Home Blog Page 2571

মুছলপুৰত চিটুৰ উদ্যোগত গণ অভিৱৰ্তন 

আজি বাক্সা জিলাৰ মুছলপুৰত চিটু আৰু নিখিল ভাৰত কৃষক সভাৰ উদ্যোগত এক গণ অভিৱৰ্তন অনুষ্ঠিত হৈ যায়। অহা ২৮ আৰু ২৯ মাৰ্চত অনুষ্ঠিতব্য দেশজোৰা সাধাৰণ ধৰ্মঘট সফল কৰাৰ উদ্দেশ্যে উক্ত গণ অভিৱৰ্তন অনুষ্ঠিত হয় ৷

বাক্সা জিলা অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ সম্পাদিকা বীনা বৈশ্যৰ পৌৰহিত্যত অনুষ্ঠিত অভিৱৰ্তনত চিটুৰ ৰাজ্যিক সম্পাদক তপন শৰ্মাই কেন্দ্ৰৰ বিজেপি চৰকাৰৰ শ্ৰমিক-কৃষক বিৰোধী নীতি, ৰাজহুৱা সম্পত্তি বিক্ৰী কৰা আদি কাৰ্যৰ বিৰুদ্ধে এই ধৰ্মঘট সফল কৰাৰ বাবে সকলো পক্ষকে আহ্বান জনায়।

আজিৰ এই অভিৱৰ্তনত অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ ৰাজ্যিক সম্পাদিকা ইন্দিৰা নেৱাৰ, নিৰ্মাণ শ্ৰমিক সন্থাৰ নলবাৰী জিলা সমিতিৰ সম্পাদক অনিল মহন্ত, বাক্সা জিলা চিটুৰ সভাপতি নৃপেন চন্দ্ৰ কলিতা, বাক্সা জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ সম্পাদিকা ভনীতা পাঠকৰ লগতে কেবাটাও কৃষক-শ্ৰমিক সংগঠনৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

দিছপুৰ অভিমুখে ৰাওনা হ’ল ভুৱন গাম

 ৯৯ নং মাজুলী বিধান সভা(এছ টি) সমষ্টিৰ পৰা সদ্য সমাপ্ত উপ-নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গাম প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰসুৰী ৰূপে নিৰ্বাচিত হোৱাৰ পিছত ইতিমধ্যে মাজুলীৰ জন প্ৰতিনিধিগৰাকী দিছপুৰ অভিমুখে ৰাওনা হয়। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামক আনুষ্ঠানিক ভাবে জয়ী ঘোষণা কৰাৰ পিছতে নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা বিধান সভালৈ নিৰ্বাচিত হোৱাৰ প্ৰমাণ -পত্ৰ লাভ কৰাৰ পিছত ১১ মাৰ্চৰ পুৱাই ভুৱন গাম পত্নী পুণ্যৱতী গাম, বিজেপি মাজুলী জিলা সমিতিৰ সভাপতি লোকনাথ কুটুম, সম্পাদকদ্বয় দেব মুদৈ, দেবব্ৰত দত্ত, অগপৰ সম্পাদকদ্বয় ব্ৰজেন গাম, জিতু ভূঞা, বিজেপিৰ সক্ৰিয় কাৰ্যকৰ্তা বিকাশ বৰা, মহিলা মৰ্চাৰ সভানেত্ৰী ৰেখা বৰা বৰুৱা, এচ টি মৰ্চাৰ সভাপতি কিশোৰ গাম, গনশক্তি দলৰ জিলা সম্পাদক ত্ৰৈলোক্য পামেগামসহ কমলাবাৰী ঘাটেৰে গুৱাহাটীলৈ ৰাওনা হয় ৷

নৱনিৰ্বাচিত জনপ্ৰতিনিধি ভুৱন গামে কালিলৈ বিধান সভাৰ অধিবেশন আৰম্ভ হোৱাৰ প্ৰাকমূহূৰ্তত শপত গ্ৰহণ কৰিব। গুৱাহাটীত উপস্থিত হৈ ভুবন গামে মুখ্যমন্ত্রী, বিধানসভাৰ অধ্যক্ষ, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ৰাজ্যিক সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাক সাক্ষাৎ কৰে।

শীঘ্ৰে স্থাপন হ’ব শ্ৰীমন্ত শঙ্কৰদেৱ সমবায় বেঙ্ক

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ,বাকসা জিলা শাখাত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ ,থ্ৰিফট্‌ এণ্ড ক্ৰেডিট ছচাইটিৰ অধ্যক্ষ হৰেন্দ্ৰ বৰা বাপে কৰে এই মন্তব্য।শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, বাক্সা জিলা শাখাৰ বৰশিমলুগুৰি প্ৰাথমিক শাখাৰ আতিথ্যত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ থ্ৰিফট্‌ এণ্ড ক্ৰেডিট ছচাইটিৰ এখন জাগৰণ সভা অনুষ্ঠিত হয়৷থ্ৰিফট্‌ এণ্ড ক্ৰেডিট ছচাইটিৰ অধ্যক্ষ হৰেন্দ্ৰ বৰা বাপৰ সভাপতিত্বত অনুষ্ঠিত হয় এই সভা।বৰশিমলুগুৰি প্ৰাথমিক শাখাৰ আতিথ্যত বৰশিমলুগুৰি স্থিত শ্ৰীমন্ত শঙ্কৰদেৱ বিদ্যালয়ত পুৱা ১০-০০ বজাত থ্ৰিফট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ ছ’ছাইটি লিমিটেডৰ জাগৰণ সভাখন অনুষ্ঠিত হয়।সভাখনত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ ৰ মুখ্য উপদেষ্টা সন্মানীয় ভবেন্দ্ৰ নাথ ডেকা বাপ, থ্ৰিফট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ’চাইটি লিমিটেড পৰিচালন সঞ্চালক সন্মানীয়া মমতা বৰকাকতি আই, উপাধ্যক্ষ সন্মানীয় সদা নন্দ বৈশ্য বাপ, সঞ্চালক সন্মানীয় অতুল ডেকা,কেশৱ কাকতিয়ে অংশগ্ৰহণ কৰি থ্ৰিফট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ’চাইটি লিমিটেড ৰ প্ৰয়োজনীয়তা , ভবিষ্যতৰ পৰিকল্পনা আৰু গ্ৰাহকৰ ইয়াৰ পৰা হ’ব পৰা লাভালাভ আদিৰ ক্ষেত্ৰত বিশদ বিশ্লেষণ দাঙি ধৰে।

সভা উদ্বোধন কৰে শৰণ সদস্য ভূমিধৰ পাঠক বাপজনাই৷ সভাত নলবাৰী জিলা থ্ৰিফট্‌ এণ্ড কো- অপাৰেটিভ ছচাইটিৰ সঞ্চালক কৃষ্ণ কলিতা,ৰঙিয়া শাখাৰ সঞ্চালক দিপাংকৰ কলিতা উপস্থিত থাকে৷বাকসা জিলাত এটি শাখা গঠনৰ প্ৰক্ৰিয়াৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি জিলা শাখাৰ বাপ বান্ধৱৰ উপস্থিতিয়ে জিলা শাখাটোক অধিক আনন্দিত কৰাৰ কথা ব্যক্ত কৰে জিলা সম্পাদক উদ্ধৱ বৈশ্যই।

১৪ মাৰ্চ অৰ্থাৎ কাইলৈ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন

১৪ মাৰ্চৰ পৰা ১ এপিল লৈকে ১১ দিনীয়াকৈ অনুষ্ঠিত হ’ব বাজেট অধিৱেশন।ৰাজ্যপাল জগদীশ মুখীৰ ভাষণেৰে আনুষ্ঠানিকভাৱে আধিৱেশন আৰম্ভ হ’ব।বাজেট অধিৱেশনতে শপত ল’ব মাজুলীৰ ন বিধায়কে।বাজেট অধিৱেশনত গ্ৰহণ কৰা হ’ব কেতবোৰ সিদ্ধান্ত।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট।বাজেট অধিৱেশনত ৰাজ্যপাল উপস্থিত থকা লগতে উপস্থিত থাকিব ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগ।ৰাজ্যপালৰ ভাষণৰ পিছত মাজুলীৰ নতুন বিজেপি বিধায়ক ভূবন গামে শপত ল’ব।


এই অধিৱেশনত ১৩ খন বিল ৰখাৰ সম্ভাৱনা আছে।অসমৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে ১৬ মাৰ্চত বিধানসভাত ২০২২-২৩ বৰ্ষৰ ৰাজ্যিক বাজেট উপস্থাপন কৰিব।বাজেট অধিৱেশনৰ সময়ত প্ৰায় ছয়খন বিধেয়ক উত্থাপন কৰা সম্ভাৱনা আছে।

আপুনি কিমান দৈৰ্ঘ্যৰ গাড়ী দেখিছে?জানক এখন বিশেষ গাড়ীৰ বিষয়ে।

এখন বিশেষ গাড়ী।এই বিশেষ গাড়ী খনৰ দৈৰ্ঘ্য ১০০ ফুট।গাড়ী খনত আছে বিশেষ সুবিধাও।এই বিশেষ বাহন খনত খনত উপলবব্ধ ছুইমিং পুল আৰু হেলিপেড।এই গাড়ী খনৰ চকাৰ সংখ্যা ২৬ টা।গাড়ী খনত একেলগে ৭৫ জন লোক বহিব পাৰে।এই বিশেষ গাড়ীখনৰ নাম হৈছে আমেৰিকান ড্ৰীম। বিশ্বৰ আটাইতকৈ দীঘল গাড়ীৰ ভিতৰত এইখনো অন্যতম।এই বিশেষ বাহন খন নিৰ্মাণ কৰিছিল কেলিফ’ৰ্নিয়াৰ বাসিন্দা এজন কাৰ কাষ্টমাইজাৰ নাম তেওঁৰ জয় অহৰ্বাৰ্গে।

বিশ্বৰ দীৰ্ঘতম গাড়ী হিচাপে আমেৰিকান ড্ৰীমৰ নাম গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছত ইতিমধ্যে সন্নিৱিষ্ট হৈছে।পূৰ্বতে এই গাড়ীৰ দৈৰ্ঘ্য আছিল ৬০ ফুট আৰু এতিয়া ১০০ ফুট কৰে এই গাড়ী দৈৰ্ঘ্যৰ।হলীউডৰ বহু চলচ্চিত্ৰতো এই গাড়ীখন ব্যৱহাৰ কৰা দেখা পোৱা গৈছে।

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত উৎকোচ ৱাৰ্ড সদস্যৰ

ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ হিতাতিকাৰীৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত উৎকোচ ৱাৰ্ড সদস্যৰ॥ক’ত হেৰাল শাসনাধিষ্ঠিত ৰাজ্য চৰকাৰৰ দূৰ্নীতিবিৰোধীৰ কথা কোৱা নেতা- পালিনেতা?


ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি বিৰোধী অভিযান ঔষধে যেন কাম নকৰা হৈছে।মুখ্যমন্ত্ৰী গৰাকীয়ে যিমানেই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে, সিমানেই এচাম দালালৰূপী পঞ্চায়ত প্ৰতিনিধি নামি পৰিছে দুৰ্নীতিৰ অগাধ প্ৰতিযোগিতাত।শেহতীয়াকৈ নগাঁও জিলাৰ কঠিয়াতলি উন্নয়ণখণ্ডৰ অন্তৰ্গত মাধৱপাৰা গাওঁ পঞ্চায়তৰ দুই নং ৱাৰ্ডত ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ নামত সংগঠিত হৈছে ব্যাপক দুৰ্নীতি । হিতাতিকাৰীৰ নামত পঞ্জীয়ন হোৱা গৃহৰ ধন আত্মহাত কৰি দুই নং ৱাৰ্ডৰ কংগ্ৰেছ দলৰ ৱাৰ্ড সদস্য আবু তাহেৰ নিজেই ধন সংগ্ৰহ কৰাত নামি পৰিছে। পঞ্চায়ত সচিব , সভাপতি আৰু গাণনিক বিষয়াই সকলো ধৰণৰ চৰকাৰী আঁচনিৰ কাম তদাৰক কৰে কেনেকৈ ?

কাৰ আৰ্শীবাদত ৱাৰ্ড সদস্য আবু তাহেৰে দৰিদ্ৰ হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহ কৰিছে । এক প্ৰকাৰ ক’বলৈ গ’লে হিতাদিকাৰীৰ নামত পঞ্জীয়ন ‌হোৱা গৃহ চৰকাৰৰ সকলো নিয়ম-নীতি ভৰিৰে মোহাৰি চলাহি কথাৰে এনে ধুৰন্ধৰ প্ৰতিনিধিৰ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য শসনশীলতাৰ কথা কৈ থকা শাসনাষ্ঠিত ৰাজ্য চৰকাৰে সঠিক তদন্ত কৰি ,এই দুৰ্নীতিৰ লগত জড়িত হৈ থকা জনপ্ৰতিনিধিক চিনাক্ত কৰি এই দুৰ্ভগীয়া হিতাদিকাৰীজনক ন্যায় দিব পাৰিবনে?যদি ন্যায় দিব নোৱাৰে তেন্তে হিতাধিকাৰীজনৰ কাৰণে চৰকাৰৰ দূৰ্নীতি বিৰুধী শ্লোগান হৈ পৰিব-“আকাশত চাংপতা” অসমীয়া ফকৰা যোজনাৰ দৰে।

কলগাছিয়াৰ ৰূপসী উন্নয়ন খণ্ডত মাইক্ৰফাঞ্চৰ ঋণ লোৱা মহিলাসকলক চেক বিতৰণ

আজি কলগাছিয়া ৰূপসী উন্নয়ন খণ্ডত মাইক্ৰফাঞ্চৰ ঋণ লোৱা মহিলা সকলক চেক বিতৰণ কৰা হয়। চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালে। চেক বিতৰণ অনুষ্ঠানত বৰপেটা জিলা পৰিষদৰ উপ-সভাপতি ছামচুল হক, বৰপেটা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ হাশমত আলী, ৰূপসী খণ্ড উন্নয়ন বিষয়া নবৰত্ন পাটোৱাৰী, বৰভিঠা গাওঁ পঞ্চায়তৰ সভানেত্ৰী ৰাবিয়া খাতুন উপস্থিত থাকে।

অসম ক্ষুদ্ৰ বিত্তীয় উদগনি সাহাৰ্য্য আঁচনি ২০২১ প্ৰথম শ্ৰেণীৰ নিয়মীয়া পৰিশোধকাকাৰীৰ বাবে প্ৰদান কৰা হয় এই চেক সমূহ। মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মাই নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি মতেই চেক প্ৰদান কৰাত উৎফুল্লিত চেক প্ৰাপ্ত মহিলা সকল। আজি কলগাছিয়াৰ ৰূপসী উন্নয়ন খণ্ড এলেকাত ৩১৭৬ গৰাকী হিতাধিকাৰীক চেক প্ৰদান হ’ব বুলি জানিব পৰা গৈছে। চেক প্ৰদান অনুষ্ঠানৰ লগত সংগতি ৰাখি বাল্য বিবাহ আৰু নাৰী শিক্ষাৰ প্ৰতিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় উপায়ুক্ত গৰাকীয়ে।

ৰাজ্যত অব্যাহত আছে গো সৰবৰাহৰ ঘটনা

ৰাজ্যত অব্যাহত আছে গো সৰবৰাহৰ ঘটনা, নিতৌ গো সৰবৰাহ কাৰিয়ে ন ন কৌশল অৱলম্বন কৰি সৰবৰাহ কৰি আছে গৰু।আজি পুৱাৰ ভাগত সোণাপুৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে এখন গৰু ভৰ্তি বাহন। সোণাপুৰ নাজিৰাখাটস্থিত টোলগেটত সোণাপুৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি AS 01 LC 9178 নম্বৰৰ এখন কন্তেইনাৰ জব্দ কৰে, জব্দকৃত বাহন খনত প্ৰায় ৩৫ টা গৰু চিলাপথাৰৰ পৰা মেঘালয়ৰ বৰ্ণিহাটৰ বজাৰলৈ লৈ গৈ থকা অৱস্থাত জব্দ কৰে আৰক্ষীয়ে।

জব্দ কৃত বাহনৰ সৈতে সোণাপুৰ আৰক্ষীয়ে চালক আৰু হেণ্ডিমেনক আটক কৰে ।

পুনৰ ক’ভিডে মাতি আনিছে বিপদ

পুনৰ ক’ভিডে মাতি আনিছে বিপদ!ক’ভিড উৎপত্তিস্থলীলৈ পুনৰ চীনে নামি আহিছে বিপদ।ক’ভিডে পুনৰ এবাৰ বিপদ মাতি আনিছে ভাইৰাছবিধৰ উৎপত্তিস্থলী চীনলৈ।ইতিমধ্যে ৩,৩০০ৰো অধিক লোক ক’ভিডত আক্ৰান্ত হৈছে।চীনত বিগত দুবছৰৰ ভিতৰত এয়ায়ে হৈছে ক’ভিডত আক্ৰান্তৰ সৰ্বাধিক সংখ্যা।চীনৰ চাংঘাইকে ধৰি বিভিন্ন ঠাইত ধাৰাবাহিকভাৱে ক’ভিডৰ সংক্ৰমণ বৃদ্ধি হৈছে।

এনে পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে বিদ্যালয় বন্ধ ৰখাৰ লগতে বিভিন্ন দিশত নিষেধাজ্ঞা আৰোপ কৰিছে।ইতিমধ্যেই চীনৰ জিলিন আৰু চাংচুন চহৰত দিয়া হৈছে লকডাউন।

ৰঙিয়াৰ বিছেন্নালাত অনুষ্ঠিত হোৱা মহাবিষ্ণু যজ্ঞস্থলীত উপস্থিত ৰিণিকী ভূঞা শৰ্মা

ৰঙিয়া বিধানসভা সমষ্টিৰ বিছেন্নালা গাঁও পঞ্চায়তৰ অন্তৰ্গত শ্ৰীশ্ৰী মহাবিষ্ণু যজ্ঞ মন্দিৰত প্ৰতি বছৰৰ দৰে এই বেলিও ৭৩ সংখ্যক মহাযজ্ঞ মহোৎসৱ পাঁচদিনীয়াকৈ অনুষ্ঠিত হয়।মহোৎসৱত উপস্থিত হৈ ভগৱানৰ চৰণত ৰাইজৰ মংগল তথা সুখ শান্তি কামনা কৰি সেৱা লয় বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই।ইয়াৰোপৰি ভক্তপ্ৰাণ ৰাইজৰ লগত মত -বিনিময় কৰে আৰু এই মহোৎসৱ সফলভাৱে আয়োজন কৰা বাবে আয়োজক সমিতিক ধন্যবাদ জনায়।

আনহাতে মহোৎসৱৰ পূৰ্ণাহুতি উপলক্ষে মুখ্য অতিথি ৰূপে উপস্থিত থাকে সংবাদ প্ৰতিষ্ঠান News Liveৰ মুখ্য পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মা।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিণী গৰাকীক গামোচা,জাপি,শৰাই মানপত্ৰৰে যজ্ঞস্থলীত উষ্ম আদৰণী জনোৱা হয়।উল্লেখ্য যে আয়োজক সমিতিয়ে যজ্ঞৰ অন্তিম দিনা বঁটা বিতৰণী আৰু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে যত অংশগ্ৰহণ কৰিব জনপ্ৰিয় কণ্ঠশিল্পী নিলাক্ষী নেওগসহ কেইবাজনো স্বনামধন্য শিল্পীয়ে।