Home Blog Page 2573

মিডিয়া ক্ৰিকেটত পুনৰ চেম্পিয়ন গুৱাহাটী প্ৰেছ ক্লাব…

অসম ক্ৰীড়া সাংবাদিক সন্থাই আয়োজন কৰা টপচেম আন্ত: মিডিয়া ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ অক্ষুন্ন ৰাখিলে গুৱাহাটী প্ৰেছ ক্লাৱে। নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল খেলত গুৱাহাটী প্ৰেছ ক্লাৱে ১১ ৰানত পৰাস্ত কৰিলে মিডিয়া মেনেজমেণ্টক। টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰা গুৱাহাটী প্ৰেছ ক্লাৱে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ১৩৮ ৰান। বেটিঙত গুৱাহাটী প্ৰেছ ক্লাৱৰ নয়ন প্রতিম কুমাৰে অপৰাজিত ৫৩ ৰান আৰু ৰবীন দাসে আগবঢ়াই ২০ ৰানৰ অৱদান।

প্ৰত্যুত্তৰত মিডিয়া মেনেজমেন্টে ২০ অভাৰত ৭ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১২৭ ৰান। বলিঙত গুৱাহাটী প্ৰেছ ক্লাৱৰ হৈ ৰবীন দাসে ৩টা, দিগন্ত গোস্বামী আৰু আবুদ্দিন খানে লাভ কৰে ২টা কৈ উইকেট। বেটিং আৰু বলিঙত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা বিজয়ী গুৱাহাটী প্ৰেছ ক্লাৱৰ ৰবীন দাসে লাভ কৰে মেন অব দ্যা মেচ সন্মান। আনহাতে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ বেটাৰ হিচাপে নিৰ্বাচিত হয় গুৱাহাটী প্ৰেছ ক্লাৱৰ মৃগাংক শৰ্মা। প্ৰতিযোগিতাৰ শেষত বিশিষ্ট ক্ৰীড়াবিদ তৈবুন নিচা, টপচেম চিমেণ্টৰ শীৰ্ষ বিষয়া অনিল কাপুৰ, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পবিত্ৰ গগৈ, সুবোধমল্ল বৰুৱা আদিয়ে প্ৰদান কৰিলে বঁটা। উল্লেখযোগ্য যে উপৰ্যুপৰি দ্বিতীয়বাৰ বাবে এই প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ দখল কৰে গুৱাহাটী প্ৰেছ ক্লাৱে।

গুৱাহাটীৰ সৈতে বৰাকৰ যোগাযোগ বিচ্ছিন্ন!

আজিৰে পৰা ৩ দিনৰ বাবে সম্পূৰ্ণৰূপে বন্ধ থাকিব শিলচৰ-জোৱাই ৰোড। শিলচৰ গুৱাহাটী ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয়ৰ সোণাপুৰ দলং মেৰামতিৰ বাবে ১৫ মার্চলৈকে এই দলংখনেদি সকলো ধৰণৰ বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে ইষ্ট জয়ন্তীয়া হিল্চ জিলা প্রশাসনে। ইয়াৰ পূৰ্বে দুবাৰকৈ এনে নিষেধাজ্ঞা আছিল যদিও সৰু সৰু যান-বাহন চলাচলৰ অনুমতি দিছিল।

কিন্তু এইবাৰ সম্পূর্ণৰূপে ৩ দিনৰ বাবে বন্ধ কৰি দিয়া হ’ল শিলচৰ-জোৱাই ৰোড৷ ইয়াৰ বাবে ৰাজধানী গুৱাহাটীসহ দেশৰ আন আন ঠাইৰ সৈতে ৰাজপথেৰে যোগাযোগ বিচ্ছিন্ন হৈ পৰিল বৰাকৰ৷ এতিয়া গুৱাহাটীৰ পৰা শিলচৰলৈ কেৱল হাফলং হৈহে যাব পাৰিব।

৪০ ডেচিবেলতকৈ অধিক প্ৰাবল্যৰ লাউড স্পীকাৰ নিষেধ…

জিলা প্ৰশাসনৰ কঠোৰ পদক্ষেপ। আগন্তুক হাইস্কুল শিক্ষান্ত, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ওদালগুৰি জিলা উপযুক্তই ১৪ মাৰ্চৰ পৰা ১২ এপ্ৰিললৈ সমগ্ৰ জিলাখনতে কাৰ্যকৰী হোৱাকৈ সন্ধিয়া ৭ বজাৰ পাছত ৪০ ডেচিবেলতকৈ অধিক প্ৰাবল্যৰ লাউড স্পীকাৰ বজোৱাত নিষেধাজ্ঞা জাৰি কৰিছে।

সংবিধানৰ ১৪৪ নম্বৰ ধাৰাৰ অধীনত জাৰি কৰা এই নিষেধাজ্ঞা ভংগ কৰিলে আইনমতে ব্যৱস্থা গ্ৰহণ কৰিব ওদালগুৰি জিলা প্ৰশাসনে।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবলাৰ চাবিনা মিঞ্জৰৰ মৃত্যু…

এক শোকাৱহ পথ দুর্ঘটনাত আঘাতপ্ৰাপ্ত হৈ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা ডিব্ৰুগড় জিলাৰ মৰাণৰ সমীপৰ শালমাৰি চাহ বাগিচাৰ বাসিন্দা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবলাৰ চাবিনা মিঞ্জৰৰ আজি মৃত্যু হয়। প্ৰতিভাবান মহিলা ফুটবল খেলুৱৈ গৰাকীৰ বিয়োগৰ বাতৰি পাই অতিকৈ মৰ্মাহত হৈ পৰে ক্ৰীড়া মন্ত্ৰী বিমল বড়া। প্ৰতিভাৱান ফুটবলাৰগৰাকীৰ বিয়োগ অসমৰ ক্ৰীড়া জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি কয় মন্ত্ৰী বিমল বড়াই। চাবিনা মিঞ্জৰ উন্নত চিকিৎসাৰ বাবে মন্ত্ৰী গৰাকীয়ে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাইছিল। প্ৰয়োজন সাপেক্ষে বাহিৰলৈ নিয়াৰ বাবেও মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এয়াৰ এম্বুলেন্সকে আদি কৰি সকলোখিনি ব্যৱস্থা কৰিছিল।

অৱস্থাৰ অৱনতি ঘটাত চিকিৎসকসকলে দিয়া পৰামৰ্শমতে সম্ভাৱ্য সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। কিন্তু, সকলোখিনি সাজু হৈ থকাৰ পিছতো দুৰ্ভাগ্যবশতঃ খেলুৱৈ গৰাকীয়ে চিৰবিদায় মাগিলে।তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে ঈশ্বৰক প্ৰাৰ্থনা জনোৱাৰ লগতে শোকস্তব্ধ পৰিয়াল আৰু বন্ধুবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে মন্ত্ৰী বিমল বড়াই।আনহাতে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ লগতে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈৰ গৰাকীৰ মৃত্যুত আজি বিভিন্ন দল সংগঠনে শেষ শ্ৰদ্ধাৰ্ঘ জ্ঞাপন কৰে।

এতিয়াৰে পৰা ৬৫বছৰৰ তলৰ আদহীয়াইহে পালিব পাৰিব গাওঁ প্ৰধানৰ দায়িত্ব…

বিশ্ববিদ্যালয় আৰু চিকিতসা মহাবিদ্যালয়ৰ অধ্যাপক বয়সৰ উৰ্ধসীমা বৃদ্ধি কৰাৰ বিপৰীতে এইবাৰ চৰকাৰে ৰাজ্যৰ গাওঁসমূহৰ পূৰ্বৰে পৰা গাওঁবুঢ়াৰূপে পৰিচিত গাওঁপ্ৰধান সকলৰ বয়সৰ উৰ্ধসীমা নিৰ্ধাৰণ কৰিছে। সেই মৰ্মে ৰাজপত্ৰৰ দ্বাৰা ঘোষণা কৰা বিধি অনুসৰি ৰাজ্যৰ ২৬৩৪৯খন ৰাজহ গাওঁত বৰ্তমানলৈকে গাওঁবুঢ়া হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা এই গাওঁপ্ৰধানসকলৰ বয়সৰ সৰ্বোচ্ছ সীমা হ’ব ৬৫বছৰ। অৰ্থাত ৬৫বছৰ বয়সৰ ওপৰৰ কোনো লোকে গাৱঁত গাওঁবুঢ়া হিচাপে কাৰ্যনিৰ্বাহ কৰিব নোৱাৰিব। ইয়াৰ আগলৈকে প্ৰচলিত পৰম্পৰা অনুসৰি, একোখন গাঁৱৰ ৰাইজে নিৰ্বাচন কৰা গাওঁবুঢ়াজনৰ কাৰ্যকাল বয়সৰ দ্বাৰা ধাৰ্য কৰা হোৱা নাছিল। আনকি বহু ক্ষেত্ৰত এয়া বাপেকৰ পিছত পুতেক হোৱাৰ পৰম্পাৰে পৰিচালিত আছিল।

পিতৃৰ মৃত্যু হোৱাৰ পিছত পুত্ৰৰ সেই দায়িত্ব লাভ কৰিছিল। অতীজতে গাওঁখনৰ শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে প্ৰভাৱশালী বয়োজ্যেষ্ঠ জনক গাওঁবুঢ়াৰূপে নিৰ্বাচন কৰা হৈছিল আৰু তেওঁৰ বাবে সেয়া আছিল গাওঁ সেৱা। তৰুণ গগৈ চৰকাৰৰ আমোলত গাওঁবুঢ়াসকলৰ নিয়মীয়া মাননিৰ লগতে চাইকেল, মোবাইল , টৰ্চ লাইট আদি সা-সুবিধা দিয়াৰ লগতে আৰক্ষী থানাৰ সৈতে তেওঁৰ সংযোগ পোনপতীয়া কৰি তোলা হয়। সেয়েহে হলেও বয়জ্যেষ্ঠ আৰু গাঁওখনৰ প্ৰভাৱশালী পূৰ্বৰ গাওঁবুঢ়াৰ অৰ্হতাসম্পন্ন পুত্ৰক সেই দায়িত্ব অৰ্পন কৰাই পৰম্পৰা বৰ্তি আছিল। কিন্তু বিজেপিয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত গাওঁখনৰ উন্নয়নৰ পৰা আইন শৃংখলালৈ সকলো দিশত প্ৰত্যক্ষভাৱে গাওঁবুঢ়াক জড়িত কৰিব পৰা হয় আৰু শেহতীয়াকৈ চৰকাৰী বৃত্তিৰ দৰেই গাওঁবুঢ়া হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ ক্ষেত্ৰত বয়সৰ সৰ্বোচ্ছ সীমা ৬৫বছৰ নিৰ্ধাৰণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে।

এই নিৰ্দেশনাত চৰকাৰে গাওঁবুঢ়াৰ ঠাইত গাওঁপ্ৰধান শব্দটো ব্যৱহাৰ কৰিছে। অৰ্থাত ৬৫বছৰ পৰ্যন্তহে একোজন লোক গাওঁবুঢ়া হিচাপে কাম কৰাৰ বাবে কৰ্মক্ষম হৈ থাকিব বুলি চৰকাৰে গণ্য কৰিছে। এনে সিদ্ধান্তৰ ফলত ৰাজ্যখনত অধিকাংশ গাঁৱৰে গাওঁবুঢ়া সলনি হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। লক্ষ্যণীয়ভাৱে চৰকাৰৰ অধিসূচনাত গাওঁবুঢ়াৰ নূন্যতম বয়স ধাৰ্য কৰা হোৱা নাই। এতিয়ালৈকে ষষ্ঠ অনুসূচীভূক্ত এলেকাতহে গাওঁবুঢ়াক গাওঁপ্ৰধান বুলি কোৱা হৈছিল আৰু তেওঁৰ নাম বা উপাধিৰেই গাওঁখনৰ নামো নামাংকৃত কৰা হৈছিল। চৰকাৰৰ এনে সিদ্ধান্তই যে, তাৎক্ষণিকভাৱে ষষ্ঠবৰ্হিভূত এলেকাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব সেয়া নিশ্চিত।

কংগ্ৰেছত শীঘ্ৰেই হ’ব গান্ধীৰাজৰ অৱসান!

উত্তৰ প্ৰদেশকে ধৰি পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দল বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ পাছতেই চৰ্চালৈ আহিছে এক বিশেষ বিষয়, সলনি হ’ব নেকি ভাৰতীয় কংগ্ৰেছৰ মুৰব্বী ? দীৰ্ঘদিন ধৰি গান্ধী পৰিয়ালৰ হাতত থকা কংগ্ৰেছৰ শীৰ্ষ পদত স্থান পাব নেকি নতুন মুখে ? পৰাজয়ৰ পাছত দেওবাৰে আবেলি ৪ বজাত অনুষ্ঠিত হ’ব কংগ্ৰেছৰ শীৰ্ষ সমিতিৰ বৈঠক। কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব এই বৈঠকখন। পাঁচখন ৰাজ্যত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছত ৰাজনৈতিক দল সমূহৰ দৃষ্টি নিৱদ্ধ হৈ আছে এই বৈঠক খনত।

প্ৰাপ্ত তথ্য অনুসৰি চলিত বৰ্ষৰ ছেপ্টেম্বৰত কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচনৰ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও নিৰ্ধাৰিত সময়তকৈ পূৰ্বেই এই নিৰ্বাচন সম্পন্ন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। উল্লেখ্য যে ৫ ৰাজ্যত মুখ থেকেচা খোৱাৰ পাছতেই অধিক চিন্তিত হৈ পৰিছে জ্যেষ্ঠ কংগ্ৰেছী নেতা সকল। শুকুৰবাৰে নিশা কংগ্ৰেছৰ গোট জি-২৩ৰ কিছু নেতাৰ মাজত অনুস্থিত হৈছিল বিশেষ বৈঠক। এই বৈঠক অনুষ্ঠিত হৈছিল জ্যেষ্ঠ কংগ্ৰেছ নেতা গুলাম নবী আজাদৰ বাসগৃহত। এই বৈঠকত উপস্থিত আছিল মনীষ তিৱাৰীকে আদি কৰি কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছ নেতা।

কংগ্ৰেছৰ এই শোচনীয় পৰাজয়ৰ পিছত, কেৰালাৰ সাংসদ শশী থাৰুৰকে ধৰি কেইবাজনো নেতাই ইতিমধ্যে শীৰ্ষ পৰ্যায়ত পৰিৱৰ্তনৰ দাবী জনাইছে। অৱশ্যে, কৰ্ণাটকৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খাৰ্গে আৰু ডি কে শিৱকুমাৰে গান্ধী পৰিয়ালৰ ওপৰত তেওঁলোকৰ বিশ্বাস থকা বুলি উল্লেখ কৰিছে।পৰাজয়ৰ পিছত, উত্তৰ প্ৰদেশ কংগ্ৰেছত সৃষ্টি হৈছে বৃহৎ খহনীয়া।

জালুকবাৰী-ভূতনাৰ লগতে মহানগৰীৰ বিভিন্ন শিক্ষা- -প্ৰতিষ্ঠানৰ বাহনত পৰিবহণ বিভাগৰ তালাচি

৩খন যাত্ৰীবাহী ট্ৰেভেলাৰ জব্দ ৯০খনৰ বিৰুদ্ধে গোচৰ , বিদ্যালয় কতৃপক্ষলৈ ২০ মাৰ্চৰ ভিতৰত কৰ আদায়ৰ জাননী পৰিবহণ বিভাগৰ ।

যান-বাহনৰ নথিপত্ৰ নৱীকৰণৰ লগতে বকেয়াসহ যাৱতীয় কৰ পৰিশোধ সন্দৰ্ভত জালুকবাৰী আৰু ভূতনাথৰ ৰাজপথত তালাচী চলোৱাৰ সমান্তৰালভাৱে মহানগৰীৰ বিভিন্ন শিক্ষা -প্ৰতিষ্ঠানত যান-বাহনৰ নথিপত্ৰ তন্নতন্নকৈ পৰীক্ষা কৰে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ অভিযানকাৰী দলে।

সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাবধানত আৰু জিলা পৰিবহণ বিষয়া (প্ৰবৰ্তক শাখা) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত প্ৰৱৰ্তক পৰিদৰ্শক নিতু চেতীয়া, মৰমী পাঠকৰ লগতে নতুনকৈ নিয়োজিত হৈ প্ৰশিক্ষণৰত প্ৰৱৰ্তক পৰিদৰ্শক আৰু তেওঁলোকৰ সহযোগী দলে ৰাতিপুৱা ৮বজাৰ পৰা বিয়লি ৪বজালৈকে মহানগৰীৰ জালুকবাৰী আৰু ভূতনাথৰ ৰাজপথত তন্নতন্নকৈ বিভিন্ন যান-বাহনৰ তালাচী চলায় । উল্লেখ্য যে তালাচীৰ সময়ত নথিপত্ৰৰ বিভিন্ন বিসঙ্গতিৰ লগতে দীৰ্ঘদিন ধৰি কৰ পৰিশোধ নকৰাৰ অপৰাধত ৩খন যাত্ৰীবাহী ট্ৰেভেলাৰ জব্দ কৰাৰ লগতে ৯০খন বাহনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি থিতাতে ই-চালান প্ৰেৰণ কৰি জৰিমনা আদায় কৰে ৷

ইফালে যান-বাহন পৰিদৰ্শক কানাই মহন্ত আৰু তেওঁৰ সহযোগী প্ৰণৱ কলিতা আৰু পংকজ দাস মহানগৰীৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত উপস্থিত হৈ স্কুল বাছৰ নথিপত্ৰসমূহ এখন এখনকৈ পৰীক্ষা কৰে । বিদ্যালয় সমূহ আছিল ক্ৰমে দিল্লী পাব্লিক স্কুল, এন পি এছ, এছ বি অ এ, কেমব্ৰিজ ইন্টাৰনেশ্বনেল, সংস্কৃতি দা গুৰুকূল, কাজিৰঙা স্কুল, মহৰ্ষি বিদ্যামন্দিৰ, মনফৰ্ট, ডনবস্কো, চাউথ পইন্ট, ইউ এচ টি এম আদি ৷ অভিযানকালত এতিয়াও কৰ পৰিশোধ নকৰা বিদ্যালয়ৰ কতৃপক্ষক বকেয়াসহ বৰ্তমান সকলো কৰ অহা ২০মাৰ্চৰ ভিতৰত পৰিশোধ কৰাৰ লগতে যান-বাহনৰ নথি-পত্ৰসমূহ নৱীকৰণৰ বাবে জাননী প্ৰেৰণ কৰে ৷

ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত শৈক্ষিক সজাগতা কাৰ্যসূচী

বিশ্বনাথ জিলাৰ ইটাখোলাতলৰ সমীপৰ ইন্দিৰা গান্দী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত শৈক্ষিক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । নদুৱাৰ শিক্ষাখণ্ডৰ অধীনৰ মজলীয়া বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হয় । বিভিন্ন প্ৰকল্প নিৰ্মানৰ কৰ্মশালা ৷ বিদ্যালয়খনৰ শিক্ষয়িত্ৰী ভানু বৰা আৰু প্ৰণতি গগৈৰ নেতৃত্বত ষষ্ঠমান শ্ৰেণীৰ পৰা অষ্টম মান শ্ৰেণীলৈ প্ৰায় শতাধিক ছাত্ৰ -ছাত্ৰীক এই কৰ্মশালাৰ প্ৰশিক্ষণ দিয়া হয়।মূলত পেলনীয়া বিভিন্ন সামগ্ৰীৰ দ্বাৰা কেনেকৈ বিভিন্ন সামগ্ৰী বা প্ৰাকৃতিক দৃশ্য তৈয়াৰ কৰিব পাৰি বা কেনেকৈ আমাৰ প্ৰাকৃতিক পৰিবেশ সুন্দৰ কৰি ৰাখিব পাৰি তাৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলক উক্ত কৰ্মশালাৰ জৰিয়তে ধাৰণা দিয়া হৈছে বুলি আয়োজন কৰা হয় বুলি মন্তৱ্য কৰে তত্বাবধায়ক শিক্ষয়ত্ৰী ভানুবৰাই ৷

উল্লেখ্য যে অহা মে’ মাহত অৱসৰ গ্ৰহণ কৰিবলগা কৃতি শিক্ষক বঁ‌টা প্ৰাপক বিদ্যালয়খনৰ প্ৰধান শিক্ষক টংক কুৰ্মীৰ পৰিচালনাত অঞ্চলটোত এটি অগ্ৰনী শিক্ষানুষ্ঠান হিচাপে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইপিনে নদুৱাৰ শিক্ষাখণ্ডৰ পিচপৰা অঞ্চলৰ মজলীয়া শিক্ষানুষ্ঠাটিত নিয়মানুৱৰ্তীতা আৰু নিষ্ঠাবান প্ৰধান শিক্ষক হিচাপে দায়িত্ব পালন কৰি অহা আৰু ২৮৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে বিদ্যালয়খনত মুঠ ১০ গৰাকী শিক্ষক-শিক্ষিত্ৰীয়ে পাঠ দান কাৰ্য চলাই বিগত দিনত কেইবা গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা বৃত্তি পাবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও প্ৰধান শিক্ষক গৰাকীৰ লগতে সহকাৰী শিক্ষক সকলেও ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন সময়ত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বাস্তৱ সন্মত সহ বিদ্যায়তনিক শিক্ষা প্ৰদান কৰাক লৈ অঞ্চলটোৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ কথা জানিব পৰা গৈছে।

দৌল মহোৎসৱৰ পূৰ্বে বৰপেটা সত্ৰ সংযোগী পথত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান ৷

দৌল মহোৎসৱক লৈ তৎপৰ বৰপেটা জিলা প্ৰশাসন ৷ বৰপেটা সত্ৰ সংযোগী পথত চলিল প্ৰশাসনৰ উচ্ছেদ ৷ বৰপেটা সত্ৰলৈ যোৱা পথৰ কাষৰ ভূমি একাংশ লোকে বেদখল কৰি ঘৰ দুৱাৰ নিৰ্মাণ কৰিছিল ৷

বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে সত্ৰলৈ অহা যোৱা কৰা মুল পথটো বেদখলমুক্ত কৰাৰ বাবে জিলা প্ৰশাসনক আবেদন জনাইছিল ৷ প্ৰায় দুবছৰ পূৰ্বে ১ কোটি ১০ লাখ টকা ব্যয় সাপেক্ষে অসম দৰ্শণ আঁচনিৰ অধীনত পথৰ দুয়োকাষ উন্নষনৰ আঁচনি গ্ৰহন কৰিছিল চৰকাৰে ৷

পিছে দুবছৰে পথটো বেদখলমুক্ত কৰি পথটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰাক লৈ লোকনিৰ্মাণ বিভাগ আৰু জিলা প্ৰশাসনৰ বিৰুদ্ধে ৰাইজে ক্ষোভ প্ৰকাশ কৰাৰ পিছতে আজি পথটো বেদখলমুক্ত কৰাৰ পদক্ষেপ গ্ৰহন কৰে ৷ উল্লেখ্য যে, দৌল মহোৎসৱৰ লগতে আন সময়তো বৰপেটা সত্ৰলৈ যোৱা পথটোত ব্যাপক যানজঁটৰ সৃষ্টি হয় ৷

দাৰাগাঁৱত এছ এছ বিৰ কৃষকলৈ কৃষি সঁজুলিৰ লগতে শস্যৰ বীজ বিতৰণ

সশস্ত্র সীমা বল চমুকৈ এছএছবিৰ ৬৪ নং বেটেলিয়নৰ উদ্যোগত আজি “আজাদী কা অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি বাক্সা জিলাৰ দাৰাগাওঁত উত্তৰকুছি, দাৰাগাওঁ আদি গাঁৱৰ পৰা নিৰ্বাচিত ৫০ গৰাকী কৃষকক ৰবী শস্যৰ বীজ বিতৰণ কৰাৰ লগতে কৃষক সকলক বিভিন্ন সজুলী প্ৰদান কৰে।

বি টি চিৰ কাৰ্যবাহী সদস্য ঘনস্যাম দাসে উদ্বোধন কৰা অনুষ্ঠানত এছএছবিৰ ৬৪ নং বেটেলিয়নৰ কামাডেণ্ড নন্দকিশোৰ টামটা, উপ কামাডেণ্ড সণ্ডিপ পনীয়াৰ লগতে কেবাগৰাকী স্থানীয় বিশিষ্ট ব্যক্তি আৰু খেতিয়কে অংশগ্রহণ কৰে।