Home Blog Page 2524

মোদীয়েই দেশৰ আটাইতকৈ শক্তিশালী ব্যক্তি…

দেশৰ আটাইতকৈ শক্তিশালী ব্যক্তি হিচাপে পুনৰ চিহ্নিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেশক শক্তিশালীভাৱে নেতৃত্ব দিয়া তথা বিজেপিক ইটোৰ পাছত সিটো জয়ৰ সোৱাদ দিবলৈ সক্ষম হোৱা মোদীক লৈ ভাৰতীয়সকলৰ লগতে বিশ্ব সম্প্ৰদায়ৰ আগ্ৰহ তথা আস্থাও সম্প্ৰতিক সময়ত বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। এনে পৰিপ্ৰেক্ষিততে প্ৰধানমন্ত্ৰী মোদীক এই সময়ৰ দেশৰ আটাইতকৈ শক্তিশালী ব্যক্তি বুলি চিহ্নিত কৰা হৈছে। ‘ইণ্ডিয়ান এক্সপ্ৰেছ পাৱাৰ লিষ্ট ২০২২’ত নৰেন্দ্ৰ মোদীয়ে স্থান আটাইতকৈ শক্তিশালী নেতা হিচাপে আন এবছৰলৈ সুৰক্ষিত হৈ ৰৈছে। ১৩০ কোটি বাসিন্দাৰ এখন দেশ পৰিচালনা কৰা, দেশক ক’ভিডবিৰোধী যুঁজত নেতৃত্ব দিয়া, ক’ভিড প্ৰতিৰোধী লকডাউনৰ সফল বলৱৎ কৰা তথা ভাৰতত থলুৱা ক’ভিড-১৯ ভেকছিন বিকশিত আৰু বিতৰণৰ ব্যৱস্থা কৰাৰ দৰে বিষয়ত সফলতাই মোদীৰ কৃতিত্বক অধিক সমুজ্জ্বল কৰি তুলিছে। নৰেন্দ্ৰ মোদীয়ে আঠ বছৰ আগতে দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা ভাৰতৰ ৰাজনৈতিক দৃশ্যপটত আগতকৈ অধিক প্ৰভাৱশালী আৰু কৰ্তৃত্ব বিস্তাৰ কৰিবলৈ সক্ষম হোৱাটো প্ৰমাণ হৈছে।। লগতে অতি শেহতীয়াকৈ, যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা ২২,০০০ তকৈও অধিক যুৱ ভাৰতীয়ক দেশলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবেও তেওঁ প্ৰশংসিত হৈছে।

প্ৰধানমন্ত্ৰী মোদীৰ পাছতে গৃহমন্ত্ৰী অমিত শ্বাহে স্থান লাভ কৰিছে। জে পি নাড্ডাৰ ৰূপত বিজেপিত এগৰাকী নতুন সভাপতি থকা স্বত্বেও শ্বাহে দলটোত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰি আছে। তৃতীয় স্থানত আছে আৰএছএছৰ মুৰব্বী মোহন ভাগৱত। জেপি নাড্ডা চতুৰ্থ স্থানত আছে। দেশৰ আটাইতকৈ ধনী পুঁজিপতি মুকেশ আম্বানী আছে পঞ্চন স্থানত।ষষ্ঠ স্থানত আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, যিয়ে শেহতীয়াকৈ ৰাজ্যখনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত ইতিহাস ৰচনা কৰি বিজেপিক একেৰাহে দ্বিতীয়বাৰৰ বাবে শাসনলৈ নেতৃত্ব দিবলৈ সক্ষম হৈছিল। যোগীৰ পিছত গৌতম আদানিৰ নাম সন্নিৱিষ্ট হৈছে। শেহতীয়াকৈ যিসকল উদ্যোগপতিয়ে দেশত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে সেইসকলৰ ভিতৰত আদানী হৈছে অগ্ৰণী। তেওঁ দেশৰ ব্যৱসায়িক ক্ষেত্ৰখনত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। ইফালে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে অষ্টম স্থান দখল কৰিছে। দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি অহা ডোভালে এতিয়া দেশৰ নিৰাপত্তাৰ সৈতে জড়িত বিষয়বোৰত আটইতকৈ কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰি আহিছে। আৰু তাৰ পাছতে অৰ্থাৎ নৱম আৰু দশম স্থানত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ।

ইফালে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তালিকাৰ ৩২সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, ২০২১ চনত তেওঁ এই তালিকাৰ ৬০সংখ্যক স্থানত আছিল। মুখ্যমন্ত্ৰীৰ আসনত বহিবলৈ সক্ষম হোৱাৰ পাছতে তেওঁ ক্ষমতাৰ পৰিসৰ আৰু শক্তি অধিক বৃদ্ধি হোৱাটো এই তালিকাত প্ৰতিপন্ন কৰা হৈছে।

কোন জিলাত কাক দায়িত্ব? ৰাজ্যৰ প্ৰশাসনত পুনৰ ৰদবদল…

কামৰূপ(মঃ) জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে। গুৱাহাটী স্মাৰ্ট চিটীৰ পৰিচালন সঞ্চালকৰ দায়িত্বও পল্লৱ গোপাল ঝাক প্ৰদান কৰিছে।আনহাতে, বজালীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীক বদলি কৰা হৈছে। মাধ্যমিক শিক্ষা বিভাগৰ সচিব ৰূপে নিযুক্তি দিয়া হৈছে ভাৰত ভূষণ দেৱ চৌধুৰীক।কাবেৰী বৰকাকতিক বজালীৰ উপায়ুক্ত নিযুক্তি দিয়া হৈছে। কাবেৰী বৰকাকতি আছিল পৰ্যটন বিভাগৰ যুটীয়া সচিব।

একেদৰে, বঙাইগাঁৱৰ উপায়ুক্ত ড০ লক্ষ্মী প্ৰিয়াক বদলি কৰা হৈছে। NHMৰ সঞ্চালক ৰূপে নিযুক্তি দিয়া হৈছে ড০ লক্ষ্মী প্ৰিয়াক।নৱজিৎ পাঠক হ’ব বঙাইগাঁৱৰ নতুন উপায়ুক্ত। ৰাজ্য চৰকাৰৰ যুটীয়া সচিবৰ দায়িত্বত আছিল নৱজিৎ পাঠক। ধেমাজিৰ উপায়ুক্ত পি বিজয়া ভাস্কৰ ৰেড্ডীক বদলি কৰা হৈছে। ৰেড্ডীৰ স্থানত অসীম কুমাৰ ভট্টাচাৰ্য হ’ব ধেমাজিৰ নতুন উপায়ুক্ত।আনহাতে, শোণিতপুৰৰ উপায়ুক্ত ভূপেশ দাসক বদলি কৰা হৈছে। বিশ্বনাথৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰ হ’ব শোণিতপুৰৰ উপায়ুক্ত ৰূপে বদলি কৰা হৈছে। মুনীন্দ্ৰ নাথ ঙাটে হ’ব বিশ্বনাথৰ নতুন উপায়ুক্ত। আজি এক নিৰ্দেশনাযোগে এই কথা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে।

লাকী আলীৰ অনুৰাগীসকলৰ বাবে এটা দুঃখবৰ!

জনপ্ৰিয় কণ্ঠশিল্পী লাকী আলীয়ে শীঘ্ৰে আঁতৰিব পাৰে সংগীত জগতৰ পৰা। সুন্দৰ কণ্ঠেৰে সমগ্ৰ দেশৰ লাখ লাখ জনতাৰ হৃদয় জয় কৰি আহিছে তেওঁ। যদিও তেওঁ চলচ্চিত্ৰ সংগীতৰ পৰা আঁতৰি আছিল, তথাপিও তেওঁ সংগীতানুষ্ঠানত গান গাইছিল আৰু মুকলি কৰিছিল এলবাম।
এতিয়া প্ৰবীণ গায়কজনে ঘোষণা কৰিছে অৱসৰৰ কথা। তেওঁ এটা নিউজ পৰ্টেলৰ আগত প্ৰকাশ কৰে যে তেওঁ শীঘ্ৰে ল’ব পাৰে অৱসৰ। লগতে তেওঁ কয় যে যেতিয়া তেওঁৰ ল’ৰা-ছোৱালীয়ে তেওঁলোকৰ নিজৰ সংগীতৰ লেবেল লৈ আহিছিল, গায়কজনে ভাবিছিল যে তেওঁ বাহিৰলৈ গৈ আছে আৰু সেয়েহে তেওঁ ইয়াৰ বাবে সাজু আছিল।

আলীয়ে ইয়াৰ লগতে কয় যে লকডাউনৰ সময়ত মনলৈ আহিছিল সংগীত জগতৰ পৰা অৱসৰ লোৱাৰ কথা। তেওঁ সুখী আছিল কিয়নো তেওঁ ক’লৈও যাব লগা হোৱা নাছিল। তেওঁ এইটোও কয় যে যোৱা কেইটামান বছৰ বহুত কঠিন আছিল আৰু নিৰন্তৰ ৰাস্তাত থকাটো সহজ নহয়। তেওঁৰ মতে, শ শ মাইল ভ্ৰমণ কৰিলে তেওঁৰ যথেষ্ট শক্তি লাগে। লাকী আলীয়ে বৰ্তমান তেওঁৰ আহিবলগীয়া এলবাম ‘ইন্তেজাৰ’ৰ বিষয়েও কয় আৰু মুক্তিৰ বাবে অপেক্ষা কৰি আছে বুলিও জানিবলৈ দিয়ে। লাকী আলীৰ এই এলবামটি ৬ এপ্ৰিলত মুক্তি পাব আৰু প্ৰতিভাশালী গায়কৰ গৌৰৱময় কেৰিয়াৰৰ সমাপ্তি চিহ্নিত কৰিব। লাকী আলীৰ ওচৰত ‘অ’ চানম’, ‘এক পাল কা জীনা’, ‘চফৰনামা’, ‘না তুম জানো না হাম’ আৰু আন বহুতো গান আছে বুলিও জানিব দিয়ে।

কাইলৈৰ পৰা বৃদ্ধি হ’ব একাধিক ঔষধৰ মূল্য!

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ সৈতে যুঁজি থকা গ্ৰাহকসকলে এতিয়াৰে পৰা আগতকৈ অধিক মূল্যত ক্ৰয় কৰিব লাগিব ঔষধ। ১ এপ্ৰিলৰ পৰা বহুতো অত্যাৱশ্যকীয় ঔষধৰ মূল্য বৃদ্ধি হ’ব। লগতে ব্যয়বহুল জ্বৰ-কাহ আৰু বিষৰ চিকিৎসাৰো। যিসমূহ ঔষধৰ মূল্য বৃদ্ধি কৰা হৈছে সেইসমূহ ঔষধক অত্যাৱশ্যকীয় ঔষধৰ শ্ৰেণীত ধৰা হয়। আৰু লগতে ৰাষ্ট্ৰীয় অত্যাৱশ্যকীয় ঔষধৰ তালিকাৰ অধীনতো পৰে। এণ্টিবায়টিক, চৰ্দি-কাহৰ ঔষধ, কাণ-নাক আৰু ডিঙিৰ ঔষধ, এণ্টিচেপ্টিক, গেছৰ ঔষধ আৰু এণ্টিফাংগাল ঔষধৰ লগতে ৮০০ৰো অধিক ঔষধৰ মূল্য বৃদ্ধি হ’ব। এই ঔষধসমূহৰ মূল্য ১ এপ্ৰিলৰ পৰা ১০.৭৬ শতাংশ বৃদ্ধি পাব।

জ্বৰৰ বাবে আটাইতকৈ ব্যৱহৃত পেৰাচিটামলও এতিয়া হ’ব ব্যয়বহুল। এজিথ্ৰোমাইচিন, এণ্টি-এনিমিক প্ৰিচাপ্ৰেচন আৰু বেক্টেৰিয়াৰ সংক্ৰমণৰ চিকিৎসাত ব্যৱহৃত খনিজ পদাৰ্থ আদিৰো অন্তৰ্ভুক্ত কৰা হ’ব। ঔষধৰ মূল্য বৃদ্ধিৰ মূল কাৰণ হিচাপে বিবেচিত হৈছে – পাইকাৰী মুদ্ৰাস্ফীতি। তথ্য অনুসৰি, পাইকাৰী মুদ্ৰাস্ফীতিৰ ওপৰত আধাৰিত পাইকাৰী মূল্য সূচক (ডব্লিউপিআই) এবছৰ আগৰ তুলনাত ২০২১চনত ১০.৭৬ শতাংশ সলনি হৈছে।কাৰ্ডিঅ’-ভাস্কুলাৰ, ডায়েবেটিচ, এণ্টিবায়টিক, এণ্টি-ইনফেকটিভ আৰু ভিটামিন আদি প্ৰস্তুত কৰিবৰ বাবে বেছিভাগ ফাৰ্মা উপাদান চীনৰ পৰা আমদানি কৰা হয়, আৰু এই সমূহ কেঁচা সামগ্ৰীৰ বাবে চীনৰ ওপৰত নিৰ্ভৰশীলতা ৮০-৯০%। ২০২০চনত চীনত মহামাৰী বিয়পি পৰাৰ পিছত, ব্যাপক পৰিমাণৰ যোগান ব্যাহত হোৱাৰ বাবে ঘৰুৱা কোম্পানীবোৰে কেঁচা সামগ্ৰী সমূহ অধিক মূল্যত ক্ৰয় কৰিবলগীয়া হৈছিল। যাৰ প্ৰভাৱ বৰ্তমান দেশৰ জনসাধাৰণে ভুগিবলগীয়া হৈছে।

বিশ্বব্ৰহ্মাণ্ডলৈ যাব নেকি? ২০২৭ত মুকলি হ’ব স্পেচ হোটেল!

এখন বিশেষ হোটেলক লৈ চলিছে চৰ্চা। যিখন হোটেল আপুনি মই ভৱা ধৰণে তেনেই সাধাৰণ হোটেল নহয়। সঁচাকৈয়ে আচৰিত এতিয়াৰ বিজ্ঞান প্ৰযুক্তি। এই যে হোটেলখন দেখিছে, হোটেলখন আচলতে নিৰ্মাণ কৰি থকা হৈছে আকাশ মাৰ্গত। আকাশমাৰ্গৰ বিশ্বব্ৰহ্মাণ্ডত ওপঙি থাকিব এই হোটেলখন। ২০২৭ চনত মুকলি কৰিব অৰ্বিটাল এচেম্বলী কৰ্পোৰেচনৰ দ্বাৰা নিৰ্মাণ হৈ থকা এই স্পেচ হোটেল। হোটেল মুকলি হোৱাৰ পিছতে আপুনিও সময় কটাব পাৰিব স্পেচ হোটেলত। যাৰ বাবে আপুনি পৰিশোধ কৰিব লাগিব বৃহত পৰিমাণৰ ধনৰাশি। দেখাত কুৰুজৰ জাহাজৰ দৰে হ’ব এই হোটেলখন।


যিখন হোটেলখনত ২৪টা মডিউল উপলব্ধ হব আৰু এলিভেটৰৰ জড়িয়তে ইজনে আনজনৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব। অৰ্বিটেল এচেম্বলী কৰ্পোৰেচন কোম্পানীটোৱে জনোৱা অনুসৰি জেষ্ঠ ডিজাইনাৰ, আৰ্কিটেক্ট টিম আলটৰে সংবাদ মাধ্যমক জনোৱা অনুসৰি এই হোটেলখন আকাশমাৰ্গত ঘূৰ্ণীয়মান অৱস্থাত থাকিব, যেনেদৰে পানী ভৰ্তি বাল্টি এটা যিদৰে ঘূৰে ঠিক একেদৰে এই হোটেল খনো ঘূৰিব। লগতে আপুনি বিচৰা সকলো ধৰণৰ সা-সুবিধা উপলব্ধ হব এই বিশেষ হোটেলখনত।

হোটেলখনত বিভিন্ন সা-সুবিধা থকাৰ লগতে নিৰ্মাণ কৰা হৈছে এখন বৃহত আকৃতিৰ খেল পথাৰো, যত ব্যক্তিসকলে বিভিন্ন ধৰণৰ খেল খেলিব পাৰিব। হোটেলনিৰ্মাণৰ কোম্পানীৰ বিষয়াসকলে জনোৱা অনুসৰি যিসকল ব্যক্তিয়ে বিশ্বব্ৰহ্মাণ্ড ভ্ৰমণ কৰিব বিচাৰে সেইসকল ব্য়ক্তিৰ বাবে এই হোটেলখনত ভ্ৰমণৰ জড়িয়তে নিজৰ মনৰ ইচ্ছা পূৰণ কৰিব পাৰিব। যিসকল ব্যক্তিৰ হাতত যথেষ্ট ধন থকাৰ পিছতো মহাকাশ ভ্ৰমণ কৰিব নোৱাৰে সেই সকলে ব্যক্তিয়ে প্ৰথমে এই হোটেলখন বাচনি কৰিব পাৰিব। অৱশ্যে বিজ্ঞানীসকলে বিভিন্ন গ্ৰহত মানুহ থকাৰ বাবে বহু গৱেষণা কৰিছে যদিও এতিয়ালৈকে সম্ভৱপৰ হৈ উঠা নাই।

আকৌ পিছুৱাই দিয়া হ’ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন…

পিছুৱাই দিয়া হ’ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। ২২ এপ্ৰিলত অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। পূৰ্বে ১৯ এপ্ৰিলত অনুষ্ঠিত হোৱা কথা আছিল নিৰ্বাচন। আনহাতে ২৪ এপ্ৰিলত অনুষ্ঠিত হ’ব নিৰ্বাচনৰ ভোটগণনা।

পূৰ্বৰ তাৰিখ অনুসৰি ২১ এপ্ৰিলত আছিল ভোটগণনাৰ তাৰিখ। বিহুৰ বাবে দিন সলনি কৰা হৈছে নিৰ্বাচনৰ। উল্লেখ্য যে, বিহুৰ বাবে নিৰ্বাচনৰ দিন পিছুৱাবলৈ অনুৰোধ জনাইছিল বিজেপিয়ে।

অসমৰ ২৩ জিলাৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ AFSPA…

অসমৰ কেইবাখনো জিলাৰ পৰা আঁতৰিল সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA)। অসমৰ ২৩ জিলাৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন। আনহাতে ৯ জিলাত আৰু এটা মহকুমাত বাহাল থাকিব এই সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন। সেই জিলা কেইখন হৈছে- যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেও, তিনিচুকিয়া, ডিব্ৰুগড়, পশ্চিম কাৰ্বি আংলং, পূৱ কাৰ্বি আংলং, ডিমা হাছাও জিলা।

আনহাতে লক্ষিপুৰ মহকুমাত বাহাল থাকিব সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন। ইপিনে বাক্সা, ওদালগুৰি, কৰিমগঞ্জ, হাইলাকান্দি, কোকৰাঝাৰ, চিৰাং, ধেমাজি, লক্ষীমপুৰ, মাজুলী, বিশ্বনাথ, শোণিতপুৰ, নগাওঁ, হোজাই, মৰিগাওঁ, দৰং, নলবাৰী, বঙাইগাওঁ, ধুবুৰী, দ:শালমাৰা, গোৱালপাৰা, বৰপেটা, কামৰূপ, কামৰূপ মেট্ৰ পৰা সম্পূৰ্ণ ৰূপে প্ৰত্যাহাৰ AFSPA আইন। কাৰ্বি আংলং আৰু উজনী অসমৰ কেইখন মান জিলাত উগ্ৰপন্থীৰ সমস্যা এতিয়া সমাধান হোৱা নাই বাবেই এই আইন বাহাল ৰখা হৈছে। প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰি সংবাদমেলযোগে এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, ১৯৯০ চনৰ পৰা এই আইন বলবৎ হৈ আছিল। বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে টুইট যোগে সদৰি কৰে যে, অসম, নাগালেণ্ড আৰু মণিপুৰত সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনৰ অধীনত থকা অশান্ত জৰ্জৰ অঞ্চলৰ পৰিসৰ হ্ৰাস কৰাৰ বাবে কেন্দ্ৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই সিদ্ধান্তৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল যোগে এই সন্দৰ্ভত সবিশেষ তথ্য দাঙি ধৰে।

৯০ৰ দশকৰ দূৰদৰ্শনৰ এটা ক্লাছিক বিজ্ঞাপনৰ এইবাৰ পুনৰ নিৰ্মাণ

য়েহ নহী, ৱো।
-লেকিন আপতো হমেছা য়েহী লেতী থী..
মনত পৰিছেনে কিবা? ‘৯০ৰ দশকৰ দূৰদৰ্শনৰ এটা ক্লাছিক বিজ্ঞাপনৰ এইবাৰ পুনৰ নিৰ্মাণ কৰা হৈছে। ঢকঢকীয়া বগা শাড়ী পৰিপাটিকৈ পিন্ধি গাড়ীৰ পৰা নামি গৈ দিপীকা চিখলিয়াই দোকানত নিৰ্মা ছুপাৰ ডিটাৰজিণ্ট বিচৰা জনপ্ৰিয় বিজ্ঞাপনটো সময়ৰ লগে লগে সকলোৱে পাহৰিছিলোঁ। সেইটোকে পুনৰ নিৰ্মাণ কৰা হৈছে এইবাৰ ক্ৰেডিটকাৰ্ড মেনেজমেণ্ট প্লেটফ’ৰ্ম ক্ৰেডৰ বিজ্ঞাপনৰ বাবে। এইবাৰ বিজ্ঞাপনটোত দেখা গৈছে কৰিশ্মা কাপুৰক।

নিৰ্মাৰ মূল বিজ্ঞাপনটোৰ সেই গোটেই পৰিৱেশ, বাক্য, ধাৰা একেই ৰখা হৈছে। প্ৰায় ৩০ বছৰ পুৰণি সেই বিজ্ঞাপনটো মনত পৰাত যিসকল নষ্টালজিক হৈছে তেওঁলোকৰ ভিতৰত ময়ো এজন। মুম্বাই পুলিচেও পথত ছাইবাৰ ছিকিউৰিটীৰ সজাগতা আনিবলৈ সেই পুৰণি বিজ্ঞাপনটোৱে ব্যৱহাৰ কৰা বুলি আজি পালোঁ। বৰ স্মৃতিকাতৰ মই। ইয়াৰ পাছতে গুগলত সেই সময়ৰ দূৰদৰ্শনৰ জনপ্ৰিয় তথা ক্লাছিক এডভাৰটাইজ বিচাৰি আজি ভালেখিনি সময় তাকেই উপভোগ কৰিলোঁ। সঁচাকৈ, ‘৯০ৰ সময়ছোৱা কিবা বেলেগেই আছিল। দূৰদৰ্শনৰ সোণালী সময় আছিল। সেই সময়ৰ বিজ্ঞাপনবোৰো উপভোগ কৰিবলগীয়াই আছিল।

বাঘবৰত স্বচ্ছতা একছন প্লেন কাৰ্যসূচীৰ সফল ৰূপায়ন…

ভাৰত চৰকাৰৰ পৰিবেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অধীনত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদ সৌজন্যত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম আগশাৰীৰ বেচৰকাৰী সংস্থা এছিয়ান মিছন ইনষ্টিটিউটৰ উদ্যোগত বৰপেটা জিলাৰ বাঘবৰ পাহাৰৰ দাঁতিতে থকা মৰাভাজ বজাৰত স্বচ্ছতা একছন প্লেন কাৰ্যসূচীৰ সফল ৰূপায়ন কৰা হয়। তদুপলক্ষে ৰাতিপুৱা ৯.০০ বজাত জনকল্যাণ জাতীয় বিদ্যালয়ত  প্ৰধান শিক্ষক শ্ৰীযুত গীয়াছ উদ্দিনৰ পৌৰহিত্যত এখন সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকি প্লাষ্টিক ব্যৱহাৰৰ ভয়াবহতা, পৰিবেশ প্ৰদূষণ আৰু বৃক্ষৰোপনৰ প্ৰয়োজনীয়তা সম্পৰ্কে বক্তব্য আগবঢ়ায় ক্ৰমে বিজ্ঞান শিক্ষক ক্ৰমে শ্ৰীযুত আশ্রফুল ৰহমান আৰু আজাহাৰুল ইছলাম,  এছিয়ানৰ সমন্বয়ক এডভোকেট মেহবুব শ্বহীদ,  সহ:শিকয়ত্ৰী এছমিনা পাৰবিন আদি কৰি ভালে সংখ্যক স্হানীয় গন্য-মান্য ব্যক্তিয়ে।

ইয়াৰ পিছত ছাত্ৰ ছাত্ৰী সকলে প্লাস্টিক বৰ্জন, বৃক্ষৰোপনৰ বিভিন্ন শ্লোগান সম্বলিত প্লেকাৰ্ড প্ৰদৰ্শনেৰে শিক্ষকবৃন্দ আৰু স্হানীয় ৰাইজৰ উপস্থিতিত মৰাভাজ বজাৰৰ মাজৰে সজাগতা শোভাযাত্ৰা, বাটৰ নাট প্ৰদৰ্শন কৰি শেষত মৰাভাজ বজাৰৰ প্লাষ্টিক সমুহ পৰিস্কাৰ কৰা পৰিলক্ষিত হয়। সদৌশেষত  জনকল্যাণ জাতীয় বিদ্যালয়ৰ  চৌহদত  শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্র ছাত্ৰী  সকলৰ দ্বাৰা বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আজিৰ এই অনুষ্ঠানৰ আত ধৰে এছিয়ান মিছন ইনষ্টিটিউটৰ উপ-সভানেত্ৰী বৰষা পাঠক আৰু সম্পাদক দিপাংকৰ দাসে । উল্লেখ্য যে এছিয়ান মিছন ইনষ্টিটিউটৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্য্যসূচীক স্হানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে।

পশ্চিম কৰিমগঞ্জৰ বিধায়ক ছিদ্দিক আলী আহমেদৰ বিধায়ক পদ বাতিল

বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ছিদ্দেক আহমেদৰ ওপৰত ব্যবস্থা ল’বলৈ সভাপতিলৈ পত্ৰ প্ৰেৰণ ।
কংগ্ৰেছ দলৰ ২৫ জন বিধায়কে ৰিপুন বৰাক ভোট দিছে। ৰহা আৰু পশ্চিম কৰিমগঞ্জৰ বিধায়কে ভোট দিয়া নাই। ৰহাৰ বিধায়ক শশীকান্ত দাসে বিজেপিক ভোট দিছে। দক্ষিণ কৰিমগঞ্জৰ বিধায়ক ছিদ্দেক আহমেদে ভোট দিলে বিজেপিৰ সমৰ্থনত


শশীকান্ত দাসৰ ভোট বাতিল কৰিবলৈ নিৰ্বাচন আয়োগক জনাব। পশ্চিম কৰিমগঞ্জৰ বিধায়ক ছিদ্দিক আলী আহমেদৰ বিধায়ক পদ বাতিল কৰা হ’বএ আই ইউ ডি এফ দলৰ ১৫ জন বিধায়কে ৰিপুন বৰাক ভোট দিলে বিজয়ী হব। অখিল গগৈ আৰু মনোৰঞ্জন তালুকদাৰ আমাৰ পক্ষত আছে।

বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ছিদ্দেক আহমেদৰ ওপৰত ব্যবস্থা ল’বলৈ সভাপতিলৈ পত্ৰ প্ৰেৰণ। পত্ৰত দেবব্ৰত শইকীয়াই ছিদ্দেক আহমেদে One লিখা বুলি উল্লেখ কৰিছে ।আনহাতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ ‍আগত জনোৱা মতে, কংগ্ৰেছৰ ৭ টা ভোট পৰিছে মিত্ৰজোঁটৰ পক্ষত । এই কথা পীযুষ হাজৰিকা আৰু দিগন্ত কলিতাই তেওঁক জনাইছে ।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৯-১০টা ভোটৰ ব্যৱধানত জয়ী হ’ব মিত্ৰজোঁটৰ প্ৰাৰ্থী। কংগ্ৰেছৰ দুজন বিধায়কে বেলট ফলাৰ উপৰি এজনে আখৰেৰে ‘one’ লিখিছে বুলি তেওঁ উল্লেখ কৰে ।বিধায়ক ছিদ্দেক আহমেদক দল বিৰোধী কাৰ্যৰ বাবে দলৰ প্ৰাথমিক সদস্যৰ পৰা নিলম্বন কৰিছে। নিলম্বন পাছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছিদ্দিক আহমেদে কয় “মই কোনো ধৰণৰ ভুল কৰা নাই। পৃথ্বিৰাজ সাথে আৰু বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ শত্ৰুতাৰ বলি হলো মই”।