Home Blog Page 2562

ৰাজ্যত অব্যাহত আছে গো সৰবৰাহৰ ঘটনা

ৰাজ্যত অব্যাহত আছে গো সৰবৰাহৰ ঘটনা, নিতৌ গো সৰবৰাহ কাৰিয়ে ন ন কৌশল অৱলম্বন কৰি সৰবৰাহ কৰি আছে গৰু।আজি পুৱাৰ ভাগত সোণাপুৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে এখন গৰু ভৰ্তি বাহন। সোণাপুৰ নাজিৰাখাটস্থিত টোলগেটত সোণাপুৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি AS 01 LC 9178 নম্বৰৰ এখন কন্তেইনাৰ জব্দ কৰে, জব্দকৃত বাহন খনত প্ৰায় ৩৫ টা গৰু চিলাপথাৰৰ পৰা মেঘালয়ৰ বৰ্ণিহাটৰ বজাৰলৈ লৈ গৈ থকা অৱস্থাত জব্দ কৰে আৰক্ষীয়ে।

জব্দ কৃত বাহনৰ সৈতে সোণাপুৰ আৰক্ষীয়ে চালক আৰু হেণ্ডিমেনক আটক কৰে ।

পুনৰ ক’ভিডে মাতি আনিছে বিপদ

পুনৰ ক’ভিডে মাতি আনিছে বিপদ!ক’ভিড উৎপত্তিস্থলীলৈ পুনৰ চীনে নামি আহিছে বিপদ।ক’ভিডে পুনৰ এবাৰ বিপদ মাতি আনিছে ভাইৰাছবিধৰ উৎপত্তিস্থলী চীনলৈ।ইতিমধ্যে ৩,৩০০ৰো অধিক লোক ক’ভিডত আক্ৰান্ত হৈছে।চীনত বিগত দুবছৰৰ ভিতৰত এয়ায়ে হৈছে ক’ভিডত আক্ৰান্তৰ সৰ্বাধিক সংখ্যা।চীনৰ চাংঘাইকে ধৰি বিভিন্ন ঠাইত ধাৰাবাহিকভাৱে ক’ভিডৰ সংক্ৰমণ বৃদ্ধি হৈছে।

এনে পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে বিদ্যালয় বন্ধ ৰখাৰ লগতে বিভিন্ন দিশত নিষেধাজ্ঞা আৰোপ কৰিছে।ইতিমধ্যেই চীনৰ জিলিন আৰু চাংচুন চহৰত দিয়া হৈছে লকডাউন।

ৰঙিয়াৰ বিছেন্নালাত অনুষ্ঠিত হোৱা মহাবিষ্ণু যজ্ঞস্থলীত উপস্থিত ৰিণিকী ভূঞা শৰ্মা

ৰঙিয়া বিধানসভা সমষ্টিৰ বিছেন্নালা গাঁও পঞ্চায়তৰ অন্তৰ্গত শ্ৰীশ্ৰী মহাবিষ্ণু যজ্ঞ মন্দিৰত প্ৰতি বছৰৰ দৰে এই বেলিও ৭৩ সংখ্যক মহাযজ্ঞ মহোৎসৱ পাঁচদিনীয়াকৈ অনুষ্ঠিত হয়।মহোৎসৱত উপস্থিত হৈ ভগৱানৰ চৰণত ৰাইজৰ মংগল তথা সুখ শান্তি কামনা কৰি সেৱা লয় বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই।ইয়াৰোপৰি ভক্তপ্ৰাণ ৰাইজৰ লগত মত -বিনিময় কৰে আৰু এই মহোৎসৱ সফলভাৱে আয়োজন কৰা বাবে আয়োজক সমিতিক ধন্যবাদ জনায়।

আনহাতে মহোৎসৱৰ পূৰ্ণাহুতি উপলক্ষে মুখ্য অতিথি ৰূপে উপস্থিত থাকে সংবাদ প্ৰতিষ্ঠান News Liveৰ মুখ্য পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মা।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিণী গৰাকীক গামোচা,জাপি,শৰাই মানপত্ৰৰে যজ্ঞস্থলীত উষ্ম আদৰণী জনোৱা হয়।উল্লেখ্য যে আয়োজক সমিতিয়ে যজ্ঞৰ অন্তিম দিনা বঁটা বিতৰণী আৰু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে যত অংশগ্ৰহণ কৰিব জনপ্ৰিয় কণ্ঠশিল্পী নিলাক্ষী নেওগসহ কেইবাজনো স্বনামধন্য শিল্পীয়ে।

কাৰ্বি পাহাৰত চলিছে বন ধ্বংসৰ যজ্ঞ, নিৰ্বিকাৰ ৰাজ‍্যৰ বন বিভাগ

ৰাজ‍্য চৰকাৰৰ বন বিভাগ আৰু কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মাজত বুজা-বুজিৰ অভাৱে সৃষ্টি কৰিছে নেকি জটিলতা?
কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ এনিমেল ক’ৰিড’ৰৰ উচ্ছেদ ,কি প্ৰতিক্ৰিয়া ৰাজ‍্যৰ বন মন্ত্ৰীৰ?


ৰাজ‍্যত শেহতীয়াকৈ আবাধ হাৰত বৃদ্ধি হৈছে বন ধ্বংস। আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ এনিমেল ক’ৰিড’ৰৰ উচ্ছেদৰ ঘটনা সংঘটিত হৈছে।দুয়োটা বিষয়তে কলিয়াবৰত উপস্থিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ‍্যৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ‍্যই।একাংশ অসাধু চক্ৰই কাৰ্বি পাহাৰত চলোৱা অবাধ বন ধ্বংসৰ বাতৰি বিভিন্ন মাধ‍্যমত প্ৰচাৰ হোৱাৰ পাছতেই – অসাধু চক্ৰই অবিৰত চেষ্টা অব্যাহত ৰখাৰ কথা স্বীকাৰ কলিয়াবৰত উপস্থিত হৈ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ।কাৰ্বি পাহাৰৰ সেউজক্ষেত্ৰ ধ্বংসৰ বাবে এটা অসাধু চক্ৰই অবিৰত চেষ্টা অব্যাহত ৰখাৰ কথা স্বীকাৰ কৰিলে কলিয়াবৰত উপস্থিত হৈ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

 কলিয়াবৰত অকপট স্বীকাৰোক্তি আগবঢ়াই বনমন্ত্ৰীয়ে ক’লে- ‘আমি দুষ্টচক্ৰক প্ৰতিৰোধৰ বাবে প্ৰচেষ্টাৰ ত্ৰুটি কৰা নাই, আমি আমাৰ ক্ষমতাৰে অব্যাহত ৰাখিছো প্ৰচেষ্টা।’ অৱশ্যে কাৰ্বি আংলঙৰ বন ভূমি স্বায়ত্ব শাসিত পৰিষদৰ স্বতন্ত্ৰ নিয়ম-নীতিৰে পৰিচালিত হোৱা স্বত্বেও বন বিভাগে সমন্বয় সাধনৰে দুষ্টচক্ৰক প্ৰতিৰোধৰ যুঁজখনত সক্ৰিয় অংশগ্ৰহণ আগবঢ়াবলৈ কাৰ্বি স্বায়ত্ব শাসিত পৰিষদক জনালে আহ্বান। প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণৰ দায়িত্ব সকলোৰে – এই মন্তব্য প্ৰদান কৰে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।জাগীৰোডৰ সমীপৰ কুঠৰী নামৰ ঠাইত হোৱা ঘটনাৰ উল্লেখ কৰি কয় যে, বিগত সময়ছোৱাত কেইবা লক্ষাধিক টকাৰ মূল্যবান কাঠ কাৰ্বি পাহাৰৰ পৰা চোৰাংভাৱে সৰবৰাহ কৰিছিল একাং অসাধু লোকে।কলিয়াবৰ বনবিভাগেও প্ৰায়ে জব্দ কৰে কাৰ্বি আংলঙৰ পৰা চোৰাংকৈ সৰবৰাহ কৰা কাঠ ভৰ্তি বাহন।তদুপৰি, কাজিৰঙাৰ সমীপৰ এনিমেল ক’ৰিড’ৰৰ উচ্ছেদ সম্পৰ্কেও মত প্ৰকাশ কৰি কয় যে, পূৰ্বৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ জীৱকুলে বিচৰণ কৰা কাষৰীয়া অঞ্চলসমূহ মুক্ত কৰি ৰাখিবই লাগিব।

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশ মৰ্মে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ৭ টা আৰু বোকাখাট মহকুমাৰ অন্তৰ্গত ২ টাকৈ এনিমেল কৰিড’ৰত হোটেল¸ ৰেষ্টুৰেণ্টৰ অবৈধ নিৰ্মাণৰ বিৰুদ্ধে চলোৱা উচ্ছেদ সম্পৰ্কত কলিয়াবৰত উপস্থিত হৈ প্ৰয়োজনত এনে উচ্ছেদ ভৱিষ‍্যতেও চলি থাকিব বুলি প্ৰকাশ কৰে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।বন্যপ্ৰাণীসমূহ যিহেতু আমাৰ সস্পদ সেয়ে বন্যপ্ৰাণীক জীয়াই থকাৰ ব্যৱস্থা দিয়াৰ দায়িত্বও আমাৰে।কাজিৰঙাৰ জীৱকুলক জীয়াই থকাৰ ব্যৱস্থা দিবৰ হ’লে এনিমেল ক’ৰিড’ৰ মুকলি কৰি ৰাখিবই লাগিব, এইদৰে গুৰুত্বপূৰ্ণ মন্তব‍্য প্ৰকাশ কৰে।উচ্ছেদৰ ফলত ব‍্যৱসায়ীসকলৰ বিশেষ ক্ষতিৰ সন্মুখীন হোৱাৰ বিষয়টোত একমত প্ৰকাশ কৰিলেও বন মন্ত্ৰী গৰাকীয়ে পূৰ্বৰে পৰা বন‍্যপ্ৰাণীসমূহে বিচৰণৰ বাবে ব‍্যৱহাৰ কৰা স্থানসমূহ মুকলি কৰি ৰখাৰো ব‍্যৱস্থাও বাধ‍্যতামূলক বুলি মন্তব‍্য কৰে।

যিহেতু কলিয়াবৰ মহকুমাৰ ৭টা আৰু বোকাখাট মহকুমাৰ ২টা এনিমেল ক’ৰিড’ৰত উচ্চতম ন‍্যায়লয়ৰ নিৰ্দেশ পালন কৰি এই উচ্ছেদ কৰা হৈছে।আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ কৰ্তৃপক্ষ আৰু কাষৰীয়া ৰাইজৰ সহযোগত সুৰক্ষিত হৈ থকা জীৱকুলে কাজিৰঙাক সুন্দৰ কৰি ৰাখিছে। কাজিৰঙাক সুন্দৰ কৰি ৰখাৰ দায়িত্ব সকলোৰে। কাজিৰঙাৰ সৌন্দৰ্য ঘূৰাই অনা হৈছেে আৰু সেয়ে এই বৰ্ষত বৰ্তমানলৈ আগমন ঘটিছে প্ৰায় দুই লাখ বিশ হাজাৰ দেশী-বিদেশী পৰ্যটকৰ। চলিত পৰ্যটন বৰ্ষ সামৰণি পৰালৈ পৰ্যটকৰ সংখ্যাই আঢ়ৈ লাখৰ দেওনা অতিক্ৰম কৰিব বুলি কলিয়াবৰত উপস্থিত হৈ আশা প্ৰকাশ কৰে বন মন্ত্ৰীয়ে।

একেদিনাই ৮১ জনক বিহা হ’ল মৃত্যুদণ্ড!

সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে এখন দেশে।এদিনতে ৮১জনক মৃত্যুদণ্ড দিছে।এই কঠোৰ স্থিতি গ্ৰহণ কৰিছে চৌদি আৰৱে।শনিবাৰে চৌদি আৰৱত একাধিক জঘন্য অপৰাধ তথা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত থকা ৮১ জন লোকক মৃত্যুদণ্ড বিহা হৈছে।আধুনিক ইতিহাসত এদিনত এইটোৱে চৌদি আৰৱৰ অধিক মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ অভিলেখ।নিৰীহ লোক,মহিলাসহ শিশু হত্যা তথা বিভিন্ন অপৰাধমূলক কাৰ্যকলাপত জড়িত থকা মুঠ ৮১ জন লোকক শনিবাৰে মৃত্যুদণ্ড প্ৰদান কৰা হয়।

মত্যুদণ্ড দিয়া লোকসকলৰ ভিতৰত আল কায়দা, আই এছ আৰু য়মনৰ হাউথি বিদ্ৰোহীও আছে।ৰাষ্ট্ৰখনৰ এই সিদ্ধান্তৰ পৰা এটা কথা নিশ্চিত হৈছে যে চৌদি আৰৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে।

মণিপুৰত নিশা বোমা বিস্ফোৰণ,নিহত এজন।

মণিপুৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ দুটা দিন হৈছিল হে মাত্ৰ।নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱা দুটা দিনৰ পিছতে শনিবাৰে নিশা ৰাজ্যখনৰ চুৰাচান্দপুৰ জিলাৰ জিয়ন ষ্ট্ৰীটত অৱস্থিত এখন দোকানৰ সন্মুখত বোমা বিস্ফোৰণ হয়।বিস্ফোৰণত দোকানখনৰ কৰ্মচাৰী দীপক শ্বাহ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।ব্যক্তিজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও মৃত্যুবৰণ কৰে।আৰক্ষী সূত্ৰ অনুসৰি বোমাটো দোকানৰ বাহিৰত থকা ডাষ্টবিনৰ ভিতৰত ৰখা হৈছিল।

আনহাতে দোকান খনৰ গৃহটোৰ গৰাকী হৈছে জেমছ খুমা হেজেল,যি শেহতীয়াকৈ সমাপ্ত মণিপুৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী আছিল।

ক্ৰীড়া প্ৰেমীৰ মাজত শোকৰ ছাঁ।

ৰাজ্যৰ ক্ৰীড়া প্ৰেমীৰ মাজত শোকৰ ছাঁ।মৃত্যুৰ ওচৰত হাৰ মানিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবলাৰ চাবিনা মিঞ্জৰাই।এটা পথ দুর্ঘটনাত আঘাতপ্ৰাপ্ত হৈছিল খেলুৱৈ গৰাকী।আঘাতপ্ৰাপ্ত হৈ কিছুদিন ডিব্ৰুগড় AMCH চিকিৎসাধীন হৈ আছিল।চাবিনা মিঞ্জৰা মৰাণ খোৱাঙৰ নিবাসী আছিল। চিকিৎসাধীন অৱস্থাত ক্ৰীড়ামন্ত্ৰী বিমল বৰাই স্বাস্থ্যৰ বুজ লয় খেলুৱৈগৰাকীক।খেলুৱৈগৰাকীক উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ লৈ যোৱাৰ বাবেও যো-জা চলাইছিল ক্ৰীড়ামন্ত্ৰী বিমল বৰাই।

কিন্তু খেলুৱৈগৰাকী স্বাস্থ্য অধিক জটিল হৈ পৰাত বাহিৰলৈ নিব নোৱাৰিলে চিকিৎসাৰ বাবে।অৱশেষত শনিবাৰে নিয়তিৰ ওচৰত হাৰ মানিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈ গৰাকীয়ে।তেওঁৰ মৃত্যুত এতিয়া ক্ৰীড়া প্ৰেমীৰ মাজত শোকৰ ছাঁ পৰিছে।

শিৱসাগৰৰ বকতাত নিশা ভয়ংকৰ অগ্নিকাণ্ড।ভঙা দলংৰ বাবেই যাব নোৱাৰিলে অগ্নিনিৰ্বাপক গাড়ী।

শিৱসাগৰৰ বকতা অঞ্চলত যোৱা নিশা ভয়ংকৰ অগ্নিকাণ্ড।নঙলামৰা শিৱ মন্দিৰৰ সমুখৰ তিনিখন দোকান যোৱা নিশা জুইত নিশেষ হৈ যায়।নিশা প্ৰায় ১২ মান বজাত অজ্ঞাত কাৰণত উক্ত দোকান তিনিখনত অগ্নি সংযোগ হোৱাত ৰাইজে তৎকালীন ভাৱে অগ্নিনিৰ্বাপক বাহিনীক খৱৰ দিয়ে যদিও অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত নহ’ল।অগ্নিনিৰ্বাপক বাহিনী উপস্থিত নোহোৱাৰ মূল কাৰণ হৈছে বকতা-নঙলামৰাৰ দলঙখন।

চাৰিচকীয়া আৰু গধুৰ যানবাহন চলাচলৰ বাবে বন্ধ এই দলঙখনৰ বাবেই ঘটনাস্থলিলৈ আহিও দলঙৰ এমূৰে ৰৈ থাকিব লগা হয় অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী।যাৰ বাবে তিনিখন দোকান ভস্মীভূত হোৱাৰ ফলত তিনিটা পৰিয়াল সৰ্বস্বান্ত হয়।

কৃতী শিক্ষক-সমাজসেৱী ইছলামুদ্দিন আহমেদৰ অভিনন্দন আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান

ঐতিহাসিক পথৰুঘাটৰ ৰইনাকুছি এম.ই মাদ্ৰাছাৰ প্ৰতিষ্ঠা কালৰ প্ৰধান শিক্ষক, সমাজসেৱী আলহাজ ইছলামুদ্দিন আহমেদৰ চাকৰি জীৱনৰ অৱসৰৰ পিছত আজি আঞ্চলিক ৰাইজে তেখেতক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে৷এই বিদায় সম্বৰ্ধনা অনুষ্ঠানতে তেখেতৰ জীৱনৰ কৰ্মৰাজী আৰু বিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ ইতিবৃত্ত সুঁৱৰি এখনি অভিনন্দন গ্ৰন্থ উন্মোচন কৰে৷ কুলেন্দ্ৰ নাথ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত সভাত উপস্থিত থাকে ক্ৰমে ছিপাঝাৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া, ৰাজ্যিক কৃতী শিক্ষক বঁটাপ্ৰাপক এম হাফিজ আলী৷ পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক চাহাবুদ্দিন আহমেদে উদ্বোধনী ভাষণত বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ ইতিবৃত্তিৰ লগতে আহমেদৰ কৰ্মজীৱনৰ আলোকপাত কৰে৷ আজমল হুছেইনে আঁত ধৰা এই অনুষ্ঠানত অৱসৰী প্ৰধানশিক্ষক ইছলামুদ্দিন আহমেদক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিয়ে কুৰআন শ্বৰীফ, অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ গামোচা, হাজী ৰুমাল, মানপত্ৰ আৰু জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰি তেখেতৰ ভৱিষ্যত জীৱনৰ দীৰ্ঘায়ু কামনা কৰে৷

এইগৰাকী শিক্ষাগুৰুৰ সামাজিক আৰু শৈক্ষিক অৱদান সম্পৰ্কে ড° আব্দুল ওৱাদুদৰ সম্পাদনাৰে প্ৰকাশ কৰা ‘কৰ্মভূমি’ নামৰ অভিনন্দন গ্ৰন্থখনি উন্মোচন কৰে ছিপাঝাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° ৰামচন্দ্ৰ ডেকাই৷ শিক্ষা, সমাজ-সংস্কৃতিলৈ আহমেদে যোগোৱা অৱদান সম্পৰ্কে ড° ৰামচন্দ্ৰ ডেকা, প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া, অৱসৰী উপাধ্যক্ষ চফিকুৰ ৰহমানে আলোকপাত কৰে৷ সভাত ৰাজা ফাউণ্ডেশ্যন অসমৰ সচিব প্ৰধান মৌলানা ফাৰুক আব্দুল্লাহ নূৰী, ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপক এম হাফিজ আলি, পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটৰ সম্পাদক মোস্তাক হুছেইন, মহকুমা সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ আবু আয়ুব আনচাৰী, সমাজকৰ্মী আফাজুদ্দিন আহমেদ আদি অঞ্চলটোৰ মুৰব্বী ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটি সৌষ্ঠৱ বৃদ্ধি কৰে৷

শতৰান বিহীন কোহলীৰ ৮৪০ দিন…

ভাৰত-শ্ৰীলংকাৰ মাজত চলি আছে দ্বিতীয় টেষ্ট। এম চিন্নাস্বামী ষ্টেডিয়ামত আজি দ্বিতীয় টেষ্টৰ প্ৰথমটো দিন। প্ৰথম ইনিংছত বেট কৰাৰ সিদ্ধান্ত লোৱা ভাৰতে কঠিন পৰিস্থিতিৰ মাজেৰে গতি কৰিছে।প্ৰত্যাশিত নহ’ল ভাৰতৰ ইনিংছ। অ’পেনাৰৰ পৰা আৰম্ভ কৰি মিডিল অ’ৰ্ডাৰ বেটছমেনো ব্যৰ্থ হয়। শ্ৰীলংকাৰ বলিং বিক্ৰমত ক্ৰীজত বেছি পৰ তিস্তি থাকিব নোৱাৰিলে অধিনায়ক মায়ংক আগৰৱাল, ৰোহিত শৰ্মাৰ দৰে বেটছমেন। তিস্তিব নোৱাৰিলে বিশ্বৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা। ইনিংছ দীঘলীয়া নহ’ল ৰান মেছিন কোহলীৰো। মাত্ৰ ২৩ ৰান কৰিয়েই পেভেলিয়নমুখী হয় কোহলী। প্ৰত্যাশিত স্ক’ৰ সংগ্ৰহত পুনৰ ব্যৰ্থ হয় কোহলী। ধনঞ্জয় ডি ছিলভাৰৰ বলত পেভেলিয়নমুখী হয় কোহলীয়ে।

স্বাভাৱিকতে, কোহলীৰ এই ব্যৰ্থতাই আহত কৰিছে তেওঁৰ অনুৰাগীক। সুদীৰ্ঘ ৮৪০টা দিন শতক বিহীন বিৰাট কোহলী। ক্ৰিকেট এৰিনাত ক্ৰমশঃ বিৰাাট কোহলীৰ বেটিং প্ৰদৰ্শনক লৈ আৰম্ভ হৈছে চৰ্চা। অনুৰাগীৰ মুখমণ্ডলতো বিষন্নতাৰ চাপ বিদ্যমান। স্মৰ্তব্য যে, বিগত সময়চোৱাত কেতবোৰ অনাকাংক্ষিত বিতৰ্কই চুই গৈছেহি ক্ৰীড়াজগত। বিৰাট কোহলীক অধিনায়ক পদৰ পৰা আঁতৰোৱাক লৈয়ো ক্ৰিকেট এৰিনাত চলিছিল এলানি বিতৰ্ক। কিছুদিনৰ বাবে ক্ৰিকেটৰ পৰা আঁতৰিয়ো আছিল বিৰাট কোহলী। শেহতীয়াকৈ, সকলোৰে মনত এটা প্ৰশ্নৰে অগা-দেৱা। কোহলীৰ বেটৰ পৰা কেতিয়া আহিব সেই প্ৰত্যাশিত ইনিংছ?