৰ গৌৰৱময় কেৰিয়াৰৰ সমাপ্তি চিহ্নিত কৰিব। লাকী আলীৰ ওচৰত ‘অ’ চানম’, ‘এক পাল কা জীনা’, ‘চফৰনামা’, ‘না তুম জানো না হাম’ আৰু আন বহুতো গান আছে বুলিও জানিব দিয়ে।

কাইলৈৰ পৰা বৃদ্ধি হ’ব একাধিক ঔষধৰ মূল্য!

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ সৈতে যুঁজি থকা গ্ৰাহকসকলে এতিয়াৰে পৰা আগতকৈ অধিক মূল্যত ক্ৰয় কৰিব লাগিব ঔষধ। ১ এপ্ৰিলৰ পৰা বহুতো অত্যাৱশ্যকীয় ঔষধৰ মূল্য বৃদ্ধি হ’ব। লগতে ব্যয়বহুল জ্বৰ-কাহ আৰু বিষৰ চিকিৎসাৰো। যিসমূহ ঔষধৰ মূল্য বৃদ্ধি কৰা হৈছে সেইসমূহ ঔষধক অত্যাৱশ্যকীয় ঔষধৰ শ্ৰেণীত ধৰা হয়। আৰু লগতে ৰাষ্ট্ৰীয় অত্যাৱশ্যকীয় ঔষধৰ তালিকাৰ অধীনতো পৰে। এণ্টিবায়টিক, চৰ্দি-কাহৰ ঔষধ, কাণ-নাক আৰু ডিঙিৰ ঔষধ, এণ্টিচেপ্টিক, গেছৰ ঔষধ আৰু এণ্টিফাংগাল ঔষধৰ লগতে ৮০০ৰো অধিক ঔষধৰ মূল্য বৃদ্ধি হ’ব। এই ঔষধসমূহৰ মূল্য ১ এপ্ৰিলৰ পৰা ১০.৭৬ শতাংশ বৃদ্ধি পাব।

জ্বৰৰ বাবে আটাইতকৈ ব্যৱহৃত পেৰাচিটামলও এতিয়া হ’ব ব্যয়বহুল। এজিথ্ৰোমাইচিন, এণ্টি-এনিমিক প্ৰিচাপ্ৰেচন আৰু বেক্টেৰিয়াৰ সংক্ৰমণৰ চিকিৎসাত ব্যৱহৃত খনিজ পদাৰ্থ আদিৰো অন্তৰ্ভুক্ত কৰা হ’ব। ঔষধৰ মূল্য বৃদ্ধিৰ মূল কাৰণ হিচাপে বিবেচিত হৈছে – পাইকাৰী মুদ্ৰাস্ফীতি। তথ্য অনুসৰি, পাইকাৰী মুদ্ৰাস্ফীতিৰ ওপৰত আধাৰিত পাইকাৰী মূল্য সূচক (ডব্লিউপিআই) এবছৰ আগৰ তুলনাত ২০২১চনত ১০.৭৬ শতাংশ সলনি হৈছে।কাৰ্ডিঅ’-ভাস্কুলাৰ, ডায়েবেটিচ, এণ্টিবায়টিক, এণ্টি-ইনফেকটিভ আৰু ভিটামিন আদি প্ৰস্তুত কৰিবৰ বাবে বেছিভাগ ফাৰ্মা উপাদান চীনৰ পৰা আমদানি কৰা হয়, আৰু এই সমূহ কেঁচা সামগ্ৰীৰ বাবে চীনৰ ওপৰত নিৰ্ভৰশীলতা ৮০-৯০%। ২০২০চনত চীনত মহামাৰী বিয়পি পৰাৰ পিছত, ব্যাপক পৰিমাণৰ যোগান ব্যাহত হোৱাৰ বাবে ঘৰুৱা কোম্পানীবোৰে কেঁচা সামগ্ৰী সমূহ অধিক মূল্যত ক্ৰয় কৰিবলগীয়া হৈছিল। যাৰ প্ৰভাৱ বৰ্তমান দেশৰ জনসাধাৰণে ভুগিবলগীয়া হৈছে।

বিশ্বব্ৰহ্মাণ্ডলৈ যাব নেকি? ২০২৭ত মুকলি হ’ব স্পেচ হোটেল!

এখন বিশেষ হোটেলক লৈ চলিছে চৰ্চা। যিখন হোটেল আপুনি মই ভৱা ধৰণে তেনেই সাধাৰণ হোটেল নহয়। সঁচাকৈয়ে আচৰিত এতিয়াৰ বিজ্ঞান প্ৰযুক্তি। এই যে হোটেলখন দেখিছে, হোটেলখন আচলতে নিৰ্মাণ কৰি থকা হৈছে আকাশ মাৰ্গত। আকাশমাৰ্গৰ বিশ্বব্ৰহ্মাণ্ডত ওপঙি থাকিব এই হোটেলখন। ২০২৭ চনত মুকলি কৰিব অৰ্বিটাল এচেম্বলী কৰ্পোৰেচনৰ দ্বাৰা নিৰ্মাণ হৈ থকা এই স্পেচ হোটেল। হোটেল মুকলি হোৱাৰ পিছতে আপুনিও সময় কটাব পাৰিব স্পেচ হোটেলত। যাৰ বাবে আপুনি পৰিশোধ কৰিব লাগিব বৃহত পৰিমাণৰ ধনৰাশি। দেখাত কুৰুজৰ জাহাজৰ দৰে হ’ব এই হোটেলখন।


যিখন হোটেলখনত ২৪টা মডিউল উপলব্ধ হব আৰু এলিভেটৰৰ জড়িয়তে ইজনে আনজনৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব। অৰ্বিটেল এচেম্বলী কৰ্পোৰেচন কোম্পানীটোৱে জনোৱা অনুসৰি জেষ্ঠ ডিজাইনাৰ, আৰ্কিটেক্ট টিম আলটৰে সংবাদ মাধ্যমক জনোৱা অনুসৰি এই হোটেলখন আকাশমাৰ্গত ঘূৰ্ণীয়মান অৱস্থাত থাকিব, যেনেদৰে পানী ভৰ্তি বাল্টি এটা যিদৰে ঘূৰে ঠিক একেদৰে এই হোটেল খনো ঘূৰিব। লগতে আপুনি বিচৰা সকলো ধৰণৰ সা-সুবিধা উপলব্ধ হব এই বিশেষ হোটেলখনত।

হোটেলখনত বিভিন্ন সা-সুবিধা থকাৰ লগতে নিৰ্মাণ কৰা হৈছে এখন বৃহত আকৃতিৰ খেল পথাৰো, যত ব্যক্তিসকলে বিভিন্ন ধৰণৰ খেল খেলিব পাৰিব। হোটেলনিৰ্মাণৰ কোম্পানীৰ বিষয়াসকলে জনোৱা অনুসৰি যিসকল ব্যক্তিয়ে বিশ্বব্ৰহ্মাণ্ড ভ্ৰমণ কৰিব বিচাৰে সেইসকল ব্য়ক্তিৰ বাবে এই হোটেলখনত ভ্ৰমণৰ জড়িয়তে নিজৰ মনৰ ইচ্ছা পূৰণ কৰিব পাৰিব। যিসকল ব্যক্তিৰ হাতত যথেষ্ট ধন থকাৰ পিছতো মহাকাশ ভ্ৰমণ কৰিব নোৱাৰে সেই সকলে ব্যক্তিয়ে প্ৰথমে এই হোটেলখন বাচনি কৰিব পাৰিব। অৱশ্যে বিজ্ঞানীসকলে বিভিন্ন গ্ৰহত মানুহ থকাৰ বাবে বহু গৱেষণা কৰিছে যদিও এতিয়ালৈকে সম্ভৱপৰ হৈ উঠা নাই।

আকৌ পিছুৱাই দিয়া হ’ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন…

পিছুৱাই দিয়া হ’ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। ২২ এপ্ৰিলত অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। পূৰ্বে ১৯ এপ্ৰিলত অনুষ্ঠিত হোৱা কথা আছিল নিৰ্বাচন। আনহাতে ২৪ এপ্ৰিলত অনুষ্ঠিত হ’ব নিৰ্বাচনৰ ভোটগণনা।

পূৰ্বৰ তাৰিখ অনুসৰি ২১ এপ্ৰিলত আছিল ভোটগণনাৰ তাৰিখ। বিহুৰ বাবে দিন সলনি কৰা হৈছে নিৰ্বাচনৰ। উল্লেখ্য যে, বিহুৰ বাবে নিৰ্বাচনৰ দিন পিছুৱাবলৈ অনুৰোধ জনাইছিল বিজেপিয়ে।

অসমৰ ২৩ জিলাৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ AFSPA…

অসমৰ কেইবাখনো জিলাৰ পৰা আঁতৰিল সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA)। অসমৰ ২৩ জিলাৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন। আনহাতে ৯ জিলাত আৰু এটা মহকুমাত বাহাল থাকিব এই সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন। সেই জিলা কেইখন হৈছে- যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেও, তিনিচুকিয়া, ডিব্ৰুগড়, পশ্চিম কাৰ্বি আংলং, পূৱ কাৰ্বি আংলং, ডিমা হাছাও জিলা।

আনহাতে লক্ষিপুৰ মহকুমাত বাহাল থাকিব সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন। ইপিনে বাক্সা, ওদালগুৰি, কৰিমগঞ্জ, হাইলাকান্দি, কোকৰাঝাৰ, চিৰাং, ধেমাজি, লক্ষীমপুৰ, মাজুলী, বিশ্বনাথ, শোণিতপুৰ, নগাওঁ, হোজাই, মৰিগাওঁ, দৰং, নলবাৰী, বঙাইগাওঁ, ধুবুৰী, দ:শালমাৰা, গোৱালপাৰা, বৰপেটা, কামৰূপ, কামৰূপ মেট্ৰ পৰা সম্পূৰ্ণ ৰূপে প্ৰত্যাহাৰ AFSPA আইন। কাৰ্বি আংলং আৰু উজনী অসমৰ কেইখন মান জিলাত উগ্ৰপন্থীৰ সমস্যা এতিয়া সমাধান হোৱা নাই বাবেই এই আইন বাহাল ৰখা হৈছে। প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰি সংবাদমেলযোগে এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, ১৯৯০ চনৰ পৰা এই আইন বলবৎ হৈ আছিল। বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে টুইট যোগে সদৰি কৰে যে, অসম, নাগালেণ্ড আৰু মণিপুৰত সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনৰ অধীনত থকা অশান্ত জৰ্জৰ অঞ্চলৰ পৰিসৰ হ্ৰাস কৰাৰ বাবে কেন্দ্ৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই সিদ্ধান্তৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল যোগে এই সন্দৰ্ভত সবিশেষ তথ্য দাঙি ধৰে।